ছাত্ৰ-জীৱন আৰু সমাজ সেৱাঃ- ডিম্বেশ্বৰ নেওগ।। দশম শ্ৰেণী অসমীয়া (অসমীয়া সাহিত্য চয়নিকা) পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।। Class X Assamese

 

ছাত্ৰ-জীৱন আৰু সমাজ সেৱাঃ- ডিম্বেশ্বৰ নেওগ

দশম শ্ৰেণী

অসমীয়া (অসমীয়া সাহিত্য চয়নিকা)


 

Advertisement

…………………………

ভাব-বিষয়কঃঃ

 

১। অতি চমুকৈ উত্তৰ লিখাঃ

ক) লিখকৰ মতে ছাত্র-জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি?

উত্তৰঃ লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হ’ল—কৰ্মৰ লগতে শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক বিকাশ সাধন কৰি সমাজ তথা দেশৰ সেৱা কৰা।

 

খ) বর্তমানে প্রচলিত শিক্ষাৰ দোষ কি কি?

উত্তৰঃ বর্তমানে প্রচলিত শিক্ষাৰ প্ৰধান দোষ হৈছে- ছাত্ৰ-ছাত্ৰীয়ে কিতাপত পঢ়া শিক্ষা কামত নলগায়। ‘দুখীয়াক মৰম কৰিবা’—বুলি কিতাপত পঢ়িলেও আচলতে দুখীয়াক সহায় কৰেনে নকৰে তাৰ ওপৰত কোনেও গুৰুত্ব নিদিয়ে।

 

গ) ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্রতী হ’ব লাগে?

উত্তৰঃ ছাত্ৰসকলে যিমানদূৰ সম্ভৱ জ্ঞানকাৰী, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰি দেশৰ সেৱাত ব্ৰতী হ’ব লাগে।

 

ঘ) ছাত্ৰসকলে কার্যকৰী শিক্ষা ক’ৰ পৰা কিদৰে লাভ কৰিব পাৰে?

উত্তৰঃ ছাত্ৰসকলে কার্যকৰী শিক্ষা নিজৰ গাঁওখনৰ পৰা লাভ কৰি গাঁৱৰ অজ্ঞানতা, কুসংস্কাৰ আদি দূৰ কৰাৰ চেষ্টা কৰিব লাগে। গাঁওখনৰ অশিক্ষিত লোকৰ মাজত শিক্ষা বিস্তাৰ কৰিব পাৰে। 

 

ঙ) লিখকৰ মতে দেশৰ প্রকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা?

উত্তৰঃ লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা। গাঁও নগৰৰ মাতৃস্বৰূপে জন্ম দি পিতৃস্বৰূপে পালন কৰিছে। নগৰ যেনেকৈ একে উশাহতে জন্ম দিব পাৰি তেনেকৈ ধ্বংসও কৰিব পাৰি। কিন্তু গাঁও এবাৰ ধ্বংস হ'লে তাক পুনৰ সহজে জন্ম দিয়া টান। সেয়েহে গাঁওক উন্নতিৰ পথত আগুৱাই নি ধ্বংস হোৱাৰ পৰা বচাই ৰাখিব লাগে।

Advertisement

…………………………

 

২। ছাত্র-জীৱনৰ প্রকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কোনবোৰ পন্থা অৱলম্বন কৰিব পাৰে? দেশ সেৱাত ব্রতী হ’বলৈ ছাত্র জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা।

উত্তৰঃ ছাত্ৰ জীৱন শিক্ষা আৰহণৰ উপযুক্ত সময়। এই সময়ছোৱাত ছাত্ৰসকলে জ্ঞান অৰ্জনত ব্ৰতী থকা উচিত। লিখকৰ মতে কৰ্ম কৰাটোৱে শিক্ষাৰ প্ৰধান উদ্দেশ্য হোৱা উচিত। এই উদ্দেশ্য পূৰণৰ বাবে শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক বিষয়ত অনুশীলন কৰা উচিত। ছাত্ৰসকলে পুথিত  শিক্ষা বা জ্ঞান আহৰণ কৰি বাস্তৱ জীৱনত তাৰ প্ৰয়োগ  কৰিব লাগে। উদাহৰণ স্বৰূপে ‘দুখীয়াক মৰম কৰিব লাগে’ কথাষাৰ কেৱল পঢ়িলেই নহ’ব, বাস্তৱ জীৱনত কাৰ্যকৰীও কৰিব লাগিব।

       দেশ সেৱাত ব্ৰতী হ’বলৈ হ’লে ছাত্র জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজন আছে। দেশ সেৱা এক মহৎ কাম। এই কামৰ বাবে শিক্ষাৰ লগতে বহল মনৰ প্ৰয়োজন। মনৰ ভিতৰত জ্ঞানৰ পোহৰ থাকিলেহে আনক পোহৰ বিলাব পাৰি। বহুমূখী শিক্ষা বুলিলে সাধাৰণতে যিবোৰ শিক্ষাত  সামাজিক জ্ঞানৰ উপৰিও অর্থকৰী জ্ঞান লাভ হয় তাকে বুজায়। তাৰ বাবে বৃত্তিমুখী শিক্ষাৰ প্ৰয়োজন আছে। লিখকে কৈছে যে ছাত্ৰসকলে শালিধানৰ বোকামাটিত নানামিব পাৰে, কিন্তু সিহঁতে কঠীয়া তলিত হাল জুৰি চাব লাগিব।

 

৩। ‘এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন।’ –কোনখিনি কাম তেওঁলোকৰ

(ছাত্র ছাত্ৰীসকলৰ) কার্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা।

উত্তৰঃ ছাত্ৰসকলে ছাত্ৰ অৱস্থাত যিমানদূৰ সম্ভৱ জ্ঞানকৰী, অৰ্থকৰী আৰু কাৰ্যকৰী শিক্ষা লাভ কৰিবলৈ যত্ন কৰিব লাগে। কাৰ্যকৰী জ্ঞান লাভ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ গাওঁখনকে কার্যক্ষেত্ৰ হিচাপে বাছি ল'ব পাৰে। বৰ্তমান বিজ্ঞানৰ যুগতো আমাৰ দেশৰ গাওঁ অঞ্চলবোৰ অজ্ঞান, অন্ধকাৰ, শিক্ষাৰ অভাৱ আদিত বুৰ গৈ আছে। আজিৰ দিনতো গাওঁলীয়া মানুহে কেৱল পেট পুহি থকাটোৱেই জীৱনৰ উদ্দেশ্য বুলি ভাৱে। সিহঁতে নিজৰ ঘৈণী, আৰু ল’ৰা-ছোৱালীৰ বাহিৰে আনৰ বাবে চিন্তা নকৰে। আজিও এচিকটা মাটিৰ বাবে ভায়ে ভায়ে কটা-কটি, মৰা-মৰি কৰি থাকে। গাওঁত এজনৰ ভাল দেখিলে নিজেও ভাল হ’বলৈ চেষ্টা নকৰি কেনেকৈ সেইজনক নমাই আনিব পাৰি তাৰহে চিন্তা কৰে। ছাত্ৰসকলে এই কুসংস্কাৰবোৰ আঁতৰ কৰিবলৈ নিজৰ গাওঁখনকে সিহঁতৰ কাৰ্যক্ষেত্ৰ হিচাপে গ্ৰহণ কৰি ল'ব পাৰে। ছাত্ৰ জীৱনত এনে কাৰ্যকৰী শিক্ষা লাভ কৰিবলৈ হ’লে ছাত্ৰসকলে অৱশ্যে আগতে প্রগতিশীল ভাৱধাৰাৰ লগত পৰিচিত হ’ব লাগিব যিবোৰ পাঠ্যপুথিৰ জৰিয়তে স্কুল কলেজত শিকোৱা হয়। কিন্তু দুখৰ বিষয় যে ছাত্ৰসকলে পুথিত শিকা বিষয়বোৰ কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰা দেখা নাযায়। প্ৰকৃততে ছাত্ৰ জীৱনতে এনে কাৰ্যকৰী শিক্ষা লাভ কৰা অতি প্রয়োজন।

 

৪। আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে পাঠটোৰ আধাৰত বুজাই লিখা।

উত্তৰঃ আজিৰ স্বাধীন আৰু উন্নত দেশবোৰ ইয়াৰ তিনি-চাৰি বছৰ আগেয়ে যি অৱস্থাত আছিল তাৰ তুলনাত আজি আমাৰ দেশসমূহে যথেষ্ট উন্নত পৰ্যায়ৰ। আমাৰ দেশৰ অধিকাংশ আজিও কিছু ক্ষেত্ৰত উন্নত হ’ব পৰা নাই বুলি কবিয়ে পাঠটোৰ আধাৰত কৈছে। কিছুমান গাঁৱত আজিও পুৰণি সভ্যতা, শিক্ষা আৰু সাধনাৰ অৱশন দেখিবলৈ পোৱা গৈছে। অজ্ঞানতাই সেই সভ্যতাক অসভ্যতা, সেই শিক্ষাক অশিক্ষা আৰু সেই সাধনাক কপটতাত পৰিণত কৰিছে। আজিও অজ্ঞানতা আৰু কু-সংস্কাৰে মানুহক আৱৰি ধৰি আছে।  নিজৰ ভৌতিক সম্পদৰ বাবে ইজনে সিজনৰ লগত হাই কাজিয়াত লিপ্ত হৈ পৰিছে। কানি-ভাং আদি বিভিন্ন ধৰণৰ নিচাসক্ত দ্ৰব্যই নিজৰ লগতে আনৰ উন্নতিৰ ফালে সমূলি ধৰিছে। ক’ত কি হৈছে তেওঁলোক কানসাৰ নকৰি হাতত হাত সাৱটি বহি ৰৈছে এচাম মানুহে। একেডোখৰ মাটিতে সাৰ-জাবৰ দি কেনেদৰে তাৰ পৰা সৰহ শস্য উলিয়াব পাৰি, কেনেকৈ গৰু জাতিটোক ভালদৰে পুহ-পাল দি নিজৰ অৱস্থা টনকিয়াল কৰিব পাৰি এনেবোৰ কথা তেওঁলোকৰ চিন্তনীয় বিষয় হৈ পৰিছে। মুঠতে কবলৈ গ’লে শিক্ষাৰ অভাৱে গাওঁসমূহক উন্নত দিশত যোৱাত কিছু বাধা দিছে।

Advertisement

…………………………

 

৫। ‘গাঁও একাধাৰে নগৰৰ জনক-জননী।’—কথাষাৰৰ তাৎপর্য বুজাই লিখা।

উত্তৰঃ  গাঁও একাধাৰে নগৰৰ জনক–জননী। কিয়নো গাঁৱেই মাতৃস্বৰূপে নগৰক জন্ম দি পিতৃস্বৰূপে পালন কৰিছে। নগৰ যেনেকৈ একে উশাহে সৃষ্টি হৈছে। সেইদৰে একে উশাহতে নষ্ট হ’ব। কিন্তু গাঁও অর্থাৎ খেতিয়কসকল এবাৰ ধ্বংস পালে তাক সহজে পুনৰ জন্মাব নোৱাৰি। সেইদেখি প্ৰকৃত দেশৰ উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা, গাঁৱত শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লোকসকলক নিজ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়ে।

 

৬। ব্যাখ্যা কৰাঃ

ক) পঢ়াই, পঢ়ে, ৰোৱে পাণ।

   এই তিনিয়ে নিচিন্তে আন।।

উত্তৰঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত ‘ছাত্ৰ- জীৱন আৰু সমাজ সেৱা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

        ছাত্ৰসকলে শিক্ষা লাভ কৰা কালছোৱাত যে অতি একাগ্ৰতাৰে শিক্ষা লাভ কৰাত মনোনিৱেশ কৰিব লাগিব সেই কথা কবলৈ গৈ উক্ত বাক্যশাৰীৰ অৱতাৰণা কৰা হৈছে।

        যিকোনো কামত সফলতা অর্জন কৰিবলৈ একাগ্ৰতাৰ প্রয়োজন। উক্ত কথাষাৰত পঢ়াওঁতা অৰ্থাৎ শিক্ষক, পঢ়োতা অর্থাৎ ছাত্ৰ আৰু পাণ গছ কওঁতা এই তিনিজনে একাত্তমনে আৰু একাগ্রচিত্তে নিজৰ নিজৰ কাম নকৰিলে সেই কামৰ পৰা সুফল আশা কৰিব নোৱাৰি। কিয়নো পাণ গছৰ পৰা লাভবান হ’বলৈ পান গছ উপযুক্ত সময়ত ৰুব লাগিব আৰু তাৰ গুৰিত সময়মতে সাৰ-পানী দিব লাগিব, নহ'লে পান গছ মৰি যাব। সেইদৰে শিক্ষকে যদি শিক্ষা দান কার্যত একান্তমনে পাঠ দান নকৰে, তেন্ত সেইজন শিক্ষকে ছাত্রসকলক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিব নোৱাৰিব। ঠিক সেইদৰে ছাত্ৰসকলেও ছাত্ৰ জীৱনত একাগ্ৰতাৰে শিক্ষা আহৰণত হ’ব লাগিব। তেতিয়াহে সিহঁতে প্রকৃত শিক্ষা আৰহৰণত সফল হ’ব পাৰিব আৰু সেই শিক্ষাৰ দ্বাৰাহে দেশৰ উন্নতি হ’ব।

Advertisement

…………………………

 

খ) কমাৰশালত গঢ়িবলৈ হ’লে আগতে জুইশালত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ’লে পানীত ননমাকৈ নহয়।

উত্তৰঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত ‘ছাত্ৰ- জীৱন আৰু সমাজ সেৱা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

       প্রকৃত শিক্ষা লাভ কৰিবলৈ হ’লে যে অনুশীলনৰ প্ৰয়োজন সেই কথা বুজাবলৈ লিখকে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।

       লোৰ বস্তু সাধাৰণতে কমাৰশালত তৈয়াৰ কৰা হয়। কিন্তু কমাশালত কোনো বস্তু গঢ়িবলৈ হ’লে প্ৰথমতে লো জুইশালত গৰম কৰিব লাগিব। লো গৰম নকৰাকৈ কমাৰশালত গঢ় দিব নোৱাৰি৷ সেইদৰে সাঁতুৰিবলৈ শিকিবলৈ হ’লে প্ৰথমতে পানীত নামিব লাগিব। পানীত ননমাকৈ সাঁতোৰিবলৈ শিকাটো অসম্ভৱ। ছাত্ৰসকলেও প্রকৃত শিক্ষা লাভ কৰিবলৈ ঠিক তেনেকৈ অনুশীলন আৰু চৰ্চা কৰা অতি প্রয়োজন।

 

গ)এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃপূজাত লাগে। কাইট কলিতে এইসকলক পূজাৰ উপচাৰ স্বৰূপে মাতৃয়ে গ্রহণ নকৰে।

উত্তৰঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত ‘ছাত্ৰ- জীৱন আৰু সমাজ সেৱা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

         ভৱিষ্যতৰ সোণালী কিৰণ কঢ়িয়াই অনা ছাত্ৰ সকলৰ সম্পূর্ণ বিকাশ দেশৰ বাবেই যে গুৰুত্বপূৰ্ণ সেই কথা ব্যক্ত কৰিবলৈ গৈ লেখকে উক্ত কথাষাৰ অৱতাৰণা কৰিছে।

        একোটা ফুলৰ কলিয়ে সময়ত এপাহ ফুল হৈ তাৰপাছত ফল হৈ মাতৃৰ পূজাত ব্যৱহাৰ হয়। কাইট কলিতে ইয়াক পূজাৰ উপচাৰ ৰূপে আগবঢ়োৱা নহয়। ছাত্র সকলেই দেশৰ ভৱিষ্যত। এওঁলোকে অকল শিক্ষা আহৰণ কৰিলেই নহব, দেশৰ সেৱাতো আত্মনিয়োগ কৰিব লাগিব। ছাত্র সকল একোটা ফুলৰ কলিস্বৰূপ। তেওঁলোকেই সময়ত ফুল হৈ তাৰ পাছত ফল হৈ মাতৃ তথা দেশৰ সেৱা ব্ৰতী হয়। কিন্তু ছাত্ৰাৱস্থাতে পঢ়া-শুনাৰ পৰা আঁতৰি দেশ সেৱাত লাগিলে তেনে সেৱাক দেশ মাতৃয়ে গ্ৰহণ নকৰে। সেয়েহে দেশসেৱাত ব্ৰতী হ’বলৈ উপযুক্তভাৱে শিক্ষা লাভ কৰিবই লাগিব। তেনে এক ভাৱ প্ৰকাশতে লেখকে এই কথাষাৰ কৈছে।

 

ঘ) নৰ সেৱাই প্রকৃত নাৰায়ণ সেৱা।

উত্তৰঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত ‘ছাত্ৰ- জীৱন আৰু সমাজ সেৱা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

      লিখকে ছাত্ৰ জীৱনৰ কৰ্তব্যৰ বিষয়ে ক’বলৈ গৈ উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।

      বিশ্বৰ প্ৰায় সকলো ধৰ্মই এক মহান সৃষ্টিকর্তাক বিশ্বাস কৰে। সৃষ্টিকৰ্তাৰ সন্তুষ্টিৰ বাবে পূজা-অৰ্চনা কৰাটো ধর্মীয় কৰ্তব্য। ভগৱানক আমি চকুৰে দেখা নাপালেওঁ হিন্দু ধৰ্মত মতে মানুহৰ অন্তৰত ভগৱান লুকাই থাকে। সেয়ে আমি মানৱ সেৱাৰ জৰিয়তে ভগৱানক সেৱা কৰিব পাৰি। ছাত্ৰসকলেও মানৱ সেৱাত আত্ম নিয়োগ কৰি গৱান সেৱা কৰিব পাৰে। সিহঁতে এই কাৰ্যৰ বাবে নিজৰ গাওঁখনকে বাছি লোৱা উচিত। ছাত্ৰসকলে গাওঁৰ পৰা অজ্ঞানতা কুসংস্কাৰ দুৰ কৰা, অশিক্ষিতক কমাৰ শিক্ষিত কৰা, আদি কাৰ্যত ব্ৰতী হৈ নাৰায়ণক সেৱা কৰাৰ হ’লে পথ বাছি ল’ব পাৰে।

 Advertisement

…………………………

 

ভাষা-বিষয়কঃঃ

 

১। বিপৰীত শব্দ লিখাঃ

নিষ্কর্মাকৰ্মী

ত্রুটিশুদ্ধ

সহযোগিতাঅসহযোগিতা

দেশহিতৈষিতাদেশদ্ৰোহীতা

প্রৌঢ়যুৱক

 

২। সমাৰ্থক শব্দ লিখাঃ

কার্যকৰীউপকাৰী

প্ৰকৃতআচল

সাম্যসমান

আনমনাঅন্যমনস্ক, অমনোযোগী

অৰ্থকৰীলাভজনক

কাপকলম

কাকত —কাগজ

Advertisement

…………………………

 

৩। বাক্য ৰচন কৰাঃ

নীতি-বচনপিতৃ-মাতৃৰ নীতি-বচন আমি সদায় মানি চলিব লাগে।

কাপ-কাকত — কলম আৰু কাগজক কাপ-কাকত বুলিও কোৱা হয়।

কূৰ্চূট- কপট যিজন মানুহে নিজৰ মনত আনৰ প্ৰতি কূৰ্চূট-কপট ৰাখে তেওঁ জীৱনত কেতিয়াও প্ৰকৃত সুখ লাভ নকৰে।

জনক-জননী গাঁওক নগৰৰ জনক-জাননী বুলি কোৱা হয়।

লোণ-তেল মানুহজন বহুত বছৰৰ মূৰত ঘৰ আহি লোণ-তেল দি ভাতমুঠি খাই তৃপ্তি লভিলে।

 

Post a Comment

Post a Comment (0)

Previous Post Next Post