তৰ্কবিজ্ঞান আৰু দৰ্শন
(Logic & Philosophy)
নীতিবিদ্যা
(Ethics)
দ্বাদশ শ্ৰেণী
Class XII
অতি চমু উত্তৰৰ প্ৰশ্ন
১।
অনৈতিক ক্ৰিয়াসমূহক নৈতিক বিচাৰৰ বিষয়বস্তু হিচাপে গ্ৰহণ কৰা হয়নে?
উত্তৰঃ
নহয়।
২।
Mores শব্দৰ অৰ্থ কি?
উত্তৰঃ
ৰীতি-নীতি
বা অভ্যাস।
৩।
নৈতিকতা আৰু ধৰ্মৰ মাজত এটা সাদৃশ্য লিখা।
উত্তৰঃ
উভয়েই
আত্মাৰ অমৰত্বক বিশ্বাস কৰে।
৪।
নীতিবিদ্যা বিষয়নিষ্ঠ বিজ্ঞান হয়নে?
উত্তৰঃ
নহয়।
৫।
মানৱ জীৱনৰ সুখ আৰু আনন্দৰ উৎস কি?
উত্তৰঃ
কাম
বা কামনা।
চমু/দীঘল উত্তৰৰ প্ৰশ্ন
১।
নীতিবিদ্যা কি?
উত্তৰঃ
যি
বিজ্ঞানে মানুহৰ চৰিত্ৰ বা আচৰণৰ নৈতিক মূল্য বিচাৰ কৰে তাকে সাধাৰণতে নীতিবিদ্যা
বোলে। ই হ’ল মানুহৰ চৰিত্ৰ বা আচৰণ সম্পৰ্কীয় বিজ্ঞান।
নীতিবিদ্যাক ইংৰাজীত Ethics বুলি কোৱা হয়। এই Ethics শব্দটো গ্ৰীক শব্দ Ethicaৰ পাৰ আহিছে। আকৌ Ethica শব্দটো আহিছে Ethos শব্দৰ পৰা যাৰ অৰ্থ হ’ল চৰিত্ৰ, আচৰণ, ব্যৱহাৰ বা অভ্যাস।
২।
ঐচ্ছিক ক্ৰিয়া কাক বোলে?
উত্তৰঃ
যিবোৰ
ক্ৰিয়া কৰ্তাই বুদ্ধি-বৃত্তি প্ৰয়োগৰ দ্বাৰা কোনো উদ্দেশ্য সম্পাদন কৰিবলৈ
ইচ্ছাকৃতভাৱে কৰে, তেনেবোৰ ক্ৰিয়াক ঐচ্ছিক ক্ৰিয়া বোলে।
৩।
অভ্যাসজনিত ক্ৰিয়া কাক বোলে?
উত্তৰঃ
যেতিয়া
কোনো এটা ক্ৰিয়া ইচ্ছাকৃতভাৱে বাৰে-বাৰে অনুশীলন কৰা হয়, তেতিয়া সি অভ্যাসত পৰিণত,
তেনেবোৰ ক্ৰিয়াক অভ্যাসজনিত ক্ৰিয়া বোলে। অভ্যাস ঐচ্ছিক ক্ৰিয়াৰ পুনৰাবৃত্তিৰেই
ফল।
৪।
ঐচ্ছিক ক্ৰিয়াৰ স্তৰ তিনিটা কি কি?
উত্তৰঃ
ঐচ্ছিক
ক্ৰিয়াৰ স্তৰ তিনিটা হ’ল—
ক) মানসিক স্তৰ
খ) দৈহিক বা শাৰীৰিক স্তপ
গ) বাহ্য স্তৰ বা পৰিসমাপ্তিৰ স্তপ
৫।
বস্তুনিষ্ঠ বিজ্ঞান কাক বোলে?
উত্তৰঃ
বিজ্ঞানক
দুটা ভাগত ভাগ কৰা হয়— (ক) বস্তুনিষ্ঠ বিজ্ঞান বা বিষয়নিষ্ঠ বিজ্ঞান আৰু (খ)
আদৰ্শনিষ্ঠ বিজ্ঞান।
যি বিজ্ঞানে বিষয়বস্তুৰ যথাৰ্থ স্বৰূপ বা
প্ৰকৃতি সম্পৰ্কে আলোচনা কৰে, তাক বস্তুনিষ্ঠ বিজ্ঞান বোলে। যেনে— মনোবিজ্ঞান,
পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আদি।
৬।
নীতি বিদ্যাৰ আদৰ্শ কি?
উত্তৰঃ
নীতিবিদ্যাৰ
আদৰ্শ হ’ল আচাৰ-ব্যৱবাৰ, স্বভাৱ-চৰিত্ৰ আদিৰ নৈতিক বিচাৰ কৰা।
৭।
নৈতিক ক্ৰিয়া আৰু অনৈতিক ক্ৰিয়াৰ মাজত পাৰ্থক্য লিখা।
উত্তৰঃ
নৈতিক
ক্ৰিয়া আৰু অনৈতিক ক্ৰিয়াৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল—
ক) যি ক্ৰিয়াৰ নৈতিক গুণ আছে অৰ্থাৎ যি
ক্ৰিয়া শুদ্ধতা-অশুদ্ধতা, উচিত-অনুচিত আদিৰ লগত জড়িত থাকে তাকে নৈতিক ক্ৰিয়া
বোলে।
আনহাতে, যিবোৰ কাৰ্যত নৈতিক গুণ আৰোপ
কৰিব নোৱাৰি, যি ক্ৰিয়াৰ শুদ্ধ-অশুদ্ধ, উচিত-অনুচিত আদিৰ বিচাৰ কৰিব নোৱাৰি, তাক
অনৈতিক ক্ৰিয়া বোলে।
খ) নৈতিক ক্ৰিয়াত ভাল-বেয়া, উচিত-অনুচিত,
শুদ্ধতা-অশুদ্ধতা বিচাৰ কৰিব পাৰি।
আনহাতে, অনৈতিক ক্ৰিয়াত ভাল-বেয়া,
উচিত-অনুচিত, শুদ্ধ-অশুদ্ধ আদিৰ বিচাৰ কৰিব নোৱাৰি।
গ) নৈতিক ক্ৰিয়াত ঐচ্ছিক ক্ৰিয়া,
অভ্যাসজনিত ক্ৰিয়াক অন্তৰ্ভুক্তি কৰিব পাৰি।
আনহাতে, অনৈতিক ক্ৰিয়াত অনৈচ্ছিক বা
ইচ্ছাৰ বাহিৰৰ ক্ৰিয়াবোৰক অন্তৰ্ভুক্ত কৰিব পাৰি।
ঘ) নৈতিক ক্ৰিয়া কৰ্তাৰ জ্ঞাত অৱস্থাত কৰা
হয় বাবে তাৰ নৈকিক মূল্য বিচাৰ কৰাৰ প্ৰয়োজনীয়তা থাকে।
আনহাতে, অনৈতিক ক্ৰিয়া কৰ্তাৰ অজ্ঞাত
অৱস্থাত কৰা হয় বাবে তাৰ নৈতিক মূল্য বিচাৰ কৰাৰ কোনো প্ৰয়োজন নাথাকে।
৮।
উদ্দেশ্য আৰু অভিপ্ৰায়ৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা।
উত্তৰঃ
উদ্দেশ্য
আৰু অভিপ্ৰায়ৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল—
ক) অভাৱ দূৰ কৰিব পৰা বস্তুটোক ঐচ্ছিক
ক্ৰিয়াৰ লক্ষ্য আৰু বস্তুটোৰ চিন্তা বা ধাৰণাক ঐচ্ছিক ক্ৰিয়াৰ উদ্দেশ্য বোলে।
আনহাতে, যি মানসিক প্ৰৱণাতাই আমাক কোনো
নিৰ্দিষ্ট ধৰণেৰে কোনো কাম কৰিবলৈ উদ্গনি যোগায়, তাকে অভিপ্ৰায় বোলে।
খ) উদ্দেশ্য হ’ল নিমিত্ত
কাৰণ। আনহাতে, অভিপ্ৰায় হ’ল চূড়ান্ত কাৰণ।
গ) উদ্দেশ্যৰ পৰিধি অভিপ্ৰায়তকৈ বহল।
আনহাতে, অভিপ্ৰায় উদ্দেশ্যৰ অংশবিশেষ।
ঘ) উদ্দেশ্যত সদৰ্থক প্ৰৱণতাৰ উপৰিওঁ
নঞৰ্থক প্ৰৱণতা থাকে।
আনহাতে, অভিপ্ৰায়ত কিন্তু এনে প্ৰৱণতা
নাথাকে।
ঙ) কৰ্তাই যেতিয়া উদ্দেশ্যৰ পৰ্যায়লৈ আহে,
তেতিয়া তেওঁ কামটো নকৰাৰ কথাও ভাৱে।
আনহাতে, অভিপ্ৰায়ত কোনো এক কাৰ্য কৰা হ’ব
বুলি ভৱা হয়।
৯।
ঐচ্ছিক ক্ৰিয়া আৰু অনৈচ্ছিক ক্ৰিয়াৰ মাজত পাৰ্থক্য লিখা।
উত্তৰঃ
ঐচ্ছিক
ক্ৰিয়া আৰু অনৈচ্ছিক ক্ৰিয়াৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল—
ক) যিবোৰ ক্ৰিয়া কৰ্তাই সজাগ হৈ
বুদ্ধি-বৃত্তি প্ৰয়োগৰ দ্বাৰা কোনো উদ্দেশ্য সম্পাদন কৰিবলৈ ইচ্ছাকৃতভাৱে কৰে,
তেনেবোৰ ক্ৰিয়াক ঐচ্ছিক ক্ৰিয়া বোলে।
আনাহাতে, যি ক্ৰিয়াই কৰ্তাৰ অজ্ঞাতসাৰে
বা বুদ্ধি-বৃত্তি প্ৰয়োগ নকাৰকৈ বাহিৰৰ প্ৰভাৱৰ দ্বাৰা প্ৰভাৱান্বিত হৈ
অনৃচ্ছাকৃতভাৱে যি কাম কৰা হয়, তাকে অনৈচ্ছিক ক্ৰিয়া বোলে।
খ) ঐচ্ছিক ক্ৰিয়াত কৰ্তাৰ ইচ্ছাৰ স্বাধীনতা
থাকে।
আনহাতে, অনৈচ্ছিক ক্ৰিয়াত কৰ্তাৰ ইচ্ছাৰ
স্বাধীনতা নাথাকে।
গ) ঐচ্ছিক ক্ৰিয়াবোৰ নৈতিক।
আনহাতে, অনৈচ্ছিক ক্ৰিয়াবোৰ অনৈতিক।
ঘ) ঐচ্ছিক ক্ৰিয়াবোৰত ভাল-বেয়া,
শুদ্ধ-অশুদ্ধ বিচাৰ কৰি চাব পাৰি।
আনহাতে, অনৈচ্ছিক ক্ৰিয়াবোৰত ভাল-বেয়া,
শুদ্ধ-অশুদ্ধ আদিৰ বিচাৰ কৰিব নোৱাৰি।
১০।
চমুটোকা লিখাঃ নীতিবিদ্যাৰ পৰিসৰ।
উত্তৰঃ
যি
বিজ্ঞানে মানুহৰ চৰিত্ৰ বা আচৰণৰ নৈতিক মূল্য বিচাৰ কৰে তাকে সাধাৰণতে নীতিবিদ্যা
বোলে। ই হ’ল মানুহৰ চৰিত্ৰ বা আচৰণ সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। গতিকে আদৰ্শৰ
প্ৰসংগলৈ অহা সকলোবোৰ বিষয়েই নীতিবিদ্যাৰ পৰিসৰৰ ভিতৰত পৰে। নীতিবিদ্যাৰ পৰিসৰৰ
অন্তৰ্গত দিশসমূহ হ’ল—
ক) মানুহৰ আচৰণৰ নৈতিক বিচাৰ কৰাই
নীতিবিদ্যাৰ উদ্দেশ্য। চৰিত্ৰৰ বাহ্য প্ৰকাশেই হৈছে আচৰণ। গতিকে নীতিবিদ্যাই
মানুহৰ চৰিত্ৰৰ স্বৰূপ, উপাদান আৰু লক্ষণ সম্পৰ্কে আলোচনা কৰে।
খ) নৈতিক বিচাৰ ভাল-বেয়া, শুদ্ধ-অশুদ্ধ,
উচিত-অনুচিত, মংগল-অমংগল আদি নীতিবিদ্যাই আলোচনা কৰে।
গ) আদৰ্শ বা মানদণ্ড হ’ল
নীতিশাস্ত্ৰৰ প্ৰধান আলোচ্য বিষয়। পৰমশ্ৰেয় বা পৰম কল্যাণ নীতিবিদ্যাৰ আদৰ্শ।
সুখবাদ, কঠোৰবাদ, পূৰ্ণতাবাদ আদি পৰমশ্ৰেয় সম্পৰ্কে বিভিন্ন মতবাদ নীতিবিদ্যাই
আগবঢ়ায়।
ঘ) নীতিবিদ্যাই নৈতিক বিচাৰৰ স্বীকাৰ্য বিনা প্ৰমাণে সত্য বুলি মানি
লোৱা মৌলিক নীতি। সেইকেইটা স্বীকাৰ্য হ’ল- ক) ব্যক্তিৰ ব্যক্তিত্ব, খ)
বুদ্ধি বা বিচাৰ শক্তি, গ) ইচ্ছাৰ স্বাধীনতা।
ঙ) বাধ্যতাবোধ নীতিবিদ্যাৰ আন এটা আলোচ্য
বিষয়। কোনো এটা কাম ভাল বা বেয়া বুলি বিবেচিত হ’লে ভাল কাৰটো কৰা আৰু
বেয়া কামটো পৰিহাৰ কৰাৰ ধাৰণাটোক নৈতিক বাধ্যতামূলক বুলি কোৱা হয়।
চ) নীতিবিদ্যা হ’ল এক
সামাজিক বিজ্ঞান। নীতিবিদ্যা সমাজবিদ্যা হিচাপে স্বীকৃতি পায় আৰু নৈতিক জীৱনত
সামাজিক প্ৰভাৱ নীতিবিদ্যাৰ পৰিসৰৰ অন্তৰ্গত।
ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে নীতিবিদ্যা
ক্ষেত্ৰ বা পৰিসৰ অতি ব্যপক। সমাজ ব্যৱস্থা আৰু মানুহৰ জীৱনত ইয়াৰ ভূমিকা অতি
গুৰুত্বপূৰ্ণ।
১১।
ঐচ্ছিক ক্ৰিয়া কাক বোলে? ইয়াৰ স্তৰকেইটা বাখ্যা কৰা।
উত্তৰঃ যিবোৰ
ক্ৰিয়া কৰ্তাই সজাগ হৈ বুদ্ধি-বৃত্তিৰ প্ৰয়োগৰ দ্বাৰা কোনো উদ্দেশ্য সম্পাদন
কৰিবলৈ ইচ্ছাকৃতভাৱে কৰে, তেনেবোৰ ক্ৰিয়াক ঐচ্ছিক ক্ৰিয়া বোলে। ঐচ্ছিক ক্ৰিয়াৰ
স্তৰ তিনিটা তলত বিস্তাৰিতভাৱে আলোচনা কৰা হ’ল—
ক)মানসিক স্তৰঃ কৰ্ম যদিওঁ দেহৰ অংগ-পতংগই কৰে তথাপি ইয়াৰ উৎস মনত বিচাৰি যাব
লাগিব। ইয়াৰ উৎস পোন-প্ৰথমে মনত ঘটে। মানসিক স্তৰৰ আকৌ বিভিন্ন উপাদান থাকে। যেনে-
(i)কৰ্মৰ উৎস, (ii) লক্ষ্য বা
উদ্দেশ্য, (iii)কামনা, (iv)কামনাৰ সংঘাত, (v)বিবেচনা
আৰু নিৰ্বাচন, (vi)সিদ্ধান্ত আৰু
সংকল্প আৰু (vii)অভিপ্ৰায়।
i) কৰ্মৰ উৎসঃ
কৰ্মৰ উৎসত নিহিত থাকে বাস্তৱ অভাৱ অনুভৱৰ দ্বাৰা। এই অভাৱ-অনুভৱ প্ৰবৃত্তিগত,
ক্ষুদা সম্পৰ্কীয়, বৌদ্ধিক, নৈতিক আদি হ’ব পাৰে। অভাৱ-অনুভৱ সাধাৰণতে
দুখদায়ক হয়। ই আমাৰ মনে নিবিচৰা এক বেদনা। এনে বেদনা অনেত পেলাবলৈ মানুহ কৰ্মত
প্ৰবৃত্ত হয়।
ii) লক্ষ্য
বা উদ্দেশ্যঃ অভাৱ দূৰ কৰিব পৰা বস্তুটোক ঐচ্ছিক ক্ৰিয়াৰ লক্ষ্য আৰু বস্তুটোৰ
চিন্তা বা ধৰাণাক উদ্দেশ্য বুলি কোৱা হয়। যেনে শীতত কষ্ট পোৱা মানুহ এজনৰ বাবে গৰম
কাপোৰ হৈছে লক্ষ্য আৰু ইয়াৰ চিন্তা হৈছে উদ্দশ্য।
iii) কামনাঃ আমাৰ অভাৱ
পূৰণৰ যি ইচ্ছা সেয়াই হ’ল কামনা। অভাৱৰ বেদনা অনুভৱ কৰাৰ লগে-লগে অভাৱ পূৰণৰ কামনা আমাৰ মনত জাগৃত
হয়। যেনে- ভোক বা ক্ষুদা এক অভাৱ অনুভৱ যাক অনুভৱ কৰাৰ লগে-লগে আমাৰ কিবা খাব মন
যায়। এয়াই কামনা। ক্ষুদাৰ অনুভৱৰ ফলত আমাৰ ভোক লাগিছে তাৰ প্ৰতি আমি সতেচন হওঁ আৰু
ক্ষুদা নিবাৰণৰ বাবে কিবা খোৱাৰ কাৰণে সচেতন হওঁ।
iv) কামনাৰ সংঘাতঃ একে সময়তে
কামনা অধিক হ’ব পাৰে। একে সময়তে উদ্ভৱ হোৱা একাধিক কামনাই মনত দ্বন্ধ বা সংঘাত সৃষ্টি
কৰে তাকে কামনাৰ সংঘাত বোলে। কামনাই বহুতো বিষয়ৰ ইংগিত দিয়ে। এইদৰে বহুতো কামনাই
মনক বিভিন্ন দিশলৈ টানি নিব পাৰে।
v) বিবেচনা আৰু
নিৰ্বাচনঃ মনত যেতিয়া সংঘাত উৎপন্ন হয় তেতিয়া কৰ্ম কৰাৰ দিশত কৰ্তা
আগবাঢ়িব নোৱাৰা হয়। বহুতো উদ্দেশ্য আৰু কামনাৰ পৰা গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ
প্ৰতি লক্ষ্য ৰাখি এটাক নিৰ্বাচন কৰি বাকীবোৰক পৰিত্যাগ কৰে। এই মানসিক প্ৰক্ৰিয়াক
বিবেচনা আৰু নিৰ্বাচন নামেৰে জনা যায়। এই সমীক্ষাৰ দ্বাৰা কৰ্তাই অনুকূল কামনাক
নিৰ্বাচন কৰে।
vi) সিদ্ধান্ত আৰু
সংকল্পঃ কৰ্তাই এক নিৰ্দিষ্ট কামনাক নিৰ্বাচন কৰে। নিৰ্বাচনৰ
জৰিয়তে নিৰ্দিষ্ট কৰ্মৰ পথ কৰ্তাই সিদ্ধন্ত কৰে আৰু কাৰ্যকৰী কৰাৰ বাবে কৰ্তাই
সংকল্প লয়।
vii) অভিপ্ৰায়ঃ যি মানসিক
প্ৰৱণতাই আমাক কোনো নিৰ্দিষ্ট ধৰণেৰে কোনো কাম কৰিবলৈ উদ্গনি দিয়ে, তাকেই অভিপ্ৰায়
বোলে। অভিপ্ৰায় লক্ষ্য, উদ্দেশ্য সাধন আৰু পৰিণামৰ সমন্বয়।
খ) দৈহিক স্তৰঃ দৈহিক স্তৰ আৰম্ভ হয় দেহৰ অংগ-পতংগৰ চলনত।
দেহৰ অংগ-পতংগ চলন আৰম্ভ হয় যেতিয়া কৰ্তাই কোনো এক নিৰ্দিষ্ট কৰ্ম কৰিম বুলি
দৃঢ়ভাৱে সংকল্প বা মনস্থ কৰে। ৰাস্তা এটাৰে খোজ কাঢ়ি যোৱা কাৰ্যটো এটা দৈহিক
স্তৰ। দৈহিক স্তৰত দেহেৰে কাম কৰে।
গ) বাহ্য স্তৰঃ যেতিয়া মানুহে অংগ-পতংগেৰে কাম কৰে তেতিয়া বাহ্য জগতত পৰিৱৰ্তন
সাধিত হয়। বাহ্য জগতত যি পৰিৱৰ্তন হয় তাকে ফলশ্ৰুতি বা পৰিণতি বুলি জনা যায়। এই
স্তৰত যি বাঞ্চা কৰা নহয় তেনেকুৱা পৰিৱেশৰো সন্মূখীন হ’ব লগা
হয়। এই প্ৰাপ্তি কেতিয়াবা প্ৰত্যাশিত আৰু কেতিয়াবা অপ্ৰত্যাশিত হয়।
১২।
চমুটোকা লিখাঃ কামনাৰ সংঘাত।
উত্তৰঃ
মিশ্ৰ
কৰ্মত কেতিয়াবা কৰ্তা বিভিন্ন কামনাৰ প্ৰতিদ্বন্ধিতাৰ সন্মূখীন হয়। একে সময়তে
কেইবাটাও কামনাই মনত সংঘাত সৃষ্টি কৰাকে কামনাৰ সংঘাত বোলে। একে সময়তে কেইবাটাও
অভাৱ দেখা দিব পাৰে। সেইবোৰ বহুতো কামনা বা অভিপ্ৰায়ৰ বিষয়ে ইংগিত দিব পাৰে। এইদৰে
বহুতো কামনাই মনক বিভিন্ন দিশলৈ টানি নিব পাৰে। কিন্তু একে সময়তে সকলোবোৰ লক্ষ্যত
উপনীত হোৱা সম্ভৱ নহয়। সকলোবোৰ কামনাক একে সময়তে সন্তুষ্টি কৰিব নোৱাৰি এটাক
সন্তুষ্টি কৰিবলৈ গলে আনটো অসন্তুষ্ট হৈ ৰয়। এইদৰে মনত অভিপ্ৰায় বা কামনাৰ
প্ৰতিদ্বন্ধিতা বা সংঘাতৰ সৃষ্টি হয়।
এনে সংঘাত প্ৰকৃততে মানুহৰ মনত সৃষ্টি হয়
নে নহয়- সেইটো বিচাৰ্য বিষয়। বহুতে কয় যে কামনাৰহে সংঘাত থাকিব পাৰে, অভিপ্ৰায়ৰ
সংঘাত থাকিব নোৱাৰে। অভিপ্ৰায় হ’ল নিৰ্বাচিত কামনা।
১৩।
নৈতিক বিচাৰ বুলিলে কি বুজা? নৈতিক বিচাৰৰ
বিষয়বস্তু কি?
উত্তৰঃ
নৈতিক
বিচাৰ হ’ল প্ৰমূল্যৰ ওপৰত কৰা অৱধাৰণা। নৈতিক বিচাৰ এক মানসিক ক্ৰিয়া যাৰ কোনো
নিৰ্দিষ্ট কৰ্মক শুদ্ধ বা অশুদ্ধ বুলি বিচাৰ কৰা হয়। ই কোনো কৰ্মৰ বিষয়ে কৰা বিচাৰ
নহয়, কোনো কৰ্মৰ ওপৰত কৰা বিচাৰহে। মূৰহেডৰ মতে ই ন্যায় সংক্ৰান্তীয় বিচাৰ। আমাৰ
কৰ্ম কেনেকুৱা হ’ব লাগে- এই বিষয়ে ইয়েই নৈতিক বিচাৰৰ
বিষয়বস্তু হয়। কাৰণ যাক ইচ্ছা কৰা হয়, তাৰহে নৈতিক গুৰুত্ব থাকে। ঐচ্ছিক আৰু
অভ্যাসগত কৰ্মকে সাধাৰণতে নৈতিক বিচাৰৰ বিষয় বুলি কোৱা হয়।
ঐচ্ছিক ক্ৰিয়াৰ তিনিটা স্তৰ- মানসিক,
দৈহিক আৰু বাহ্য বা পৰিসমাপ্তি। দৈহিক স্তৰ আৰ নৈতিক বিচাৰৰ বিষয়বস্তু হ’ব
নোৱাৰে। নৈতিক বিচাৰ মানসিক নে পৰিসমাপ্তি তাক লৈ নীতিশাস্ত্ৰবিদসকলৰ মাজত
মতানৈক্য থকা দেখা যায়।
সুখবাদীসকলৰ মতে ফলহে নৈতিক বিচাৰৰ
বিষয়বস্তু। এই বিচাৰ ন্যায়সংগত নহয়। যেনে- ডক্টৰ এজনে ৰোগীক আৰোগ্য কৰাৰ মহান
উদ্দেশ্যলৈ অস্ত্ৰোপচাৰ কৰিলে। কিন্তু ৰোগীজনৰ মৃত্যু হ’ল আৰু
ফল বেয়া হ’ল। তেনেক্ষেত্ৰত ডক্টৰজনক হত্যাকাৰী বুলি ক’ব নোৱাৰি। সেয়েহে পৰিণাম বা ফলাফল নৈতিক বিচাৰৰ বিষয়বস্তু হ’ব নোৱাৰে।
বুদ্ধিবাদীসকলৰ মতে উদ্দেশ্যহে নৈতিক
বিচাৰৰ বিষয়বস্তু। ই ন্যায়সংগত নহয়। দুখীয়া লোকক সহায় কৰাৰ উদ্দেশ্য সৎ। কিন্তু
দুখীয়া লোকক সহায় কৰিবলৈ আনৰ বস্তু চুৰি কৰা কাৰ্য অসৎ বা অন্যায়। অকল উদ্দেশ্য সৎ
হ’লেই নহ’ব, উদ্দেশ্য সাধনৰ পথো সৎ হ’ব লাগিব।
মেকেঞ্জীৰ মতে চৰিত্ৰহে নৈতিক বিচাৰৰ
বিষয়বস্তু। কোনো-কোনো ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম দেখা যায়। কেতিয়াবা সৎ চৰিত্ৰৰ
লোকেওঁ অসৎ কৰ্ম কৰা দেখা যায় আৰু অসৎ চৰিত্ৰৰ লোকেও সৎ কৰ্ম কৰা দেখা যায়। গতিকে
চৰিত্ৰও নৈতিক বিচাৰৰ বিষয়বস্তু হ’ব নোৱাৰে।
অভিপ্ৰায় হ’ল
নৈতিক বিচাৰৰ বিষয়বস্তু। অভিপ্ৰায়ত ঐচ্ছিক ক্ৰিয়াৰ মানসিক স্তৰৰ সকলো উপাদান যেনে-
কৰ্মৰ উৎস, কামনা, লক্ষ্য, উদ্দেশ্য, সাধনৰ সমন্বয় আদি থাকে। অভিপ্ৰায়ত মানসিক
স্তৰৰ আটাইকেইটা উপাদানে পৰিসমাপ্তি লাভ কৰে। গতিকে, অভিপ্ৰায়হে নৈতিক বিচাৰৰ
বিষয়বস্তু।
১৪।
কামৰ উদ্দেশ্যৰ দ্বাৰা তাৰ সাধনৰ সমৰ্থন কৰিব পাৰিনে?
OR
সাধ্যৰ
দ্বাৰা তাৰ সাধনৰ সমৰ্থন কৰিব পাৰিনে? উপযুক্ত
উদাহৰণৰ সৈতে এটি যুক্তিপূৰ্ণ বিশ্লেষণ আগবঢ়োৱা।
উত্তৰঃ
কোনো
এটা কামৰ ভাল-বেয়া, অচিত-অনুচিত, শুদ্ধ-অশুদ্ধ আদি নিৰ্ভৰ কৰে সাধ্য আৰু সাধন
দুয়োটাৰ ওপৰত। উদ্দেশ্য বা সাধ্য ভাল হ’লেই নহয়, তাৰ উপায় বা সাধনো
ভাল হ’ব লাগিব। এইক্ষেত্ৰত দাৰ্শনিকসকলৰ মাজত বিভিন্ন
মতবিৰোধ দেখা যায়। কিছুমান দাৰ্শনিকৰ মতে ভাল উদ্দেশ্য এটা বিদ্ধিৰ বাবে যিকোনো
উপায় অবলম্বন কৰিব পাৰি। তেওঁলোকৰ মতে পৰিণামত যি ভাল, সি সকলো ভাল।
উপৰোক্ত মতবাদটো গ্ৰহণযোগ্য নহয়। মহাত্মা
গান্ধীৰ মতে সাধনেহে সাধ্যৰ উচিত্য প্ৰমাণিত কৰে। মহাত্মা গান্ধীৰ মতে দেশৰ
স্বাধীনতা লাভ কৰাৰ মহান উদ্দেশ্যৰ ক্ষেত্ৰতো সাধনৰ কথা চিন্তা কৰা উচিত। সেয়েহে
ভাৰতবাসীক অহিংসা আৰু সৎ উপায় অবলম্বন কৰিবলৈ নিৰ্দেশ দিছিল। কাৰণ সাধনেহে
প্ৰকৃততে সাধ্যৰ সাৰ্থকতা আৰু যুক্তিযুক্ততা নিৰ্ণয় কৰে। গতিকে উদ্দেশ্যৰ লগত উপায়
বা সাধনো নৈতিক বিচাৰৰ বিষয়বস্তু।
১৫।
অভ্যাসজনিত ক্ৰিয়াক কিয় নৈতিক বিচাৰৰ বিষয়বস্তু হিচাপে বিবেচনা কৰা হয়?
উত্তৰঃ
অভ্যাস
পুনঃ পুনঃ কৰা ঐচ্ছিক ক্ৰিয়াৰ পৰিণতি। ঐচ্ছিক ক্ৰিয়া ইচ্ছাৰ দ্বাৰা কৰা হয়। কিন্তু
একোটা ঐচ্ছিক কৰ্ম যেতিয়া অভ্যাসত পৰিণত হয়, তেতিয়া ইচ্ছাৰ প্ৰয়োগ নাইকিয়া হয়।
সচেতন নিৰ্দেশনাৰ অবিহনেওঁ অভ্যাসগত কৰ্ম সম্পাদিত হয়। অভ্যাসগতভাৱে সম্পাদনৰ
দ্বাৰা উৎপন্ন কৰা চৰিত্ৰ উৎকৃষ্ট। অবভ্যাসিক কৰ্মৰ বৈশিষ্ট্য হ’ল-
সুবিধা, একৰুপিতা, তৎপৰতা, সাধকতা, সচেতন, নিৰ্দেশনাৰ পৰা মুক্ততা আৰু সংশোধন
দু-সাধ্যতা।
অভ্যাস প্ৰাথমিকভাৱে যিহেতু এক ঐচ্ছিক
ক্ৰিয়াই, সেইবাবে ইয়ো নৈনিক বিচাৰৰ বিষয়বস্তু। অভ্যাস ঐচ্ছিক ক্ৰিয়াৰ পুনৰাবৃত্তিৰেই
পৰণতি। অভ্যাস কৰ্মৰ বাবেওঁ আমি নৈতিকভাৱে দায়িত্বশীল। এইবোৰ কৰ্ম স্বতঃস্ফূৰ্ত
যদিওঁ ইহত অনৈতিক গুণসম্পন্ন। সেয়েহে ইয়াক নৈতিক বিচাৰৰ বিষয়বস্তু হিচাপে বিবেচনা
কৰা হয়।
১৬।
বনাশ্ৰম ধৰ্ম কাক বোলে? বহলাই লিখা।
উত্তৰঃ
সমাজ
দাৰ্শনিকসকলৰ মতে মানুহৰ জীৱনত চাৰিটা ভাগ আছে। একোটা ভাগত এজন মানুহৰ বাবে
কৰ্তব্য স্থিৰ কৰা থাকে। এই ভাগ চাৰিটা হ’ল- ব্ৰহ্মচাৰ্য, গাৰ্হস্থ্য,
বানপ্ৰস্থ আৰু সন্যাস। এই চাৰিটা ভাগৰ প্ৰত্যেককে আশ্ৰম বোলে।
আশ্ৰম শব্দটো সংস্কৃত ‘শ্ৰম’ শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ’ল পৰিশ্ৰম কৰা। প্ৰতিজন
ব্যক্তিয়ে মুক্তিৰ বাবে পৰিশ্ৰম কৰিব লাগে আৰু এই পৰিশ্ম নিয়ন্ত্ৰণ কৰে এই চাৰি
আশ্ৰমে। প্ৰতিটো আশ্ৰমেই একোটা ঊৰ্ধগামী খাপ, যাৰ যোগেদি মুক্তিলৈ আগবাঢ়িব পাৰি।
১৭।
পুৰুষাৰ্থ বুলিলে কি বুজা?
অথবা
পুৰুষাৰ্থ শব্দটো কৰা পৰা আহিছে আৰু ইয়াৰ
অৰ্থ কি?
উত্তৰঃ
মানৱৱ
জীৱনৰ সৰ্বোচ্চ লক্ষ্যক পুৰুষাৰ্থ বোলে। পুৰুষ বা ব্যক্তিয়ে যি কামনা কৰে সেয়াই
পুৰুষাৰ্থ। ই মানৱ জীৱনৰ পৰমাৰ্থ বা পৰম শ্ৰেয়। ভাৰতীয় নীতিশাস্ত্ৰত ই এটা মৌলিক
নীতি। পুৰুষাৰ্থ শব্দৰ অৰ্থ হৈছে পুৰুষ বা মনুষ্যৰ বাবে। আধ্যাত্মিক পূৰ্ণা লাভৰ
বাবে যিবিলাক উপায় অৱলম্বন কৰা যায় সেইবোৰেই পুৰুষাৰ্থ। ভাৰতীয় নীতিশাস্ত্ৰত পুৰুষাৰ্থ
চাৰি প্ৰকাৰৰ—ধৰ্ম, অৰ্থ,কাম আৰু মোক্ষ।
পুৰুষাৰ্থ শব্দটো সংস্কৃত ‘পুৰুষ’ আৰু ‘অৰ্থ’ -এই দুটা শব্দৰ
পৰা আহিছে। ‘পুৰুষ’ শব্দৰ অৰ্থ হ’ল ‘আত্মা’ আৰু ‘অৰ্থ’
শব্দৰ অৰ্থ হ’ল ‘উদ্দেশ্য’।
১৮।
ভাৰতীয় নীতিশাস্ত্ৰৰ আধাৰত চাৰি প্ৰকাৰৰ পুৰুষাৰ্থৰ বিষয়ে লিখা।
উত্তৰঃ
ভাৰতীয়
নীতিশাস্ত্ৰত ৰুৰুষাৰ্থ চাৰি প্ৰকাৰৰ— ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ।
ধৰ্মঃ ভাৰতীয়
নীতিতত্বত ধৰ্মক এক পুৰুষাৰ্থ হিচাপে গণ্য কৰা হয়। ধৰ্ম সংস্কৃত‘ধৃ’
ধাতুৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হ’ল ধাৰণ কৰা। ইয়াৰ অৰ্থ হ’ল যি গুণ বা শক্তিৰ দ্বাৰা ধাৰণ কৰা হয় সেয়াই ধৰ্ম। যিয়ে প্ৰজা বা মনুষ্যক
তথা সমগ্ৰ বিশ্বক ধাৰণ কৰে সেয়াই ধৰ্ম। ভাৰতীয় নীতিশাস্ত্ৰত ধৰ্মৰ অৰ্থ অতি ব্যপক।
ধৰ্মক বিভিন্ন অৰ্থত প্ৰয়োগ কৰিলেও ধৰ্ম শব্দৰ দ্বাৰা প্ৰকৃততে আটাইবোৰ নৈতিক
সদগুণক বুজায়।
ইন্দ্ৰিয়সমূহক সংযম কৰি নিজ-নিজ কৰ্ম কৰাই
ধৰ্ম। সামাজিক প্ৰাণী হিচাপে মানুহে বিভিন্ন সময়ত বুভিন্ন ৰীতি-নিয়মৰ মাজেৰে জূৱন
অতিবাহিত কৰিবলগীয়া হয়। মানুহৰ জীৱন পৰিক্ৰমাত যেতিয়া যি নিয়ম পালন কৰিব লাগে, যি
কাম যেনেদৰে কৰিব লাগে, তেনেদৰেই কৰাটো ধৰ্ম।
অৰ্থঃ অৰ্থ শব্দৰ
অৰ্থ হৈছে ধন-সম্পদ। জীয়াই থাকিবলৈ হলে মানুহক বিভিন্ন সম্পদৰ প্ৰয়োজন হয়। মানুহৰ
প্ৰথমিক প্ৰয়োজন- অন্ন, বস্ত্ৰ, আৰু বাসস্থানৰ বাবে অৰ্থৰ প্ৰয়োজন হয়। নিজৰ তথা
পৰিয়ালৰ প্ৰয়োজনৰ উপৰিও এক সমৃদ্ধ জূৱন-যাপনৰ বাবে অৰ্থ এক অতি প্ৰয়োজনীয় বস্তু।
মানৱ জীৱনত কোনেও অৰ্থৰ প্ৰয়োজনীয়তাক নুই কৰিব নোৱাৰে। সেইকাৰণে ভাৰতীয় নীতিতত্বত
অৰ্থক পুৰুষাৰ্থ হিচাপে গণ্য কৰিছে। পুৰুষাৰ্থ সিদ্ধিৰ পথ সুগম কৰি তোলা আৰু জীৱন
ধাৰণৰ বাবে প্ৰয়োজনীয় অৰ্থ সংগ্ৰহ কৰাটো মানৱ জীৱনৰ এক লক্ষ্য বা আদৰ্শ।
কামঃ ভাৰতীয়
আদৰ্শত কামক পুৰুষাৰ্থ বুলি স্বীকৃতি দিয়া হৈছে। বহুল অৰ্থত কাম হৈছে এটা জৈৱিক
প্ৰবৃত্তি যাৰ সহায়ত জীৱৰ অস্তিত্ব অব্যাহত থাকে। কাম শব্দটোৰ অৰ্থ হৈছে ইচ্ছা,
প্ৰেম, অভিপ্ৰায়, আনন্দ ইত্যাদি। কামে মানুহৰ মানসিক আৰু আৱেগিক প্ৰয়োজনৰ চাহিদা
পূৰণ কৰে। কাম তিনি প্ৰকাৰৰ— সাত্ত্বিক, ৰাজসিক আৰু তামসিক। যিবোৰ কাম ধৰ্মানুগত
তাক সাত্ত্বিক কাম;
বিষয়-বাসনা, ভোগ-বিলাস, ইন্দ্ৰিয়ভোগৰ বাবে উদ্ভৱ হোৱা কামক ৰাজসিক; আৰু নিদ্ৰা, আলস্য আদি তামসিক কাম।
কাম মানৱ-জীৱনৰ সুখ আৰু আনন্দৰ উৎস। বংশ
ৰক্ষা আৰু সামাজিক বিকাশৰ গুৰিতেই হ’ল কাম। কাম হব লাগিব
নিয়ন্ত্ৰিত, সংযমিত আৰু ধৰ্মৰ অনুৱৰ্তী। ভাৰতীয় নীতিশাস্ত্ৰ অনুসৰি মাৰ্জিত,
সংযমিত কামহে মানৱৰ পুৰুষাৰ্থ।
মোক্ষঃ ভাৰতীয়
নীতিশাস্ত্ৰ অনুসৰি মোক্ষক পৰম পুৰুষাৰ্থ হিচাপে গণ্য কৰা হয়। মোক্ষৰ অৰ্থ হ’ল
মুক্তি। মোক্ষ লাভেই হল মানৱ জীৱনৰ চৰম লক্ষ্য। মোক্ষ বা মুক্তি লাভৰ জৰিয়তে
জন্ম-মৃত্যুৰ সংসাৰৰ চক্ৰৰ পৰা হাত সাৰিব পাৰি। অজ্ঞানতা দূৰ কৰি শুদ্ধ চৈতন্য
আত্মাৰ উপলব্ধিয়েই মুক্তি।
১৯।
ভাৰতীয় দৰ্শনত উল্লেখ থকা মোক্ষ লাভৰ মাৰ্গ বা পথ কেইটা আৰু কি কি?
উত্তৰঃ
ভাৰতীয়
দৰ্শনত উল্লেখ থকা মোক্ষ লাভৰ মাৰ্গ বা পথ তিনিটা আৰু সেইবোৰ হ’ল—
(ক) কৰ্মযোগ, (খ) জ্ঞানযোগ আৰু (গ) ভক্তিযোগ।
Post a Comment