এছিড, ক্ষাৰক আৰু লৱণ
(ACIDS BASES AND SALTS)
ACIDS BASES AND SALTS |
পাঠভিত্তিক প্ৰশ্নাৱলী
১) তোমাক তিনিটা পৰীক্ষানল দিয়া
হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এছিডৰ দ্ৰৱ আৰু ক্ষাৰকৰ দ্ৰৱ
আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলত থকা দ্ৰৱসমূহ
কেনেদৰে চিনাক্ত কৰিবা?
উত্তৰঃ প্ৰথমতে ৰঙা লিটমাছটো এটা পৰীক্ষা নলত দিয়াত দেখা গ’ল যে পৰীক্ষা নলটোত থকা দ্ৰৱখিনি লিটমাছটো নীলা
কৰিলে। গতিকে এই দ্ৰৱখিনি ক্ষাৰক। আকৌ, নীলা লিটমাছটো এইন এটা দ্ৰৱত দ্ৰবিভূত কৰাত
দেখা গ’ল যে লিটমাছটোৰ ৰঙ ঠিক আগৰ দৰেই ৰঙা হৈ পৰিছে।
গতিকে এই দ্ৰৱখিনি এছিড।
আকৌ
লিটমাছটো তিনি নং দ্ৰৱত দ্ৰবীভূত কৰাত দেখা গ’ল যে লিটমাছটোৰ ৰঙৰ
কোনো পৰিৱৰ্তন হোৱা নাই। গতিকে এই দ্ৰৱখিনি পাতিত পানী।
২) দৈ আৰু টেঙা খাদ্য-বস্তু পিতলৰ
বা তামৰ পাত্ৰত থোৱা নহয় কিয়?
উত্তৰঃ পিতল আৰু তাম দুবিধ ধাতু। আনহাতে, দৈ আৰু টেঙা খাদ্য-বস্তুত এছিড
থাকে। আকৌ এছিড আৰু ধাতুৰ মাজত হোৱা বিক্ৰিয়াত ধাতব লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় অৰ্থাৎ এছিডৰ আম্লিক গুণ
নাইকীয়া হৈ যায়। সেয়েহে দৈ আৰু টেঙা
খাদ্য-বস্তু পিতলৰ বা তামৰ পাত্ৰত থোৱা নহয়।
৩) এছিডে ধাতুৰ সৈতে বিক্ৰিয়া
কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এটা উদাহৰণেৰে বুজাই লিখা।
উত্তৰঃ এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে
হাইড্ৰজেন গেছ(H2) নিৰ্গত হয়। উদাহৰণস্বৰূপে লঘু ছালফিউৰিক এছিডে
জিংকৰ সৈতে বিক্ৰিয়া কৰিলে ধাতব লৱণ আৰু হাইড্ৰজেন গেছ(H2) উৎপন্ন কৰে।
H2SO4 + Zn ----------> ZnSO4 + H2
৪) এছিড আৰু ধাতুৰ বিক্ৰিয়াত যে
হাইড্ৰজেন গেছ (H2) উৎপন্ন হয়, তাক এটা পৰীক্ষাৰ জৰিয়তে পতিপন্ন কৰা।
উত্তৰঃ এই পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সঁজুলিবোৰ হ’ল- লঘু ছালফিউৰিক এছিড(H2SO4), জিংকৰ টুকুৰা, এটা পৰীক্ষা নল, এটা পাত্ৰ,
চাবোন পানী, কৰ্কৰ সোপা, জ্বুইৰ সৈতে মমবাতি আৰু এটা নিৰ্গম নলী।
প্ৰথমতে পৰীক্ষানলত লঘু ছালফিউৰিক এছিড(H2SO4) আৰু জিংকৰ টুকুৰা দিয়া হ’ল। পৰীক্ষা নলীটোত কৰ্ক জাতীয় পদাৰ্থৰ সাফৰ দিয়া হ’ল আৰু তাৰ মাজেৰে নিৰ্গম নলী এটা কৰ্কত সোমাই দিয়া হ’ল। অলপ পিছত দেখা গ’ল যে লঘু ছালফিউৰিক এছিড আৰু জিংকৰ মাজত বিক্ৰিয়া ঘটি হাইড্ৰজেন গেছ নিৰ্গম নলীটোৰ মাজেৰে আহি চাবোনৰ দ্ৰৱত বুদ-বুদৰ সৃষ্টি কৰিছে। এতিয়া জ্বলি থকা মম এডাল উক্ত চাবোন পানীৰ বুদ-বুদৰ কাষত নিয়াত দেখা গ’ল যে ফট-ফটকৈ শব্দ কৰি জ্বলি উঠিছে। ইয়েই হ’ল হাইড্ৰজেনৰ উপস্থিতি।
![]() |
ACIDS BASES AND SALTS |
(Note: i)এছিডে ধাতুৰ বিক্ৰিয়া কৰি
হাইড্ৰজেন গেছ (H2) আৰু ধাতব লৱণ উৎপন্ন কৰে।
ii)এছিডে ধাতৱ কাৰ্বনেট বা
ধাতৱ হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি ধাতব লৱণ, পানী (H2O) আৰু কাৰ্বন-ডাই-অক্সাইড উৎপন্ন কৰে।
iii)এছিডে ধাতবীয় অক্সাইডৰ
সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী (H2O) উৎপন্ন কৰে।)
৫) এটা ধাতৱ যৌগ A লঘু HCl ৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণিৰ
সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল
জ্বলি থকা মমবাতি নুমুৱায়। বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ CaCl2 হ’লে বিক্ৰিয়াটোৰ বাবে সন্তলিত সমীকৰণটো লিখা।
উত্তৰঃ CaCO3 + HCl
---------> Cacl2 + CO2 + H2O
=> CaCO3
+ 2HCl ---------> Cacl2 + CO2 + H2O
৬) চূণপানীৰ মাজেৰে CO2 যাব দিলে কি উৎপন্ন হয়? বিক্ৰিয়াসহ লিখা।
উত্তৰঃ চূণপানীৰ মাজেৰে CO2 যাবলৈ দিলে CO2 এ চুণপানীৰ সৈতে বিক্ৰিয়া কৰি CaCO3 আৰু পানী (H2O) উৎপন্ন কৰে।
Ca(OH)2 + CO2 --------> CaCO3 + H2O
আকৌ চূণপানীৰ মাজেৰে অধিক সময় CO2 যাবলৈ দিলে CaCO3, H2O আৰু CO2 ৰ মাজত বিক্ৰিয়া ঘটি কেলছিয়াম-বাই-কাৰ্বনেট উৎপন্ন হয়।
CaCO3 + H2O + CO2 --------> Ca(HCO3)2
৭) লিটমাছ কি? ইয়াক কিহৰ পৰা আহৰণ কৰা হয়?
উত্তৰঃ লিটমাছ এবিধ প্ৰাকৃতিক সূচক। ইয়াক থেল’ফাইটা বৰ্গৰ অন্তৰ্গত লিচেন নামৰ
উদ্ভিদৰ পৰা আহৰণ কৰা হয়। লিটমাছ প্ৰশমাৱস্থাত বেঙুনায়া ৰঙৰ হয়।
৯) জলীয় দ্ৰৱত HCl, HNO3 ইত্যাদিয়ে কিয় আম্লিক
ধৰ্ম দেখুৱায় কিন্তু এলক’হল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায় কিয়?
উত্তৰঃ HCl আৰু HNO3 এ H+ আয়ন মুক্ত কৰে কিন্তু এলক’হল আৰু গ্লুক’জে H+ আয়ন মুক্ত নকৰে। আনহাতে HCl আৰু HNO3ৰ সোৱাদ টেঙা কিন্তু এলক’হল আৰু গ্লুক’জৰ সোৱাদ টেঙা নহয়।সেয়েহে জলীয় দ্ৰৱত HCl, HNO3 ইত্যাদিয়ে আম্লিক ধৰ্ম দেখুৱায় কিন্তু
এলক’হল
আৰু গ্লুক’জৰ
দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায়।
১০) এছিড এটাৰ জলীয়
দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে?
উত্তৰঃ এছিড এটাৰ জলীয় দ্ৰৱই H+ আয়ন মুক্ত কৰে। সেয়েহে বিদ্যুৎ পৰিবহণ
কৰে।
১১) শুকান এছিডৰ টুকুৰাই
কিয় বিদ্যুৎ পৰিবহণ কৰিব নোৱাৰে?
উত্তৰঃ এছিডে শুকান অৱস্থাত H+ আয়ন মুক্ত নকৰে। সেয়েহে বিদ্যুৎ পৰিবহণ
কৰিব নোৱাৰে।
১২) শুকান HCl এছিডে কিয় লিটমাছ কাগজৰ ৰঙ পৰিৱৰ্তন নকৰে?
উত্তৰঃ HClৰ জলীয় দ্ৰৱত H+ আয়ন মুক্ত হয় যাৰ বাবে ই লিটমাছৰ ৰং
সলনি কৰিব পাৰে। কিন্তু শুকান HCl এছিডে H+ আয়ন মুক্ত নকৰে। ফলত ই লিটমাছৰ ৰং সলনি
কৰিব নোৱাৰে।
১৩) এছিড এটা লঘু কৰোতে
এছিড পানীত যোগ কৰিবলৈ কোৱা হয়, কিন্তু এছিডত পানী যোগ কৰিবলৈ কোৱা নহয় কিয়?
উত্তৰঃ এছিড আৰু পানীৰ মাজৰ বিক্ৰিয়া এটা
অতিশয় জাপবৰ্জী বিক্ৰিয়া। এছিজত পানী যোগ কৰিলে উৎপন্ন হোৱা তাপৰ বাবে পাত্ৰটো
ভাঙি গৈ দূৰত পৰিবও পাৰে বা জ্বুই- জ্বলিবও পাৰে। আনহাতে পানীত এছিড লাহে-লাহে যোগ
কৰিলে বিক্ৰিয়াটোৰ গতি যথেষ্ট লেহেম হয় বাবে ক্ষতিৰ সম্ভাৱনা কম থকে।
১৪) তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে। দ্ৰৱ Aৰ PHৰ মান 6 আৰু দ্ৰৱ Bৰ PHৰ মান 8। কোনটো দ্ৰৱৰ H+ৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?
উত্তৰঃ ইয়াত A দ্ৰৱত PHৰ মান 6 আৰু B দ্ৰৱত PHৰ মান 8। সেয়েহে A
দ্ৰৱৰ H+ৰ
গাঢ়তা বেছি।
আকৌ A
দ্ৰৱটো আম্লিক। কিয়নো PHৰ মান 7 তকৈ কম হ’লে দ্ৰৱটো আম্লিক হয়। আনহাতে B দ্ৰৱটো ক্ষাৰকীয়। কাৰণ PHৰ মান 7 তকৈ বেছি হ’লে দ্ৰৱটো ক্ষাৰকীয় হয়।
১৫) দ্ৰৱ এটাৰ প্ৰকৃতিৰ
ওপৰত H+(aq) ৰ আয়নৰ গাঢ়তাৰ কি
প্ৰভাৱ থাকে?
উত্তৰঃ দ্ৰৱ এটাৰ PHৰ মান 7 তকৈ যিমানেই কমি যায়, সিমানেই H+(aq) ৰ আয়নৰ গাঢ়তা বাঢ়ি যায়। অৰ্থাৎ
দ্ৰৱটো আম্লিক ধৰ্মী হয়। আনহাতে দ্ৰৱ এটাৰ
PHৰ
মান 7
তকৈ যিমানেই বেছি হয়(14 পৰ্যন্ত) যায়, সিমানেই H+(aq)
ৰ আয়নৰ গাঢ়তা কমি যায়। অৰ্থাৎ দ্ৰৱটো
ক্ষাৰকীয় ধৰ্মী হয়।
১৬) ক্ষাৰকীয় দ্ৰৱত H+(aq) আয়ন থাকেনে? যদি থাকে ইহত ক্ষাৰকীয় কিয়?
উত্তৰঃ ক্ষাৰকীয় দ্ৰৱত H+(aq)
আয়ন থাকে। ক্ষাৰকীয় দ্ৰৱ আয়নিত কৰিলে OH- আয়ন মুক্ত কৰে। H+(aq) আয়নৰ গাঢ়তাতকৈ OH- আয়নৰ গাঢ়তা যথেষ্ট বেছি হয়। সেয়েহে ই
ক্ষাৰকীয় ধৰ্মীৰ হয়।
১৭) মাটিত কি অৱস্থাত
কৃষক এজনে পোৰা চূণ বা শিথিলিত চূণ বা চক প্ৰয়োগ কৰিব বুলি তুমি ভাবা?
উত্তৰঃ মাটিত একেৰাহে অধিক পৰিমাণে ৰাসায়নিক
সাৰৰ প্ৰয়োগৰ ফলত মাটিখিনি আম্লিক প্ৰকৃতিৰ হৈ পৰে। তেনে অৱস্থাত কৃষক এজনে পোৰা
চূণ বা শিথিলিত চূণ বা চক প্ৰয়োগ কৰে যাতে মাটিখিনিৰ আম্লিক গুণখিনি প্ৰশমিত হয়।
১৮) ব্লিচিং পাউডাৰ পণ্য
উৎপাদনত ব্যৱহূত কেচা সামগ্ৰী কি? ইয়াৰ ৰাসায়নিক সমীকৰণ
আৰু ব্যৱহাৰ লিখা।
উত্তৰঃ ব্লিচিং পাউডাৰ পণ্য উৎপাদনত ব্যৱহূত কেচা
সামগ্ৰী ক্ল’ৰিণ
গেছ আৰু শুকান শিথিলিত চূণ। ইয়াৰ ৰাসায়নিক সমীকৰণটো হ’ল-
Ca(OH)2 + Cl2 ---------> CaOCl2(ব্লিচিং পাউডাৰ)+ H2O
ব্লিচিং
পাউডাৰৰ ব্যৱহাৰঃ
ক) খোৱা পানী বিজাণুমুক্ত কৰিবলৈ
ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয়।
খ) বহুতো ৰাসায়নিক উদ্যোগত জাৰক পদাৰ্থ হিচাপে
ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয়।
গ) বস্ত্ৰ উদ্যোগত কপাহী কাপোৰ আৰু লিনেন কাপোৰ
বিৰঞ্জিত কৰিবলৈ, কাগজ কলত মণ্ড বিৰঞ্জিত কৰিবলৈ আৰু ধুবিঘৰত ধোৱা কাপোৰ বিৰঞ্জিত
কৰিবলৈ ব্লিচিং পাউডাৰৰ ব্যৱহাৰ কৰা হয়।
১৯) প্ৰশমণ বিক্ৰিয়া কাক
বোলে? এই বিক্ৰিয়াত কি কি উৎপন্ন হয়?
উত্তৰঃ এছিড আৰু ক্ষাৰকৰ মাজত হোৱা বিক্ৰিয়াক
প্ৰশমণ বিক্ৰিয়া বোলে। এই বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয়। যেনে—
i) NaOH (aq) + HCl(aq) ------> NaCl (aq) + H2O(l)
ii) Ca(OH)2+H2SO4 -------> CaSO4 + H2O
২০) ঘ্ৰাণেন্দ্ৰিক সূচক
কাক বোলে?
উত্তৰঃ কিছুমান পদাৰ্থ আছে যিবোৰৰ আম্লিক আৰু
ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটে, তেনেবোৰ পদাৰ্থক ঘ্ৰাণেন্দ্ৰিক সূচক বোলে।
যেনে- পিয়াজ, লং আদি।
২১) PHৰ P শব্দটো কোনটো ভাষাৰ পৰা
মূল শব্দ?
উত্তৰঃ PHৰ P শব্দটো জাৰ্মান ভাষাৰ Potenx শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ’ল ক্ষমতা(Power)।
২২) দ্ৰৱ এটাক কেতিয়া
প্ৰশমিত বুলি কোৱা হয়?
উত্তৰঃ যেতিয়া দ্ৰৱটোৰ PHৰ মান 7 হয়।
২৩) এছিডৰ দ্ৰৱ এটা লঘু
কৰোতে হাইড্ৰ’নিয়াম আয়ন(H3O+)ৰ গাঢ়তা কিদৰে
পৰিৱৰ্তন হয়?
উত্তৰঃ এছিডৰ দ্ৰৱত পানী মিহলালে এছিডৰ পৰা H+ আয়ন বৰ্জিত হয় আৰু গাঢ়তাৰ পৰিৱৰ্তন হয়
অৰ্থাৎ গাঢ়তা লাহে-লাহে কমি আহে।
২৪) ছডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰ’ক্সাইড আয়নৰ কিদৰে পৰিৱৰ্তন হব?
উত্তৰঃ যেতিয়া ক্ষাৰক ছডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱৰ লগত মিশ্ৰণ কৰা হয়
তেতিয়া OH- ৰ
গাঢ়তা বেছি হয়।
২৫) ধাতবীয় অক্সাইডবোৰ ক্ষাৰকীয়
কিয়?
উত্তৰঃ এছিড আৰু ক্ষাৰকে বিক্ৰিয়া কৰিলে পানী আৰু লৱণ উৎপন্ন হয়। ঠিক সেইদৰে ধাতবীয় অক্সাইড
আৰু এছিডে বিক্ৰিয়া কৰি পানী আৰু লৱণ উৎপন্ন কৰে। সেয়েহে ধাতবীয় অক্সাইডবোৰ
ক্ষাৰকীয়।
২৬) দুটা প্ৰাকৃতিক সূচক
আৰু দুটা সাংশ্লেষিক সূচকৰ নাম লিখা।
উত্তৰঃ প্ৰাকৃকিত সূচকঃ লিটমাছ, হালধি, বন্ধাকবিৰ পাত, জবাফুল
আদি।
সাংশ্লেষিক সূচকঃ মিথাইল অৰেঞ্জ আৰু থেলিন।
২৭) যৌগ CaOCl2ৰ সাধাৰণ নামটো কি?
উত্তৰঃ ব্লিচিং পাউডাৰ।
২৮) Cl2 ৰ সৈতে বিক্ৰিয়া কৰালে
ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম কি?
উত্তৰঃ শুকান শিথিলিত চূণ (Ca(OH)2
২৯) কঠিণ পানী কোমল কৰাৰ
কাৰণে ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ নাম কি?
উত্তৰঃ ছডিয়াম কাৰ্বনেট(Na2CO3)
৩০) ছডিয়াম হাইড্ৰজেন
কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয়? বিক্ৰিয়াটোৰ সমীকৰণসহ
লিখা।
উত্তৰঃ ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ দ্ৰৱ এটা
উত্তপ্ত কৰিলে ছডিয়াম কাৰ্বনেট, পানী আৰু কাৰ্বন-ডাই-অক্সাইড উৎপন্ন হয়।
2NaHCO3 ---তাপ🔺--->
Na2 CO3 + H2O + CO2
৩১) প্লাষ্টাৰ অৱ পেৰিছ
আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা।
উত্তৰঃ CaSO4.
অনুশীলনীৰ প্ৰশ্নোত্তৰ
১)
সংগটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তলিত সমীকৰণ লিখা।
(a) লঘু ছালফিউৰিক এছিডে
জিংকৰ গুৰিৰে সৈতে বিক্ৰিয়া কৰে।
উত্তৰঃ লঘু ছালফিউৰিক এছিড+জিংক-------> জিংক ছালফেট + হাইড্ৰজেন গেছ
H2SO4
+ Zn --------> ZnSO4 +
H2
(b) লঘু হাইড্ৰক্লৰিক এছিড,
মেগনেছিয়ামৰ ফিটাৰে সৈতে বিক্ৰিয়া কৰিলে।
উত্তৰঃ লঘু হাইড্ৰক্লৰিক এছিড + মেগনেছিয়াম------->
মেগনেছিয়াম ক্লৰাইড + হাইড্ৰজেন গেছ
2HCl + Mg
--------> MgCl2 + H2
(c) লঘু ছালফিউৰিক এছিড, এলুমিনিয়ামৰ পাউদাৰৰ সৈতে বিক্ৰিয়া কৰিলে।
উত্তৰঃ লঘু ছালফিউৰিক এছিড + এলুমিনিয়াম--------->
এলুমিনিয়াম ছালফেট + হাইড্ৰজেন গেছ
3H2SO4
+ 2Al -------> Al2(SO4)3 + 3H2
(d) লঘু হাইড্ৰক্লৰিক এছিড, লোৰ গুড়িৰ সৈতে বিক্ৰিয়া কৰিলে।
উত্তৰঃ লঘু হাইড্ৰক্লৰিক এছিড + লোৰ গুড়ি ------->
ফেৰিক ক্লৰাইড + হাইড্ৰজেন গেছ
6HCl + 2Fe--------->
2Fe Cl3 + 3H2
২) পাতিত পানীয়ে বিদ্যুৎ পৰিবাহী
নকৰে কিন্তু বৰষুমৰ পানীয়ে কৰে কিয়?
উত্তৰঃ পাতিত পানী আয়নিত কৰিলে H+ আয়ন মুক্ত নকৰে। সেয়েহে পাতিত পানীয়ে বিদ্যুৎ
পৰিবাহী নকৰে। কিন্তু বৰষুণৰ পানী আয়নিত কৰিলে H+ আয়ন মুক্ত হয়। সেয়েহে বৰষুণৰ পানী বিদ্যুৎৰ
পৰিবাহী
৩) পানীৰ অনুপস্থিতিত এছিডে এছিড
ধৰ্ম প্ৰদৰ্শন নকৰে কিয়?
উত্তৰঃ পানীৰ অনুপস্থিতিত এছিডে H+ আয়ন মুক্ত কৰিব নোৱাৰে।সেয়েহে এছিডে এছিড ধৰ্ম
দেখুৱাব নোৱাৰে।
৪) কেচা গাকীৰৰ PHৰ মান 6 । ই
দৈত পৰিণত হ’লে PHৰ মান সলনি হয়নে?
উত্তৰঃ গাখীৰ দৈত পৰিণত হ’লে PHৰ মান সলনি হব। কিয়নো দৈত লেক্টিক এছিড
থাকে। সেয়েহে PHৰ
মান আগৰ মানতকৈ কমি যাব।
৫) এজন
গোৱালে কেচা গাকীৰত সামান্য পৰিমাণে বেকিং ছ’ডা যোগ কৰিলে।
(a) তেও কিয় কেচা গাখীৰৰ PHৰ মান 6ৰ পৰা ক্ষাৰকীয় কৰিব
বিচাৰিছে?
উত্তৰঃ গোৱালে কেচা গাখীৰত সামান্য পৰিমাণে
বেকিং ছডা মিহলাই PHৰ মান 6ৰ পৰা ক্ষাৰকীয় কৰে। ফলত গাখীৰখিনি
বহুসময় ধৰি ভালে থাকে।
(b) এই গাখীৰখিনি ৰূপান্ত
হওতে বেছি সময় লাগে কিয়?
উত্তৰঃ গাখীৰখিনিত বেকিং ছডা যোগ কৰিলে গাখীৰৰ
ধৰ্ম কিছু পৰিমাণে ক্ষাৰকীয় হয়। গতিকে গাখীৰখিনিত লেক্ট’বেছিলাছ বেক্টেৰিয়াই দৈত পৰিণত কৰিবলৈ
হ’লে
প্ৰথমতে গাখীৰৰ ক্ষাৰকীয় গুণটো নাইকিয়া কৰিব লাগিব, তাৰ পিছতহে গখীৰখিনি
দৈত ৰূপান্তৰ হব। সেয়েহে গাখীৰখিনি দৈ হবলৈ বহুত সময় লাগে।
৬) ৫টা দ্ৰৱ A, B, C, D আৰু Eক সাৰ্বজনীন সূচকেৰে
পৰীক্ষা কৰাত Phৰ মান ক্ৰমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল। কোনটো দ্ৰৱ
a)প্ৰশম, b)তীব্ৰ ক্ষাৰকীয়, c)তাব্ৰ আম্লিক d)মৃদু আম্লিক e) মৃদু ক্ষাৰকীয়
H+ আয়নৰ গাঢ়তাৰ বৰ্ধিত
ক্ৰমত Phৰ মানবোৰ সজোৱা।
উত্তৰঃ a) প্ৰশম---D7
b) তীব্ৰ ক্ষাৰকীয়------C11
c) তাব্ৰ আম্লিক-------B1
d) মৃদু আম্লিক----------A4
e) মৃদু ক্ষাৰকীয়--------E9
H+ আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত Phৰ মানবোৰ হ’ল-
C11< E9< D7< A4< B1
৭) প্লাষ্টাৰ অৱ পেৰিছক জলীয়
বাষ্প সোমাব নোৱাৰা পাত্ৰত থোৱা হয় কিয় বাখ্যা কৰা।
উত্তৰঃ প্লাষ্টাৰ অৱ পেৰিছ এবিধ বগা পাউদাৰ।
ইয়াক পানী বা জলীয় বাষ্পৰ সৈতে মিহলালে ই জিপছামলৈ পৰিৱৰ্তিত হৈ টান গোটা পদাৰ্থলৈ
পৰিণত হয়। সেয়েহে প্লাষ্টাৰ অৱ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থোৱা হয়।
৮) বেকিং ছডা আৰু কাপোৰ ধোৱা চ’ডাৰ দুটাকৈ ব্যৱহাৰ লিখা।
উত্তৰঃ বেকিং ছডাৰ ব্যৱহাৰঃ
ক) বেকিং ছডা ক্ষাৰকীয় হোৱা বাবে ই
পেটৰ অতিৰিক্ত এছিড প্ৰশমিত কৰি সকাহ দিয়ে.
খ)
খোৱা বস্তু, যেনে পকৰি, মূৰমুৰিয়া আদি বনাওঁতে ব্যৱহাৰ কৰা হয়।
কাপোৰ
ধোৱা চ’ডাৰ(Na2CO3.10H2O)
ব্যৱহাৰঃ
ক) পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ইয়াক
ব্যৱহাৰ কৰা হয়।
খ)
ইয়াক কাচ, চাবোন আৰু কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয়।
Post a Comment