সাম্প্ৰতিক দক্ষিণ এছিয়া (Contemporary South Asia) Class 12 Political Science notes in Assamese Based on AHSEC

 

সাম্প্ৰতিক দক্ষিণ এছিয়া

(Contemporary South Asia)

 

Contemporary South Asia
Contemporary South Asia (www.hikha.in)

 

Q&A of Contemporary South Asia

 

১) দক্ষিণ এছিয়া বুলিলে কি বুজা?

উত্তৰঃ দক্ষিণ এছিয়া বুলি কলে বাংলাদেশ, ভূটান, নেপাল, ভাৰতবৰ্ষ, মালদ্বীপ, পাকিস্থান আৰু শ্ৰীলংকা –এই ৭খন ৰাষ্ট্ৰক বুজায়। কিন্তু বৰ্তমান আফগানিস্থানকো দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰ বুলি গণ্য কৰা হয় অৰ্থাৎ বৰ্তমান দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰৰ সংখ্যা হল ৮খন।

 

২) শ্ৰীলংকাৰ পুৰণি নাম কি?

উত্তৰঃ চিলন।

 

৩) চীন দক্ষিণ এছিয়াৰ অংশ হয়নে?

উত্তৰঃ নহয়।

 

৪) দক্ষিণ এছিয়া মণ্ডলত প্ৰথমতে কোনখন দেশে নিজৰ অৰ্থনীতিৰ উদাৰীকৰণ কৰিছিল?

উত্তৰঃ শ্ৰীলংকাই।

 

৫) কোন চনত ভাৰতবৰ্ষই শ্ৰীলংকালৈ ভাৰতৰ শান্তি বাহিনী প্ৰেৰণ কৰিছিল আৰু তেওলোকক কেতিয়া ওভতাই অনা হৈছিল?

উত্তৰঃ ভাৰতবৰ্ষই ১৯৮৭ চনত শ্ৰীলংকালৈ ভাৰতৰ শান্তি বাহিনী প্ৰেৰণ কৰিছিল আৰু ১৯৮৯ চনত তেওলোকক তাৰ পৰা  ওভতাই/ ঘুৰাই অনা হৈছিল।

 

৬) খালি ঠাই পূৰ কৰাঃ

ক) শ্ৰীলংকাৰ ৰাজনীতি------সংখ্যাগুৰু সম্প্ৰদায়ৰ দ্বাৰা অৱদমিত।

উত্তৰঃ শ্ৰীলংকাৰ ৰাজনীতি সিহলী সংখ্যাগুৰু সম্প্ৰদায়ৰ দ্বাৰা অৱদমিত।

 

খ) ------চনৰ পৰা -------লৈ বাংলাদেশ পাকিস্থানৰ অংশ আছিল।

উত্তৰঃ ১৯৪৭ চনৰ পৰা ১৯৭১ লৈ বাংলাদেশ পাকিস্থানৰ অংশ আছিল।

 

৭) ছাৰ্কৰ (SAARC) ৰ প্ৰথম সন্মিলন কত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰঃ ছাৰ্কৰ (SAARC) ৰ প্ৰথমখন সন্মিলন ১৯৮৫ চনৰ ডিচেম্বৰ মাহত বাংলাদেশৰ ৰাজধানী ঢাকাত অনুষ্ঠিত হৈছিল।

 

৮) কোন চনত মালদ্বীপত বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়?

উত্তৰঃ ২০০৫ চনত।

 

৯) কোনজন ভাৰতীয় প্ৰধান মন্ত্ৰীয়ে লাহোৰলৈ বাছ যাত্ৰা কৰিছিল?

উত্তৰঃ ১৯৯৯ চনৰ মে মাহত ভাৰতৰ প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে লাহোৰলৈ বাছ যাত্ৰা কৰিছিল।

 

১০) শ্ৰীলংকাৰ বিবাদত লিপ্ত দুটা সম্প্ৰদায়ৰ নাম লিখা।

উত্তৰঃ শ্ৰীলংকাৰ বিবাদত লিপ্ত দুটা সম্প্ৰদায় হল তামিল আৰু সিহলী।

 

১১) দক্ষিণ এছিয়াৰ অন্তৰ্গত দুকন দেশৰ নাম লিখা।

উত্তৰঃ ভাৰতবৰ্ষ আৰু বাংলাদেশ।

 

১২) LTTEৰ প্ৰধান নেতাজনৰ নাম কি?

উত্তৰঃ প্ৰভাকৰণ।

 

১৩) কোন চনত LTTEৰ প্ৰধান নেতা প্ৰভাকৰণৰ মৃত্যু হৈছিল?

উত্তৰঃ ২০০৮ চনত।

 

১৪) LTTEৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ Liberation Tigers of Tamil Elam.

 

১৫) চিলন নাগৰিকত্ব আইন কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৯৪৮ চনত।

 

১৬) শ্ৰীলংকাই কেতিয়া স্বাধীনতা লাভ কৰিছিল?

উত্তৰঃ ১৯৪৮ চনত।

 

১৭) SAFTA ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ South Asian Free Trade Area.

 

১৮) ছাৰ্কৰ চতুৰ্দশ সন্মিলনকন কত অনুষ্ঠিত হৈছিল?

উত্তৰঃ নতুন দিল্লীত।

 

১৯) SAFTA কেতিয়া স্বাক্ষৰিত কৰা হয় আৰু ই কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল?

উত্তৰঃ ২০০৪ চনত SAFTA চুক্তি স্বা৭ৰ কৰা হৈছিল আৰু ই ২০০৬ চনৰ জানুৱাৰীৰ পৰা কাৰ্যকৰী হয়।

 

২০) দুখন ভূমি পৰিবেষ্টিত(Land Locked) দেশৰ নাম লিখা

উত্তৰঃ নেপাল আৰু ভূটান।

 

২১) তাছখণ্ড চুক্তি কেতিয়া হৈছিল?

উত্তৰঃ ১৯৬৬ চনৰ ১০ জানুৱাৰীত।

 

২২) কোন চনত পাকিস্থানৰ চোৰাংচোৱা সংস্থা ISI এ মুম্বাইৰ তাজ হোটেলত আক্ৰমণ কৰিছিল?

উত্তৰঃ ২০০৮ চনত।

 

২৩) ১৯তম ছাৰ্ক শীৰ্ষ সন্মিলন কত অনুষ্ঠিত হৈছিল?

উত্তৰঃ পাকিস্থানত।

 

২৪) বাংলাদেশৰ মুক্তি আন্দোলনৰ জনপ্ৰিয় নেতাজনৰ নাম কি?

উত্তৰঃ শ্বেখ মুজিবৰ ৰহমান।

 

২৫) SPA ৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰঃ Seven Party Alliance.

 

২৬) PPL ৰ সম্পূৰ্ণ অৰ্থ কি ?

উত্তৰঃ Pakistan People’s Party.

 

২৭) পাকিস্থানৰ সংবিধানখন কোন চনৰ পৰা কাৰ্যকৰী কৰা হৈছিল?

উত্তৰঃ ১৯৫৬ চনৰ পৰা।

 

২৮) দ্বাদশ ছাৰ্ক সন্মিলন কেতিয়া আৰু কত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ২০০৪ চনত পাকিস্থানৰ ইছলামাবাদত।

 

২৯) ফাৰাক্কা সন্ধি কেতিয়া আৰু কাৰ-কাৰ মাজত স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ফাৰাক্কা সন্ধি ১৯৯৬  চনত ভৰাত আৰু বাংলাদেশৰ মাজত স্বাক্ষৰিত হৈছিল।

 

৩০) সিন্ধু জলচুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰঃ সিন্ধু জলচুক্তি ১৯৬০ চনত ভাৰত-পাকিস্থানৰ মাজত স্বাক্ষৰিত হৈছিল।

 

৩১) নেপালত কোন চনৰ পৰা ৰাজতন্ত্ৰৰ বিলোপ সাধন কৰি যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ ২০০৮ চনৰ পৰা।

 

৩২) MDPৰ সম্পূৰ্ণ অৰ্থ লিখা।

উত্তৰঃ Maldivian Democratic Party.

 

৩৩) ভাৰত আৰু বাংলাদেশৰ মাজৰ সংঘাতৰ চাৰিটা কাৰণ লিখা।

উত্তৰঃ ভাৰত আৰু বাংলাদেশৰ মাজৰ সংঘাতৰ চাৰিটা কাৰণ হল—

     ক)গংগা আৰু ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ ভাগ-বিতৰণৰ ক্ষেত্ৰত।

     খ)ভাৰতত থকা অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক বাংলাদেশ চৰকাৰে ওভতাই লোৱাৰ ক্ষেত্ৰত কৰা অস্বীকাৰ।

     গ)বাংলাদেশে ভাৰত বিৰোধী ইছলামী মৌলবাদক দিয়া উচতনি।

     ঘ)বাংলাদেশে প্ৰাকৃতিক গেছ ভাৰতলৈ ৰপ্তানি নকৰাৰ বাবে লোৱা সিদ্ধান্ত।

 

৩৪) পাকিস্থানত সুস্থিৰ গণতন্ত্ৰ বিপৰ্যয়ৰ কাৰণসমূহ লিখা।

উত্তৰঃ পাকিস্থানত সুস্থিৰ গণতন্ত্ৰ বিপৰ্যয়ৰ কাৰণসমূহ হল—

    ক)পাকিস্থানৰ সামৰিক বাহিনী, ধৰ্মগুৰু, ভূমিপতি, অভিজাত শ্ৰেণীৰ পাকিস্থান সমাজৰ ওপৰত থকা পতিপত্তিয়ে ঘনে-পতি পাকিস্থানত সামৰিক আভ্যুত্থান ঘটাই গণতান্ত্ৰিক চৰকাৰ ওফৰাই সামৰিক শাসন প্ৰৱৰ্তন কৰাৰ মূল কাৰণ।

    খ)পাকিস্থানৰ ভাৰতৰ সৈতে চলি থকা সংঘৰ্ষই ইয়াৰ সামৰিক বাহিনীক যথেষ্ট শক্তিশালী কৰি তুলিছে। পাকিস্থানত সামৰিক আভ্যুত্থান ঘটোৱা নেতৃবৃন্দৰ মতে পাকিস্থানৰ ৰাজনৈতিক দল আৰু গণতন্ত্ৰত যথেষ্ট ত্ৰুতি আছে আৰু ইয়ে পাকিস্থানৰ নিৰাপত্তা বিঘ্নিত কৰিব পাৰে। সেইবাবে পাকিস্থানত গণতান্ত্ৰিক চৰকাৰ ওফৰাই সামৰিক শাসন প্ৰৱৰ্তন কৰা হয়।

    গ)তেওলোকৰ মতে পাকিস্থানৰ ৰাজনৈতিক দলসমূহ হল স্বাৰ্থপৰ আৰু ইয়াৰ গণতান্ত্ৰিক ব্যৱস্থাটো হল বিশৃংখল তথা ত্ৰুতিপূৰ্ণ। গতিকে এনে পৰিস্থিতিত পাকিস্থানৰ নিৰাপত্তাৰ বাবে সামৰিক বাহিনীয়ে পাকিস্থানৰ শাসন নিজৰ হাতত ৰখাত যথেষ্ট যুক্তিযুক্ততা আছে।

     ঘ)পাকিস্থানত প্ৰকৃত গণতন্ত্ৰৰ বিপৰ্যয়ৰ আন এটা কাৰণ হল পাকিস্থানৰ গণতন্ত্ৰৰ প্ৰতি প্ৰকৃততে আন্তৰ্জাতিক সমৰ্থন নাই, তাৰ ফলশ্ৰুতিত ইয়াৰ শাসন ব্যৱস্থাক সামৰিক বাহিনীয়ে দমন কৰি ৰাখিবলৈ সুবিধা পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰকে আদি কৰি পশ্চিমীয়া ৰাষ্ট্ৰসমূহে পাকিস্থানত সামৰিক শাসকসকলক উৎসাহিত কৰে। এই ৰাষ্ট্ৰসমূহৰ গোলকীয় ইছলামীয় সন্ত্ৰাসবাদৰ প্ৰতি থকা ভয় আৰু পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰাগাৰ সন্ত্ৰাসবাদীসকলৰ হাতলৈ যোৱাৰ সম্ভাৱনাই গণতান্ত্ৰিক শাসনতকৈ সামৰিক শাসন পাকিস্থানত থকাটো ৰাষ্ট্ৰসমূহে সমৰ্থন কৰে।

 

৩৫) ভাৰত আৰু নেপালৰ মাজত থকা সহযোগিতা আৰু ২টা সংঘাতৰ ক্ষেত্ৰ উল্লেখ কৰা।

উত্তৰঃ সহযোগিতাঃভাৰত আৰু নেপালৰ মাজত হোৱা চুক্তি অনুসৰি এখন ৰাষ্ট্ৰৰ নাগৰিকে আন এখন ৰাষ্ট্ৰলৈ যোৱাৰ বাবে বা কাম কৰাৰ বাবে কোনোধৰণৰ পাৰ-পত্ৰ বা অনুমতিপত্ৰ ল নালাগে।

 

  সংঘাতঃ ক)ভাৰত বিদ্ৰোহীসকলৰ বিৰুদ্ধে নেপাল চৰকাৰে উচিত পদক্ষেপ নোলোৱাৰ বাবে ভাৰত চৰকাৰ অসন্তষ্ট হৈ পৰে। বিশেষকৈ নেপালত আৰম্ভ হোৱা মাওবাদীসকলৰ আন্দোলনে বাৰতৰ নক্সালপন্থীসকলৰ উত্থানত সহায় কৰি আহিছে।

     খ)নেপালৰ বহুত নেতা তথা নাগৰিকে ভাৰতক নেপালৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰা বুলি জগৰীয়া কৰে। বিশেষকৈ ভাৰতে নেপালৰ জলাশয়, জলবিদ্যুৎ আদিৰ আৰ্হি প্ৰস্তুতকৰণৰ জৰিয়তে নেপালৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰা বুলি দাবী কৰে।

 

৩৬) ছাফ্টা (SAFTA) কি? ইয়াৰ ধাৰণাটো পৰীক্ষা কৰা।

Or

     ছাফ্টা (SAFTA) কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ মূল উদ্দেশ্য কি?

উত্তৰঃ পাকিস্থানৰ ইছলামাবাদত অনুষ্ঠিত হোৱা ছাৰ্কৰ দ্বাদশ শীৰ্ষ সন্মিলনত আন্তঃ আঞ্চলিক বাণিজ্য ব্যৱস্থা উন্নীতকৰণৰ বাবে দক্ষিণ-এছিয়া মুক্ত বাণিজ্য ক্ষেত্ৰ সংক্ষেপত ছাফ্টা (SAFTA) স্থাপন কৰিবলৈ সিদ্ধান্ত লৈ ছাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহে ২০০৪ চনত স্বাক্ষৰ কৰি চুক্তিবদ্ধ হয় আৰু ইয়াক কাৰ্যকৰী কৰা হয় ২০০৬ চনৰ ১ জানুৱাৰীৰ পৰা। ইয়াৰ মূল উদ্দেশ্য হল সমগ্ৰ দক্ষিণ-এছিয়াত মুক্ত বাণিজ্য অঞ্চল হিচাপে গঢ় দিয়া।

     দক্ষিণ-এছিয়াত শান্তি আৰু সহযোগিতাৰ এক নতুন যুগৰ সূচনা হব যদিহে ইয়াৰ প্ৰত্যেকখন ৰাষ্ট্ৰই নিজৰ ৰাজ্যক্ষেত্ৰৰ বাহিৰত মুক্ত বাণিজ্য কৰাৰ অনুমতি প্ৰদান কৰে। এইক্ষেত্ৰত ছাৰ্কৰ অন্তৰ্গত SAFTAৰ ধাৰণাটো এক পৰীক্ষামূলক হিচাপে ব্যৱহাৰ কৰা হৈছে। SAFTA গঠনৰ মূল উদ্দেশ্য আছিল মুক্ত বণিজ্যৰ জৰিয়তে ২০০৭ চনৰ ভিতৰত  দক্ষিণ-এছিয়াৰ ৰাষ্ট্ৰসমূহৰ বাণিজ্যিক মূল্য ২০ শতাংশ হ্ৰাস কৰা। কিন্তু, ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰসমূহ চিন্তিত হৈ পৰিছিল যে ছাফটাৰ জৰিয়তে ভাৰতে অন্য ৰাষ্ট্ৰত প্ৰৱেস কৰি ইয়াত বিক্ৰিৰ বজাৰ গঢ়ি তোলাৰ লগতে তেওঁলোকৰ সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত হস্তক্ষেপ কৰিব। আনহাতে ভাৰতৰ মতে ছাফটাৰ জৰিয়তে দক্ষিণ-এছিয়াৰ প্ৰতিকন ৰাষ্ট্ৰৰ প্ৰকৃত অৰ্থনৈতিক উন্নতি হোৱাৰ লগতে ৰাজনৈতিক সমস্যবোৰো দূৰ হব। ভাৰতৰ মতে ছাফটাই কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰে, যিহেতুকে বাৰতে ইতিমধ্যে ভূটান, নেপাল আৰু শ্ৰীলংকাৰ সৈতে চুক্তি সম্পাদন কৰিছে।

 

৩৭) ভাৰত-পাকিস্থানৰ সংঘাতৰ চাৰিটা ক্ষেত্ৰ চমুকৈ আলোচনা কৰা।

উত্তৰঃ ক)ভাৰত আৰু পাকিস্থানৰ মাজত ১৮৪৭-৪৮ চনত দুয়োপক্ষৰ মাজত সংঘাত হৈছিল। ইয়াৰ মূল বিষয় আছিল কাশ্মীৰ। কাশ্মীৰ বিষয়ক কেন্দ্ৰ কৰি বিশেষকৈ নিয়ন্ত্ৰণ ৰেখাক কেন্দ্ৰ কৰি ১৯৬৫ আৰু ১৯৯৯ চনত ভাৰত-পাকিস্থানৰ মাজত দুবাৰকৈ যুদ্ধ হৈছিল।

    খ)ভাৰত-পাকিস্থানৰ সংঘাতৰ আন এটা কাৰণ হল ৰণ-কৌশলগত বিষয়, যেনে চিয়ানিন হিমবাহ উপত্যকাৰ ওপৰত আধিপত্য বিস্তাৰ আৰু অস্ত্ৰ-সস্ত্ৰ সংগ্ৰহ। ১৯৯০ চনত ভাৰত আৰু পাকিস্থানৰ মাজত হোৱা যুদ্ধৰ অস্ত্ৰ-সস্ত্ৰ সংগ্ৰহৰ ক্ষেত্ৰত আন এক নতুন বিকাশ হৈছিল। সেইটো হল দুয়োখন ৰাষ্ট্ৰই পাৰমাণৱিক অস্ত্ৰ আৰু ক্ষেপনাস্ত্ৰ সংগ্ৰহ কৰিছিল যাতে ইখন দেশে সিখন দেশত আঘাত হানিব পাৰে। ইয়াৰ উপৰি ভাৰতে ১৯৯৮ চনত পোখৰানত পাৰমাণৱিক বিস্ফোৰণ ঘটোৱাৰ কেইদিনমানৰ ভিতৰতে প্ৰত্যুত্তৰ হিচাপে পাকিস্থামে চাগাই পাহাৰত পাৰমাণৱিক বিস্ফোৰণ ঘটাইছিল।

    গ)ভাৰত-পাকিস্থানৰ সংঘাতৰ আন এটা কাৰণ হল দুয়োখন দেশৰ চৰকাৰে ইখনে-সিখনক সন্দেহৰ চকুৰে চায়। ভাৰত চৰকাৰে পাকিস্থান চৰকাৰক কাশ্মীৰৰ সন্ত্ৰাসবাদীসকলক অস্ত্ৰ-সস্ত্ৰ, ধন, সামৰিক প্ৰশিক্ষণ আদি দি ভাৰতত সন্ত্ৰাসৰ সৃষ্টি কৰে বুলি দোষাৰোপ কৰে। ইয়াৰ উপৰি ১৯৮৫ চনৰ পৰা খালিস্তানী সংগ্ৰামীসকলক অস্ত্ৰ-সস্ত্ৰ যোগান ধৰা বুলি ভাৰতে পাকিস্থানক সন্দেহ কৰিছিল। ইয়াৰ অন্তচৰালত ভাৰতে পাকিস্থানৰ আই এছ আই হাত থকা বুলি দাবী কৰে। এইবিলাক কাৰণৰ বাবে ভাৰত আৰু পাকিস্থানৰ মাজত সংঘাত বৃদ্ধি পাইছে।

   ঘ)ভাৰত আৰু পাকিস্তানৰ মাজত থকা আন এটা সংঘাত হল পানীৰ ভাগ-বিতৰণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা মতানৈক্য। ১০৬০ চনলৈকে সিন্ধু নদীৰ জলধাৰাক লৈ বাৰত আৰু পাকিস্থানৰ মাজত তীব্ৰ বাক-বিতৰ্কৰ উদ্ভৱ হৈছিল। অৱশ্যে ১৯৬০ চনত বিশ্ব বেংকৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্থানৰ মাজত হোৱাসিন্ধু জল চুক্তিৰ জৰিয়তে এই সমস্যাৰ সমাধান হৈছিল।

 

৩৮) ছাৰ্কত ভাৰতৰ ভূমিকা বাখ্যা কৰা।

অথবা

ছাৰ্কৰ গুৰুত্ব আৰু প্ৰাসংগিকতা আলোচনা কৰা।

উত্তৰঃ দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে ১৯৮৫ চনৰ ডিচেম্বৰত বাংলাদেশৰ ঢাকাত দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহক লৈ দক্ষিণ এছিয়া সহযোগী সংস্থা সংক্ষেপত ছাৰ্ক(SAARC: South Asian Association of Regional Co-operation)নামৰ এটা সংস্থা গঠণ কৰা হয়। ইয়াৰ মূক্য কাৰ্যালয় নেপালৰ কাঠমাণ্ডুত অৱস্থিত। ছাৰ্কে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত কল্যাণকামী অৰ্থনীতি, সমূহীয়া আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশ তৰান্বিত কৰিব বিচাৰে। ছাৰ্কে ইতিমধ্যে ইউৰোপীয় সংঘ, ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য আন্তৰ্জাতিক সংগঠনৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰিছে। মুঠ ৮খন দেশেৰে ছাৰ্ক গঠিত হৈছে আৰু এই দেশকেইখন হল বাংলাদেশ, আফগানিস্থান, ভূটান, ভাৰত, শ্ৰীলংকা, মালদ্বীপ, নেপাল আৰু পাকিস্থান। পাকিস্থানৰ ইছলামাবাদত অনুষ্ঠিত ছাৰ্কৰ দ্বাদশ শীৰ্ষ সন্মিলনত আন্তঃ আঞ্চলিক বাণিজ্য ব্যৱস্থা উন্নীতকৰণৰ বাবে ছাফটা(SAFTA)গঠন কৰা হয়। ইয়াক কাৰ্যকৰী কৰা হৈছিল ২০০৬ চনৰ ১ জানুৱাৰীৰ পৰা। ছাফটা গঠনৰ প্ৰধান প্ৰৱক্তা হল ভাৰত। ভাৰতে এই ক্ষেত্ৰত আগভাগ লৈ দক্ষিণ এছিয়াৰ প্ৰত্যেকখন ৰাষ্ট্ৰত মুক্ত বাণিজ্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। ছাফটা গঠনৰ মূল উদ্দেশ্য হল মুক্ত বাণিজ্যৰ জৰিয়তে ২০০৭ চনৰ ভিতৰত দক্ষিণ এছিয়াৰ প্ৰত্যেকখন ৰাষ্ট্ৰৰ বাণিজ্যিক মূল্য ২০ শতাংশ হ্ৰাস কৰা। ইয়াৰ জৰিয়তে ভাৰতে দক্ষিণ এছিয়াৰ প্ৰত্যেকখন ৰাষ্ট্ৰৰ প্ৰকৃত অৰ্থনৈতিক উন্নতি সাধন হোৱাৰ বাবে প্ৰচেষ্টা চলাইছে।

    ছাৰ্কে ভাৰত আৰু পাকিস্থানৰ মাজৰ সংঘাত দূৰ কৰিবলৈ প্ৰচেষ্টা চলাইছে। বিশেষকৈ ভাৰতে এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে। প্ৰয়াত প্ৰধান মন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীয়ে ভাৰত-পাকিস্থানৰ সংঘাত দূৰ কৰিবলৈ ছিমলা চুক্তিত স্বাক্ষৰ কৰিছিল। ঠিক তেনেদৰে লাল বাহাদুৰ শাস্ত্ৰীয়ে ১৯৬৬ চনত তাছখণ্ড চুক্তিত স্বাক্ষৰ কৰিছিল, যদিও এই সময়ত ছাৰ্ক গঠন হোৱা নাছিল। ১৯৯৯ চনত অটল বিহাৰী বাজপেয়ীয়ে পাকিস্থানলৈ লাহোৰ বাছ সেৱা প্ৰৱৰ্তন কৰি ভাৰত-পাকিস্থানৰ সংঘাত দুৰ কৰিবলৈ প্ৰচেষ্টা চলাইছিল। মুঠতে ভাৰতে দুয়োখন ৰাষ্ট্ৰৰ মাজত যুদ্ধৰ বিভীষিকা নোহোৱা কৰি বিশ্বাস জন্মোৱাৰ বাবে প্ৰচেষ্টা চলাইছে। ইয়াৰ বাবে ছাৰ্ক শীৰ্ষ সন্মিলনবোৰত দুয়োখন ৰাষ্ট্ৰৰ নেতৃবৃন্দই বিভিন্ন আলোচনাত মিলিত হোৱা দেখা যায়। তদুপৰি বৰ্তমান পাৰ-পত্ৰ দিয়াৰ ক্ষেত্ৰত দুয়োখন ৰাষ্ট্ৰই নমনীয় পন্থা গ্ৰহণ কৰিছে।

    ভাৰত আৰু বাংলাদেশৰ সম্পৰ্ক উন্নীত কৰাৰ বাবে ভাৰতে ছাৰ্কৰ জৰিয়তে প্ৰচেষ্টা চলোৱা দেখা গৈছে। বিশেষকা বাংলাদেশৰ পৰা অহা প্ৰব্ৰজনকাৰীসকলক উভতাই নিয়াৰ ক্ষেত্ৰত ভাৰতে বাংলাদেশৰ সৈতে আলোচনাত বহিছে। ঠিক তেনেদৰে পানীৰ ভাগ-বিতৰণৰ ক্ষেত্ৰতো ভাৰতে বাংলাদেশৰ সৈতে আলোচনাত মিলিত হৈছে।

    ভাৰতে ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালক বিভিন্ন ধৰণৰ সহায়-সহযোগিতা কৰিছে। ছাৰ্কৰ শীৰ্ষ সন্মিলনত দুয়োখন ৰাষ্ট্ৰৰ মাজত পাৰ-পত্ৰৰ প্ৰয়োজন যাতে নহয় সেই কথা নিশ্চিত কৰা হৈছে। ভাৰতে বিশেষকৈ ২০১৫ চনৰ নোপালত হোৱা বিধ্বংসী ভূমিকম্পৰ সময়ত বহুতো সহায়-সহযোগিতা আগবঢ়াইছিল।

    ভাৰতে শ্ৰীলংকাৰ গোষ্ঠীগত সংঘৰ্ষ পৰিসমাপ্তি হোৱাৰ ক্ষেত্ৰতো বহুত পদক্ষেপ গ্ৰহণ কৰিছে। বিশেষকৈ শ্ৰীলংকাৰ জাতিগত সংঘৰ্ষৰ ক্ষেত্ৰত ভাৰত চৰকাৰে এই সমস্যা দূৰ কৰাৰ বাবে সামৰিক বাহিনী শ্ৰীলংকালৈ প্ৰেৰণ কৰিছিলভাৰত চৰকাৰে শ্ৰীলংকাৰ সৈতে মুক্ত বাণিজ্যিক চুক্তি এখন মস্পাদন কৰি উভয় চৰকাৰৰ মাজৰ সম্পৰ্ক অধিক কটকটীয়া কৰিছে।

    মুঠতে ভাৰতে দক্ষিণ এছিয়াৰ গোটেইখন ৰাষ্ট্ৰ লগত শান্তি আৰু সহযোগিতাৰ চুক্তি সম্পাদন কৰি দক্ষিণ এছিয়াত শান্তি স্থাপন কৰিবলৈ প্ৰচেষ্টা চলাইছে।

 

৩৯) তাছখণ্ড চুক্তিৰ তাৎপৰ্য লিখা।

উত্তৰঃ ১৯৬৫ চনত ভাৰত আৰু পাকিস্থানৰ মাজত এখন পূৰ্ণাংগ যুদ্ধ সংগঠিত হৈছিল। ১৯৬৫ চনৰ ভাৰত আৰু পাকিস্থানৰ যুদ্ধৰ পিছত ১৯৬৬ চনৰ ৪ জানুৱাৰীত ৰাষ্ট্ৰসংঘৰ অধীনত আৰু পূৰ্বৰ USSRৰ মধ্যস্থতাত উজবেকিস্তানৰ তাছখণ্ডত এটা স্থায়ী সমাধানৰ বাবে ভাৰত আৰু পাকিস্থানৰ মাজত এখন শান্তি সন্মিলন অনুষ্ঠিত হৈছিল। ইয়াত অংশগ্ৰহন কৰিছিল ভাৰতৰ তদানিন্তন প্ৰধান মন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী আৰু পাকিস্থানৰ প্ৰধান মন্ত্ৰী মহম্মদ আয়ুব খানে। এইখনক তাছখণ্ড চুক্তি বুলি কোৱা হয়। এই চুক্তি অনুসৰি ভাৰতে ১৯৬৫ চনৰ যুদ্ধত পাকিস্থানে অধিকাৰ কৰি থকা অঞ্চলসমূহ উদ্ধাৰ কৰাৰ পাছতো উভতাই দিবলৈ বাধ্য হয়। ১৯৬৬ চনৰ ১০ জানুৱাৰীত কৰা তাছখণ্ড ঘোষণা পত্ৰই উল্লেখ কৰিছিল যে ভাৰতীয় আৰু পাকিস্থানী সেনাই ১৯৬৬ চনৰ ২৫ জানুৱাৰীৰ ভিতৰত সংঘাতৰ পূৰ্বৰ অৱস্থালৈ উভতি যাব, দুয়োখন ৰাষ্ট্ৰই পৰস্পৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব, যুদ্ধবন্দীসকলক শৃংখলাবদ্ধ প্ৰত্যাপণ কৰা হব আৰু দুয়োগৰাকী নেতাই ৰাষ্ট্ৰদুখনৰ মাজত সু-সম্পৰ্ক গঢ়ি তোলাৰ বাবে কাম কৰি য়াব।

 

৪০) পূৱ-পাকিস্থানৰ লোকসকলে মুক্তি আন্দোলনৰ ফালে ঢাল খোৱাৰ কাৰণবোৰ আঙুলিয়াই দিয়া।

অথবা

বাংলাদেশৰ স্বাধীনতা লাভত ভাৰতে কিদৰে সহায়-সহয়োগিতা কৰিছিল আলোচনা কৰা।

অথবা

গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে পূৱ পাকিস্থানৰ দাবীবোৰ কি কি আছিল?

উত্তৰঃ বৃটিছ উপনীৱেশিকাবাদৰ পৰা মুক্তি লাভ কৰি ভাৰত দ্বি-খণ্ডিত হৈ ভাৰত আৰু পাকিস্থান নামৰ দুখন স্বাধীন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল। পাকিস্থানখন আকৌ দুটা ভাগত বিভক্ত আছিল- পূৱ পাকিস্থান(বৰ্তমান বাংলাদেশ) আৰু পশ্চিম পাকিস্থান। পূৱ পাকিস্থান ১৯৪৭ চনৰ পৰা ১৯৭১ চনলৈ পাকিস্থানৰ আধীনত আছিল। পূৱ পাকিস্থান যদিও পাকিস্থানৰ এটা অবিচ্ছেদ্য অংগ আছিল কিন্তু তথাপিও পূৱ পাকিস্থানক সদায় পশ্চিম পাকিস্থানে দমন কৰি ৰাখিব বিচাৰিছিল। আনকি পূৱ পাকিস্থানত প্ৰচলিত বাংলা ভাষাৰ পৰিৱৰ্তে উৰ্দু ভাষা জাপি দিব বিচাৰিছিল আৰু বঙালী সংস্কৃতিৰ ওপৰতো আঘাত সানিব বিচাৰিছিল।

     পূৱ পাকিস্থানৰ জনসাধাৰণে প্ৰশাসন আৰু ৰাজনৈতিক ক্ষমতাৰ ক্ষেত্ৰত পশ্চিম পাকিস্থানৰ সমপৰ্যায় দাবী কৰিছিল। ইতিমধ্যে পূৱ পাকিস্থানৰ নেতা শ্বেখ মুজিবৰ ৰহমানে পশ্চিম পাকিস্থানৰ দমন নীতিৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছিল। ১৯৭০ চনত পাকিস্থানত হোৱা নিৰ্বাচনত শ্বেখ মুজিবৰ ৰহমানৰ নেতৃত্বাধীন আৱামী লীগে পূৱ পাকিস্থানৰ আটাইবোৰ আসনত বিজয়ী হৈ পাকিস্থানৰ সংবিধান সভাত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু পাকিস্থানৰ নেতৃবৃন্দই সংবিধান সভা আহ্বান কৰাৰ পৰিৱৰ্তে শ্বেখ মুজিবৰ ৰহমানক গ্ৰেপ্তাৰ কৰে। সেই সময়ত জেনেৰেল ইয়া খানৰ নেতৃত্বত চলি থকা সামৰিক শাসনে পূৱ পাকিস্থানত আৰম্ভ হোৱা বঙালীসকলৰ বিদ্ৰোহ দমন কৰাৰ উদ্দেশ্যে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল। যাৰ পৰিণতিস্বৰূপে অসংখ্য সাধাৰণ লোকে মৃত্যুক আকোৱালি লব লগা হৈছিল। ফলত পূৱ পাকিস্থানৰ অসংখ্য লোক ভাৰতত শৰণাৰ্থী হিচাপে আহিবলগীয়া হৈছিল। শ্বেখ মুজিবৰ ৰহমানৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত পূৱ পাকিস্থানৰ যুৱকসকলে মুক্তি বাহিনী গঠন কৰিছিল। ভাৰত চৰকাৰেও পূৱ পাকিস্থানলৈ ৯০০০০ সেনা পঠিয়াইছিল আৰু চাৰিওফালে পশ্চিম পাকিস্থানক ঘেৰি ধৰিছিল। ইয়াৰ ফলস্বৰূপে ভাৰত আৰু পাকিস্থানৰ মাজত ১৯৭১ চনৰ ডিচেম্বৰ মাহত এখন পূৰ্ণাংগ যুদ্ধ হৈছিল। এই যুদ্ধত পাকিস্থানৰ সেনাই ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰাত যুদ্ধৰ অন্ত পৰিছিল আৰু সমগ্ৰ পূৱ পাকিস্থানক লৈ বাংলাদেশ নামেৰে এখন নতুন ৰাষ্ট্ৰ গঠিত হৈছিল। এনেদৰে ভাৰত চৰকাৰে পূৱ পাকিস্থানৰ জনসাধাৰণক আৰ্থিক আৰু সামৰিক দিশত সাহাৰ্য প্ৰদান কৰি পূৱ পাকিস্থানক বাংলাদেশ নামেৰে এখন নতুন ৰাষ্ট্ৰ গঠনত সহায় কৰিছিল।

 

৪১) ছাৰ্কৰ যিকোনো ৪টা সফলতা উল্লেখ কৰা।

উত্তৰঃ ছাৰ্কৰ  ৪টা সফলতা হল-

  ক)ছাৰ্কে দক্ষিণ এছিয়াত শান্তি আৰু সহযোগিতাৰে মুক্ত বাণিজ্য নীতি সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ জৰিয়তে ২০০৭ চনত ২০ শতাংশ কৰ নিম্নগামী কৰা হৈছে।

  খ)ছাৰ্কে ওচৰ-চুবুৰীয়া দেশসমূহৰ মাজত পাৰ-পত্ৰ সহজলভ্য কৰি দিছে।

  গ)ছাৰ্কৰ জৰিয়তে ভাৰত আৰু পাকিস্থানৰ মাজৰ সংঘাত প্ৰশমিত কৰা হৈছে। সেই উদ্দেশ্যে দুয়োখন দেশৰ মাজত লাহোৰ বাছ সেৱা প্ৰৱৰ্তন কৰা হৈছে।

  ঘ)ছাৰ্কে অতি দুৰ্গম দেশবিলাকৰ ক্ষেত্ৰত যাতায়ত ব্যৱস্থাৰ উন্নতিৰ বাবে প্ৰচেষ্টা হাতত লোৱা দেখা গৈছে। এই উদ্দেশ্যে ভাৰত আৰু নেপালৰ মাজত বাছ সেৱা প্ৰৱৰ্তন কৰা হৈছে।

 

৪২) শ্ৰীলংকাৰ নৃগোষ্ঠীয় বিবাদৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ শ্ৰীলংকাই ১৯৪৮ চনত স্বাধীন হোৱাৰ পৰাই দেশখনত গণতন্ত্ৰ প্ৰৱৰ্তন হৈ আছে। কিন্তু দেশখন এক বিৰাট ভাবুকিৰ সন্মুখীন হৈছে। এই ভাবুকি সেনা বাহিনী বা ৰাজতন্ত্ৰৰ পৰা নহয়। এই ভাবুকি হল নৃগোষ্ঠীসকলৰ ভাবুকি, তেওলোকৰ এটা অঞ্চল মূল ৰাষ্ট্ৰৰ পৰা পৃথক হোৱাৰ দাবীত গঢ়ি তোলা ভাবুকি। স্বাধীনতাৰ পিছৰ পৰাই শ্ৰীলংকাৰ ৰাজনীতিত সংখ্যাগৰিষ্ঠ সিংহলী সম্প্ৰদায়ৰ লোকৰ আধিপত্যৰ দ্বাৰা পৰিচালিত হৈ আছিল। কিন্তু ভাৰতৰ পৰা প্ৰব্ৰজন কৰি যোৱা তামিলসকলৰ লগত তেওলোকৰ শত্ৰুতা আছিল। তামিলসকলে শ্ৰীলংকাৰ উত্তৰ আৰু পূৱৰ অঞ্চলক লৈ এখন নতুন স্বাধীন ৰাষ্ট্ৰ তামিল ইলমৰ সপোন দেখিছিল। আনফালে শ্ৰীলংকাৰ চৰকাৰে ১৯৪৮ চনত চিলন নাগৰিকত্ব ঘোষণা পত্ৰ প্ৰকাশ কৰিছিল যাৰ জৰিয়তে তামিলসকলে জন্মস্বত্ত্ব অধিকাৰ হেৰুৱাইছিল। তেওলোকে নিজৰ অস্তিত্বৰ কথা ভাৱি ১৯৭৬ চনত TULF গঠন কৰিছিল। ১৯৮৩ চনত এই TULF  LTTEৰ নাম লৈ শ্ৰীলংকাৰ সেনাবাহিনীৰ সৈতে যুদ্ধত অৱতীৰ্ণ হয় আৰু শ্ৰীলংকাৰ তামিলসকলৰ বাবে এখন সুকীয়া গৃহভূমি দাবী কৰে। শ্ৰীলংকাৰ উত্তৰ-পূৱৰ জাপনা অঞ্চল LTTEৰ নিয়ন্ত্ৰণাধীনত থাকে। শ্ৰীলংকাৰ এই সমস্যাত ভাৰতীয় বংশোদ্ভৰ লোকসকল জড়িত হৈ পৰে। ভাৰতীয় তামিলসকলে ভাৰত চৰকাৰক শ্ৰীলংকাৰ তামিলসকলৰ স্বাৰ্থ ৰক্ষা কৰাৰ বাবে হেচা প্ৰয়োগ কৰে। ভাৰত চৰকাৰে তামিল সমস্যটো সমাধান কৰাৰ বাবে শ্ৰীলংকাৰ চৰকাৰৰ সৈতে যোগাযোগ কৰে আৰু ১৯৮৭ চনত ভাৰত চৰকাৰে শ্ৰীলংকাৰ সমস্যাৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰে। ভাৰতে শ্ৰীলংকাৰ লগত এটা চুক্তি স্বাক্ষৰ কৰে আৰু শ্ৰীলংকাৰ চৰকাৰৰ লগত তামিলসকলৰ সম্পৰ্ক সুস্থিৰ কৰাৰ অৰ্থে শ্ৰীলংকালৈ ভাৰতীয় সেনা পঠিয়ায়। ঘটনাক্ৰমত ভাৰতীয় সেনাই LTTEৰ লগত এখন যুদ্ধত লিপ্ত হবলগীয়া হয়। ভাৰতীয় সেনাৰ উপস্থিতি শ্ৰীলংকাবাসীয়ে সহজবাৱে ল পৰা নাছিল। সেয়ে ১৯৮৯ চনত ভাৰতে উদ্দেশ্য সফল নোহোৱাকৈয়ে শ্ৰীলংকাৰ পৰা ভাৰতীয় সৈন্য প্ৰত্যাহাৰ কৰে।

   শ্ৰীলংকাৰ সংকট ক্ৰমে ভয়াৱহ হবলৈ ধৰিলে। আন্তৰ্জাতিক ৰাষ্ট্ৰ বিশেষকৈ স্কান্ধিনেভিয়া ৰাষ্ট্ৰসমূহ যেনে নৰৱে, আইচলেণ্ডে দুয়ো যুদ্ধমুখী গোটক মিলা-মিচা টেবুললৈ আনিবলৈ যত্ন কৰিছিল। দ্বীপ ৰাষ্ট্ৰখনৰ ভৱিষ্যত এই আলোচনাৰ ওপৰত নিৰ্ভৰশীল আছিল। LTTEৰ নেতা প্ৰভাকৰণক ২০০৮ চনত হত্যা কৰাৰ পিছত এই নৃগোষ্ঠীয় সমস্যাটো লাহে-লাহে অন্ত পৰিবলৈ ধৰিছে।

🌟🌟🌟🌟🌟

1 Comments

  1. Thank you sir..... this question- ans very helpful for us

    ReplyDelete

Post a Comment

Post a Comment

Previous Post Next Post