জিকিৰঃ আজান ফকিৰ
দশম শ্ৰেণী
অসমীয়া (অসমীয়া সাহিত্য
চয়নিকা)
অনুশীলনী
ভাব বিষয়ক
১। চমু উত্তৰ দিয়াঃ
ক)
জিকিৰৰ ৰচক কোন?
উত্তৰঃ আজান ফকীৰ।
খ)
জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি ?
উত্তৰঃ জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক তথা স্তুতি মূলক গীতৰ লগত তুলনা কৰিব
পাৰি।
গ)
‘জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে ?
উত্তৰঃ ‘জিকিৰ’ শব্দটো আৰবী ‘জিকৰ’ শব্দৰ পৰা ওলাইছে।
২।
তলৰ শব্দবোৰৰ অৰ্থ লিখাঃ
ৰছুল — ঈশ্বৰ প্ৰেৰিত দূত, দেৱদূত, আল্লাৰ দূত
মোমিন — বিশ্বাসী মুছলমান
ৰহম — দয়া
কুটুব — ধ্ৰুৱ, নক্ষত্ৰ, তৰা
বান্দা — ভৃত্য
৩।
“মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।
যেনে শালে শ’লৰ লগত দৰিকাৰ
টপালি।”
―উল্লেখিত কবিতাফাকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ
কৰা।
উত্তৰঃ আজান ফকিৰৰ দ্বাৰা ৰচিত উক্ত কবিতাফাঁকিৰ জৰিয়তে মানৱ জীৱনৰ কথা
ক’বলৈ বিচৰা হৈছে।
মক্কা হ’ল মুছলমান
ধৰ্মালম্বীসকলৰ এক পবিত্ৰ তীৰ্থস্থান। ইয়াত আল্লা অৰ্থাৎ ভগৱানৰ দৰ্শন
লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায়। কিন্তু ইয়াৰ মাজেৰে জীৱই আল্লাৰ কোনো
সন্ধান নাপায়। কিয়নো জীৱকালত যি এবাৰো আল্লাই নিৰ্দেশ কৰা পথত খোজ দিয়া নাই তেওঁক
আল্লাক কাহানিবাই পৰিত্যাগ কৰিছে। মানুহৰ ভূল ধাৰণৰ বশৱৰ্তী হৈ মানৱ জীৱনত এটাৰ
পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় তাত পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কৰ্মত
লিপ্ত হোৱাজনে মুখেৰে আল্লাৰ নাম ললেই কেতিয়াও মুক্তি নাপায়। আচলতে বিশ্বাসী
মুছলমানজনৰ অন্তৰতে আল্লা লুকাই থাকে। তাক মাত্ৰ স্মৰণ কৰিলেই হ’ল।
৪।
ব্যাখ্যা কৰা।
ক)
পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।
খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।
উত্তৰঃ বাখ্যেয় কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তগৰ্ত আজান ফকিৰৰ দ্বাৰা
ৰচিত ‘জিকিৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া
হৈছে।
আল্লা অৰ্থাৎ ভগৱানৰ
সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই ক’বলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা
কৰিছে।
পানীৰ পিয়াহত মৰা আৰু
অগ্নি জাৰত মৰা দুয়োটা কথাই অসম্ভৱ। অৰ্থাৎ পানীৰ ভিতৰতে নিজৰ পিয়াহ গুচোৱা শক্তি
লুকাই আছে। ঠিক তেনেদৰে জুইৰ উত্তাপ শক্তিও নিজৰ ভিতৰতে লুকাই আছে। কিন্তু পানী
আৰু জুইয়ে নিজৰ শক্তিৰ কথা নাজানে। ঠিক তেনেদৰে পানীৰ পিয়াহত অধীৰজনে পানীক পানী
বুলি চিনি নাপালে বা জাৰত কঁপি থকা মানুহ এজনে জুইৰ অস্তিত্বৰ কথা নাজানিলে তাক
বিচাৰি চলাথ কৰিলেও বিচাৰি পোৱা নাযায়। আল্লা বা ভগৱান আমাৰ হৃদয়ত থাকে। কিন্তু
আমি তেওঁক চিনি নাপালে বা তেওঁৰ অপাৰ মহিমাৰ কথা নাজানিলে এই ব্ৰহ্মাণ্ড চলাথ
কৰিলেও বিচাৰি নাপাও। সৎ কৰ্মত বিশ্বাসী, প্ৰকৃত মুছলমানৰ
কৰ্ত্তব্য পালনত দৃঢ় সংকল্প, লৈ কোনো কৰ্মত লাগিলে অন্তৰতেই
আল্লাৰ নিবাস কৰে। প্ৰকৃত মুছলমানৰ অন্তৰত আল্লা বিৰাজমান। ই পৰম সত্য।
খ)
মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।
বেহাব নোৱাৰি তাত মায়াই ভেটে বাট।।
উত্তৰঃ বাখ্যেয় কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তগৰ্ত আজান ফকিৰৰ দ্বাৰা
ৰচিত ‘জিকিৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া
হৈছে।
মায়াত আৱদ্ধ হৈ জীৱন
পাৰ কৰি মানুহে কিদৰে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাথুৰি খায় তাৰ কথা
কবলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।
ইয়াত মক্কাক পবিত্ৰ তিৰবেণীৰ ঘাট বুলি কোৱা হৈছে। তিৰবেণী অৰ্থাৎ
ত্ৰিৱেণী হৈছে হিন্দু সকলৰ পবিত্ৰ তীৰ্থস্থান। হিন্দু সকলে পবিত্ৰ বুলি মানি অহা
যমুনা, গংগা, আৰু
সৰস্বতী নদীয়ে বাৰানসীৰ যি ঠাইত মিলিত হৈছিল সেই ঠাইয়েই হৈছে ত্ৰিৱেণী ঘাট।
প্ৰতিগৰাকী হিন্দুৱেই যদি সেই ত্ৰিৱেণীলৈ গৈ তিনিও সংগমস্থলত স্নান কৰিব পাৰে
তেন্তে সকলোঁ পাপ খণ্ডন হয় বুলি বিশ্বাস কৰে। সেইবাবে পবিত্ৰ মক্কাক ত্ৰিৱেণীৰ
লগত তুলনা কৰা হৈছে। কিয়নো মক্কা হ’ল মুছলমানসকলৰ বাবে এখন পবিত্ৰ তীৰ্থস্থান,
মক্কালৈ গ’লে হেনো সকলো পাপৰ পৰা মুক্তি লাভ হয় আৰু জীৱন মুক্তি লাভ
কৰে। কিন্তু এই সংসাৰৰ মায়া মোহত বন্দী হৈ থকা মানুহে মক্কালৈ গ’লে মনত সুখ,
শান্তি নাপায়। কিয়নো তেওঁলোকে সংসাৰৰ আন লোকে যোৱা দেখি মক্কালৈ
গৈছে হয়, কিন্তু প্ৰকৃত অন্তৰেৰে মুক্তি বা আল্লাক বিচাৰিব
পৰা নাই। সংসাৰৰ মায়াই তেওঁলোকক মুক্তিৰ পথত বাধা হে দিছে। ফলত জীৱই সুখৰ উপৰি
দুখ হে পাব লগা হৈছে।
গ)
সজাই মইনাটিৰ অনেক যুগুতি।
দেও
মাৰি পাৰ হ’লে এৰিলে পিৰীতি।
উত্তৰঃ বাখ্যেয় কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তগৰ্ত আজান ফকিৰৰ দ্বাৰা
ৰচিত ‘জিকিৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া
হৈছে।
মানৱ দেহত আৱদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথা কবলৈ গৈ কবিয়ে
উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।
মইনা চৰাইক সজাত বন্দী কৰি পুহি ৰখাৰ দৰেই আমাৰ আত্মাকো মানৱ দেহৰূপী
সজাত বন্দী কৰি ৰখা হৈছে। সজা এটাত বন্দী মইনা চৰাই এটাই যিদৰে মিঠা মাত
মাতি গৃহস্থৰ মন ভূলাই ঠিক তেনেদৰে মানৱ দেহত বন্দী আত্মায়ো নানা ধৰনৰ আচৰণেৰে মানুহক
সুখী কৰিবলৈ মুক্তি দি কাম কৰিবলৈ বাধ্য কৰায়। গোটেই জীৱন দেহটোৰ সুখ দুখৰ চিন্তা
কৰি দেহটোৰ প্ৰেমত মগ্ন হৈ থাকে। কিন্তু দেহৰ সৈতে আত্মাৰ এই সম্পৰ্ক চিৰস্থায়ী
নহয়। এই সম্পৰ্কটো ছেদ হ’লেই আত্মাই দেহ ত্যাগ কৰে। আত্মাহীন দেহ এটা মূল্যহীন,
গতিকে আত্মাহীন দেহক আমি মৃতদেহ হিচাপে
পুৰি বা পুতি পেলাওঁ। ইয়াক লৈ আত্মাৰ কোনো দুখ নাথাকে, মৃতদেহৰ
পিছত সজাত্যাগি মইনাই যিদৰে সজা আৰু গৃহস্থৰ মৰম, স্নেহ,
প্ৰেম, প্ৰীতিৰ পৰা মুক্ত হয়, তেনেদৰে আত্মায়ো নিজৰ মৃতদেহ আৰু সংসাৰৰ মায়া-মোহ, প্ৰেম-প্ৰীতিৰ
পৰা মুক্ত হৈ পৰে।
ভাষা-বিষয়কঃ
১। সমাৰ্থক শব্দ লিখাঃ
চিন্তো — স্মৰণ কৰা, ভবা, চিন্তা কৰা
ঘাট
— বন্দৰ
পিৰীতি
— প্ৰেম, প্ৰীতি, স্নেহ, মৰম
আচমান — আকাশ, গগন
দৰিয়া
— নদী, সাগৰ, জলাশয়
পিয়াহ
— তৃষ্ণা
বাট
— ৰাস্তা, পথ, আলি
ভেল — দেহ, শৰীৰ
Post a Comment