বৰগীত, Borgeet (শ্ৰী শ্ৰী মাধৱদেৱ) ।। দশম শ্ৰেণী অসমীয়া (অসমীয়া সাহিত্য চয়নিকা) পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।। Class X Assamese

 

বৰগীতঃ শ্ৰী শ্ৰী মাধৱদেৱ
দশম শ্ৰেণী
অসমীয়া (অসমীয়া সাহিত্য চয়নিকা)


বৰগীতঃ শ্ৰী শ্ৰী মাধৱদেৱ দশম শ্ৰেণী অসমীয়া (অসমীয়া সাহিত্য চয়নিকা)
বৰগীতঃ শ্ৰী শ্ৰী মাধৱদেৱ


 

অনুশীলনী

 

১। চমুকৈ উত্তৰ দিয়াঃ

ক) “....নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।

  কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?

উত্তৰঃ কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে।

 

খ)‘সনক সনন্দ যোগী যাহাকো ধিয়ায়।’

    সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?

উত্তৰঃ শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে।

 

গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?

উত্তৰঃ কবিয়ে সাংসাৰিক দুখ তথা বিষয়-বাসনাৰ তাড়নাত আতুৰ হোৱা বুলি কবিয়ে উল্লেখ কৰিছে। বিষয়ৰ বন্ধনেই হৈছে সাংসাৰিক দুখৰ মূল কাৰণ।

 

ঘ) বৰগীতটি কোনে ৰচনা কৰা ?

উত্তৰঃ শ্ৰী শ্ৰী মাধৱদেৱ।

 

ঙ) বৰগীতটি কি ৰাগত বন্ধা?

উত্তৰঃ বসন্ত ৰাগত বন্ধা।

 

চ) কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে ?

উত্তৰঃ  কবিয়ে ‘বান্ধৱ’ বুলি হৰিক অৰ্থাৎ ভগৱানক সম্বোধন কৰিছে।

 

ছ) ‘মোহ-পাশ’মানে কি ?

উত্তৰঃ ‘মোহ-পাশ’ মানে মায়াৰ বন্ধন। মায়া-মোহেই হৈছে জাগতিক আসক্তি তথা বন্ধনৰ মূল কাৰণ। ইয়াত পাশ শব্দই ‘বন্ধন’ক সূচাইছে।

 



২। বৰগীতটোৰ মূলভাৱ লিখা। 

উত্তৰঃ ভক্তকবি মাধৱদেৱে ভগৱন্তৰ চৰণত একান্তভাৱে আত্মনিবেদন কৰি তেওঁক জীৱনে-মৰণে নেৰিবৰ কাৰণে অতিশয় কাকুতি-আবেদন কৰিছে। ভগৱানৰ মহিমা অপাৰ। আগম আৰু নিগম প্রভৃতি শাস্ত্ৰত ভগৱানৰ বিভিন্ন মহিমাৰ বৰ্ণনা দাঙি ধৰা হৈছে যদিও একান্ত ভিতি অবিহনে ভগৱানৰ স্বৰূপ উপলব্ধি কৰা সম্ভৱ নহয়। আনকি ব্ৰহ্মাদি দেৱতাসকলেও ভগৱানৰ প্রকৃত স্বৰূপ উপলব্ধি কৰিবলৈ সক্ষম নহয়। 

        কবিয়ে কৈছে  সাংসাৰিক বান্ধোনৰ প্রতি আকৰ্ষিত‌ কৰিছে বাবেই তেওঁ উদ্ধাৰৰ পথ বিচাৰি ভগৱানৰ চৰণত আত্মসমৰ্পণ কৰিছে। ভক্তৰ মনোবাঞ্ছা পূৰণ কৰি ভগৱানে কৃপা কৰিলেহে তেওঁ সাংসাৰিক মোহ-বন্ধনৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হ’ব। সেৱে তেওঁ ভগৱানৰ চৰণত শৰণ কৰি ভিক্ষা কৰিছে।

 

৩. বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। 

উত্তৰঃ শ্ৰীশ্ৰীমাধৱদেৱ নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম গুৰিধৰোতা তথা প্রচাৰক। লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ১৪৮৯ চনত মাধৱদেৱৰ জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা ৷ শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংক অনুকৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত ঠাইত নৱবৈষ্ণৱ ধৰ্ম প্রচাৰ কৰিছিল। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল ‘নামঘোষা’। এহেজাৰটা ঘোষা থকা বাবে এইখনক ‘হেজাৰী ঘোষা’ বুলিও কোৱা হয়। তেখেতৰ আন আন ৰচনাসমূহ হ’ল- আখ্যানমূলক ৰচনা– ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ। তত্বমূলক ৰচনা- জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা। নাট– অৰ্জুন-ভজ্ঞন বা দধি-মথন। ঝুমুৰা– চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি-লেটোৱা, ভোজন-বিহাৰ।

        মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্রচাৰিত বৈষ্ণৱ ধৰ্মক সাধাৰণ মানুহৰ অধিক কাষ চপাই নিয়াৰ অৰ্থে মাধৱদেৱে তেওঁৰ ৰচনাৰাজিত ঘৰুৱা ভাৱ, ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণক বৈষ্ণৱ ধৰ্মৰ তত্ত্বসমূহ সহজে বুজি পোৱাত সহায় কৰিছিল। এই গীতটি মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট নিদৰ্শন।

 



৪। ব্যাখ্যা কৰাঃ

ক) সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা।

      অধমে জানিবো কেনে তোমাৰ মহিমা। 

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি  অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত ‘বৰগীত’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

      হৰিৰ মহিমাৰ কথা ক’বলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

   হৰিৰ মহিমা অপাৰ। তেওঁৰ অনন্ত মহিমাৰ কথা ব্ৰহ্ম আদি দেৱতাৰো অজ্ঞাত। যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে। নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰে। এনে পৰমপুৰুষ হৰিক উপলদ্ধি কৰাটো সাধাৰণ ভক্তৰ বাবে তেনেই অসম্ভৱ। কিছু কিছু ভক্তই বছৰ বছৰ ধৰি হিমালয় পৰ্বতৰ বৰফত, পানীৰ তলত বছৰ বছৰ ধৰি ধ্যান কৰি থাকে, হৰিৰ মহিমাক লাভ কৰিবলৈ। কিন্তু হৰিক সন্তুষ্ট কৰি তেওঁৰ মহিমাক লাভ কৰাটো সম্ভৱ নহয়। সেইবাবে ভক্ত কবি মাধৱদেৱে কৈছে যে যিগৰাকী স্ৰষ্টাই অনন্ত ব্ৰহ্মান্তৰ সৃষ্টি কৰিছে, স্থিতি-স্থিতিলয়ৰ গৰাকী সেই গৰাকী ভগৱন্তৰ অপৰিসীম মহিমাৰ অন্ত নাই। ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ দেৱতাসকলৰো অজ্ঞাত হৰিৰ মহিমা মাধৱদেৱৰ দৰে সাধাৰণ ভক্তৰ বাবে বুজাটো তেনেই অসম্ভৱ।

 

 

খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে। 

     কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে। 

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি  অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত ‘বৰগীত’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

        মায়ামোহত আৱদ্ধ কবিয়ে মুক্তি বিচাৰি ভগৱানৰ চৰণত পাৰ্থনা জনোৱাৰ প্ৰসংগত উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

        পৰম ব্ৰহ্ম পৰমেশ্বৰ নিৰাকাৰ। নিগুৰ্ণ ব্ৰহ্মাই গুণ ৰূপে অৱতাৰ গ্ৰহণ কৰি জগতৰ তৰণৰ হেতু বিভিন্ন লীলা প্ৰকাশ কৰে। হৰিৰ ভক্ত সকলে বিশ্বাস কৰে যে হৰিৰ চৰণত স্থান লাভ কৰিব পাৰিলে সংসাৰ মায়ামোহ, বিষয়-বাসনাৰ পৰা মুক্তি লাভ কৰিব পাৰি। ভক্তি কবি সংসাৰৰ মায়া মোহ, বিষয়-বাসনাত আৱদ্ধ। সেইবাবে তেওঁ হৰিক কাতৰ ভাৱে পাৰ্থনা কৰিছে যাতে হৰিয়ে নিজৰ চৰণত কবিক স্থান দি এই সংসাৰৰ মায়া-মোহ, বিষয়-বাসনাৰ পৰা উদ্ধাৰ কৰে।

 

গ) তোমাৰ চৰণ দুই মোৰ মহা ধন। 

    ভকত জনেৰ নিজ তুমিসে জীৱন।

 উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি  অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত ‘বৰগীত’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

        ভগৱানৰ প্ৰেমত নিমজ্জিত ভক্তৰ বাবে ভগৱানেই যে জীৱনস্বৰূপ সেই কথা বুজাবলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

        হৰিৰ ভক্তসকল ভগৱানৰ প্ৰেমত একেবাৰে নিমজ্জিত। হৰিক বাদ দি তেওঁলোকৰ অন্য কোনো চিন্তা নাই। ভক্তৰ বাবে হৰিয়েই হ’ল জীৱনস্বৰূপ। ভক্তৰ বাবে হৰিৰ চৰণক বাদ দি সকলো ধন, সা-সম্পতি সকলোবোৰ অৰ্থহীন। হৰিৰ দুই চৰণকমল তেওঁলোকৰ বাবে জীৱনস্বৰূপ। প্ৰকৃত ভক্তই হৰিৰ প্ৰেমত এনেদৰে নিমজ্জিত হয় যে তাতোকৈ শ্ৰেষ্ঠ, ভাল, আনন্দদায়ক কিবা থাকিব পাৰে বুলি তেওঁলোকে ভাবিবই নোৱাৰে। হৰিৰ চৰণ তেওঁলোকৰ বাবে অজস্ব ধন সম্পত্তিতকৈও অধিক মূল্যৱান। সেই দুই চৰণতে তেওঁলোকৰ জীৱনৰ প্ৰকৃত সুখ, আনন্দ আদি লুকাই থাকে। সেইবাবে ভক্তসকলে হৰিৰ প্ৰেমত আপোন পাহৰা হৈ তেওঁকেই জীৱনৰ প্ৰকৃত সম্পদ বুলি ধৰি লয়।

 



৫। “সনক সনন্দ যোগী যাহাকো ধিয়ায়

  সকল নিগমে যাক বিচাৰি নাপায়।

   তাৎপৰ্য ব্যাখ্যা কৰা।

উত্তৰঃ হৰিৰ মহিমা অপাৰ। কোনেও তেওঁৰ মহিমাৰ কথা কৈ অন্ত পেলাব নোৱাৰে। তেওঁ পৰম ব্ৰহ্ম। তেওঁৰ মহিমাৰ কথা ব্ৰহ্ম আদি দেৱতাৰো অজ্ঞাত। সনক, সনন্দ আদি যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে। নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায়। এনে পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ ভক্তৰ বাবে তেনেই অসম্ভৱ। ভক্তসকলে হাজাৰ হাজাৰ বছৰ ধৰি  হৰিক ধ্যান কৰে, যাতে তেওঁ হৰিৰ চৰণযুগলত আশ্ৰয় লাভ কৰিব পাৰে। হৰিৰ ভক্তসকলে বিশ্বাস কৰে যে হৰিৰ চৰণযুগলত আশ্ৰয় লাভ কৰিব পাৰিলে সাংসাৰিক দুখ কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰি। হৰি মহিমাময়। তেওঁৰ মহিমা সনক, সনন্দ আদি যোগী সকলোৰো অজ্ঞাত। সেয়েহে হৰিৰ মহিমাৰ তৎ ধৰিব নোৱাৰি ভক্তই হৰিক কাতৰ ভাৱে ধ্যান কৰিছে, যাতে তেওঁক জীৱনে মৰণে কেতিয়াও লগ নেৰে।

 

৬। বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা। 

উত্তৰঃ বৰগীতৰ চাৰিটা লক্ষণ হ’ল—

      ক) বৰগীত সমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত।

      খ) বৰগীতৰ ভাষা ব্ৰজাৱলী। 

      গ) বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্রকাশক।

      ঘ) শংকৰ-মাধৱে লিখা গীতসমূহকহে বৰগীত বোলা হয়। নামধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত।

 

ভাষা বিষয়কঃ

 

১। তলত দিয়া শব্দ কেইটাৰ আধুনিক ৰূপ লিখাঃ

      নপাৱন্তনোৱাৰে 

      কেনেকেনেকৈ

      ভৈলোহো —হ’লো

      তুমিসেতুমিহে

      জনেৰ —জনৰ

      কহয়কয়

 



২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল 

      ক) ব্ৰজাৱলী ভাষা এক কৃত্রিম সাহিত্যিক ভাষা। এই সাহিত্যিক

ভাষাক ব্রজবুলি, ব্রজবোল আৰু অসমীয়াত ব্ৰজাবলী ভাষা বুলি কোৱা হয়। 

      খ) ব্রজাৱলী ভাষাৰ মূল ভেটি হল মৈথিলী ভাষা। ইয়াৰ উপৰিও ভোজপুৰী, নেৱাৰী,

আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্রণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্র ৰূপ লাভ কৰে।

      গ) ব্ৰজাৱলী ভাষাটো শক্তিশালী আৰু স্বৰধ্বনিৰ অধিক প্রয়োগৰ বাবে শ্রুতিমধুৰ।

      ঘ) ব্ৰজাৱলী ভাষাটো মধ্যযুগত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ বাবে সৃষ্টি কৰা হৈছিল।

 

Post a Comment

Post a Comment (0)

Previous Post Next Post