মই অসমীয়া (Moi Axomia), চৈয়দ আব্দুল মালিক ।। দশম শ্ৰেণী অসমীয়া (অসমীয়া সাহিত্য চয়নিকা) পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।। Class X Assamese

 

মই অসমীয়াঃ চৈয়দ আব্দুল মালিক
দশম শ্ৰেণী
অসমীয়া (অসমীয়া সাহিত্য চয়নিকা)

 

মই অসমীয়া (Moi Axomia), চৈয়দ আব্দুল মালিক ।। দশম শ্ৰেণী অসমীয়া (অসমীয়া সাহিত্য চয়নিকা) পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।। Class X Assamese
মই অসমীয়াঃ চৈয়দ আব্দুল মালিক
 


 

অনুশীলনী


ভাব-বিষয়কঃ

১। চমু উত্তৰ দিয়া।

ক) চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা।

উত্তৰঃ বেদুইন

 

খ) মোগলসকলে অসমৰ ক’ত ভৰি দিছিল?

উত্তৰঃ মোগলসকলে অসমৰ কামৰূপত ভৰি দিছিল। 

 

গ) অসমৰ হেংদাং ক’ত জিলিকিছিল?

উত্তৰঃ অসমৰ হেংদাং দুপৰীয়া দিনৰ পোহৰৰ সমৰ-থলীত জিলিকিছিল।

 

ঘ) অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল?

উত্তৰঃ অসমীয়াসকলে ম’হৰ শিঙৰে তৈয়াৰী পেঁপা বজাইছিল।

 

ঙ)অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল?

উত্তৰঃ অসমৰ স্বৰ্গদেৱে হাঁহ-কণী আৰু  চাউলেৰে দেউল সাজিছিল।

 



২। অসমৰ হেংদাং জিলিকিল

    দুপৰৰ পূর্ণ আলোকত— কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা। 

উত্তৰঃ অসমৰ হেংদাঙৰ শক্তি দেখি মোগল সকলো উক্ত কথাফাঁকি কৈছিল। মোগলে অসমত ভৰি দি, অসমক নিজৰ অধীন কৰি ৰাজত্ব কৰিম বুলি ভাবিছিল। কিন্তু অসমৰ পুৰুষ-তিৰোতাৰ হেংদাংঙৰ পৰাক্ৰমত মোগল পৰাভূত হৈ হেংদাঙৰ জয়গান গাইছিল।

 

৩। অসমৰ পুৰুষ-নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা।

উত্তৰঃ মোগলৰ হাতৰ পৰা অসম ৰক্ষাৰ বাবে পুৰুষ মহিলাই সমৰ্থলীত থিয় হৈ ৰণচণ্ডী মূৰ্তি ধাৰণ কৰি যুদ্ধ কৰিছিল। এই যুদ্ধত অসমৰ পুৰুষ-মহিলাই নিজৰ জীৱন তুচ্ছ জ্ঞান কৰি মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি মোগলক পৰাভূত কৰিছিল।

 

৪। ‘ক’ত অত বল পালে অসমৰ সেনানীয়ে

     শুকান সান্দহ আৰু পানী আঁজলিত।’

কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰঃ অসমৰ অসমীয়াৰ বল-পৰাক্ৰম দেখি মোগলসকলে তবধ মানিছিল। যি ৰাজপুতজয়ী মোগল সেনানী অসমৰ ৰথথলীত অসমীয়াৰ হাতত পৰাভূত হৈ কৈছিল— পানীৰে  শুকান সান্দহগুৰি খোৱা অসমীয়াৰ ইমান পৰাক্ৰমনে? পানী আৰু শুকান সান্দহ গুৰিৰ ইমান শকতি নে? যাৰ দ্বাৰা মোগল পৰাভূত হ’বলৈ বাধ্য হ’ল।

 



৫। ‘মই অসমীয়া’ কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা।

উত্তৰঃ ‘মই অসমীয়া’ কবিতাটোৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা কবিতাটোত অসম বুৰঞ্জীৰ নানা দিশো ফুতি উঠিছে। কবিতাটোৰ আৰম্ভণিতে কবিয়ে অসমখনক সেউজীয়া দূবৰিৰ দেশ বুলি কৈ শস্য-শ্যামলা ভূমিৰূপে প্ৰতিপন্ন কৰিছে। অসমৰ বননিখনক মিনাকৰা বুলিও কোৱা হৈছে। পাহাৰে-পৰ্বতে অসমভূমিৰ প্ৰতিটো গছৰ পাতেই যেন সৌন্দৰ্য্যৰ আকাৰ। নিয়ৰ পৰি থকা পাতবোৰ ৰদ পৰি মণি-মুকুতাহে যেন তেনেদৰে চিকমিকাই আছে। বনজ সম্পদৰে চহকী অসমৰ মূল্যৱান সম্পদ হৈছে হাতীদাঁত। অসমত আকৌ ভৰিত পিন্ধা খৰমৰ চোলাটোও হাতীদাঁতেৰে সজা হয়। বাঘৰ নখেৰে আঙঠি, খাৰু আদিও তৈয়াৰ কৰা হয়। ম’হৰ শিঙেৰে পেঁপা প্ৰস্তুত কৰা হয়। অসমৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণ পিন্ধে। ভেকুলীবোৰে কপালত যেন ফোঁট লৈ সাজিকাচি থাকে। প্ৰকৃতিয়ে আচলতে অসমক সকলো সুন্দৰ ৰূপে ধাৰণ কৰিবলৈ দিছে।

 

৬। কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া।

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ জন্ম হয় ১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত। তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল। তেওঁক গল্পসম্রাট বুলি কোৱা হয়। গল্পকাৰ আৰু ঔপন্যাসিক হোৱা বাবে তেওঁ কবি হিচাপে অল্পচৰ্চিত। কিন্তু তেওঁৰ কবিতায়ো আমাৰ সাহিত্য বাৰুকৈয়ে সমৃদ্ধ কৰিছে। তেওঁৰ কবিতা পুথিকেইখন হ’ল ‘বেদুইন’, ‘স্বাক্ষ’,

স্বপ্ন-দুঃস্বপ্ন আৰু কিছুকথা’ আৰু ‘ছন্দহাৰাৰ কবিতা’। অসমীয়া আধুনিক কবিসকলৰ প্রথম পর্বত তেওঁ গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছে। তেওঁৰ কবিতাসমূহত শব্দৰ সুষম আৰু অৰ্থৱহ ব্যৱহাৰ দেখা যায়। তেওঁ ‘অঘৰী আত্মাৰ কাহিনী’ নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। ‘সূযমুখীৰ স্বপ্ন’ তেওঁৰ আন এখন বিখ্যাত উপন্যাস। তেওঁৰ গল্প-উপন্যাসৰ ভাষাতো এক কাব্যিক আয়তন দেখা যায়। গল্প-উপন্যাসৰ পৰা জেতুকা পাতৰ দৰে’, ‘মমতাজ' আদি চলচ্চিত্র নির্মিত হৈছে। মুঠতে কবি, গল্পকাৰ আৰু ঔপন্যাসিক চৈয়দ আব্দুল মালিকে অসমীয়া সাহিত্যলৈ যাউতিযুগীয়া অৱদান আগবঢ়াইছে তেওঁৰ আন আন ৰচনাৰাজি হ’ল ‘পৰশমণি’, ‘আধাৰশিলা’,‘মৰহা ফুল’, ‘ৰূপতীৰ্থৰ যাত্ৰী’, ‘ধন্য নৰতনু ভাল’, ‘স্বাক্ষৰ’, ‘ছবিঘৰ’, ‘ৰঙাগৰা’, ‘ৰজনীগন্ধাৰ চকুলো’ইত্যাদি। তেওঁ ১৯৭৭ চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আসনো অলংকৃত কৰিছিল। এইজনা বিখ্যাত সাহিত্যিকৰ ২০০০ চনত দেহান্তৰ ঘটে।

 

৭। অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা।

উত্তৰঃ অসমৰ বিনন্দীয়া ৰূপে, যুদ্ধ কৰিবলৈ অহা মোগল সকলকো মুগ্ধ কৰিছিল। অসমৰ চৌদিশে থকা পাহাৰ আৰু বিভিন্ন ধৰণৰ গছ-গছনিৰ উপৰিও প্রাকৃতিক সৌন্দর্যত মোগলসকল মোহিত হৈ পৰিছিল। অসমৰ বতাহত উৰি ফুৰা পেঁপা আৰু সংগীতৰ সুমধুৰ স্বৰ মোগল সকলে আগতে কতো শুনা নাছিল, ভৰিৰ আঙঠি, বাঘৰ নখ আদি অসমতে মোগল সকলে দেখিছিল। হাঁহৰ কণী আৰু বৰা চাউলেৰে যে দেউল সজাব পাৰি তেওঁলোকৰ অসমতে পৰিচয় ঘটিছিল। নদীৰ বালিত সোন চেকুৰা, মাছ, ভেকুলী আদিৰ সৈতেও মোগল বাহিনীৰ চিনা পৰিচয় হৈছিল। নিষ্কর্মা বা কর্মহীন ব্যক্তিৰ দ্বাৰা কেনেকৈ কাম কৰিবলৈ লাগে তাৰ চানেকি মোগলে ধোদৰ আলিৰ জৰিয়তে দেখিবলৈ পাইছিল। আনপিনে ৰংঘৰ, কাৰেংঘৰৰ সৌন্দর্য আৰু অসমীয়াৰ মৰমৰ মাতত কঠিন শিলো গলি যোৱা বুলি তেওঁলোকে কৈছিল। সকলো পিনৰ পৰা মোগলৰ দৃষ্টিত অসমক স্বৰ্গপুৰী বুলি তেওঁলোকে অভিহিত কৰিবলৈ কুণ্ঠবোধ কৰা নাছিল।

 



৮। ব্যাখ্যা কৰাঃ

ক) মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়

দেশ-প্রাণ, মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি।

উত্তৰঃ বাখ্যেয় কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চানেকীৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ পাঠটিৰ পৰা তুলি দিয়া হৈছে।    

        যুদ্ধক্ষেত্ৰত অসমীয়াৰ স্বদেশ প্ৰেমৰ পৰিচয় মোগল সকলে কেনেকৈ পালে সেই বিষয়ে ক’বলৈ গৈ কবিয়ে বাখ্যেয় কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

   সপ্তদশ শতিকাত আহোমসকল অসমৰ শাসক আছিল। মোগল সকলে অন্য প্ৰান্তত থাকি অসম খনক আক্ৰমণ কৰিবৰ বাবে মন মেলিছিল। অন্য প্ৰান্তত থাকিও অসমক আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগলসকলে অসমত ভৰি দিলে। অসমখনক জয় কৰাৰ অভিলাষত তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিলে চৌদিশে সেইজীয়া ভূমি। মোগল সকলে অসমত প্ৰৱেশ কৰি সেউজীয়া ভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰ আধিকাৰী বুলি বুজি পালে। দেশ ৰক্ষাৰ হকে যে অসমৰ পুৰুষ মহিলা সকল যুদ্ধক্ষেত্ৰ  ৰাঙলী কৰিবলৈ প্ৰস্তুত সেই কথা মোগল সকলে অনুমান কৰিব পাৰিলে। অসমৰ পুৰুষ মহিলা সকলে শত্ৰুৰ আক্ৰমণ বুকু পাতি ল’বলৈ অকণো কুন্ঠাবোধ কৰা নাছিল। শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰনত কৰি মোগল সকল অহা বাটে উভতি গৈছিল।

 

খ)  দুৱৰিৰ পাতে পাতে মুকুতাৰ থোপা গচকত ভাগে মৰকত,

হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা,

   ভৰি ধোৱে পোৱালৰ ভৰা দলঙত।

উত্তৰঃ বাখ্যেয় কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চানেকীৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ পাঠটিৰ পৰা তুলি দিয়া হৈছে। 

        অসমৰ প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰিবলৈ গৈ কবিয়ে বাখ্যেয় কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

        অসমখন প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে চহকী দেশ। প্ৰকৃতিয়ে অসমক বহুতো সম্পদৰ সম্ভাৰ দিছে। মোগলসকলে যেতিয়া অসমলৈ আহি সেই সম্পদৰ সম্ভাৰ প্ৰত্যক্ষ কৰিছিল তেতিয়া তেওঁলোক আচৰিত হৈ ৰৈছিল। কবিৰ মতে অসমৰ দুবৰিবনত নিয়ৰ এনেদৰে পৰি আছিলে যেন মুকুতাৰ থোপাহে ওলমি আছিল। সেই দেশৰ ধূলিত পৰি থকা সৰকত মণি, খোজ দিলেই যেন গচকত ভাঙি যোৱাৰ সম্ভাৱনা পোৱা গৈছিল। প্ৰকৃতিক সম্পদেৰে ভৰপূৰ অসমৰ মূল্যৱান সম্পদ আছিলে হাতীদাঁত। এই দেশত ভৰিত পিন্ধা খৰমৰ চুলাও হাতীদাঁতেৰে তৈয়াৰ কৰা হৈছিল। বহুতো মূল্যৱান  মণিৰে সজা দলঙত উঠি মানুহে ভৰি ধুইছিল। প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰি মুঠতে সামৰণি কৰিব নোৱাৰি।

 



গ) মোহ গ’ল দুৰণিৰ বিদেশী মোগল

    অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া,

    অসমত বন্দী হ’ল, অসমৰ ৰূপ-মুগ্ধ

       দূৰৰ মোগল আহি হ’ল অসমীয়া।।

উত্তৰঃ বাখ্যেয় কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চানেকীৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ পাঠটিৰ পৰা তুলি দিয়া হৈছে। 

        অসমৰ সৌন্দৰ্যৰ বিমুগ্ধ মোগলৰ অনুভৱৰ বিষয়ে কবলৈ গৈ কবিয়ে বাখ্যেয় কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

        অসমক সেউজীয়া দুবৰিৰ দেশ বুলি কোৱা হৈছে। অসমৰ বননি মিনাকৰা বুলিও কোৱা হৈছে। নিয়ৰ পৰি থকা পাত বোৰত ৰদ পৰি এনেদৰে  চিকমিকাই উঠে যেন মণি-মুকুতাহে খচিত আছে। অসমৰ ধূলিয়ে-বালিয়ে যেন মণি-মুকুতা, সোণৰ দৰে আপুৰুগীয়া সম্পদ। অসম খনৰ সৌন্দৰ্য অতুলনীয়। অসমৰ মূল্যবান সম্পদ হ’ল হাতীৰদাঁত।  হাতীৰদাঁতেৰে খৰমৰ চুলা সজা হয়। প্ৰবাল মণিৰে সজা দলঙত ভৰি ধোৱা হয়। আনকি বাঘৰ নখেৰে নিৰ্মিত খাৰু, আঙুঠি আদিও মানুহে পিন্ধা দেখা যায়। ম’হৰ শিঙেৰে পেঁপা বজাই আনন্দত নাচে। অসমৰ অসমীয়া ভাষা শুৱলা। অসমৰ এনে ৰূপ দেখি তেওঁলোক এনেদৰে মোহিত হল যে তেওঁলোক নিজ অসমতে থাকি গ’ল।

 

ঘ) জীৱনে মৰণে মই চিৰদিন অসমীয়া

         অসমীয়া দেহ-প্ৰাণ মন;

   জীয়াই থাকোঁতে মই অসমৰে অসমীয়া,

          মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ।

উত্তৰঃ বাখ্যেয় কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চানেকীৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ পাঠটিৰ পৰা তুলি দিয়া হৈছে। 

       কবিতাফাঁকিৰ জৰিয়তে কবিয়ে কৈছে যে জনমভূমিৰ প্ৰতি অফুৰন্ত প্ৰেম প্ৰকাশৰ কথা কৈছে।

       কবিৰ মতে জনমভূমি অসমখন প্ৰাণৰো প্ৰাণ। অসমীয়া বুলি কবিয়ে নিজে গৌৰৱ অনুভৱ কৰে। অসমীয়া সকলে নিজদেশ ৰক্ষাৰ হকে একগোট হৈ মোগলকো যুদ্ধত পৰাস্ত কৰিবলৈ প্ৰস্তুত হৈছিল। কবিয়ে সেইবাবে অসমীয়া জাতিক লৈ উৎফুল্লিত। কবিয়ে নিজৰ জনমভূমিক ধৰ্ম ৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সাগৰীয় ভাষা হিচাপে গণ্য কৰে। যি ভাষাত ৰচিত গীত, কথা, মাত আদি বনৰীয়া চৰাই আদিকো আকষৰ্ণ কৰিব পাৰে, সেই ভাষা, গীতে কবিৰ হৃদয় উপচাই ৰাখে। কবিয়ে অসমীয়া ভাষাটোক ইমানে ভাল পায় যে মৃত্যুৰ পাছত সৰগতো এই ভাষাৰ গান শুনিব বিচাৰিছে। এনেহেন অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই আছে। কবিয়ে সেইবাবে মৃত্যুৰ পিছতো তেওঁৰ প্ৰাণ অসমতে পুনৰ জন্ম ল’ব বিচাৰে।

 

৯। ‘মই অসমীয়া’ কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্রশংসা কৰিছে, তোমাৰ কথাৰে বুজাই লিখা।

উত্তৰঃ কবিয়ে নিজৰ জনমভূমিক প্ৰাণৰো প্ৰাণ বুলি কৈছে। নিজকে অসমীয়া বুলি কবিয়ে গৌৰৱ কৰে। প্ৰবল প্ৰতাপী মোগল সকলকো অসমৰ পুৰুষ-মহিলাই ৰণচণ্ডী মূৰ্তি লৈ যুজঁত পৰাজয় কৰিছিলে। কবিয়ে হেংদাং লৈ যুদ্ধ কৰি মোগলক পৰাস্ত কৰি খেদি দিয়াৰ বাবে অসমৰ সন্তান সকলক লৈ গৌৰৱ অনুভৱ কৰে। গৰম পানীৰে সান্দহ গুৰি খাই জীয়াই থকা মানুহৰ ইমান শক্তি ক’ৰ পৰা আহে তাকে ভাবি কবি আচৰিত হ’ল। কবিৰ মতে কবিৰ দেশৰ মানুহ সহজ সৰল, অসাময়িক আছিল। এই অসম দেশৰ মানুহৰ মুখৰ মাতত মৌ সৰা আছিল। ইমান কোমল অন্তৰৰ মানুহ যে দেশ ৰক্ষা কৰিবলৈ বজ্ৰকঠোৰ হ’ব পাৰে সেই কথা কবিয়ে কেতিয়াও ভাবিব পৰা নাছিল। সেইবাবে কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক লৈ প্ৰসংশা কৰিছে।

 



১০। কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল’ম বুলি ভাবিছে বুজাই লিখা।

উত্তৰঃ কবিৰ বাবে নিজৰ জনমভূমিখন প্ৰাণৰো প্ৰাণ। কবিয়ে নিজকে অসমীয়া হিচাপে গৌৰৱবোধ কৰে। নিজৰ জন্মভূমিখনক ধৰ্মৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সৰগীয় ভাষা হিচাপে গণ্য কৰে। যি ভাষাত ৰচিত গীত-মাতে বনৰীয়া চৰাইকো আকষৰ্ণ কৰিব সেই অসমীয়া ভাষাৰে গীত, কবিতা, আদিয়ে কবিৰ অন্তৰ চুই যায়। কবিয়ে জন্মৰ পিছত অসমীয়া ভাষাটোক ‘আই’ সম্বোধন কৰিছে। কবিয়ে ‘আই’ সম্বোধনেৰেই এদিন নিজৰ জনমভূমিত প্ৰাণ ত্যাগ কৰিব বিচাৰে। কবিয়ে অসমীয়া ভাষাটোক ইমানে ভাল পায় যে মৃত্যুৰ পিছতো সৰগত অসমীয়া ভাষাটো শুনিব বিচাৰে। অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই গৈছে। সেইবাবে কবিয়ে মৃত্যুৰ পাছতো অসমতেই পুনৰ জন্ম ল'ব বিচাৰে।

 

১১। ‘মই অসমীয়া’ কবিতাটোৰ সাৰাংশ লিখা।

উত্তৰঃ ‘মই অসমীয়া’কবিতাটোৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ অনন্ত ভালপোৱাৰ কথা ব্যক্ত কৰিছে। অসমৰ ৰূপ সৌন্দৰ্যই কবিক আকৰ্ষণ কৰিছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা সুৰ আৰু অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে কবিতাটোত। কবিতাটোত নিজৰ আবেগক কিছু সময়লৈকে মোগলৰ কথাক সাজি তুলিছে। কবিৰ মতে মোগলসকল প্ৰবল পৰাক্ৰমী আছিল। ভাৰতবৰ্ষৰ এমূৰে থকা অসম দেশ জয় কৰিব বাবে মোগলসকল আহিছিল। মোগলসকল যেতিয়া অসম আক্ৰমণ কৰিবৰ বাবে অসমত সোমাইছিল তেতিয়া মোগলসকলে অসমীয়া মানুহৰ বীৰত্ব দেখি স্তব্ধিত হৈছিল। যি মোগলে ৰাজপুতক জয় কৰিছিল সেই মোগলেই পিছে  অসমীয়াৰ পৰাক্ৰম সহিব নোৱাৰিলে। অসমৰ পুৰুষ-মহিলাৰ প্ৰচণ্ড  আত্মবিশ্বাস আৰু বীৰত্বৰে যুঁজি অসমৰ জন্মভূমিৰ স্বাধীনতা ৰক্ষা কৰিলে। মোগল সকল যি বাটে আহিছিল সেই বাটে অসমীয়াই ওভোতাই পঠালে। সেইবাবে কবিয়ে অসমৰ  বিজয়ক সুৱৰি কবি আনন্দিত হৈ পৰে। কবিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি মোগলৰ মুখেৰে অসমৰ সৌন্দৰ্যৰ প্ৰশংসা কৰাইছে। কবিয়ে অসমৰ ৰূপ, গুণ, সৌন্দৰ্য আৰু সেউজীয়া পৰিৱেশ দেখি মোগলসকল অসমত থাকি গ’ল বুলিও কৈছে। অসমৰ অসমীয়া ভাষাক কবিয়ে সগৰীয় ভাষা বুলিও  কবিয়ে কৈছে। কবিয়ে মৃত্যুৰ পাছতো এই ভাষা সৰগত শুনিব বিচাৰিছে। এই মাটিৰ মায়াই কবিক আকুল কৰিছে। কবিয়ে নিজৰ দেশৰ বাবে জীয়াই থাকিব বিচাৰে আৰু নিজ দেশৰ হ’কে মৰিবও বিচাৰে পৰম্পৰাগত নিয়ম বা প্ৰথাৰ বৰ্ণনাৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ সচাঁ ভালপোৱাৰ কথা কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে।

 

১২। ‘মই অসমীয়া’ কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা।

উত্তৰঃ  মই অসমীয়া’ কবিতাটোত অসমৰ অতীত গৌৰৱ সুন্দৰভাৱে পৰিস্ফূট হৈছে। কবিয়ে প্ৰবল পৰাক্ৰমী মোগলসকল অসমলৈ দেশ জয়ৰ উদ্দেশ্যে অহা বুলি কৈছে। কৃষিজীবি সহজ-সৰল অসমীয়াই মানুহে কিদৰে নিজৰ দেশ ৰক্ষা কৰিছিল তাৰ কথা কৈছে। নিজৰ কথাৰে বশ কৰিব বুলি ভাবি মোগল সকলে অসমৰ সৈন্য বিষয়াৰ বুদ্ধিমত্তাৰ পৰিচয় দিছিল। যেতিয়া যুদ্ধ ঘোষণা হৈছিল তেতিয়া অসমৰ সৈন্যৰ সন্মুখত পৰাক্ৰম দেখি মোগলসকলে তবধ মানিছিল। অসমৰ পুৰুষ-মহিলাই ৰণচণ্ডী মূৰ্তি ধৰি  হেংদাং হাতত লৈ ওলাই আহিছিল। দেশৰ স্বাধীনতা ৰক্ষাৰ বাবে অসমৰ সকলো পুৰুষ মহিলাই শত্ৰুৰ আক্ৰমণ নিজৰ বুকু পাতি লবলৈয়ো কুন্ঠাবোধ কৰা নাছিল। অসমৰ পুৰুষ-মহিলাৰ আক্ৰমণ দেখি মোগলসকল আকৰ্ষিত হৈছিল। মোগলসকলে অসমৰ সৈতে যুদ্ধত পৰাজিত বৰণ কৰি অসমীয়াৰ স্বদেশ প্ৰেম আৰু বীৰত্বৰ প্ৰশংসাও কৰিছিল। এনেদৰে কবিয়ে সুন্দৰ ভাৱে অসমৰ অতীত গৌৰৱৰ বৰ্ণনাৰে কবিতাটোত ফুটাই তুলিছে।

 


 

ভাষা-বিষয়কঃ

১। ব্যাসবাক্যসহ সমাসৰ নাম লিখাঃ

স্বর্ণপুৰীস্বৰ্ণৰ  পুৰী ষষ্ঠী তৎপুৰুষ সমাস

মুক্তগীত মুক্ত যি গীত কৰ্মধাৰয় সমাস

অনিৰুদ্ধ ৰুদ্ধ নহয় যি গতি বহুব্ৰীহি সমাস

নিষ্কর্মা কৰ্ম নাই যাৰ বহুব্ৰীহি সমাস

 

৩। বিপৰীত শব্দ লিখাঃ

গৌৰৱ  লাঘৱ,

আলোক  আন্ধাৰ,

স্বাধীনতা  পৰাধীনতা

পৰাজিত  বিজয়ী, জয়ী

সপোন  দিঠক, বাস্তৱ

মৰণ  মৃত্যু

 

 

Post a Comment

Post a Comment (0)

Previous Post Next Post