ইন্টাৰনেটৰ তিতা-মিঠাঃ ড. প্ৰণয়ী দত্ত।। দশম শ্ৰেণী অসমীয়া (অসমীয়া সাহিত্য চয়নিকা) পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।। Class X Assamese

 

ইন্টাৰনেটৰ তিতা-মিঠাঃ ড. প্ৰণয়ী দত্ত

দশম শ্ৰেণী

অসমীয়া (অসমীয়া সাহিত্য চয়নিকা)


 

Advertisement

…………………………

ভাব-বিষয়ক

 

১। চমুকৈ উত্তৰ লিখাঃ

ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?

উত্তৰঃ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হৈছে বাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল।

 

খ) ইন্টাৰনেট কি?

উত্তৰঃ ইন্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। অৰ্থাৎ এখন নেটৱৰ্কত যদি কেইবাহাজাৰ কম্পিউটাৰ আছে, তেন্তে এনে হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইন্টাৰনেট।

 

গ) কুঁৱলীয়ে প্রথমে কালৈ ই-মেইল কৰিছিল?

উত্তৰঃ কুঁৱলীয়ে প্ৰথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই-মেইল কৰিছিল।

 

ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল?

উত্তৰঃ পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল।

 

ঙ)ভাইৰাছ কি?

উত্তৰঃ ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম। Virus ৰ সম্পূৰ্ণ নাম হ’ল ‘Vital information resources under seize’.

 

২। www বা ৱেব কি?

উত্তৰঃ পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। ইয়াৰ www অৰ্থাৎ সম্পুৰ্ণ ৰূপ ‘ৱৰ্ল্ড ৱাইড ৱেব’ (World wide web) বোলে। WWWত তথ্যবোৰ পাঠ, গ্ৰাফিকছ, ভিদিঅ’ আৰু অদিঅ’ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি।

 

৩। কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে?

উত্তৰঃ কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বন্ধু-বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুস অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চক সোৱাদ লাভ কৰিব পাৰিলে।

 

৪। ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?

উত্তৰঃ ইন্টাৰনেটৰ কুঁৱলীৰ মন-মগজু সম্পূৰ্ণ অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে। ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ন ন অভিজ্ঞতা অৰ্জন কৰিলে। ইন্টাৰনেটৰ বিভিন্ন ৱেবচাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও শিকি ল’লে। তাই ই-মেইলৰ সোৱাদত ইমান অভিভূত হ’ল যে ভিদিঅ’ কলিঙৰ সোৱাদ ল’বলৈ উদগ্ৰীৱ হৈ পৰিল। কুঁৱলীয়ে নীতিশিক্ষা থকা পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন-প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলাত তাই আজৰি পৰত উপভোগ কৰি মনটো প্ৰফুল্লিত কৰি ৰাখে।

Advertisement

…………………………

 

৫। ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?

উত্তৰঃ ভাইৰাছ (Virus) ৰ সম্পূৰ্ণ ৰূপ হৈছে ‘Vital information resources under seize’ই হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম। ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে।

 

৬। “ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।”—কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।

উত্তৰঃ ‘ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে’ –কথাষাৰৰ বক্তা শ্বাবানা বাইদেউ।

     ইয়াত ইন্টাৰনেটৰ ভাল সুবিধাখিনিক মিঠা সুবিধা আৰু অসুবিধাখিনিক তিতা অসুবিধা বুলি কোৱা হৈছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাক উন্নতিৰ জখলাত স্বড়িত গতিৰে আগবঢ়াই নি উন্নতিৰ সপোণ ৰচিব পাৰে। ইন্টাৰনেটৰ জৰিয়তে বিভিন্ন শৈক্ষিক কাৰ্যক্ৰম, নীতিশিক্ষা পাব পৰা চিনেমা, চিৰযুগমীয়া গান, খেলা-ধূলা, পৃথিৱীৰ বিভিন্ন ধৰণৰ বা-বাতৰি, খা-খবৰ আদি ইন্টাৰনেটৰ জৰিয়তে ল’ব পাৰি। আনহাতে ইন্টাৰনেটৰ বহু অসুবিধাও আছে। ইন্টাৰনেটে নতুন প্ৰজন্মক কিতাপৰ জগতখনৰ পৰা, খেলা-ধূলা জগতখনৰ পৰা, সাহিত্য-সংস্কৃতিৰ পৰা বহু পৰিমাণে আঁতৰাই ৰাখিছে। তদুপৰি ইন্টাৰনেটৰ জৰিয়তে বহুতো ভুৱা বাতৰি প্ৰচাৰ হয়। এনেবোৰ ভুৱা বাতৰিয়ে সমাজখনৰ ক্ষতি কৰিব পাৰে। গতিকে কোনেও যেন ইন্টাৰনেটৰ পৰা এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে সীমিত ভাৱে আৰু সচেতনতাৰ ব্যৱহাৰ কৰিব লাগে।

 

৭। ‘ইন্টাৰনেটৰ তিতা-মিঠা’ গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা।

উত্তৰঃ  ইন্টাৰনেটৰ তিতা-মিঠা’ গল্পটোৰ লেখক ড° প্রণয়ী দত্ত। ড° দত্তই গল্পটোৰ মাজেৰে ইন্টাৰনেটৰ পৰা পোৱা সুবিধা অসুবিধাবোৰ বৰ সুন্দৰকৈ দেখুৱাইছে। বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দিশ আছে। একেদৰে ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। ইন্টাৰনেটৰপৰা পোৱা সুবিধা বহুত। ইন্টাৰনেটৰ জৰিয়তে আমি যিকোনো বিষয় এটাৰ বিস্তৃত বিৱৰণ ঘৰতে বহি কম্পিউটাৰত চাব পাৰো। ই-মেইলৰ জৰিয়তে দূৰ – দূৰণিৰ ঠাইলৈ নিমিষতে প্রয়োজনীয় বা – বাতৰি - পঠিয়াব পাৰোঁ ৷ আপোনজনৰ লগত মুখামুখিকৈ বহিকথা পতাৰ দৰে পাতিব পাৰোঁ। কোনো ঠাইলৈ যাবৰ বাবে ঘৰতে বহি বাছ , ৰে’ল বা আকাশীযানৰ টিকেট কৰিব পাৰোঁ। প্ৰয়োজনীয় বস্তুবোৰ বজাৰলৈ নোযোৱাকৈয়ে ক্ৰয় কৰিব পাৰোঁ।

          গল্পটোৰ মাজেৰে গল্পকাৰে গল্পটোৰ মূল চৰিত্ৰ কুঁৱলীয়ে যে ইন্টাৰনেটৰ জৰিয়তে লাভ কৰা এই সুবিধাবোৰৰ কথা সুন্দৰকৈ প্ৰকাশ কৰিছে । কিন্তু তাৰ মাজতে ইন্টাৰনেট বেছিকৈ ব্যৱহাৰ কৰিবলৈ লোৱাৰ লগে লগে কুঁৱলীৰ মাজত হোৱা পৰিৱৰ্তনবোৰ আৰু কুঁৱলীৰ আত্মোপলব্ধি শ্বাৱনা বাইদেউৰ বিশ্লেষণ আদিৰ মাজেৰে ইণ্টাৰনেটৰপৰা পোৱা তিতা অসুবিধাবোৰো প্ৰকাশ কৰিছে। শ্বৱনা বাইদেৱে কুঁৱলীক ইন্টাৰনেটৰ অসুবিধাৰ কথা বুজাই কৈছে যে- ইন্টাৰনেটৰ গেমৰ প্ৰতি অতি বেছি আকর্ষি কিছুমান লৰা ছোৱালীয়ে পঢ়া-শুনাৰ প্ৰতি মনোযোগ কমাই দিছে। ওচৰ-চুবুৰীয়া আৰু আপোনজনৰ লগত হাঁহি-মাতি কথা এষাৰ পাতিবলৈ মানুহৰ সময় নোহোৱা হৈছে ফেচবুক, ওৱাটছ্এপ আদি চচিয়েল মিডিয়াৰ জগতখনত ল’ৰা-ছোৱালী এনেদৰে সোমাই পৰিছে যে তেওঁলোকে গ্রন্থ , অধ্যয়ন , খেলা-ধূলা আদিৰ পৰা প্ৰায় আঁতৰি-অহাৰ দৰে হৈছে। তদুপৰি ছচিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰা উৰাবাতৰিয়ে ভয়ানক সমস্যাৰ সৃষ্টি কৰিছে। শ্বৱনা বাইদেউৰ এইখিনি কথা শুনাৰ পাছত কুঁৱলীয়ে নিজৰ ভুল বুজি পাইছিল। 

        এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে ইন্টাৰনেটৰ তিতা-মিঠা হিচাপে গল্পটোৰ নামকৰণ সাৰ্থক হৈছে ।

Advertisement

…………………………

 

৮। ইন্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্রভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা।

উত্তৰঃ ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত অধিক প্ৰভাৱ পেলাব পাৰে। ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীয়ে সাধাৰণতে দৈনন্দিন জীৱনত কৰিবলগীয়া বহুতো কাম-কাজ, খেলা-ধূলা ইত্যাদি বিভিন্ন ধৰণৰ প্ৰয়োজনীয় কৰ্মৰ পৰা আঁতৰি গৈছে। সাধাৰণতে আজিকালিৰ ছাত্ৰ-ছাত্ৰীয়ে ইন্টাৰনেটত গেম খেলি আনন্দ পায়। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাৰ প্ৰতি মনোযোগ একেবাৰে কমি যায়, আৰু অত্যাধিক মবাইল বা কম্পিউটাৰ আৰু টিভি ব্যৱহাৰৰ ফলত লৰা ছোৱালীৰ চকুত বহুত বেয়াকৈ প্ৰভাৱ পেলাইছে ফলত চছমা ব্যৱহাৰ কৰিব লাগিয়া হৈছে। কোনোধৰণৰ অনুষ্ঠান-উৎসৱত আজিকালিৰ লৰা-ছোৱালীয়ে ভাগ ল’বলৈ উৎসাহ নেদেখুৱায়। ইন্টাৰনেটৰ ব্যৱহাৰৰ ফলত আপোনজনক মাত এষাৰ দিবলৈ তেওঁলোকে পাহৰি যায়। ইন্টাৰনেট সংলগ্ন ম’বাইল চাই চাই যাওঁতে বহুতো পথ দুৰ্ঘটনাও দেখা গৈছে। বহু সময়ত ইন্টাৰনেটৰ প্ৰচাৰিত ভুৱা বাতৰিৰ প্ৰভাৱত সমাজত নানা সংঘৰ্ষ হোৱাও দেখা গৈছে। এনে ধৰণৰ প্ৰভাৱ দেখা গৈছে অত্যাধিক ইন্টাৰনেট ব্যৱহাৰৰ ফলত।

 

Advertisement

…………………………

 

ভাষা-বিষয়কঃ

 

৯। বাক্য ৰচনা কৰাঃ

চিনাকি-অচিনাকিআজি-কালি ৰাস্তা ঘাটতে বহুতো চিনাকি-অচিনাকি মানুহ দেখিবলৈ পোৱা যায়। 

অলীক-সপোন কেবল অলীক-সপোন দেখি থাকিলে জীৱনত উন্নতি কৰিব নোৱাৰি, সপোনটো ফলিয়াবৰ কাৰণে সক্ষম হ’ব পাৰিব লাগে। 

নাকে-মুখে ইন্টাৰনেটত গেম খেলিবৰ কাৰণে কুঁৱলীয়ে স্কুলৰ পৰা আহি নাকে-কাণে ভাত দুটামান গুজি কম্পিউটাৰ ওচৰত বহি গ’ল। 

পৰীক্ষা-নিৰীক্ষা বহুত পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছতহে বিজ্ঞানীসকলে নতুন বস্তু এটা আৱিষ্কাৰ কৰাত সক্ষম হয়। 

 

১০। অর্থ লিখা (অভিধান চাই)।

ক্ষতি নাশ, ধ্বংস, হানি, অনিষ্ট।

বিজুতি যন্ত্ৰ আদিত ওলোৱা বেমাৰ।

গুণা-গঁথা চিন্তা-চৰ্চা।

উদাস  অনুৰাগহীন।

পঞ্জীভূতসঞ্জিত।

Advertisement

…………………………

 

Post a Comment

Post a Comment (0)

Previous Post Next Post