প্ৰশস্তি, (Prohoshti), ৰঘুনাথ চৌধাৰী ।। দশম শ্ৰেণী অসমীয়া (অসমীয়া সাহিত্য চয়নিকা) পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।। Class X Assamese

 

প্ৰশস্তিঃ ৰঘুনাথ চৌধাৰী
দশম শ্ৰেণী
অসমীয়া (অসমীয়া সাহিত্য চয়নিকা)

 

প্ৰশস্তি,  (Prohoshti), ৰঘুনাথ চৌধাৰী ।। দশম শ্ৰেণী অসমীয়া (অসমীয়া সাহিত্য চয়নিকা) পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।। Class X Assamese
প্ৰশস্তিঃ ৰঘুনাথ চৌধাৰী
 



 

অনুশীলনী

 

১। চমু উত্তৰ দিয়াঃ

ক) ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়?

উত্তৰঃ বিহগী কবি বুলি জনা যায়। 

 

খ) ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা?

উত্তৰঃ সদৰী আৰু কেতেকী

 

গ) প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে?

উত্তৰঃ নতুন কুঁহিপাতে প্ৰকৃতিক সাদৰি আনিলে বুলি কবিয়ে কৈছে।

 

ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে ?

উত্তৰঃ মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে।

 

ঙ) জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে ?

উত্তৰঃ জল, স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে।

 

চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে ?

উত্তৰঃ মহামহিমৰ গান কীচক বেণুৱে গায় বুলি কবিয়ে কৈছে।

 

 

 

২। কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা।

উত্তৰঃ কবিতাটোৰ মাজেৰে কবিয়ে আকাশ, অন্তৰীক্ষা, গছ-গছনি, ফুল, পাত-কুঁহিপাত, কীচক, বাঁহী, চৰাই এই সকলোবোৰ প্ৰকৃতিৰ বস্তু টানি আনিছে।

 

৩। কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে?

উত্তৰঃ প্রশস্তি শব্দটোৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃতিৰ সৌন্দর্য বর্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ মাজত কবিয়ে ঈশ্বৰ ভক্তিৰ স্বৰূপ বিচাৰি পাইছে আৰু সেইবাবে প্ৰকৃতিৰ সুন্দৰতাৰ প্ৰশস্তি  কৰিছে।

 

৪। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা।

উত্তৰঃ বিহগী কবি ৰঘুনাথ চৌধাৰীৰ ‘প্ৰশস্তি’ কবিতাটো এটি প্রকৃতি বিষয়ক কবিতা। কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। সূৰ্যৰ পোহৰত জিলিকি উঠা গছ-বনে প্রকৃতিখনক ন-ৰূপেৰে সজাই তুলিছে। চাৰিওফালে ফুলি উঠা ফুলবোৰে প্ৰাণ ভৰি নাচিছে। চৰাই-চিৰিকটিৰ গানে যেন চৌদিশে দেৱতাৰহে সন্ধান দিছে। প্ৰকৃতিৰ সকলো বস্তুৱে যেন তেওঁৰ সন্মুখত  দেখা দিছে। প্ৰকৃতিৰ এই সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে অদৃষ্টৰ অস্তিত্ব দেখিবলৈ পাইছে। কবিয়ে অনুভৱ কৰিছে যে প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত ঈশ্বৰভক্তি সোমাই আছে। আৰু তেওঁৰ বাবে এই ঈশ্বৰে হৈছে সুন্দৰ। কবিয়ে সকলো ভক্তকে তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। এনেদৰে প্ৰকৃতিৰ সুধাৰ মাজত সুন্দৰৰ সাধনা লুকাই আছে।

 

 

 

৫। ‘প্ৰশস্তি’ কবিতাটোৰ মূলভাৱ লিখা।

উত্তৰঃ বিহগী কবিৰূপে খ্যাত ৰঘুনাথ চৌধাৰী অসমীয়া কাব্যজগতৰ এটি উজ্জ্বল নক্ষত্র। প্ৰকৃতিৰ লগত সংগতি ৰাখি প্ৰকৃতিৰ উপাদানসমূহক নিজৰ মাজত ধাৰণ কৰি তেওঁ কবিতাসমূহ ৰচনা কৰিছিল। তেখেতৰ প্রকৃতিবিষয়ক কবিতাসমূহৰ ভিতৰত ‘প্ৰশস্তি’ এটা উৎকৃষ্ট কবিতা।

       প্ৰশস্তি’ মূলতঃ এটা প্রকৃতিবিষয়ক কবিতা। প্ৰকৃতিৰ সকলো উপাদান একত্ৰিত কৰি সেই উপাদানবোৰৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। ‘প্ৰশস্তি’ৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। সূৰ্যৰ ৰঙীন পোহৰে গোটেই প্রকৃতিখনক দশোদিশে উজ্বলাই তুলিছে। নতুন কুঁহিপাতে প্রকৃতিক আদৰি আনিছে। ইয়াকে দেখি ফুলেও আনন্দত নাচি উঠিছে। মন্দিৰৰ বা পূজাৰ বাবে উপেক্ষিত ৰবাব ফুলে প্রেম পৰিণয় যাচিছে। চৰাইবোৰে সুললিত কণ্ঠেৰে সুমধুৰ ৰাগ জুৰিছে। যিয়ে জল-স্থল, অন্তৰীক্ষ সকলোতে দেৱতাৰ সন্ধান দিছে। কবিতাটোৰ মাজেৰে কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। কীচক বাঁহীয়ে বতাহত স্ৰষ্টাৰ গান গাইছে। কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। ‘প্ৰশস্তি’ অর্থাৎ আৰাধনা বা গুণানুকীৰ্তন কৰা প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে।

 

৬। ‘উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,

        উঠা যত মুক্তি পথযাত্ৰী।’

 ―কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা।

উত্তৰঃ কবিয়ে গোটেই কবিতাটোৰ মাজত নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ মাজত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। কবিয়ে অমৃতৰ সন্তান ঋতুৰাজক কালৰাত্ৰিৰ শেষত মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছিল। যাতে ভগৱানক আৰাধনা কৰি সকলো ঈশ্বৰৰ লগত বিলীন হৈ যাব পাৰে। সকলো মুক্তিৰ পথ বিচৰা যাত্ৰীসকলক মহাকালৰাত্ৰিৰ শেষত মুক্তি বিচৰাৰ কথা কৈছে।

 

 

 

৭। সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা।

উত্তৰঃ কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুখ অনুভৱ কৰিবলৈ দিছে। কবিয়ে কবিতাটোত প্ৰকৃতিৰ যি মনোমোহা ৰূপ দাঙি ধৰিছে, সেই ৰূপৰ মাজত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই থকা বুলি কৈছে। প্ৰকৃতিৰ অংগ কীচক বাঁহীয়ে বতাহত স্ৰষ্টাৰ গান গাই সকলোকে মুগ্ধ কৰি তুলিছে আৰু সেইবাবে প্ৰকৃতিৰ আৰাধনাৰ মাজত ডুবি থকা ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে কৈছে। 

 

৮। ব্যাখ্যা কৰাঃ

ক) উঠে তৰু শিৰে শিৰেবন বিহংগৰ

             ছন্দভৰা সুমধুৰ তান,

     জল স্থল অন্তৰীক্ষ সকলোতে যেন

            দেৱতাৰ মহা অভিযান।

উত্তৰঃ বাখ্যেয় কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ দ্বাৰা ৰচিত ‘প্ৰশস্তি’ নামৰ পদ্যটোৰ পৰা তুলি দিয়া হৈছে।

        প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত চিৰসুন্দৰৰ সন্ধান চলা কথা স্পষ্টকৈ ক’বলৈ গৈ কবিয়ে বাখ্যেয় কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

        সূৰ্য্য উদয় হোৱাৰ লগে লগে প্ৰকৃতিজগতখন আলোকিত হৈ পৰে আৰু পৃথিৱীখনে যেন নতুন ৰূপ লয়। গছৰ ডালত বহি বনৰ বিভিন্ন চৰাইয়ে সুললিত সুৰেৰে গীত জুৰে। এনে ক্ষণত চৌদিশে যেন কবিয়ে অন্য এক নতুন সুৰহে শুনিবলৈ পাই। কবিৰ এনে লাগে যেন মাটিয়ে-পানীয়ে, আকাশে-বতাহে, গছে-বনে ধ্বনিত হৈছে চিৰসুন্দৰৰ আৱহনী গীত। জগতৰ প্ৰতিটো উপাদানে যেন চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে দেৱত্বৰ সন্ধান পাইছে। ৰাতিৰ আন্ধাৰ ভেদ কৰি নামি অহা আলোকে সৃষ্টি কৰিছে এনে এটা সুন্দৰ পৰিৱেশৰ। য’ত মুক্তিপথৰ যাত্ৰী মানুহে বিচাৰি পাব পাৰে চিৰসুন্দৰৰ।

 

খ) কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ

              শেষ হ’ল মহা কালৰাত্রি

   উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,

              উঠা যত মুক্তি পথযাত্ৰী।’

উত্তৰঃ বাখ্যেয় কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ দ্বাৰা ৰচিত ‘প্ৰশস্তি’ নামৰ পদ্যটোৰ পৰা তুলি দিয়া হৈছে।

        উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানুহক কালৰাত্ৰিৰ শেষত চিৰমুক্তিৰ বাবে সন্ধান কৰিবলৈ আহ্বান কৰিছে।

        এই পৃথিৱীখনৰ সকলো আৱৰ্জনা, প্ৰদূষিত উপাদানবোৰ আঁতৰাই সূৰ্য্যই পৃথিৱী আৰু প্ৰকৃতি জগতখন আলোকিত কৰিছে নিশাৰ আন্ধাৰ ভেদি। সেই আলোকতে সকলো নিমগ্ন হৈছে নিজ-নিজ লক্ষ্যৰ সমাপ্তিত। কবিয়ে সূক্ষ্মভাৱে এই কথা লক্ষ্য কৰিছে প্ৰকৃতি জগতখনক যে মানুহো প্ৰকৃতি জগতৰ অংগ। অন্যান্য উপাদানৰ নিচিনা মানুহো আন্ধাৰত আৱদ্ধ হৈ থাকে। মানুহৰ জীৱনৰ আন্ধাৰ বুলি ক’বলৈ হ’লে দুখ-যন্তণা, প্ৰধানকৈ সংসাৰৰ মায়া-মোহে সেইবোৰ দুগুনে বঢ়ায়। এই অন্ধকাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ সম্ভৱ কেৱল চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে। তেওঁ সকলো যন্ত্ৰণাৰ পৰা মুক্তি দিয়ে।

 

 

গ) মোহন কীচক বেণু অনাহত ছন্দে

               গায় মহামহিমৰ গান,

     মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ !

               সুন্দৰৰ কৰা ৰূপধ্যান। 

উত্তৰঃ বাখ্যেয় কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ দ্বাৰা ৰচিত ‘প্ৰশস্তি’ নামৰ পদ্যটোৰ পৰা তুলি দিয়া হৈছে।

        বাখ্যেয় কবিতাফাঁকিৰ জৰিয়তে কবিয়ে নেদেখাজনৰ ৰূপ ধ্যান কৰিবলৈ সকলো এলাহ, অৱসাদ, মায়া-মোহ ত্যাগ কৰাৰ কথা অৱতাৰণা কৰিছে।

        কবিয়ে এই কবিতাটোত মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ কথা কৈছে। মানৱ জীৱন ক্ষণস্থায়ী। মানুহ নিৰ্দিষ্ট সময়ৰ বাবেহে পৃথিৱীলৈ আহে। এই সময়ছোৱাত জাগতৰ সৌন্দৰ্য্যৰ মায়া-মোহত এনেদৰে বান্ধ খাই থাকে যে জীৱনৰ আন কথাবোৰ পাহৰি পেলাই। কবিতাটোৰ মাজেৰে কবিয়ে ক’ব খুজিছে যে জাগতৰ সৌন্দৰ্যয়ো চিৰসুন্দৰকে ধিয়াই আছে। মানৱ জীৱন চিৰমুক্তি পথৰ যাত্ৰী। এই সংসাত দুদিনীয়া মায়া-মোহত বন্দী হৈ সেই কথা পাহৰা উচিত নহয়। মুক্তি প্ৰাপ্তি হে মানৱৰ ধ্যান। সেয়েহে এই কথা নাপাহৰি এলাহ, অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্য্যৰ উপভোগৰ মাজতে চিৰসুন্দৰৰ আৰাধনা কৰাহে উচিত বুলি কবিয়ে ভাৱে।

 

 

ভাষা-বিষয়কঃ

 

১। অৰ্থ লিখাঃ

 কিশলয় কুঁহিপাত

 চিত্তহাৰী মন-প্ৰাণ হৰি নিয়া

 অন্তৰীক্ষ  আকাশ, সৌৰজগত, শূণ্য

 তন্দ্ৰালস  টোপনি যোৱা, নিদ্ৰাৰত

 

২। বাক্য ৰচনা কৰাঃ

দশোদিশে(চাৰিওপালে)—ঃ সুগন্ধি তগৰ ফুলপাহিৰ গোন্ধ দশোদিশে বিয়পি আছে।

উপেক্ষিত(অৱহেলিত)—ঃ গোলাপৰ মাজত কাঁইট সদায় উপেক্ষিত।

জৰাজীৰ্ণ—ঃ গাঁওখনত যি এখন মূলপথ আছে সেয়াওঁ একেবাৰে জৰাজীৰ্ণ অৱস্থা।

অমৃত—ঃ মানুহটো অমৃত তুল্য স্বভাৱটিৰ কাৰণেই তেওঁ সকলোৰে অতি প্ৰিয়।

মোহ—ঃৰাজনে বৰ মোহ লগাকৈ কথা কয়।

 

 

 

৩। সমাৰ্থক শব্দ লিখাঃ

 তৰু  গছ, বৃক্ষ

 মুক্তি  মুকলি

 সুমধুৰ   শুৱলা

 অভিযান   অন্বেষণ

 ধ্যানী  যোগী, ঋষি

 

Post a Comment

Post a Comment (0)

Previous Post Next Post