মিলন(Milan) দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।। সাহিত্য সৌৰভ

মিলন

নলিনীবালা দেৱী            

   

মিলন(Milan) দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।। সাহিত্য সৌৰভ

   

আৰ্হি প্ৰশ্নঃঃ

(ক) অতি চমু প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ১)

১। নলিনীবালা দেৱীক কি কবিৰূপে জনা যায়?

উত্তৰঃ নলিনীবালা দেৱীক অতিন্দ্রীয়বাদী কবিৰূপে জনা যায়।

 

২। নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ নাম কি?

উত্তৰঃ নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ নাম হ''এৰি অহা দিনবোৰ'

 

৩। 'জাগৃতি’ কাব্য গ্রন্থখনৰ মাজেৰে কবিৰ কি মনোভাব প্রকাশ পাইছে?

উত্তৰঃ 'জাগৃতি’ কাব্য গ্রন্থখনৰ মাজেৰে কবিৰ স্বদেশপ্রেমৰ মনোভাব প্রকাশ পাইছে।

 

৪। 'মিলন’ কবিতাটিত কবিয়ে ‘তোমাৰ' বুলি কাক বুজাইছে?

উত্তৰঃ 'মিলন’ কবিতাটিত কবিয়ে ‘তোমাৰ' বুলি ভগৱানক বুজাইছে।

 

৫। নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ নলিনীবালা দেৱীয়ে 'অলকানন্দা' কাব্যগ্রন্থৰ বাবে ১৯৬৮ চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।

 

(খ) চমু প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -২ অথবা ৩)

১। নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম লিখা।

উত্তৰঃ নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম হ''স্মৃতিতীর্থ’ আৰু ‘বিশ্বদীপা’।

 

২। কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দর্শন দিয়ে?

উত্তৰঃ কবিৰ পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলব্ধি কৰে। তেওঁৰ পৰম আৰাধ্যজনে সপোনে-দিঠকে, মানসৰ তীৰে-তীৰে আহি নিতে তেওঁক দর্শন দিয়ে।

 

৩। কবিয়ে ‘আছা মোৰ নিজান কোণত’ বুলি কাৰ কথা বুজাইছে?

উত্তৰঃ কবিয়ে ‘আছা মোৰ নিজান কোণত’ বুলি পৰম আৰাধ্য ভগৱানৰ কথা বুজাইছে ।তেওঁক চকুৰে দেখা নাপালেও মনৰ দৃষ্টিৰে তেওঁ হৃদয়ৰ গভীৰ কোণত নিতৌ ভগৱানৰ সান্নিধ্য উপলব্ধি কৰে। 

 

৪। কোনে নিয়ৰৰ মালা গাঁথি ৰাতিপুৱা কবিক দেখা দিয়েহি ?

উত্তৰঃ পৰম আৰাধ্য ভগৱানে  নিয়ৰৰ মালা গাঁথি ৰাতিপুৱা কবিক দেখা দিয়েহি।

 

৫। ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়?

উত্তৰঃ ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে পৰম আৰাধ্য ভগৱানক দেখা পায়।

 

(গ) দীঘল প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -৪ অথবা ৫)

১। নলিনীবালা দেৱীৰ কবিতাসমুহৰ মাজেৰে মূলতঃ কি ভাবধাৰা প্রকাশ পাইছে, তোমাৰ পাঠতিৰ আধাৰত আলোচনা কৰা।

উত্তৰঃ অসমীয়া ৰহস্যবাদী কাব্যক্ষেত্রখনৰ এটি উল্লেখযোগ্য নাম হৈছে নলিনীবালা দেৱী। শান্ত-সমাহিত আৰু কৰুণ আকৃতিৰে ভৰা তেওঁৰ কবিতাবোৰত আকুল হৃদয়ৰ বিননি ধ্বনিত হৈছে।অতিন্দ্ৰীয়বাদী কবিতাবোৰৰ মাজত নলিনীবালা দেৱীৰ হৃদয়ৰ আকুলতাৰ লগতে গভীৰ চিন্তাৰো সমাৱেশ ঘটিছে।

     'মিলন' কবিতাটিও এইধৰণৰ কবিতা। কবিতাটিত কবিৰ আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি অনুভূত হৈছে। সপোনে-দিঠকে পৰম আৰাধ্যজনৰ অস্তিত্বক নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ, তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য-সুষমাই কবিৰ ভগৱৎ প্রীতিৰ ধাৰণাক গভীৰ কৰি তোলে। আকৌ ৰাতিপুৱা সূর্য উদয় হোৱাৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো  ক্ষণতে পৰমজনৰ অস্তিত্ব ভিন্ন ভিন্ন ধৰণেৰে অনুভৱ কৰে। কবিৰ মতে পৰমজনৰ সান্নিধ্য অনুভৱৰ প্রতিটো মুহূর্ত তেওঁৰ ভগৱানৰ সৈতে হোৱা অন্তহীন মিলন।

 

২। 'মিলন’ কবিতাটিত কবিয়ে কাৰ লগত কাৰ মিলন হোৱাৰ কথা বুজাইছে আলোচনা কৰা।

উত্তৰঃ অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱীৰ 'মিলন' কবিতাটিত আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি অনূভূত হৈছে।কবিতাটিত কবিয়ে পৰম আৰাধ্য ভগৱানৰ লগত কবিৰ মিলন হোৱাৰ কথা বুজাইছে।কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলব্ধি কৰে। সপোনে-দিঠকে, জোনাকীৰ পোহৰ, গধূলিৰ তৰা ভৰা আকাশৰ পোহৰত, হৃদয়ৰ গভীৰ  কোণত, ৰাতিপুৱাৰ পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে সকলোতে কবিয়ে পৰমজনাৰ অস্তিত্ব অনুভৱ কৰে। পৰম আৰাধ্য জনৰ লগত কবিৰ অন্তৰত জাগি উঠা এই  অনুভৱক কবিয়ে মিলন বুলি অভিহিত কৰিছে ।

 

৩। কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক ক’ত কেনেকৈ নিতে দেখা পায় বুলি কৈছে, চমুকৈ লিখা ।

উত্তৰঃ কবি নলিনীবালা দেৱীয়ে ‘মিলন’ কবিতাটিত  তেওঁৰ পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলদ্ধি কৰে।সপোনে-দিঠকে তেওঁ পৰমজনৰ অস্তিত্বক হৃদয়ৰ নিজান কোণত অনুভৱ কৰে।নিশাৰ জোনাকী পোহৰত, সন্দিয়াৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য-সুষমাৰ মাজত, গধূলিৰ  আকাশত, ধ্যানৰ মুহুর্তত, সূর্য উদয় হোৱা সময়ৰ পৰা নিশা গভীৰ নিদ্রাত পৰাৰ সময়লৈকে প্রতিটো ক্ষণতে কবিয়ে ভিন ভিন ৰূপত পৰমজনাক দেখিবলৈ পায় ।

 

৪। কবিয়ে ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি কি বুজাইছে ব্যাখ্যা কৰা ।

উত্তৰঃ নলিনীবালা দেৱীৰ অতিন্দ্ৰীয়বাদী কবিতাবোৰৰ মাজত হৃদয়ৰ আকুলতাৰ লগতে গভীৰ চিন্তাৰ সমাৱেশ ঘটে। 'মিলন’ কবিতাটিত আধ্যাত্মিক চেতনাৰ ধ্বনি শুনিবলৈ পোৱা যায়। কবিৰ ভগৱানৰ প্রতি যি আৰাধনা সেইয়াই কবিক জীয়াই থকাৰ সমল আৰু প্রেৰণা যোগায়।কবিয়ে সেয়ে ‘মিলন’ কবিতাটিত নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰা ভৰা আকাশ, ৰাতিপুৱা সূর্য উদয় হোৱাৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰমজনাৰ অস্তিত্ব ভিন ভিন ধৰণে ভিন ভিন ৰূপত অনুভৱ কৰে। এই ভিন্ন ৰূপৰ অনুভৱকে কবিয়ে পৰমজনৰ প্রতি ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি অভিহিত কৰিছে ।

 

৫। 'মিলন’ কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি কেনেদৰে প্রকাশ পাইছে, চমুকৈ  আলোচনা কৰা।

উত্তৰঃ অসমীয়া ৰহস্যবাদী কাব্যক্ষেত্ৰ খনৰ কবি নলিনীবালা দেৱীৰ কবিতাৰ মাজত ঘাইকৈ আধ্যাত্মিকতাৰ সুৰ শুনিবলৈ পোৱা যায়।শান্ত-সমাহিত আৰু কৰুণ আকূতিৰে ভৰা কবিতাবোৰত কবিৰ আকুল হৃদয়ৰ বিননি ধ্বনিত হৈছে। কবিয়ে তেওঁৰ ব্যক্তিগত জীৱনৰ দুখ আৰু বেদনাক ভাৰতীয় ধর্ম আৰু দাৰ্শনিক চিন্তাৰ মাজেদি বিচাৰ কৰি তেখেতৰ মূল্যবান কবিতাসমুহৰ জৰিয়তে ব্যক্ত কৰিছে। সেয়েহে ‘মিলন’ কবিতাটিত আধ্যাত্মিক চেতনাৰ পৰিস্ফুৰণ দেখিবলৈ পোৱা যায়।

        কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলদ্ধি কৰে। সপোনে-দিঠকে, নিজৰ হৃদয়ৰ নিজান কোণত,নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰা ভৰা আকাশৰ মোহনীয় সৌন্দৰ্য,ৰাতিপুৱা সূর্য উদয় হোৱাৰ পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব ভিন্ন ধৰণে অনুভৱ কৰে। কবিৰ মতে এয়াই তেওঁৰ পৰম জনাৰ সৈতে হোৱা অনন্ত মিলন। এইদৰেই কবিৰ আধ্যাত্মিক অনুভূতি ‘মিলন’ কবিতাটোত প্রকাশিত হৈছে।

অতিৰিক্ত প্ৰশ্নোত্তৰঃঃ

 

১। নলিনীবালা দেৱীৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ নলিনীবালা দেৱীৰ জন্ম হৈছিল ১৮৯৮ চনৰ ২৩  মাৰ্চত গুৱাহাটীত।

 

২। নলিনীবালা দেৱীৰ পিতৃৰ নাম কি আছিল? 

উত্তৰঃ নলিনীবালা দেৱীৰ পিতৃৰ নাম আছিল কর্মবীৰ নবীনচন্দ্ৰ বৰদলৈ।

 

৩। তেখেতৰ কেইখনমান কাব্যগ্ৰন্থৰ নাম লিখা।

উত্তৰঃ 'সন্ধিয়াৰ সুৰ', 'সপোনৰ সুৰ', 'পৰশমণি', 'জাগৃতি', 'অলকানন্দা' ইত্যাদি।

 

৪। অসম সাহিত্য সভাৰ কোনখন অধিবেশনত নলিনীবালা দেৱীয়ে সভাপতিত্ব কৰিছিল?

উত্তৰঃ ১৯৫৪ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ যোৰহাট অধিবেশনত নলিনীবালা দেৱীয়ে সভাপতিত্ব কৰিছিল।

 

৫। তেওঁ কেতিয়া পদ্মশ্ৰী সন্মান লাভ কৰিছিল? 

উত্তৰঃ তেওঁ ১৯৫৮  চনত ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান লাভ কৰিছিল।

 

৬। নলিনীবালা দেৱীয়ে কেতিয়া ইহলীলা সম্বৰণ কৰে?

উত্তৰঃ নলিনীবালা দেৱীয়ে ১৯৭৭ চনৰ ২৪ ডিচেম্বৰ তাৰিখে ইহলীলা সম্বৰণ কৰে।

 

৭। 'মিলন' কবিতাটি কবিৰ কোনখন কাব্যগ্ৰন্থৰ পৰা তুলি অনা হৈছে?

উত্তৰঃ মিলন' কবিতাটি কবিৰ 'সন্ধিয়াৰ সুৰ' কাব্যগ্ৰন্থৰ পৰা তুলি অনা হৈছে।

 


Post a Comment

Post a Comment (0)

Previous Post Next Post