ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions and Equations) Class 10 Science Complete Solution in Assamese Based on SEBA

 

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

(Chemical Reactions and Equations)

 

Chemical Reactions and Equations
Chemical Reactions and Equations(www.hikha.in)
 

Important Questions & Answers

 

১) Ca(OH)2 বা শিথিলিত চূণ বেৰত সানিলে চিকমিকণিৰ সৃষ্টি কৰে কিয়? সমীকৰণসহ লিখা।

উত্তৰঃ Ca(OH)2 বা শিথিলিত চূণ বেৰত সানিলে ই বায়ুৰ অক্সিজেনৰ সৈকে বিক্ৰিয়া কৰি CaCO3ৰ প্ৰলেপ সৃষ্টি কৰে। এই প্ৰলেপে বেৰত চিকমিকণিৰ সৃষ্টি কৰে।ইয়াৰ ৰাসায়নিক সমীকৰণ হল—

  Ca(OH)2 (aq) + CO2(g) --------> CaCO3(s)  +  H2O (l)

 

 

২) মাৰ্বলৰ ৰাসায়নিক নাম কি?

উত্তৰঃ মাৰ্বলৰ ৰাসায়নিক নাম হল কেলছিয়াম কাৰ্বনেট (CaCO3 )

 

৩) সংযোজন বিক্ৰিয়া কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াত পদাৰ্থ উৎপন্ন হয়, তাকে সংযোজন বিক্ৰিয়া বোলে। যেনে—

             i) N2(g) + 3H2(g) ---------> 2NH3
             ii) O2(g) + 2H2(g) ---------> 2H2O
            iii) CaO (s) + 2H2O(l) ------> Ca(OH)2

                         

 

৪) তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া কাক বোলে? প্ৰতিটোৰে উদাহৰণ দিয়া।

উত্তৰঃ তাপবৰ্জীঃ যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ দ্ভৱ হয়, তেনেবোৰ ৰাসায়নিক বিক্ৰিয়াক তাপবৰ্জী বিক্ৰিয়া বোলেযেনে

          i) CH4 (g) + 2O2 (g) -------> CO2 (g) + 2H2 (g)

                  ii) CaO (s) + H2O (l) -------> Ca (OH)2  (aq)

                 iii) NaOH + HCl ------------> NaCl (aq) + H2O

 

          (Note: তাপবৰ্জী বিক্ৰিয়া হব যদিহে-

                ক) কয়লা(C) দহন হয়।

                খ) গেছৰ দহন হয়।

                গ) পচন সাৰ হোৱা প্ৰক্ৰিয়া।)

 

        তাপগ্ৰাহীঃ যিবোৰ ৰাসায়নিক বিক্ৰিয়াত তাপ শোষণ হয়, তেনেবোৰ ৰাসায়নিক বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলেযেনে

       i)NaCl (aq) + H2O (l) -----> NaOH (aq) + HCl

               ii) 2H2O -----> O2 (g) + 2H2 (g)

 

 

৫) শ্বসন কাক বোলে?

উত্তৰঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা আমি খোৱা খাদ্যৰ ডাঙৰ-ডাঙৰ অণুবোৰ ভাঙি ক্ষুদ্ৰ-ক্ষুদ্ৰ গ্লুকজ অণুলৈ ৰূপান্তৰিত হয়, তাকে শ্বসন বোলে।

     C6H12O6(aq) + 6O2(g) + 6 H2O-----> 6CO2(aq) + 12H2O(l) + শক্তি(গ্লুকজ)

 

 

৬) শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় কোৱা হয়?

উত্তৰঃ আমি খোৱা খাদ্যৰ মূখ্যত কাৰ্ব-হাইড্ৰেট অংশ পাচন প্ৰক্ৰিয়াত গ্লুকজ অণুলৈ ৰূপান্তৰিত হয়। কোষত থকা অক্সিজেনৰ লগত গ্লুকজ অণুৱে বিক্ৰিয়া কৰি শক্তি উৎপন্ন কৰোতে তাপৰ উদ্ভৱ হয়। সেয়েহে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। ইয়াৰ ৰাসায়নিক বিক্ৰিয়াটো হল—

     C6H12O6(aq) + 6O2(g) + 6 H2O-----> 6CO2(aq) + 12H2O(l) + শক্তি(গ্লুকজ)

 

৭) বিযোজন বিক্ৰিয়া কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ ৰাসায়নিক বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থই একাধিক বিক্ৰিয়াজাত পদাৰ্থলৈ বিখণ্ডিত হৈ যায়, তেনে বিক্ৰিয়াক বিযোজন বিক্ৰিয়া বোলে। বিযোজন বিক্ৰিয়াসমূহ একমূখী অৰ্থাৎ উৎপাদিত পদাৰ্থবোৰ লগ-লাগি বিক্ৰিয়ক পদাৰ্থ উৎপন্ন নকৰে। যেনে—          

      i) CaCO3 ---তাপ (🔺)---> CaO + CO2

         ii) 2FeSo4 (s) ---তাপ (🔺)---> Fe2O3(s) + SO2 (g)+ SO3(g)

       iii) 2Pb(NO3)2 ---তাপ (🔺)---> 2PbO(s) + 4NO2 (g) + O2(g)

 

 

৮) তাপীয় বিযোজন কাক বোলে?

উত্তৰঃ যি বিযোজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি ঘটোৱা হয়, তেনেধৰণৰ বিক্ৰিয়াক তাপীয় বিযোজন বোলে। যেনে—

        i) CaCO3 ---তাপ (🔺)---> CaO + CO2

 

৯)সংযোজন বিক্ৰিয়া আৰু বিযোজন বিক্ৰিয়াৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ সংযোজন বিক্ৰিয়া আৰু বিযোজন বিক্ৰিয়াৰ মাজত পাৰ্থক্য হল-

সংযোজন বিক্ৰিয়া

বিযোজন বিক্ৰিয়া

যি ৰাসায়নিক বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াত পদাৰ্থ উৎপন্ন হয়, তাকে সংযোজন বিক্ৰিয়া বোলে।

 

যিবোৰ ৰাসায়নিক বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থই একাধিক বিক্ৰিয়াজাত পদাৰ্থলৈ বিখণ্ডিত হৈ যায়, তেনে বিক্ৰিয়াক বিযোজন বিক্ৰিয়া বোলে।

ইয়াৰ উদাহৰণ হল- N2(g) + 3H2(g) ---------> 2NH3

ইয়াৰ উদাহৰণ হল-

CaCO3 ---তাপ (🔺)---> CaO + CO2

সংযোজন বিক্ৰিয়া তাপবৰ্জী।

বিযোজন বিক্ৰিয়া তাপগ্ৰাহী।

 

 

১০) পোৰা চূণৰ(CaO) এটা ব্যৱহাৰ লিখা।

উত্তৰঃ চিমেন্ট উদ্যোগত CaO বা পোৰা চূণ ব্যৱহাৰ কৰা হয়।

 

১১) লেড নাইট্ৰেট উতলন কৰিলে কি কি ৎপন্ন হয়? সমীকৰণসহ লিখা.

উত্তৰঃ লেড নাইট্ৰেট উতলন কৰিলে মুগা বৰণীয়া নাইট্ৰজেন-জাই-অক্সাইডৰ ধোঁৱা ৎপন্ন হয়। ইয়াৰ সমীকৰণ হল-

    2Pb(NO3)2 ---তাপ (🔺)---> 2PbO(s) + 4NO2 (g) + O2(g)

 

১২) বগা ছিলভাৰ ক্লৰাইডক সূৰ্যৰ পোহৰত ৰাখিলে কি ঘটে?

উত্তৰঃ বগা ছিলভাৰ ক্লৰাইডক সূৰ্যৰ পোহৰত ৰাখিলে মটীয়া ৰঙৰ হয়। কাৰণ সূৰ্যৰ পোহৰে ছিলভাৰ ক্লৰাইডক ক্লৰিণ আৰু ছিলভাৰলৈ বিযোজিত কৰে। ইয়াৰ ৰাসায়নিক সমীকৰণটো হল-

            2AgCl(s) ----সূৰ্যৰ পোহৰ-----> 2Ag(s) + Cl2(g)

 

১৩) ছিলভাৰ ব্ৰমাইডে সূৰ্যৰ পোহৰৰ সৈতে বিক্ৰিয়া কৰিলে কি ৎপন্ন হয়?

উত্তৰঃ 2AgBr(s) ----সূৰ্যৰ পোহৰ-----> 2Ag(s) + Br2(g)

 

১৪) এটা পদাৰ্থ ‘X’ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ ব্যৱহাৰ কৰা হয়।

    i) পদাৰ্থ ‘X’ নাম লিখা।

    ii) ‘X’ৰ সৈতে পানীৰ বিক্ৰিয়া লিখা।

উত্তৰঃ i)পদাৰ্থটোৰ নাম হল পোৰা চূণ আৰু ইয়াৰ ৰাসায়নিক সংকেত হCaO

       ii) CaO(s) + H2O(l)------> Ca(OH)2 (aq)

 

১৫)অপসাৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়া কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত ৰাসায়নিকভাৱে বেছি সক্ৰিয় থকা মৌলই কম সক্ৰিয় মৌলক অপসাৰিত কৰে, তাকেই অপসাৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়া বোলে। যেনে-

         i) Fe(s) + CuSO4(aq)---------> FeSO4(aq) + Cu (s)
               ii) Zn(s) + CuSO4(aq)---------> ZnSO4(aq) + Cu(s)
               iii) Pb(s) + CuSl2(aq) ---------> PbCl2 + Cu (s)

 

    অপসাৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়াসমূহৰ বৈশিষ্ট্যসমূহ হল—

        ক)বেছি সক্ৰিয় থকা মৌলই কম সক্ৰিয় মৌলক অপসাৰিত কৰে।

        খ)মৌলই মূলকক অপসাৰিত নকৰে নাইবা আয়নৰ বিনিময় নঘটে।

 

১৬)দ্বি-অপসৰণ বিক্ৰিয়া কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে, তাকেই দ্বি-অপসৰণ বিক্ৰিয়া বোলে। যেনে—

           i) Pb(NO3)2 + KI(aq)------>KNO3(aq) + PbI2
             ii) Na2SO4(aq) + BaCl2(aq)----->BaSO4(aq)+ 2NaCl(aq)

 

১৭)কপাৰ ছালফেটৰ(CuSO4)দ্ৰৱত লোৰ গজাল এটা ৰাখিলে ইয়াৰ ৰং মুগা বৰণৰ হয় আৰু কপাৰ ছালফেটৰ নীলা ৰং পাতল হৈ পৰে কিয়?

উত্তৰঃ এই বিক্ৰিয়াটোত লোৰ গজালটোৱে(আইৰনে) কপাৰ ছালফেটৰ দ্ৰৱটোৰ পৰা কপাৰ মৌলটো অপসাৰিত কৰে বাবে লোৰ ৰং মুগা বৰণৰ হয় আৰু কপাৰ ছালফেট দ্ৰৱটোৰ নীলা ৰং পাতল হৈ পৰে। ইয়াৰ ৰাসায়নিক বিক্ৰিয়াটো হল—

       Fe(s) + CuSO4 (aq) ---------> FeSO4(aq)+ Cu(s)

 

 

১৮)অধক্ষেপন বিক্ৰিয়া কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ অধঃক্ষেপ সৃষ্টি হোৱা বিক্ৰিয়াক অধক্ষেপন বিক্ৰিয়া বোলে। যেনে- Na2SO4 (aq) + BeCl2 (aq)-------> BeSO4(aq)+2NaCl(aq)

 

১৯)জাৰণ বিক্ৰিয়া আৰু বিজাৰণ বিক্ৰিয়া কাক বোলে? প্ৰত্যেকৰে উদাহৰণ দিয়া।

উত্তৰঃ জাৰণ বিক্ৰিয়াঃ যি বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেনযুক্ত হয়, তাকে জাৰণ বিক্ৰিয়া বোলে। যেনে-

           i) C + O2 --------> CO2
              ii) 2Zn + O2 -------> 2ZnO
              iii) 2Cu + O2 --------> 2CuO

 

            বিজাৰণ বিক্ৰিয়াঃ যি বিক্ৰিয়াত অক্সিজেন অপসাৰিত হয়, তাকেই বিজাৰণ বিক্ৰিয়া বোলে। যেনে-

                     CuO + H2---তাপ (🔺)---> Cu + H2O

 

২০)জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ এটা জাৰিত হওঁতে আনটো বিজাৰিত হয়, তাকে জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বোলে। যেনে—

                 i) CuO + H2 ---------> Cu + H2O
                    ii) ZnO + C -----------> Zn + CO
                    iii) MnO2 + 4HCl ---------> MnCl2  + 2H2O+ Cl2

 

২১)ক্ষয়ীভৱন কাক বোলে?

উত্তৰঃ যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থৰবোৰ, যেনে জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া ইয়াৰ ক্ষয় হয় আৰু এই প্ৰক্ৰিয়াটোকেই ক্ষয়ীভৱন বোলে।যেনে—

          3Fe + 4 H2O ----------> Fe3O4 + 2H2

 

২২)দুৰ্গন্ধিতা বা ৰেনচিডিটি কাক বোলে? ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

উত্তৰঃ যেতিয়া কোনো এটা বস্তু খোলা ঠাইত ৰখা হয়, তেতিয়া বস্তুখিনি অক্সিজেনৰ সৈতে জাৰিত হৈ ইহঁতৰ স্বাদ আৰু গোন্ধৰ পৰিৱৰ্তন হয়। ইয়াকেই দুৰ্গন্ধিতা বা ৰেনচিডিটি বোলে। ইয়াৰ পৰা হাত সাৰিবলৈ আজি-কালি য্কোনো খোৱা বস্তুৰ পেকেটবোৰত নাইট্ৰজেন গেছ(N2)ভৰাই থোৱা হয়, যাৰবাবে বস্তুখিনি জাৰিত হৈ বেয়া হৈ নাযায়।

 

২৩) তলৰ বিক্ৰিয়াকেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থবোৰ বাছি উলিওৱা।

       i) 4Na(s) + O2--------> 2Na2O(l)
       ii) CuO(s) + H2(g) --------> Cu(s) + H2O(l)

 

উত্তৰঃ i) এই বিক্ৰিয়াটোত ছডিয়াম(Na) জাৰিত হৈছে।

       ii) এই বিক্ৰিয়াটোত CuO(s) বিজাৰিত হৈছে।

 

২৪) সন্তুলিত বা সমতুলিত ৰাসায়নিক বিক্ৰিয়া কি?

উত্তৰঃ যেতিয়া ৰাসায়নিক বিক্ৰিয়া এটাৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰৰ পৰামণুৰ সংখ্যা সমান কৰিবলৈ সংকেতবোৰৰ আগত কোনো সংখ্যা পূৰণ কৰি দিয়া হয় আৰু সমীকৰণটোক পুনৰ লিখা হয়, তেতিয়া সমীকৰণটোক সন্তুলিত বা সমতুলিত সমীকৰণ বোলা হয়। যেনে-

         2H2 + O2 ----------->2H2O

 

২৫) ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰা হয়?

উত্তৰঃ ৰাসায়নিক বিক্ৰিয়া এটাত অংশ লোৱা বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰামণুসমূহৰ সন্তুলনৰ জৰিয়তে পদাৰ্থৰ পৰিমাণ সম্বন্ধে জানিব পাৰি।

 

২৬) তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণত লিখা আৰু সন্তুলন কৰা।

 i) হাইড্ৰজেন গেছে নাইট্ৰজেনৰ সৈতে লগ লাগি এমনিয়া প্ৰস্তুত কৰে।

উত্তৰঃ 3H2(g) + Na2--------> 2NH3

 

ii) হাইড্ৰজেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ-ডাই অক্সাইড উৎপন্ন কৰে।

উত্তৰঃ 2H2S + 3O2 -----------> 2H2O + 2SO4

 

iii) বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম ছালফেটৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লৰাইড আৰু বেৰিয়াম ছালফেট উৎপন্ন কৰে।

উত্তৰঃ  3BeCl2 + Al2(SO4)3 ----------> 2AlCl3 + 3BeSO4

 

iv) পটেছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে।

উত্তৰঃ  2K + 2H2O ---------> 2KOH + H2

 

 

Regularly Visit WWW.HIKHA.IN For Latest Updates

Post a Comment

Post a Comment (0)

Previous Post Next Post