জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ (Challenges of Nation Building) Class 12 Political Science Notes Based On AHSEC


                 জাতি নিৰ্মা প্ৰত্যাহ্বামূ


Class 12 Political Science
Challenges of Nation Building 

 


প্ৰশ্নোত্তৰ

১)ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী কোন?

উত্তৰঃ জৱাহৰলাল নেহৰু।

 

২) স্বাধীন ভাৰতে কিমান ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল?

উত্তৰঃ স্বাধীন ভাৰতে তিনি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল।

 

৩) দেশ-বিভাজনৰ সময়ত সাম্প্ৰদায়িক মণ্ডল হিচাপে চিনাক্ত হোৱা ৩ খন চহৰৰ নাম লিখা।

উত্তৰঃ লাহোৰ, অমৃতসৰ আৰু কোলকাতা।

 

৪)চৰদাৰ বল্লভ ভাই পেটেল কোন আছিল?

উত্তৰঃ স্বাধীন ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী আছিল।

 

৫)স্বাধীনতাৰ সময়ছোৱাত মণিপুৰৰ মহাৰজা কোন আছিল?

উত্তৰঃ বোধচন্দ্ৰ।

 

৬)ভাৰতীয় জাতীয় কংগ্ৰেছৰ নাগপুৰ অধিৱেশন কেতিয়া অনিষ্ঠিত হৈছিল?

উত্তৰঃ ১৯২০ চনত।

 

৭) দেশ-বিভাজনৰ ফলত প্ৰভাবান্বিত হোৱা ২ খন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ পঞ্জাৱ আৰু বেংগল।

 

৮) ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে কোন ২ খন ৰাষ্ট্ৰই স্বাধীনতা লাভ কৰিছিল?

উত্তৰঃ পাকিস্তান(১৪ আগষ্ট) আৰু ভাৰতে(১৫ আগষ্ট)। 

 

৯) ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়?

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।

 

১০) ভাৰত বিভাজনৰ সময়ত কাশ্মীৰৰ মহাৰজা কোন আছিল?

উত্তৰঃ হৰি সিং।

 

১১) নিজামৰ অত্যাচাৰী শাসনৰ বলী কোন হৈছিল?

উত্তৰঃ কৃষক আৰু শ্ৰমিকসকল।

 

১২) “Tryst With Destiny” কথাষাৰ কোনে কৈছিল?

উত্তৰঃ জৱাহৰলাল নেহৰুৱে কৈছিল।

 

১৩) কেতিয়া মহাত্মা গান্ধীক হত্যা কৰা হৈছিল?

উত্তৰঃ ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে নাথুৰাম গডচে নামৰ এজন ব্যক্তিয়ে মহাত্মা গান্ধীক গুলিয়াই হত্যা কৰিছিল।

 

১৪) ব্ৰিটিশ ভাৰতক কেইটা ভাগত ভাগ কৰা হৈছিল?

উত্তৰঃ ব্ৰিটিশ ভাৰতক ২ টা ভাগত ভাগ কৰা হৈছিল। এই  ভাগ ২ টা হল-

ক) দেশীয় ৰাজ্য আৰু খ) ব্ৰিটিছ ভাৰতীয় প্ৰদেশ।

 

১৫)নিজামৰ অৰ্থ কি?

উত্তৰঃ হায়দৰাবাদৰ আটাইতকৈ ধনী শাসক।

 

১৬)বৰ্তমান ভাৰতৰ ৩ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম লিখা।

উত্তৰঃ দিল্লি, লাডাখ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ।

 

১৭) দ্বিজাতি তত্ত্বৰ তাৎখনিক ফলাফলটো কি আছিল?

উত্তৰঃ দ্বিজাতি তত্ত্বৰ তাৎখনিক ফলাফলটো হল- পাকিস্তান আৰু ভাৰত নামৰ দুখন স্বাধীন ৰাষ্ট্ৰ নিৰ্মাণ।

 

১৮)জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা ২টা ব্যৱস্থাৰ নাম লিখা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৩৫(ক) অনুচ্ছেদ আৰু ৩৭০ অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰে।

 

১৯)মেঘালয়ক কেতিয়া অসমৰ পৰা পৃথক কৰা হৈছিল?

উত্তৰঃ ১৯৭২ চনত।

 

২০)ভাৰতৰ কোনখন ৰাজ্যত পোন-প্ৰথমবাৰৰ বাবে প্ৰাপ্ত বয়স্ক ভোটাধিকাৰ নীতিৰ আধাৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল?

উত্তৰঃ মণিপুৰত।

 

২১) কোন চনত ৰাজ্য পুনঃগঠন আয়োগ কাৰ্যকৰী কৰা হৈছিল?

উত্তৰঃ ১৯৫৬ চনত।

 

২২) ৰাজ্য পুনঃগঠন আইনৰ আধাৰত কেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰঃৰাজ্য পুনঃগঠন আইনৰ আধাৰত ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰতিষ্ঠা কৰা হৈছিল

 

২৩) কোন চনৰ কোন মাহত জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতৰ সৈতে চামিলকৰণৰ দলীলত স্বাক্ষৰ কৰিছিল?

উত্তৰঃ ১৯৪৮ চনৰ ২২ অক্টোবৰ তাৰিখে জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতৰ সৈতে চামিলকৰণৰ দলীলত স্বাক্ষৰ কৰিছিল।

 

২৪)ভাৰত বিভাজনৰ খলনায়ক কোন আছিল?

উত্তৰঃ মহম্মদ আলি জিন্নাহ।

 

২৫) দুখন ৰাজ্যৰ নাম লিখা, যিদুখন ৰাজ্য এসময়ত কেন্দ্ৰীয় শাসিত অঞ্চল আছিল?

উত্তৰঃ মিজোৰাম আৰু মণিপুৰ।

 

২৬)দ্বিজাতিতত্ত্বৰ প্ৰক্ৰিয়াটো বৰ্ণনা কৰা।

উত্তৰঃ দ্বিজাতিতত্ত্ব প্ৰক্ৰিয়াটো ১৯৪৭ চনৰ ভাৰত বিভাজনৰ মূল কাৰক আছিল। এই দ্বিজাতিতত্ত্ব মুছলিম লিগৰ নেতা মহম্মদ আলি জিন্নাই আগবঢ়াইছিল। এই তত্ত্ব অনুসৰি মুছলমান আৰু হিন্দু সম্পূৰ্ণ দুটা সুকীয়া জাতি আৰু সেয়ে মুছলমানসকলৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু সামাজিক সুৰক্ষাৰ বাবে ব্ৰিটিছ ভাৰতৰ মুছলমানসকলৰ সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহ সামৰি মুছলমানসকলৰ বাবে এক স্বতন্ত্ৰ গৃহভূমি থকা উচিত। লৰ্ড মাউন্টবেটেন আঁচনিৰ জৰিয়তে দ্বিজাতিতত্ত্ব আঁচনিয়ে পূৰ্ণৰূপ ধাৰণ কৰে। ইয়াৰ জৰিয়তে মুছলমানসকলৰ সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহ পাকিস্থানৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়।

 

২৭)সীমান্ত গান্ধী কোন আছিল?

উত্তৰঃ উত্তৰ পশ্চিম সীমান্ত প্ৰদেশৰ নেতা খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী নামেৰে জনা যায়।

 

২৮)পণ্ডিত নেহৰুৰ লক্ষ্য কি আছিল?

উত্তৰঃ পণ্ডিত নেহৰুৰ লক্ষ্য  আছিল ভাৰতক  এখন স্বাধীন, সাৰ্বভৌম, গণতান্ত্ৰিক, গণৰাজ্য আৰু ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰূপে গঢ়ি তোলা।

 

২৯)কিহৰ ওপৰত ভিত্তি কৰি ৰাজ্য পুনঃগঠন আয়োগ গঠন কৰা হৈছিল?

উত্তৰঃ ভাষাৰ ভিত্তিত।

 

৩০)জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃনতুনকৈ শ্বাধীনতা লাভ কৰা ভাৰতবৰ্ষৰ বাবে তিনিটা প্ৰত্যাহ্বান আছিল অতিশয় গুৰুত্বপূৰ্ণ।এই তিনিটা প্ৰত্যাহ্বান চমুকৈ আলোচনা কৰা হ'ল—

              ক)জাতি নিৰ্মাণ প্ৰক্ৰিয়াত ভাৰতৰ ৰাজনৈতিক নেতৃবৰ্গৰ সম্মুখত থকা প্ৰথমটো প্ৰত্যাহ্বান আছিল  ভাৰতৰ বিশালতা আৰু বিচিত্ৰতা।ভাৰতৰ ভৌগোলিক আয়তন এখন মহাদেশৰ দৰে বিশাল। আনহাতে ইয়াৰ বিভিন্নতা অথবা বিচিত্ৰতাও সমানেই আকৰ্ষণীয়।ভাৰতৰ জনসাধাৰণে অসংখ্য ভাষা ব্যৱহাৰ কৰাৰ লগতে সংস্কৃতি আৰু ধৰ্মৰ ক্ষেত্ৰত বিবিন্নতা বিৰজামান।স্বাভাৱিকতে এই বিভিন্নতা অথবা বিচিত্ৰতা আৰু ভৌগোলিক আয়তনৰ বিশালতাই নতুনকৈ স্বাধীনতা লাভ কৰা ভাৰতৰ ভৱিষ্যত সম্পৰ্কে সংশয়ৰ সৃষ্টি কৰিছিল।

              খ)জাতি নিৰ্মাণ প্ৰক্ৰিয়াত দ্বিতিয়টো প্ৰত্যাহ্বান আছিল গণতন্ত্ৰ প্ৰতিষ্ঠাৰ প্ৰত্যাহ্বান। ভাৰতবৰ্ষৰ দৰে এখন বিশাল ৰাষ্ট্ৰক গণতান্ত্ৰিক ৰাষ্ট্ৰলৈ উন্নীত কৰাটো আছিল এটা অতিশয় কঠিন কাম।ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত যিখন সংবিদান প্ৰস্ত্তত কৰা হৈছিল, সেই সংবিধানখনে গণতন্ত্ৰ প্ৰতিষ্ঠাত ব্ৰতী হৈছে।সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ ব্যৱস্থাৰ ওপৰত আধাৰিত প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ গ্ৰহণ কৰা হৈছে যাতে ভাৰতত ৰাজনৈতিক ক্ষেত্ৰত এক প্ৰতিযেগিতামূলক পৰিৱেশৰ সৃষ্টি হয়।

               গ)ভাৰতৰ মুষ্টিমেয়সকলৰ পৰিৱৰ্তে সমগ্ৰ জনসাধাৰণৰ বিকাশ আৰু সংগল সুনিশ্চিত কৰাটো আছিল জাতীয় নেতৃবৰ্গৰ বাবে তৃতীয়টো গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানত সন্মুখীন হোৱাকৈ ভাৰতৰ সংবিধানত বিভিন্ন ব্যৱস্থা সন্নিবিষ্ট কৰা হৈছে। সমতাৰ নীতি, সামাজিকভাৱে পিছপৰি থকা গোট আৰু ধৰ্মীয় আৰু সাংস্কৃতিক সম্প্ৰদায়ৰ বাবে বিশেষ সুৰক্ষা আদিৰ জৰিয়তে ভাৰতৰ সৰহ সংখ্যক জনসাধাৰণক ন্যয় প্ৰদান কৰাৰ চেষ্টা সংবিধানখনে কৰে। গণতান্ত্ৰিক নীতিৰ বাবে প্ৰয়োজনীয় কল্যাণমূলক লক্ষসমূহ পূৰণৰ বাবে ৰাষ্ট্ৰৰ নিৰ্দেশনাত্মক নীতি সংবিধানত অন্তৰ্ভুক্ত কাৰ হৈছে।

 

৩১) ভাৰত বিভাজনৰ প্ৰক্ৰিয়াটো চমুকৈ আলোচনা কৰা।

              অথবা

   ভাৰত বিভাজন বিষয়টোৰ অত্যন্ত কঠিন কামবোৰ কি কি আছিল?

উত্তৰঃ ভাৰত বিভাজন বিষয়টোৰ অত্যন্ত কঠিন কামবোৰ হ'ল—

           ক)ব্ৰিটিছ ভাৰতত তেনে কোনো একত্ৰিত অঞ্চল নাছিল যত মুছলমানসকলৰ সংখ্যাগৰিষ্ঠতা আছিল। মুছলমানসকলৰ সম্প্ৰদায়ৰ লোকসকল ভাৰতৰ পূৱ আৰু পশ্চিম প্ৰান্তত কেন্দ্ৰীভূত হৈ আছিল আৰু এই দুয়োটা অঞ্চল একত্ৰিত কৰাটো সম্ভৱ নাছিল।

           খ)দ্বিতীয়তে, সকলোবোৰ মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চল পাকিস্থানৰ সৈতে চামিল হব বিচৰা নাছিল। উদাহৰণস্বৰূপে উত্তৰ পশ্চিম সীমান্ত প্ৰদেশৰ নেতা  আৰু সীমান্ত গান্ধী নামেৰে পৰিচিত খান আব্দুন গফিৰ খানে দ্বিজাতি  তত্ত্বৰ ঘোৰ বিৰোধিতা কৰিছিল।

           গ)ব্ৰিটিছ ভাৰতৰ মুছলমানসকলৰ সংখ্যাগৰিষ্ঠতা প্ৰদেশ বংগ আৰু পঞ্জাৱত এনে কিছুমান বিশাল অঞ্চল আছিল যত অমুছলমান সংখ্যাগৰিষ্ঠতা আছিল। সেয়ে এই দুয়োখন প্ৰদেশক ধৰ্মীয় সংখ্যাগৰিষ্ঠতাৰ ওপৰত ভিত্তি কৰি ভাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।ইয়াৰ ফলস্বৰূপে স্বাধীনতা লাভৰ দিনটোত এই অঞ্চলদুটাৰ জনসাধাৰণে জানিব নোৱাৰিলে তেওলোক কোনখন ৰাষ্ট্ৰৰ নাগৰিক।

           ঘ)দুয়োখন ৰাষ্ট্ৰৰ সীমান্তৱৰ্তী অঞ্চলৰ সংখ্যালঘুসকলক কেন্দ্ৰ কৰি সবাতোকৈ গুৰুতৰ সমস্যাৰ সৃষ্টি হৈছিল।এই অঞ্চলসমূহত লাখ-লাখ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোক পাকিস্থানৰ চাৰিসীমাৰ ভিতৰত আৰু সমসংখ্যক মুছলমান সম্প্ৰদায়ৰ লোক পঞ্জাৱ আৰু বংগৰ ভাৰতৰ নিয়ন্ত্ৰণাধীন অঞ্চলটোত বহুত জটিল সমস্যাত পৰিছিল।

 

 

৩২)ভাৰত বিভাজনৰ পৰিণতি বা ফলাফলবোৰ লিখা।

উত্তৰঃ ১৯৪৭ চনটো মানৱ ইতিহাসত চিহ্নিত হৈ ৰব। বিশেষকৈ লাক-লাখ জনগণক আকস্মিকভাৱে তথা সম্পূৰ্ণ অপৰিকল্পিতভাৱে স্থানান্তৰ কৰাৰ ঘটনা।দুয়োখন ৰাষ্ট্ৰতেই ধৰ্মৰ নামত অমানৱীয় অত্যাচাৰ চলিছিল। ধৰ্মৰ গইনা লৈ এটা সম্প্ৰদায়ে আনটো সম্প্ৰদায়ৰওপৰত কৰা অত্যাচাৰৰ ফলত লাহোৰ, অমৃতসৰ , কোলকাতা আদি চহৰত সাম্প্ৰদায়িক মণ্ডল গঢ় লৈ উঠিছিল।এই সাম্প্ৰদায়িক সংঘৰ্ষত ৫লাখৰ পৰা ১০ লাখ লোকৰ প্ৰাণহানি হৈছিল। এনে পৰিষ্ঠিতিত নিজৰ ঘৰ-বাৰী ত্যাগ কৰিবলৈ বাধ্য কৰা সীমান্তৰ দুয়োপাৰৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে নতুন সীমান্ত অতিক্ৰম কৰিবলৈ যাওতে সীমাহীন কষ্ট আৰু অকথ্য নিৰ্যাতনৰ লন্মুখীন হবলগীয়া হৈছিল। তেনে পৰিস্থিতিত গৃহহীন হোৱা লাখ-লাখ লোকে শৰণাৰ্থী শিবিৰত আশ্ৰয় লবলগীয়া হৈছিল। হাজৰ-হাজাৰ মানুহৰ সম্পত্তি ধ্বংস কৰা হৈছিল। মহিলা, শিশি আদি নিৰ্বিগ্নে  হত্যা কৰা হৈছিল। এনে পৰিস্থিতিক প্ৰশমনৰ বাবে ভগনীয়াসকলে আনকি স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ পৰাও সহাৰি পোৱা নাছিল। বহুসংখ্যক মহিলাক অপহৰণ কৰি নি জোৰ জুলুমকৈ বিয়া কৰাই ধৰ্মান্তৰিত কৰা হৈছিল। শিশু নিজৰ পিতৃ-মাতৃৰ পৰা পৃথক হৈ আশ্ৰয়হীন হবলগীয়া হৈছিল। এনেদৰে যাত্ৰাপথত অকথ্য নিৰ্যাতন, লাঞ্চনা-বঞ্চনাৰ সন্মুখীন হৈ লাখ-লাখ ভগনীয়াই সীমান্ত কৰাৰ পাছতহে গম পালে যে সীমান্তৰ এইটো পাৰতো তেওলোকৰ বাবে কোনে ঘৰ নাই।

            ভাৰত-পাকিস্থানৰ কবি-সাহিত্যিকসকলে দেশ বিভাজনৰ এই কৰুণ কাহিনীক লৈ বহু সংখ্যক গল্প-কবিতা, উপন্যাস আদি ৰচনা কৰিছে। দুয়োখন দেশৰে চলচিত্ৰ নিৰ্মাতাসকলেও দেশবিভাজনক উপজীৱ হিচাপে লৈ সৃষ্টি হোৱা এনে কলাত্মক সৃষ্টিসমূহত দেশ বিভাজনক হৃদয়ৰ বিবাজন হিচাপে বৰ্ণনা কৰিছে।



Also Visit: 

পৰিকল্পিত বিকাশৰ ৰাজনীতি।

 

এটা দলৰ আধিপত্যৰ যুগ।

 

জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ

 

দ্বিতীয় বিশ্বৰ ভাঙোন আৰু দ্বিমেৰুৰ পৰিসমাপ্তি।

 

বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ যুগ।

Also Visit:

Class 10 English (SEBA)

Class 12 English(AHSEC)


 Class 12 Political Science(Assamese)


2 Comments

  1. Thanks a lot 👍👍👍

    ReplyDelete
  2. পাৰিলে কোনটো প্ৰশ্ন কোন চনত আহিছে দি দিব

    ReplyDelete

Post a Comment

Post a Comment

Previous Post Next Post