পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ। Class 12th Political Science Notes in Assamese

 

পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ

ৰাজনীতি বিজ্ঞান

দ্বাদশ শ্ৰেণী

পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ। Class 12th Political Science Notes in Assamese
পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ


অতি চমু উত্তৰৰ প্ৰশ্নঃ (মূল্যাংক-১)

১) UNEP ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ United Nations Environment Programme.

 

২) ধৰিত্ৰী শীর্ষ সন্মিলন কি?

উত্তৰঃ ধৰিত্ৰী শীৰ্ষ সন্মিলন হ'ল ১৯৯২ চনৰ জুনত ব্রাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত ৰাষ্ট্ৰসংঘই অনুষ্ঠিত কৰা পৰিৱেশ আৰু উন্নয়ন সম্পৰ্কীয় সন্মিলন।

 

৩) থালী ঠাই পূৰ কৰাঃ

প্ৰথম বিশ্বক সাধাৰণতে_____হিচাপে সূচোৱা হয়।

উত্তৰঃ প্রথম বিশ্বক সাধাৰণতে উত্তৰ বিশ্বায়ন হিচাপে সূচোৱা হয়।

 

৪) কিটপ্রটকলত ভাৰতে কেতিয়া স্বাক্ষৰ আৰু সমৰ্থন কৰিছিল?

উত্তৰঃ ২০০২ চনত।

 

৫) হয় নে নহয় লিখা।

ৰিঅসন্মিলনে এজেণ্ডা-২১ নামৰ উন্নয়নমূলক প্ৰকৰণৰ এক তালিকাk অনুমোদন জনাইছিল।

উত্তৰঃ হয়।

 

৬) সেউজ গৃহৰ গেছ নির্গমণে কি সূচায়?

উত্তৰঃ পৃথিৱীয়ে এৰি দিয়া গেছসমূহ বাহিৰলৈ যাব নোৱাৰি বায়ুমণ্ডলতে থাকি যায় আৰু সূৰ্যৰ তাপ শোষণ কৰি পৃথিৱীৰ উষ্ণতা বৰ্তাই ৰখাত সহায় কৰে। এই গেছবোৰকে সেউজ গৃহ গেছ বোলে।

 

৭) UNFCCC ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ United Nations Framework Convention on Climate Change.

 

) খিলঞ্জীয়া লোকৰ বিশ্ব পৰিষদ কোন চনত গঠিত হৈছিল?

উত্তৰঃ ১৯৭৫ চনত।

 

৯) পৰিৱেশ সচেতনতা দিৱস কোন দিনা উদ্যাপন কৰা হয়?

উত্তৰঃ ৫ জুন।

 

১০) এজেণ্ডা - ২১ কি?

উত্তৰঃ ১৯৯২ চনত অনুষ্ঠিত ৰিঅ' শীৰ্ষ সন্মিলনৰ অধিৱেশনত বিশেষকৈ আলোচনা কৰা হৈছিল জলবায়ুৰ পৰিৱৰ্তন, জৈৱ বিভিন্নতা, বনাঞ্চল আৰু উন্নয়নৰ অনুশীলনৰ বাবে এখন তালিকা অনুমোদিত কৰা হৈছিল। এই তালিকাখনকে এজেণ্ডা-২১বুলি জনা যায়।

 

১১) পৰিৱেশ সম্পৰ্কীয় আইন প্ৰণয়নৰ প্রয়োজনীয়তা কি?

উত্তৰঃ পৰিৱেশ সংৰক্ষণৰ স্বাৰ্থত ।

 

১২) কি কাৰণে ভাৰতবৰ্ষক আৱশ্যকীয়তাসমূহ পূৰণ কৰাৰ পৰা ৰেহাই দিয়া হৈছিল?

উত্তৰঃ উন্নয়নশীল ৰাষ্ট্ৰ হোৱা বাবে ভাৰতক ৰেহাই দিয়া হৈছিল।

 

১৩) গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি ভবা দুবিধ গেছৰ নাম লিখা।

উত্তৰঃ গোলকীয় উষ্ণতা বৃদ্ধি কৰা গেছ দুবিধ হৈছে—

      (ক) কার্বন-ডাই-অক্সাইড।

      (খ) হাইড্রোক্লৰাইড।

 

১৪) বিশ্বৰ সামূহিক সম্পদ দুটাৰ উদাহৰণ দিয়া।

উত্তৰঃ বিশ্বৰ সামূহিক সম্পদ দুটা হ'ল—

      (ক) নদী

      (খ) পৃথিৱীৰ জলবায়ু

 

চমু উত্তৰৰ প্ৰশ্নঃ (মূল্যাংক-২)

১) কিট'প্ৰট'কলৰ বাধ্যবাধকতাৰ পৰা ভাৰতক কিয় ৰেহাই দিয়া হৈছিল?

উত্তৰঃ ভাৰত, চীনৰ দৰে অন্যান্য উন্নয়নশীল ৰাষ্ট্ৰসমূহক উদ্যোগীকৰণৰ সময়ছোৱাত নিৰ্গত কৰা সেউজ গৃহ গেছৰ পৰিমাণ নগণ্য হোৱাৰ বাবে কিয়ট চুক্তিৰ বাধ্যবাধকতাসমূহ পূৰণৰ পৰা কিছু ৰেহাই দিয়া হৈছিল।

 

২) উমৈহতীয়া সম্পদৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ উমৈহতীয়া সম্পদৰ দুটা উদাহৰণ হ'ল- পৃথিৱীৰ বায়ুমণ্ডল, সাগৰপৃষ্ঠ আৰু মহাকাশ।

 

৩) উমৈহতীয়া সম্পদৰ ওপৰত সহযোগিতা সহজ নহয় বুলি ভাবা নেকি?

উত্তৰঃ কিয়নো প্রত্যেক ৰাষ্ট্ৰই উমৈহতীয়া সম্পদসমুহ ৰক্ষণাবেক্ষণৰ বাবে সমভাৱে দায়ৱদ্ধতা অনুভৱ নকৰে ।

 

৪) গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি বিবেচিত গেছ দুটাৰ নাম লিখা।

উত্তৰঃ কাৰ্বন-ডাই-অক্সাইড (CO,) আৰু মিথেন।

 

৫) খিলঞ্জীয়া লোক সম্পৰ্কে ৰাষ্ট্ৰসংঘৰ সূত্ৰটো লিখা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সংজ্ঞা অনুসৰি পৃথিৱীৰ বিভিন্ন অঞ্চলৰ বিভিন্ন সংস্কৃতি তথা নৃ-গোষ্ঠীয় মূলৰ লোকসকলৰ প্ৰব্ৰজন ঘটাৰ সময়ত কোনো এক অঞ্চলত বসতি স্থাপন কৰি থকা জনগোষ্ঠীৰ উত্তৰপুৰুষসকলক সেই অঞ্চলৰ থলুৱা অধিবাসী বুলি জনা যায়।

 

৬) গ্ৰীণ হাউছ বা সেউজ গৃহ গেছ কাক বোলে? ইয়াৰ ফলাফল কি?

উত্তৰঃ কিছুমান গেছ যেনে- কার্বন-ডাই-অক্সাইড, মিথেন, হাইড্রোক্ল'ৰাইড, কার্বন, আদিক গ্রীন হাউচ গেছ বোলা হয়। এই গেছবোৰ আংশিকভাবে হলেও গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি বিবেচনা কৰা হয়। গোলকীয় উষ্ণতাই পৃথিৱীৰ তাপমাত্রা বৃদ্ধি কৰে, যিযে পৃথিৱীৰ জীৱ জগতত এক অনিষ্টকাৰী পৰিণামৰ সৃষ্টি কৰে।

 

৭) এজেন্দা ২১কি?

উত্তৰঃ ১৯৯২ চনত অনুষ্ঠিত ৰিঅ' শীৰ্ষ সন্মিলনৰ অধিৱেশনত জলবায়ুৰ পৰিবৰ্তন, জৈৱ বিভিন্নতা, বনাঞ্চল আৰু উন্নয়নৰ অনুশীলনৰ বাবে এখন তালিকা অনুমোদিত কৰা হৈছিল। এই তালিকাখনকে এজেন্দা-২১ বুলি জনা যায়। কিন্তু সমালোচকসকলে আঙুলিয়াইছে যে এই এজেন্দাখন আর্থিক বৃদ্ধিৰ ক্ষেত্ৰত একপক্ষীয় পৰিৱেশ ভাৰসাম্যতাৰ বিৰোধী।

 

৮) গোলকীয় জনসাধাৰণৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ (ক) উত্তৰ গোলার্ধ গোলকীয় জনসাধাৰণ

          (খ) দক্ষিণ গোলাৰ্ধৰ গোলকীয় জনসাধাৰণ

 

৯) সাগৰীয় আৰু উপকূলীয় অৱনতি কি?

উত্তৰঃ সাগৰীয় আৰু উপকূলীয় অৱনতি হ'ল- সাগৰ-মহাসাগৰৰ। উপকূলীয় অঞ্চলত প্ৰদূষণ বৃদ্ধি পাইছে। উপকূলীয় অঞ্চলৰ জনবসতিযে এই অঞ্চলবোৰ প্ৰদূষিত কৰিছে আৰু অৱনতিও হৈছে। নিয়ন্ত্ৰণ নকৰিলে আৰু বেছি দূষিত হ'ব।

 

১০) কিটো প্ৰটকলৰ পৰা ভাৰত আৰু চীনদেশক কিয় আঁতৰত ৰখা হৈছিল ?

উত্তৰঃ ভাৰত আৰু চীন আদি উন্নয়নশীল ৰাষ্ট্ৰসমূহে জনমূৰি নিৰ্গমন কৰা সেউজ গৃহ গেছৰ পৰিমাণ উন্নত দেশৰ জনমূৰি নিৰ্গমনৰ তুলনাতকৈ যথেষ্ট কম সেইবাবে উক্ত দুয়োখন ৰাষ্ট্ৰকে আঁতৰাই ৰখা হৈছিল।

 

দীঘল উত্তৰৰ প্ৰশ্নঃ (মূল্যাংক-৩///৬)

১) গোলকীয় ৰাজনীতিৰ পৰিমণ্ডলৰ ভিতৰত পাৰিপাৰ্শ্বিক বিষয়সমূহ একগোট কৰাত UNO ৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ বিশ্বত এক সুস্থ আৰু স্বাস্থ্যসম্মত পাৰিপাৰ্শ্বিক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই আৰম্ভণিৰে পৰাই এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন। কৰি আহিছে। ৰাষ্ট্ৰসংঘই মানৱ জাতিৰ ভবিষ্যত সুৰক্ষিত কৰাৰ বাবে এক সেউজ পৰিৱেশৰ প্ৰয়োজনীয়তা সম্পৰ্কে ৰাষ্ট্ৰসমূহৰ মাজত সজাগতা সৃষ্টি আৰু সহযোগিতা স্থাপনৰ ওপৰত প্ৰচেষ্টা চলাই আহিছে। এইক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় কাঠামো চুক্তি প্ৰশ্নৰ কথা উল্লেখযোগ্য।

 

২) ৰিঅ' শীৰ্ষ সন্মিলনৰ ওপৰত এটি টোকা লিখা।

নাইবাঃ

ৰিঅ' শীর্ষ সন্মিলনৰ ফলাফল কি আছিল?

উত্তৰঃ বিশ্বৰ পাৰিৱেশিক বিষয়ত, গোলকীয় ৰাজনীতিৰ ক্ষেত্ৰত বৰ্ধিত গুৰুত্ব সু-প্রতিষ্ঠিত কৰিছিল ১৯৯২ চনৰ জুনত, ব্ৰাজিলৰ ৰিঅ -ডি-জেনেইৰোত বহা ৰাষ্ট্ৰসংঘৰ পাৰিৱেশিক আৰু উন্নয়নৰ শীৰ্ষ সন্মিলনখনে। এই সন্মিলনখনক পৃথিৱীৰ সন্মিলন (Earth Summit ) বুলিও কোৱা হয়। এই সন্মিলনত ২৭০ খন ৰাষ্ট্ৰই যোগদান কৰিছিল।

      ইয়াত হাজাৰ-হাজাৰ বে-চৰকাৰী সংগঠনে (N.G.O) আৰু বহুতো বহুজাতিক সংগঠনেও যোগদান কৰিছিল। এই সন্মিলনত বিশেষকৈ আলোচনা কৰা হৈছিল, জলবায়ুৰ পৰিবৰ্তন, জৈৱবিভিন্নতা, বনাঞ্চল আদি বিষয়ত। লগতে এইবিলাকৰ উন্নয়নৰ অনুশীলনৰ বাৱে এখন তালিকা প্রস্তুত কৰা হৈছিল যাক “Agenda-21” বুলি কোৱা হয়।

      এই প্ৰচেষ্টাত যদিও বহুতো পাৰ্থক্য আৰু কষ্ট অমীমাংসিত হৈয়ে থাকিল তথাপি আৰ্থিক উন্নয়নৰ লগত পৰিৱেশিকা ভাৰসাম্যতাৰ দায়বদ্ধতাৰ মিলন ঘটোৱাৰ ক্ষেত্ৰত সকলোৱে একমত হৈছিল। এই দৃষ্টিভংগীটোকে বৰ্তি থাকিব পৰা উন্নয়ন বুলি জনা যায় ৰাষ্ট্ৰসংঘৰ এই সন্মিলনখনৰ পৰা বিশ্বৰাজনীতিত পাৰিৱেশিক বিষবোৰ গুৰুত্বপূৰ্ণ হৈ পৰে।

 

৩) খিলঞ্জীয়া অধিবাসী (Indigenous) জনগোষ্ঠীৰ সংজ্ঞা দিয়া।

উত্তৰঃ ৰাষ্ট্ৰসংঘই খিলঞ্জীয়া অধিবাসী জনগোষ্ঠীৰ সংজ্ঞা দি কৈছে যে ই জনসাধাৰণৰ বংশধৰসকলৰ সমষ্টি যিযে বৰ্তমানৰ ৰাষ্ট্ৰ এখনৰ এটা অঞ্চলত বসবাস কৰি থকাৰ সময়তে পৃথিৱীৰ আনদেশৰ বেলেগ সংস্কৃতিৰ বা জনগোষ্ঠীৰ লোকে তেওঁলোকক বশ কৰি শাসন কৰে । এনেদৰে বশ হৈ থকা লোকসকলেই হ'ল থলুৱা বাসিন্দা।

 

৪) কিয়োটো প্ৰটকল কি? কি কাৰণত ভাৰতক কিটো প্রটোকলৰ আচৰণ বিধিৰ পৰা ৰেহাই দিয়া হৈছে?

উত্তৰঃ অধিৱেশনৰ অংশীদাৰীসকলে সন্মতি প্ৰকাশ কৰে যে আটাইতকৈ ডাঙৰ ঐতিহাসিক ভাগটো আৰু বৰ্তমানৰ গোলকীয় কলা ধোৱা নিৰ্গমনৰ উৎপত্তি হৈছিল উন্নয়নশীল দেশবোৰত। আকৌ এই ক্ষেত্ৰতো সন্মতি প্ৰকাশ কৰিছিল যে ভাৰত আৰু চীন দেশৰ নিচিনা উন্নয়নশীল। দেশবোৰত জনমূৰী নিৰ্গমনৰ পৰিমাণ বৰ নিম্ন। সেইবাবে ভাৰত, চীন আৰু আন উন্নয়নশীল দেশবোৰক জাপানৰ কিয়োটো প্রটোকল (Kyoto Protocol) আৱশ্যকতাৰ পৰা ৰেহাই দিয়া হৈছে। কিয়টো প্রটোকল (Kyoto Protocol) 'ল এখন আন্তৰ্জাতিক চুক্তি, যাৰ দ্বাৰা ঔদ্যোগিক দেশবোৰ ক'লা ধোৱাৰ গেছ নিৰ্গত নকৰাৰ বাবে এটা লক্ষ্য থিৰ কৰি দিয়া হয়। কার্বন-ডাই-অক্সাইড, মিথেইন আদি গেছক গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত দায়ী বুলি বিবেচনা কৰা হৈছে। গোলকীয় উষ্ণতা বৃদ্ধি পৃথিৱীৰ জীৱ-জগতৰ বাবে সাংঘাতিক পৰিমাণে দেখা দিয়াৰ সম্ভাৱনাই দেখা দিছে।

 

৫) ভাৰত চৰকাৰে গোলকীয় উষ্ণতা উপশমৰ বাবে লোৱা পন্থাবোৰৰ কেইটামান উল্লেখ কৰা।

উত্তৰঃ কিছু সংখ্যক আঁচনিৰে ভাৰত চৰকাৰে উষ্ণতা উপশমৰ গোলকীয় প্ৰচেষ্টাত অংশ গ্ৰহণ কৰিছে।

      ক) ভাৰতৰ ৰাষ্ট্ৰীয় যান-বাহন, ইন্ধন নীতি হ'ল ভাৰত যান-বাহন ইন্ধনৰ পৰিষ্কাৰ কৰা ব্যৱস্থা।

      খ) শক্তি ৰক্ষণাবেক্ষণ আইন প্রণয়ন ২০০১ যে শক্তি উন্নয়নৰ সক্ষমতা বৃদ্ধিৰ প্ৰচেষ্টাৰ কথাকে বুজায়।

      গ) ২০০৩ চনৰ বৈদ্যুতিক আইনে শক্তি পুনৰ নতুন কৰা ব্যৱস্থাক উৎসাহিত কৰে।

      ঘ) উন্নত প্রাকৃতিক গেছৰ সদ্যকালীন ধাৰা আৰু উৎসাহজনক পৰিষ্কাৰ কয়লা কাৰিকৰী নীতি অৱলম্বনৈ দেখুৱাইছে যে ভাৰত চৰকাৰে এটা প্ৰকৃত প্ৰচেষ্টাই হাতত লৈছে।

      ঙ) প্ৰায় ১১ নিযুত হেক্টৰ ভূমি ব্যৱহাৰ কৰি ভাৰত চৰকাৰে ২০১১-১২ চনৰ ভিতৰত এটা জৈৱ-ডিজেল উৎপাদন কেন্দ্ৰ গঢ়ি তুলিবলৈ এটা ৰাষ্ট্ৰীয় মিছনৰ প্ৰচেষ্টা হাতত লবলৈ বৰ ইচ্ছা প্ৰকাশ কৰিছে।

      চ) পৃথিৱীত এটা সৰ্ববৃহৎ শক্তি পুনৰ্বিকীৰণৰ আঁচনি ভাৰত চৰকাৰে হাতত ল'বলৈ প্ৰচেষ্টাও লৈছে।

 

৬) পৰিৱেশ কেতিয়াৰ পৰা বিশ্বৰাজনীতিৰ লগত জড়িত হ'?

উত্তৰঃ পৰিৱেশ পৰিণামৰ সচেতনতাই ৰাজনৈতিক বৈশিষ্ট্য আহৰণা কৰে প্ৰায় কুৰি শতিকাৰ ষাঠিৰ দশকৰ পৰাই পৰিৱেশ ৰক্ষণাবেক্ষণৰ বিষয়ে প্রথম অধিৱেশন (summit) বহিছিল ১৯৭২ চনত চুইদেনৰ ষ্টকহ'লমত। কিন্তু দ্বিতীয় গুৰুত্বপূৰ্ণ অধিৱেশনখন বহিছিল, ১৯৯২ চনত ব্ৰাজিলৰ ৰিঅ-ডি-জেনেৰিঅত। এইখন অধিৱেশনকে পৃথিৱীৰ অধিৱেশন (Earth Summit ) বুলিও কোৱা হয়। সেই একে বছৰতে ৰাষ্ট্ৰ সংঘৰ সংগঠনিক কার্যৰ অধিৱেশন জলবায়ু পৰিবৰ্তনৰ (UNFCCC) ওপৰত অনুষ্ঠিত হৈছিল। ৰাষ্ট্ৰসংঘৰ এই পাৰিৱেশিক আঁচনি (UNEP) ৰ মতে পাৰিৱেশিক সমস্যাবোৰ সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় অধিৱেশনবোৰ অনুষ্ঠিত কৰিবলৈ আৰম্ভ কৰে। তেতিয়াৰে পৰা পৰিৱেশ এটা অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে গোলকীয় ৰাজনীতিত উদ্ভৱ হৈছে।

 

৭) গোলকীয় সামূহিক মানে কি? এইবোৰ কিদৰে আহৰণ আৰু প্ৰদূষিত কৰা হয় ।

উত্তৰঃ পৃথিৱীত এনে কিছুমান এলেকা নাইবা অঞ্চল আছে যিবোৰ কোনো ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব থকা এলেকাৰ ভিতৰত নপৰে, অৰ্থাৎ বাহিৰত অৱস্থিত, গতিকে এইবোৰক আন্তৰ্জাতিক সম্প্ৰদায়ৰ সাধাৰণ প্ৰশাসন আৱশ্যক হয় আৰু এনে সাধাৰণ প্ৰশাসনৰ এলেকা বা অঞ্চলকে “গোলকীয় সামূহিক” বুলি জনা যায়।

      দ্রুত উদ্যোগীকৰণ আৰু নতুন বিজ্ঞান আৰু প্ৰযুক্তিযে গোলকীয় সাধাৰণ আহৰণ আৰু প্ৰদূষণ কৰাত যথেষ্ট অৰিহণা যোগাইছে। এইটো কোৱা হয় যে বৃহৎ উদ্যোগ আৰু কল-কাৰখানাৰ ক'লা ধোঁৱা আৰু গেছ আৰু ৰাসায়নিক পেলনীয়া সামগ্ৰীযে সমগ্র বায়ুমণ্ডল প্রদূষিত কৰিছে। ঠিক সেইদৰে বিশাল সমুদ্রপৃষ্ঠকো প্ৰদূষিত কৰিছে। মানুহৰ ভূমি সংলগ্নিত কাৰ্যৱলীযে সমুদ্ৰ তীৰৰ পৰিৱেশ অতি দূষিত কৰি তুলিছে। এইবোৰেই হ'ল আহৰণ আৰু প্ৰদূষণৰ ফলশ্ৰুতি।

 

) বিশ্বৰ সামূহিক (Global Common) সম্পদ বুলিলে কি বুজা।

নাইবাঃ

উমৈহতীয়া অথচ পৃথকীকৃত দায়বদ্ধতা মানে কি? চমুকৈ লিখা

উত্তৰঃ সামূহিক বা ৰাজহুৱা সম্পদ বুলিলে সেই সমূহ সম্পদক বুজোৱা হয় যিবোৰ কোনো ব্যক্তিৰ বাবে নহয়, বৰং এটা সম্প্রদাযে ভোগ কৰে।। এখন নদী, এখন উদ্যান এটা সামূহিক কেন্দ্ৰ আদি সামূহিক বা। ৰাজহুৱা সম্পদৰ ভিতৰত পৰে। বিশ্বত এনে বহুত অঞ্চল আছে যিবোৰ কোনো সাৰ্বভৌম ৰাষ্ট্ৰৰ চাৰিসীমাৰ ভিতৰত অৱস্থিত নহয় আৰু সেয়েহে বিশ্ব সমুদায়ে সামূহিকভাৱে এনে অঞ্চলবোৰ শাসন কৰা প্ৰযোজন। এনে সম্পদবোক বিশ্বৰ সামূহিক সম্পদ বুলিব পৰা যায় বিশ্বৰ এনে সামূহিক সম্পদসমূহৰ ভিতৰত পৃথিৱীৰ জলবায়ু, এন্টার্কটিকা মহাদেশ, বৰফাবৃত অঞ্চল আৰু মহাকাশ অন্যতম।

      বিশ্বৰ সামূহিক সম্পদৰাজিৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ সৃষ্টি হোৱাটো বৰ সহজ নহয়। অৱশ্যে ১৯৫৯ চনৰ এন্টার্কটিকা সন্ধি, ১৯৪৭ চনৰ মণ্টীলে আচৰণ বিধি আৰু ১৯৯১ চনৰ এন্টার্কটিকা। পাৰিপাৰ্শ্বিকতা আচৰণ বিধিৰ দৰে উল্লেখযোগ্য সহযোগিতাত সৃষ্টি হোৱা দেখা গৈছে। ইয়াতে উল্লেখ কৰিব পৰা যায় যে এনে সামূহিক সম্পদসমূহক বিশেষকৈ আগবঢ়া দেশসমূহৰ দ্বাৰা দুযোগ কৰাৰ বাবে বৰ্তমান প্রজন্মকে নহয় ভৱিষ্যত প্রজন্মকো ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা আছে।

 

৯) সম্পদ ভূ-ৰাজনীতি কি?

নাইবাঃ

বিশ্ব ৰাজনীতিত প্রাসংগিকতা থকা দুবিধ সম্পদৰ উল্লেখ কৰা।

উত্তৰঃ বৰ্তমান বিশ্ব ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ দিশ হ'ল সম্পদকেন্দ্রিক ভূ-ৰাজনীতি। বর্তমান বিশ্ব সম্পদ কেন্দ্রিক ভূ-ৰাজনীতিটো এক অন্যতম বিষয়ত পৰিণত হৈছে। সম্পদকেন্দ্ৰিক ভূ-ৰাজনীতিৰ অৰ্থ হ'ল বিশ্বৰ পৰিবেশৰ বা প্রাকৃতিক সম্পদসমূহ কোনে কিমান, 'ত আৰু কেনেকৈ লাভ কৰিব সেই ক্ষেত্ৰত বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত দেখা দিয়া বিবাদ, সংঘাতৰ প্ৰতিফলন। এইদৰে বিশ্বৰ প্ৰাকৃতিক পৰিবেশ আৰু সম্পদসমূহ কোনে কিমানে ক'ত আৰু কেনেকৈ লাভ কৰিব বা। ভোগ কৰিব অথাৎ সম্পদৰ উদঘাটন আৰু ব্যৱহাৰক কেন্দ্ৰ কৰিয়েই বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত সৃষ্টি হোৱা প্ৰতিযোগিতা, বিৰোধ, বিবাদবোৰকেই সম্পদকেন্দ্ৰিক ভু ৰাজনীতি বোলা হয়। ভূ-সম্পাদক কেন্দ্ৰ কৰি প্ৰাকৃতিক সম্পদত চহকী বিশ্বৰ বিভিন্ন দেশত বিশেষকৈ তৃতীয় বিশ্বত গঢ়ি উঠা সংঘাত আৰু ইয়াৰ বিশ্বজোৰা ব্যাপ্তিকে সম্পদকেন্দ্ৰিক ভৌগোলিক ভূ ৰাজনীতি বুলি কোৱা হয়। গোলকীয় ৰাজনীতিৰ বাবে প্ৰাসংগিক দুটা সম্পদৰ নাম হ'ল—

      (ক) খাৰুৱা তেল।

      (খ) জল সম্পদ।

 

১০) ১৯৯০ চনৰ পৰা কিয় “গোলকীয় পাৰিৱেশিক ৰক্ষণাবেক্ষণ ” সম্পৰ্কীয় বিষয়টো ৰাষ্ট্ৰবোৰৰ অগ্ৰাধিকাৰ সম্পৰ্কীয় বিষয় হৈ পৰিছে?

উত্তৰঃ পাৰিবেশিক সংকটৰ বিষয়ে সচেতনতা আৰু ইয়াক পৰিষ্কাৰ কৰি ৰখাটো আজিকালি এক গোলকীয় বিষয় হৈ পৰিছে। তলত উল্লেখ কৰা কাৰকবোৰ ইয়াৰ লগত জড়িত থকা দেখা যায়—

    (ক) সমগ্ৰ পৃথিৱীতে কৃষিযোগ্য তাঞ্চল সামান্যভাৱেহে বৃদ্ধি পাইছে, আৰু কৃষিৰ প্ৰচলিত ভূমিৰ অনেক অঞ্চল উৰ্বৰতা বিহীন হৈ পৰিছে।

    (খ) উন্নত দেশবোৰত বহু নিযুত জনসাধাৰণে বিপদমুক্ত নিৰ্মল পানী আৰু পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশ নোপোৱাৰ ফলত প্ৰতি বছৰ তিনি। নিযুতকৈও বেছি ল'ৰা - ছোৱালীৰ মৃত্যু হৈ আছে।

    (গ) প্রাকৃতিক বনাঞ্চল যিযে জলবায়ু স্থায়ীকৰণত সহায় কৰে, মধ্যমীয়া বৃষ্টিপাতৰ যোগান ধৰে, যিযে বেছি ভাগ উদ্ভিদৰ। জৈৱবিভিন্নতা প্ৰতিষ্ঠা কৰে এই সকলোবোৰ কাটি ধ্বংস কৰে আৰু মানুহক স্থানান্তৰ কৰে।

    (ঘ) দ্রুতপতন হয় অজন লেয়াৰৰ পৃথিৱীৰ বায়ুমণ্ডলৰ ষ্ট্রেটোস্ফোৰত এনে কাইপাৰিৱেশিক ভাৰসাম্যতাত এক সাংঘাটিক পৰিণামৰ সৃষ্টি কৰে আৰু মানৱ স্বাস্থ্যৰ ক্ষতি সাধন কৰে।

    (ঙ) সমুদ্ৰ প্ৰদূষণ গোলকীয়ভাৱে বৃদ্ধি পাই আছে । যদিও বা মুক্ত সমুদ্র যথেষ্ট পৰিষ্কাৰ, ভূমি সংলগ্নিত পানী যথেষ্টভাৱে প্ৰদূষিত বিশেষকৈ মানুহৰ তীৰ্তি কাৰ্যকলাপৰ বাবে।

1 Comments

Post a Comment

Post a Comment

Previous Post Next Post