সাম্প্ৰতিক বিশ্বত নিৰাপত্তা। Class 12th Political Science Notes in Assamese

 

সাম্প্ৰতিক বিশ্বত নিৰাপত্তা

Class 12 Political Science

সাম্প্ৰতিক বিশ্বত নিৰাপত্তা। Class 12th Political Science Notes in Assamese
সাম্প্ৰতিক বিশ্বত নিৰাপত্তা


অতি চমু উত্তৰৰ প্ৰশ্নঃ

 

১। নিৰাপত্তা বুলিলে কি বুজা?

উত্তৰঃ যিকোনো ধৰণৰ সামৰিক বা অসামৰিক ভাবুকিৰ পৰা মুক্ত পোৱাকে নিৰাপত্তা বোলে।

 

২। আভ্যন্তৰীণভাৱে স্থানান্তৰিত লোক বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ মানুহে নিৰাপত্তাহীনতাৰ বাবে নিজৰ ঘৰ এৰি যায় কিন্তু নিজৰ দেশৰ চাৰিসীমাৰ ভিতৰতে থাকে তেওঁলোককে আভ্যন্তৰীণভাৱে স্থানান্তৰিত লোক বুলি কোৱা হয়।

 

৩। ভাৰতে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰাৰ উদ্দেশ্যটো কি?

উত্তৰঃ ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত কৰা।

 

৪। মানৱীয় নিৰাপত্তাই কি বুজায়?

উত্তৰঃ মানৱ নিৰাপত্তা হ'ল জনগণৰ নিৰাপত্তা। ইয়াৰ প্রাথমিক লক্ষ্য হ'ল ব্যক্তিক সুৰক্ষা প্ৰদান কৰা।

 

৫। গোলকীয় ভাবুকিৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ ।

Advertisement

………………………

 

৬। আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ কি?

উত্তৰঃ সন্ত্ৰাসবাদ বুলিলে ৰাজনৈতিক হিংসাক বুজায় যি হিংসাই সাধাৰণ মানুহৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰে । আন্তর্জাতিক সন্ত্রাসবাদে গোটেই বিশ্বজুৰি আলোড়ন সৃষ্টি কৰে।

 

৭। সহযোগী নিৰাপত্তা কি?

উত্তৰঃ অপাৰম্পৰিক সুৰক্ষা ভাবুকিৰ ক্ষেত্ৰত সামাৰিক বিৰোধিতাৰ পৰিৱৰ্তে সহযোগিতাৰ প্ৰযোজন।

 

৮। কিহে ধনী ৰাষ্ট্ৰক আৰু অধিক ধনী কৰে?

উত্তৰঃ জনসংখ্যাৰ হ্ৰান্স লগতে আয় বৃদ্ধিয়ে।

 

৯। মানুহে প্ৰব্ৰজন কিয় কৰে?

উত্তৰঃ মানুহে পাৰম্পৰিক আৰু অপাৰম্পৰিক নিৰাপত্তাৰ বাবে এক স্থান এৰি আন স্থানলৈ যায়।

 

১০। NATO ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ North Atlantic Treaty Organisation.

 

১১। ভাৰতে পোন প্রথমে কেতিয়া পাৰমাণৱিক যতনৰ পৰীক্ষণ চলায়?

উত্তৰঃ ১৯৭৪ চনত।

 

১২। কোন বছৰ গোলকীয় নিৰাপত্তাৰ উদ্ভৱ হয়?

উত্তৰঃ ১৯৯০ চনত।

 

১৩। অস্ত্র নিয়ন্ত্ৰণৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ এন্টি বেলিষ্টিক মিছাইল চুক্তি (ABM)

 

১৪। নিৰীকৰণ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?

উত্তৰঃ ১৯৬৮ চনত।

 

১৫। ভাৰতৰ নিৰাপত্তা কৌশলৰ এটা উপাদান লিখা।

উত্তৰঃ সামৰিক ক্ষমতা বৃদ্ধি।

 

১৬। প্ৰদূষণ কি?

উত্তৰঃ বিশ্বৰ পৰিৱেশত জীৱই জীৱন ধাৰণৰ বাবে অনুপযুক্ত কৰি তোলাক প্ৰদূষণ বুলি ক'ব পাৰি।

Advertisement

………………………

১৭। খালী ঠাই পূৰণ কৰাঃ

(ক) গোলকীয় দাৰিদ্ৰ --------ৰ আন এক উৎস।

উত্তৰঃ গোলকীয় দাৰিদ্ৰ সন্ত্ৰাসবাদৰ আন এক উৎস।

 

(খ) নিৰাপত্তাই সূচায় ভাবুকিৰ পৰা _____

উত্তৰঃ নিৰাপত্তাই সূচায় ভাবুকিৰ পৰা মুক্ত ।

 

(গ) অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাবোৰ _____ৰ উদ্ধৃত।

উত্তৰঃ অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাবোৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্ধত।

 

১৮। কিমানখন দেশে ৰাসায়নিক অস্ত্ৰ চুক্তি সম্মতি দিছিল?

উত্তৰঃ ১৮১ খন দেশে।

 

১৯। নিৰস্ত্ৰীকৰণৰ ধাৰণাই কিদৰে হিংসা এৰাই চলত সহায় কৰে?

উত্তৰঃ অস্ত্ৰ সম্বৰণৰ যোগেদি।

 

২০। সকলোবোৰ সমাজতে নিৰাপত্তা ধাৰণাটো একেইনে?

উত্তৰঃ নহয় ।

 

২১। আভ্যন্তৰীণভাৱে বিতাড়িত ব্যক্তি বুলিলে কি বুজা?

উত্তৰঃ কোনো বিশেষ কাৰণবশত, যেনে প্রাকৃতিক দুৰ্যোগৰ বাবে এখন দেশৰ এটা প্ৰধান অঞ্চলৰ মানুহ যদি আনটো অঞ্চললৈ স্থানান্তৰিত হয় তেতিয়া।

 

২২। জন-নিৰাপত্তা বুলিলে কি বুজা?

উত্তৰঃ জনসাধাৰণৰ নিৰাপত্তা সমাজৰ সকলো ধৰণৰ ভাবুকিৰ পৰা।

 

২৩। পাৰমাণৱিক নিঃসম্প্ৰসাৰণ চুক্তি কেত্যি স্বাক্ষৰ কৰা হৈছিল?

উত্তৰঃ ১৯৬৮ চনত।

 

২৪। বিশ্ব দৰিদ্ৰতা কি?

উত্তৰঃ সুৰক্ষাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভাবুকি হৈছে বিশ্ব দৰিদ্ৰতা। তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহত জনসংখ্যা বৃদ্ধি দৰিদ্ৰতাৰ এক অন্যতম প্ৰধান কাৰণ।

Advertisement

………………………

 

২৫। সন্ত্রাসবাদ কি?

উত্তৰঃ সন্ত্ৰাসবাদ হৈছে এক অপৰাধজনিত আৰু হিংস্ৰ কার্য যি কার্য এটা শ্ৰেণীৰ জনগণে সমাজ ৰাষ্ট্ৰৰ বিৰুদ্ধে নিজৰ দাবী পূৰণ কৰাৰ বাবে অস্ত্ৰ হাতত ল্য।

 

২৬। ভাৰতে কোনটো বছৰত প্ৰথমে আণবিক অস্ত্র পৰীক্ষা কৰিছিল?

উত্তৰঃ ১৯৭৪ চনত।

 

২৭। ৰাসায়নিক অস্ত্র অভিৱৰ্তন কেতিয়া হৈছিল ?

উত্তৰঃ ১৯৯২ চনত।

 

চমু উত্তৰৰ প্ৰশ্নঃ

 

১। পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ পার্থক্য কি?

উত্তৰঃ পৰম্পৰাগত নিৰাপত্তাই ৰাষ্ট্ৰ এখনৰ আভ্যন্তৰীণ আৰু বাহয়িক। নিৰাপত্তাৰ কথা বুজায়। ইয়াত প্ৰধানকৈ সামৰিক দিশটো অন্তৰ্ভুক্ত কৰা হয়। আনহাতে, অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটোৱে সামৰিক। ভাবুকিৰ দিশটো অতিক্ৰম কৰি এক বিস্তৃত পৰিসৰৰ ভয়াৱহতা আৰু ভাবুকিক অন্তৰ্ভুক্ত কৰিছে।

 

২। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ প্ৰব্ৰজনকাৰী সাধাৰণতে স্ব - ইচ্ছাই উন্নত জীৱনৰ সন্ধানত এখন দেশ এৰি আন এখন দেশলৈ বা নিজ দেশৰ ভিতৰতে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যায়। কিন্তু শৰণাৰ্থীসকল হ'ল যুদ্ধৰ ভয়ত, প্রাকৃতিক দুৰ্যোগৰ কৱলত পৰি অথবা ৰাজনৈতিক হাৰাশাস্তি। সন্মুখীন হৈ অন্য দেশলৈ পলাই যোৱা লোক।

 

৩। দুটা স্বাস্থ্য মহামাৰীৰ উদাহৰণ দিয়া।

উত্তৰঃ দুটা স্বাস্থ্য মহামাৰীৰ উদাহৰণ হ'ল— এইডছ ( ADIS ) আৰু এব’লা ভাইৰাছ।

 

৪। ভাৰতৰ নিৰাপত্তা কৌশলৰ দুটা উপাদান উল্লেখ কৰা।

উত্তৰঃ বিশ্বশান্তি প্রতিষ্ঠা আৰু নিৰীকৰণ ক্ষমতাৰ ভাৰসাম্য।

 

৫। সন্ত্ৰাসবাদ নিৰাপত্তাৰ প্ৰতি এক ভাবুকি বুলি তুমি ভাবানে?

উত্তৰঃ হয়, সন্ত্ৰাসবাদ নিৰাপত্তাৰ প্ৰতি এক ভাবুকি বুলি ভাবো কিয়নো ই জনসাধাৰণৰ মনত ভয়ৰ সৃষ্টি কৰে । ল'ৰা - ছোৱালীক স্কুললৈ পঠাবলৈ ভয় কৰে। সন্ত্ৰাসবাদৰ কাৰণে জনসাধাৰণে নিজৰ নিৰাপত্তা নাই বুলি ভাবে । সেযেহে, সন্ত্ৰাসবাদ নিৰাপত্তাৰ প্ৰতি এক ভাবুকি ।

 

৬। ভাবুকিৰ দুটা নতুন উৎস উল্লেখ কৰা।

উত্তৰঃ বিশ্ব দৰিদ্ৰতা আৰু স্বাস্থ্য মহামাৰী।

Advertisement

………………………

 

৭। নতুনকৈ স্বাধীন হোৱা দেশসমূহে সন্মুখীন হোৱা নিৰাপত্তাৰ প্ৰত্যাঙ্কানবোৰ ইউৰোপৰ  ত্যাহ্বানবোৰতকৈ কিভাৱে পৃথক?

উত্তৰঃ (ক) উন্নত দেশৰ বাবে আভ্যন্তৰীণ নিৰাপত্তা প্ৰায় নিশ্চিত। কিন্তু, নতুন দেশসমূহে আভ্যন্তৰীণ আৰু বাহয়িক দুটা দিশতে নিৰাপত্তাহীনতাৰ সন্মুখীন হয়।

          (খ) উন্নত দেশ বা ইউৰোপীয় দেশসমূহে সাধাৰণতে নিৰাপত্তাৰ অপাৰম্পৰিক দিশসমূহৰ সন্মুখীন হৈছে, কিন্তু নতুন স্বাধীন দেশসমূহে অপাৰম্পৰিক আৰু পাৰম্পৰিক দুযোধৰণৰ নিৰাপত্তাত ভুগি আছে ।

 

৮। মানৱ অধিকাৰ বুলিলে কি বুজায় ?

উত্তৰঃ মানৱ অধিকাৰ সামৰিক জীৱনৰ কিছুমান চৰ্ত যাৰ সহায়ত এজন মানুহে নিজৰ মানৱীয় অস্তিত্ব ৰক্ষা কৰিব পাৰে । ই মানুহৰ ব্যক্তিত্ব বিকাশৰ এক মৌলিক অধিকাৰ।

 

৯। ব্যক্তিৰ প্ৰতি ভাবুকিৰ নতুন উৎসৰ উল্লেখ কৰা।

উত্তৰঃ AIDS, সন্ত্ৰাসবাদ, পৰিৱেশ প্ৰদূষণ।

 

প্রশ্ন ১০। সামৰিক ভাবুকি কি? ই কিদৰে দেশৰ প্ৰতি বৃহৎ বিপদ হ'ব পাৰে?

উত্তৰঃ এখন দেশৰ সামৰিক বাহিনীযে যেতিয়া আন এখন দেশ আক্ৰমণ কৰে বা আক্ৰমণৰ বাবে নিজৰ সামৰিক বাহিনীৰ শক্তি বৃদ্ধি কৰে। তাকে সামৰিক ভাবুকি বোলে । ইয়াৰ দ্বাৰা দেশত যুদ্ধৰ সৃষ্টি হৈ এক। বৃহৎ বিপদ স্বৰূপ হ'ব পাৰে।

 

১১। ভাবুকিৰ পৰা মুক্তৰ বিৰুদ্ধে এখন দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰাপত্তাবোৰ কি কি?

উত্তৰঃ (ক) যুদ্ধৰ আত্মসমৰ্পণ।

          (খ) যুদ্ধৰ ব্যয় অত্যধিক বৃদ্ধি কৰা।

 

১৭। মানৱ অধিকাৰৰ বিভিন্ন ধৰণৰ শ্রেণীবিভাগবোৰৰ কি কি?

উত্তৰঃ মানৱ অধিকাৰ তিনি শ্ৰেণীৰ—

      (ক) ৰাজনৈতিক – বাক স্বাধীনতা, সমবেত হোৱাৰ । -

      (খ) ভাৰ্থনৈতিক আৰু সামাজিক অধিকাৰ ৷

      (গ) পৰাধীন দেশৰ জনগণৰ, নৃগোষ্ঠী, থলুৱা সংখ্যালঘু সকলৰ অধিকাৰ ৷

 

দীঘল উত্তৰৰ প্ৰশ্নঃ

 

১। বহিঃভাবুকিৰ পৰা নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ উপাদান চাৰিটা কি কি? উদাহৰণ দিয়া।

উত্তৰঃ(ক) অৱৰোধঃ ইয়াৰ অৰ্থ হৈছে যুদ্ধৰ আশংকাক বাধা প্ৰদান কৰা। এইক্ষেত্ৰত ভাৰতত পাৰমাণৱিক পৰীক্ষাৰ বিষয়ে উল্লেখ কৰিব পৰা যায়।

        (খ)ৰক্ষাঃ যুদ্ধক সীমিত ৰখা বা ই্যাৰ সমাপ্ত কাক ৰক্ষা বুলি কোৱা হয়।

        (গ) ক্ষমতাৰ ভাৰসাম্যঃ প্ৰতিখন চৰকাৰে আন দেশৰ সৈতে নিজৰ ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰে।

        (ঘ) মিত্রগোট গঠনঃ মিত্রগোট গঠন মানে হৈছে কেইখনমান ৰাষ্ট্ৰৰ সন্মিলন যিসকলে নিজৰ কাৰ্যাৱলীৰ মাজত সমন্বয় সাধন কৰি যুদ্ধ সংঘটিত কৰাত বাধাৰ সৃষ্টি কৰিব পাৰে । যেনে – NATO, CENTO আদি।

 

২। মানৱ অধিকাৰে কি বুজায? বিভিন্ন প্ৰকাৰৰ মানৱ অধিকাৰ কি কি?

উত্তৰঃ মানুহ হিচাপে ভালদৰে জীয়াই থকাৰবাবে প্রযোজনীয় অধিকাৰথিনিক মানৱ অধিকাৰ বোলা হয়। এই অধিকাৰখিনিৰ অবিহনে মানুহে নিজৰ সম্পূৰ্ণ বিকাশ সাধন কৰিব নোৱাৰে । বিভিন্ন প্ৰকাৰৰ মানৱ অধিকাৰবোৰ হ'ল—

  (ক) পৌৰ অধিকাৰঃ

      (১) জীৱনৰ স্বাধীনতাৰ আৰু নিৰাপত্তাৰ অধিকাৰ।

      (২) দাসত্ব প্ৰথাৰ বিৰুদ্ধে অধিকাৰ।

      (৩) শিক্ষাৰ অধিকাৰ ৷

(খ) ৰাজনৈতিক অধিকাৰঃ

       (১) আইনৰ চকুত সকলো সমান আৰু সমানে আইনগত নিৰপত্তা পোৱাৰ অধিকাৰ৷

       (২) চৰকাৰত আৰু মুক্ত নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ অধিকাৰ ৷

 

(গ)। অর্থনৈতিক অধিকাৰঃ

      (১) সম্পত্তিৰ অধিকাৰ।

      (২) কৰ্মৰ অধিকাৰ, সমমজুৰি লাভ কৰাৰ অধিকাৰ।

      (৩) বিশ্ৰাম আৰু অৱকাশৰ অধিকাৰ ।

 

৩। ক্ষমতাৰ সলন কি? এখন ৰাষ্ট্ৰই কিদৰে ইয়াক পাব পাৰে?

উত্তৰঃ সাধাৰণতে বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ প্ৰত্যেকৰ নিজৰ স্বাৰ্থ আছে আৰু সেই স্বাৰ্থ পূৰণ কৰিবলৈ চেষ্টা কৰাৰ ফলত বহুক্ষেত্ৰত ৰাষ্ট্ৰবিলাকৰ মাজত সংঘৰ্ষ হোৱা দেখা যায় । এনে সংঘর্ষ বা অনিশ্চয়তা আঁতৰ। কৰিবৰ কাৰণে ক্ষমতাৰ তুলনামূলক পৰিমাণৰ ওপৰত ভিত্তি কৰি এক প্ৰকাৰ ভাৰসাম্যৰ সৃষ্টি কৰা হয়। ক্ষমতাৰ এনে তুলনামূলক পৰিমাণকে ক্ষমতাৰ সত্তলন বোলা হয়। এখন ৰাষ্ট্ৰই বিভিন্ন উপায়েৰে ইযাক পাব পাৰে।

      (ক)মৈত্ৰীঃ বর্তমান বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ মাজত বিভিন্ন দিশত প্ৰতিযোগিতা দেখা যায়। কেতিয়াবা এখন শক্তিশালী ৰাষ্ট্ৰ ক্ষমতা প্ৰতিৰোধ কৰিবৰ কাৰণে দুৰ্বল বা ততোধিক ৰাষ্ট্ৰ লগ লাগি বন্ধুত্ব স্থাপন কৰে৷

      (খ)সশস্ত্ৰীকৰণঃ কোনো এখন দেশে নিজৰ নিৰাপত্তাৰ কাৰণে অস্ত্ৰৰ পৰিমাণ বৃদ্ধি কৰিলে । ওচৰ-চুবুৰীয়া আনখন দেশত নিজৰ । নিৰাপত্তাৰ কাৰণে অস্ত্ৰ-শস্ত্ৰৰ পৰিমাণ বৃদ্ধি কৰিবলৈ ধৰে, সেই দৃষ্টিকোণৰ পৰা সশস্ত্ৰীকৰণ ক্ষমতাৰ ভাৰসাম্য ৰক্ষাৰ আন এটা উপায়

      (গ)নিৰস্ত্ৰীকৰণঃ নিৰীকৰণো ক্ষমতাৰ ভাৰসাম্য ৰষ্কাৰ আন এটা উল্লেখযোগ্য উপায় । দুখন ৰাষ্ট্ৰ সামৰিক দিশত শক্তিশালী হ'লে ৰাষ্ট্ৰ দুখনৰ মাজত নিৰীকৰণ ব্যৱস্থা কৰিও ক্ষমতাৰ ভাৰসাম্যতা ৰক্ষা কৰিব পৰা যায়।

Advertisement

………………………

 

৪। সামৰিক মিত্ৰতাৰ উদ্দেশ্যবোৰ কি কি? সামৰিক মিত্ৰগোট । এটাৰ নিৰ্দিষ্ট উদ্দেশ্যৰে সৈতে ই্যাৰ কাৰ্যাৱলীৰ উদাহৰণ দিয়া।

উত্তৰঃ পৰম্পৰাগত নিৰাপত্তা নীতিৰ এটা গুৰুত্বপূৰ্ণ উপাদন হ'ল মিত্রতা গঢ়ি তোলা । মিত্ৰতা হ'ল কিছুমান ৰাষ্ট্ৰৰ সন্মিলন, যিযে সামৰিক আক্ৰমণৰ বিৰুদ্ধে ঐক্যবদ্ধ কাৰ্যৰে বাধা দিব নাইবা প্ৰতিৰক্ষা দিব পাৰে । ৰাষ্ট্ৰবোৰে মিত্ৰতা গঢ়ি তোলে, অন্যদেশ বা মিত্ৰ গোষ্ঠীৰ বিৰুদ্ধে সক্ৰিয় কাৰ্যকৰী শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্যে । ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰতে। নিৰ্ভৰ কৰি মিত্ৰতা গঢ়ি উঠে আৰু স্বাৰ্থৰ পৰিৱৰ্তন হ'লে, মিত্ৰতাৰো পৰিবৰ্তন হয়।

      ১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধৰ শেষত ইউৰোপৰ দেশবোৰৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰইও সামৰিক মিত্রতা গঢ়ি তোলে। এই মিত্রতাবোৰৰ ভিতৰত NATO (উত্তৰ আটলান্টিক সন্ধি সংগঠন) আটাইতকৈ গুৰুত্বপূৰ্ণ মিত্রশক্তি। এই মিত্রতা গঢ়ি উঠিছিল ছোভিয়েট ৰুচিয়াৰ শক্তি বৃদ্ধি হোৱাৰ বাবে । আনহাতে NATO বিপৰীতে, কমিউনিষ্ট দেশবোৰৰে, ছোভিয়েট ৰুচিৰ নেতৃত্বত ওৱাৰছো' পেক্ট ' (Warsow Pact) গঠন কৰে যাতে আৱশ্যক মতে নাটোৰ আক্ৰমণক প্রত্যাহ্বান জনাব পাৰে।

      কিন্তু ১৯৯১চনত যেতিয়া শীতল যুদ্ধৰ অৱসান ঘটিল আৰু ছোভিয়েট। ৰুচি ভাগি বিলম্বিত হ'ল ইউৰোপৰ বহুতো কমিউনিষ্ট ৰাষ্ট্ৰই NATO ত যোগদান কৰিবলৈ আৰম্ভ কৰে। ২৯৯৪ চনত NATO- ৰ ব্ৰুচেলচ সন্মিলনত বহুতো পূৰ্ব ইউৰোপীয় দেশক NATO ত সামৰি লোৱা হৈছিল । এনেকি ৰুছদেশেও আমেৰিকাৰ পৃষ্ঠপোষোকতাত গঢ়ি উঠা Partnership of peace' সংস্থাত যোগদান কৰিছিল। এইদৰে, মিত্ৰতা গোষ্ঠীৰ পৰিৱৰ্তন, ক্ষমতাৰ ভাৰসাম্যতা' পৰিৱৰ্তনৰ লগত জড়িত হৈ থাকে।

 

৫। দ্ৰুতগতিৰ পাৰিৱেশিক অৱক্ষযে নিৰাপত্তাৰ সাংঘাতিক ভাবুকিৰ কাৰণ । তুমি এই উক্তিত একমতনে? যুক্তিৰে সাৰমৰ্ম লিখা।

অথবাঃ মানৱীয় নিৰাপত্তাৰ প্ৰতি দুটা ভাবুকিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ হয়, মই উক্ত উক্তিটো মানি লওঁ যে দ্রুতগতিৰে হোৱা পাৰিৱেশিক অৱক্ষয়ে সমাজত নিৰাপত্তাৰ এক সাংঘাটিক ভাবুকিৰ সৃষ্টি কৰে । মানৱীয় নিৰাপত্তাই ক্ষুধাৰ পৰা নিৰাপত্তা, আৰু দৰিদ্ৰতা; ৰোগ; প্ৰাকৃতিক দুর্যোগ, যেনে – বানপানী, আৰু ভূমিকম্প আদিযে বহু। বেছিসংখ্যক মানুহৰ প্ৰাণ হানি কৰে – যুদ্ধ, গণহত্যা, আতংকবাণী কাৰ্যাৱলীতকৈও। এই আটাইবোৰকে মানৱীয় নিৰাপত্তাই সামৰি লয়।

      মুঠতে, বিশ্ব নিৰাপত্তাৰ ধাৰণাটো উদ্ভৱ হৈছে কুৰি শতিকাৰ শেষৰ দশকটোত বিশ্বৰ প্ৰাকৃতিক ভাবুকিৰ বিপৰীতে যেনে— বিশ্বৰ উষ্ণতা বৃদ্ধি, বানপানী, ভূমিকম্প ইত্যাদি। পৃথিৱীৰ কোনো দেশেই এই প্রাকৃতিক ভাবুকিৰ বিৰুদ্ধে অকলে সন্মুখীন হ'ব বা সমাধান কৰিব নোৱাৰে । কিছুমান পৰিস্থিতিত ভৌগোলিক অৱস্থানৰ বাবে কোনো এখন দেশে নাইবা আন কোনো কাৰণতে, তেনে সমস্যাৰ বোজা কিছু বেছিকৈ বহন কৰিব লগা হ'ব পাৰে আন । দেশবোৰতকৈ । উদাহৰণ। স্বৰূপে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে সাগৰ পৃষ্ঠ ১,৫-২.০০ মিটাৰ বৃদ্ধিৰ ফলত বাংলাদেশৰ ২০ শতাংশ অঞ্চল, প্রায় সম্পূর্ণ মালদ্বীপপানীত ডুব যোৱা আৰু প্ৰায় আধা অংশ থাইলেণ্ড ডুব যোৱাৰ আশংকা কৰা হৈছিল । ঠিক তেনেদৰে দুখীয়া দেশবোৰত AIDS ৰ নিচিনা মহামাৰী বেমাৰত আক্ৰান্ত হোৱা সম্ভাৱনা বেছি দেখা যায় আন উন্নত দেশৰ তুলনাত । যিহেতু এনেধৰণৰ সমস্যাবোৰ বিশ্ব ব্যাপ্ত প্রকৃতি।, আন্তৰ্জাতিক, আৰু সকলোৰে সহযোগিতাৰ অবিহনে ইয়াক সমাধান। কৰা অসম্ভব, সেই কাৰণে সকলোৱে ঐক্যবদ্ধভাবে সন্মুখীন হ'ব লাগে।

 

৬। মানৱীয় নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ সম্পৰ্ক কি?

উত্তৰঃ মানৱীয় নিৰাপত্তাই সাধাৰণতে ৰাষ্ট্ৰক ৰক্ষণাবেক্ষণ দিয়াতকৈ জনসাধাৰণক বেছি ৰক্ষণাবেক্ষণ দিয়াটোক বুজায় । মানৱীয় নিৰাপত্তাৰ সমৰ্থকসকলে কয় যে ৰাষ্ট্ৰৰ প্রাথমিক লক্ষ্য হ'ল ইয়াৰ ব্যক্তিসকলক ৰক্ষণাবেক্ষণ দিয়া তেওঁলোকৰ মতে মানৱীয় নিৰাপত্তাৰ ধাৰণাই ক্ষুধা, ৰোগ ব্যাধি আৰু প্ৰাকৃতিক দূর্যোগ আদিক সন্নিবিষ্ট কৰা উচিত । কিয়নো, এইবোৰে এনেকি যুদ্ধতকৈ বেছি মানুহক মৃত্যুৰ মুখত পেলায় । এইদৰে মানৱীয় নিৰাপত্তাৰ নীতিযে এইবোৰ ভাবুকিৰ পৰা জনসাধাৰণক, সংঘৰ্ষ আৰু যুদ্ধতকৈ বেছি ৰক্ষণাবেক্ষণ দিয়া উচিত । কাৰণ দৰিদ্ৰতা, ক্ষুধা, ৰোগ ব্যাধি, প্রাকৃতিক দুর্যোগেহে মানুহৰ স্বাস্থ্যৰ লগত জড়িত হৈ এক অসহায়, নিৰুপাযতাৰ বেছি সৃষ্টি কৰে।

 

৭। প্ৰব্ৰজন আৰু মানৱীয় নিৰাপত্তাৰ মাজৰ সম্পৰ্ক কি? আলোচনা কৰা ।

উত্তৰঃ প্ৰব্ৰজন আৰু মানবীয় নিৰাপত্তাৰ মাজত এক গভীৰ সম্পৰ্ক আছে । মানুহে যেতিয়া এখন স্থান এৰি আন এক স্থানলৈ স্থায়ীভাৱে বসতি কৰাৰ উদ্দেশ্যে যায় তেত্যি তাক প্ৰব্ৰজন কোৱা হয়। এনে ধৰণৰ । প্ৰব্ৰজন নিজৰ অঞ্চলৰ ভিতৰত বা ৰাষ্ট্ৰখনৰ ভিতৰত বা বাহিৰত হ'ব পাৰে । কোনো ব্যক্তি বা ব্যক্তি সমষ্টিযে নিজৰ স্থান সলনি কৰিলে স্বেচ্ছা প্ৰব্ৰজন আৰু অনিচ্ছাই কৰিলে অনিচ্ছাকৃত প্ৰব্ৰজন বোলে।

      বর্তমান বিশ্বত প্ৰব্ৰজন এক মানৱ নিৰাপত্তাৰ সৈতে জড়িত বিষয় হৈ পৰিছে। প্ৰব্ৰজনৰ বাবে আন্তর্জাতিক সংগঠন নামৰ সংগঠনটো ২০১০ চনত প্ৰস্তুত কৰা প্রতিবেদন অনুসৰি গঠন কৰা হৈছিল। ২০১০ চন লৈকে আন্তর্জাতিক প্ৰব্ৰজনকাৰীৰ সংখ্যা হ'ল ২১৪ নিযুত । এনেদৰে প্ৰব্ৰজনৰ সংখ্যা বৃদ্ধি হলে ২০৫০ চনত ইয়াৰ সংখ্যা ৪০৫ নিযুতকৈও অধিক হ'ব।

      দক্ষিণৰ ৰাষ্ট্ৰসমূহৰ দৰিদ্ৰতাৰ বাবে বৃহৎ সংখ্যক লোকৰ উত্তৰৰ ধনী ৰাষ্ট্ৰসমূহলৈ প্ৰব্ৰজন। হয়। সাধাৰণতে দৰিদ্ৰতা বা কৰ্ম সংস্থাপনৰ বাবে এখন ৰাষ্ট্ৰৰ লোকে অন্য এখন ৰাষ্ট্ৰলৈ গমন কৰে। এনেদৰে প্ৰব্ৰজন হোৱা লোকসকলে যথেষ্ট দুর্দশাত ভুগিব লগা হয়। কাৰণ তেওঁলোকে যিখন ৰাষ্ট্ৰলৈ নিৰাপত্তাৰ বাবে যায় সেই ৰাষ্ট্ৰথনে তেওঁলোকক ৰাখিবলৈ বা সংস্থাপন দিবলৈ সন্মত নহয়।

 

অতি দীঘল উত্তৰৰ প্ৰশ্নঃ

১। মানৱ নিৰাপত্তা কি? মানৱ নিৰাপত্তাৰ সংকীৰ্ণ আৰু বহল। ধাৰণাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ মানৱ নিৰাপত্তা হ'ল জনগণৰ নিৰাপত্তা। ই ৰাষ্ট্ৰৰ সুৰক্ষাতকৈ জনগণৰ সুৰক্ষাক অধিক গুৰুত্ব দিয়ে। মানৱ নিৰাপত্তাৰ প্ৰধান লক্ষ্য হ'ল ব্যক্তিক সুৰক্ষা প্ৰদান কৰা।

      মানৱ নিৰাপত্তাৰ সংকীৰ্ণ অৰ্থই ব্যক্তিৰ প্ৰতি থকা হিংসাত্মক ভাবুকিৰ দিশটোৰ ওপৰত বেছিকৈ গুৰুত্ব প্ৰদান কৰে। আনহাতে, বহল অথই ব্যাখ্যা আগবঢ়াইছে যে ভোক, ৰোগ, প্রাকৃতিক দুর্যোগে মানৱ নিৰাপত্তাৰ প্ৰতি বেছি ভাবুকিৰ সৃষ্টি কৰে, যুদ্ধ সন্ত্ৰাসবাদতকৈও। ই অৰ্থনৈতিক নিৰাপত্তা আৰু মানৱীয় মর্যাদাকে সামৰি লৈছে । অন্যধৰণে ক'বলৈ হ'লে, মানৱ নিৰাপত্তাই অভাৱৰ পৰা মুক্ত ' আৰু ভৰ পৰা মুক্ত  হোৱাত গুৰুত্ব প্ৰদান কৰে।

 

প্রশ্ন ২। বিশ্ব দৰিদ্ৰতাৰ বিষযে চমুকৈ লিখা।

উত্তৰঃ মানৱ জীৱনত দৰিদ্ৰতাই আটাইতকৈ বেছি নিৰাপত্তাহীনতাত ভোগায়। অত্যধিক জনসংখ্যা বৃদ্ধিৰ হাৰ আৰু বিশ্বৰ দৰিদ্ৰতাই অপৰম্পৰাগত নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰে । বৰ্তমান বিশ্বত দেখা দিয়া বিভিন্ন স্বাস্থ্যজনিত ভাবুকি যেনে ভয়ংকৰ মহামাৰী, AIDS, পক্ষীৰ, খুৱাইন ফ্লু · মেলেৰিা, কলেৰা আদিয়ে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ জনসাধাৰণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰ এখনত যেতিয়া কৰ্ম সংস্থাপনৰ অভাৱ বা আযৰ কোনো সুবিধা নাথাকে, তেতিয়া জনসাধাৰণৰ জীৱনলৈ লাগি আহে দৰিদ্ৰতা। এনেদৰে দৰিদ্ৰতাই “মানুহক সকলোফালৰ পৰা নিৰাপত্তাহীনতাত ভোগায়।

 

৩। ভাৰতীয় দৃশ্যপট চাই কি কি ধৰণৰ নিৰাপত্তাক ভাৰতত অগ্ৰাধিকাৰ দিয়া হৈছে– পৰম্পৰাগত নে অপৰম্পৰাগত? যুক্তিৰে সামৰ্শ দাঙি ধৰিবলৈ তুমি কি উদাহৰণ দিবা।

অথবাঃ ভাৰতত নিৰাপত্তা কৌশলৰ উপাদানসমূহৰ বিষযে চমুকৈ আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষই স্বাধীনতাৰ পাছৰে পৰা নিৰাপত্তাৰ ক্ষেত্ৰত পৰম্পৰাগত আৰু অপৰম্পৰাগত ভাবুকিৰ সন্মুখীন হৈ আহিছে যিবোৰ সীমাৰ ভিতৰৰ পৰা আৰু সীমাৰ বাহিৰৰ পৰা আহি আছে। এই সকলোবোৰ ভাবুকিকে পৰম্পৰাগত আৰু অপৰম্পৰাগত এই দুটা ভাগত ভাগ কৰিব পাৰি৷

      প্ৰথম অৱস্থাত, ভাৰতে ইয়াৰ সামৰিক শক্তি আৰু আনৱিক শক্তি বৃদ্ধিৰ বাবে চেষ্টা চলাই আহিছে৷ ভাৰতে চীন আৰু পাকিস্তানৰ দৰে আণবিক শক্তিৰ অধিকাৰী প্ৰতিবেশী ৰাষ্ট্ৰৰ সৈতে সংঘৰ্ষত লিপ্ত হ'ব লগা হৈছে। চীন দেশে ১৯৬২ চনত ভাৰতক আক্ৰমণ কৰিছিল।

 

      আনহাতে পাকিস্তানে কমেও তিনি চাৰিবাৰ ভাৰতৰ লগত যুদ্ধত লিপ্ত হৈছে— ১৯৪৭, ৪৮, ১৯৬৫ আৰু ১৯৭১; ১৯৯৯ চনত । ভাৰতে। আণৱিক অস্ত্ৰ প্ৰথমে পৰীক্ষা কৰিছিল— ১৯৭৪ চনত আৰু পুনৰ পৰীক্ষা কৰিছিল ৯৯৮ চনত । ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষাৰ বাবেই এই শক্তি বৃদ্ধি কৰাৰ যুক্তিযুক্ততা চৰকাৰে দেখুৱাইছে।       

       দ্বিতীয় ক্ষেত্ৰত, ভাৰতৰ নিৰাপত্তা শক্তি বৃদ্ধি কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় চৰ্ত, আন্তঃৰাষ্ট্ৰীয় সংস্থাবোৰত ভাৰতৰ নিৰাপত্তাৰ স্বাৰ্থবোৰ পূৰণ কৰিব লাগিব । ভাৰতৰ প্ৰথম প্রধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে ঔপনিবেশিক শাসন মুক্ত হোৱা, নিৰঞ্জীকৰণ কৰা, আৰু এছিয়াৰ ঐক্য সাধন কৰা, আদি কাৰ্যক সমৰ্থন কৰিছিল । ভাৰতে গোষ্ঠী নিৰপেক্ষতা নীতি ব্যৱহাৰ কৰি এটা শান্তিপূর্ণ অঞ্চল গঢ়ি তুলিব বিচাৰিছিল যাতে দুটো শক্তিশালী সামৰিক গোষ্ঠীৰ পৰা সমান দূৰত্ব ৰক্ষা কৰিব পাৰি ।

      তৃতীয়তে, ভাৰতৰ নিৰাপত্তাৰ আন এটা কৌশল হ'ল ভাৰতৰ। সীমাৰ ভিতৰৰ আভ্যন্তৰীণ প্ৰত্যাহ্নবোৰৰ সম্মুখীন হোৱাৰ প্ৰচেষ্টা চলোৱা। নাগালেণ্ড, মিজোৰাম, পাঞ্জাব, জম্মু - কাশ্মীৰ আদি ৰাজ্যই ভাৰত যুক্তৰাষ্ট্ৰৰ পৰা বিঘ্নিত হ'বলৈ দাবী জনাই, বিভিন্ন। আতংকব্বাদী কাৰ্যত লিপ্ত হৈছে ৷ ভাৰত চৰকাৰে সমগ্ৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংহতি ৰক্ষা কৰিবলৈ গণতান্ত্রিক পদ্ধৰি ৰাজনীতি অৱলম্বন কৰি ইয়াক মীমাংসা কৰিবলৈ চেষ্টা কৰিছে

      চতুৰ্থতে, ভাৰতে দেশখনৰ অৰ্থনীতি উন্নতি এনেদৰে কৰিব বিচাৰে যাতে বিশাল জনগণৰ মাজৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰিব পৰা যায়, নাগৰিকৰ মাজৰ বৈষম্য আঁতৰাব পৰা যায় আৰু এখন উন্নত সমাজ ব্যৱস্থা গঢ়ি তুলিব পৰা যায় তাৰে প্ৰচেষ্টা চলাব খোজে।

      এইদৰে এই আলোচনাৰ সামৰণিত ইয়াকে প্ৰতিপন্ন কৰা হয় যে ভাৰতীয় দৃশ্যপট চাই দেশখনে পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তা দুটো পন্থাকে অগ্ৰাধিকাৰ দিব বিচাৰে৷

Advertisement

………………………

 

৪। তৃতীয় বিশ্বৰ জনসাধাৰণে সম্মুখীন হোৱা আৰু প্ৰথম বিশ্বৰ জনসাধাৰণে সন্মুখীন হোৱা ভাবুকিৰ মাজৰ পাৰ্থক্যবোৰ কি কি?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰুচিয়া, এই দুই চূড়ান্ত ক্ষমতাশালী গোষ্ঠী। দুটাৰ মাজত হোৱা শীতল যুদ্ধবোৰ দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত হোৱা প্ৰায় ১/৩ অংশ যুদ্ধৰ বাবে দায়বদ্ধ আছিল । এই যুদ্ধবোৰৰ প্ৰায় ভাগ যুদ্ধই হৈছিল তৃতীয় বিশ্বৰ দেশবোৰত । যিদৰে ইউৰোপীয়ান ঔপনিৱেশিক শক্তিবোৰে উপনিৱেশবোৰত আন্দোলন। হোৱাৰ ভয় কৰিছিল, সেইদৰে উপনিৱেশবোৰেও স্বাধীন হোৱাৰ পাছত ভয় কৰিছিল যে তেওঁলোকক ইউৰোপৰ ঔপনিবেশিক শক্তিবোৰে আক্রমণ কৰিব৷ সেইবাবে নতুনকৈ স্বাধীন হোৱা তৃতীয় বিশ্বৰ, দেশৰ বাৰে আৰু এখন সাম্রাজ্যবাদী যুদ্ধ হোৱাৰ ভয় কৰিছিল ।

      তৃতীয় বিশ্বৰ নতুনকৈ স্বাধীনতা পোবা দেশবোৰে সন্মুখীন হোৱা নিৰাপত্তাৰ প্ৰত্যাহ্বান। প্ৰথম বিশ্বৰ দেশৰ বাৰে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ পৰা দুই প্ৰকাৰে পৃথক । প্ৰথমতে, নতুনকৈ স্বাধীন হোৱা দেশবোৰে প্ৰতিবেশী ৰাজ্যবোৰৰ পৰা সামৰিক সংঘৰ্ষ হোৱাৰ আশংকাত থাকে। দ্বিতীয়তে, তেওঁলোকে নিজৰ দেশতে আভ্যন্তৰীণ সামৰিক সংঘৰ্ষৰ আশংকাতো উদ্বিগ্ন হৈ থাকিব লগা হয়। এই দেশৰ বাৰে সীমাৰ বাহিৰৰ প্ৰতিবেশীৰ ভাবুকিৰো সম্মুখীন হ'ব লাগে আৰু আনহাতে তৃতীয় বিশ্বৰ ভিতৰৰ দেশবোৰৰ পৰাও ভাবুকিৰ সন্মুখীন হ'ব লাগে ।

      অভ্যন্তৰীণভাৱে নতুন দেশবোৰে বিচ্ছিন্নতাবাদী আন্দোলনৰ বাবেও উদ্বিগ্ন আৰু ভীতিগ্ৰস্ত হৈ থাকিব লগা হয় । প্ৰতিবেশী ৰাষ্ট্ৰযো আভ্যন্তৰীণ বিচ্ছিন্নতাবাদীসকলক উচটনি দিয়া কাৰ্যত লিপ্ত হৈ দুয়োখন দেশতে উদ্বিগ্নতা বৃদ্ধি কৰা কাৰ্যত লিপ্ত হয়। সেইকাৰণে তৃতীয় বিশ্বৰ দেশবোৰৰ ক্ষেত্ৰত প্ৰতিবেশী ৰাজ্যৰ লগত যুদ্ধ আৰু দেশৰ ভিতৰৰ । আভ্যন্তৰীণ কন্দলৰ মুখামুখি প্ৰত্যাহ্বানে নিজৰ নিৰাপত্তা বিপদাপন্ন কৰি তোলে। কিন্তু এই আটাইবোৰ সমস্যা। প্রথম বিশ্বৰ দেশবোৰত দেখা। নাযায়।

 

৫। সামৰিক মিত্ৰতাৰ উদ্দেশ্যবোৰ কি? সামৰিক মিত্রগোট এটাৰ নিৰ্দিষ্ট উদ্দেশ্যৰে সৈতে ইয়াৰ কাৰ্যাৱলীৰ উদাহৰণ দিয়া ।

উত্তৰঃ পৰম্পৰাগত নিৰাপত্তা নীতিৰ এটা গুৰুত্বপূৰ্ণ উপাদন হ'ল মিত্রতা গঢ়ি তোলা । মিত্ৰতা হ'ল কিছুমান ৰাষ্ট্ৰৰ সন্মিলন, যিযে সামৰিক আক্ৰমণৰ বিৰুদ্ধে ঐক্যবদ্ধ কাৰ্যৰে বাধা দিব নাইবা প্ৰতিক্ষা দিব পাৰে। ৰাষ্ট্ৰবোৰে মিত্ৰতা গঢ়ি তোলে, অন্যদেশ বা মিত্ৰ গোষ্ঠীৰ বিৰুদ্ধে সক্ৰিয় কাৰ্যকৰী শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্যে। ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰতে নিৰ্ভৰ কৰি মিত্ৰতা গঢ়ি উঠে আৰু স্বাৰ্থৰ পৰিৱৰ্তন হ'লে, মিত্ৰতাৰ পৰিৱৰ্তন হয়।

      ১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধৰ শেষত ইউৰোপৰ দেশবোৰৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰইও সামৰিক মিত্রতা গঢ়ি তোলে। এই মিত্রতাবোৰৰ ভিতৰত NATO (উত্তৰ আটলান্টিক সন্ধি সংগঠন) আটাইতকৈ গুৰুত্বপূৰ্ণ মিত্রশক্তি। এই মিত্রতা গঢ়ি উঠিছিল ছোভিয়েট ৰুচিৰ শক্তি বৃদ্ধি হোৱাৰ বাবে । আনহাতে NATO বিপৰীতে, কমিউনিষ্ট দেশবোৰৰে, ছোভিয়েট ৰুচিৰ নেতৃত্বত — ওৱাৰছো' পেষ্ট ' (Warsow Pact) গঠন কৰে যাতে আৱশ্যক মতেনাটোৰ আক্ৰমণক প্ৰত্যাহ্বান জনাব পাৰে।

কিন্তু ১৯৯১ চনত যেতিয়া শীতল যুদ্ধৰ অৱসান ঘটিল আৰু ছোভিয়েট ৰুচি ভাগি বিলঘ্নিত হ'ল ইউৰোপৰ বহুতো কমিউনিষ্ট ৰাষ্ট্ৰই NATO ত যোগদান কৰিবলৈ আৰম্ভ কৰে । ১৯৯৪ চনত NATO- ৰ ব্ৰুচেলচ সন্মিলনত বহুতো পূর্ব ইউৰোপীয় দেশক NATO ত সামৰি লোৱা হৈছিল।         

      এনেকৈ ৰুছদেশেও আমেৰিকাৰ পৃষ্ঠপোষোকতাত গঢ়ি উঠা Partnership of peace ' সংস্থাত যোগদান কৰিছিল । এইদৰে । মিত্ৰতা গোষ্ঠীৰ পৰিৱৰ্তন, ক্ষমতাৰ ভাৰসাম্যতা' পৰিৱৰ্তনৰ লগত জড়িত হৈ থাকে ।

 

৬। ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য প্ৰাৰ্থীত্বৰ বাবে ভাৰতৰ দাবী সমৰ্থন কৰানে? যুক্তিৰে উত্তৰ লিখা ।

উত্তৰঃ ভাৰতৰ এজন নাগৰিক হিচাপে, নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ প্ৰাৰ্থীত্বৰ বাবে মই মোৰ অন্তঃকৰণেৰে সৈতে সমৰ্থন জনাম ৷ ভাৰত নিশ্চিতভাৱেই স্থায়ী সদস্য পদৰ যাগ্য প্ৰাৰ্থী কাৰণ। ভাৰতে ৰাষ্ট্ৰসংঘই নিৰ্ধাৰণ কৰা সকলো অৰ্হতা প্ৰায় পূৰণ কৰিছে।

      (i) ভাৰত পৃথিৱীৰ ভিতৰতে দ্বিতীয় বৃহত্তম জনসংখ্যাৰ দেশ। ইয়াৰ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ ১/৫ ভাগ।

      (ii) ভাৰতবৰ্ষ পৃথিৱীৰ দ্বিতীয় বৃহত্তম আৰু দীৰ্ঘতম গণতান্ত্রিক দেশ।

      (iii) ভাৰতে ৰাষ্ট্ৰসংঘৰ সকলোবোৰ অগ্ৰগামী কামতে অংশগ্ৰহণ কৰি আহিছে।

      (iv) ৰাষ্ট্ৰসংঘৰ বিভিন্ন দেশৰ সংঘৰ্ষৰ ক্ষেত্ৰত অনুষ্ঠিত কৰা শান্তিৰক্ষাৰ অভিযান ভাৰতৰ অংশগ্ৰহণ বৰ প্রসংশনীয় আছিল।

      (v) ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে এখন উল্লেখনীয় আৰ্থিকভাৱে টনকীয়াল দেশ বুলি পৰিগণিত হৈছে।

      (vi) ভাৰতবৰ্ষই সদাযে নিয়মীয়াকৈ ৰাষ্ট্ৰসংঘত আর্থিক বৰঙণি যোগাই আহিছে। কোনো ক্ষেত্ৰত অনিয়ম কৰা নাই

      এই সকলোবোৰ ক্ৰিাৰ ক্ষেত্ৰতে ভাৰত যে এখন যোগ্য সদস্য ৰাষ্ট্ৰ আৰু নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ পদৰীৰ বাবে উপযুক্ত প্রার্থী তাত কোনো সন্দেহ নাই ।

 

৭। যদিও ৰাষ্ট্ৰসংঘই যুদ্ধ আৰু ইয়াৰ লগত জড়িত দুখ কষ্টবোক বাধা দিত বিফল হৈছে, তথাপি হ্যাক প্ৰচলিত হৈ থকাটো বিচাৰে । কিহে ৰাষ্ট্ৰসংঘক এটা অত্যাৱশ্যকীয় সংস্থা কৰিছে?

অথবাঃ বৰ্তমানৰ একক মেৰু বিশ্বত তুমি ভাবা নেকি যে ৰাষ্ট্ৰসংঘ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমকক্ষত? যুক্তি দিয়া।

উত্তৰঃ শীতল যুদ্ধ অৱসান হোৱাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰই পৃথিৱীত একমাত্র চুড়ান্ত বিশ্বশক্তিত পৰিণত হৈছে । ইয়াৰ কোনো প্রতিদ্বন্দ্বী নাই, যিয়ে ই্যাক বিৰোধিতা কৰিব পাৰিব আমেৰিকাক বাধা দিওঁতা কোনো নাই ; যি ইচ্ছা তাকে কৰিব পাৰে। এনে এক। পৰিস্থিতিত ৰাষ্ট্ৰসংঘ একমাত্র সংস্থা যিয়ে আমেৰিকাই ইচ্ছামতে কৰা কার্যক বাধা দিব পাৰে । প্ৰকৃততে আমেৰিকাৰ ক্ষমতাক ৰাষ্ট্ৰসংঘই সহজে বাধা দিব নোৱাৰে কাৰণ

      (i) ছোভিয়েট ৰুচিৰ অন্তৰ্ধান হোৱাৰ পাছত আমেৰিকাই হ'ল একমাত্র চূড়ান্ত ক্ষমতা।

      (ii) আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ সামৰিক আৰু অৰ্থনৈতিক ক্ষমতা।

      (iii) আমেৰিকাই ৰাষ্ট্ৰসংঘৰ একমাত্ৰ সৰ্ববৃহৎ বৰঙণি যোগাওঁতা।

      (iv) ৰাষ্ট্ৰসংঘ মূল কাৰ্যালয় সোঁ- শৰীৰে অৱস্থিত হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰতে।

      (v) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভেটো প্ৰদানৰ ক্ষমতা।

      (vi) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষমতাই বিশ্বৰ সকলো ক্ষমতাকে সমানে বিভাজিত কৰি বিৰোধী ক্ষমতা হ্ৰাস কৰিব পাৰে ।

Advertisement

………………………

 

৮। “ৰাষ্ট্ৰসংঘক সংস্কাৰ কৰা মানে নিৰাপত্তা পৰিযদক পুনৰ সংগঠন কৰা ” –এই উক্তিটোৰ লগত তুমি একমত নে? এই কথাৰ সপক্ষে বা বিপক্ষে যুক্তি দিয়া।

উত্তৰঃ হয়, মই এই উক্তিৰ লগত একমত, যে- ৰাষ্ট্ৰসংঘক সংস্কাৰ কৰা মানে নিৰাপত্তা পৰিষদক পুনৰ সংগঠন কৰা । কাৰণ নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগ যিযে বিশ্বত শান্তি নিশ্চিত। কৰাৰ বাবে দায়বদ্ধ । ইয়াৰ ১৫ জন সদস্য ৰাষ্ট্ৰ আছে- ৫ জন স্থায়ী আৰু ১০ জন অস্থায়ী সদস্য, যিসকলক সাধাৰণ সভাই দুই বছৰৰ বাবে নিৰ্বাচিত কৰে । স্থায়ী পাঁচখন সদস্য ৰাষ্ট্ৰই 'ভেটো ক্ষমতা' উপভোগ কৰে।

      ভেটো ক্ষমতা মানে পাঁচখন ৰাষ্ট্ৰৰ যদি এখন ৰাষ্ট্ৰইও নেতিবাচক ভোট দিয়ে বা অসন্মতি প্ৰকাশ কৰে, ৰাষ্ট্ৰসংঘই কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে ৷ ইয়াৰ অৰ্থ হ'ল— কোনো সিদ্ধান্তৰ ক্ষেত্ৰত যদি পাঁচখনৰ। এখন ৰাষ্ট্ৰই বিৰোধিতা কৰে নাইবা বিৰুদ্ধে ভোট দিয়ে তেনে সিদ্ধান্ত নাকচ হৈ যায় । শান্তিৰ ক্ষেত্ৰত অহা ভাবুকি নাইবা দুখন বা তাতকৈ বেছি ৰাষ্ট্ৰৰ মাজত সংঘটিত হোৱা যুদ্ধত নিৰাপত্তা পৰিষদে শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

      এইদৰে নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগ ; ইয়াৰ সংস্কাৰ সাধন কৰা অতি দৰকাৰ সেইবাবে ইয়াৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা বৃদ্ধি কৰিব লাগে যাতে বেছিসংখ্যক ৰাষ্ট্ৰই যোগদান কৰিব পাৰে ।

Post a Comment

Post a Comment (0)

Previous Post Next Post