বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ যুগ। Class XII, Political Science notes in Assamese

বিশ্ব ৰানীতি শী যুদ্ধ যু 


 
                           
The Cold War Era
The Cold War Era (www.hikha.in)

                                      


প্ৰশ্নত্তোৰ

১) এক্সিস পাৱাৰ(অক্ষীয় শক্তি)ৰ এখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ জাপান।


২) Allied Power (মিত্ৰ শক্তি)ৰ এখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।


৩) শীতল যুদ্ধক কোনে দীঘল যুদ্ধ বুলি কৈছিল ?

উত্তৰঃ ৰাষ্ট্ৰপতি ট্ৰুমেনে।


৪) কোন চনত দক্ষিণ পূব এছিয়া চুক্তি সংগঠন প্ৰতিষ্ঠা হৈছিল ?

উত্তৰঃ ১৯৫৫ চনত।


৫) কোন চনত CENTO প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ ১৯৫৫ চনত।


৬) বাগদাদ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৯৫৫ চনত।


৮) শীতল যুদ্ধ কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৪৫ চনৰ পৰা।


৯) শীতল যুদ্ধ কি ?

উত্তৰঃপ্ৰতিদ্বন্ধী ৰাষ্ট্ৰসমূহে সশস্ত্ৰ যুদ্ধৰ পৰিবৰ্তে কূটনৈতিক সম্বন্ধ ৰক্ষা কৰি চলাৰ মাজতো পাৰস্পৰিক অবিশ্বাস শত্ৰু ভাবাপন্নতা অটুট ৰাখি নিজকে শক্তিশালী কৰাৰ বাবে যি প্ৰচেষ্টা চলাই তাকে শীতল যুদ্ধ বোলে


                      

১০) আমেৰিকাৰ সামৰিক মিত্ৰজোটৰ নাম লিখা

উত্তৰঃ উত্তৰ আটলাণ্টিক চুক্তি সংগঠণ(NATO)


 

১১) NATOৰ সম্পূৰ্ণ ৰূপটো লিখা ।

উত্তৰঃ North Atlantic Treaty Organization(উত্তৰ আটলাণ্টিক চুক্তি সংগঠন )


১২)কোন চনত উত্তৰ আটলাণ্টিক চুক্তি সংগঠন স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৯৫৫ চনৰ ৪ এপ্ৰিল তাৰিখে।


১৩) ছোভিয়েট ইউনিযনৰ এটা সামৰিক মিত্ৰজোটৰ নাম লিখা।

উত্তৰঃ ৱাৰশ্ব চুক্তি(Warsaw Pact)


১৪) ৱাৰশ্ব চুক্তি (Warsaw Pact)ৰ কেতিয়া জন্ম হৈছিল ?

উত্তৰঃ ১৯৫৫ চনত।


১৫) NAM ৰ সম্পূৰ্ণ অৰ্থ কি ?

উত্তৰঃ Non-Align Movement (গোষ্ঠী নিৰপেক্ষ আন্দোলন)


১৬) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথমখন সন্মিলন কেতিয়া আৰু কত হৈছিল ?

উত্তৰঃ ১৯৬১ চনত বেলগ্ৰেডত অনিষ্ঠিত হৈছিল।


১৭) 'শীতল যুদ্ধ’ শীৰ্ষক গ্ৰন্থখন কোনে লিখিছিল ?

উত্তৰঃ লিটমেনে।


১৮) বাৰ্লিন দেৱাল কেতিয়া নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ ১৯৬১ চনত।


১৯) খালি ঠাই পূৰ কৰা।

  দ্বিতীয় যুদ্ধৰ সমাপ্তি ঘটিছিল ------ৰ আৰম্ভণিত।

উত্তৰঃ শীতল যুদ্ধ।


২০) বাক্যটো শুদ্ধ কৰা

    মাৰ্কিন যুক্তৰাষ্ট্ৰ সমাজবাদী আদৰ্শৰ প্ৰতি দায়বদ্ধ আছিল।

উত্তৰঃ মাৰ্কিন যুক্তৰাষ্ট্ৰ পুঁজিবাদী আদৰ্শৰ প্ৰতি দায়বদ্ধ আছিল।


২১) কংগোই কেতিয়া স্বাধীনতা লাভ কৰিছিল ?

উত্তৰঃ ১৯৬১ চনত।


২২) ৱাৰশ্ব চুক্তি (Warsaw Pact) কি ?

উত্তৰঃ ৱাৰশ্ব চুক্তি(Warsaw Pact)হ'ল ছোভিয়েট ইউনিযনৰ এটা সামৰিক মিত্ৰজোট। ১৯৫৫ চনত এই সামৰিক মিত্ৰজোট গঠন হৈছিল। ইয়াৰ উদ্দেশ্য আছিল আমেৰিকাক প্ৰতিহত কৰা। 


                       

২৩) ৰোধকৰণ মানে কি ?

উত্তৰঃ ৰোধকৰণ মানে প্ৰতিপক্ষক বাধা দিয়া।


২৪) কিউবা সংকট কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ ১৯৬২ চনত।


২৫) জেনেভা চুক্তি কেতিয়া স্বাক্ষৰ হৈছিল ?

উত্তৰঃ ১৯৫৫ চনত।


 ২৬)  LDCৰ সম্পূৰ্ণ অৰ্থ লিখা।

উত্তৰঃ Least Developed Countries.


২৭) LOCৰ সম্পূৰ্ণ অৰ্থ লিখা।

উত্তৰঃ Line of Control.


২৮) LAC সম্পূৰ্ণ অৰ্থ লিখা।

উত্তৰঃ Line of Actual Control.


২৯) NIEO ৰ সম্পূৰ্ণ অৰ্থ লিখা।

উত্তৰঃ  New International Economic Order(নতুন আন্তৰ্জাতিক অৰ্থনৈতিক শৃংখলা)


৩০) দুটা মহাশক্তিৰ নাম উল্লেখ কৰা ।

উত্তৰঃ ছোভিয়েট সংঘ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ।


৩১) NAM ৰ উদ্দেশ্য পৃথকীকৰণ নে ?

উত্তৰঃ নহয়।


৩২) কোন বছৰত আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ নাগাচাকি আৰু হিৰোচামাত দুটা আণৱিক বোমা নিক্ষেপ কৰিছিল ?

উত্তৰঃ ১৯৪৫ চনৰ ৬ আৰু ৯ আগষ্ট তাৰিখে।


৩৩) জাপানৰ নাগাচাকি আৰু হিৰোচামাত আমেৰিকা যুক্তৰাষ্ট্ৰই নিক্ষেপ আণৱিক বোমা দুটাৰ নাম কি ?

উত্তৰঃ Little Boy আৰু    Fat Man.


৩৪)দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গঠিত হোৱা মিত্ৰ শক্তি আৰু বিপক্ষ শক্তি বুলিলে কি বুজা ?

উত্তৰঃদ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গঠিত হোৱা মিত্ৰ শক্তি মানে হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট সংঘ, গ্ৰেট ব্ৰিটেইন আৰু ফ্ৰান্সক বুজায়।

       আনহাতে,বিপক্ষ শক্তি বুলিলে জাপান, জাৰ্মানী আৰু ইটালীক বুজায়।


                 

৩৫) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত উদ্ভৱ হোৱা দুটা শক্তিগোষ্ঠীৰ নাম লিখা।

উত্তৰঃ ছোভিয়েট সংঘ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ।


৩৬) পশ্চিমীয়া মিত্ৰতা আৰু পুৱ মিত্ৰতা বুলিলে কি বুজা ?

উত্তৰঃপশ্চিমীয়া মিত্ৰতা মানে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰ ৰাষ্ট্ৰসমূহক বুজায় আৰু পুৱ মিত্ৰতা বুলিলে ছোভিয়েট সংঘ আৰু ইয়াৰ মিত্ৰ ৰাষ্ট্ৰসমূহক বুজায়।


৩৭) গোষ্ঠী নিৰপেক্ষতা এক নেতিবাচক নীতি নেকি ?

উত্তৰঃ গোষ্ঠী নিৰপেক্ষতা এক নেতিবাচক নীতি নহয়।


৩৮) 'দ্যি ষ্টম' নাটো শীৰ্ষ সন্মিলন কেতিয়া আৰু কত অনুষ্ঠিত হৈছিল ?

উত্তৰঃ ২০১২ চনত আমেৰিকাৰ চিকাগো চহৰত অনুষ্ঠিত হৈছিল।


৩৯) ছোভিয়েট পৰিমণ্ডলত যোগদান কৰা দেশসমূহৰ নাম লিখা ।

উত্তৰঃ আলবেনিয়া, বুলগেৰিয়া, পূৱ-জাৰ্মানী,চেকোশ্ল ‘ভেকিয়া, হাঙ্গেৰী, পোলেণ্ড আদি।


৪০) নাটোৰ ঘোষণা পত্ৰ কি?

উত্তৰঃ নাটোৰ ঘোষণা পত্ৰ হ'ল-

         ক)ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ যিকোনো এখন ৰাষ্ট্ৰক যদি আন কোনো ৰাষ্ট্ৰই সশস্ত্ৰ আক্ৰমণ কৰে তেন্তে এই আক্ৰমণ সকলোবোৰ সদস্য ৰাষ্ট্ৰৰ ওপৰত হোৱা বুলি গণ্য কৰা হব।

         খ)এনেধৰণৰ আক্ৰমণ হলে সকলো সদস্যভুক্ত ৰাষ্ট্ৰই আক্ৰান্ত হোৱা ৰাষ্ট্ৰখনক সকলো দিশৰ পৰা সাহাৰ্য্য প্ৰদান কৰৰ বাবে প্ৰতিশ্ৰুত থাকিব।


                                          

৪১) SEATOৰ সম্পূৰ্ণ অৰ্থ লিখা

উত্তৰঃ South East Asian Treaty Organization.


৪২) CENTO ৰ সম্পূৰ্ণ অৰ্থ লিখা

উত্তৰঃ Central Treaty Organization.


৪৩) ১৯৬০ৰ দশকত অথবা শীতল যুদ্ধৰ সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত হোৱা চুক্তি তিনিখনৰ নাম লিখা।

উত্তৰঃ ক) নিয়ন্ত্ৰিত পৰীক্ষা নিষিদ্ধকৰণ চুক্তি(Limited Test Ban Treaty)

               খ)পাৰমাণৱিক অস্ত্ৰ সম্প্ৰসাৰণ বিৰোধ চুক্তি(Nuclear Non-Proliferation Treaty)

       গ)ক্ষেপজ বিজ্ঞান বিৰোধ ক্ষেপনাস্ত্ৰ চুক্তি(The Anti-Ballistic Missile Treaty)


                                             

৪৪)গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ৫জন খনিকৰৰ নাম লিখা।

উত্তৰঃ জৱাহৰলাল নেহৰুৱে, যুগোশ্লভিয়াৰ যোচিপ ব্ৰজ টিটো, ইজিপ্তৰ গামল আৱদেল নাচেৰ , ইণ্ডোনেছিয়াৰ চুকাৰ্ণো আৰু কুৱামে এনক্ৰুমা।


৪৫) নাটোৰ অন্তৰ্গত দেশসমূহৰ নাম লিখা।

উত্তৰঃ বেলজিয়াম, কানাডা, ডেনমাৰ্ক, ফ্ৰান্স, ইটালী, গ্ৰেট ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি।


৪৬)শীতল যুদ্ধৰ যুগত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে ভাৰতবৰ্ষৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি উঠাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে এক গুৰুত্বপূৰ্ণ  ভূমিকা পালন কৰিছিল।শীতল যুদ্ধৰ কালত আন্তৰ্জাতিক ৰাজনীতিত ভাৰতবৰ্ষৰ ভূমিকা এই আন্দোলনৰ মতবাদৰ আদৰ্শ আৰু লক্ষ্যৰ দ্বাৰা প্ৰভাবিত হৈছিল ।ভাৰতবৰ্ষই আন্তৰ্জাতিক ৰাজনীতিত সুবিধাবাদী ৰাজনীতি গ্ৰহণ কৰা নাছিল। তাৰ বিপৰীতে ন্যায় আৰু শান্তিৰ ওপৰত প্ৰতিষ্ঠিত এক আন্তৰ্জাতিক ব্যবস্থা গঢ়ি তোলাৰ স্বাৰ্থত সক্ৰিয় ভূমিকা পালন কৰিছিল জৱাহৰলাল নেহৰুৱে গোষ্ঠী নিৰপেক্ষ আন্দোলন সম্পৰ্কে এক দীঘলীয়া উক্তি দাঙি ধৰিছে।সেইবোৰৰ বৈশিষ্ট্যসমূহ হ'ল--

       (১)ফেচীবাদ,ঔপনিবেশবাদ আৰু বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতবৰ্ষই দৃঢ় অবস্থান

গ্ৰহণ কৰিছে।

       (২)দুই মিত্ৰ শক্তিয়ে গঢ়ি তোলা সামৰিক মিত্ৰজোটৰ পৰা নিজকে আতৰাই ৰাখিছিল।

       (৩)সামৰিক মিত্ৰজোটত নতুনকৈ স্বাধীনতা প্ৰাপ্ত তৃতীয় বিশ্বৰ দেশসমূহক অন্তৰ্ভুক্তিৰ বাবে চলোৱা প্ৰচেষ্টাৰ বিৰোধিতা কৰিছিল।  

         ভাৰতবৰ্ষই দুই মহাশক্তি ছোভিয়েট সংঘ আৰু আমেৰিকাৰ লগত সমদূৰত্ব আৰু সমবন্ধুত্ব বজাই ৰাখিবৰ বাবে চেষ্টা কৰিছিল।দুই মহাশক্তিয়ে পোষকতা কৰা দুটা ভিন্ন আদৰ্শৰ সংমিশ্ৰণেৰে ভাৰতবৰ্ষই গণতান্ত্ৰিত সমাজবাদ গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা চলাইছিলএই ক্ষেত্ৰত দুই মহাশক্তিৰ মাজত যাতে যুদ্ধৰ সূচনা নহয় তাৰ বাবে ভাৰতবৰ্ষই দুই মহাশক্তিৰ মাজত ভাৰসাম্য ৰখাত গুৰুত্ব দিছিল।ভাৰতবৰ্ষই দুই মহাশক্তিৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকাও পালন কৰিছিল। উদাহৰণস্বৰূপে,   ১৯৫০-৫৩ চনত সংঘটিত হোৱা কোৰিয়া যুদ্ধৰ সমাপ্তিৰ বাবে ভাৰতবৰ্ষই সক্ৰিয় মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল। আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বৰ্তাই ৰখাৰ ক্ষেত্ৰত দুই মহাশক্তিৰ অংশীদাৰ নোহোৱা আৰু গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সদস্যভুক্ত হোৱা ৰাষ্ট্ৰসমূহক সংগঠিত আৰু সক্ৰিয় কৰি তোলাৰ ক্ষেত্ৰতো ভাৰতবৰ্ষই উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।

                      

 ৪৭)নতুন আন্তৰ্জাতিক অৰ্থনৈতিক ব্যবস্থা (NIEO)ৰ জন্মৰ আৰৰ বাস্তবতা কি আছিল ?

উত্তৰঃ১৯৭০ দশকত গোষ্ঠী নিৰপেক্ষ আন্দোলনে এক নতুন চৰিত্ৰ লাভ কৰিলে। মূখ্যত বিশ্ব-শান্তি আৰু নিৰাপত্তাৰ হকে ওকালতি কৰি অহা গোষ্ঠী নিৰপেক্ষ আন্দোলনে ১৯৭০ দশকত এক নতুন আন্তৰ্জাতিক অৰ্থব্যৱস্থা গঢ়ি তোলাৰ স্বাৰ্থত এছিয়া আৰু আফ্ৰিকাৰ দেশসমূহ একগোট হল। অৱশ্যে গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰসমূহৰ বেছিভাগ ৰাষ্ট্ৰই আছিল কম উন্নত ৰাষ্ট্ৰ। সেয়েহে গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰসমূহৰ আগত এটাই প্ৰত্যাহ্বান আছিল – এই ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিকভাৱে অধিক উন্নতি সাধন কৰা আৰু ইয়াৰ জনসাধাৰণৰ জীৱনৰ মানদণ্ডৰ উন্নতি ঘটোৱা।অৰ্থনৈতিক উন্নতি অবিহনে কোনো ৰাষ্ট্ৰই স্বাধীনতা ভোগ কৰিব নোৱাৰে। এই ৰাষ্ট্ৰবোৰে পুঁজিবাদী ৰাষ্ট্ৰসমূহৰ ওপৰত নিৰ্ভৰশীল হবলগীয়া হয় নাইবা যিখন ঔপনিবেশীক ৰাষ্ট্ৰৰ পৰা ৰাজনৈতিক স্বাধীনতা লাভ কৰিছিল, সেই ৰাষ্ট্ৰৰ ওচৰত ভিক্ষা মাগিবলগীয়া হয়। উপৰোক্ত কখাখিনি অনিধাৱন কৰিয়েই নতুন আন্তৰ্জাতিক অৰ্থনৈতিক ব্যবস্থা(NIEO)ৰ জন্ম হৈছিল। ১৯৭২ চনত ছাণ্টিয়েগত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ বাণিজ্য উন্নয়নৰ অধিৱেশনত নতুন বাণিজ্য নীতি ঘোষণা কৰা হৈছিল। এই প্ৰতিবেদনত আন্তৰ্জাতিক বাণিজ্য ব্যৱস্থাৰ কেতবোৰ পৰিৱৰ্তন অনা হৈছিল। সেই পৰিৱৰ্তনসমূহ হল—

              ক)উন্নত পশ্চিমীয়া দেশসমূহে শোষণ কৰি থকা প্ৰাকৃতিক সম্পদসমূহৰ ওপৰত কম উন্নত দেশসমূহৰ নিজস্ব নিয়ন্ত্ৰণত থাকিব লাগে।

              খ)কম উন্নত দেশসমূহে যাতে উৎপাদিত সামগ্ৰীসমূহৰ উচিত মূল্য পায় তাৰ বাবে পশ্চিমীয়া বজাৰসমূহত প্ৰৱেশৰ ক্ষমতা দিব লাগে।

              গ)পশ্চিমীয়া দেশসমূহে সৰবৰাহ কৰা কাৰিকৰী কৌশলৰ মূল্য হ্ৰাস কৰিব লাগে।

                                         


৪৮) গোষ্ঠী নিৰপেক্ষ আন্দোলনে পোন-পটীয়াকৈ ভাৰতক কেনেদৰে স্বাৰ্থপূৰণত সহায় কৰিছে?

উত্তৰঃগোষ্ঠী নিৰপেক্ষ আন্দোলনে পোন-পটীয়াকৈ ভাৰতক স্বাৰ্থপূৰণত সহায় কৰিছে।

               ক)গোষ্ঠী নিৰপেক্ষ আন্দোলনে ভাৰতবৰ্ষক আন্তৰ্জাতিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পথ মুকলি কৰি দিছিল আৰু বৃহ শক্তি তথা ইয়াৰ মিত্ৰগোষ্ঠীৰ স্বাৰ্থ ৰক্ষা কৰাতকৈ নিজৰ স্বাৰ্থ পূৰণৰ ক্ষেত্ৰত সহায়ক হৈছিল।

               খ)ভাৰতবৰ্ষই দুই বৃহ শক্তিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰিছে।


                                            

৪৯) ভাৰতবৰ্ষই গ্ৰহণ কৰা গোষ্ঠী নিৰপেক্ষ নীতিৰ দুটা সমালোচনা বা নেতিবাচক দিশ লিখা।

উত্তৰঃ ভাৰতবৰ্ষই গ্ৰহণ কৰা গোষ্ঠী নিৰপেক্ষ নীতিৰ দুটা সমালোচনা বা নেতিবাচক দিশ হ'ল—

             ক)ভাৰতবৰ্ষৰ গোষ্ঠী নিৰপেক্ষতা হ'ল নীতিবিহীন।ভাৰতবৰ্ষই কেতিয়াবা-কেতিয়াবা জাতীয় স্বাৰ্থৰ বাবে গুৰুতিবপূৰ্ণ আন্তৰাষ্ট্ৰীয় বিষয়ৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত ল'বলৈ অমান্তি হয় বা প্ৰত্যাখ্যান কৰে।

             খ)ভাৰতবৰ্ষই আন ৰাষ্ট্ৰক মিত্ৰ গোষ্ঠীত যোগদান কৰাৰ ক্ষেত্ৰত সমালোচনা কৰে। কিন্তু ভাৰতবৰ্ষ নিজেই ১৯৭১ চনত ৰাছিয়াৰ সৈতে বন্ধুত্বৰ চুক্তিত স্বাক্ষৰ কৰিছিল।



৫০) শীতল যুদ্ধৰ কাৰণসমূহ বাখ্যা কৰা।

উত্তৰঃ শীতল যুদ্ধৰ কাৰণসমূহ তলত বাখ্যা কৰ হ'ল—

       ক)আদৰ্শগত সংঘাতঃ শীতল যুদ্ধৰ গুৰুত্বপূৰ্ণ  কাৰণ হ'ল দুই মহাশক্তিৰ মাজত চলা আদৰ্শগত সংঘাত। ছোভিয়েট সংঘই সমাজবাদী আদৰ্শ গ্ৰহণ কৰিছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই পুঁজিবাদী আদৰ্শ গ্ৰহণ কৰিছিল। এই দুই মহাশক্তিৰ মতাদৰ্শগত সংঘাতৰ ফলত শীতল যুদ্ধৰ সূত্ৰপাত হৈছিল।

       খ)সাম্যবাদৰ সম্প্ৰসাৰণঃ ছোভিয়েট সংঘই সাম্যবাদী ভাবধাৰাৰে পূব-ইউৰোপৰ ভালেমান দেশক নিজৰ আদৰ্শত আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। আলবেনিয়া, পোলেণ্ড, উজবেকিস্থান, জৰ্জিয়া, আজাৰবাইজান আৰু ভালেমান দেশ সমাজবাদী আদৰ্শ গ্ৰহণ কৰিছিল।এই কাৰ্যত আমেৰিকা যুক্তৰাষ্ট্ৰ শংকিত আৰু ক্ষুব্ধ হৈছিল। ফলত দুই মহাশক্তিৰ মাজত শীতল যুদ্ধৰ সূত্ৰপাত হৈছিল।

        গ)এটম বোমাৰ গোপনীয়তাঃ ১৯৪৫ চনৰ ৬ আৰু ৯ আগষ্ট তাৰিখে জাপানৰ নাগাচাকি আৰু হিৰোচিমাত আণৱিক বোমা নিক্ষেপ কৰিছিল।ছোভিয়েট সংঘই আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই পাৰমাণবিক বোমাৰ সম্ভেদ পোৱা নাছিল আৰু আমেৰিকাৰ এই কাৰ্যত ছোভিয়েট সংঘই ক্ষুব্ধ হৈ ১৯৪৮ চনত আণৱিক বোমা পৰীক্ষণ কৰিছিল। এই কাৰ্যই দুয়োখন দেশৰ মাজত শীতল যুদ্ধৰ সূত্ৰপাত ঘটাইছিল।

        ঙ)দ্বিপক্ষীয় ৰাজনীতিঃ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত জাৰ্মানী , ইটালী আৰু জাপানৰ পৰাজয় হৈছিল। গ্ৰেট ব্ৰিটেইন আৰু ফ্ৰান্সেও কিছু পৰিমানে দুৰ্বল হৈ পৰিছিল। অকল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছিল ।এই শক্তিৰ সংঘাতক দ্বিপক্ষীয় ৰাজনীতি বোলে।

 

 

৫১) গোষ্ঠী নিৰপেক্ষ আন্দোলনক এতিয়া অপ্ৰাসংগিক বুলি ভাবানে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া।

উত্তৰঃ ১৯৯১ চনত ছোভিয়েট ইউনিয়ন ভাগি পৰিল। ছোভিয়েট ইউনিয়ন ভাগি যোৱাৰ পিছত গঢ়ি উঠা স্বাধীন দেশসমূহেওঁ ক্ৰমে পুঁজিবাদৰ ফালে  গতি কৰিলে। তেনে পৰিস্থিতিত প্ৰায় চাৰিটা দশক ধৰি চলি অহা শীতল যুদ্ধৰো অৱসান ঘটিল। শীতল যুদ্ধৰ অৱসানৰ পিছত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা আছে নে নাই এই প্ৰশ্নক কেন্দ্ৰ কৰি  আন্তৰ্জাতিক ৰাজনীতিত যথেষ্ট বিতৰ্ক হৈছে।বিগত সময়ছোৱাত ভাৰতবৰ্ষয়ো আমেৰিকাৰ লগত যথেষ্ট সম্পৰ্ক গঢ়ি তুলিছে।এই গোটেই ঘটনা প্ৰবাহে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ স্থিতিৰ প্ৰাসংগিকতা হেৰাই যোৱাৰ ইংগিত বহন কৰে।কিন্তু তথাপিওঁ গোষ্ঠী নিৰপেক্ষ আন্দোলন যে এতিয়াওঁ প্ৰাসংগিক সেই কথা তলৰ যুক্তিসমূহে প্ৰতিপন্ন কৰে—

             ক)বিশ্বত এতিয়াও এক মহাশক্তি বৰ্তি আছে।এই মহাশক্তিৰ দ্বাৰা যাতে তৃতীয় বিশ্বৰ দেশসমূহ আক্ৰান্ত তথা বিপদাপন্ন নহয়, তাক নিশ্চিত কৰিবৰ বাবে এক সামহিক প্ৰতিৰোধ শক্তিৰ প্ৰয়োজন আছে।গোষ্ঠী নিৰপেক্ষ আন্দোলনে এনে এক সামহিক প্ৰতিৰোধ হিচাপে কাম কৰে।

             খ)শীতল যুদ্ধৰ উত্তৰকালত গঢ়ি উঠা আন্তৰাষ্ট্ৰীয় ব্যৱস্থা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিস্থিত নহয়, উদাহৰণস্বৰূপে আন্তৰাষ্ট্ৰীয় মুদ্ৰা নিধি, বিশ্ব বেংক আদি গণতান্ত্ৰিকভাবে গঠিত প্ৰতিস্থান নহয়।এনে অগণতান্ত্ৰিকতাৰ বিৰুদ্ধে যুজ কৰিবলৈ তৃতীয় বিশ্বৰ দেশসমূহক এক সামহিক মঞ্চ লাগে।

             গ)শীতল যুদ্ধৰ সমাপ্তিয়ে তৃতীয় বিশ্বৰ দেশসমূহৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰা নাই। উদাহৰণস্বৰূপে দৰিদ্ৰতা, বৈষম্যমূলক বিশ্ব বা্ণিজ্য নীতি আদি ব্যবস্থাৰ পৰিৱৰ্তন কৰিবলৈয়ো গোষ্ঠী নিৰপেক্ষ আন্দোলনক প্ৰাসংগিক কৰি তুলিছে।

 

৫২) বাৰ্লিন সংকটৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ হিটলাৰৰ নেতৃত্বাধীন জাৰ্মানী আছিল মিত্ৰপক্ষৰ বিৰুদ্ধে গঢ়ি উঠা এক্সিছ পাৱাৰৰ অন্যতম সদস্য ৰাষ্ট্ৰ। দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীৰ পতনৰ পাছত মিত্ৰ পক্ষ ৰাছিয়া, ফ্ৰান্স, গ্ৰেট ব্ৰিটেইন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই জাৰ্মানীৰ ৰাজধানী বাৰ্লিন চহৰ তেওঁলোকৰ মাজত ভগাই লৈছিল । এই সকলো কেইটা পক্ষই জাৰ্মানী তথা বাৰ্লিন চহৰৰ একো একোটা অঞ্চল নিয়ন্ত্ৰিত কৰিছিল।ছোভিয়েট ইউনিয়ন আৰু উল্লেখিত অন্য দেশসমূহৰ মাজত মতবিৰোধ ঘটাৰ পৰিপ্ৰেক্ষিতত ফ্ৰান্স, গ্ৰেট ব্ৰিটেইন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত থকা  অঞ্চলসমূহক একত্ৰিত কৰা হয়।লগে লগে দুই শিবিৰৰ মাজত তিক্ততা বৃদ্ধি পাবলে ধৰে।১৯৪৮ চনৰ ২৩ জুন তাৰিখে একত্ৰিত হোৱা পশ্চিমীয়া মিত্ৰ শক্তি অৰ্থাত  ফ্ৰান্স, গ্ৰেট ব্ৰিটেইন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই তেওলোক নিয়ন্ত্ৰণাধীন অঞ্চলত এক নতুন মুদ্ৰাৰ প্ৰচলন কৰে। ১৯৪৮ চনৰ ২৪ জুনত ছোভিয়েট ইউনিয়নে বাৰ্লিনলৈ  যোৱা সকলো পথ আৰু ৰেলসেৱা ব্যবস্থা বন্ধ কৰি দিয়ে । এই ঘটনাক বাৰ্লিন অৱৰোধ নামেৰে জনা যায়। বাৰ্লিন অৱৰোধ হৈছিল শীতল যুদ্ধৰ এক প্ৰতীকি । অৱশেষত ছোভিয়েট ইউনিয়নৰ নেতা ষ্টেলিনে ১৯৪৯ চনৰ মে মাহত বাৰ্লিল অৱৰোধ উঠাই লৈছিল।

 

৫৩) কোন চনত বাৰ্লিন দেৱালখন ভাগি বগৰাই দিয়া হৈছিল ?

উত্তৰঃ ১৯৮৯ চনত।

 

৫৪) কোন চনত জাৰ্মানীৰ একত্ৰীকৰণ কৰা হৈছিল ?

উত্তৰঃ ১৯৯০ চনত।


৫৫) সৰু-সৰু ৰাষ্ট্ৰসমূহৰ ডাঙৰ-ডাঙৰ ৰাষ্ট্ৰসমূহৰ সহায়ৰ কিয় প্ৰয়োজন হৈছিল ?

উত্তৰঃ   ক) সৰু-সৰু ৰাষ্ট্ৰসমূহত থকা তেল আৰু খনিজ সম্পদৰ বাবে।

      খ)সৰু-সৰু ৰাষ্ট্ৰসমূহৰ পৰা  শত্ৰু ৰাষ্ট্ৰসমূহত চোৰাংচোৱাগিৰিত সহায় হয়।

      গ)বহুত ৰাষ্ট্ৰৰ মিত্ৰতাই একেলগে সামৰিক ব্যয় বা খৰচ বহন কৰাত সহায় হয় 

      ঘ) সৰু-সৰু ৰাষ্ট্ৰসমূহৰ পৰা  বৃহ শক্তিৰ ৰাষ্ট্ৰসমূহৰ শত্ৰু ৰাষ্ট্ৰত সামৰিক বাহিনী মোতায়েন কৰাত আৰু ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰাত সহায় হয়। 


Also Visit: 

পৰিকল্পিত বিকাশৰ ৰাজনীতি।

 

এটা দলৰ আধিপত্যৰ যুগ।

 

জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ

 

দ্বিতীয় বিশ্বৰ ভাঙোন আৰু দ্বিমেৰুৰ পৰিসমাপ্তি।

 

Also Visit:

Class 10 English (SEBA)

 

Class 12 English(AHSEC)

 

Class 12 Political Science(Assamese)

Post a Comment

Post a Comment (0)

Previous Post Next Post