পৰিকল্পিত বিকাশৰ ৰাজনীতি
![]() |
Politics of Planned Development |
প্ৰশ্নোত্তৰসমূহ
১)POSCOৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰঃ Pohag
Iron and Steel Company.
২) বিকাশৰ দুটা আৰ্হিৰ এটা হল
পুঁজিবাদী , আনটো কি?
উত্তৰঃ সমাজবাদী।
৩)পৰিকল্পনা আয়োগ কেতিয়া গঠণ কৰা
হৈছিল?
উত্তৰঃ ১৯৫০ চনত।
৪) FYP মানে কি?
উত্তৰঃ Five
Year Plan.
৫)প্ৰথম পঞ্চম বাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ ১৯৫১ চনত।
৬) প্ৰথম পঞ্চম বাৰ্ষিক পৰিকল্পনাত গ্ৰহণ কৰা দীৰ্ঘম্যাদী
আচনিৰ নাম লিখা।
উত্তৰঃ ভাক্ৰা নাঙল
বান্ধ আঁচনি।
৭)ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ
প্ৰতিষ্ঠাতা কোন আছিল?
উত্তৰঃ পি চি মহলান’বিচ।
৮)খাদ্য সংকটৰ বাবে ভাৰতে কোনখন দেশৰ
ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল?
উত্তৰঃ আমেৰিকা
যুক্তৰাষ্ট্ৰ।
৯) AMULৰ সম্পূৰ্ণ নাম কি?
উত্তৰঃ Anand
Milk Union Limited.
১০) ভাৰতৰ মিল্ক মেন বুলি কাক জনা যায়?
উত্তৰঃ ভাৰ্গিচ
কোৰিয়েন।
১১)সেউজ বিপ্লৱৰ জনক কোন?
উত্তৰঃ ড. নৰ্মান ব’ৰলাউগ।
১২)ভৰতবৰ্ষই পৰিকল্পনাৰ ধাৰণাটো কৰ
পৰা গ্ৰহণ কৰিছিল?
উত্তৰঃ ভৰতবৰ্ষই
পৰিকল্পনাৰ ধাৰণাটো ছোভিয়েট ইউনিয়নৰ পৰা গ্ৰহণ কৰিছিল।
১৩) ‘সেউজ বিপ্লৱৰ ভাৰতীয় পিতৃ’ বুলি কাক জনা যায়?
উত্তৰঃ স্বামীনাথক ‘সেউজ বিপ্লৱৰ ভাৰতীয় পিতৃ’ বুলি জনা যায়।
১৪) ভাৰতে কিমানটা পঞ্চম বাৰ্ষিক
পৰিকল্পনা সম্পূৰ্ণ কৰিছে?
উত্তৰঃ ১১ টা ।
১৫)কেতিয়াৰ পৰা দশম পঞ্চবাৰ্ষিক
পৰিকল্পনা পৰিকল্পনা আৰম্ভ হৈছিল?
উত্তৰঃ ২০০২ চনৰ পৰা
২০০৭ চনলৈকে।
১৬)বৰ্তমান সময়ত ভাৰতত পৰিকল্পনা
আয়োগৰ সলনি কোনটো প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে?
উত্তৰঃ নিতি (NITI) আয়োগ।
১৭)নিতি আয়োগৰ অধ্যক্ষ কোন?
উত্তৰঃ প্ৰধান
মন্ত্ৰী।
১৮) NITIৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰঃNational
Institute For Transforming India
১৯) NITI আয়োগৰ মূখ্য কাৰ্যবাহীজনৰপ নাম কি?
উত্তৰঃ অমিতাভ কান্ত।
২০)নতুন অৰ্থনৈতিক নীতিৰ মূল
বৈশিষ্ট দুটা লিখা।
উত্তৰঃনতুন অৰ্থনৈতিক
নীতিৰ মূল বৈশিষ্ট দুটা হ'ল- উদাৰীকৰণ আৰু মুক্তবাণিজ্য।
২১)পি চি মহলান’বিচ কোন আছিল?
উত্তৰঃ পি চি মহলান’বিচ আছিল
খ্যাতনামা অৰ্থনীতিবিদ , দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ৰূপৰেখা প্ৰস্তুত কৰোতা
আৰু ভাৰতীয় পৰিসংখ্যা বিভাগৰ পৰিসংখ্যাবিদ।
২২)বোম্বাই পৰিকল্পনা কি?
উত্তৰঃ১৯৪৪ চনত
কিছসংখ্যক উদ্যোগপতিয়ে বোম্বাইত মিলিত হৈ ভাৰতত পৰিকল্পিত অৰ্থনীতি প্ৰতিষ্ঠা কৰাৰ
বাবে এটা যুটীয়া প্ৰস্তাৱৰ খচৰা প্ৰকাশ কৰে। এই প্ৰস্তাৱক বোম্বাই পৰিকল্পনা বোলে।
২৩)প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ৫
টা লক্ষ্য উল্লেখ কৰা।
উত্তৰঃপ্ৰথম পঞ্চবাৰ্ষিক
পৰিকল্পনাৰ ৫ টা লক্ষ্য হ'ল—
ক)কৃষিখণ্ডৰ বিকাশ আৰু খাদ্য শস্যৰ উৎপাদন বৃদ্ধি কৰা।
খ)ভূমি সংস্কাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা।
গ)জলসিঞ্চন ব্যৱস্থাৰ সম্প্ৰসাৰণত গুৰুত্ব
দিয়া।
ঘ)এই পৰিকল্পনাত মুদ্ৰাস্ফিতিৰ হাৰ হ্ৰাস
কৰাৰ লগতে শৰণাৰ্থীসকলৰ পুনঃসংস্থাপনৰ বাবে পদক্ষেপে গ্ৰহণ কৰা হৈছিল।
ঙ)এই পৰিকল্পনাত জাতীয় আয় বৃদ্ধি আৰু জনসাধাৰণৰ
জীৱন-ধাৰণৰ মানদণ্ড সুস্থিৰ কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।
২৪)ভাৰতৰ পৰিকল্পনাৰ ৪টা গুৰুত্ব
লিখা।
উত্তৰঃভাৰতৰ
পৰিকল্পনাৰ ৪টা গুৰুত্ব হ'ল—
ক)অৰ্থনৈতিক সম্পদৰ সু-ব্যৱহাৰঃ অৰ্থনৈতিক
পৰিকল্পনাই অৰ্থনৈতিক সম্পদৰ সু-ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট সহয় কৰে। ই সীমিত উৎসৰ জৰিয়তে
নূন্যতম প্ৰয়োজনীয়তাসমূহ সমাধা কৰাত গুৰুত্ব দিয়ে।
খ)মৌলিক প্ৰয়োজনীয়তা পূৰণঃ পৰিকল্পনাই সমাজ
এখনৰ মৌলিক প্ৰয়োজনীয়তাসমূহ পূৰণত সহায় কৰে।পৰিকল্পনাত বিতৰণ আৰু উৎপাদন
ব্যৱস্থাটো এনে ধৰণে সজোৱা হয় যাতে সমাজৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰি।
গ)সামাজিক বিকাশৰ সহায়কঃ পৰিকল্পনাই
নিৰক্ষৰতা, দৰিদ্ৰতা, পিছপৰি থকা আদি বিভিন্ন সামাজিক সমস্যা নিৰ্মূলকৰণত
বিশেষভাৱে সহায় কৰে অৰ্থাৎ সমাজৰ বিকাশত
পৰিকল্পনাৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা থাকে।
ঘ)নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্দিষ্ট কাৰ্য
সম্পাদনঃ পৰিকল্পনাই এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত এটা নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰাত
সহায়ক হয়।
২৫)ভাৰতৰ পৰিকল্পনাসমূহৰ মূল
উদ্দেশ্যসমূহ চমুকৈ লিখা।
উত্তৰঃ ক)জীৱন-ধাৰণৰ
মানদণ্ডৰ উন্নতিঃ পঞ্চবাৰ্ষিকী পৰিকল্পনাৰ প্ৰথম উদ্দেশ্য আছিল জনসাধাৰণৰ
জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰা আৰু এক সমৃদ্ধিশালী জীৱন-যাপনৰ সুযোগ প্ৰদান কৰা।
খ)জাতীয় আয় বৃদ্ধিঃ প্ৰতিটো পৰিকল্পনাৰ
অন্যতম গুৰুত্বপূৰ্ণ উদ্দেশ্য হল জাতীয় আয় বৃদ্ধি কৰা।জাতীয় আয় বৃদ্ধিয়ে ভাৰতৰ
অৰ্থনীতিৰ বিকাশত যথেষ্ট সহয় কৰিব।
গ)সম্পদৰ দক্ষ ব্যৱহাৰঃ ভাৰতৰ সম্পদসমূহৰ
দক্ষতাৰে ব্যৱহাৰ কৰা পঞ্চবাৰ্ষিকী পৰিকল্পনাৰ অন্যতম উদ্দেশ্য। সামগ্ৰী আৰু সেৱাৰ
বৃদ্ধিৰে পৰিকল্পনাই ভাৰতৰ অৰ্থনৈতিক বিকাশ কৰিব বিচাৰে।
ঘ)সামাজিক ন্যায়ঃ পৰিকল্পনাই সামাজিক ন্যায়
প্ৰতিষ্ঠা কৰাত গুৰুত্ব প্ৰদান কৰি আহিছে।এয়া কাৰ্যকৰী কৰাৰ অৰ্থে নূন্যতম
প্ৰয়োজনীয়তা কৰ্মসূচী গ্ৰহণ কৰি অহা হৈছে।
ঙ)আঞ্চলিক বিকাশঃ স্বাধীনতাৰ সময়ত ভাৰতত
আঞ্চলিক ভাৰসাম্য নাছিল। সেয়ে পৰিকল্পনাৰ জৰিয়তে তুলনামূলকভাৱে পিছপৰি থকা
ৰাজ্যসমূহৰ দ্ৰুত বিকাশ সাধনেৰে আঞ্চলিক সমতা স্থাপনৰ চেষ্টা কৰি অহা হৈছে।
২৬)কেৰেলা আৰ্হি কি?
উত্তৰঃ কেন্দ্ৰীভূত
পৰিকল্পনা ভাৰতত গ্ৰহণ কৰাৰ সময়তে কেৰেলাই পৰীক্ষণীয়ভাৱে বিকেন্দ্ৰীভূত পৰিকল্পনাৰ
আৰ্হি উদ্ভাৱন কৰে।এই পৰিকল্পনা আৰু বিকাশৰ পথটোক কেৰেলা আৰ্হি বুলি জনা
যায়।ৰাজ্যখনে গ্ৰহণ কৰা এই আৰ্হিয়ে শিক্ষা, স্বাস্থ্য, ভূমি-সংস্কাৰ, কাৰ্যক্ষম
খাদ্য বিতৰণ আৰু দৰিদ্ৰতা দূৰীকৰণৰ ওপৰত আলোকপাত কৰে।উল্লেখনীয়ভাৱে কম জনমূৰী আয় আৰু
তুলনামূলকভাৱে দুৰ্বল উদ্যোগিক ভেটি স্বত্বেও কেৰেলাই প্ৰায় সম্পূৰ্ণ সাক্ষৰতা,
দীৰ্ঘজীৱন, কম শিশু আৰু মহিলাৰ মৃত্যুৰ হাৰ আদি ক্ষেত্ৰত লক্ষণীয়ভাৱে সফলতা লাভ
কৰিছে।
২৭)সেউজ বিপ্লৱৰ ৰাজনৈতিক আৰু
অৰ্থনৈতিক ফলাফলবোৰ লিখা।
উত্তৰঃ সেউজ বিপ্লৱৰ
ৰাজনৈতিক ফলাফলবোৰ হ'ল—
ক)সেউজ বিপ্লৱৰ জৰিয়তে ভাৰতবৰ্ষ এখন
ভোকাতোৰ ৰাষ্ট্ৰৰ পৰা খাদ্য-শস্য ৰপ্তানি কৰাৰ সামৰ্থ থকা ৰাষ্ট্ৰৰূপে পৰিগণিত
হয়।ভাৰতে এই সফলতাৰ বাবে আন্তৰাষ্ট্ৰীয় সম্প্ৰদায় আৰু বিশেষকৈ তৃতীয় বিশ্বৰ
ৰাষ্ট্ৰসমূহৰ সম্ভ্ৰম আদায় কৰিবলৈ সমৰ্থ হয়।
খ)সেউজ বিপ্লৱে ইন্দিৰা গান্ধী আৰু ভাৰতীয়
জাতীয় কংগ্ৰেছক অধিক শক্তিশালী কৰাত পৰোক্ষভাৱে সহায় কৰিছিল।
সেউজ বিপ্লৱৰ অৰ্থনৈতিক ফলাফলবোৰ হ'ল—
ক)সেউজ বিপ্লৱৰ প্ৰধান সফলতা আছিল ঘেহু
আৰু ধান, এই দুই প্ৰধান শস্যৰ উত্পাদনৰ অভাৱনীয় বৃদ্ধি।
খ)সেউজ বিপ্লৱৰ ফলস্বৰূপে ভাৰতৰ
কৃষিকাৰ্যৰ পদ্ধতিৰ তাৎপৰ্যপূৰ্ণ
পৰিবৰ্তন হয়।
গ)সেউজ বিপ্লৱে ভাৰতত স্থানীয় উৎপাদন খণ্ডৰ
বৃদ্ধিত যথেষ্ট বিশেষভাৱে সহায় কৰে আৰু ই নিয়োগ সৃষ্টিৰ লগতে ৰাষ্ট্ৰখনৰ মুঠ ঘৰুৱা
উৎপাদন বৃদ্ধিত বৰঙণি যোগাইছিল।
ঘ)ভাৰত খাদ্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ
উঠে আৰু সেউজ বিপ্লৱৰ বাবে বিশ্ব বেংকৰ পৰা লোৱা সমুদায় ঋণ পৰিশোধ কৰাৰ স্থিতিত
উপনীত হয়।
২৮)পৰিকল্পনা বিৰতি (Plan Holiday) কি?
উত্তৰঃ তৃতীয় পঞ্চবাৰ্ষিকী
পৰিকল্পনাৰ সময়ছোৱাত শস্যৰ পৰিমাণ যথেষ্ট পৰিমানে হ্ৰাস পাইছিল। সেয়েহে তৃতীয় পঞ্চবাৰ্ষিকী
পৰিকল্পনা সাময়িকভাৱে স্থগিত ৰখা হৈছিল। ইয়াৰ পৰিৱৰ্তে ১৯৬৬-৬৭ চনৰ পৰা ১৯৬৮-৬৯
চনলৈকে তিনিখন বাৰ্ষিক পৰিকল্পনা ৰূপায়ন কৰা হৈছিল।এই তিনিখন বাৰ্ষিক পৰিকল্পনাৰ
মূল উদ্দেশ্য আছিল খাদ্য-শস্যৰ যোগান বৃদ্ধি
কৰা আৰু আমদানি ৰোধ কৰি অৰ্থনৈতিক স্থিৰতা লাভ কৰা। এই তিনিখন বাৰ্ষিক
পৰিকল্পনাৰ সময়ছোৱাক পৰিকল্পনা বিৰতি হিচাপে আখ্যা দিয়া হয়।
২৯)সেউজ
বিপ্লৱৰ সীমাবদ্ধতা লিখা।
উত্তৰঃসেউজ বিপ্লৱৰ
সীমাবদ্ধতাসমূহ হ'ল—
ক)বৰ্তমানেও কেতিয়াবা ভাৰতৰ কৃষি উৎপাদনে চাহিদা পূৰণ কৰিব নোৱাৰা হয়।সেউজ বিপ্লৱে খাদ্য-শস্যৰ
উত্পাদন বৃদ্ধি কৰিলেও ভাৰতক স্থায়ী আৰু সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীল কৰাত সম্ভৱ
হোৱা নাই।১৯৭৯ আৰু ১৯৮৭ চনত ভাৰত খৰাং পৰিস্থিতিৰ সন্মুখীন হৈছিল। ইয়াৰ ফলত সেউজ
বিপ্লৱে দীৰ্ঘকালীম সফলতা লাভ কৰিছেনে নাই এই সম্পৰ্কে প্ৰশ্নৰ উদয় হয়।
খ)ভাৰতে উন্নত জাতৰ সকলো শস্যৰ বীজ সকলো
অঞ্চললৈ বিস্তৃত কৰাত ব্যৰ্থতা প্ৰদৰ্শণ কৰিছে।
গ)যদিও বংগ দুৰ্ভিক্ষৰ দৰে পৰিস্থিতি
ভাৰতত বৰ্তমান হোৱা নাই, তথাপি উৰিষ্যাৰ কালাহান্দিৰ দৰে অঞ্চলত বহু বছৰ ধৰি চলি
থকা দুৰ্ভিক্ষসদৃশ পৰিস্থিতিত বহু সংখ্যক লোকৰ অনাহাৰত মৃত্যু হৈছে।
৩০)ভাৰতত পৰিকল্পিত অৰ্থনীতিৰ
সফলতা আৰু বিফলতাসমূহ লিখা।
উত্তৰঃ সফলতাঃ ক)ভাৰতে যদিও
পশ্চিমীয়া বিশ্বৰ ৰাষ্ট্ৰসমূহৰ তুলনাত সাংঘাতিক বিকাশ লাব কৰা নাই, তথাপি
অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত ১৯৫০-৫১ চনৰ পৰা ১৯৮৫-৮৬ চনলৈ ভাৰতৰ জনমূৰি আয় ৩.৫
শতাংশ বৃদ্ধি হয়। সম্প্ৰতি ভাৰতত ১০ শতাংশ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছ।
খ) কৃষি খণ্ডতো ভাৰতৰ যথেষ্ট বিকাশ
হৈছে। খাদ্য সমস্যা সামগ্ৰিকভাৱে সমাধান হোৱা বুলি কব পাৰি। খাদ্যৃ-শস্যৰ উত্পাদন
যথেষ্ট হাৰত বৃদ্ধি পাইছে।
গ)উদ্যোগিক খণ্ডত ভাৰতৰ বিকাশ
উল্লেখনীয়।১৯৫০-৫১ চনত জাতীয় আয়লৈ উদ্যোগৰ অৱদান আছিল ২৪.৫ শতাংশ। আনহাতে ১৯৮৬-৮৭
চনত ইয়াৰ পৰিমাণ ২৭.৫ শতাংশলৈ বৃদ্ধি পাইছে।
বিফলতাসমূহঃ ক)ভাৰতৰ
দৰিদ্ৰতা নিৰ্মূলকৰণৰ ক্ষেত্ৰত পৰিকল্পিত অৰ্থনীতিয়ে সফলতা লাভ কৰা নাই। ভাৰতত
দৰিদ্ৰতাই বৰ্তামানেও এক তীব্ৰ প্ৰত্যাহ্বানৰূপে থিয় দিছে।
খ)বিভিন্ন শৈক্ষিক বিকাশ কৰ্মসূচীৰ
জৰিয়তে ভাৰতৰ শিক্ষিতৰ হাৰ বৃদ্ধি কৰাৰ অহাৰ চেষ্টা কৰি অহা স্বত্ত্বেও বৰ্তমানেও
প্ৰায় ৩৫ শতাংশ লোক নিৰক্ষৰ হৈ থকাটো তাত্পৰ্যপূৰ্ণ।
গ)নিবনুৱা সমস্যাই ভাৰতত ক্ৰমাৎ অধিক জটিলতাৰ সৃষ্টি কৰি আছে।নিবনুৱা সমস্যাই
ভাৰতত অন্যান্য কিছু জটিল সমস্যাৰ জন্ম দিছে।
৩১)বিশ্বায়নৰ যুগত পৰিকল্পনাৰ
প্ৰাসংগিকতা বৰ্ণনা কৰা।
উত্তৰঃ বিশ্বায়নৰ যুগত
এখন ৰাষ্ট্ৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত নিজৰ ইচ্ছামতে কাম কৰিব নোৱৰে অৰ্থাৎ ৰাষ্ট্ৰবিলাকৰ
সাৰ্বভৌমত্ব হ্ৰাস পাইছে।ইয়াৰ কাৰণ হল বিশ্বায়নৰ হেচা।বিশ্বায়নৰ যুগত পৰিকল্পনাৰ
প্ৰাসংগিকতা হ্ৰাস পোৱাৰ কাৰণসমূহ তলত আলোচনা কৰা হ'ল—
ক)১৯৮০ চনৰ দশকৰ পিছত ভাৰতে উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ নীতি গ্ৰহণ কৰে।এই নীতিৰ
ফলস্বৰূপে ভাৰতৰ অৰ্থনীতিৰ ৰাষ্ট্ৰৰ গুৰুত্ব হ্ৰাস পায়।
খ)নতুন অৰ্থনৈতিক নীতি অনুসৰি ৰাজহুৱা
খণ্ডৰ বাবে সুৰক্ষিত ক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডৰ বাবেও মুকলি কৰি দিয়া হয়।
গ)ৰাজহুৱাখণ্ডৰ উদ্যোগসমূহে বিভিন্ন কাৰণত
ইপ্সিত ফলাফল লাভ কৰাত ব্যৰ্থতা প্ৰদৰ্শণ কৰি আহিছিল।ৰাজহুৱাখণ্ডসমূহে গ্ৰহণ কৰা
লক্ষ্যসমূহ পূৰণ হোৱা নাছিল।সেয়েহে নীতি নিৰ্ধাৰকসকলে ব্যক্তিগত খণ্ডক অধিক গুৰুত্ব
দিবলৈ আৰম্ভ কৰে।
অৱশ্যে ইয়াৰ দ্বাৰা এইটো নুবুজায় যে ভাৰতৰ
পৰিকল্পনা সম্পূৰ্ণৰূপে গুৰুত্বহীন হৈ পৰিছে। উন্নয়নশীল আৰু পিছপৰা ৰাষ্ট্ৰসমূহৰ
বাবে পৰিকল্পনাই এতিয়াও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।বৰ্তমান ভাৰতবৰ্ষত
পৰিকল্পনা আয়োগৰ ঠাইত নিতি আয়োগ গঠণ কৰা হৈছে।
৩২)সেউজ বিপ্লৱ কি?
উত্তৰঃ ১৯৬০দশকত
ভাৰতত উদ্ভৱ হোৱা খাদ্য সংকটৰ ফলস্বৰূপে ভাৰতে খাদ্য দ্ৰব্যৰ বাবে আমেৰিকা
যুক্তৰাষ্ট্ৰৰ নিৰ্ভৰশীল হবলগীয়া হৈছিল।ইয়াৰ সুবিধা গ্ৰহণ কৰিবলৈ আমেৰিকা
যুক্তৰাষ্ট্ৰ তৎপৰ হৈ পৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ
বিভিন্ন নীতিক হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিছিল।তেনে এক পৰিস্থিতিত ভাৰতে খাদ্যৰ
ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।এই উদ্দেশ্যে ভাৰতে খাদ্য-শস্যৰ
উত্পাদন বৃদ্ধি কৰিবলৈ কৃষিখণ্ডত নতুন কৌশল প্ৰৱৰ্তনৰ দিশত অগ্ৰসৰ হয়।১৯৬০ৰ দশকৰ
মাজভাগৰ পৰা ভাৰতত পৰম্পৰাগত, আওপুৰণি কৃষি কৌশলৰ স্থান আধুনিক প্ৰযুক্তিবিদ্যাই
গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে।নতুন উন্নত জাতৰ বীজ আৰু সাৰৰ লগতে জলসিঞ্চনৰ ব্যৱহাৰৰ
ব্যৱস্থা ভাৰত চৰকাৰে গ্ৰহণ কৰে।এই নতুন পদ্ধতিটোক আধুনিক কৃষি প্ৰযুক্তিবিদ্যা
অথবা সেউজ বিপ্লৱ বোলা হয়।
Also Visit:
এটা দলৰ আধিপত্যৰ যুগ।
জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ
দ্বিতীয় বিশ্বৰ ভাঙোন আৰু দ্বিমেৰুৰ পৰিসমাপ্তি।
বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ যুগ।
Also Visit:
Class 12 English(AHSEC)
Post a Comment