দৃশ্যান্তৰঃ ড.
হৰেকৃষ্ণ ডেকা
দশম শ্ৰেণী
অসমীয়া (অসমীয়া সাহিত্য
চয়নিকা)
অনুশীলনীঃ
ভাব
বিষয়কঃ
১।
চমু উত্তৰ দিয়াঃ
ক)
কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল?
উত্তৰঃ পঁছিশ বছৰ।
খ)
মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?
উত্তৰঃ মানুহজন কুকুৰীকণা আছিল বাবে তেওঁ নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।
গ)
মানুহজনে নিজৰ ঘৰৰ পদুলি ক’ত বিচাৰিছিল?
উত্তৰঃ মানুহজনে নিজৰ ঘৰৰ নঙলামুখতে নিজৰ ঘৰৰ পদুলি বিচাৰিছিল।
ঘ)
মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগিত আছিল ?
উত্তৰঃ মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাঁহে নমস্কাৰৰ ভংগিত আছিল।
ঙ)
কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল ?
উত্তৰঃ কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল ।
২।
সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ হ’তে কি কি কথা পাতিছিল তোমাৰ নিজৰ
কথাৰে লিখা।
উত্তৰঃ সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিয়ে ভাৰাঘৰ বিচাৰি অহা বুলি
ভাবিছিল। সেইবাবে তেওঁ কবিৰ সৈতে সেই সাতমহলীয়া ঘৰটোৰ লগতে কাষৰ অট্টালিকাসমূহৰ
কথাও পাতিছিল। তেওঁৰ ঘৰটো মানুহজনে কুবেৰৰ মহলাৰ লগত তুলনা কৰিছিল। তেওঁ তাত
শান্তিত থাকিব নোৱাৰিব বুলি কৈছিল। সেই ঘৰটোত হেনো স্বাৰ্থপৰ আন্তৰিকতাহীন লোকহে
বাস কৰে। তেওঁলোকে কাৰো সুখ-দুখ বুজি নাপায়। আনকি কাৰোবাৰ মৃত্যু হ’লে দাহ
কৰিবলৈও মানুহ আগবাঢ়ি নাহে।
৩।
‘দৃশ্যান্তৰ’কবিতাটোৰ মূলভাৱ লিখা।
উত্তৰঃ সময়ৰ অগ্ৰগতিত মানুহৰ স্বভাৱ
চৰিত্ৰ, আচাৰ-আচৰণ পৰিৱৰ্তন হোৱাৰ লগতে
মানুহবোৰ কৃত্ৰিম হৈ পৰিছে। মানুহৰ অন্তৰৰ পৰা মানৱতাও ক্ৰমান্বয়ে লোপ হৈ আহিছে।
পাৰ্থিৱ জগতৰ এই বাস্তৱ সত্যক কবিয়ে ‘দৃশ্যান্তৰ’ নামৰ কবিতাটিত প্ৰকাশ কৰিছে।
কবিয়ে পঁছিশ বছৰ আগত এজন মানুহক অকৃত্রিম আৰু মানৱীয় পৰিৱেশত লগ
পাইছিল। সেই ঠাইৰ আলি কেঁকুৰিটো কেঁচা আছিল আৰু মনুহবোৰ দুখীয়া আছিল যদিও কোনো
কৃত্রিমতা নাছিল। কিন্তু মাত্র পঁচিশ বছৰৰ পিছত সেই ঠাইৰ অকল্পনীয় পৰিৱৰ্তন
হৈছিল। কেঁচা আলিবোৰ পকী হৈছিল, পঁজা ঘৰৰ ঠাইত
সাতমহলীয়া অট্টালিকা হৈছিল যদিও মানুহবোৰৰ মনৰ বিকাশ নহৈ মানৱতা নিঃশেষ হৈছিল ৷
মানুহৰ প্ৰতি মানুহৰ দয়া, মৰম, আদি সৎ
গুণবোৰ নাইকীয়া হ’ল। অর্থাৎ মানুহৰ সা সম্পত্তি বৃদ্ধি পালেও মানৱীয়তা নথকাৰ
বাবে অশান্তিয়ে চাৰিওফালে ছানি ধৰিছে।
৪.
“বৰ শান্তিত আছোঁ
এই পঁজাটিত।”
― কোনে, কিয়
এইদৰে কৈছিল? কথাষাৰৰ অন্তৰ্নিহিত ভাব মোকলাই লিখা।
উত্তৰঃ এদিনাখন গধূলি আলি-কেকুৰীত কবিয়ে লগ পোৱা এজন কুকুৰীকণা মানুহে
এইদৰে কৈছিল।
মানুহজনে নিজৰ ঘৰটো বিচাৰি পদূলি মুখতে ঘূৰি ফুৰিছিল। পঁজা ঘৰটোত
কোনো কৃত্রিমতা নাছিল। তাত বিজুলীবাতিৰ ব্যৱস্থাও নাছিল। কবিয়ে যেতিয়া মানুহজনক
ঘৰলৈ আগবঢ়াই দিছিল। তেতিয়া মানুহজনে কৈছিল যে তেওঁ সেই পঁজা ঘৰটোত সুখেৰেই আছে।
পঁজা ঘৰটোত যদিও কোনো আধুনিকতা নাই সা-সুবিধা নাই। তথাপি অকৃত্রিম পঁজা ঘৰটোত তেওঁ
সুখ অনুভৱ কৰিছে।
৫.
‘হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত?’
-কথাষাৰ
কোনে, কাক আৰু কিয় কৈছিল?
উত্তৰঃ প্ৰশ্নত উল্লেখিত উক্ত কথাষাৰ কবিক এগৰাকী বৃদ্ধ মানুহে কৈছিল।
এদিনাখন কবিয়ে
সন্ধিয়া সময়ত নগৰৰ এটা বাটেৰে গৈ আছিল। যি বাটেৰে কবিয়ে গৈ আছিল সেই বাট পঁচিশ
বছৰ আগেয়ে এটা কেঁচা আলি আছিল। য’ত আছিল কেৱল এটা পঁজা আৰু সেই পঁজাটোৰ সন্মুখতে
কবিয়ে লগ পাইছিল এগৰাকী বৃদ্ধ লোকক। সেই বৃদ্ধ লোকজন সহজ-সৰল আন্তৰিকতাৰে কবিক
কৈছিল সেই পঁজাটোত তেওঁ শান্তিৰে থকাৰ কথা। কবিয়ে সেই একে ঠাইতে পঁচিশ বছৰৰ পিছত
দেখিলে তাত এটা সাতমহলীয়া অট্টালিকা আৰু সেই অট্টালিকাটোৰ সন্মুখত ৰৈ থকা এগৰাকী
বৃদ্ধ লোকক। কবিয়ে পদূলিত ৰৈ থকা দেখি সন্দেহৰ দৃষ্টিৰে চাই বৃদ্ধগৰাকীয়ে কবিক ৰৈ
থকাৰ উদ্দেশ্য সুধিছিল; যে ‘হেৰা অচিনাকি মানুহজন,
তোমাক কি লাগে হে ইয়াত’?
৬।
‘দৃশ্যান্তৰ’কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ
ভাষাৰে বুজাই লিখা।
উত্তৰঃ ‘দৃশ্যান্তৰ’ নামটোতেই লুকাই আছে আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তিত সত্য।
দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিয়ে কবিতাটোত ভাব আৰু ভাষাৰ অনুপম সামঞ্জস্য
ৰাখিবলৈ সমৰ্থ হৈছে। কবিতাটোত কবিৰ মতে এটা সময়ত গাঁৱৰ মানুহবোৰে এটা
মুকলিমুৰীয়া পৰিৱেশত বাস কৰিছিল। য'ত মুক্ত বতাহ
পাইছিল। প্ৰকৃতিৰ সেউজীয়া পৰিৱেশবোৰে মানুহক পঁজা ঘৰত থাকিও উশাহ ল'বৰ বাবে সতেজ অক্সিজেন যোগান ধৰিছিল। পঁজা ঘৰত থাকিও মানুহে মৰম- চেনেহ
আদিৰ মাজেৰে শান্তিত সময় কটাইছিল। সময় অতিবাহিত হোৱাৰ লগে-লগে গ্ৰাম্যজীৱন যেন
নগৰীয়া জীৱনলৈ পৰিৱৰ্তন হ’ল। পঁচিশ বছৰ আগেয়ে মানুহে
পঁজাঘৰত বাস কৰিছিল। কিন্তু কবিৰ মতে পঁচিশ বছৰ পিছত পঁজাঘৰৰ ঠাইত সাতমহলীয়া
অট্টালিকা হ'ল। গধূলি সময়ত আগতে মানুহৰ ভিৰ নাছিল। এতিয়া
সেই সময়ত বাটে পথে মানুহৰ ভীৰ। কিন্তু পঁচিশ বছৰ পিছত তাত সাতমহলীয়া অট্টালিকা হ’লেও খালী হৈ আছিল মানুহৰ মনবোৰ আৰু অনুভৱ কৰিছিল আত্মীয়তাৰ। অট্টালিকাৰ
ভিতৰতো যেন অকনমান মৰমৰ মাত পাবলৈ নোহোৱা হৈছিল। মানুহে মানুহক সন্দেহৰ চকুৰে
চাইছিল। গ্ৰাম্য সৰলতাৰ ঠাই নোহোৱা কৰি পেলাইছিল নগৰীয়া যান্ত্ৰিকতাই।
৭।
‘দৃশ্যান্তৰ’কবিতাটোৰ কবিগৰাকীৰ এটা চমু পৰিচয় দিয়া।
উত্তৰঃ কবি হৰেকৃষ্ণ ডেকাৰ ১৯৪৩ চনত
তিনিচুকীয়াত জন্ম হয়। তেওঁৰ পিতৃৰ নাম নৰেন্দ্ৰ নাথ ডেকা আৰু মাতৃৰ নাম কামিনী
ডেকা। তেখেতে তিনিচুকীয়াত শিক্ষা জীৱন আৰম্ভ কৰি তাৰ পৰাই ১৯৫৯ চনত প্ৰৱেশিকা
পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন কলেজত পঢ়িবলৈ লয় । ১৯৬৩ চনত কটন কলেজৰ পৰা
স্নাতক আৰু ১৯৬৫ চনত ইংৰাজী বিষয়ত এম.এ.পাচ কৰে। তেখেতে গুৱাহাটীৰ কমাৰ্চ কলেজত
অধ্যাপনাৰে চাকৰি জীৱনৰ পাতনি মেলে যদিও ১৯৬৮ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি
২০০৩ চনত আৰক্ষী সঞ্চালক হিচাপে অৱসৰ গ্ৰহন কৰে। তেখেতে ‘The Sentinel’ আৰু ‘গৰিয়সী’ আলোচনীৰ সম্পাদনাৰ
দায়িত্বও গ্ৰহণ কৰিছিল। তেওঁৰ একমাত্ৰ উপন্যাসখনৰ নাম হ’ল ‘আগন্তুক’। তেখেতে
‘ৰাতিৰ শোভাযাত্ৰা’, ‘আন এজন’, ‘Sea Scare’আদি কবিতা পুথি ; ‘গল্প আৰু কল্প’, ‘মধুসূদনৰ দলং’, ‘মৃত্যু দণ্ড’ আদি গল্প পুথিৰ ৰচনা
কৰাৰ উপৰি কেইবাখনো পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছে। তেখেতে ১৯৮৭ চনত ‘সাহিত্য
অকাডেমী বঁটা’, ১৯৯৬ চনত ‘কথা- বঁটা’ আৰু ২০১০ চনত ‘আসাম
ভেলী লিটাৰীৰ (অসম উপত্যকা সাহিত্য বঁটা)’ বঁটা লাভ কৰে।
৮।
ব্যাখ্যা কৰাঃ
ক)
‘মৰিলে দাহ কৰিবলৈও
এজন মানুহ নাই।’
উত্তৰঃ প্ৰশ্নত উল্লেখিত উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য
চয়নিকা’ৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা বিৰচিত কবিতা ‘দৃশ্যান্তৰ’ৰ পৰা তুলি
দিয়া হৈছে।
আধুনিক যুগৰ মানুহৰ হৃদয়হীনতাৰ
কথা ক’বলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকিৰ
অৱতাৰণা কৰিছে।
সভ্যতাৰ বিকাশৰ লগত
মানুহৰ অন্তৰৰ পৰা মানৱীয়তা হ্রাস পাইছে। কবিয়ে পঁচিশ বছৰ আগত যিজন মানুহক কেঁচা
আলি-কেকুৰীত লগ পাইছিল। তেতিয়া মানুহজন পঁজা ঘৰত থাকিও শান্তি অনুভৱ কৰিছিল।
কিন্তু পঁচিশ বছৰৰ পিছত মানুহৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ অনুপাত হিচাপে মানুহৰ
মানৱীয় গুণ বৃদ্ধি নাপাই অৱনমিত হৈছে। সেয়ে বৃদ্ধ মানুহজনে সাতমহলীয়া
অট্টালিকাত থাকি ও শান্তি অনুভৱ কৰা নাই। কিয়নো এতিয়া নতুন প্ৰজন্মই
সা-সম্পত্তিৰ পিছত দৌৰি মানৱীয়তা হেৰুৱাই পেলাইছে। এতিয়া সমাজত মানুহ মৰিলেও দাহ
কৰিবলৈ মানুহৰ কোনো সময় নথকাৰ বাবে বৃদ্ধ মানুহজনে মনৰ ক্ষোভ প্ৰকাশ কৰিছে।
খ)
‘যখৰ পোৱালীহঁতে কাক কোনে চায়।’
উত্তৰঃ প্ৰশ্নত
উল্লেখিত উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত
হৰেকৃষ্ণ ডেকাৰ দ্বাৰা বিৰচিত কবিতা ‘দৃশ্যান্তৰ’ৰ পৰা তুলি দিয়া হৈছে।
উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে
অট্টালিকাত বাস কৰা মানুহৰ মানসিকতাৰ কথা অৱতাৰণা কৰিবলৈ চেষ্টা কৰিছে।
সময় নৈৰ সোঁতৰ দৰে আগবাঢ়ি গৈছে।
পঁচিশ বছৰ আগতে এজন মানুহে গাঁৱৰ এটা পঁজাত বাস কৰিছিল। মানুহ জনে গধূলি কমকৈ
দেখিলেও আত্মীয়তাবোধ আৰু মৰমৰ মাজেৰে সুন্দৰ, শান্তিৰ মাজেৰে
সেই সৰু পঁজাঘৰটোত বাস কৰিছিল। কিন্তু এতিয়া কবিয়ে পঁচিশ বছৰ পিছত যেতিয়া সেই
ঠাইলৈ গ’ল তাত তেওঁ দেখিলে সাতমহলীয়া অট্টালিকা। গাওঁৰ সেই পৰিৱেশ নাই। গাঁওখন
এতিয়া নগৰ হৈ পৰিছিল। মানুহবোৰ বাঢ়িছে কিন্তু মানুহবোৰৰ মাজত আত্মীয়তা নাইকিয়া হৈ
গৈছে। সেই সাতমহলীয়া অট্টালিকাত থকা মানুহবোৰে ইজনে আনজনক সন্দেহৰ চকুৰে চাই।
যিদৰে কৃপন মানুহৰ ধন কোনো কামত নাহে, নগৰীয়া মানুহৰ
কৃত্ৰিম আদৰৰো কোনো মূল্য নাই। সাতমহলীয়া অট্টালিকাত বাস কৰা লোকসকলে ধন-সোণ
উপাৰ্জ্জন কৰি যখৰ দৰে ৰাখি থৈছিল। তেওঁলোকে কাৰোবাৰ বিপদ হ’লে সহায় কৰা দূৰৰ কথা
আনকি মানুহ এজন মৰিলেও দাহ কৰিবলৈ আগবাঢ়ি অহা নাছিল। কবিতাফাঁকিৰ জৰিয়তে কবিয়ে
নিসংগতা জীৱনৰ কথা কৈছে।
গ)
‘এই কংক্ৰীটৰ হাবিখনত তেওঁক
বিচাৰি নাপালোঁ আৰু।’
উত্তৰঃ প্ৰশ্নত উল্লেখিত উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য
চয়নিকা’ৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা বিৰচিত কবিতা ‘দৃশ্যান্তৰ’ৰ পৰা তুলি
দিয়া হৈছে।
আধুনিক যুগৰ মানুহৰ
সৰ্বোচ্চ অট্টালিকা বাসভৱনৰ মাজত হৃদয়হীন মানৱতাৰ চূড়ান্ত অৱক্ষয়ৰ কথা ক’বলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।
কবিয়ে কেঁচা
আলি-কেকুৰীত লগ পোৱা মানুহজনক যেতিয়া পঁচিশ বছৰ পাছত আকৌ লগ পালে তেতিয়া
মানুহজনে কবিক চিনিব নোৱাৰি কবিয়ে সেই ঠাইলৈ কিয় আহিছে বা ভাড়া ঘৰ বিচাৰি আহিছে
নেকি- আদি প্রশ্ন কৰি উত্তৰৰ অপেক্ষা নকৰি সাতমহলীয়া অট্টালিকাৰ ভিতৰলৈ সোমাই
গৈছিল। কবিয়ে উক্ত অট্টালিকাবোৰক কংক্রিটৰ হাবি বুলি কৈছে। কাৰণ অট্টালিকাৰ মাজত
বৃদ্ধজনক আৰু বিচাৰি পোৱা নাছিল। আধুনিক কৃত্রিমতাৰ মাজত তেওঁ হেৰাই গৈছিল।
ভাষা-বিষয়কঃ
১।
বিপৰীত শব্দ লিখাঃ
কেঁচা = পকা
গধূলি = সন্ধিয়া
পোহৰ = আন্ধাৰ
শান্তি = অশান্তি
ৰূপ = অৰূপ
২।
এটাকৈ সমাৰ্থক শব্দ লিখাঃ
জোন ― চন্দ্ৰ
ঘৰ ― গৃহ
দাহ ― দহন
উভতি ― ঘূৰি অহা
৩।
নঞাৰ্থক শব্দ গঠন কৰাঃ
শান্তি ― অ+ শান্তি = অশান্তি।
চিনাকি ― অ + চিনাকি = অচিনাকি
সহায় ― অ + সহায় = অসহায়।
৪।
‘নমস্কাৰ’ শব্দটো সন্ধি ভাঙিলে এনে হ’ব ―
নমঃ + কাৰ ―
এনেদৰে আন চাৰিটা শব্দ লিখি সন্ধি ভাঙা।
উত্তৰঃ
পুৰঃ + কাৰ ―পুৰস্কাৰ
পৰিঃ + কাৰ ―পৰিস্কাৰ
নিঃ + কাৰ ― নিৰাকাৰ
বহিঃ + কাৰ ― বহিস্কাৰ।
Post a Comment