তৰ্কবিজ্ঞান আৰু দৰ্শন
(Logic & Philosophy)
ধৰ্মঃ ইয়াৰ অৰ্থ আৰু প্ৰকতি, ধৰ্ম আৰু
নৈতিকতা
দ্বাদশ শ্ৰেণী
(HS 2nd Year)
HS 2nd Year Logic & Philosophy
অতি চমু উত্তৰৰ প্ৰশ্নঃ
১।
লেটিন ভাষাৰ Religare শব্দৰ অৰ্থ কি?
উত্তৰঃ
বন্ধন।
২।
ধৰ্ম শব্দটো কোনটো সংস্কৃত শব্দৰ পৰা আহিছে?
উত্তৰঃ
ধৃ ধাতুৰ লগত মন প্ৰত্যয় সংযোগ কৰি ধৰ্ম শব্দটোৰ
উদ্ভৱ হৈছে।
৩।
ইংৰাজী Religion শব্দটো কোনটো শব্দৰ পৰা আহিছে?
উত্তৰঃ
লেটিন শব্দ Religareৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল বন্ধন।
৪।
‘চিন্তা আৰু সত্ত্বা পৰিশেষত অভিন্ন’-কোনে কৈছিল?
উত্তৰঃ
বেইনে কৈছিল।
৫।
ধৰ্ম কি?
উত্তৰঃ
কোনো অতীন্দ্ৰিয় শক্তিত কৰা বিশ্বাসেই হ’ল সাধাৰণ অৰ্থত ধৰ্ম।
চমু/দীঘল উত্তৰৰ প্ৰশ্নঃ
ধৰ্ম
কি? বহলাই লিখা।
উত্তৰঃ মানৱ
সভ্যতাৰ বিকাশৰ আৰম্ভণিৰে পৰা সাম্প্ৰতিক সময়লৈকে ‘ধৰ্ম’ শব্দটো মানৱ সমাজৰ লগত জড়িত হৈ আহিছে। ‘ধৰ্ম’ শব্দটোৰ ইংৰাজী প্ৰতিশব্দটো হ’ল ‘Religion’। এই ‘Religion’ শব্দটো আহিছে ‘Religare’ শব্দৰ পৰা যাৰ অৰ্থ হ’ল একে লগে ধৰি ৰখা। ‘ধৰ্ম’
শব্দটো সংস্কৃত ধৃ ধাতুৰ পৰা আহিছে যাৰ অৰ্থ হ’ল- ধৰি ৰখা।
সামাজিক জীৱনৰ বৃহত্তৰ ঐক্যৰ মাজত যি ব্যৱস্থাই মানুহৰ জীৱনক ধৰি ৰাখে সেয়াই ধৰ্ম।
ধৰ্ম বুলি কলে আমি মানুহৰ জীৱনৰ সেই
সামগ্ৰিক শক্তিক বুজো, যি মানুহৰ অন্তৰ্নিহিত কল্যাণকাৰী ক্ষমতাক পৰিস্ফুট কৰি
তোলে। ধৰ্মই মানুহৰ জীৱন-ধাৰণৰ প্ৰণালী, কৰ্ম, নীতি-নিয়ম, বিশ্বাস, পৰম্পৰা আদিক
বুজায়।
২।
ধৰ্ম আৰু নৈতিকতাৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা।
উত্তৰঃ
ধৰ্ম
আৰু নৈতিকতাৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল—
ক) ধৰ্মৰ মূল কেন্দ্ৰ হ’ল
ঈশ্বৰ। কিন্তু মানুহ হ’ল নৈতিকতাৰ মূল কেন্দ্ৰ।
খ) ধৰ্মই কোনো এক অতীন্দ্ৰিয় সত্ত্বাক
বিশ্বাস কৰে। আনহাতে, নৈতিকতাই কোনো অতীন্দ্ৰিয় সত্ত্বাক বিশ্বাস নকৰে।
গ) ধৰ্মৰ উপাদান হ’ল
বিশ্বাস। আনহাতে, নৈতিকতাৰ মূল উপাদান হ’ল কৰ্ম।
ঘ) ধৰ্ম হ’ল অসীমৰ মাজৰ পৰাই অগ্ৰগতি।
আনহাতে, নৈতিকতা হ’ল অসীমৰ দিশলৈ অগ্ৰগতি।
ঙ) ধৰ্ম হ’ল আবেগ-অনুভূতিযুক্ত
জ্ঞান। আনহাতে, নৈতিকতা হ’ল আবেগমুক্ত।
চ) ধৰ্ম তিনিটা মৌলিক প্ৰমূল্য- সত্যম,
শিৱম আৰু সুন্দৰ্মৰ লগত জড়িত। আনহাতে, নৈতিকতা মানৱ জীৱনৰ পৰম কল্যাণৰ আদৰ্শৰ লগত
জড়িত।
৩।
ধৰ্ম আৰু নৈতিকতাৰ মাজত থকা সাদৃশ্যতাবোৰ লিখা।
উত্তৰঃ
ধৰ্ম
আৰু নৈতিকতাৰ মাজত থকা সাদৃশ্যতাবোৰ হ’ল—
ক) ধৰ্ম আৰু নৈতিকতা উভয়েই এক নিৰ্দিষ্ট
সামাজিক ব্যৱস্থাৰ আধাৰত ব্যক্তিগত আৰু সামাজিক কল্যাণ সাধনৰ উদ্দেশ্যে কেতবোৰ
আচৰণ নীতি নিৰূপন কৰে।
খ) ধৰ্ম আৰু নৈতিকতা উভয়ে ঈশ্বৰৰ অস্তিত্বক
স্বীকৃত অভিধাৰণা হিচাপে মানি লয়।
গ) ধৰ্ম আৰু নৈতিকতা উভয়ৰ ক্ষেত্ৰতে আত্মাৰ
অমৰত্মক মানি লোৱা হয়।
ঘ) ধৰ্ম আৰু নৈতিকতা উভয়েই পৰম মূল্যৰ ওপৰত
আধাৰিত।
ঙ) ধৰ্ম আৰু নৈতিকতা উভয়ে মানৱ কল্যাণৰ
ওপৰত গুৰুত্ব আৰোপ কৰে।
৪।
“ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি”
-এই মতবাদটো আলোচনা কৰা।
উত্তৰঃ ধৰ্মৰ পৰাই
নীতিৰ উৎপত্তি। ডেকাৰ্ট, জন লক, পেলে আদি দাৰ্শনিকসকলৰ মতে ধৰ্মৰ পৰাই নীতিৰ
উৎপত্তি। নীতি আৰু নৈতিক আদৰ্শ ঈশ্বৰৰ অৱদান। ঈশ্বৰে নিজৰ ইচ্ছামতে নীতি সৃষ্টি
কৰিছে আৰু মানুহৰ বাবে তেওঁ নানা প্ৰকাৰৰ বিধি বা নিয়ম প্ৰৱৰ্তন কৰিছে। এই বিধি বা
নিয়ম মানি চলাই মানুহৰ যথাৰ্থ কৰ্তব্যয ঈশ্বৰৰ এই নিয়ম বা বিধান নৈতিক জীৱনৰ
শ্ৰেষ্ঠ বিধান। এই বিধান বা নিয়ম মানি চলিলে মানুহে পৰমাৰ্থ লাভ কৰিব পাৰে আৰু
মানি নচলিলে মানুহৰ অমংগল হ’ব। গতিকে প্ৰথমতে ঈশ্বৰ আৰু ঈশ্বৰৰ বিধান
তাৰ পিছত নীতি। ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি।
ডেকাৰ্ট, লক, পেলে আদি দাৰ্শনিকৰ মতবাদ
গ্ৰহণ কৰিব নোৱাৰি। কাৰণ ঈশ্বৰৰ কোনো নিজস্ব নৈতিক চৰিত্ৰ নাই। ঈশ্বৰ সৰ্বশক্তিমান
হ’লেওঁ শুভ কৰ্মক অশুভ আৰু অশুভ কৰ্মক শুভ কৰিব নোৱাৰে। এই মতবাদ অনুসৰি
পুৰস্কাৰৰ আশাত মানুহে সৎ কাম কৰে আৰু শাস্তিৰ ভয়ত অসৎ কামৰ পৰা বিৰত থাকে। কিন্তু
পুৰস্কাৰৰ লোভত বা শাস্তিৰ ভয়ত কৰা কোমবোৰ নৈতিক বিচাৰৰ বিষয়বস্তু নহয়।
৫।
“নীতিৰ পৰাই ধৰ্মৰ উৎপত্তি”
-এই মতবাদটো আলোচনা কৰা।
উত্তৰঃ
কাণ্ট,
মাৰ্টিনিউ আদি দাৰ্শনিকসকলৰ মতে নীতিৰ পৰাই ধৰ্মৰ উৎপত্তি। কাণ্টৰ মতে মানুহে
দৃঢ়তাৰে বিশ্বাস কৰে যে সৎ আচৰণৰ ফল সুখদায়ক আৰু অসৎ আচৰণৰ ফল দুখদায়ক। কিন্তু
বাস্তৱ জীৱনত ইয়াৰ ওলোটা প্ৰতিচ্ছবি দেখা যায়। সৎ ব্যক্তিয়ে দুখ ভোগ কৰে আৰি অসৎ
ব্যক্তিয়ে সুখ আনন্দত জীৱন কটায়। কিন্তু সৎ কামৰ নিজস্ব এনে কোনো শক্তি নাই যাৰ
দ্বাৰা সৎ ব্যক্তিক সুখ দিব পাৰে। আৰু অসৎ কামৰো এনে কোনো গুণ নাই যাৰ দ্বাৰা অসৎ
লোকজনক শাস্তি দিব পাৰি। গতিকে কাণ্টৰ মতে ঈশ্বৰক বিশ্বাস কৰাৰ বাহিৰে আন কোনো
উপায় নাই। ঈশ্বৰেই আমাৰ পাপ-পূণ্যৰ বিচাৰ কৰে। এই জীৱনত নহলেও পৰৱৰ্তী জীৱনত
মানুহে সৎ কামৰ বাবে পুৰস্কাৰ আৰু অসৎ কামৰ বাবে শাস্তি পাবই। গতিকে নীতিৰ পৰাই
ধৰ্মৰ উৎপত্তি। ধৰ্ম নীতিৰ ওপৰত নিৰ্ভৰশীল।
মাৰ্টিনিউৰ মতে নৈতিক বাধ্যতাবোধ আৰু
দায়িত্ববোধৰ পৰাই ঈশ্বৰৰ ধাৰণাৰ সৃষ্টি হৈছে। তেও মতে যি ক্ৰিয়া নীতিসন্মত সেই
ক্ৰিয়া সম্পাদন কৰিবলৈ আৰু আৰু যি ক্ৰিয়া নীতিসন্মত নহয় তাক বৰ্জন কৰিবলৈ আমি
বাধ্যতাবোধ অনুভৱ কৰো। এই বাধ্যতাবোধ যিকোনো মানুহৰ বাবে হ’ব
নোৱাৰে। সেইকাৰণে আমি দৃঢ়তাৰে বিশ্বাস কৰো যো এনে কোনো এক নৈতিক শক্তি আছে বা এনে
কোনো সৰ্বজ্ঞ ঈশ্বৰ আছে যাক আমি ফাকি দিব নোৱাৰো আৰু আমাৰ মনৰ গোপন উদ্দেশ্য আৰু
অভিপ্ৰায় জানি আছে। সেয়েহে মাৰ্টিনিউৰ মতে বাধ্যতাবোধৰ পৰাই ঈশ্বৰৰ ধাৰণাৰ উৎপত্তি
হৈছে অৰ্থাৎ নীতিৰ পৰাই ধৰ্মৰ উৎপত্তি হৈছে।
৬।
“ধৰ্ম আৰু নীতি পৰস্পৰ পৃথক”
–এই মতাবাদটো বাখ্যা কৰা।
উত্তৰঃ ধৰ্ম আৰু
নীতি স্বতন্ত্ৰভাৱে উৎপত্তি হৈছে। ধৰ্ম আৰু নীতি পৰস্পৰ পৃথক। নীতিৰ পৰা ধৰ্মৰ
উৎপত্তি হোৱা নাই। ধৰ্মৰ উদ্ভৱ হৈছে কোনো এক পৰম সত্ত্বাৰ ওপৰত নিৰ্ভৰতাবোধৰ পৰা।
মানুহ যেতিয়া সমস্যাত পৰেনিজক অতি অসহায় বুলি ভাৱে আৰু কোনো উপযুক্ত আশ্ৰয় বিচাৰি
নাপায় যেতিয়া ঈশ্বৰৰ আশ্ৰয় লয়। তেতিয়া এই সমস্যাৰ পৰা সামুহে সমাধান পোৱাৰ কাৰণে
ঈশ্বৰেই একমাত্ৰ ত্ৰাণকৰ্তা হৈ পৰে। এনেদেৰ ধৰ্মৰ উৎপত্তি হয়।
আনহাতে, নীতি উদ্ভৱ হৈছে বিবেক বুদ্ধিৰ
পৰা। মানুহে নিজৰ এই বিবেক-বুদ্ধি আৰু বিচাৰ-বুদ্ধিৰ দ্বাৰাই সৎ আৰু অসৎৰ পাৰ্থক্য
বুজি পায়। এনেদৰে মানুহৰ বিবেক-বুদ্ধিয়ে নৈতিক আদৰ্শ দাঙি ধৰে।
ধৰ্ম আৰু নীতি পৰস্পৰ পৃথক যদিও ধৰ্ম আৰু
নীতিৰ মাজত ঘনিষ্ঠ সম্বন্ধ আছে। মানুহৰ ধৰ্মভাৱ যিমানেই বাঢ়ে, তেওৰ সৎ আচৰণ কৰাৰ
প্ৰৱণতাও সিমানে বাঢ়ে। মানুহ ধৰ্মজ্ঞান বা ঈশ্বৰ বিশ্বসে মানুহক স্বাভাৱিকতেই
ন্যায়ৰ পথত চলাত প্ৰেৰণা দিয়ে। সেইকাৰণে ধৰ্মজ্ঞান যিমানেই বাঢ়ি থাকে নীতিজ্ঞান
সিমানেই উন্নত হয়।
আকৌ, নীতিজ্ঞান যিমানেই বৃদ্ধি হয়,
ধৰ্মভাৱ সিমানেই গভীৰ আৰু নিবিড় হৈ উঠে। নীতিয়েই ধৰ্মভাৱক কুসংস্কাৰৰ পৰা মুক্ত
কৰে। ধৰ্ম আৰু নীতি প-থক হ’লেওঁ দুয়ো পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। দুয়োৰে সম্বন্ধ এনে নিবিড় আৰু গভীৰ যে
এটাক আনটোৰ পৰা পৃথক কৰিব নোৱাৰি।
৭।
ধৰ্মৰ প্ৰধান বৈশিষ্ট্যবোৰ লিখা।
উত্তৰঃ ধৰ্মৰ
প্ৰধান বৈশিষ্টবোৰ হ’ল—
ক) ধৰ্মই মানসিক শক্তিৰ প্ৰেৰণাৰূপে কাম
কৰে। যেনে ব্যক্তিৰ জীয়াই থকাৰ বাসনা, আত্মবিশ্বাস আৰু কল্যাণ লাভৰ আকাংক্ষা জগায়।
খ) ধৰ্মই কোনো উচ্চতৰ অতিন্দ্ৰীয় সত্ত্বাত
বিশ্বাস কৰে আৰু ব্যক্তিয়ে নিজৰ মংগলৰ কাৰণে এই সত্ত্বাৰ ওপৰত নিৰ্ভৰ কৰে।
গ) ধৰ্মৰ এটা বাহ্যিক দিশ আছে। বাহ্যিক দিশ
হ’ল ধৰ্মীয় আচাৰ-অনুষ্ঠান। এই বাহ্যিক দিশৰ মাজেদিয়েই ধৰ্মীয় অনুভূতি প্ৰকাশ
পায়।
৮।
কাণ্টৰ ধৰ্মৰ সংজ্ঞা দিয়া। এই সংজ্ঞাটিৰ ত্ৰুটি কি?
উত্তৰঃ
কাণ্টে
ধৰ্মক নৈতিক ধাৰণাৰ লগত অভিন্ন বুলি গণ্য কৰিছে। কাণ্টৰ ধৰ্মৰ সংজ্ঞাটো হ’ল “আমাৰ সকলো কৰ্তব্যক ঐশ্বৰিক আদেশৰূপে স্বীকাৰ কৰি লোৱাই হ’ল ধৰ্ম”।
কাণ্টৰ ধৰ্মৰ সংজ্ঞাত তিনিটা মানসিক
ক্ৰিয়া আছে –চিন্তা, অনুভূতি আৰু ইচ্ছা। এই মানসিক ক্ৰিয়াকেইটাৰ ভিতৰত ইচ্ছাক
বেছিকৈ গুৰুতিব দিছে। তেওৰ মতে ধৰ্ম কেৱল ইচ্ছাৰ বিষয়। তেওঁ নৈতিক ইচ্ছাৰ
পৰিপ্ৰেক্ষিতত ধৰ্মৰ সংজ্ঞা দিছে। ইচ্ছাক বেছি প্ৰাধান্য দিয়াটোৱেই হ’ল
কাণ্টৰ ধৰ্মৰ সংজ্ঞাৰ ত্ৰুটি।
৯।
মেগটেগাৰ্টৰ ধৰ্মৰ সংজ্ঞা দিয়া। এই সংজ্ঞাটিৰ ত্ৰুটি কি?
উত্তৰঃ
অনুভূতিৰ
দিশৰ পৰা মেগটেগাৰ্টৰ সংজ্ঞাটো হ’ল –“ধৰ্ম হ’ল এক প্ৰকাৰৰ আবেগ, যিটোৱে বিশ্বাস কৰে যে মানুহ আৰু জগতৰ মাজত এটা
সামঞ্জস্য আছে।” এই সংজ্ঞাটোৱে ধৰ্মৰ ভিতৰত থকা আবেগ আৰু
অনুভূতিৰ দিশটো প্ৰকাশ কৰে। কিন্তু ধৰ্মৰ ভিতৰত থকা ক্ৰিয়ামূলক দিশটোক প্ৰকাশ
নকৰে। এই ক্ৰিয়ামূলক দিশটো প্ৰকাশ নকৰাটোৱেই হৈছে এই সংজ্ঞাটোৰ প্ৰধান ত্ৰুটি।
Post a Comment