বিশ্ব খনিকৰ(Bishwa Khonikor ) দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।। সাহিত্য সৌৰভ

 

বিশ্ব খনিকৰ

মফিজুদ্দিন আহমদ হাজৰিকাৰ

 

বিশ্ব খনিকৰ

বিশ্ব খনিকৰ


কবি পৰিচিতিঃমফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় ১৯৭০ চনত ডিব্ৰুগড়ত। ১৮৯৬ চনত তেওঁৰ প্ৰথম কবিতাপুথি জ্ঞানমালিনী প্ৰকাশিত হয় আৰু প্ৰকাশৰ লগে-লগেই কবিতাসমূহে সাহিত্যিকসকলৰ মাজত আলোড়নৰ সৃষ্টি কৰিছিল। জ্ঞানমালিনী পুথিখনৰ বাবেই তেওঁক অসমীয়া সাহিত্য জগতত জ্ঞানমালিনীৰ কবি বুলি জনা যায়। তেওঁৰ মৃত্যুৰ পিছত অপ্ৰকাশিত কবিতাসমূহ একেলগ কৰি তত্ত্ব-পাৰিজাত নাম দি কাব্যপুথি এখন প্ৰকাশ কৰা হয়।

      ১৯৩০ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ গোলাঘাট অধিৱেশনত তেওঁ সভাপতিৰ পদ অলংকৃত কৰিছিল। অসমীয়া ভাষাত ছুফী সাধকসকলৰ ভাৱধাৰা প্ৰথম তেওঁৰ কবিতাতে প্ৰকাশ পায়। ১৯৫৮ চনত তেওঁৰ মৃত্যু হয়। 


আৰ্হি প্ৰশ্নঃ

(ক) অতি চমু প্ৰশ্নঃ(প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -১)

১। অসমীয়া সাহিত্য জগতত জ্ঞানমালিনীৰ কবি হিচাপে কোনগৰাকী  কবি জনাজাত?

উত্তৰঃ অসমীয়া সাহিত্য জগতত জ্ঞানমালিনীৰ কবি বুলি মফিজুদ্দিন আহমদ হাজৰিকাক জনা যায়।

২। মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম হতত্ত্ব-পাৰিজাত

৩। বিশ্বখনিকৰ বুলি লখকে কাৰ কথা কৈছে?

উত্তৰঃ পৰমেশ্বৰ ঈশ্বৰক বিশ্বখনিকৰ বুলি কবিয়ে অভিহিত কৰিছে।

৪।  বিশ্বখনিকৰ কোন শ্ৰেণীৰ কবিতা?

উত্তৰঃ বিশ্বখনিকৰ আধ্যাত্মিক তত্ত্বসন্মিলিত দাৰ্শনিক শ্ৰেণীৰ কবিতা।

৫। মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা জোনাকী যুগৰ কবি।

(খ) চমু প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -২ অথবা ৩)

১। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য হল-

      ক) সহজ-সৰল ঘৰুৱা ভাষাৰ ব্যৱহাৰ সৰহ।

      খ) সহজবোধ্য ৰূপকৰ প্ৰয়োগ।

      গ) আধ্যাত্মিকতা।

২। কবিয়ে ঈশ্বৰক কিয় বিশ্বখনিকৰ বুলি কৈছে?

উত্তৰঃ অনন্ত বিশ্বৰ সৃষ্টিকৰ্তা ত্ৰিলোক অধিপতি ঈশ্বৰক যদিও চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই তথাপি বিশ্বৰ প্ৰতিটো সৃষ্টিৰ অন্তৰালত এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি। সেই পৰম সত্তাইহে সকলোকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে। গছৰ প্ৰতিটো পাতেও যেন তেওঁৰ মহিমাৰ কথাকে বখানে। সকলোতে সেই পৰম সত্তা বিৰাজমান। প্ৰতিটো সৃষ্টিৰ অভ্যন্তৰত তেওঁৰ অৱস্থিতিৰ উমান অনুভৱ কৰিব পাৰি। জীৱ-জড় সকলোতে যেন তেওঁৰ যাদুকৰী হাতৰ পৰশ বিৰাজমান। যেন পৰম-পুৰুষ ঈশ্বৰৰ নিৰ্দেশতে বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি হৈছে। সেয়েহে কবিয়ে ঈশ্বৰত বিশ্ব খনিকৰ বুলি অভিহিত কৰিছে।

৩। সত্ত্বঃ ৰজঃ তমো গুণ কি বুজাই লিখা।

উত্তৰঃ জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱে বিশ্ব খনিকৰশীৰ্ষক কবিতাটিৰ জৰিয়তে মানৱ প্ৰকৃতিত থকা তিনিটা বিশেষ গুণৰ কথা প্ৰাসংগিক ভাৱে উল্লেখ কৰিছে। এই গুণ তিনিটা হৈছে- সত্ত্বঃ ৰজঃ তমো।

       সত্ত্বঃ ৰজঃ তমো -এই তিনিটা গুণতেই জগতৰ স্থিতি আৰু লয় বিৰাজমান। সত্ত্বঃ গুণ সুখদায়ক আৰু জ্ঞানাত্মক। ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰে।

       ৰজঃ গুণ ৰাজসিক বা ৰাগাত্মক। ই মানুহক বিষয় বাসনাত আসক্ত কৰি কৰায়।

      তমো গুণ অজ্ঞানৰ পৰা সৃষ্টি হয়। ই জীৱৰ মোহ উৎপাদন কৰে আৰু আলস্য-নিদ্ৰাৰ দ্বাৰা সকলো ঢাকি ৰাখি জীৱক মোহপাশত বন্দী কৰে।

      সত্ত্বঃ গুণৰ অধিকাৰী হলে জ্ঞান আৰু সুখ পোৱা যায়;  ৰজঃ গুণে দুখ নমাই আনে; আৰু তমো গুণে জীৱনলৈ অজ্ঞানতা নমাই আনে।

৪। মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা।

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম হল—জ্ঞানমালিনী আৰু তত্ত্ব-পাৰিজাত

৫। কবিয়ে কিয় বিশ্বখনিকৰক কিয় সৰ্ব-ব্যাপী সৰ্ব শক্তিমান বুলি কৈছে?

উত্তৰঃ কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱে বিশ্ব খনিকৰশীৰ্ষক কবিতাটিৰ জৰিয়তে পৰম ব্ৰহ্ম ঈশ্বৰক সৰ্ব-ব্যাপী সৰ্ব শক্তিমান বুলি কোৱাৰ কাৰণ আছে। কবিৰ মতে অনন্ত বিশ্বৰ সৃষ্টিকৰ্তা ত্ৰিলোক অধিপতি ঈশ্বৰক যদিও চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই তথাপি বিশ্বৰ প্ৰতিটো সৃষ্টিৰ অন্তৰালত এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি। সেই পৰম সত্তাইহে সকলোকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে। গছৰ প্ৰতিটো পাতেও যেন তেওঁৰ মহিমাৰ কথাকে বখানে। সকলোতে সেই পৰম সত্তা বিৰাজমান। প্ৰতিটো সৃষ্টিৰ অভ্যন্তৰত তেওঁৰ অৱস্থিতিৰ উমান অনুভৱ কৰিব পাৰি। অথচ তেওঁক কোনেও বিচাৰি নাপায়। পৰম ব্ৰহ্ম বিশ্বখনিকৰ অন্তৰ্যামী, সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ, সৰ্বত্ৰতে বিৰাজমান এক সৰ্ব শক্তিমান সত্তা।

(গ) দীঘল প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্য়াংক -৪ অথবা ৫)

১। বিশ্বখনিকৰ কবিতাৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱত প্ৰকাশ কৰিব বিচাৰিছে?

উত্তৰঃ জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ বিশ্বখনিকৰ শীৰ্ষক কবিতাটি আধ্যাত্মিক দৃষ্টিভংগীৰ এক উজ্জ্বল নিদৰ্শন। কবিতাটোৰ মূল বক্তব্য হল আমি দেখা চৰাচৰ এই বিশ্বব্ৰহ্মাণ্ডৰ অন্তৰালত এক অদৃশ্য শক্তিয়ে ক্ৰিয়া কৰি আছে। সেই শক্তিক আমি দেখা নাপাওঁ যদিও ইয়াৰ অস্তিত্ব বিৰাজমান। সেয়ে কবিতাটিৰ প্ৰথম স্তৱকতে কবিয়ে কবলৈ প্ৰয়াস কৰিছে—

দেখা নাই যদিস্যাতো আছে ত্ৰিলোকৰ

নিশ্চয় নিশ্চয় এটি বিশ্বখনিকৰ।

গ্ৰহ, তৰা, বেলি, জোন

তেওৰহে কৃপাজৰী টনা-টনি কৰি।

     ভাৰতীয় বেদান্ত মতেও পৰমেশ্বৰৰ ওপৰত একো নাই। মাত্ৰ আমাৰ দেখাৰ ভ্ৰম। সকলোৰে মূল কাৰণ সেই পৰম শক্তি, সেয়ে কবিয়ে কৈছে—

সকলোতে আছে তেওঁ

কিন্তু নেদেখে কেও,

ওৰণিৰে মুখ ঢাকি থাকে ওচৰত

সেয়ে খেপিয়ালে হায়।

পাবলৈকো নাই নাই।

--সেই পৰমজন আমাৰ কাষতে আছে; কিন্তু তেওক বিচাৰি আমি হতাশ হওঁ। তেওঁ ওৰণিৰে মুখ ঢাকি যেনিবা আমাৰ ওচৰতে থাকে।

       সত্ত্বঃ ৰজঃ তমোঃ  -এই তিনিটা গুণতে জগতৰ স্থিতি আৰু লয় বিৰাজমান। এই তিনিটা গুণৰ অধিকাৰী হৈয়ো পৰমেশ্বৰ কোনোটোতে লিপ্ত নহয়। এই গুণৰাশিৰ উৰ্দ্ধত তেওঁৰ স্থান। সত্ত্বঃ অৰ্থাৎ নম্ৰ গুণৰ অধিকাৰী; ৰজঃ অৰ্থাৎ ৰাজসিক গুণযুক্ত; তমঃ অৰ্থাৎ উগ্ৰ খঙৰ অধিকাৰী -এই তিনিওটা গুণৰো ওপৰত পৰমেশ্বৰ বিৰাজমান। এই তাত্ত্বিক কথাখিনি কবিয়ে এনেদৰে প্ৰকাশ কৰিছে—

সত্ত্বঃ ৰজঃ তমো গুণ

সকলোতে নিৰগুণ।

    বিশ্বখনিকৰ অকল গুণৰেই অধিকাৰী নহয়, তেওঁ দয়াশীলওঁ। অদৃশ্য শক্তিৰে তেওঁ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডক পৰিচালনা কৰি আছে। তেওঁ অন্তৰ্যামী আৰু সৰ্বব্যাপী। জগতৰ প্ৰতিটো অনু-পৰমাণুত আমি সেই ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰো। বিশ্বখনিকৰ কবিতাটোৰ জৰিয়তে কবিয়ে এনে বাণীয়েই আমাৰ আগত দাঙি ধৰিছে।

২। সকলোতে আছে তেওঁ

      কিন্তু নেদেখে কেও

       ওৰণীৰে মুখ ঢাকি থাকে ওচৰত। –এই কবিতাফাঁকিৰ মাজেৰে কবিয়ে কি ভাব প্ৰকাশ কৰিব বিচাৰিছে লিখা।

উত্তৰঃ উল্লিখিত কবিতাফাঁকিৰ জৰিয়তে নিৰাকাৰ, নিৰ্গুণ পৰমব্ৰহ্ম সৰ্বত্ৰতে যে বিৰাজমান তাকেই কব বিচাৰিছে। ঈশ্বৰ গুণাতীত, তেৱেই স্বৰূপত পৰমাত্মা। যিহেতু এই বিশাল ব্ৰহ্মাণ্ডত প্ৰতিটো বস্তুৱেই তেওঁৰ দ্বাৰা সৃষ্ট গতিকে তেওঁ সৰ্বত্ৰতে বিৰাজমান। মহান-মহান যোগী সিদ্ধপুৰুষসকলেও কঠোৰ তপস্যাৰ গুণতো ঈশ্বৰৰ সাক্ষাৎ নাপায়। গতিকে সাধাৰণ মানুহৰ কৰ্মচক্ষুৰে নিৰাকাৰ ব্ৰহ্মৰ দৰ্শন অসম্ভৱ। ওৰণিৰে মুখ ঢাকি থকা পৰম ব্ৰহ্মক কেৱল ভক্তিৰ অঞ্জলিৰেহে পাব পাৰি। ভক্তিৰ এই সূক্ষ্ম পথেৰে অগবঢ়াৰ পৰিৱৰ্তে মানুহে তেওঁক ওপৰে-ওপৰে চলাথ কৰে। সেয়ে ওচৰতে থকা ভগৱানকো সাধাৰণ মানুহে নেদেখে। গতিকে দেখা যায় পৰম ব্ৰহ্ম ঈশ্বৰক একান্ত ভক্তি বিনে  অন্য পথ মিছা।

৩। বিশ্বখনিকৰ কবিতাটিৰ মূলভাৱ লিখা।

উত্তৰঃ জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ বিশ্বখনিকৰ শীৰ্ষক কবিতাটি আধ্যাত্মিক দৃষ্টিভংগীৰ এক উজ্জ্বল নিদৰ্শন। কবিৰ মতে, যদিও চাক্ষুস দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই তথাপি ত্ৰিলোকৰ সৃষ্টিৰ মূলতে এক পৰম সত্ত্বাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি। সেই পৰম সত্তাইহে সকলোকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে। তেওঁৰ মহিমাৰ কথা কৈ অন্ত পেলাব নোৱাৰি। গছৰ প্ৰতিটো পাতেও তেওঁৰ মহিমাৰ কথাকে বখানে। সকলোতে সেই পৰম-সত্তা বিৰাজমান, সকলোৱে তেওঁৰ অস্তিত্ব অনুভৱ কৰে। পৰমেশ্বৰে মায়াৰ ওৰণিৰে মুখ ঢাকি থাকে যদিও কোনেও তেওক বিচাৰি নাপায়। সত্ত্বঃ ৰজঃ তমঃ -এই তিনিও গুণৰ অধিকাৰী হৈয়ো তেওঁ নিৰ্গুণ। সেই পৰম সত্তাই সকলোৰে পালন কৰোঁতা, সকলোৰে জন্মদাতা। সমগ্ৰ জড়জগত, জীৱজগতৰ তেৱেই সৃষ্টিকৰ্তা। তেৱেই খনিকৰ ৰূপে সমগ্ৰ বিশ্বকে তিল্-তিলকৈ গঢ়ি তুলিছে। তেওঁক যদিও কোনেও দেখা নাপায় তথাপি তেৱেও অন্তৰ্যামী, সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ, আত্মা, সৰ্বত্ৰতে বিৰাজমান সৰ্ব শক্তিমান সত্তা।

৪। বিশ্বখনিকৰ কবিতাটিত প্ৰকাশিত আধ্যাত্মিক দৰ্শনৰ চমু আভাস দিয়া।

উত্তৰঃ (বিঃ দ্ৰঃ (গ)ৰ ৩নং প্ৰশ্নৰ উত্তৰ চোৱা)

৫। প্ৰসংগ সংগতি দৰ্শাই বাখ্যা কৰাঃ

        তেৱেঁ কাম তেৱেঁ কৰ্মী কেৱেঁ কাৰিকৰ

          নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ।

উত্তৰঃ প্ৰদত্ত কবিতাৰ পংক্তিটো আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ দ্বাৰা ৰচিত বিশ্ব খনিকৰশীৰ্ষক কবিতাটিৰ পৰা উৰ্দ্ধৃত।

         সৰ্ব-ব্যাপী, সৰ্বজ্ঞানী, অন্তৰ্যামী বিশ্বখনিকৰ অৰ্থাৎ পৰমেশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰি তেওঁৰ অপাৰ মহিমাৰ বিশ্লেষণ কৰিবলৈ গৈ উক্ত কবিতাংশ কবিয়ে অৱতাৰণা কৰিছে।

        ঈশ্বৰ গুণাতীত, স্বৰূপত তেৱেঁই পৰমাত্মা। যিহেতু এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে তেওঁৰ দ্বাৰা সৃষ্ট গতিকে তেওঁ সকলোতো বিৰাজমান। জগতৰ জীৱ-জড় আদি প্ৰতিটো বস্তুতে যেন নেদেখাজনৰ যাদুকৰী হাতৰ কোমল পৰশ বিৰাজমান। তেৱেঁই এই বিৰাট বিশ্বব্ৰহ্মাণ্ডক দয়া, স্নেহ, প্ৰেম-প্ৰীতিৰে জীপাল কৰি ৰাখে। সাধাৰণ বীজ একোটাৰ পৰাই একোজোপা বৃহৎ বৃক্ষৰ সৃষ্টি যেন তেৱেঁই কৰে। এমা-ডিমা শিশুক সময়ৰ গতিত তেজ-ভৰা যুৱকত তেৱেঁই পৰিণত কৰায়। সেয়েহে কবিয়ে মত প্ৰকাশ কৰিছে যে তেৱেঁই যোগী, তেৱেঁই বাজীকৰ, তেৱেঁই ধনী, তেৱেঁই ধন , তেৱেঁই কৰ্মী , তেৱেঁই কাৰিকৰ ইত্যাদি। মূখ্যতঃ সেই পৰম পুৰুষজনাই এই বিশ্বৰ অত্মাস্বৰূপ পৰমাত্মা। 

Post a Comment

Post a Comment (0)

Previous Post Next Post