আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বৰ ৰাজনীতিত আধিপত্য(US Hegemony in World Politics) Complete Notes in Assamese Based on AHSEC

মেৰিকা যুক্তৰাষ্ট্ৰবিশ্বৰানীতিধিত্য 

US Hegemony in World Politics
US Hegemony in World Politics

প্ৰশ্নোত্তৰ

 

১) এক মেৰু ব্যৱস্থা মানে কি?

উত্তৰঃ বিশ্বত শীতল যুদ্ধৰ অন্ত পৰাত অৰ্থাৎ ছোভিয়েট ইউনিয়ৰ ভাঙোনৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনো গুৰুত্বপূৰ্ণ প্ৰতিদ্বন্ধী নোহোৱা হৈ পৰিছিল। সেয়ে বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰই একচেতিয়া আধিপত্য বিস্তাৰ কৰিছিল আৰু ইয়াকেই এক মেৰু ব্যৱস্থা বোলা হয়।

 

২) প্ৰথম উপসাগৰীয় যুদ্ধ(Gulf War) কেতিয়া উদ্ভৱ হৈছিল?

উত্তৰঃ ১৯৯১ চনত।

 

৩) কোন বছৰত ইৰাকে কোৱেইটত আক্ৰমণ কৰিছিল?

উত্তৰঃ১৯৯০ চনত।

 

৪) মাৰ্কিন আধিপত্যৰ আৰম্ভণি কেতিয়া হৈছিল?

উত্তৰঃ ১৯৯১ চনত।

 

৫) কোন চনত মাৰ্কিন সামৰিক গৱেষণা প্ৰকল্প আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৫০ চনত।

 

৬) মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰথম MBA পাঠ্যক্ৰম কেতিয়া প্ৰৱৰ্তন হৈছিল?

উত্তৰঃ ১৯০০ চনত।

 

৭) মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বাহিৰত প্ৰথম MBA পাঠ্যক্ৰম কেতিয়া প্ৰৱৰ্তন হৈছিল?

উত্তৰঃ১০৫০ চনত।

 

৮) ৯/১১ আক্ৰমণত কিমান লোক নিহত হৈছিল?

উত্তৰঃ প্ৰায় ৩০০০ জন লোক নিহত হৈছিল।

 

৯) কোন চনত ৯/১১ আক্ৰমণত সংঘটিত হৈছিল?

উত্তৰঃ ২০০১ চনৰ ১১ ছেপ্তেম্বৰ তাৰিখে।

 

১০) ১৮৮১ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰতিষ্ঠা কৰা প্ৰথমখন বাণিজ্যিক স্কুলৰ নাম কি?

উত্তৰঃ ৱাৰ্টন স্কুল।

 

১১) প্ৰথম উপসাগৰীয় যুদ্ধ(First Gulf War)ক কি অভিযান বুলি জনা যায়?

উত্তৰঃ মৰুভূমি ধুমুহা অভিযান (Operation Desert Storm)

 

১২) প্ৰথম উপসাগৰীয় যুদ্ধত মাৰ্কিন যুক্তৰাষ্ট্ৰই কি বোমা ব্যৱহাৰ কৰিছিল?

উত্তৰঃ স্মাৰ্ট বোম (Smart Bombs)

 

১৩) ইৰাকী স্বাধীনতা অভিযান কেতিয়া হৈছিল?

উত্তৰঃ ২০০৩ চনৰ ১৯ মাৰ্চ তাৰিখে।

 

১৪) প্ৰথম উপসাগৰীয় যুদ্ধৰ সময়ত ইৰাকৰ ৰাষ্ট্ৰপতি কোন আছিল?

উত্তৰঃ ছাদ্দাম হুছেইন।

 

১৫) আফগানিস্থান আক্ৰমণ কৰাৰ অভিযানক কি নামেৰে জনা যায়?

উত্তৰঃ স্থায়ী স্বাধীনতা অভিযান(Operation Enduring Freedom)

 

১৬) ইৰাকী স্বাধীনতা অভিযান(Operation Iraqi Freedom)ৰ এটা উদ্দেশ্য লিখা।

উত্তৰঃ ইৰাকী স্বাধীনতা অভিযান(Operation Iraqi Freedom) আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত হৈছিল। ইয়াৰ উদ্দেশ্য আছিল ইৰাকক অধিক ধ্বংসাত্মক অস্ত্ৰ বৃদ্ধি কৰাত বাধা আৰোপ কৰা।

 

১৭) গোলকীয় ৰাজহুৱা পণ্যৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ ইন্টাৰনেট, বিশুদ্ধ বায়ু, পানী আদি।

 

১৮) আমেৰিকাৰ ক্ষমতাৰ ওপৰত থকা এটা প্ৰতিবন্ধকতাৰ উল্লেখ কৰা।

উত্তৰঃসাংবিধানিক গাথনি।

 

১৯) বিশ্ব অৰ্থনীতিত আমেৰিকাই কিমান শতাংশ অধিকাৰ কৰি আছে?

উত্তৰঃ ২৮ শতাংশ।

 

২০) বিশ্ব বাণিজ্যত আমেৰিকাই কিমান শতাংশ অধিকাৰ কৰি আছে?

উত্তৰঃ ১৫ শতাংশ।

 

২১) কোনে আৰু কেতয়া ব্ৰেটন্ উড্ পদ্ধতি(Bretton Wood System) ব্যৱহাৰ কৰিছিল?

উত্তৰঃ আমেৰিকাই দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ব্ৰেটন্ উড্ পদ্ধতি(Bretton Wood System) ব্যৱহাৰ কৰিছিল।

 

২২) নমনীয় ক্ষমতা কাক বোলে?

উত্তৰঃ আমেৰিকাৰ প্ৰচলিত ৰীতি-নীতিবোৰ জোৰকৈ অন্য ৰাষ্ট্ৰত জাপি দিয়া হোৱা নাই।তেওলোকৰ ৰীতি-নীতি, সংস্কৃতিবোৰ অন্য ৰাষ্ট্ৰই নিজে-নিজে গ্ৰহণ কৰিছে। ইয়াকে নমনীয়তা বোলে।

 

২৩) SLOCs ৰ সম্পূৰ্ণ অৰ্থ লিখা।

উত্তৰঃ Sea-Lanes of Communication.

 

২৪) খালি ঠাই পূৰ কৰা

ক) আধিপত্য শব্দটোৰ উদ্ভৱ হৈছিল ----------ত।

উত্তৰঃ গ্ৰীচত।

খ) ------হ'ল মাৰ্কিন সামৰিক গৱেষণা প্ৰকল্পৰ পোনপটীয়া ফল।

উত্তৰঃ ইন্টাৰনেট।

 

২৫) গঠণাত্মক প্ৰভাৱ/আধিপত্যৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ ইন্টাৰনেট।

 

২৬) সমসাময়িক বিশ্ব ৰাজনীতিত ৯/১১ বুলি কলে কোনটো ঘটনাক বুজা যায়?

উত্তৰঃসমসাময়িক বিশ্ব ৰাজনীতিত ৯/১১ বুলি কলে ২০০১ চনৰ ১১ ছেপ্তেম্বৰ তাৰিখে অল-কাইডা সন্ত্ৰাসবাদীসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ব বাণিজ্য কেন্দ্ৰকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ  স্থানত আক্ৰমণ কৰা ঘটনাটোকে বুজায়।

 

২৭)প্ৰথম উপসাগৰীয় যুদ্ধৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিল?

উত্তৰঃ জৰ্জ  ডব্লিউ বুশ্ব।

 

২৮) ২০০৩ চনত Operation Iraqi Freedom আক্ৰমণৰ সময়ত ইৰাকৰ ৰাষট্ৰপতি কোন আছিল?

উত্তৰঃ ছাদ্দাম হুছেইন।

 

২৯) কাৰ  বিৰুদ্ধে Operation Enduring Freedom আৰম্ভ হৈছিল?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰই অল-কাইডা আৰু আফগানিস্থানৰ তালিবানৰ বিৰুদ্ধে Operation Enduring Freedom আৰম্ভ কৰিছিল।

 

৩০) প্ৰথম উপসাগৰীয় যুদ্ধক ছাদ্দাম হুছেইনে কি বুলি আখ্যা দিছিল?

উত্তৰঃ প্ৰথম উপসাগৰীয় যুদ্ধক ছাদ্দাম হুছেইনে সকলো যুদ্ধৰ মাতৃ বুলি আখ্যা দিছিল।

 

৩১) মৰুভূমি ধুমুহা অভিযান বুলিলে কি বুজা?

উত্তৰঃ কুৱেইটক ইৰাকৰ কবলৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে ৩৪ খন ৰাষ্ট্ৰৰ ৬ লাখ ৬০ হাজাৰজন সৈন্যৰে গঠিত মিত্ৰগোষ্ঠীৰ সেনাই ইৰাকৰ বিৰুদ্ধে যুদ্ধ কৰি ইৰাকক পৰাস্ত কৰিছিল। এই যুদ্ধখনক প্ৰথম উপসাগৰীয় যুদ্ধ বুলিও কোৱা হয় আৰু ৰাষ্ট্ৰসংঘৰ এই অভিযানক মৰুভূমি ধুমুহা অভিযান বুলি কোৱা হয়।

 

৩২) অসীম প্ৰসাৰিত অভিযান বুলিলে কি বুজা?

উত্তৰঃ ইছলাম সন্ত্ৰাসবাদীৰ আদৰ্শৰে অনুপ্ৰণিত হৈ অল-কইডা নামৰ সন্ত্ৰাসবাদী সংগঠণটোৱে যেতিয়া নাইৰোবি আৰু তানজানিয়াৰ ডাৰ-ঈ-চালামত থকা আমেৰিকাৰ দূতাবাসত বোমাবৰ্ষণ কৰিছিল, তাৰ কিছুদিন পিছতে ৰাষ্ট্ৰপতি ক্লিণ্টনে চুডান আৰু আফগানিস্থানত থকা আল-কাইডাৰ ঘাটিবোৰত নিৰবিচ্ছিন্নভাৱে মিছাইল নিক্ষেপ কৰাৰ নিৰ্দেশ দিছিল। এই অভিযানটোক অপাৰেচন ইনফিনিট ৰীচ্চ অৰ্থাৎ অসীম প্ৰসাৰিত অভিযান বোলা হয়।

 

৩৩)অপাৰেচন ইৰাকী ফ্ৰীডমৰ ওপৰত এটি চমু টোকা লিখা।

উত্তৰঃ ২০০৩ চনৰ মাৰ্চ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত অপাৰেচন ইৰাকী ফ্ৰীডম নামৰ এক অভিযানেৰে ইৰাক আক্ৰমণ আৰম্ভ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইৰাক আক্ৰমণত যদিও ৰাষ্ট্ৰসংঘই অনুমোদন দিয়া নাছিল তথাপি এই আক্ৰমণত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ৪০ খন ৰাষ্ট্ৰই স্ব-ইচ্ছাই সংযুক্ত হৈ সহযোগ কৰিছিল। এই আক্ৰমণৰ মূল লক্ষ্য আছিল ইৰাকক অধিক ধ্বংসাত্মক অস্ত্ৰ বৃদ্ধি কৰাত বাধা আৰোপ কৰা। কিন্তু ইৰাকত অধিক ধ্বংসাত্মক অস্ত্ৰ থকাৰ কোনো ধৰণৰ প্ৰমাণ পোৱা নাছিল তথাপি কিন্তু ইৰাকৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছিল, অৰ্থাৎ ইয়াৰ মাজত আন এক অভিসন্ধি লুকাই আছিল।এই আক্ৰমণৰ আন এক কাৰণ হ'ল ইৰাকৰ তৈলক্ষেত্ৰবোৰত আধিপত্য বিস্তাৰ কৰা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আক্ৰমণত অতি সোণকালেই ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইন পৰাজিত হৈছিল তথাপি, ইৰাকত শান্তি স্থাপন হোৱা নাছিল। এই যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আক্ৰমণত প্ৰায় ৫০,০০০ সাধাৰণ ইৰাকী লোকৰ মৃত্যু হৈছিল।

 

৩৪)স্থায়ী স্বাধীনতা অভিযান(Operation Enduring Freedom)ৰ ওপৰত এটা চমু টোকা লিখা।

উত্তৰঃ ২০০১ চনৰ ১১ ছেপ্তেম্বৰ তাৰিখে হোৱা বিমান আক্ৰমণে আমেৰিকা যুক্তৰাষ্ট্ৰক হিংস্ৰ তথা নিষ্ঠুৰ কৰি তুলিছিল। ইতিমধ্যে ক্লিণ্টনৰ সলনি পূৰ্বৰ এইচ্ ডব্লিউ বুশ্বৰ পুত্ৰ ৰিপাব্লিকান দলৰ প্ৰাৰ্থী  জৰ্জ ডব্লিউ বুশ্ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হৈছিল। তেও বিশ্বব্যাপী সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে স্থায়ী স্বাধীনতা অভিযান নামৰ এক অভিযান আৰম্ভ কৰিছিল। এই অভিযান ১১ ছেপ্তেম্বৰত জড়িত থকা বুলি সন্দেহ কৰা আল-কাইডা আৰু আফগানিস্থানৰ তালিবানসকলৰ ওপৰত কৰা হৈছিল। আফগানিস্থানৰ পৰা তালিবানৰ শাসন আৰু আল-কাইডাৰ সন্ত্ৰাস সম্পূৰ্ণভাৱে ওভৰাই পেলাবলৈ চেষ্টা কৰিছিল। কিন্তু তালিবান আৰু আল-কাইডাৰ সন্ত্ৰাস সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ সক্ষম হোৱা নাছিল।

 

৩৫) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষমতাৰ ওপৰত থকা ৩টা প্ৰতিবন্ধকতা নমুকৈ আলোচনা কৰা।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত তিনি ধৰণৰ হেচা বা চাপ প্ৰয়োগ হব পাৰে। এইকেইটা তলত আলোচনা কৰা হ'ল—

ক)সাংবিধানিক গাথনিঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানত ৩টা অংগ যেনে বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত ক্ষমতা স্পষ্টভাৱে বিভাজন কৰি দিয়া আছে। সেয়েহে আমেৰিকা যুক্তৰাষ্ট্ৰত কাৰ্যপালিকাই আমেৰিকাৰ সামৰিক বাহিনীয়ে যি বাধাহীন আৰু মাত্ৰাধিক ক্ষমতা প্ৰয়োগ কৰি আছে তাক বাধা দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰি।

খ)জনমত তথা সংবাদ মাধ্যমঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষমতাৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰে দেশখনৰ ভিতৰচৰাৰ সংবাদ মাধ্যমবোৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে যিবোৰ সন্দেহজনক ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰে, সেই বাতৰিবোৰ সংবাদ মাধ্যমবোৰে প্ৰকাশ কৰি জনমত গঠণ কৰি চৰকাৰৰ ওপৰত হেচা প্ৰয়োগ কৰে।

গ)উত্তৰ আটলাণ্টিক চুক্তি সংগঠণ,নাটোঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষমতাৰ ওপৰত প্ৰয়োগ কৰা তৃতীয়টো হেচা বা প্ৰতিবন্ধকতা হ'ল উত্তৰ আটলাণ্টিক চুক্তি সংগঠণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষমতা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নাটো সদস্যভুক্ত ৰাষ্ট্ৰসমূহে বিশেষ ভূমিকা লব পাৰে।

 

৩৬) আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ সম্পৰ্কৰ ওপৰত এটি সমালোচনামূলক আলোচনা আগবঢ়োৱা

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ সম্পৰ্কৰ বিষয়ে তলত আলোচনা কৰা হ'ল—

স্বাধীনতা লাভৰ ঠিক পিছতেই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত ভাৰতৰ সম্পৰ্ক ভাল নাছিল। শীতল যুদ্ধৰ কালছোৱাত ভাৰতৰ লগত ছোভিয়েট ইউনিয়নৰ ভাল সম্পৰ্ক আছিল। কিন্তু ছোভিয়েট ইউনিয়নৰ পতনৰ লগে-লগে ভাৰতে নতুন বন্ধু হিচাপে আমেৰিকাৰ লগত সম্পৰ্ক স্থাপন কৰিলে। এই কালছোৱাত ভাৰতে মুক্ত আৰু বিশ্ব অৰ্থনীতিৰ লগত নিজকে একত্ৰিত কৰিব বিচাৰিছিল।

সাম্প্ৰতিক কালত দুটা কাৰকে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক স্থাপনত সহায় কৰিছে। ইয়াৰ প্ৰথম কাৰণটো হ'ল কাৰিকৰী যাত্ৰা আৰু দ্বিতীয়টো মাৰ্কিন যুক্তৰাষ্ট্ৰত বসবাস কৰা প্ৰবাসী ভাৰতীয়ৰ ভূমিকা তলত উল্লেখ কৰা কথাকেইটালৈ মন কৰিলেই জানিব পাৰি—

ক)ভাৰতে ৰপ্তানি কৰা ছফ্টোৱেৰৰ শতকৰা ৬৫ ভাগেই আমেৰিকাই ক্ৰয় কৰে।

খ)বয়িঙ(Boeing)ত কাম কৰা কাৰিকৰী কৰ্মচাৰীৰ শতকৰা শতকৰা ৩৫ ভাগেই ভাৰতীয় বংশোদ্ভৱ

গ)ছিলিকন উপত্যকাত তিনি লাখ ভাৰতীয়ই কাম কৰে।

ঘ)শতকৰা ১৫ ভাগ সকলো উচ্চ-প্ৰযুক্তি ভাৰতীয় আৰু আমেৰিকাৰ দ্বাৰা পৰিচালিত হয়।

 

২০০৪ চনৰ পৰাই দুয়োখন ৰাষ্ট্ৰই এক কৌশলগত অংশীদাৰিত্ব স্থাপন কৰি আহিছে। উল্লেখনীয়ভাৱে ২০০৫ চনত দুয়োখন ৰাষ্ট্ৰৰ মাজত এখন দহ দফীয়া প্ৰতিৰক্ষা বিধি চুক্তিত আৱদ্ধ হয়। এই চুক্তিৰ জৰিয়তে দ্বিপাক্ষিক নিৰাপত্তা বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হয় আৰু ইয়াৰ জৰিয়তে আমেৰিকাই ভাৰতত বৃহৎ পৰিমাণৰ যুদ্ধাস্ত্ৰ বিক্ৰীৰ বাবে সন্মত হৈছিল। ২০০৯ চনৰ পৰা ২০১০ চনৰ ভিতৰত আমেৰিকাৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত এক লখতকৈয়ো অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে।

২০১০ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামা সংসদৰ দ্বিতীয় অধিৱেশনত ভাষণ প্ৰদান কৰিছিল। এই ভাষণত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে ভাৰতে কৰি অহা দাবীৰ প্ৰতি সমৰ্থন জনাইছিল। বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাসনত অধিস্থিত হোৱাৰ পিছতে ২০১৪ চনত আমেৰিকা ভ্ৰমণ কৰি দ্বিপাক্ষিক আলোচনাত বহে। আনহাতে ২০১৫ চনত পুনৰ বাৰাক ওবামা গণৰাজ্য দিবসত প্ৰধান অতিথি হিচাপে ভাৰতলৈ আহে। দুয়োগৰাকী ৰাষ্ট্ৰনেতাই অসামৰিক পাৰমাণৱিক চুক্তিত স্বাক্ষৰিত কৰে আৰু লগতে ১০ বছৰীয়া প্ৰতিৰক্ষা বিধি চুক্তিখন দুয়োখন ৰাষ্ট্ৰই নবীকৰণ কৰে। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ভাৰতৰ গুজৰাটত আহে।এই ভ্ৰমণত প্ৰধান মন্ত্ৰী মোদী আৰু ডোনাল্ড ট্ৰাম্পৰ মাজত কেবাখনো চুক্তি  স্বাক্ষৰিত হয়। বৰ্তমান ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক বহুত উন্নত বুলি কব পাৰি।বিশেষকৈ চীনৰ গালৱান উপত্যকাত আগ্ৰাসনী মনোভাৱৰ বাবে ভাৰতে আমেৰিকাৰ লগত সম্পৰ্ক বেছি গাঢ় কৰি তুলিছে। আনহাতে কৰোণা সদৃশ পৰিস্থিতিৰ বাবে চীনৰ বিৰুদ্ধে বিশ্বৰ বহুকেইখন দেশ একত্ৰিত হৈছে। ভাৰতে পশ্চিমীয়া ৰাষ্ট্ৰখনকেইখনৰ লগত এক মৰ্চা গঠণ কৰিছে।

ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত তিনিটা ৰণকৌশলগত বিতৰ্ক হোৱা দেখা যায়—

ক)কিছুমান সমালোচকে ভাৰত আৰু আমেৰিকাৰ মাজত দিনে-দিনে বৃদ্ধি পোৱা সম্পৰ্কত ভিতিগ্ৰস্ত হৈছে। তেওলোকে ভাৰত ৱাশ্বিংটনৰ পৰা অহাটো পছন্দ কৰে আৰু নিজৰ ব্যাপক জাতীয় ক্ষমতা বৃদ্ধিৰ পোষকতা কৰা।

খ) কিছুমান সমালোচকে ভাৰত আৰু আমেৰিকাৰ মাজত দুয়োদেশৰ স্বাৰ্থ প্ৰসাৰিত হোৱাৰ সম্ভাৱনা দেকা পাইছে।

গ)তৃতীয় গোটৰ বিশ্লেষকসকলে কয় যে ভাৰতে আগভাগ লৈ সংযুক্ত মৰ্চা গঠণ কৰিব লাগে আৰু তেতিয়াহে আমেৰিকাৰ আধিপত্য ৰোধ কৰাত সহায়ক হব।

 

৩৭) আধিপত্য বুলিলে কি বুজা? ই কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ আধিপত্য বুলিলে কোনো এখন শক্তিশালী দেশে বা সমষ্টিয়ে বিশ্বৰ বিভিন্ন দেশৰ মাজত নিজৰ ক্ষমতা প্ৰসাৰিত কৰাৰ গুৰুত্ব আৰোপ কৰে। এই আধিপত্য কঠিন, নৰম আৰু গঠণমূলক হব পাৰে আধিপত্য শব্দটো প্ৰচীন গ্ৰীচৰ এথেন্সত উদ্ভৱ হৈছিল।

আধিপত্য তিনি প্ৰকাৰৰ আৰু এই কেইটা তলত আলোচনা কৰা হ'ল—

ক)গঠণমূলক ক্ষমতা হিচাপে আধিপত্যঃ মাৰ্কিন যুক্তৰাষ্ট্ৰই যি আধিপত্য লাভ কৰিছে তাৰ এটা শ্ৰেষ্ঠতম উদাহৰণ হ'ল ইন্টাৰনেট। দ্বিতীয়তে বিশ্ব অৰ্থনীতিৰ ক্ষেত্ৰত অন্তত ভাল উদাহৰণ হ'ল ভাল যোগোযোগৰ সাগৰীয় পথ। এই সাগৰীয় পথতো আমেৰিকাৰ আধিপত্য সবাতোকৈ বেছি। যুদ্ধই হওক বা বেপাৰ-বাণিজ্যই হওক আমেৰিকাক কোনেও প্ৰত্যাহ্বান জনাব নোৱাৰে। বৰ্তমান বিশ্বত আমেৰিকা যুক্তৰাষ্ট্ৰই অৰ্থনীতিৰ ক্ষেত্ৰত ২৮ শতাংশ অংশীদাৰিত্ব লাভ কৰি আছে আৰু বিশ্ব বাণিজ্যৰ ১৫ শতাংশ নিয়ন্ত্ৰণ কৰে। তদুপৰি আজিৰ বিশ্ব অৰ্থনীতিৰ আধাৰ নিৰ্মাণ কৰি দিছে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ব্ৰেটন্ উড্ পদ্ধতি।

খ)কঠিন ক্ষমতা হিচাপে আধিপত্যঃ আমেৰিকাৰ সামৰিক আধিপত্যৰ চৰিত্ৰ দুই প্ৰকাৰৰ – চূড়ান্ত আৰু আপেক্ষিক।চূড়ান্ত বুলি কওতে মাৰ্কিন যুক্তৰাষ্ট্ৰই নিজৰ সামৰিক প্ৰতিপত্তিৰ জৰিয়তে যিকোনো সময়তে এখন দেশত অভিযান চলাব পাৰে। আমেৰিকাৰ সামৰিক শক্তি ইমানেই ভয়াবহ আৰু সামৰ্থবান যে বৰ্তমান বিশ্বৰ কোনো শক্তিয়েই ইয়াৰ লগত ফেৰ মাৰিব নোৱাৰে। ১২ খন ৰাষ্ট্ৰৰ সামৰিক শক্তি লগ-লগালেও আমেৰিকাক পৰাভূত কৰিব নোৱাৰে। উদাহৰণস্বৰূপে দ্বিতীয় বিশ্ব যুদ্ধত আমেৰিকাই জাপানক আৰু ১৯৯১ চনৰ উপসাগৰীয় যুদ্ধত ইৰাকক বিধ্বস্ত কৰি পেলাইছিল।

গ)নৰম ক্ষমতা হিচাপে আধিপত্যঃ আমেৰিকাৰ নৰম ক্ষমতা মানে সামৰিক শক্তিৰ কথা কোৱা হোৱা নাই। আমেৰিকাৰ সংস্কৃতি, খাদ্যাভ্যাস, মানুহৰ ৰুচিবোধ আদি বিভিন্ন ৰাষ্ট্ৰই নিজে-নিজে গ্ৰহণ কৰিছে, ইয়াক আমেৰিকাই জোৰ কৰি জাপি দিয়া নাই, ইয়াকে নমনীয় ক্ষমতা বোলে। নমনীয় ক্ষমতা হিচাপে আমেৰিকাৰ জিনচ্(Jeans)ৰ কাপোৰ গোটেই বিশ্বতে পৰিচিত।আমেৰিকাৰ MTV , খাদ্যাভ্যাস, কাৰ্টুন চিৰিজ সমগ্ৰ বিশ্বতে জনপ্ৰিয়।

 

 

৩৮) ৯/১১ আক্ৰমণৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ ২০০১ চনৰ ১১ ছেপ্তেম্বৰ তাৰিখে আৰবৰ বিভিন্ন দেশৰ পৰা অহা ১৯জন অপহৰণকৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাৰিখন বাণিজ্যিক বিমান নিজৰ কৰায়ত্তলৈ আনি আমেৰিকা যুক্তৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ ভৱনসমূহত আক্ৰমণ কৰে। দুখন আকাশীযানে নিউয়ৰ্ক চহৰত অৱস্থিত বিশ্ব বাণিজ্য কেন্দ্ৰত উত্তৰ আৰু দক্ষিণৰ পৰা প্ৰচণ্ড জোৰেৰে খুন্দা মাৰি কেন্দ্ৰটো ধ্বংস কৰে। তৃতীয়খন আকাশীযানে আৰ্লিংটনত অৱস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ সদৰ কাৰ্যালয় পেণ্টাগণ ভৱনত খুন্দা মাৰিছিল। চতুৰ্থ আকাশী যানখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছ ভৱন অভিমুখে ৰাওনা হওতে কাৰিকৰী বিজুতিৰ বাবে পেনচিলভেনিয়াৰ এখন পথাৰত ভূপাতিত হৈছিল। এই আক্ৰমণক ৯/১১ আক্ৰমণ বুলি কোৱা হয়। এই আক্ৰমণত প্ৰায় ৩০০০ মানুহৰ মৃত্যু আৰু বহু লোক আহত হৈছিল। ১৭৭৬ চনত ৰাষ্ট্ৰ গঠণ হোৱাৰ পৰা বৰ্তমানলৈকে আমেৰিকাত এনে ধৰণৰ সাংঘাতিক আক্ৰমণ হোৱা নাই।

/১১ ঘটনাৰ প্ৰতি আমেৰিকাৰ জবাব আছিল দ্ৰুত আৰু অতি নিষ্ঠুৰ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমেৰিকাই অতি সোণকালে আল-কাইডা আৰু তালিবানৰ বিৰুদ্ধে স্থায়ী স্বাধীনতা অভিযান আৰম্ভ কৰিছিল। আফগানিস্থানৰ পৰা যদিও তালিবানৰ শাসন ওফৰাই পেলাবলৈ সক্ষম হৈছিল তথাপি কিন্তু তালিবান অল-কাইডাৰ সন্ত্ৰাস সম্পূৰ্ণভাৱে নিৰ্মূল কৰিবলৈ সক্ষম হোৱা নাছিল।

 

৩৯)গুৱাণ্টানামো উপকূল কি? ইয়াৰ তাৎপৰ্য কি?

উত্তৰঃ/১১ আক্ৰমণৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বাহিনীয়ে সমগ্ৰ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা সন্ত্ৰাসবাদীসকলক আটক কৰি কিউবাৰ এখন উপসাগৰীয় অঞ্চলত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌ-বাহিনীৰ ঘাটিত বন্দী কৰি ৰাখে।এই উপসাগৰীয় অঞ্চলটোকে গুৱান্টানামো উপকূল বুলি জনা যায়।

গুৱান্টোনামো উপকূলৰ তাৎপৰ্য হ'ল আমেৰিকাই গুৱান্টোনামো উপকূলত বন্দী কৰি ৰখা বন্দীসকলক কোনো ধৰণৰ স্বাধীনতা প্ৰদান কৰা নাছিল। আনকি, যি ৰাষ্ট্ৰৰ পৰা সন্ত্ৰাসবাদীসকলক বন্দী কৰা হয় সেই ৰাষ্ট্ৰৰ চৰকাৰকো এই বিষয়ে অৱগত কৰা নাছিল। এনেদৰে বন্দী কৰি ৰখা সন্ত্ৰাসবাদীয়ে আন্তৰ্জাতিক আইন বা তেওলোকৰ নিজ দেশৰ আইন বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইন উপভোগ কৰিব নোৱাৰে। আনকি, ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিসকলকো এই বন্দীসকলক সাক্ষাৎ কৰিবলৈ দিয়া নাছিল।

 

৪০) কেতিয়া আৰু কিয় আমেৰিকাৰ আধিপত্য বিস্তাৰ আৰম্ভ হৈছিল?

উত্তৰঃ বিশ্বত শীতল যুদ্ধ চলি থকা সময়ত অৰ্থাৎ ১৯৪৫ চনৰ পৰা ১৯৯১ চনলৈকে বিশ্বৰ ক্ষমতাবোৰ দুটা ৰাষ্ট্ৰগোষ্ঠীৰ মাজত বিভক্ত হৈ আছিল। এই গোষ্ঠীদুটাৰ নেতৃত্ব বহন কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন। এই ৰাষ্ট্ৰদুখন সেইসময়ত আন্তৰ্জাতিক ৰাজনৈতিক ক্ষেমতাৰ কেন্দ্ৰ-বিন্দু হৈ পৰিছিল। কিন্তু ছোভিয়েট ইউনিয়ন ভাঙোনৰ পিছত অৰ্থাৎ ১৯৯১ চনৰ পিছত বিশ্বৰ সকলোবোৰ ক্ষমতা আমেৰিকাৰ হাতত কেন্দ্ৰীভূত হৈ পৰিছিল আৰু তেতিয়াৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য তথা প্ৰভুত্ত আৰম্ভ হৈছিল।

 

৪১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যক প্ৰত্যাহ্বান জনাব পৰা দুটা কাৰক উল্লেখ কৰা।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যক প্ৰত্যাহ্বান জনাব পৰা দুটা কাৰক হ'ল-  ক)বেচৰকাৰী প্ৰতিষ্ঠান।

খ)সফল অভিযানৰ কৌশল।

 

৪২) সফল অভিযানৰ কৌশল বা বেণ্ডৱেগন কি?

উত্তৰঃ আধিপত্যসূচক প্ৰভাৱ বিস্তাৰ কৰাৰ সুযোগ গ্ৰহণ কৰিবলৈ হলে আন ৰাষ্ট্ৰৰ আধিপত্যসূচক প্ৰভাৱক বিৰোধ কৰাতকৈ নিজৰ দেশৰ উৎপাদন বৃদ্ধি কৰি বাণিজ্য সম্প্ৰসাৰণ, প্ৰযুক্তিবিদ্যাৰ উন্নতি আৰু আন ৰাষ্ট্ৰত অৰ্থ বিনিয়োগ কৰিব লাগে। ইয়াকে সফল অভিযানৰ কৌশল বা বেণ্ডৱেগন বোলে।

 

 

 

 


Post a Comment

Post a Comment (0)

Previous Post Next Post