অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতিঃ আব্দুছ ছাত্তাৰ ।। দশম শ্ৰেণী অসমীয়া (অসমীয়া সাহিত্য চয়নিকা) পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।। Class X Assamese

 

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতিঃ আব্দুছ ছাত্তাৰ  

দশম শ্ৰেণী

অসমীয়া (অসমীয়া সাহিত্য চয়নিকা)

অসমৰ জনগোষ্ঠীৰ গাথনি আৰু সংস্কৃতি


Advertisement

…………………………

ভাব-বিষয়কঃ

 

১। অতি চমু উত্তৰ লিখাঃ

ক) ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?

উত্তৰঃ ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো আছিল মংগোলীয় গোষ্ঠী।

 

খ) প্রাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল?

উত্তৰঃ প্রাচীন কালৰে পৰা অসম দেশ যাদু-মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ  বাবে প্রসিদ্ধ আছিল। 

 

গ) কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে?

উত্তৰঃ ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে। 

 

ঘ) সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?

উত্তৰঃ সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। 

 

ঙ) অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোক কোনবিলাক?

উত্তৰঃ অসমৰ মংগোলীয় গোষ্ঠীৰ লোক হৈছে আহোমসকল।

Advertisement

…………………………

 

২। চমু উত্তৰ লিখাঃ

ক) অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায় ?

উত্তৰঃ অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে ঘাইকৈ কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি অনাৰ্য জাতিক বুজায়।

 

খ) কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল?

উত্তৰঃ ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল।

 

গ) চাহ-উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক’ৰ ক’ৰ পৰা অসমলৈ আহিছিল?

উত্তৰঃ চাহ উদ্যোগৰ কৰ্মীসকল হৈছে- চাঁওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙ্গা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি।

      এওঁলোক বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।

 

ঘ) পাঠটিত থকা খাদ্য-বস্তুৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ পাঠটিত থকা খাদ্য-বস্তুৰ এখন তালিকা হ’ল- পাৰাথা, পোলাও, কোৰ্মা-কোপ্তা, কে’ক-বিস্কুট, ৰুটি, ৰসগোল্লা, লাল-মোহন, চিঙ্গাৰা, লুচি-পুৰী, ড’চা, চাম্বাৰ, ইডলি।

 

৩। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি ?

উত্তৰঃ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে- অলিখিত গৰখীয়া নাম, নিচুকণি গীত, নাও খেলোৱা গীত, বাৰমহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ-সাহিত্য আৰু ডাকৰ বচন আদি।

Advertisement

…………………………

 

৪। ‘অসমৰ বৈচিত্রপূর্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।’ —কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বর্ণনা কৰা।

উত্তৰঃ সমগ্র অসম ৰাজ্যখনেই বিভিন্ন জাতি, উপজাতি আৰু জনজাতীয় জনগোষ্ঠীৰে যে পৰিপূৰ্ণ এনে নহয়, নানা সমস্যাৰেও পৰিপূৰ্ণ। সেইদৰে অসমৰ সংস্কৃতিও বাৰেবৰণীয়া আৰু বৈচিত্ৰপূৰ্ণ। প্ৰাচীন কালৰে পৰাই অসমত বাস কৰি আহিছে বিভিন্ন জনজাতীয় গোষ্ঠী অৰ্থাৎ অসমত আৰ্য জনগোষ্ঠীৰ লোকসকল আছিল ইয়াৰ প্ৰধান কেন্দ্ৰ। ঘাইকৈ ইয়াত কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিকে ধৰি অতীতত অকা, ডফলা, আবৰ, মিছিমি আদি জনগোষ্ঠী সমূহে অসম ভূমিত বসবাস কৰিছিল।

         ত্ৰয়োদশ শতিকাত এইবোৰ জনগোষ্ঠীৰ লগতে অসমলৈ নতুন গোষ্ঠীৰ আগমন ঘটিল- সেয়া হৈছে ঘাইকৈ চীন আৰু হুকং উপত্যকাৰ পৰা অহা মংগোলীয়সকল। অসমলৈ অহা আহোমসকলে নিজৰ পূৰ্বৰ কৃষ্টি-সংস্কৃতি পৰিহাৰ কৰি হিন্দু ধৰ্ম আৰু নতুন সংস্কৃতি গ্ৰহণ কৰিছিল। সেই সময়তে অসমলৈ মুছলমান সকলো আহিছিল। উনবিংশ শতিকাত বৃটিছে চাহ উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ অসমলৈ চাঁওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙ্গা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি লোকসকল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জাতিসমূহ।

      এটা সময়ত আকৌ আৰ্য সংস্কৃতিতকৈ অনাৰ্য সংস্কৃতিহে বেছি গুৰুত্বপূৰ্ণ হৈ উঠিছিল। এই দেশলৈ আহোম মুছলমান সকলকে ধৰি বিভিন্ন জনগোষ্ঠীৰ লোক আহিছিল। কোনোবাই দেশ জয় কৰিবলৈ আৰু কোনোবাই যুদ্ধবন্দী হিচাপে ৰৈ গ’ল। পুৰণি কালত অসমত থলুৱা বাসিন্দাসকলৰ ভিতৰত কছাৰী, চুতীয়া, কোচ, বড়ো আদিয়ে নিৰ্বিবাদে সকলোকে গ্ৰহণ কৰিছিল। তেওঁলোকে নিজ নিজ ধৰ্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ধৰিলে। সেই সময়ছোৱাত বাহিৰৰ পৰা অহা মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিবলৈ ল’লে। এয়াই হ’ল এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ যোৱা ব্যৱস্থা। 

       এনেদৰে বিভিন্ন সময়ত বিভিন্ন কথা-কাণ্ডৰ গইনা লৈ অসমত বিভিন্ন জাতি- জনগোষ্ঠীয়ে নিজস্ব সংস্কৃতিৰ লগতে বাস কৰিবলৈ ল’লে আৰু আজি এইবোৰ অসমৰ এৰাব নোৱাৰা অংগ হৈ পৰিল।  বৈচিত্র্যপূর্ণ ভাৰতৰ আটাইতকৈ বিচিত্ৰ প্ৰান্তৰ হৈছে অসম আৰু ই সম্ভৱ হৈছে অসমৰ জনগোষ্ঠীৰ বিচিত্র গাঁথনিৰ বাবে।

 

৫। ‘বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।’— ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে – পাঠৰ আলমত বিচাৰ কৰা।

উত্তৰঃ ইয়াত ঔদ্যোগিক আবেষ্টনী মানে বৃটিছসকলে অসমত চাহ উদ্যোগ আৰু তাৰ সৈতে জড়িত চাহ জনগোষ্ঠীৰ লোকৰ কথা কোৱা হৈছে। অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে নতুন এদল বৃত্তিয়াল আহি অসম দেশত বসবাস কৰিবলৈ ললে। এই উদ্যোগত কাম কৰিবৰ বাবে বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ আদি বিভিন্ন অঞ্চলৰ পৰা অসমলৈ আহিছিল। অসমত বিভিন্ন ৰাজ্যৰ পৰা চাঁওতাল, কুৰ্মি, মুণ্ডা, তেলেঙ্গা, মোছহৰ, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি বিভিন্ন জাতিৰ লোকে অসমৰ চাহ উদ্যোগৰ কাম কৰিবলৈ ল’লে। কালক্ৰমত এই সকলেই নিজৰ কৃষ্টি-সংস্কৃতি কিছু সংৰক্ষণ কৰি হ’লেও অসমীয়া মাত-কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ-নীতি, সাজ-পাৰ গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিল। কিন্তু এওঁলোকক শিক্ষা দিয়াৰ কাৰণে কোনো ব্যৱস্থা নোলোৱাত অতি অগ্ৰসৰ হৈ ৰ’ল। অসমৰ থলুৱা সংস্কৃতিৰ লগত খাপ খোৱাত যথেষ্ট পলম হ’ল তেওঁলোকৰ। বিশেষ এটা আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱাৰ কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল।

 

৬। “এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি-তর্কৰ অবকাশ নাই। -ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। ‘নুই কৰাৰ কোনো যুক্তি তর্কৰ অৱকাশ নাই’ বোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা।

উত্তৰঃ অসমীয়া জাতি আৰু সংস্কৃতিৰ সমন্বয় বিষয়ে ক'বলৈ গৈ লিখকে উক্ত বাক্যশাৰী কৈছে। অসমীয়া জাতিটো কেৱল এটা জনগোষ্ঠী আৰু তেওঁলোকৰ ভাষা-সংস্কৃতিক লৈ গঢ়ি উঠা নাই বুলি লিখকে কৈছে। অসমত প্ৰাচীন কালৰে পৰা ভিন ভিন জাতি- জনগোষ্ঠীৰ লোক আহি অসমৰ বসবাস কৰিছিল। সেই সময়ত অসমত বসবাস কৰা থলুৱা জনজাতীয় লোকসকলে সকলোকে আঁকোৱালি লৈছিল। বাহিৰৰ পৰা অহা সকলোৱে আন্তৰিকতাৰে এই অসম দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰি অসমক নিজৰ দেশ বুলি গ্ৰহণ কৰিছিল। ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক আৰু অধিক কট্কটীয়া কৰি তুলিলে। অসমত বসবাস কৰা জনজাতীয় ভাষা ভালদৰে বুজি পায় আৰু ক’ব পাৰে। অসমলৈ পৰৰ্ৱতী কালত অহা লোক সকলেও নিজৰ নিজৰ ভাষা-সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষা আৰু সংস্কৃতিক আকোৱালি লয়। যুগ যুগ ধৰি এনেদৰে আদান-প্ৰদান, বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ মাধ্যমেদি অসমীয়া সংস্কৃতিটো বৰ্তমানলৈ পৰিগ্ৰহ হৈ আছে। বিভিন্ন ধৰণৰ জাতি-জনজাতিৰ সমন্বয়ৰ মাজেৰে অসমীয়া জাতিটো গঢ়ি উঠিছে।

Advertisement

…………………………

 

৭। ‘লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।’ –কিহৰ  লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। 

উত্তৰঃ অসমলৈ ভিন ভিন সময়ত বিভিন্ন জাতি আহি বৃহৎ অসমীয়া জাতি গঢ়ি তুলিছিল। আৰু এই প্ৰক্ৰিয়াৰ লগে লগেই সংস্কৃতিৰো ৰূপান্তৰ ঘটিছিল।  প্রাচীন কালত অসম অনার্য জাতিৰ বাসস্থান আছিল। ত্রয়োদশ শতিকাত মংগোলীয় গোষ্ঠীৰ লোকসকল বিশেষকৈ আহোমসকল, মুছলমানসকল আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰবাপৰা কেইবাটাও জাতিৰ লোক অসমলৈ আহে আৰু অসমতে নিগাজীকৈ থাকিবলৈ লয়এওঁলোকৰ ভিতৰত কোনোবাই দেশ জয় কৰিবলৈ অসমলৈ আহিল, আকৌ যুদ্ধবন্দী হিচাপে নভবাকৈয়ে কোনোবা অসমত থাকি গ’ল। তদুপৰি বেপাৰ বাণিজ্য, পূজা-পার্বন আৰু তীৰ্থ সংক্ৰান্তত অসমলৈ আহিল।  কেইবাটাও জাতিৰ অসমলৈ আগমন ঘটিল। বহুতেই আকৌ ৰজাঘৰীয়া পৃষ্ঠপোষকতা অসমত নিগাজী কৈ বহিল। সেই কালৰ সৰল সহজ কছাৰী, চুটিয়া, কোচ, বড়ো আদিয়ে নিৰ্বিবাদে সকলোকে গ্ৰহণ কৰিলে। সকলোৱে নিজ নিজ ধর্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ল’লে । একে ভৌগোলিক পৰিবেষ্টনিত থাকি ওচৰা-উচৰিকৈ এটা সম্প্রদায় আনটো সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱান্বিত হ’ল। সেই সময়ত বাহিৰৰ পৰা অহা মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা সংস্কৃতি ক্রমান্বয়ে গ্রহণ কৰিবলৈ ধৰিলে। বাহিৰৰ পৰা অহা সকলোৱেই এই দেশখনক নিজৰ দেশ বুলি ল’লে আৰু ভাষাক নিজৰ ভাষা বুলি গ্রহণ কৰিলে। গতিকে এই সকলো লগলাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল। লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি-নীতি, আচাৰ ব্যৱহাৰ আন এটাই গ্রহণ কৰিলে। খোৱা বস্তু আৰু ৰন্ধন-প্ৰকৰণৰো সাল-সলনি হ’ল। পোছাক পৰিচ্ছদতো পৰিৱৰ্তনে দেখা দিলে। দৈনন্দিন ব্যৱহাৰৰ আচবাৰ-পত্ৰতো পৰিৱর্তন সূচালে – নতুন সাজ-সজ্জা, অলংকাৰ আহিল। এইয়া আছিল দিয়া-লোৱা আৰু এৰা-ধৰাৰ ব্যৱস্থা।

 

৮। তাৎপর্য ব্যাখ্যা কৰাঃ

ক) দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।

উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত লেখক আব্দুছ ছাত্তাৰ দ্বাৰা ৰচিত ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ নামৰ প্ৰৱন্ধৰ অন্তর্গত।

        লেখকে উক্ত বাক্যশাৰীৰ যোগেদি বিভিন্ন জনগোষ্ঠীসমূহে কিদৰে স্বতঃস্ফূর্তভাৱে নিজৰ কলা-সংস্কৃতি এৰি অসমীয়া সংস্কৃতিক আঁকোৱালি লৈছিল তাক বুজাবলৈ উক্ত বাক্যশাৰীৰ অৱতাৰণা কৰিছে। 

       ভিন ভিন জনগোষ্ঠীৰ বাসস্থান অসমত ঐক্যৰ সেতু গঢ়ি তুলিছে এই প্ৰদেশৰ ভাষাটোকে বুজাবৰ বাবে কথাফাঁকি ফুটি উঠিছিল। ভাষিক সংমিশ্ৰণে অসমীয়া জাতিটোক আৰু সংস্কৃতিটোৰ বান্ধোনক অধিক কটকটীয়া কৰিছিল। ইয়াত থলুৱা ভাৱে অনাৰ্য লোকসকলৰ লগতে বাহিৰৰ পৰা অহা ভিন ভিন জাতিৰ লোক সকলও বিভিন্ন সময়ত আহি অসমত বসবাস কৰিছিল। অসমৰ বাহিৰৰ পৰা অহা লোকসকলে অসমীয়া ভাষাটোক নিজৰ ভাষা বুলি গ্ৰহণ কৰিছিল। এওঁলোকে নিজৰ উপভাষাৰে নিজৰ মাজত কথা পাতিলেও প্ৰত্যেকেই অসমীয়া ভাষাৰে কথা কৈ অসমীয়া ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰি উদাৰতাৰ পৰিচয় দিছিলে। অসমৰ থলুৱা জনজাতিৰ লোকসকলে নিজ নিজ জনগোষ্ঠীয় ভাষা জীয়াই ৰখাৰ লগতে সমাজখনৰ সৈতে যোগাযোগ কাৰণে অসমীয়া ভাষাকে ব্যৱহাৰ কৰিছিল। অসমীয়া ভাষাটোক তেওঁলোকে উমৈহতীয়া ভাষাৰূপে গ্ৰহণ কৰিছিল। এই সেঁতু ইমান মজবুত আছিল যে অসমত আহোমে আহোম ভাষাৰে, বাহ্মণ-ক্ষত্ৰিয়ই সংস্কৃতৰে আৰু মুছলমানে আৰবী-ফাৰ্ছীৰে কথা নাপাতে, প্ৰত্যেকেই অসমীয়া ভাষাৰ সেঁতুৰে পাৰ কৰিছিল দৈনন্দিন জীৱন। তেওঁলোকৰ আপোন হৈ পৰিছিল অসমীয়া লোকসকল, আৰু মাতৃভাষা অসমীয়া। এনেদৰেই অসমীয়া ভাষাই ভাষিক সংমিশ্ৰণৰ মাজেৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকল ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰাখিছিলে।

 

খ) এই গোটেইবোৰ হ’ল স্বতঃপ্রণোদিতভাবে হোৱা প্রক্রিয়া।

উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত লেখক আব্দুছ ছাত্তাৰ দ্বাৰা ৰচিত ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ নামৰ প্ৰৱন্ধৰ অন্তর্গত।

         ভিন ভিন জাতি জনজাতিৰ মাজত কলা-সংস্কৃতি, ৰীতি-নীতি আদিৰ সংমিশ্ৰণত বৃহৎ অসমীয়া সংস্কৃতি গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে। ইয়াকে বুজাবৰ বাবে কথাফাকিৰ অৱতাৰণা কৰা হৈছে।

        বিভিন্ন সময়ত আমি মাত-কথা, আচাৰ-ব্যৱহাৰ, সাজ-সজ্জা, ৰীতি-নীতি আদিৰ ক্ষেত্ৰত আমি কেৱল আমাৰ নিজৰটোৱে ধৰি ৰখা নাচিলো। আমি আনকি আনৰ ৰীতি-নীতি, সাজ-সজা আদিবোৰ গ্ৰহণ কৰিছিলো। আমাৰ নিচিনাকৈ অইনেও আমাৰটো গ্ৰহণ কৰি লৈছিল। এনেদৰে জাতিকুলৰ পৰম্পৰাগত প্ৰাচীৰ ভাঙি বিয়া-সবাহ, মৰা-সকাম আদিত ভিন ভিন জাতিৰ লোক একেলগে ভাগ ল’ব পৰা হৈ উঠিছিল। সকলোৱে একগোট হৈ পৰস্পৰে পৰস্পৰৰ উৎসৱ-অনুষ্ঠান আদি বিভিন্ন কাৰ্যক্ষেত্ৰত যোগ দিয়ে। এনেদৰে ভাতৃত্বৰ বান্ধোন কট্কটীয়া হৈ পৰিল। সময়ৰ লগত খোজ মিলাই পৰিৱৰ্তনে সংস্কৃতিলৈ নতুনত্ব আনিলে। নিজ কৰ্মৰ কৰ্ষণ কৰি আমি এক উমৈহতীয়া সংস্কৃতি গঢ়ি তুলিছো। এই সংস্কৃতি মিলনৰ সংস্কৃতি। এই সংস্কৃতি সংহতি আৰু সম্প্ৰীতি ৰক্ষাৰ বাট।

 

গ) এইয়া আছিল দিয়া-লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা।

উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত লেখক আব্দুছ ছাত্তাৰ দ্বাৰা ৰচিত ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ নামৰ প্ৰৱন্ধৰ অন্তর্গত।

        অসমত বিভিন্ন জাতি-ধৰ্মৰ মানুহে বসবাস কৰে। ফলত বিভিন্ন জাতি-ধৰ্মৰ মানুহ বসবাস কৰাৰ লগে লগে সংস্কৃতিয়েও ৰূপ সলাইছিল। ইয়াকে বুজাবলৈ গৈ লিখকে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।

        অসমত পূৰ্বতে অনাৰ্য জাতিৰ লোকসকলে বসবাস কৰিছিলে। সেই সময়ছোৱাত তেওঁলোকৰ সংস্কৃতি আছিল অসমীয়া। অসমলৈ কালক্ৰমত বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক আহিছিলে যদিও তেওঁলোকে নিজৰ মাতৃভূমিৰ ভাষা-সংস্কৃতিৰ পৰিহাৰ কৰি অসমীয়া সংস্কৃতি আৰু ভাষা নিজৰ বুলি গ্ৰহণ কৰি লৈছিল। তেওঁলোকে নিজৰ কিছুমান সংস্কৃতি এৰিছিলে আৰু পূৰ্বৰ কিছুমান সংস্কৃতিৰ সৈতে যোগ দিলে। সেৱা হ’ল সকলোৱে মিলি অসমীয়া ভাষাটো গ্ৰহণ কৰি ল’লে। সকলোৱে নিজৰ লগত লৈ অহাবোৰক ধৰি নাথাকি ভাষা-সংস্কৃতিক আঁকোৱালি লোৱাৰ লগতে পৰস্পৰৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, সাজ-সজ্জা, ৰন্ধন প্ৰকৰণ আদিও গ্ৰহণ কৰি ল’লে। কোনেও কাকো জোৰকৈ একো জাপি দিয়া নাছিলে। ফলত গঢ়ি উঠিল এটা সংমিশ্ৰিত সংস্কৃতি। এই সংমিশ্ৰিত সংস্কৃতিয়ে হৈছে অসমীয়া সংস্কৃতি। এনেদৰে ভিন্ন সম্প্ৰদায়ৰ মাজৰ সমন্বয় সাধন হৈ বাৰেবৰণীয়া অসমীয়া সংস্কৃতি গঢ়ি উঠিল -এয়া আদৰ্শ সংস্কৃতি। এনে সংস্কৃতি গঢ়িবলৈ প্ৰত্যেক সম্প্ৰদায়ে এৰা-ধৰাৰ নীতি পালন কৰিছিলে।

Advertisement

…………………………

 

ভাষা বিষয়কঃ

 

১। সন্ধি ভাঙাঃ

সংস্কৃতি সম  + কৃতি

জলাঞ্জলি  জল + অঞ্জলি

স্বাধীন  স্ব + আধীন

 

২। ‘প্র’ উপসর্গ লগ লগাই তিনিটা শব্দ গঠন কৰা। 

উত্তৰঃ প্ৰথম, প্ৰমাণ, প্ৰকাৰ।

 

৩। বাক্য ৰচনা কৰাঃ

ভাষা-সংস্কৃতি  প্ৰতিটো জনগোষ্ঠীৰেই একো-একোটা নিজস্ব ভাষা-সংস্কৃতি আছে। 

পূজা-পার্বণ  বেপাৰ-বাণিজ্যৰ বাহিৰেও বহুতো লোক পূজা-পাৰ্বণৰ কাৰণেও অসমত সোমাইছিল। 

বেপাৰ-বাণিজ্য বেপাৰ-বাণিজ্যক কেন্দ্ৰ কৰিয়েই গাঁৱৰ মানুহে নগৰত  নিজস্ব বসতি স্থাপন কৰিছে। 

সহজ-সৰল গাৱলীয়া লোকসকল সাধাৰণতে বৰ সহজ-সৰল হয়।

Advertisement

…………………………

 

Post a Comment

Post a Comment (0)

Previous Post Next Post