তৰ্কবিজ্ঞান আৰু দৰ্শন
(Logic & Philosophy)
ভাৱবাদ
(Idealism)
দ্বাদশ শ্ৰেণী
(Class XII)
অতি চমু উত্তৰৰ প্ৰশ্নঃ
১।
ভাৱবাদৰ মূল প্ৰকাৰবোৰ কি কি?
উত্তৰঃ ভাৱবাদক
প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে—
ক) আত্মগত বা বিষয়ীগত ভাৱবাদ
খ) বস্তুগত ভাৱবাদ
২।
আধুমিক যুগত আত্মগত ভাৱবাদৰ প্ৰতিষ্ঠাতা হিচাপে কাক বিবেচনা কৰা হয়?
উত্তৰঃ
জৰ্জ
বাৰ্কলিক।
৩।
আধুনিক যুগত বস্তুগত ভাৱবাদৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰঃ হেগেল।
৪।
“প্ৰত্যক্ষত বস্তু বিদ্যমান”। –কথাষাৰ
কোনে কৈছিল?
উত্তৰঃ জৰ্জ
বাৰ্কলি।
৫।
কাৰ মতে “চিন্তা আৰু সত্ত্বা পৰিশেষত অভিন্ন”?
উত্তৰঃ হেগেল।
৬।
হেগেলে কি ধৰণৰ ভাৱবাদ আগবঢ়াইছিল?
উত্তৰঃ বস্তুগত
ভাৱবাদ।
৭।
কোনটো সূত্ৰৰ মতে বাহ্যিক পৃথিৱীৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল?
উত্তৰঃ
আত্মগত
ভাৱবাদ মতে।
৮।
বাৰ্কলিয়ে কেনে ধৰণৰ ভাৱবাদ প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ আত্মগত
ভাৱবাদ।
৯।
হেগেলৰ বস্তুনিষ্ঠ ভাৱবাদ মতে, সত্ত্বা হ’ল ______।
উত্তৰঃ গতিশীল।
১০।
“যিটো যুক্তিসংগত, সেয়া প্ৰকৃত আৰু যিটো প্ৰকৃত সেয়া
যুক্তিসংগত।” -এই বক্তব্যৰ সৈতে জড়িত দাৰ্শনিকজনৰ নাম লিখা।
উত্তৰঃ হেগেল।
১১।
‘Esse est percipi’ বা ‘অস্তিত্ব
প্ৰত্যক্ষ নিৰ্ভৰ’ -এই কথাষাৰৰ লগত জড়িত দাৰ্শনিকজন কোন?
উত্তৰঃ জৰ্জ
বাৰ্কলি।
১২।
প্ৰত্যক্ষতে বস্তু বিদ্যমান -এই কথাষাৰ কোনে কৈছিল?
উত্তৰঃ বাৰ্কলি।
১৩।
ভাৱবাদ কি?
উত্তৰঃ যি মতবাদ
অনুসৰি জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল, জ্ঞাতাৰ মনৰ পৰা স্বাধীনভাৱে
কোনো বস্তু থাকিব নোৱাৰে, সেই মতবাদেই হৈছে ভাৱবাদ।
চমু/দীঘল উত্তৰৰ প্ৰশ্ন
১।
আত্মগত ভাৱবাদ বুলিলে কি বুজা?
উত্তৰঃ যি মতবাদে
বাহ্য বস্তুৰ অস্তিত্ব ব্যক্তিমনৰ বা আত্মাৰ ওপৰত নিৰ্ভৰশীল বুলি স্বীকাৰ কৰে,
তাকে আত্মগত ভাৱবাদ বোলে। আত্মগত ভাৱবাদ মতে মন বা আত্মাই জগতৰ মূল বস্তু। বাহ্য
জগতৰ অস্তিত্ব মন সাপেক্ষ বাবে ইয়াৰ কোনো মন নিৰপেক্ষ সত্ত্বা নাই। ব্ৰিটিছ
দাৰ্শনিক বাৰ্কলিয়ে আত্মগত ভাৱবাদ প্ৰতিষ্ঠা কৰিছে। তেওঁ জন লকৰ মূখ্য আৰু গৌণ
গুণৰ পাৰ্থক্যক অস্বীকাৰ কৰিছে। তেওৰ মতে বস্তুনিষ্ঠ গুণবোৰ ব্যক্তি মনৰ ওপৰত
নিৰ্ভৰশীল। কাৰণ বস্তুৰ অস্তিত্ব প্ৰত্যক্ষৰ ওপৰতে নিৰ্ভৰশীল।
২।
বস্তুগত ভাৱবাদ কাক বোলে?
উত্তৰঃ যি মতবাদ
অনুসৰি পৰম ব্ৰহ্ম বা চৈতন্য সত্ত্বাৰ অস্তিত্ব স্বীকাৰ কৰে আৰু বস্তুময় জগতৰ
মাজেদিয়েই ব্ৰহ্মসত্ত্বাৰ প্ৰকাশ বুলি ধাৰণা কৰা হয়, তাকে বস্তুগত ভাৱবাদ বোলে।
দাৰ্শনিক হেগেলে বস্তুগত ভাৱবাদ প্ৰতিষ্ঠিত কৰিছে। তেওঁৰ মতে পৰম আত্মাই পৰম
ধাৰণা। পৰম ব্ৰহ্ম বিশ্বৰ অন্তৰ্নিহিত চৰম সত্য। ই জীৱন্ত আৰু গতিশীল। তেওঁৰ মতে
জ্ঞাতা আৰু জ্ঞেয় এক পৰম ব্ৰহ্মৰ দুটা ভিন্ন ৰূপ বা দিশ।
৩।
‘Esse est percipi’ -প্ৰত্যক্ষতে
ইতি বিদ্যতে অৰ্থাৎ ‘অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ’ কথাষাৰৰ অৰ্থ লিখা।
উত্তৰঃ এই মত
অনুসৰি কোনো বস্তুৰ অস্তিত্ব স্বীকাৰ কৰিবলৈ হ’লে সি ব্যক্তি বিশেষৰ
প্ৰত্যক্ষ নিৰ্ভৰ হ’ব লাগিব। যাক প্ৰত্যক্ষৰ দ্বাৰা লাভ কৰা
নাযায় সি অস্তিত্বশীল নহয়। অৰ্থাৎ বস্তুজগতত তাৰ স্থিতি অগ্ৰাহ্য। যি বস্তুক কোনেও
প্ৰত্য৭ কৰা নাই তাৰ অস্তিত্বই নাই। যিহেতু অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ সেয়ে কোনো
এটা বস্তু আছে বোলা কথাষাৰে ইয়াকে বুজায় যে সেই বস্তুটোক কোনোবাই প্ৰত্যক্ষ কৰিছে।
বাৰ্কলিৰ মতে কোনো এটা বস্তুৰ স্থিতি প্ৰমাণিত হ’বলৈ ই
প্ৰত্যক্ষৰ জৰিয়তে জ্ঞাত হ’ব লাগিব।
৪।
দ্বান্ধিক পদ্ধতি কি?(৪ নম্বৰ)
উত্তৰঃ
‘Dialectic’ শব্দটোৰ উদ্ভৱ হৈছে ইংৰাজী শব্দ ‘Dialogue’ৰ পৰা।
দুজন লোকৰ মাজত হোৱা কথোপকথনকে ‘Dialogue’ বোলে। কোনো এটা
বিষয়ৰ ওপৰত যেতিয়া পৰস্পৰবিৰোধী মতামতৰ উদ্ভৱ হয় তেতিয়াই সেই পৰস্পৰ বিৰোধী
মতামতসমূহৰ সমন্বয় কৰি এক সম্পূৰ্ণ তথা সু-সংগত মতত উপনীত হ’বৰ
বাবে দ্বান্ধিক পদ্ধতি প্ৰয়োগ কৰা হয়।
দ্বান্ধিক পদ্ধতিৰ দুটা ৰূপ পোৱা যায়
-এটা নঞৰ্থক আৰু আনটো সদৰ্থক। গ্ৰীক দাৰ্শনিক চক্ৰেটিছ আৰু জাৰ্মান দাৰ্শনিক
ইমানুৱেল কান্টে যি পদ্ধতি প্ৰয়োগ কৰিছিল সেই পদ্ধতিক নঞৰ্থক দ্বান্ধিক পদ্ধতি
বোলে। এই পদ্ধতিৰ উদ্দেশ্য হৈছে প্ৰতিপক্ষৰ মতৰ মাজত যি অসংগতি আছে তাক নিৰূপন কৰি সেই মতৰ অৱসান ঘটোৱা
অৰ্থাৎ এই পদ্ধতিৰ প্ৰত্যক্ষ উদ্দেশ্য হৈছে পৰস্পৰ বিৰোধী মতক খণ্ডন কৰা।
আনহাতে, সদৰ্থক দ্বান্ধিক পদ্ধতি
প্ৰৱৰ্তন কৰিছিল জাৰ্মান দাৰ্শনিক হেগেলে। পৰস্পৰ বিৰোধী ধাৰণাসমূহৰ মাজত সমন্বয়
সাধনেই হৈছে এই পদ্ধতিৰ মূল বৈশিষ্ট্য। হেগেলে এই পদ্ধতিক মানুহৰ চিন্তাৰ জগতত,
প্ৰাকৃতিক জগতত, ৰাজনৈতিক জগতত অতি বিস্তাৰিতভাৱে প্ৰয়োগ কৰিছিল।
৫।
আত্মগত ভাৱবাদৰ সাধাৰণ বৈশিষ্ট্যবোৰ লিখা।
উত্তৰঃ আত্মগত
ভাৱবাদৰ সাধাৰণ বৈশিষ্ট্যবোৰ হ’ল—
ক) বাহ্য জগতখন স্বতন্ত্ৰ, অস্তিত্বশীল
নহয়।
খ) সকলো প্ৰত্যক্ষই মানসিক বা আত্মনিষ্ঠ
আৰু পৰিৱৰ্তনশীল।
গ) আত্মগত ভাৱবাদ মতে বস্তুবোৰ ভাৱগত আৰু
এইবোৰ মনৰ ধাৰণাৰ বাহিৰে আন একো নহয়।
ঘ) আত্মগত ভাৱবাদ মতে জ্ঞাতা আৰু জ্ঞেয়ৰ
মাজৰ সম্পৰ্ক সাৰ্বিক।
ঙ) বস্তুবিলাক জ্ঞাতাৰ প্ৰত্যক্ষৰ
বিষয়বস্তু হলেওঁ জ্ঞাতা ইচ্ছা শক্তিৰ পৰা স্বতন্ত্ৰ।
চ) বস্তুবিলাক অসীম ঈশ্বৰৰ দ্বাৰা সৃষ্ট।
৬।
আত্মগত ভাৱবাদৰ ৫টা সমালোচনা বা দোষ উল্লেখ কৰা।
উত্তৰঃ
আত্মগত
ভাৱবাদৰ ৫টা সমালোচনা বা দোষ হ’ল—
ক) আত্মগত ভাৱবাদে বস্তুৰ অস্তিত্ব
প্ৰত্যক্ষ নিৰ্ভৰ বুলি বাখ্যা কৰিছে। কিন্তু প্ৰকৃততে বস্তুৰ অস্তিত্ব থাকিলেহে
বস্তুৰ অস্তিত্ব সম্ভৱ।
খ) আত্মগত ভাৱবাদে সংবেদন আৰু ইয়াৰ
বিষয়বস্তুৰ পাৰ্থক্য অস্বীকাৰ কৰিছে। কিন্তু প্ৰকৃততে সংবেদন আৰু ইয়াৰ বিষয়বস্তুৰ
মাজত পাৰ্থক্য আছে।
গ) আত্মগত ভাৱবাদে বস্তুৰ অস্তিত্বৰ
ধাৰাবাহিকতা, স্থিতি আৰু ঐক্যৰ বাখ্যা দিব নোৱাৰে।
ঘ) বাৰ্কলিৰ ভাৱবাদ আত্মকেন্দ্ৰিকতাবাদত
পৰিণত হৈছে।
ঙ) আত্মগত ভাৱবাদক দাৰ্শনিক মূৰে তীব্ৰভাৱে
খণ্ডন কৰিছে আৰু তেওঁ কৈছে যে প্ৰত্যক্ষ মানসিক ক্ৰিয়া বুলি ধৰি লোৱা একপক্ষীয়
সিদ্ধান্ত।
৭।
হেগেলৰ বস্তুনিষ্ঠ ভাৱবাদৰ বৈশিষ্ট্যবোৰ লিখা।
উত্তৰঃ হেগেলৰ
বস্তুনিষ্ঠ ভাৱবাদৰ বৈশিষ্ট্যবোৰ হ’ল—
ক) হেগেলৰ মতে সত্ত্বা বৌদ্ধিক। সেইকাৰণে
সত্ত্বাক জানিব পাৰি। যি বৌদ্ধিক সেয়াই বাস্তৱ আৰু যি বাস্তৱ সেয়ই বৌদ্ধিক।
খ) বুদ্ধি সাৰ্বিকধৰ্মী। ব্যক্তিগত বুদ্ধি
সাৰ্বিক বুদ্ধিৰ এক প্ৰতিফলনহে। পৰমতত্ত্ব ব্যক্তিগত মনৰ ধাৰণা নহয়।
গ) পৰম তত্ত্ব সক্ৰিয় আৰু গতিশীল। পৰম
তত্ত্বই দ্বান্ধিক পদ্ধতিৰে নিজক প্ৰকাশ কৰে। জীৱ আৰু জড়ৰ মাজত সমন্বয় সাধন কৰি
এই দ্বান্ধিক পদ্ধতি চলি থাকে। বাদ, প্ৰতিবাদ আৰু সমন্বয় -এই তিনিটা প্ৰক্ৰিয়াৰে
জীৱ আৰু জড়ই পৰমাত্মাৰ আত্মপ্ৰকাশ ঘটায়।
ঘ) আত্মাই হ’ল জগতৰ মূল সত্ত্বা।
আত্মগত আত্মা বা জাৱাত্মা পৰমাত্মাৰেই ৰূপ। পৰমাত্মাৰ প্ৰকাশ আত্মগত, আত্মাৰেই হয়।
৮।
হেগেলৰ বস্তুনিষ্ঠ ভাৱবাদৰ সমালোচনাবোৰ লিখা।
উত্তৰঃ
হেগেলৰ
বস্তুনিষ্ঠ ভাৱবাদৰ সমালোচনাবোৰ তলত উল্লেখ কৰা হ’ল—
ক) হেগেলে বুদ্ধিক অধিক গুৰুত্ব প্ৰদান
কৰিছে। বুদ্ধিৰ পৰিসৰক বাদ দি কোনো ধৰণৰ আলোচনা হেগেলে কৰা নাই। ব্ৰাডলিয়ে কৈছে যে
যিহেতু বুদ্ধি সদায় জ্ঞাতা আৰু জ্ঞেয়ৰ পাৰ্থক্যৰ ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত। গতিকে
জ্ঞান দ্বৈত ধাৰণাৰ পৰা কেতিয়াও মুক্ত নহয়।
খ) হেগেলে কোৱাৰ দৰে যদি প্ৰকৃতি তত্ত্বৰেই
অংশ হয় তেন্তে জীৱাত্মা আৰু জীৱজগতৰ সমন্বয়ৰ ধাৰণাত জাৱাত্মাৰ কোনো ভূমিকা
নাথাকিব। কাৰণ পৰম তত্ত্বই নিজে-নিজেই পূৰ্ণতালৈ গতি কৰি থাকে।
গ) হেগেলৰ বস্তুনিষ্ঠ ভাৱবাদ দৰাচলতে
ভাৱবাদ নে বাস্তৱবাদ তাক লৈ যথেষ্ঠ খেলি-মেলি হোৱা দেখা যায়। কাৰণ ভাৱবাদ আৰু
বাস্তৱবাদ -এই দুই তত্ত্বৰ সমন্বয় সাধন কৰিবলৈ গৈ তেওঁ যথেষ্ঠ জটিল ধাৰণাৰ সৃষ্টি
কৰিছে।
ঘ) বহুতো সমালোচকে মত প্ৰকাশ কৰে যে হেগেলৰ
দৰ্শনৰ ব্যৱহাৰিক মূল্য নাই। হেগেলৰ বস্তুগত বাৱবাদত ৰহস্যবাদৰ ৰহণ দেখিবলৈ পোৱা
যায়। এই ৰহস্যবাদী ৰহণে তেওঁৰ দৰ্শনক দুৰ্বোধ কৰি পেলাইছে।
৯।
লাইব’নিজৰ ভাৱবাদক কিয় বহুত্ববাদী ভাৱবাদ বোলা হয়?
উত্তৰঃ
বিদ্ধিবাদী
দাৰ্শনিক লাইব’নিজে ভাৱবাদৰ ক্ৰমবিকাশত এক উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তেওঁৰ মতে
সত্ত্বা শাশ্বত, অস্তিত্বশীল আৰু অবিভাজ্য। এই অবিভাজ্য সত্ত্বাক লাইব’নিজে পৰমানুবাদৰ সহায়ত বাখ্যা কৰিছিল। এটা জড় বস্তু ভাগ কৰি গৈ থাকিলে
আমি এনে কিছুমান অংশ পাম যাক পুনৰ ভাগ কৰিব নোৱাৰি। এই ভৌতিক উপাদানবোৰক পৰমাণু
বুলি কোৱা হয়। তেওঁৰ মতে এই জড় পৰমাণুবোৰ পৰম সত্ত্বা হ’ব
নোৱাৰে। তেওঁ দাৰ্শনিক অনুসন্ধানৰ জৰিয়তে এনে কিছুমান পৰমাণুৰ সন্ধান কৰিছে যিবোৰ অস্তিত্বশীল,
অবিভাজ্য বা আধ্যাত্মিক চৈতন্যময় আৰু ভাৱাত্মক পৰমাণু। যাক তেওঁ চিৎ পৰমাণু বুলি
নামাকৰণ কৰিছে। এই চিৎ পৰমাণুহে এই জগতৰ পৰম সত্ত্বা। চিৎ পৰমাণুবোৰ লাইব’নিজৰ মতে সংখ্যাত অসীম অৰ্থাৎ তেওঁ বহুত্ববাদৰ পোষকতা কৰি মত দাঙি ধৰিছিল
যে পৰম সত্ত্বাৰূপী চিৎ পৰমাণুসমূহ অসংখ্য। সেয়েহে তেওঁৰ মতবাদক বহুত্ববাদী ভাৱবাদ
বোলা হয়।
লাইব’নিজৰ মতে চিৎপৰমাণুবোৰ এটাৰ
পৰা আনটো স্বতন্ত্ৰ আৰু স্ব-নিৰ্ভৰশীল। ঈশ্বৰেই হৈছে চিৎপৰমাণুসমূহৰ উৎপত্তিৰ মূল
কাৰক যিজনে সৃষ্টিৰ আৰম্ভণিত এই পৰমাণুবিলাকৰ মাজত সংহতি পূৰ্বতে স্থাপন কৰি থয়। সেয়েহে
লাইবনিজৰ এই মতবাদক পূৰ্বস্থাপিত শৃংখলা মতবাদ বুলি কোৱা হয়(The Theory of
Pre-established Harmony)।
১০।
প্লেটোৰ ভাৱবাদৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ
গ্ৰীক
দাৰ্শনিক প্লেটোক পাশ্চাত্য দৰ্শনৰ ভাৱবাদৰ প্ৰতিষ্ঠাতা বুলি কোৱা হয়। প্লেটোৰ মতে
এই বিশ্বজগত আৰু ইয়াৰ সকলো বস্তু ক্ষণস্থায়ী। ভৌতিক বস্তুবিলাকক প্লেটোৱে বিশেষ
বুলি অভিহিত কৰিছে। বিশেষ বস্তুবোৰ সদায় ধ্বংসশীল বা বিনাশশীল। প্লেটোৰ মতে যথাৰ্থ
জ্ঞান লাভ কৰা যায় সামান্য ধাৰণা বা সামান্যৰ মাধ্যমেৰে। সামান্যহে একমাত্ৰ সনাতন
আৰু অবিনাশী আৰু চিৰন্তন। প্লেটোৱে সামান্যক কেতিয়াবা ধাৰণা আৰু কেতিয়াবা প্ৰকাৰ
বুলি কৈছে। বিশেষৰ পৰিৱৰ্তন হ’লেওঁ সামান্য সদায় একে থাকে। বিশেষ জগত
হৈছে ইন্দ্ৰিয় জগত আৰু সামান্য জগত হৈছে ভাৱৰ জগত যি জগত প্ৰকৃত সত্য জগত। উদাহৰণস্বৰূপে
আমি ইন্দ্ৰিয়ৰ জৰিয়তে নানা মানুহ প্ৰত্যক্ষ কৰো। এই বিশেষ মানুহবোৰৰ কোনো যথাৰ্থ
সত্ত্বা নাই, কিন্তু মানুহি আত্মা হৈছে সামান্য ধাৰণা যাৰ যথাৰ্থ সত্ত্বা আছে।
প্লেটোৱে সামান্য ধাৰণাক Idea বা ধাৰণা
নাম দিছে। এই ধাৰণাৰ কিছুমান বৈশিষ্ট্য আছে। যেনে—
ক) এই ধাৰণা হৈছে দ্ৰব্য।
খ এই ধাৰণা হৈছে সামান্য বা সাৰ্বিক।
গ) এই ধাৰণা হৈছে ঐক্য বহুত্বৰ মাজত এক।
ঘ) এই ধাৰণাবোৰ বস্তু নহয়, এইবোৰ হৈছে
চিন্তা।
ঙ) ধাৰণা হৈছে অপৰিৱৰ্তনশীল আৰু অবিনশ্বৰ।
চ) ধাৰণাৰ দেশ, কালত কোনো অস্তিত্ব নাই।
ধাৰণাবোৰ হৈছে বুদ্ধিগ্ৰাহ্য, বুদ্ধিৰ জৰিয়তে ধাৰণাক উপলব্ধি কৰা হয়।
প্লেটোৰ ভাৱবাদৰ যে কিছুমান দোষ আছে তাক
স্বীকাৰ কৰিবই লাগিব। প্লেটোৱে ভাৱগত আৰু ইন্দ্ৰিয় জগতৰ মাজত এফালে দ্বৈততা আনিছে,
আনফালে ইন্দ্ৰিয় জগতক ভাৱ জগতৰ ছাঁ আখ্যা দিছে। প্লেটোৱে বিভিন্ন সামান্য ধাৰণাৰ
মাজত কেনেধৰণৰ সম্পৰ্ক আছে তাক বাখ্যা কৰিব পৰা নাই। তেওঁ কেতিয়াবা মংগলময় ধাৰণাক
সামান্য ধাৰণাৰ মাজত শ্ৰেষ্ঠ আখ্যা দিছে। এই ধাৰণাক প্লেটোৱে স্পষ্টভাৱে বাখ্যা
কৰিব পৰা নাই।
১১।
আত্মাবাদ কি? ইয়াৰ লগত জড়িত তত্ত্বটোৰ নাম লিখা।
উত্তৰঃ
ইংৰাজী
আত্মাবাদৰ ইংৰাজী প্ৰতিশব্দ ‘Solipsism’ শব্দটো লেটিন শব্দ
‘Solus’ আৰু ‘ipse’ শব্দ দুটাৰ পৰা আহিছে।
‘Solus’ শব্দৰ অৰ্থ হ’ল ‘Alone’ বা কেৱলমাত্ৰ আৰু ‘ipse’ শব্দৰ অৰ্থ হ’ল ‘self’ বা নিজেই। গতিকে Solipsism শব্দটোৰ অৰ্থ হ’ল কেৱল মাত্ৰ মই নিজেই অস্তিত্বশীল। অৰ্থাৎ
যি মতবাদ অনুসৰি কেৱল মই আৰু মোৰ ধাৰণাৰে অস্তিত্ব আছে আৰু মোৰ ধাৰণাৰ
অতিৰিক্তভাৱে আন একোৱেই নাই, তাকে আত্মাবাদ বোলে। ইয়াৰ সৈতে জড়িত তত্ত্বটোৰ নাম হ’ল আত্মগত ভাৱবাদ(বাৰ্কলিৰ ভাৱবাদ)।
Class 12 Logic and Philosophy Notes in Assamese
ReplyDeletePost a Comment