বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ(Boigyanic Manoshikota kidore Gohribo Paaru)।। দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।। সাহিত্য সৌৰভ

 

বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ

ড. দীনেশ চন্দ্ৰ গোস্বামী

 


আৰ্হি প্ৰশ্নঃ

 (ক) অতি চমু প্ৰশ্নঃ(প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -১)

১। ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ প্ৰৱন্ধটো লেখকৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে ?

উত্তৰঃ বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ প্রৱন্ধটো লেখক  দীনেশ চন্দ্র গোস্বামীৰ 'বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’ নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে।

 

২। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি?

উত্তৰঃ বসন্ত ৰোগৰ বিজ্ঞানসম্মত কাৰণ আধুনিক চিকিৎসা বিজ্ঞানী সকলে প্ৰমাণ কৰি উলিয়াই যে ই অতি ক্ষুদ্ৰ ভাইৰাছ বা বিজাণুৰ দ্বাৰা সৃষ্টি হোৱা ৰোগ। এনে ভাইৰাছৰ পৰা শৰীৰটোক ৰক্ষা কৰিবৰ বাবে বিজ্ঞানে ছিটা আৱিষ্কাৰ কৰি উলিয়াইছে।

 

৩। আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ ব্যবস্থাটোক কি বুলি কোৱা হয় ?

উত্তৰঃ আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ ব্যবস্থাটোক 'বিজ্ঞান' বুলি কোৱা হয়।

 

৪। যাদু-মন্ত্র বা তাবিজ-বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে?

উত্তৰঃ যাদু-মন্ত্র বা তাবিজ-বিভূতিৰে ৰোগ নিৰাময় কৰিব নোৱাৰি।

 

৫। ড দীনেশ চন্দ্র গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা।

উত্তৰঃ  দীনেশ চন্দ্র গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম হ''দৃষ্টি'

 

(খ) চমু প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -২ অথবা ৩)

১। 'সপোনত পোৱা ঔষধ' ৰোগীয়ে কিয় ব্যবহাৰ কৰা অনুচিত?

উত্তৰঃ সপোনে হৈছে অচেতন মনৰ বাৰ্তা বাহক। প্ৰাচীন কালত সপোনক কিছুমান ঐশ্বৰিক বাৰ্তাৰ সাংকেতিক প্ৰকাশ বুলি কোৱা হৈছিল। কাৰণ কিছুমান মানুহে হঠাতে ৰাতি সপোনত কোনো শক্তিৰ পৰা মানুহৰ ৰোগৰ ঔষধ পোৱা বুলি দাবী কৰে ।আন দুই এজন মানুহে ভূত ভৱিষ্যতৰ কথা ক'ব পৰা,প্ৰায় সকলো ৰোগ নিৰাময় কৰিব পৰা হোৱা বুলি দাবী কৰে। কিন্তু এই দাবীৰ কোনো ভিত্তি নাই আৰু সময়ত এইবোৰ মিছা বুলিও প্ৰমাণিত হৈছে। সেয়ে সপোনত পোৱা ঔষধ গ্রহণ কৰি নিজৰ লগতে আনৰ অপকাৰ কৰাতকৈ সেই ঔষধ গ্ৰহণ নকৰাটোৱেই উচিত।

 

২। বাহ্যিক জীৱনৰ বাবে প্রয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি?

উত্তৰঃ বাহ্যিক জীৱনৰ বাবে প্রয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানী সকলে কোন বস্তু বা ঘটনা লক্ষ্য বা পর্যবেক্ষণ কৰে, তাৰ পিছত তথ্যবোৰ সুন্দৰকৈ সজাই লৈ এইটো এনে এটা বস্তু বা এইটো এনে পৰিঘটনা হ'ব লাগে বুলি এটা উপকল্প, এটা ধাৰণা কৰি লয়। তাৰ পাছত নতুন তথ্য আৰু নতুন পর্যবেক্ষণেৰে তেওঁলোকে আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা সেয়া প্রমাণ কৰিহে গ্ৰহণ কৰে।

 

৩। মুকলি মন মানে কি?

উত্তৰঃ আঁকোৰ-গোজ হৈ পুৰণা কথা বা ধাৰণাবোৰত লাগি নাথাকি নতুন কথা,নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজক উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়। এইয়াই হৈছে মুকলি মনৰ কথা অর্থাৎ এইয়াই হৈছে মুকলি মন।

 

৪। ভূত-প্রেত, দেৱতা-অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছেনে ?

উত্তৰঃ ভূত-প্রেত, দেৱতা-অপদেৱতা আদিৰ কোনো বাস্তৱ ভিত্তি নাই। এইবোৰ একো একোটা অন্ধবিশ্বাসহে।

 

৫। আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল ?

উত্তৰঃ আদিম মানুহ এজনে এনেয়ে শিলত শিল দলিয়াই থাকোঁতে শিলে শিলে ঘর্ষণ হৈ জুই উঠিল। সেই পর্যবেক্ষণৰ পিছত তেওঁ জুই তোলা প্রক্রিয়াটো বাৰে বাৰে কৰি চালে। তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে,জুইৰ নানা ব্যৱহাৰ আয়ত্ত কৰিলে। এনেদৰেই জুইৰ আৱিষ্কাৰ কৰিছিল।

 

(গ) দীঘল প্ৰশ্নঃ(প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -৪ অথবা ৫)

১। ‘আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান’ – কথাষাৰ বুজাই লিখা।

উত্তৰঃ আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান। বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবোৰৰ একোটা সুসংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়। কিন্তু এই ব্যাখ্যাবোৰ পৰীক্ষা কৰি চাব পৰা বিধৰ হ'ব লাগিব। পর্যবেক্ষণ কৰা,জোখ-মাপ লোৱা , সত্যৰ অনুসন্ধান কৰা,বস্তু বা ঘটনাৰ ধর্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা ,এইবোৰ হ'ল বিজ্ঞানীৰ কাম।

       বিজ্ঞানৰ আৱিষ্কাৰৰ দিশলৈ চাব গ'লে দেখা যায় যে -আদিম মানুহ এজনে শিলত শিল দলিয়াই থাকোতে শিলে শিলে ঘর্ষণ হৈ জুই উঠিল। সেই পর্যবেক্ষণৰ পিছত তেওঁ জুই জ্বলি উঠা প্রক্রিয়াটো বাৰে বাৰে কৰি থাকিল আৰু সিদ্ধান্তলৈ আহিল যে শিলে শিলে ঘর্ষণ খালে জুই উঠে। তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে। এনেদৰে আদিম মানুহে জুইৰ ব্যৱহাৰ শিকিলে। তাৰ পিছত প্রথম বিজ্ঞানীজনে নিজকে সুধিলে – জুই কেনেকৈ জ্বলে,কেনেকৈ এই জুই অন্য  ঠাইলৈ নিব পাৰি। তাৰ উত্তৰ বিচাৰি তেওঁ বিভিন্ন বস্তু ঘঁহি চাইছিল। বিভিন্ন বস্তুৰে জুই ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। এয়াই আছিল প্রথম বিজ্ঞানীজনৰ পদ্ধতি।

         প্রথম বিজ্ঞানীজনৰ পদ্ধতি আজিৰ যুগতো একেবাৰে সলনি হোৱা নাই। মাত্র সি  বেছি সুক্ষ্ম, বেছি নিখুঁত হৈছে। আজিৰ সমাজৰ বিজ্ঞানীজনে খালী চকু, খালী হাতেৰে পর্যবেক্ষণ তথা পৰীক্ষা কৰাৰ সলনি উন্নত যন্ত্রপাতি, উন্নত কৌশল ব্যৱহাৰ কৰিছে। পর্যবেক্ষণৰ বাবে তেওঁৰ হাতত  এক্স-ৰশ্মিৰ দূৰবীণ, আলোকীয় বা ৰেডিঅ'  দূৰবীণ, অণুবীক্ষণ যন্ত্র, লেজাৰ ৰশ্মি, অপটিকেল ফাইবাৰ আদি আছে। পৰীক্ষাৰ বাবে তেওঁৰ হাতত উন্নত তর্জুৰ পৰা  আৰম্ভ কৰি পদার্থ-কণা-ত্বৰকৰ দৰে হেজাৰ হেজাৰ বস্তু আছে।মুঠতে ক'ব পাৰি যে বিজ্ঞানী সকলে  আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ বাবে প্ৰত্যেক সময়তে চেষ্টা চলাই আহিছে।

 

২। বৈজ্ঞানিক মানসিকতা মানে কি ? বুজাই লিখা।

উত্তৰঃ সাধাৰণতে বৈজ্ঞানিক মানসিকতা মানে বিজ্ঞানসন্মত ভাৱে কোনো বস্তু বা ঘটনা চালি-জাৰি চোৱা মানসিক শক্তিকেই বুজা যায়। বৰ্তমান যুগটো বিজ্ঞানৰ যুগ বুলি কোৱা হয়। বিজ্ঞানৰ আৱিষ্কাৰবোৰৰ কাৰণে মানুহৰ জীৱন ধাৰণৰ মান সম্প্ৰতি যথেষ্ট উন্নতি হৈছে। বৈজ্ঞানিক মানসিকতা গঢ় ল'বৰ বাবে মানুহজন কোনো বিশেষ ডিগ্ৰীধাৰী হোৱাৰ প্ৰয়োজন নাই। এজন নিৰক্ষৰ মানুহৰো বৈজ্ঞানিক দৃষ্টিভঙ্গী থাকিব পাৰে। আনহাতে শিক্ষিত লোক এজনো পৰম্পৰাবাদী আৰু অন্ধবিশ্বাসী হ’ব পাৰে। সমাজৰ পৰা কুসংস্কাৰ আৰু অন্ধবিশ্বাস আঁতৰাই বৈজ্ঞানিক যুক্তি বা চিন্তাৰ বীজ ৰোপণ কৰাটো অতি প্ৰয়োজন।

 

৩। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায়?

উত্তৰঃ বৰ্তমানৰ যুগ হৈছে বিজ্ঞানৰ যুগ। বিজ্ঞানৰ মানৱ জাতিলৈ মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানী সকলে কোন বস্তু বা ঘটনা লক্ষ্য বা পর্যবেক্ষণ কৰে,তাৰ নতুন তথ্য আৰু নতুন পর্যবেক্ষণেৰে তেওঁলোকে আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা সেয়া প্রমাণ কৰিহে গ্ৰহণ কৰে।

       বৈজ্ঞানিক মানসিকতাই সমাজৰ প্রগতিত অৰিহণা যোগায়।বৈজ্ঞানিক মানসিকতা থকা ব্যক্তিয়ে কেতিয়াওঁ ভুত-প্ৰেত ,দেৱ-দেৱতা  আদি বিশ্বাস নকৰে যদিহে এইবোৰৰ কোনো প্রমাণ নাথাকে। তেনেদৰে  বৈজ্ঞানিক মানসিকতা থকা ব্যক্তিয়ে সপোনত পোৱা ঔষধৰ ওপৰতো বিশ্বাস নকৰে। কাৰণ এইবোৰে ব্যক্তি আৰু সমাজৰ অনিষ্ট সাধন কৰে। ঠিক সেইদৰে  বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসম্মত কাৰণ,দাঁতৰ পোক ধৰাৰ কাৰণ,ডাইনী হত্যা আদি অন্ধবিশ্বাসৰ বিষয়ে জনাত আমাক বৈজ্ঞানিক মানসিকতাৰ প্ৰয়োজন।

 

৪। প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা – ‘বিজ্ঞানৰ গোটই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি’।

উত্তৰঃ উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তর্গত ড দীনেশ চন্দ্র গোস্বামীৰ দ্বাৰা ৰচিত বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁশীর্ষক প্রৱন্ধটোৰ পৰা লোৱা হৈছে।

       কথাফাকিৰ জৰিয়তে বিজ্ঞানৰ সকলো ক্ষেত্ৰতে মুকলি মনটোৰ কিমান গুৰুত্ব আছে,সেই বিষয়ে প্ৰকাশ কৰিছে।

       আঁকোৰগোজ হৈ অযুক্তিকৰ পুৰণি কথা বা ধাৰণাবোৰত লাগি নাথাকি নতুন কথা বা নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰা মানসিকতাই হ’ল মুকলি মন ।এনে মনে ব্যক্তি আৰু সমাজক উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়।এইয়াই হৈছে মুকলি মন।বিজ্ঞানীসকল এনে মুক্ত মনৰ অধিকাৰী। তেওঁলোকে সকলো পুর্ব বিশ্বাসৰ পৰা মুক্ত মনলৈ কোনো ঘটনা পর্যবেক্ষণ কৰি তথ্যবোৰ সুন্দৰকৈ সজাই ঘটনাটোৰ এক উপকল্প তৈয়াৰ কৰি লয়। পিছত তেনে ঘটনা বা বিষয়ৰ ওপৰত নতুন নতুন তথ্য সংগ্রহ কৰি ধাৰণাটোৰ সঁচা-মিছা নির্ণয় কৰি এক সুস্থিৰ সিদ্ধান্তত উপনীত হয়। মুকলি মনৰ অধিকাৰী হোৱাৰ বাবেই সমাজৰ বহুতো লোক  অন্ধবিশ্বাস,পৰম্পৰাবাদী ঠেক গণ্ডীৰ পৰা বাহিৰলৈ ওলাই আহিব পাৰিছে। সেইবাবে বিজ্ঞানৰ গোটেই পদ্ধতিটোতে মুকলি মনৰ গুৰুত্ব বৰ বেছি।

 

৫। বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বৰ্তি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ বৈজ্ঞানিক মানসিকতাৰ অভাৱত এতিয়াও আমাৰ সমাজত বহুতো অন্ধবিশ্বাস বৰ্তি আছে। তাৰে তিনিটা হৈছে-

 

() বৰ আই,সৰু আই আদি আই বা বসন্ত ৰোগ আদি শীতলা দেৱী বা অন্য কোনো দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰে। তেনে দেৱ দেৱী, ভূত-প্ৰেতক সন্তুষ্ট কৰিবলৈ তেওঁলোকে নানা পূজা,নাম-সবাহ আদি কৰে। কিন্তু ইয়াৰ প্ৰকৃত কাৰণ বেলেগ।

 

() কিছুমান মানুহে হঠাতে ৰাতি সপোনত কোনো শক্তিৰ পৰা মানুহৰ ৰোগৰ ঔষধ পোৱা বুলি দাবী কৰে ।আন দুই এজন মানুহে ভূত ভৱিষ্যতৰ কথা ক'ব পৰা প্ৰায় সকলো ৰোগ নিৰাময় কৰিব পৰা হোৱা বুলি দাবী কৰে। কিন্তু এই দাবীৰ কোনো ভিত্তি নাই আৰু সময়ত এইবোৰ মিছা বুলিও প্ৰমাণিত হৈছে।

 

() বৈজ্ঞানিক মানসিকতাৰ অভাৱত দূষিত খোৱাপানীৰ গ্ৰহণ কৰাৰ বাবে ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আদি নানাবিধ ৰোগ হ’ব পাৰে। এইবোৰ ৰোগৰ নির্দিষ্ট কাৰণ আছে আৰু ইয়াৰ প্রতিষেধক, চিকিৎসাৰো বৈজ্ঞানিক উপায় আছে।

 

অতিৰিক্ত প্ৰশ্নোত্তৰঃঃ

১। ড দীনেশ চন্দ্র গোস্বামীয়ে কি কি বিষয়ক গ্ৰন্থ ৰচনা কৰে? 

উত্তৰঃ  দীনেশ চন্দ্র গোস্বামীয়ে জনপ্ৰিয় বিজ্ঞান (Popular Science) আৰু কল্প বিজ্ঞান (Science Fiction) বিষয়ক প্ৰায় আঢ়ৈ কুৰিখন গ্ৰন্থ ৰচনা কৰে।

 

২। আজিৰ বিজ্ঞানীয়ে খালী চকু,খালী হাতেৰে পৰীক্ষা কৰাৰ সলনি  কি উন্নত কৌশল ব্যৱহাৰ কৰে?

উত্তৰঃ আজিৰ বিজ্ঞানীয়ে খালী চকু,খালী হাতেৰে পৰীক্ষা কৰাৰ সলনি এক্স-ৰশ্মিৰ দূৰবীণ, আলোকীয় বা ৰেডিঅ' দূৰবীণ, অনুবীক্ষণ যন্ত্ৰ,লেজাৰ ৰশ্মি,অপটিকেল ফাইবাৰ আদি ব্যৱহাৰ কৰে।

 

৩। আই ওলালে গোসানীৰ নাম ধৰা বা গোপিনী সবাহ পতাতে লিখকৰ মতে কোন ধৰণৰ অনুষ্ঠান?

উত্তৰঃ আই ওলালে গোসানীৰ নাম ধৰা বা গোপিনী সবাহ পতাটো লিখকৰ মতে ধর্মীয় অনুষ্ঠান।

 

৪। দাঁতৰ পোকবোৰ প্ৰকৃততে কি হয়?

উত্তৰঃ দাঁতৰ পোকবোৰ প্ৰকৃততে এক প্রকাৰ অণুজীৱ হয়।

 

৫। বিশুদ্ধ খোৱাপানীৰ অভাৱত মূলতঃ কেনে ধৰণৰ ৰোগ হ’ব পাৰে ?

উত্তৰঃ বিশুদ্ধ খোৱাপানীৰ অভাৱৰ বাবে ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আদি নানা ধৰণৰ ৰোগ হ’ব পাৰে।

 

৬। বিজ্ঞান বুলিলে কি বুজা ?

উত্তৰঃ আমাৰ বিশ্বব্রহ্মগুৰ ৰহস্য উদ্‌ঘাটনৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান।

 

৭। বসন্ত ৰোগ কিহৰ পৰা সৃষ্টি হয়?

উত্তৰঃ বসন্ত ৰোগ একোবিধ অতি ক্ষুদ্র ‘ভাইৰাছ' বা বীজাণুৰ পৰা সৃষ্টি হয়।

Post a Comment

Post a Comment (0)

Previous Post Next Post