দ্বিতীয় বিশ্বৰ ভাঙোন আৰু দ্বিমেৰুৰ পৰিসমাপ্তি।। Class 12 Political Science Ends of Bipolarity Notes in Assamese.

দ্বিতী বিশ্ব ভাঙো ৰু দ্বিমেৰু ৰিমাপ্তি

দ্বিতীয় বিশ্বৰ ভাঙোন আৰু দ্বিমেৰুৰ পৰিসমাপ্তি


Questions & Answers

১) ছোভিয়েট ইউনিয়ন কেতিয়া গঠন হৈছিল?

উত্তৰঃ ১৯১৭ চনত।

 

২) বলচেভিক কমিউনিষ্ট বিপ্লবৰ নেতা কোন আছিল?

উত্তৰঃ ভ্লাদিমিৰ লেনিন।

 

৩) USSRৰ সম্পুৰ্ণ ৰূপটো লিখা।

উত্তৰঃ Union of Soviet  Socialist Republics.

 

৪) বিশ্ব ৰাজনীতিত দ্বিমেৰুৰ পৰিসমাপ্তি কেতিয়া ঘটিছিল?

উত্তৰঃ ১৯৯১ চনত।

 

৫) ছোভিয়েট ইউনিয়ন সফলতাকাৰী ৰাষ্ট্ৰ কোনটো আছিল?

উত্তৰঃ ৰাছিয়া।

 

৬) কোনে ছোভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল?

উত্তৰঃ মিখাইল গৰ্বাচেভে।

 

৭) ছোভিয়েট ইউনিয়নত কোনটো দলে শাসন কৰিছিল?

উত্তৰঃ সমাজবাদী দলে।

 

৮) ছোভিয়েট ইউনিয়নৰ আদৰ্শ কি আছিল?

উত্তৰঃ সমাজবাদী আদৰ্শ।

 

৯) CIS ৰ সম্পুৰ্ণ অৰ্থ লিখা।

উত্তৰঃ  Commonwealth of Independent Countries.

 

১০)দ্বিতীয় বিশ্বৰ পতন বুলিলে কোন দেশৰ পতনক বুজায়?

উত্তৰঃ ছোভিয়েট ইউনিয়ন।

 

১১)কোন চনত ৰাছিয়াই ৰাষ্ট্ৰসংঘৰ ছোভিয়েট ইউনিয়নৰ আসনখন হস্তগত কৰিছিল?

উত্তৰঃ ১৯৯১ চনত।

 

১২)ছোভিয়েট ইউনিয়নত কিমানখন স্বায়ত্ত শাসিত প্ৰজাতন্ত্ৰ সংযুক্ত হৈ আছিল?

উত্তৰঃ ১৫খন।

 

১৩) ৰাছিয়াৰ প্ৰথমগৰাকী নিৰ্বাচিত ৰাষ্ট্ৰপতি কোন?

উত্তৰঃ বোৰিচ য়াল্টচিন।

 

১৪) ৰাছিয়াৰ প্ৰথমগৰাকী মনোনীত ৰাষ্ট্ৰপতি কোন?

উত্তৰঃ ভ্লাদিমিৰ লেনিন।

 

১৫) মিখাইল গৰ্বাচেভ কোন আছিল?

উত্তৰঃ মিখাইল গৰ্বাচেভ ১৯৮৫ চনৰ পৰা ১৯৯১ চনলৈকে ছোভিয়েট ইউনিয়নৰ নেতৃত্ব বহন কৰিছিল।তেও হল ছোভিয়েট ইউনিয়নৰ অন্তিমজন নেতা।তেও ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে আৰু লগে-লগে ছোভিয়েট ইউনিয়নৰ পতন ঘটে।

 

১৬) মধ্য এছিয়াৰ ৩ খন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ আজাৰবাইজান, তাজিকিস্তান, তুৰ্কমেনিস্তান আদি।

 

১৭) ভাৰতবৰ্ষক ৰাছিয়াই সহায় কৰা এটা বিষয়ৰ উল্লেখ কৰা।

উত্তৰঃ প্ৰযুক্তিবিদ্যা।

 

১৮) উজবেকিস্তানৰ ৰাষ্ট্ৰপতি কেই বছৰৰ বাবে নিৰ্বাচিত কৰা হয়?

উত্তৰঃ ১০ বছৰৰ বাবে।

 

১৯)ছোভিয়েট ইউনিয়নৰ কেইগৰাকী প্ৰধান নেতাৰ নাম লিখা।

উত্তৰঃ ক)ভ্লাদিমিৰ লেনিন

     খ)জোচেফ্ ষ্টেলিন

     গ)নিকিতা খ্ৰুচে্ভ

     ঘ)লিওনাইড ব্ৰেজনেভ

     ঙ)মিখাইল গৰ্বাচেভ

     চ)বোৰিচ য়াল্টচিন

 

২০)ছোভিয়েট ইউনিয়নৰ  ২ টা দুৰ্বলতা উল্লেখ কৰা।

উত্তৰঃ ক)ছোভিয়েট ইউনিয়নত জনসাধাৰণৰ বাক স্বাধীনতা নাছিল।

       খ)সকলোবিলাক অনুষ্ঠানৰেই সংস্কাৰৰ প্ৰয়োজন হৈ পৰিছিল।

 

২১)ছোভিয়েট ইউনিয়নৰ মুদ্ৰাৰ নাম কি আছিল?

উত্তৰঃ ৰুবল।

 

২২)দ্বিতীয় বিশ্ব মানে কি?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পূৱ ইউৰোপৰ ভালেমান দেশক ছোভিয়েট ইউনিয়নে ফেচিচৰ কবলৰ পৰা মুক্ত কৰি আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিছিল আৰু সমাজবাদী আদৰ্শত দিক্ষিত কৰিছিল। এই ৰাষ্ট্ৰসমূহে ছোভিয়েট ইউনিয়নৰ আৰ্হিত ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যবস্থা গঢ় দিছিল। এই ৰাষ্ট্ৰসমূহৰ গোষ্ঠীটোক দ্বিতীয় বিশ্ব  বা সমাজবাদী জোঁট বোলা হয়।

 

২৩) গৰ্বাচেভে ঘোষণা কৰা সংস্কাৰ নীতি ২টা কি কি আছিল ?

উত্তৰঃ গৰ্বাচেভে ঘোষণা কৰা সংস্কাৰ নীতি ২টা হল- গ্লাছনষ্ট আৰু পেৰেষ্ট্ৰইকা। গ্লাছনষ্টৰ অৰ্থ হল- অধিক স্বচ্ছতা আৰু পেৰেষ্ট্ৰইকা মানে হল- পুনৰ নিৰ্মাণ

 

২৪)ছোভিয়েট ইউনিয়নৰ কোনখন গণৰাজ্যই প্ৰথমে স্বাধীনতা লাভ কৰিছিল?

উত্তৰঃ লিথুয়েনিয়াক 

 

২৫)ছোভিয়েট ইউনিয়নৰ দ্বাৰা কোনখন সামৰিক মৈত্ৰী বন্ধন আৰম্ভ কৰা হৈছিল?

উত্তৰঃ ৱাৰশ্ব চুক্তি।

 

২৬)খালী ঠাই পূৰ কৰা

ক)ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক ব্যবস্থাত------দলৰ আধিপত্য আছিল।

উত্তৰঃ এটা দলৰ।

খ)------পতনে শীতল যুদ্ধৰ অৱসানৰ ইংগিত দিছিল।

উত্তৰঃ ছোভিয়েট ইউনিয়নৰ

গ)১৯৮৫ চনত............ছোভিয়েট ইউনিয়নৰ সংস্কাৰৰ সূচনা কৰিছিল।

উত্তৰঃ মিখাইল গৰ্বাচেভে।

 

২৭) কেন্দ্ৰীয় এছিয়াৰ ৩খন দেশৰ নাম লিখা।

উত্তৰঃ আজাৰবাইজান, তাজিকিস্তান, তুৰ্কমেনিস্তান আদি।

 

২৮) ২ খন বল্কান ৰাষ্ট্ৰৰ নাম লিখা ।

উত্তৰঃ শ্লোভেনিয়া আৰু ক্ৰৱেছিয়া 

 

২৯)তলত দিয়াবিলাক মিলোৱা।

 

  ক)মিখাইল গৰ্বাচেভ         i)ছোভিয়েট ইউনিয়নৰ কৃতকাৰ্য

  খ)শ্বক থেৰাপি                ii)সামৰিক চুক্তি

  গ)ৰাছিয়া                      iii)সংস্কাৰ সাধন

  ঘ)বোৰিচ য়াল্টচিন          iv)অৰ্থনৈতিক নমুনা

  ঙ) ৱাৰশ্ব চুক্তি                 v)ৰাছিয়াৰ ৰাষ্ট্ৰপতি

 

উত্তৰঃ ক)মিখাইল গৰ্বাচেভ---- iii)সংস্কাৰ সাধন

     খ)শ্বক থেৰাপি------- iv)অৰ্থনৈতিক নমুনা

     গ)ৰাছিয়া---------- i)ছোভিয়েট ইউনিয়নৰ কৃতকাৰ্য

     ঘ)বোৰিচ য়াল্টচিন---- v)ৰাছিয়াৰ ৰাষ্ট্ৰপতি

      ঙ) ৱাৰশ্ব চুক্তি------ ii)সামৰিক চুক্তি

 

৩০)ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছত একমাত্ৰ শক্তিশালী হিচাপে কোন পৰিগণিত হৈছিল?

উত্তৰঃ ৰাছিয়া।

 

৩১)ছোভিয়েট ইউনিয়ন কেতিয়া শক্তিশালী গোষ্ঠীত পৰিণত হৈছিল?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত। 

 

৩২)ছোভিয়েট ইউনিয়ন ভাঙোনৰ কাৰণকেইটা আলোচনা কৰা।

উত্তৰঃ ছোভিয়েট ইউনিয়ন ভাঙোনৰ কাৰণকেইটা তলত আলোচনা কৰা হল-

         ক)মিখাইল গৰ্বাচেভে যিবোৰ সংস্কাৰ কৰিব বিচাৰিছিল বা প্ৰশাসনৰ ক্ষেত্ৰত যি শিথিলতা আনিব বিচাৰিছিল সেইবোৰ অতি লেহেম গতিত আগবাঢ়িছিল।ইয়াৰ ফলশ্ৰুতিত জনসাধাৰণ ধৈৰ্যচ্যুত আৰু নিৰাশ হৈ পৰিছিল।

         খ)ছোভিয়েট ইউনিয়ন ভাঙোনৰ আন এটা কাৰণ হল- ৰাছিয়া, বাল্টিক প্ৰজাতন্ত্ৰ (ইষ্টোনিয়া, লাটভিয়া, লিথুৱানিয়া),ইউক্ৰেইন, জৰ্জিয়া আৰু ছোভিয়েট ইউনিয়নৰ অংশ হিচাপে থকা বিভিন্ন প্ৰজাতন্ত্ৰবোৰৰ মাজত গঢ়ি উঠা জাতীয়তাবাদী আৰু সাৰ্বভৌমত্ব লাভৰ আকাংক্ষা।

         গ)ছোভিয়েট ইউনিয়ন ভাঙোনৰ আন এটা কাৰণ হল মধ্য এছিয়াৰ জাতীয়তাবাদীসকলৰ বিক্ষোপ আৰু প্ৰতিবাদী কাৰ্যসূচী।

         ঘ)ছোভিয়েট ইউনিয়ন ভাঙোনৰ ঐতিহাসিক কাৰণ হল অৰ্থনৈতিক অনগ্ৰহৰতা। ছোভিয়েট ইউনিয়নে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত শীতল যুদ্ধত লিপ্ত হৈ অবাবত ধন বিনষ্ট কৰিছিল।

         ঙ)ছোভিয়েট ইউনিয়ন ভাঙোনৰ আন এটা কাৰণ হল ছোভিয়েট ইউনিয়ন কেতবোৰ স্বাধীন প্ৰজাতন্ত্ৰ একত্ৰিত হৈ গঠিত হৈছিল। গতিকে এই প্ৰজজাতন্ত্ৰবোৰৰ বহুত বিষয়ত বৈসাদৃশ্যতা আছিল আৰু ইয়াৰ বাবে প্ৰজাতন্ত্ৰবোৰৰ মাজত আভ্যন্তৰীণ সমস্যাই দেখা দিছিল।

         চ)সৰ্বশেষত ছোভিয়েট ইউনিয়ন ভাঙোনৰ কাৰণ হল মিখাইল গৰ্বাচেভৰ ভুল সংস্কাৰ নীতি। এই নীতিৰ ফলত ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰবোৰে নিজকে স্বাধীন ঘোষণা কৰি ছোভিয়েট ইউনিয়নৰ পৰা আতৰি গৈছিল।

 

৩৩)ত্ৰাসিক বা আতংক বা শ্বক থেৰাপী প্ৰতিকাৰ ব্যবস্থা কি ?

উত্তৰঃ ছোভিয়েট ইউনিয়ন ভাঙোনৰ পিছত গঠিত হোৱা নতুন স্বধীন ৰাষ্ট্ৰসমূহৰ পৰা স্বেচ্ছাচাৰী সাম্যবাদ ব্যবস্থাৰ অৱসান আৰু পুঁজিবাদী গণতান্ত্ৰিক ব্যবস্থাৰ প্ৰৱৰ্তনৰ ফলশ্ৰুতিত এই ৰাষ্ট্ৰসমূহত এক অচলাবস্থা অথা ত্ৰাসৰ সৃষ্টি হৈছিল। এনে এক পৰিস্থিতিৰ পৰা ৰাছিয়া, মধ্য এছিয়া আৰু পূৱ ইউৰোপক উপশম দিয়াৰ বাবে বিশ্ব বেংক আৰু  আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে বিশেষ ব্যবস্থা গ্ৰহণ কৰিছিল । ইয়াক ত্ৰাসিক বা আতংক বা শ্বক থেৰাপী প্ৰতিকাৰ ব্যবস্থা বোলা হয়।

 

৩৪)ছোভিয়েট ইউনিয়ন ভাঙোনৰ পৰিণতি বা ফলাফলবোৰ চমুকৈ লিখা।

উত্তৰঃ ছোভিয়েট ইউনিয়ন ভাঙোনৰ পৰিণতি বা ফলাফলবোৰ হল—

         ক)ছোভিয়েট ইউনিয়ন ভাঙোনৰ ফলশ্ৰুতিত বিশ্বত শীতল যুদ্ধৰ অন্ত পৰিছিল। বিশ্বৰ দুই বৃহ্ত শক্তি ছোভিয়েট ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সমাজবাদ আৰু পুঁজিবাদৰ আদৰ্শগত সংঘাত নোহোৱা হল।

         খ)ছোভিয়েট ইউনিয়ন ভাঙোনৰ পৰিণতিস্বৰূপে বিশ্বত যি ক্ষমতাসমপৰ্কীয় সম্বন্ধ চলিছিল সেইটো সলনি হৈছে। বিশ্বৰ দুই বৃহ্ত শক্তি ছোভিয়েট ইউনিয়ন আৰু আমেৰিকাৰ মাজত চলা শাতল যুদ্ধৰ অন্ত পৰিছিল।

         গ)ছোভিয়েট ইউনিয়ন ভাঙোনৰ পিছত বহুত নতুন-নতুন স্বাধীন ৰাষ্ট্ৰৰ সৃ্ষ্টি হৈছে আৰু প্ৰত্যেকখন ৰাষ্ট্ৰই ইউৰোপীয় ইউনিয়নত যোগদান কৰি দক্ষিণ আটলাণ্টিক চুক্তি সংগঠণৰ অংশীদাৰ হোৱাৰ পোষকতা কৰিছিল।

         ঘ)ছোভিয়েট ইউনিয়ন ভাঙোনৰ আন এটা ফলশ্ৰুতি হল- বিশ্ব অৰ্থনীতিত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়ন প্ৰক্ৰিয়াৰ সূচনা হৈছিল।

 

 

৩৫)শ্বক থেৰাপীৰ ফলাফলবোৰ লিখা।

উত্তৰঃ শ্বক থেৰাপীৰ ফলাফলবোৰ হল—

         ক)উদ্যোগ ব্যৱস্থাৰ নিঃশেষকৰণঃ ছোভিয়েট ইউনিয়নৰ সমাজবাদী অৰ্থব্যবস্থাত ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত গঢ়ি তোলা উদ্যোগসমূহক আঘত নিৰাময় বা শ্বক থেৰপী প্ৰক্ৰিয়াই সম্পূৰ্ণকৈ ধ্বংস কৰি পেলালে। ৰাছিয়াৰ বৃহৎ উদ্যোগ প্ৰতিষ্ঠানসমূহৰ প্ৰায় ৯০ শতাংশ উদ্যোগেই ব্যক্তিগতকৰণ কৰা হৈছিল। ইয়াৰ ফলক ছোভিয়েট ইউনিয়নৰ উদ্যোগ ব্যবস্থা ধ্বংস হৈ পৰিছিল।

           খ)দেশীয় মুদ্ৰাৰ মূল্য হ্ৰাসঃ ৰাছিয়াৰ মুদ্ৰাক ৰুবল নামেৰে  জনা য়ায। সমাজবাদৰ পৰা পুজিবাদলৈ হোৱা বিৱৰ্তন প্ৰক্ৰিয়াত ৰুবলৰ মূল্য দ্ৰুতহাৰত হ্ৰাস পালে। ইয়াৰ ফলত জনসাধাৰণৰ অৱস্থা চৰম দুৰ্যোগৰ ফালে গতি কৰিলে।

           গ)সামাজিক কল্যাণ ব্যৱস্থাৰ বিনাশ আৰু অৰ্থনীতিৰ অপৰাধীকৰণঃ পুঁজিবাদি ব্যৱস্থাৰ গঢ়ি তোলাৰ প্ৰয়োজনত পূৰ্ৱৰ ছোভিয়েট ইউনিয়নৰ অধীনস্থ গণৰাজ্যসমূহত বৰ্তি থকা সামাজিক কল্যাণৰ আধাৰ ভাঙি পেলোৱা হয়। গোটেই অৰ্থ ব্যবস্থাটো এটা অপৰাধী চক্ৰই নিয়ন্ত্ৰণ কৰিব ধৰিলে। এনে এক পৰিস্থিতিত মধ্যবিত্ত শ্ৰেণীটো দৰিদ্ৰতাৰ গৰাহত সোমাই পৰিল।

          ঘ)বয়-বস্তুৰ অভাৱনীয় মূল্যবৃদ্ধিঃ ৰুবলৰ মূল্য হ্ৰাসে সামগ্ৰীৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পায়। এনে এক পৰিস্থিতিত জনসাধাৰণে দীৰ্ঘদিন ধৰি সাঁচি থোৱা সঞ্চয় তৎকালীন অভাৱ পূৰণৰ বাবে খৰচ কৰিবলৈ বাধ্য হয়।

          ঙ)গণতন্ত্ৰৰ পৰিৱৰ্তে স্বৈৰতন্ত্ৰী শাসন ব্যবস্থাৰ বিকাশঃ নতুন-নতুন স্বাধীন ৰাষ্ট্ৰসমূহত গণতান্ত্ৰিক ব্যৱস্থাই গা কৰি উঠাতকৈ কাৰ্যপালিকা বা ৰাষ্ট্ৰপতিৰ দ্ধাৰা এক ধৰণৰ স্বেচ্ছাচাৰী শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হল। উদাহৰণস্বৰূপে তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজে-নিজকে প্ৰথমতে ১০ বছৰৰ বাবে নিযুক্তি দিয়ে আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ কাৰ্যকাল আৰু ১০ বছৰলৈকে বৃদ্ধি কৰা হয়।

 

৩৬)ইতিহাসৰ বৃহ্ত আৱৰ্জনা গেৰেজ মানে কি?

উত্তৰঃ ছোভিয়েট ইউনিয়নৰ সমাজবাদী অৰ্থব্যৱস্থাত ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত গঢ়ি তোলা উদ্যোগসমূহ আঘাত নিৰাময় প্ৰক্ৰিয়াই সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে। ৰাছিয়াৰ বৃহ্ৎ উদ্যোগ-প্ৰতিস্থানসমূহৰ প্ৰায় ৯০ শতাংশ ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতত বিক্ৰি কৰি দিয়া হল। চৰকাৰৰ নীতি-নিৰ্দেশনাৰ ভিত্তিত কৰাৰ পৰিৱৰ্তে বজাৰৰ শক্তিসমূহৰ দ্ধাৰা এই উদ্যোগসমূহ ব্যক্তিগত কোম্পানীৰ হাতত এৰি দিয়াৰ বাবে চলোৱা প্ৰচেষ্টাৰ ফলশ্ৰুতিত গোটেই উদ্যোগসমূহে ধ্বংসৰ গৰাহত পৰিল। বৃহ্ৎ উদ্যোগসমূহক অতি কম মূল্যত দলিয়াই দিব খোজা গোটেই প্ৰকক্ৰিয়াটোক সেয়েহে ইতিহাসৰ বৃহত্তম গেৰেজ বিক্ৰি নামেৰে জনা যায়।

 

৩৭) ছোভিয়েট অৰ্থনীতি আৰু আমেৰিকাৰ অৰ্থনীতিৰ ৪টা প্ৰধান পাৰ্থক্য লিখা।

উত্তৰঃ ছোভিয়েট অৰ্থনীতি আৰু আমেৰিকাৰ অৰ্থনীতিৰ ৪টা প্ৰধান পাৰ্থক্য হল-

    ক)ছোভিয়েট ইউনিয়নে এক স্ব-নিৰ্ভৰশীল অৰ্থনীতি গঢ়ি তোলাৰ বাবে সকলো সম্পদ কেন্দ্ৰীয়কৰণ কৰিছিল।

        আনহাতে, আমেৰিকাৰ অৰ্থনীতি আছিল পুঁজিপতি বা ব্যক্তিগতকৰণ।

 

    খ)ছোভিয়েট ইউনিয়নৰ অৰ্থনীতিত ৰাজহুৱা সম্পদৰ সমবিতৰণ হোৱাৰ পক্ষপাতি কৰিছিল, যত মোনাফা নাছিল।

        আনহাতে, আমেৰিকাৰ অৰ্থনীতি ব্যক্তিগত লাভত গুৰুত্ব দিয়া হৈছিল অৰ্থা্ৎ মোনাফা আছিল।

 

    গ)ছোভিয়েট অৰ্থনীতি আছিল সাম্যবাদী অৰ্থনীতি ।            

       আনহাতে,  আমেৰিকাৰ অৰ্থনীতি আছিল পুঁজিবাদী অৰ্থনীতি।

 

    ঘ)ছোভিয়েট ইউনিয়নৰ অৰ্থনীতি ব্যৱস্থাত ব্যক্তিগত সম্পদৰ বিলুপ্ত সাধন কৰা হৈছিল।

       আনহাতে, আমেৰিকাৰ অৰ্থনীতিত ব্যক্তিগত সম্পদ ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছিল।

 

৩৮)ছোভিয়েট ইউনিয়নৰ পৰা নতুনকৈ উদ্ভৱ হোৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যবস্থা সম্পৰ্কে এটি চমু টোকা লিখা ।

উত্তৰঃ ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছত গঠিত হোৱা নতুন স্বাধীন ৰাষ্ট্ৰসমূহৰ পৰা স্বেচ্ছাচাৰী সাম্যবাদ ব্যবস্থাৰ অৱসান ঘটি পুঁজিবাদী গণতান্ত্ৰিক ব্যবস্থাৰ প্ৰৱৰ্তন হৈছিল। ৰাছিয়াত অৰ্ধ-ৰাষ্ট্ৰপতিয় যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠিত হৈছিল। ৰাছিয়াৰ সংবিধান অনুসৰি ৰাষ্ট্ৰপতিজন ৰাষ্ট্ৰপ্ৰধান। আনহাতে ৰাছিয়াৰ প্ৰশাসনিক ক্ষমতা প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গঠিত হোৱা মন্ত্ৰী পৰিষদৰ ওপৰত ন্যস্ত কৰা হৈছে। প্ৰধানমন্ত্ৰীজনক ৰাষ্ট্ৰপতিজনে সংসদৰ অনুমোদন ক্ৰমে নিয়োগ কৰে। অৱশ্যে নতুনকৈ গঠিত হোৱা কিছুমান ৰাষ্ট্ৰৰ সংবিধানবোৰ অতি খৰখেদাকৈ যুগুত কৰা হৈছিল। এই সংবিধানবোৰত ৰাষ্ট্ৰপতিজনক শক্তিশালী কৰা হৈছে , কিন্তু নিৰ্বাচিত সংসদৰ ক্ষমতা দুৰ্বল কৰা পৰিলক্ষিত হৈছে। মধ্য এছিয়াৰ ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰপতিজনসকলক অসীম ক্ষমতাৰ গৰাকী কৰাৰ ফলত তেওলোকে নিজেই-নিজকে ১০ বছৰৰ বাবে কাৰ্যকাল বঢ়াই লব পাৰে। উদাহৰণস্বৰুপে তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ কখা উল্লেখ কৰিব পাৰি। তেওলোকে কোনো উত্তৰাধীকাৰী বা বিৰোধীক অনুমোদন নিদিয়ে।এই ৰাষ্ট্ৰসমূহক বৰ্তমানলৈকে ন্যায় পালিকাৰ স্বাধীনতা প্ৰৱৰ্তন কৰা হোৱা নাই।

 

৩৯)ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰব্যবস্থাৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ ১৯১৭ চনত বলচেভিক বিপ্লবৰ পিছত ছোভিয়েট ইউনিয়নে স্বাধীনতা লাভ কৰিছিল। এই বিদ্ৰোহৰ মূলতেই আছিল পুঁজিবাদৰ অৱসান ঘটাই সমাজবাদ প্ৰতিষ্ঠা কৰা। ৰাছিয়াৰ বিদ্ৰোহ হল মানৱ ইতিহাসত এক ষ্মৰণীয় ঘটনা।কাৰণ এই বিদ্ৰোহৰ ফলশ্ৰুতিত ব্যক্তিগত সম্পদৰ অৱসান ঘটাই সমতাৰ আদৰ্শৰে এখন সমাজ প্ৰতিষ্ঠা কৰা হৈছিল। এইখন সামজ হল সৰ্বহাৰাৰ সমাজবাদ।ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক ব্যবস্থাত কেৱল সাম্যবাদী দলক স্বীকৃত প্ৰদান কৰা হৈছিল এই দলৰ বাহিৰে আন কোনো ৰাজনৈতিক দলক বা বিৰোধী দলক নিষিদ্ধ কৰা হৈছিল। ছোভিয়েট ইউনিয়নৰ অৰ্থনৈতিক পৰিকল্পনা আৰু নিয়ন্ত্ৰণ সম্পূৰ্ণৰূপে ৰাষ্ট্ৰৰ ওপৰত নিয়ন্ত্ৰণ কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ছোভিয়েট ইউনিয়ন হৈ পৰিছিল এক বৃহ্ত শক্তি। এই দেশখনত পৰ্যাপ্ত পৰিমাণৰ খাৰুৱা তেল, লো, তীখা আছিল আৰু যন্ত্ৰ-পাতি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি লাভ কৰিছিল। ছোভিয়েট ইউনিয়নৰ একেবাৰে দুৰ্গম অঞ্চলৈকে যাতায়ত ব্যবস্থা অতি সুগম হৈছিল। ছোভিয়েট ইউনিয়নৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰা উদ্যোগবোৰে আলপিনৰ পৰা গাড়ীলৈকে সকলো ধৰণৰ সামগ্ৰী তৈয়াৰ কৰিছিল। অৱশ্যে এই সামগ্ৰীসমূহৰ মানদণ্ড পশ্চিমীয়া পুঁজিবাদী দেশসমূহৰ সমকক্ষ নাছিল। ছোভিয়েট ইউনিয়নে প্ৰতিজন নাগৰিকক জীয়াই থকাৰ বাবে নূন্যতম সুবিধাখিনি আগবঢ়াইছিল। তদুপৰি ছোভিয়েট ইউনিয়নে অত্যাৱশ্যকীয় যেনে স্বস্থ্য , শিক্ষা, শিশুৰ তত্ত্বাৱধান আৰু অন্যান্য কল্যাণমূলক কামৰ ক্ষেত্ৰত অৰ্থ-সাহাৰ্য্য আগবঢ়াইছিল। ছোভিয়েট ইউনিয়নত কোনো নিবনুৱা নাছিল। ছোভিয়েট ইউনিয়নত ভূমি আৰু ইয়াৰ জৰিয়তে উৎপাদিত পণ্যৰ গৰাকী হল ৰাষ্ট্ৰ আৰু ইয়াৰ ওপৰত ৰাষ্ট্ৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছিল।

 

Also Visit: 

পৰিকল্পিত বিকাশৰ ৰাজনীতি।

 

এটা দলৰ আধিপত্যৰ যুগ।

 

জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ

 

দ্বিতীয় বিশ্বৰ ভাঙোন আৰু দ্বিমেৰুৰ পৰিসমাপ্তি।

 

বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ যুগ।

 

Also Visit:

Class 10 English (SEBA)

 

Class 12 English(AHSEC)

 

Class 12 Political Science(Assamese)

Post a Comment

Post a Comment (0)

Previous Post Next Post