মগনিয়াৰ(Mogoniyar ) দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।। সাহিত্য সৌৰভ

 

মগনিয়াৰ

যতীন্দ্ৰ নাথ দুৱৰা         

মগনিয়াৰ(Mogoniyar )
Mogoniyar


লেখক পৰিচিতিঃঃ ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টিত যতীন্দ্ৰ নাথ দুৱৰাৰ জন্ম হৈছিল। শিক্ষা সমাপ্ত কৰি ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিুছনত শিক্ষকতা কৰিবলৈ লয়। ছাত্ৰাৱস্থাৰ পৰাই কবিতা ৰচনা কৰা দুৱৰাৰ কবিতা পুথিকেইখন হল –ওমৰ তীৰ্থ, আপোন সুৰ, মৰমৰ সুৰ, বনফুল, মিলনৰ সুৰ আদি। কথা-কবিতাল একমাত্ৰ কথা কবিতাৰ পুথি। ফাৰ্চী চুফী কবি ওমৰ খায়ামৰ ৰুবায়তৰ প্ৰথম অসমীয়ালৈ ভাৱানুবাদ কৰি দুৱৰাই ওমৰ তীৰ্থ পুথিখনি ৰচনা কৰে।

           বনফুল কবিতাপুথিৰ বাবে ১৯৫৫ চনত যতীন্দ্ৰ নাথ দুৱৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰে আৰু এই বঁটা লাব কৰা তেৱেই হল প্ৰথম অসমীয়া। ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুৰ্বিংশ অধিৱেশনত দুৱৰাই সভাপতিত্ব কৰিছিল। ১৯৬৪ চনত শিৱসাগৰত দুৱৰাৰ মৃত্যু হৈছিল।

 

আৰ্হি প্ৰশ্নঃঃ

(ক) অতি চমু প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -১)

১। অসমীয়া সাহিত্যত প্ৰথম কথা-কবিতা ৰচনা কৰা কবিগৰাকীৰ নাম কি?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰা।

২। কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম ১৮৯২ চনত হৈছিল।

৩। যতীন্দ্ৰ নাথ দুৱৰাক কি কবি বুলি জনা যায়?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায়।

৪। ওমৰ তীৰ্থ পুথিখন কোনখন পুথিৰ ভাৱানুবাদ?

উত্তৰঃ ওমৰ তীৰ্থ পুথিখন ফাৰ্চী চুফী কবি ওমৰ খায়ামৰ ৰুবায়ত  পুথিৰ ভাৱানুবাদ।

৫। যতীন্দ্ৰ নাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাই বনফুল কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

 

(খ) চমু প্ৰশ্নঃঃ  (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -২ অথবা ৩)

১। কথা-কবিতা বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ নিৰলংকাৰ কাব্যিক ভাষাৰে লিখা চুটি-চুটি ব্যঞ্জনময়ী গদ্য ৰচনাক কথা-কবিতা বোলে। কথা-কবিতা হল ঊনৈশ শতিকাৰ এক উল্লেখযোগ্য সৃষ্টি। ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভক ইয়াৰ জনক বুলি কোৱা হয়। অসমীয়া ভাষাত প্ৰথম কথা-কবিতা ৰচনা কৰে যতীন্দ্ৰ নাথ দুৱৰাই। কথা-কবিতাৰ কেইটামান বৈশিষ্ট্য হল-

         ক) কথা-কবিতাত ৰূপকৰ সমাৱেশ থাকে আৰু ই সদায় ৰূপকাত্মক।

         খ) কথা-কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত।

         গ) কথা-কবিতাত ভাৱেই প্ৰধান বস্তু। ইয়াত এটা মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে।

         ঘ) কথা-কবিতাৰ লক্ষ্য হল ৰূপ বা দৃশ্যবস্তুত সজীৱতা আৰোপ কৰা।

২। কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পাৰ্থক্য আছে?

উত্তৰঃ কবিতা আৰু কথা-কবিতাৰ মাজত থকা পাৰ্থক্যসমূহ হল—

     ক) কবিতা হল মনৰ অভিব্যক্তি প্ৰকাশ কৰা এক সুখপাঠ্য মাধ্যম।

            আনহাতে, কথা-কবিতা হল কোনো এক ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ লিখা গদ্যধৰ্মী ৰচনা।

     খ) কবিতাই কোনো পৰিধি নামনে, একাধিক চিত্ৰধৰ্মিতা কবিতাৰ বিশেষ অংগ।

           আনহাতে, কথা-কবিতাত এটা মাত্ৰ কেন্দ্রস্থ ভাৱ থাকে।

     গ) সকলো কবিতাৰ ৰূপকাত্মক ভাৱ নাথাকিব পাৰে।

           কিন্তু কথা-কবিতা ৰূপকাত্মক।

     ঘ) সাধাৰণতে কবিতা পদ্যধৰ্মী ভাষাত ৰচনা কৰা হয়।

            ইয়াৰ বিপৰীতে কথা-কবিতাৰ ভাষা ব্যঞ্জনময়ী গদ্য ভাষা।

৩। ওমৰ খায়াম কোন?তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা।

উত্তৰঃ ওমৰ খায়াম এজন ফাৰ্চী ছুফী কবি। তেওঁ ৰচনা কৰা পুথি এখনৰ নাম হল ৰুবায়ত।

৪। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাৰ মগনিয়াৰ কথা-কবিতাটো গভীৰ মানৱতাবোধৰ ওপৰত প্ৰতিষ্ঠিত এটি কথা-কবিতা।

          কবিতাটোত বৰ্ণিত মতে, মগনিয়াৰজনে যেতিয়া কবিৰ ওচৰত সহায় ভিক্ষা মাগি হাত পাতিছিল তেতিয়া মগনিয়াৰজনক দিবলৈ কবিৰ হাতত বিশেষ একোৱে নাছিল। কিন্তু কবিয়ে ককাই বুলি সম্বোধন কৰি মগনিয়াৰজনৰ ওচৰত যি মানৱতাবোধ, আন্তৰিকতা দেখুৱাইছিল তাকেই মগনিয়াৰজনে কবিৰ পৰা পোৱা মহান দান হিচাপে গ্ৰহণ কৰিছিল।

৫। ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। – কোনে কি প্ৰসংগত এই উক্তি কৰিছিল?

উত্তৰঃ  প্ৰশ্নত উল্লেখিত উক্তিটো কবিয়ে বাটত লগ পোৱা মগনিয়াৰজনক কৈছিল।

         এদিনাখন ৰাস্তাৰে গৈ থাকোতে কবিয়ে এজন মগনিয়াৰক লগ পাইছিল। মগনিয়াৰজন বুঢ়া, বেমাৰী, গাৰ হাড়-ছাল ওলোৱা, শেঁতা ওঠৰ, চকুদুটা ৰঙা আৰু ফটা কাপোৰ পৰিহিত আছিল, যিজনে হাত মেলি কবিৰ পৰা অকণ সহায় ভিক্ষা মাগিছিল। কিন্তু সেই সময়ত মগনিয়াৰজনক দিবলৈ কবিৰ হাতত একোকেই নাছিল। মগনিয়াৰজনৰ ওচৰত নিজৰ অসহায় অৱস্থাটোৱে কবিক ব্যথিত কৰি তুলিছিল। সেই প্ৰসংগতে কবিয়ে মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰি তেনেদৰে কৈছিল।

(গ) দীঘল প্ৰশ্নঃঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -৪ অথবা ৫ )

১। মগনিয়াৰ শীৰ্ষক কথা-কবিতাটোৰ সাৰাংশ লিখা।

উত্তৰঃ অসমীয়া সাহিত্যৰ উজ্জল নক্ষত্ৰ স্বৰূপ যতীন্দ্ৰ নাথ দুৱৰাই কথা-কবিতা সৃষ্টিৰে অসমীয়া সাহিত্যত এটি নতুন দিশৰ সূচনা কৰে। দুৱৰাদেৱৰ কথা-কবিতা শীৰ্ষক কবিতাপুথিখনে অসমীয়া সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰিছে। কথা-কবিতাৰ বৈশিষ্ট্যৰ সমৃদ্ধ মগনিয়াৰ তেওঁৰ এটি উৎকৃষ্ট সৃষ্টি। সৰু মানুহৰো মানৱীয় অনুভূতিৰ সুন্দৰ প্ৰকাশ ঘটাবলৈ দুৱৰাই এই কবিতাটিত সমৰ্থ হৈছে।

          কবিয়ে এদিন পদ পথেৰে গৈ থাকোতে এজন বৃদ্ধ, ৰোগাক্ৰান্ত, ক্ষীণ, হাড়-ছাল ওলোৱা, শাৰীৰিক ভাৱে দুৰ্বল মগনিয়াৰক লগ পালে। শেঁতা ওঠ, ৰঙা চকু আৰু ফটা কাপোৰ পৰিহিত ব্যক্তিজনৰ অৱয়বত দৰিদ্ৰতাৰ চিন স্পষ্ট। মগনিয়াৰজনে কবিৰ ওচৰত হাত মেলি কবিৰ পৰা অকণমান সহায় ভিক্ষা মাগিছিল। কিন্তু তাক দিব পৰাকৈ সেই মুহূৰ্তত মগনিয়াৰজনক দিব পৰাকৈ কবিৰ লগত একো এটাই নাছিল। সেয়ে মানৱীয় সহানুভূতিৰে কবিয়ে মগনিয়াৰজনৰ হাত দুখন সাবটি ধৰি নিজৰ অসহায় অৱস্থাটো ব্যক্ত কৰিলে। কবিৰ ব্যৱহাৰত মগনিয়াৰজন অভিভূত হল। কবিৰ পৰা পোৱা আন্তৰিকতাখিনিকে পৰম দান বুলি গ্ৰহণ কৰি মগনিয়াৰজনে কবিক ধন্যবাদ জ্ঞাপন কৰিলে।

২। মগনিয়াৰ পাঠটিত কথা-কবিতাৰ কি কি লক্ষণ পৰিস্ফূট হৈছে?

উত্তৰঃ অসমীয়া কাব্য সাহিত্যত কথা-কবিতাৰ ধাৰাটি সূচনা কৰে কবি যতীন্দ্ৰ নাথ দুৱৰাই। মগনিয়াৰ যতীন্দ্ৰ নাথ দুৱৰাৰ এটি অন্যতম কথা-কবিতা। কথা-কবিতাৰ প্ৰায়ভাগ লক্ষণেই এই কবিতাটিত প্ৰতিফলিত হৈছে। তলত এই সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰিবলৈ প্ৰয়াস কৰা হল।

     ক) কথা-কবিতাৰ চিত্ৰধৰ্মিতা মগনিয়াৰত সুন্দৰ আৰু স্পষ্টভাৱে পৰিস্ফুট হৈছে। কথা-কবিতাৰ আৰম্ভণিৰ পৰা শেষলৈকে মগনিয়াৰ এজনৰ জীৱন্ত ছবি এখন কবিয়ে দাঙি ধৰিবলৈ সক্ষম হৈছে।

     খ) কথা-কবিতা হল আবেদনশীল ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়-বস্তু স্বৰূপে লৈ প্ৰধানকৈ কাব্য ভাৱৰঞ্জিত গদ্যত লিখা নাতিদীৰ্ঘ ৰচনা। মগনিয়াৰ কথা-কবিতাটিৰ নাতিদীৰ্ঘতাই আৰু কাব্যময়ীতাই এই কথা প্ৰকাশ কৰে।

      গ) কথা-কবিতাৰ এটি মাথোন কেন্দ্রস্থ ভাৱ থাকে। মগনিয়াৰ কথা-কবিতাটিত মগনিয়াৰজনৰ আন্তৰিক অনুভূতিৰ প্ৰকাশেই ইয়াৰ কেন্দ্ৰস্থ ভাৱ।

      ঘ) কথা-কবিতা প্ৰায়েই ৰূপকাত্মক হয়। মগনিয়াৰ কথা-কবিতাটোত এই ৰূপকাত্মক শৈলী প্ৰয়োগ কৰা হৈছে। শেঁতা ওঠ, ৰঙা চকু, হাতত ঘড়ী নাই -এই সকলোবোৰ এই শৈলীৰ প্ৰয়োগ।

        এইবোৰৰ উপৰিও ভাষাৰ ব্যঞ্জনা প্ৰয়োগতো তেওঁৰ চাতুৰ্যতা দেখুৱাবলৈ সক্ষম হৈছে। এইদৰো মগনিয়াৰক  কথা-কবিতাৰ বৈশিষ্ট্য প্ৰকাশ কৰাত যতীন্দ্ৰ নাথ দুৱৰাদেৱ সফল হৈছে।

৩। কবি যতীন্দ্ৰ নাথ দুৱৰাৰ সাহিত্য-কৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা।

উত্তৰঃ (বিঃ দ্ৰঃ এই প্ৰশ্নৰ উত্তৰৰ বাবে লেখক পৰিচিতি চোৱা।)

৪। মগনিয়াৰ পাঠটি কৰ পৰা সংগ্ৰহ কৰা হৈছে? পাঠটিৰ মূল ভাবটি তোমাৰ ভাষাত লিখা।

উত্তৰঃ মগনিয়াৰ শীৰ্ষক পাঠটি যতীন্দ্ৰ নাথ দুৱৰাৰ দ্বাৰা ৰচিত কথা-কবিতাশীৰ্ষক পুথিৰ পৰা সংগ্ৰহ কৰা হৈছে।(বিঃ দ্ৰঃ পাঠটিৰ মূল ভাবৰ কাৰণে পাঠটিৰ সাৰাংশ, (গ)ৰ ১ নং প্ৰশ্নৰ উত্তৰ চোৱা।)

৫। মগনিয়াৰ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা।

উত্তৰঃ বনফুলৰ কবি যতীন্দ্ৰ নাথ দুৱৰাৰ দ্বাৰা ৰচিত মগনিয়াৰ এটি কথা-কবিতা। এই কথা-কবিতাৰ মূল কথাখিনি কবলৈ যোৱাৰ প্ৰসংগত কবিয়ে মগনিয়াৰজনৰ সৈতে কিছুমান কথাত ভাগ লৈছে—

        কবিয়ে এদিন পদ পথেৰে গৈ থাকোতে এজন বৃদ্ধ, ৰোগাক্ৰান্ত, ক্ষীণ, হাড়-ছাল ওলোৱা, শাৰীৰিক ভাৱে দুৰ্বল মগনিয়াৰক লগ পালে। শেঁতা ওঠ, ৰঙা চকু আৰু ফটা কাপোৰ পৰিহিত ব্যক্তিজনৰ অৱয়বত দৰিদ্ৰতাৰ চিন স্পষ্ট। মগনিয়াৰজনে কবিৰ ওচৰত হাত মেলি কবিৰ পৰা অকণমান সহায় ভিক্ষা মাগিছিল। কিন্তু তাক দিব পৰাকৈ সেই মুহূৰ্তত মগনিয়াৰজনক দিব পৰাকৈ কবিৰ লগত একো এটাই নাছিল। সেয়ে মানৱীয় সহানুভূতিৰে কবিয়ে মগনিয়াৰজনৰ হাত দুখন সাবটি ধৰি নিজৰ অসহায় অৱস্থাটো ব্যক্ত কৰি কলে –ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই

         কবিৰ আন্তৰিকতাপূৰ্ণ ব্যৱহাৰত মুগ্ধ হৈ মগনিয়াৰৰ শেঁতা ওঠ দুখনে অলপ হাঁহিলে আৰু সিও কবিৰ হাত দুখনত অতি কষ্টৰে ধৰি মাত লগালে  কি হল একো কথা নাই –ইয়াৰ কাৰণে অশেষ ধন্যবাদ -ইয়ো যে এটা দান

        মগনিয়াৰজনৰ এনে ব্যৱহাৰত কবিয়েও এটা দান পোৱা যেন অনুভৱ হল। এক অৰ্থত কবলৈ গলে কবি আৰু মগনিয়াৰজন দুয়ো পৃথকে-পৃথকে মগনীয়া।

অতিৰিক্তঃঃ

১। কথা-কবিতাৰ জনক কোন?

উত্তৰঃ কথা-কবিতাৰ জনক হল ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভ।

২। অসমীয়া ভাষাত প্ৰথমে কথা-কবিতা কোনে ৰচনা কৰে?

উত্তৰঃ অসমীয়া ভাষাত প্ৰথমে কথা-কবিতা ৰচনা কৰিছিল যতীন্দ্ৰ নাথ দুৱৰাই।

৩। যতীন্দ্ৰ নাথ দুৱৰা ৰচনা কৰা একমাত্ৰ কথা-কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰা ৰচনা কৰা একমাত্ৰ কথা-কবিতা পুথিখনৰ নাম হকথা-কবিতা

৪। যতীন্দ্ৰ নাথ দুৱৰা ৰচনা কৰা মগনিয়াৰ  কথা-কবিতা  সৈতে কোনটো কথা-কবিতাৰ সাদৃশ্যতা আছে?

উত্তৰঃ ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ ‘The Begger’ নামৰ কথাকবিতাটিৰ সৈতে মগনিয়াৰৰ সাদৃশ্যতা আছে।

৫। কিহৰ আলমত যতীন্দ্ৰ নাথ দুৱৰাই কথা-কবিতা পুথিখন ৰচনা কৰিছে?

উত্তৰঃ ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ ‘Poem ‘in Prose’  আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰৰ ৰচনাৰ আলমত যতীন্দ্ৰ নাথ দুৱৰাই কথা-কবিতা পুথিখন ৰচনা কৰিছে।

৬। মগনিয়াৰজনৰ শৰীৰৰ চমু বৰ্ণনা দিয়া।

উত্তৰঃ মগনিয়াৰ শীৰ্ষক কবিতাটিত বৰ্ণিত মতে মগনিয়াৰজনৰ শৰীৰ বৰ দুৰ্বল আছিল। তেওঁৰ বৃদ্ধ শৰীৰত হাড়-ছাল ওলোৱা আছিল। তেওঁৰ ওঠযুৰি শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ আছিল। এক কথাত কবলৈ হলে মগনিয়াৰজনৰ শৰীৰত দৰিদ্ৰতাৰ পূৰ্ণ ছবি এখনি ফুটি উঠিছিল।

৭। কি হল একো কথা নাই-ইয়াৰ কাৰণে অশেষ ধন্যবাদ -ইও যে এটা দান। কথাষাৰ কোনে কি প্ৰসঙ্গত কৈছিল? কথাষাৰৰ তাৎপৰ্য বুজাই লিখা।

উত্তৰঃ মগনিয়াৰ শীৰ্ষক কবিতাটিত বৰ্ণিত মতে এদিন কবিয়ে পদপথেদি গৈ থাকোতে এজন মগনিয়াৰে কবিৰ ওচৰত অকণমান সহায় বিচাৰিছিল । কিন্তু সেইসময়ত মগনিয়াৰজনক দিবৰ জোখাৰে কবিৰ জেপত একো এটা নাছিল। সেয়ে কবিয়ে মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰি কৈছিল ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। কবিৰ এই কথাখিনিৰ প্ৰত্যুত্তৰত মগনিয়াৰজনে উক্ত কথাষাৰ কবিক কৈছিল।

       মগনিয়াৰ কথা কবিতাটিত বৰ্ণিত এই কথোপকথনখিনিৰ জৰিয়তে মানুহৰ মাজত বৰ্তি থকা মহান মানৱতাৰ কথা পৰিস্ফুট হৈ পৰিছে । সমাজত বসবাস কৰা সৰ্বস্তৰৰ সকলো মানুহ যে একে তেজ-মঙহৰে গঢ়া, মানুহ যে মানুহৰ পৰিপূৰক এই বাৰ্তা পোৱা গৈছে । মগনিয়াৰজন সমাজৰ এজন নিম্ন শ্ৰেণীৰ প্ৰতিনিধি যদিও কবিয়ে এই কথাকবিতাটিত উচ্চ-নিম্নৰ পৰিধি ভাঙি এখন সৰ্বস্তৰৰ মানুহে মিলা-প্ৰীতিৰে বসবাস কৰিব পৰা মানৱ সমাজ এখনৰ পোষকতা কৰিছে ।

 

Post a Comment

Post a Comment (0)

Previous Post Next Post