এটা দলৰ আধিপত্যৰ যুগ
এটা দলৰ আধিপত্যৰ যুগ |
প্ৰশ্নোত্তৰ
১)ভাৰতৰ নিৰ্বাচন আয়োগ কেতিয়া গঠন
হৈছিল?
উত্তৰঃ ১৯৫০ চনত।
২)ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰথম
আয়ুক্ত কোন আছিল?
উত্তৰঃ সুকুমাৰ সেন।
৩)কেতিয়াৰ পৰা সমগ্ৰ দেশতেই EVM ব্যৱহাৰ কৰা হৈছিল?
উত্তৰঃ ২০০৪ চনত।
৪) EVMৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰঃ Electronic Voting Machine.
5)ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কোন
চনত হৈছিল?
উত্তৰঃ ১৯৫২ চনত।
৬) প্ৰথম ভোটাৰ তালিকাখনৰ খচৰা
প্ৰকাশ হোৱাৰ সময়ত কেইলাখ মহিলাৰ নাম বাদ পৰিছিল?
উত্তৰঃ প্ৰায় ৪০ লাখ।
৭)প্ৰথম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে
কিমানখন আসন লাভ কৰিছিল?
উত্তৰঃ ৩৬৪খন আসন।
৮)প্ৰথম সাধাৰণ নিৰ্বাচনত প্ৰধান
বিৰোধী দল কোনটো আছিল?
উত্তৰঃ ভাৰতীয় সাম্যবাদী দল।
৯)প্ৰথম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে
কিমান শতাংশ ভোট লাভ কৰিছিল?
উত্তৰঃ ৪৫ শতাংশ।
১০)দ্বিতীয় সাধাৰণ নিৰ্বাচন কোন
চনত অনুস্থিত হৈছিল?
উত্তৰঃ ১৯৫৭ চনত।
১১) তৃতীয় সাধাৰণ নিৰ্বাচন কোন চনত
অনুস্থিত হৈছিল?
উত্তৰঃ ১৯৬২ চনত।
১২)কংগেছ সমাজবাদী পাৰ্টি কেতিয়া
গঠিত হৈছিল?
উত্তৰঃ ১৯৪৮ চনত।
১৩)দেশৰ সংবিধানে এটা মাত্ৰ
ৰাজনৈতিক দলক অনুমোদন জনোৱা ২ খন ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ ইটালী আৰু চীন।
১৪)সংবিধান পৰিষদৰ খচৰা প্ৰস্ত্ততি
সমিতিৰ অধ্যক্ষ কোন আছিল?
উত্তৰঃ ড. বি. আৰ. আম্বেদকাৰ।
১৫) কোনখন দেশত বলচেভিক বিপ্লৱ
আৰম্ভ হৈছিল?
উত্তৰঃ ছোভিয়েট ইউনিয়নত।
১৬)ভাৰতীয় জনসংঘ কেতিয়া গঠিত হৈছিল?
উত্তৰঃ ১৯৫১ চনত।
১৭)ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক
সভাপতি কোন আছিল?
উত্তৰঃ শ্যামাপ্ৰসাদ মুখাৰ্জী।
১৮)স্বতন্ত্ৰ পাৰ্টী কেতিয়া গঠিত
হৈছিল?
উত্তৰঃ ১৯৫৯ চনত।
১৯)প্ৰথম সাধাৰণ নিৰ্বাচনত ভাৰতীয়
জাতীয় কংগ্ৰেছক কোনে নেতৃত্ব দিছিল?
উত্তৰঃ জৱাহৰলাল নেহৰু।
২০)১৯৫৭ চনত কেৰেলাত কোন দলে চৰকাৰ
গঠন কৰিছিল?
উত্তৰঃ সাম্যবাদী দলে।
২১) কোন চনত একদলীয় শাসন ব্যৱস্থাৰ
যুগ আৰম্ভ হৈছিল?
উত্তৰঃ ১৯৫২ চনত।
২২)কোন চনত ছোচিয়েলিষ্ট পাৰ্টি(সমাজবাদী
দল) গঠিত হৈছিল?
উত্তৰঃ ১৯৩৪ চনত।
২৩) কোনটো ভাৰতীয় ৰাজনৈতিক দল
এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি দল?
উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছ।
২৪)দ্বিতীয় সাধাৰণ নিৰ্বাচনত
কংগ্ৰেছে কিমানখন আসন লাভ কৰিছিল?
উত্তৰঃ ৩৭১ খন আসন।
২৫)তৃতীয় সাধাৰণ নিৰ্বাচন কংগ্ৰেছে
কিমানখন আসন লাভ কৰিছিল?
উত্তৰঃ ৩৬১ খন আসন ।
২৬)দীলদয়াল উপাধ্যায় কোন আছিল?
উত্তৰঃ দীলদয়াল উপাধ্যায় আছিল ভাৰতীয় জনসংধৰ এজন প্ৰতিষ্ঠাপক সদস্য।
২৭)স্বতন্ত্ৰ দলৰ ৪ জন সদস্যৰ নাম
লিখা।
উত্তৰঃ চি ৰাজাগোপালাচাৰী, কে এম মুন্সি, এন জি
ৰংগ আৰু মিনো মাচানী।
২৮) ভাৰতীয় জনতা পাৰ্টীৰ গঠন কোন
দলৰ পৰা হৈছিল?
উত্তৰঃ ভাৰতীয় জনতা পাৰ্টীৰ ভাৰতীয় জমসংঘৰ পৰা
গঠন হৈছিল ।
২৯)ভাৰতীয় জনতা পাৰ্টীৰ গঠন কেতিয়া
হৈছিল?
উত্তৰঃ ১৯৮০ চনৰ ৬ এপ্ৰিলত।
৩০)ভাৰতীয় জাতীয় কংগ্ৰেছৰ
প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰঃ এলাম অক্টোভিয়ান হিউম।
৩১)কোন চনত ভাৰতৰ প্ৰাক্তন প্ৰধান
ম্ন্ত্ৰী ৰাজীৱ গান্ধীক সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল?
উত্তৰঃ ১৯৯১ চনৰ মে মাহত।
৩২)প্ৰথম সাধাৰণ নিৰ্বাচনত বাৰতৰ
সাম্যবাদী দলে কিমানখন আসন লাভ কৰিছিল?
উত্তৰঃ ১৬ খন।
৩৩) সমাজবাদী দলৰ কেইজনমান সদস্য
বা সমৰ্থকৰ নাম লিখা।
উত্তৰঃ জয়প্ৰকাশ নাৰায়ন, ৰামমনোহৰ লোহিয়া, অশোক
মেহতা আদি।
৩৪) ভাৰতীয় জনসংঘৰ ৪টা আদৰ্শ লিখা।
উত্তৰঃ ক)ভাৰতীয় জনসংঘৰ নীতি হ'ল- এক দেশ, এক সংস্কৃতি আৰু এক জাতি।
খ) ভাৰতবৰ্ষৰ ইংৰাজীৰ পৰিৱৰ্তে হিন্দী ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃত
প্ৰদান কৰাৰ দাবীক পুৰ্ণ সমৰ্থন কৰিছিল।
গ)ধৰ্মীয় তথা সাংস্কৃতিক সংখ্যালঘুসকলক বিশেষ সুবিধা দিয়াৰ বিৰোধিতা
কৰিছিল।
ঘ) এই দলে ভাৰতবৰ্ষ আৰু পাকিস্থানক একত্ৰিত কৰি এখণ্ড ভাৰত গঠণৰ পোষকতা
কৰে।
৩৯) ভাৰতীয় জনসংঘৰ ৩জন নেতাৰ নাম
লিাখা।
উত্তৰঃ শ্যামা প্ৰসাদ মুখাৰ্জী, দীন দয়াল
উপাধ্যায়, বলৰাজ মাধব আদি।
৪০)ভাৰতৰ সাম্যবাদী দল কেতিয়া
স্থাপন কৰা হৈছিল?
উত্তৰঃ ১৯২৪ চনত।
৪১)ভাৰতৰ সাম্যবাদী দলৰ ৪ জন
সদস্যৰ নাম লিখা।
উত্তৰঃ এ কে গোপালন, এছ এ ডাংগে,
পি চি যোশী, অজয় ঘোষ আদি।
৪২)ভাৰতীয় জনসংঘৰ মূল কি?
উত্তৰঃ ভাৰতীয় জনসংঘৰ মূল হ'ল- ৰাষ্ট্ৰীয় স্বয়ং
সেৱক(আৰ এছ এছ) আৰু হিন্দু মহাসভা।
৪৩)ভাৰতৰ দ্বিতীয় ৰাজনৈতিক দল
কোনটো আৰু ই কেতিয়া গঠিত হৈছিল?
উত্তৰঃ ভাৰতৰ দ্বিতীয় ৰাজনৈতিক দল হ'ল মুছলিম লিগ।
এই দলটোক ১৯০৬ চনত প্ৰতিষ্ঠা কৰা হৈছিল।
৪৪)তৃতীয় সাধাৰণ নিৰ্বাচনত প্ৰধান
বিৰোধী দল কোনটো আছিল আৰু এই দলে কিমানখন আসন লাভ কৰিছিল?
উত্তৰঃ তৃতীয় সাধাৰণ নিৰ্বাচনত প্ৰধান বিৰোধী
দল আছিল ভাৰতীয় সাম্যবাদী দল। এই দলে ২৯
খন আসন লাভ কৰিছিল।
৪৫) ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনত
কংগ্ৰেছে কিমানখন আসন লাভ কৰিছিল?
উত্তৰঃ ২৮৩ খন।
৪৬) ১৯৬৭ চনৰ বিধান সভাৰ নিৰ্বাচনত
কংগ্ৰেছে ক্ষমতাচ্যুত হোৱা ৰাজ্যসমূহ কি কি আছিল?
উত্তৰঃ বিহাৰ, পশ্চিম বঙ্গ, পঞ্জাৱ, হাৰিয়ানা,
মাদ্ৰাছ, উৰিস্যা, কেৰেলা , উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশ।
৪৮)স্বতন্ত্ৰ দলৰ ৪টা আদৰ্শ লিখা।
উত্তৰঃ ক)স্বতন্ত্ৰ দলৰ মতে অৰ্থনৈতিক ক্ষেত্ৰত ৰাষ্ট্ৰৰ হস্তক্ষেপ কমোৱা উচিত।কাৰণ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণে দেশৰ অৰ্থনীতিত উন্নতিৰ পথত হেঙাৰৰ সৃষ্টি কৰে।
খ)স্বতন্ত্ৰ দলে কেন্দ্ৰীয় পৰিকল্পনা , ৰাষ্ট্ৰীয়কৰণ আৰু চৰকাৰী খণ্ডৰ
বিৰোধিতা কৰিছিল।
গ)স্বতন্ত্ৰ দলে কৃষিৰ ক্ষেত্ৰত ভূমি অধিগ্ৰহণ আৰু সমবায়ী ভিত্তিত কৃষিপাম
স্থাপনৰ বিৰোধিতা কৰে।
ঘ)স্বতন্ত্ৰ দলে উন্নত কৰ ব্যৱস্থা আৰু অনুজ্ঞাপত্ৰ গ্ৰহণ কৰা প্ৰথাক
বিৰোধিতা কৰিছিল।
৪৯)ভাৰতবৰ্ষত কংগ্ৰেছ দলে আধিপত্য
বিস্তাৰ কৰাৰ কেইটামান কাৰণ আলোচনা কৰা ।
উত্তৰঃ ভাৰতবৰ্ষত কংগ্ৰেছ দলে আধিপত্য বিস্তাৰ
কৰাৰ বহুতো কাৰণ আছে।সেইকেইটা তলত আলোচনা কৰা হ'ল—
ক)বৃটিছ উপনিবেশিকতাবাদৰ পৰা মুক্ত
কৰাৰ বাবে কংগ্ৰেছৰ নেতৃত্বত আন্দোলন গঢ়ি উঠিছিল। ভাৰতে স্বধীনতা অৰ্জন কৰাৰ পিছত
অনুষ্ঠিত হোৱা নিৰ্বাচনত স্বাধীনতা আন্দোলনকৰ মূল হোতাসকল প্ৰতিদ্বন্ধিতা
কৰিছিল।এই নেতাসকল অতি জনপ্ৰিয় আছিল আৰু সহজে নিৰ্বাচনত জয়ী হৈছিল।গতিকে কংগ্ৰেছ
দলৰ আধিপত্যৰ এইটোও এটা কাৰণ বুলি কব পাৰি।
খ)কংগ্ৰেছ দলৰ আধিপত্যৰ আন এটা কাৰণ হল এই দলটো অতি পুৰণি আৰু এতি
সু-সংগঠিত দল। সেয়েহে এই দলটোৱে স্বাধীনতাৰ পিছত হোৱা নিৰ্বাচনবোৰত অতি সহজে সমগ্ৰ
ভাৰতবৰ্ষত বিজয় সাব্যস্ত কৰিব পাৰিছিল।
গ)ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত কংগ্ৰেছে ইয়াৰ ভেটি ভাৰতবৰ্ষৰ গাৱে-ভূৱে ,
চহৰে-নগৰে সকলো স্তৰতে শক্তিশালী কৰি তুলিছিল। কংগ্ৰেছ দলৰ তৃণমূল পৰ্যায়ৰ সংগঠণ বহুত মজবুত আছিল। ইয়াৰ ফলত সহজতেই নিৰ্বাচনত জয়ী হব পাৰিছিল।
ঘ) ভাৰতৰ স্বাধীনতাৰ পিছত হোৱা নিৰ্বাচনবোৰত স্বাধীনতা আন্দোলনৰ নেতাসকলৰ
ব্যক্তিত্ব আৰু নিকা ভাৱমূৰ্তিৰ বাবেওঁ এই দলক
নিৰ্বাচনত জয়ী হোৱাত বৰঙণি যোগাইছিল।
৫০)প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত
কংগ্ৰেছৰ আধিপত্য বৰ্ণনা কৰা ।
উত্তৰঃ প্ৰথম সাধাৰণ নিৰ্বাচন ১৯৫২ চনৰ
ফেব্ৰুৱাৰী মাহত অনিষ্ঠিত হৈছিল। এই নিৰ্বাচনত ১৪ টা ৰাষ্ট্ৰীয় দল তথা ৫০টাতকৈয়ো
অধিক ৰাজ্যিক পৰ্যায়ৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্ধিতা কৰিছিল। প্ৰথম সাধাৰণ নিৰ্বাচনত
জৱাহৰলাল নেহৰুৰ নেতৃত্বত কংগ্ৰেছে অভূতপূৰ্ৱ সফলতা লাভ কৰিছিল। অৱশ্যে এই সফলতাই
কাকো আচৰিত কৰা নাছিল। ইয়াৰ মূলতেই আছিল জাতীয় আন্দোলনৰ নেতাসকলে মহাত্মা গান্ধীৰ
নেতৃত্বত ব্ৰিটিছক ভাৰতৰ পৰা খেদিব পাৰিছিল। এই নিৰ্বাচনত কংগ্ৰেছে ৪৮৯খন আসনৰ ভিতৰত ৩৬৪ খন আসন লাভ কৰিছিল। ভাৰতীয়
সাম্যবাদী দলে ১৬খন আসন লাভ কৰি দ্বিতীয় স্থান লাভ কৰে।এই নিৰ্বাচনত কংগ্ৰেছে মুঠ
ভোটৰ শতকৰা ৪৫ ভাগ ভোটহে লাভ কৰিছিল।
দ্বিতায় সাধাৰণ নিৰ্বাচন ১৯৫৭ চনত অনুষ্ঠিত হৈছিল। এইবাৰো জৱাহৰলাল নেহৰুৰ
নেতৃত্বত কংগ্ৰেছে ৪৯৪খন লোকসভা আসনৰ ভিতৰত ৩৭১খন আসন লাভ কৰে আৰু দ্বিতীয়বাৰৰ
বাবে জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰধান মন্ত্ৰী হয়। এই নিৰ্বাচনত ভাৰতীয় সাম্যবাদী দলে
২৭খন আসন লাভ কৰি দ্বিতীয় স্থানত আছিল।
তৃতীয় সাধাৰণ নিৰ্বাচন ১৯৬২ চনত অনিষ্ঠিত হৈছিল। এই নিৰ্বাচনৰ এটা মন
কৰিবলগীয়া বিষয় হল যে এটা সমষ্টিৰ পৰা মাত্ৰ এজন প্ৰাৰ্থীকহে নিৰ্বাচিত কৰাৰ
ব্যৱস্থা কৰা হৈছিল। ইয়াৰ পূৰ্বতে হোৱা সাধাৰণ নিৰ্বাচনত এটা মসষ্টিৰ পৰা ২ জন বা
৩ জন প্ৰৰ্থিক নিৰ্বাচন কৰাৰ ব্যৱস্থা আছিল। তৃতীয় সাধাৰণ নিৰ্বাচনত ৪৯৪ খন আসনৰ
ভিতৰত কংগ্ৰেছে ৩৬১খন আসন সাব্যস্ত কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠণ
কৰিছিল।এই চৰকাৰখনো জৱাহৰলাল নেহৰুৰ নেতৃত্বত গঠিত হৈছিল।এই নিৰ্বাচন ১৮ খন ৰাজ্য
আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হৈছিল আৰু কংগ্ৰেছে লাভ কৰিছিল মুঠ ভোটৰ
শতকৰা ৪৪.৭২ ভাগ।
৫১) কংগ্ৰেছৰ সমন্বয় প্ৰকৃতি
বৰ্ণনা কৰা ।
উত্তৰঃ ১৮৮৫ চনত এলাম অক্টোভিয়ান হিউম নামৰ ইংৰাজ
বিষয়া এজন কংগ্ৰেছ অনুষ্ঠানটো সংগঠিত
কৰিছিল।সেইসময়ত কংগ্ৰেছ আছিল শিক্ষিত , চাকৰিয়াল, ব্যৱসায়িক আৰু মদ্যবিত্ত শ্ৰেণীৰ
লোকৰ এটা অৰাজনৈতিক অনুষ্ঠান। সময়ৰ
পৰিৱৰ্তনৰৰ লগে-লগে ই এটা সৰ্বসাধাৰণ দললৈ পৰিৱৰ্তন হৈছিল আৰু পিছলৈ ভাৰতৰ
ৰাজনৈতিক ব্যৱস্থাত আধিপত্য বিস্তাৰ কৰিছিল।
কংগ্ৰেছ দলটো যদিও প্ৰথমাৱস্থাত ইংৰাজী ভাষা কোৱা , উচ্চ জাতি. উচ্চ মধ্যবিত্ত
আৰু চহৰীয়া অঞ্চলৰ লোকৰ অনুষ্ঠান আছিল, পিছলৈ ভাৰতত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে
যেতিয়া অসহযোগ আন্দোলন আৰম্ভ হৈছিল, তেতিয়াৰ পৰা এই অনুষ্ঠানটোৰ সামাজিত ভিত্তিটো
বহল হৈছিল। কংগ্ৰেছ দলে বিভিন্ন শ্ৰেণীৰ লোকক একত্ৰিত কৰি মানুহবোৰৰ মাজত সমন্বয়
স্থাপন কৰিছিল। সংগ্ৰেছত সকলো শ্ৰেণীৰ লোকৰ বাবে দুৱাৰ মুকলি আছিল। কংগ্ৰেছত
খেতিয়ক, উদ্যোগপতি, চহৰীয়া, গাৱলীয়া, উচ্চ-নিচ শ্ৰেণী বা সকলো সম্প্ৰদায়ৰ লোকৰ
বাবে সমান স্থান আছিল। কংগ্ৰেছৰ নেতৃত্ব প্ৰথমাৱস্থাত বহন কৰিছিল কেৱল উচ্চ জাতি আৰু উচ্চ পদস্থ
বুদ্ধিজীৱিসকলে, কিন্তু পিছলৈ ইয়াত গাৱলীয়া খেতিয়কসকলকো নেতৃত্ব লোৱা দেখা যায় গৈছিল।স্বাধীনতাৰ পিছত কংগ্ৰেছ
দলত সামাজিক সমন্বয় দেখা গৈছিল।কংগ্ৰেছ দলে ভিন্নতাৰ মাজতো সমন্বয় স্থাপন কৰিছিল।
এই দলটোৱে ভিন্ন জাতি, জনজাতি, ধৰ্ম,ভাষা আৰু সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে।
ভাৰতবৰ্ষত ভিন্ন শ্ৰেণীৰ যদিও নিজস্ব পৰিচয় আছে বা তেওলোকৰ বিশ্বাস তথা আদৰ্শ
ভিন্ন তথাপি কংগ্ৰেছ দলক সকলোৱে নিজৰ দল হিচাপে গ্ৰহণ কৰিছিল। এই ফালৰ পৰা কংগ্ৰেছ দলত আদৰ্শগত সমন্বয় দেখা হোৱা বুলি কব পাৰি।
৫২) ভাৰতীয় দলীয় ব্যৱস্থাৰ প্ৰধান
বৈশিষ্ট্যসমূহ চমুকৈ আলোচন কৰা ।
উত্তৰঃ ভাৰতীয় দলীয় ব্যৱস্থাৰ প্ৰধান
বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ'ল—
ক)বহুদলীয় ব্যৱস্থাঃ ব্ৰিটেইন অথবা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে উন্নত
ৰাষ্ট্ৰৰ দ্বিদলীয় ব্যৱস্থাৰ পৰিৱৰ্তে ভাৰতত বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।
বিশেষকৈ বিগত ৫ টা দশকত ভাৰতত ৰাজনৈতিক দলৰ সংখ্যা বহু পৰিমানে বৃদ্ধি পাইছে ।
স্বাধীনতাৰ পিছত ভাৰতত শতাধিক ৰাজনৈতিক দলৰ উদ্ভৱ হৈছে। এই দলসমূহৰ ভিতৰত অৱশ্যে
কেইটামান দলেহে শক্তি প্ৰদৰ্শণ কৰিবলৈ সক্ষম হৈছে।যেনে ভাৰতীয় জাতীয় কংগ্ৰেছ,
ভাৰতীয় জনতা পাৰ্টী, তৃণমূল কংগ্ৰেছ আদি।
খ)মতাদৰ্শগত দ্বিধাগ্ৰস্ততাঃ বাওপন্থী দলসমূহৰ বাহিৰে ভাৰতৰ কোনো এটা
ৰাজনৈতিক দলৰেই সু-স্পষ্ট মতাদৰ্শ নাই।প্ৰায় প্ৰতিটো দলেই গান্ধীবাদ, গণতন্ত্ৰ, সমাজবাদ আৰু
ধৰ্মনিৰপেক্ষতাবাদৰ কথা কৈ থাকে যদিও এই আদৰ্শৰ প্ৰতি দলসমূহৰ শ্ৰদ্ধা সন্দেহজনক।
গ) দলসমূহৰ সাংগঠনিক দুৰ্বলতাঃ বৰ্তমান সময়ত কেৱল বাওপন্থী দলসমূহ আৰু
ভাৰতীয় জনতা পাৰ্টিৰহে কিছু পৰিামণে সাংগঠনিক ভেটি আছে।অইন দলসমূহৰ কোনো নিৰ্দিষ্ট
সংগঠন অথবা শৃংখলাহীন লোকৰ এক জোম বুলিহে কব পাৰি।
ঘ) ভাৰতীয় গণতন্ত্ৰৰ মূল ভেটিত ভাবুকিৰ সৃষ্টি কৰা এটা স্পৰ্শকাতৰ বিষয়
হৈছে দলত্যাগ। ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত ৰাজনৈতিক নেতাসকলে এটা দলৰ পৰা অইন এটা
দললৈ যোৱাৰ প্ৰৱণতাই ভাৰতীয় ৰাজনীতিক যথেষ্ঠ সমস্যাৰ সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে
১৯৬৭ চনত বহু ৰাজনৈতিক দলৰ নেতাই দলত্যাগ কৰিছিল।
ঙ)জাতি আৰু সম্প্ৰদায়ৰ ভিত্তিত গঠিত দলৰ উপস্থিতিঃ ভাৰতত জাতি আৰু
সম্প্ৰদায়ৰ ভিত্তিত বহু দল গঠিত হৈছে।ভাৰতীয় দলীয় ব্যৱস্থাত জাতি আৰু সম্প্ৰদায়ে
এক আধিপত্যকাৰী ভূমিকা গ্ৰহণ কৰি আছে।উদাহৰণস্বৰূপে বিহাৰৰ লালু প্ৰসাদ যাদবৰ দল
ৰাষ্ট্ৰীয়তাবাদী জনতা দল(আৰ জে ডি) আৰু বহুজন সমাজবাদী দল(বি এছ পি) আদিয়ে ভাৰতৰ
ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
চ)খণ্ডিত বিৰোধীঃ ভাৰতীয় দলীয় ব্যৱস্থাৰ অইন এটা অগতানুগতিক বৈশিষ্ট্য হল
যে যথেষ্ঠ সংখ্যক বিৰোধী দল থকা স্বত্বেও বৰ্তমানলৈ কংগ্ৰেছ(আই) দলৰ অথবা ভাৰতীয়
জনতা পাৰ্টিৰ বিকল্প হিচাপে থিয় দিবলৈ সমৰ্থ হোৱা নাই। ইয়াৰ মূল কাৰণ হল এই বিৰোধী
দলসমূহ ঐক্যবদ্ধ নহয়।
৫৩) ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনক
কিয় ৰাজনৈতিক ভূমিকম্প বুনি কোৱা হয়?
উত্তৰঃ ১৯৬৭ চনত কংগ্ৰেছ দলে কেন্দ্ৰৰ সাধাৰণ নিৰ্বাচনক আৰু ৰাজ্যৰ বিধান সভা- উভয়তে প্ৰত্যাহ্বানৰ
সন্মুখীন হবলগীয়া হৈছিল।এই নিৰ্বাচনত অকংগ্ৰেছী কেইবাটাও ৰাজনৈতিক দলে শক্তিশালী
ৰূপত আত্ম্পৰকাশ কৰি কংগ্ৰেছক খলঠেকত পেলাইছিল। কেন্দ্ৰ আৰু ৰাজ্যবোৰৰ নিৰ্বাচনৰ
ফলাফলে কংগ্ৰেছৰ দুৰ্গত জোকাৰণিৰ সৃষ্টি কৰিছিল। মুঠ ১৬ খন ৰাজ্যৰ ভিতৰত
কংগ্ৰেছে ৯ খন ৰাজ্যত আধিপত্য হেৰুৱাইছিল।
ৰাজনৈতিক পৰ্যালোচকৰ বাবে এই নিৰ্বাচনৰ ফলাফল আছিল ৰাজনৈতিক ভূমিকম্প।
৫৪) ভাৰতত বিৰোধী দলৰ ভূমিকা
আলোচনা কৰা।
উত্তৰঃ প্ৰতিনিধিত্বমূলক গণতান্ত্ৰিক ব্যৱস্থাত
বিৰোধী দলৰ সক্ৰিয় ভূমিকা অতিশয় প্ৰয়োজন।নহলে চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ সম্ভাৱনা
থাকে। ইয়াৰ বাবে বিৰোধী দলসমূহ গুণগত, শক্তিশালী, দায়িত্বশীল আৰু বিকশিত হব
লাগিব। ভাৰতৰ স্বাধীনতাৰ পিছত বহুত ৰাজনৈতিক দলৰ সমাৱেশ ঘটিছে, অৱশ্যে বহু
ৰাজনৈতিক দল নামতহে আছে। অকল ক্ষমতা লাভ
কৰাই তেওলোকৰ উদ্দেশ্য।তেওলোকে জনসাধাৰণৰ বাবে জনমত সৃষ্টি নকৰে। বৰংচ নিজস্ব
লাভালাভৰ বাবেহে ৰাজনীতি কৰে। ভাৰতত বিৰোধী দলসমূহে আংশিকভাৱেহে সফলতা লাভ কৰিছে।
ভাৰতে স্বাধীনতা লাভ কৰাৰ ৬৪ বছৰ পিছতো বৰ্তমানলৈকে প্ৰকৃত বিৰোধী দলৰ অভ্যুত্থান
হোৱা নাই। ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনৰ পৰা ১৯৭৬ ৰ পঞ্চম সাধাৰণ নিৰ্বাচনলৈকে কংগ্ৰেছক প্ৰত্যাহ্বান জনাব পৰা বিৰোধী দলৰ
অভাৱ আছিল। অৱশ্যে কংগ্ৰেছৰ দুই-এটা ভুলে ইয়াৰ পৰাজয় বৰণ কৰিবলগীয়া হৈছিল।বিশেষকৈ
১৯৭৫ চনৰ ২৫ জুনত ইন্দিৰা গান্ধীয়ে যেতিয়া ভাৰতত জৰুৰী অৱস্থা ঘোষণা কৰিছিল, তেতিয়া
সকলো বিৰোধী দল একগোট হৈছিল আৰু জনতা দল গঠন কৰি
মোৰাৰজী দেশাইৰ নেতৃত্বত কংগ্ৰেছক নিৰ্বাচনত পৰাস্ত কৰি চৰকাৰ গঠণ কৰিছিল।
ভাৰতে স্বাধীনতা লাভ কৰা প্ৰথম ভাগত বিৰোধী দলসমূহে অধিক আসন লাভ কৰিব
নোৱাৰিলেও যথেষ্ঠ শক্তিশালী আছিল আৰু ইয়াৰ গঠণমূলক সমালোচনা আৰু পৰামৰ্শৰে চৰকাৰক
সহায়-সহযোগ আগবঢ়াইছিল। ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনত সমাজবাদী দলে ১৬ খন আসন লাভ
কৰি প্ৰধান বিৰোধী দল হিচাপে কাৰ্য পালন কৰিছিল।সেই সময়ত ৰাম মনোহৰ লোহিয়া ,আচাৰ্য
কে বি কৃপালানী প্ৰমুখ্যে বিশিষ্ট নেতাসকলে বিৰোধী পক্ষত থাকি গঠনমূলক সমালোচনাৰ জৰিয়তে চৰকাৰক শাসন পৰিটালিত কৰাত শক্তিশালী
ভূমিকা পালন কৰিছিল।
ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ দৃষ্টিভংগী আছিল যথেষ্ট পৰিমাণে গণতান্ত্ৰিক । নেহৰুৰ
বিৰোধী দলৰ প্ৰতি যে অকল সহিষ্ণুতা আছিল সেয়া নহল, তেও বিৰোধী দলসমূহক সদায়
উত্সাহিত কৰিছিল।বিৰোধী দলসমূহেও এই সময়ত চৰকাৰৰ প্ৰতি সহায়-সহযোগিতা
আগবঢ়াইছিল।অৱশ্যে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সময়ত বিৰোধী দলসমূহৰ মৰ্যাদা বহু
পৰিমাণে হেৰুৱাব লগাত পৰিছিল। তেও বিৰোধী দলক একেবাৰে সহ্য কৰিব পৰা নাছিল আৰু
তেওৰ মনোভাৱ আছিল স্বৈৰাচাৰীৰ লেখীয়া। অৱশ্যে ১৯৭৭ চনত কংগ্ৰেছ দলৰ বিপৰ্যায় ঘটাৰ
পিছত কংগ্ৰেছে বিৰোধী দলৰ আসনত এটা শক্তিশালী বিৰোধী দলৰ অভ্যুত্থানৰ সম্ভাৱনাই
দেখা দিছিল।
বৰ্তমান ভাৰতবৰ্ষত বিৰোধী দলৰ ভূমিকা যথেষ্ট শক্তিশালী হোৱা দেখা গৈছে ,
গতিকে আশা কৰিব পৰা যায় যে বিৰোধী দলসমূহে নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰি গঠণমূলক
পৰামৰ্শ আৰু সমালোচনা আগবঢ়াই ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিবলৈ
সক্ষম হব।
Also Visit:
এটা দলৰ আধিপত্যৰ যুগ।
জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ
দ্বিতীয় বিশ্বৰ ভাঙোন আৰু দ্বিমেৰুৰ পৰিসমাপ্তি।
Thank you ☺️❤️
ReplyDeletePost a Comment