ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
SEBA Class 10 Social Science Complete Notes in Assamese
ভাৰতৰ স্বাধীনতা আন্দোলন
আৰু অসমত জাতীয় জাগৰণ
(Class 10 Social Science)
(দশম শ্ৰেণীৰ সমাজ বিজ্ঞান)
www.hikha.in |
অতি চমু উত্তৰৰ প্ৰশ্নঃ
১) য়াণ্ডাবু সন্ধি
কেতিয়া হৈছিল?
উত্তৰঃ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী।
২) কোম্পানীৰ আমোল
বুলিলে কোনটো সময়ক বুজোৱা হয়?
উত্তৰঃ
১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈ।
৩) অসমত বাংলা ভাষাৰ
প্ৰচলন কেতিয়া হৈছিল?
উত্তৰঃ ১৮৩৬ চনৰ পৰা।
৪) বাংলা ভাষাৰ ঠাইত
অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল ?
উত্তৰঃ ১৮৭৩ চনত।
৫) অসম ছাত্ৰ সন্মিলনৰ
মুখপত্ৰখন কি আছিল?
উত্তৰঃ মিলন।
৬)ৰায়ত সভাসমূহৰ মুখ্য
উদ্দেশ্য কি আছিল?
উত্তৰঃ ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত ভূমি আৰু ৰাজহ ব্যৱস্হাৰ
বিৰোধিতা কৰা।
৭) সদৌ অসম ৰায়ত সভাৰ
গঠন কেতিয়া হৈছিল?
উত্তৰঃ ১৯৩৩ চনত।
৮) আহোম সভাৰ সম্পাদক
কোন আছিল?
উত্তৰঃ পদ্মনাথ গোঁহাইবৰুৱা।
৯) যোৰহাট সাৰ্বজনিক সভা
কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?
উত্তৰঃ ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত।
১০) অসম প্ৰদেশ কংগ্ৰেছ
কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল?
উত্তৰঃ সভাপতি- কুলধৰচলিহা আৰু সম্পাদক –নবীনচন্দ্ৰবৰদলৈ।
১১) অসম প্ৰদেশ কংগ্ৰেছ
কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল?
উত্তৰঃ বিষ্ণুৰাম মেধি ǀ
১২) অসমৰ প্ৰথম
প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল?
উত্তৰঃ গোপীনাথ বৰদলৈ(১৯৪৬ চনত)।
১৩) কুশল কোঁৱৰক কি
অপৰাধত ফাঁচী দিয়া হৈছিল?
উত্তৰঃ সৰুপথাৰতৰেলবগৰোৱাৰ
অপৰাধত।
১৪) গুৱাহাটী
বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?
উত্তৰঃ ১৯৪৮ চনৰ ২৬ জানুৱাৰীত।
১৫) অসম চিকিৎসা
মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয়?
উত্তৰঃ ১৯৪৭ চনৰ ৩ নবেম্বৰ।
১৬)গুৱাহাটী চিকিৎসা
মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়?
উত্তৰঃ ১৯৬০ চনৰ ২০ ছেপ্তেম্বৰ।
চমু
উত্তৰৰ প্ৰশ্নঃ
১) ‘অসম লিটাৰেৰী ছচাইটি’ৰ
বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ১৮৩৬ চনৰ পৰা অসমত চৰকাৰীভাৱে বাংলা ভাষাৰ প্ৰয়োগ কৰা
হৈছিল যাৰ ফলত স্কুল, অফিছ, কাছাৰী, আদালত সকলোতে বাংলা ভাষাৰে প্ৰচলন আছিল। কিন্তু
অসমীয়া ভাষাক পুনৰ চৰকাৰৰ দ্বাৰা মান্যতা দিয়াবলৈ স্বদেশ প্ৰীতি আৰু জাতীয়তাবাদী
ভাৱধাৰাৰে অনুপ্ৰাণিত এচাম শিক্ষিত লোকৰ নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখিছিল। কলিকতালৈ
উচ্চ শিক্ষাৰ বাবে যোৱা অসমীয়া ছাত্ৰসকল একত্ৰিত হৈ অসমীয়া ভাষা সাহিত্য উন্নয়নৰ
অৰ্থে ১৮৭২ চনত ‘অসম লিটাৰেৰী ছচাইটী’ৰ
জন্ম দিয়ে। আৰম্ভণিতে অনুষ্ঠানটোক নেতৃত্ব দিছিল দেৱীচৰণ বৰুৱা আৰু
গুণগোবিন্দ ফুকনে। এই অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য আছিল সাহিত্য চৰ্চা। কিন্তু সময়
বাগৰাৰ লগে লগে অনুষ্ঠানটোত ৰাজনৈতিক চিন্তাৰো প্ৰকাশ ঘটিছিল। ১৮৭২ চনত
সংগঠনৰ প্ৰসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই উক্ত ছচাইটিৰ তৰফৰ
পৰা সেই সময়ৰ ভাইচৰয় লৰ্ড নৰ্থব্ৰুকক এখন স্মাৰক পত্ৰও প্ৰদান কৰিছিল। পত্ৰৰ
যোগেদি অসমৰ প্ৰাকৃতিক সম্পদৰ উন্নয়ন আৰু অসম-বংগৰমাজত ৰেলসংযোগ স্হাপনৰ বাবে ব্যৱস্হা
গ্ৰহণ কৰিবলৈ আবেদন জনাইছিল। ১৮৮৫ চনলৈকে এই অনুষ্ঠানটো সক্ৰিয় হৈ আছিল।
২) জোনাকী যুগৰ
উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটি চমু আভাস দিয়া।
উত্তৰঃ ১৮৮৮ চনত গঠন হোৱা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ
প্ৰকাশিত আলোচনীখনৰে নাম আছিল জোনাকী। এই জোনাকী আলোচনীয়ে অসমীয়া সাহিত্যত এক নৱজাগৰণৰ সৃষ্টি
কৰিছিল। ইয়াত প্ৰকাশিত কবিতা, প্ৰবন্ধ সমূহত লেখকসকলৰ জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন ঘটিছিল।
ব্ৰিটিছসকলৰ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত যি
নেতিবাচক প্ৰভাৱ পৰিছিল সেই বিষয়ে জোনাকীয়ে সচেতনতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। কনকলাল
বৰুৱা আৰু কমলাকান্ত ভট্টাচাৰ্যই নিয়মীয়াকৈ অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতা আৰু প্ৰগতিৰ
ধাৰা সম্পৰ্কীয় নিবন্ধ প্ৰকাশ কৰিছিল।
লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ দেশ, অসম সংগীত, বীণ বৰাগী;
অম্বিকাগিৰী ৰায়চৌধুৰীৰ বিভিন্ন ৰচনাই স্বদেশপ্ৰেমৰ ঢল বোৱাইছিল।
৩) আহোম সভাৰ ৰাজনৈতিক
দাবী সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ
পদ্মনাথ গোঁহাইবৰুৱাৰ নেতৃত্বত ১৮৯৩ চনত আহোম
সভা গঠন কৰা হৈছিল। আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক আৰু সাংস্কৃতিক অৱনতিৰ প্ৰতি
লক্ষ্য ৰাখি এই সভা গঠন হৈছিল। আহোম জনগোষ্ঠীৰ মাজৰ পৰা কানিৰ প্ৰচলন নাইকিয়া কৰিবলৈও এই
সভা যত্নপৰ হৈছিল। ১৯১০ চনত এই সভাক সদৌ অসম আহোম এছ’চিয়েছন নাম দিয়া হয়। এই
এছ’চিয়েছনৰ এক উল্লেখযোগ্য ৰাজনৈতিক দাবী আছিল- আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু
সম্প্ৰদায়ৰ মৰ্যদা প্ৰদান কৰি তেওলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক
সমষ্টি গঠন কৰা। এই উদ্দেশ্যে ১৯৩০ আৰু ৪০ দশক দুটাত আহোম সভাই সক্ৰিয়ভাৱে
দাবী তুলিছিল। ইয়াৰ পিছত এছ’চিয়েছনত বিভাজিত হৈ ক্ৰমাৎ দুৰ্বল হৈ পৰে।
৪) আছাম এছ’চিয়েছনে
ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল?
উত্তৰঃ আছাম এছ’চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ
হৈছে-
ক) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ব’ৰ্ডত চাহ
খেতিয়ক আধিপত্যৰ বিৰোধিতা কৰিছিল।
খ) আছাম এছ’চিয়েচনে স্থানীয় সমিতিসমূহৰ
গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল।
গ) বৰ্ধিত কৰ, চৰকাৰৰ
শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল।
ঘ) শিক্ষাৰ দিশত অসমক আগুৱাই নিবলৈ চেষ্টা
কৰিছিল। সেই উদ্দেশ্যে আছাম এছ’চিয়েচনে কটন কলেজত অসমীয়া শিক্ষকৰ
নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল।
ঙ) ১৯১৮চনৰ মন্টোগ’ ছেমছফৰ্ডৰ ৰিপৰ্টৰ আধাৰত
প্ৰস্তাৱিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ বাবে দাবী তুলিছিল। সেই
উদ্দেশ্যে দাবী উত্থাপনৰ বাবে সাতজনীয়া এটা সঁজাতী দল কলিকতালৈ গৈছিল। পৰবৰ্তী
সময়ত নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্নকুমাৰ বৰুৱা সেই দাবী লৈ লণ্ডনলৈও গৈছিল। আছাম
এছ’চিয়েচনৰ হেচাতে অসম মন্টেগ’ ছেমচফৰ্ড সংস্কাৰ আচনিৰ অধীনত আহিল।
চ) ১৯২০ চনত অসমত বিশ্ববিদ্যালয় স্হাপনৰ বাবে
দাবী তুলিছিল।
চ) ১৯২১ চনৰ অসহযোগ আন্দোলনত আছাম এছ’চিয়েচনে
সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।
জ) বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূব বংগৰ
পৰা পৃথক কৰিবলৈ ১৯০৭ চনত আছাম এছ’চিয়েচনে চৰকাৰৰ ওচৰত স্মাৰকপত্ৰ দাখিল কৰিছিল।
ঝ) বিধানসভাত প্ৰতিনিধিত্বৰ দাবী তুলিছিল।
৫)অসমত অসহযোগ আন্দোলনৰ
নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ অসমত ১৯২০-২১ চনৰ পৰা আৰম্ভ হোৱা অসহযোগ আন্দোলনত বহু
কেইজন গণ্য মান্য ব্যক্তি জড়িত হৈ আছিল।
১৯২১ চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হোৱাৰ
পিছতে অসমত অসহযোগ আন্দোলনৰ জোৰ বাঢ়িবলৈ ধৰিলে আৰু অতি সোনকালেই ই সৰ্বভাৰতীয়
আন্দোলনৰ সৈতে জড়িত হৈ পৰিল। সেই সময়ত অসম
প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু সম্পাদক ক্ৰমে কুলধৰ চলিহা আৰু নবীন চন্দ্ৰ
বৰদলৈয়ে আন্দোলনটোৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।
চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ যুৱকসকলে চৰকাৰী শিক্ষানুষ্ঠানসমূহ
বৰ্জন কৰি এই আন্দোলনত অংশ গ্ৰহণ কৰিছিল। তাৰোপৰি
লক্ষীধৰ শৰ্মা, ৰোহিনীকান্ত হাতীবৰুৱা,
বিমলাকান্ত বৰুৱা, কনক চন্দ্ৰ বৰুৱা, বেণুধৰ শৰ্মা, তিলক শৰ্মা আদিৰ দৰে স্বনামধন্য
ব্যক্তিও এই আন্দোলনৰ বাটকটীয়া হৈ জনতাক নেতৃত্ব দিছিল।
ছাত্ৰসকলক অনুসৰণ কৰি- নবীন চন্দ্ৰ বৰদলৈ, তৰুণ ৰাম ফুকন, কুলধৰ
শৰ্মা, বিষ্ণুৰাম মেধি আদি উকিলসকলেও ওকালতি ত্যাগ কৰি
আন্দোলনত ভাগ লৈছিল।
৬) কানিংহাম চাৰ্কুলাৰৰ
বিষয়ে লিখা।
উত্তৰঃ আইন অমান্য আন্দোলনক বহ্মপুত্ৰ উপত্যকাত এক বৃহৎ আন্দোলনলৈ
ৰূপান্তৰিত কৰাত স্কুল কলেজত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ঠ অৰিহণা
আগবঢ়াইছিল। সেয়ে ইংৰাজ চৰকাৰে ছাত্ৰসকলক এই আন্দোলনৰ পৰা বিৰত ৰাখিবলৈ
বিভিন্ন ব্যৱস্থা কৰিছিল। ১৯৩০ চনত কানিংহাম চাৰ্কুলাৰ তেনে এক ব্যৱস্থাৰে অংশ আছিল। কানিংহাম
চাৰ্কুলাৰ জাৰি কৰি ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলক আন্দোলনত অংশ লোৱাৰ পৰা বিৰত
ৰাখিছিল। চৰকাৰে দোষী সাব্যস্ত হোৱা সকলক জৰিমণা বিহাৰ লগতে ছাত্ৰ
বৃত্তিৰ পৰা তেওঁলোকক বঞ্চিত কৰা হব বুলি ঘোষণা জাৰি কৰিছিল। চৰকাৰৰ এই
প্ৰৰোচনামূলক কাৰ্যই ছাত্ৰসকলক আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ উৎসাহিতহে কৰিছিল।
৭) গোপীনাথ বৰদলৈ
মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পৰ্কে চমুকৈ লিখা ǀ
উত্তৰঃ স্বাধীনতাৰ ঠিক পিছতে উত্তৰ পূৰ্বাঞ্চলে সীমান্ত সমস্যাৰ
সন্মুখীন হব লগীয়া হৈছিল। ১৯৪৭ চনৰ দেশ বিভাজনে ভাৰতবৰ্ষৰ আন আন অঞ্চলৰ লগত উত্তৰ-পূৱ
ভাৰতৰ যোগাযোগ বিঘ্নিত কৰিছিল। মাত্ৰ ১২ কিঃ মিঃ বহল সংকীৰ্ণ স্থলভাগে উত্তৰ পূবক ভাৰতৰ
অন্য প্ৰান্তৰ লগত সংযোগ কৰি ৰাখিছিল। বিভাজনৰ পিছত পশ্চিমবংগ আৰু অসমৰ মাজৰ ৰেলপথ আৰু পথপৰিবহন
হঠাৎ পূৱ পাকিস্তানৰ অন্তৰ্গত হৈ পৰিছিল। বিভাজনৰ
বাবে বংগ, অসম আৰু আৰাকান অঞ্চলৰ মাজত
চলি থকা অৰ্থনৈতিক বাণিজ্যত বাধা আহি পৰিছিল। ইয়াৰ আগতে
অঞ্চলটোত কৃষি শিল্পজাত সামগ্ৰী, চাহ,
নীল, মৰাপাট, ৰেচম আদিৰ
আন্তজাৰ্তিক বাণিজ্যৰ প্ৰচলন আছিল। কিন্তু
বিভাজনৰ পিছত আন্তজাৰ্তিক বাণিজ্য বিসৰ্জন দি দেশীয় বাণিজ্যতহে মনোনিবেশ কৰা হয়। ইয়াৰ উপৰিও
উত্তৰ পূৰ্বাঞ্চলত ভৌগোলিক পুনঃগঠন আৰু অনুপ্ৰৱেশকাৰীৰ সমস্যাও দেখা দিছিল। ১৯৬২ চনত
চীনৰ ভাৰত আক্ৰমণে উত্তৰ পূব ভাৰতৰ নিৰাপত্তাৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছিল।
৮) অসম কৃষি
বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা।
উত্তৰঃ ১৯২৩ চনত কৰিমগঞ্জত আৰু তাৰ পিছত তিতাবৰত অন্য এক কৃষি
গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি পদক্ষেপ আছিল। এই
কেন্দ্ৰসমূহে যদিও গৱেষণা আৰু প্ৰশিক্ষণ আবিৰামভাৱে চলাই গৈছিল তথাপি এখন সুকীয়া
কৃষি আৰু পশু মহাবিদ্যালয়ৰ আৱশ্যকীয় হৈ পৰিছিল। তাৰে
পৰিপেক্ষিতত বৰদলৈ মন্ত্ৰীসভাৰ দিনত ১৯৪৮ চনত নগাঁওত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত
অসম কৃষি মহাবিদ্যালয় স্থাপন কৰা হৈছিল। এই দুয়োখন
মহাবিদ্যালয় সামৰি ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ পূৱৰ একমাত্ৰ আৰু
প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়।
৯) অসম চিকিৎসা
মহাবিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা।
উত্তৰঃ ডিব্ৰুগড়ত উত্তৰ পূৱ ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন
কৰা হৈছিল। ১৯০০ চনত ডিব্ৰুগড়ত ডঃ জন বেৰী হোৱাইটৰ ৫০,০০০টকাৰ আনুদানৰ পুঁজিৰে ‘বেৰী হোৱাইট
মেডিকেল স্কুল’ স্থাপন হৈছিল। ডঃ জন বেৰী
হোৱাইট আছিল লখীমপুৰৰ চিভিল ছাৰ্জন। ১৯১০ চনত এই চিকিৎসা বিদ্যালয়খনৰ বাবে ইংলেণ্ডৰ পৰা দুটা
এক্সৰে মেচিন আমদানি কৰি অনা হৈছিল আৰু ৰেডিঅলজী বিভাগ আৰম্ভ কৰা হৈছিল। দ্বিতীয়
বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা
হৈছিল যিখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিল। স্বাধীনতাৰ
পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে ‘অসম চিকিৎসা
মহাবিদ্যালয়’ নামেৰে নামাংকিত কৰা হয়।
দীঘল
উত্তৰৰ প্ৰশ্নঃ
১ ) অসমীয়া ভাষা উন্নতি
সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যৱলীৰ বিষয় আলোচনা কৰা ǀ
উত্তৰঃ
১৮৩৬
চনৰ পৰা অসমত চৰকাৰীভাৱে বাংলা ভাষাৰ প্ৰয়োগ কৰা হৈছিল যাৰ ফলত স্কুল, অফিছ, কাছাৰী, আদালত সকলোতে বাংলা ভাষাৰে প্ৰচলন আছিল। কিন্তু
স্বদেশ প্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত এচাম শিক্ষিত লোকৰ নেৰানেপেৰা
প্ৰচেষ্টাৰ ফলত ১৮৭৩ চনত অসমীয়া ভাষাক পুনৰ চৰকাৰে মান্যতা দিয়ে। তৎসত্বেও
বাংলা ছপাশালত অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ ওপৰত আক্ৰমণ ১৮৮০-৮৫ চনলৈকে চলিয়ে আছিল। বাংলা ভাষাৰ
আগ্ৰাসন বিৰুদ্ধে আৰু অসমীয়া ভাষা আৰু সাহিত্য উন্নয়নৰ হকে সেই সময়ৰ কলিকতাত থকা
অসমীয়া ছাত্ৰসকলে পুনৰ সংগঠিত হোৱাৰ পৰিকল্পনা কৰিছিল। সেই
উদ্দেশ্যে ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা (অঃ ভাঃ উঃ সাঃ)গঠিত হৈছিল। এই সভা গঠনত
উদ্যোগ লোৱা ছাত্ৰসকল আছিল- হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কনক লাল বৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতী।
এই সভাই অসমীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদ গঢ়ি তুলিবলৈ
চেষ্টা কৰিছিল। এই সভাই অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ
লগতে অসমৰ সকলো পাঠশালাত পৰিশুদ্ধ আৰু উন্নত মানৰ ব্যাকৰণ প্ৰয়োগৰ বাবে প্ৰদক্ষেপ
গ্ৰহণ কৰিছিল। তদুপৰি এই সভাই অন্যন্যভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া
ভাষালৈ অনুবাদ কৰাৰ কামো হাতত লৈছিল। এই সভাৰ প্ৰচেষ্টাতে হেমচন্দ্ৰ বৰুৱাই ‘হেমকোষ’ প্ৰকাশৰ কাম
হাতত লৈছিল।
অসমীয়া ভাষা উন্নতি সাধিনী সভাই বুৰঞ্জী, সংস্কৃত, সাহিত্য আৰু
ভাষা সম্পৰ্কে নিজৰ মাজতে বৌদ্ধিক আলোচনা অব্যাহত ৰখিছিল আৰু অসমৰ বিভিন্ন
প্ৰান্তত ইয়াৰ শাখা প্ৰতিষ্ঠাৰ বাবে চেষ্টা চলাইছিল।
তাৰোপৰি এই সভাৰ দ্বাৰা প্ৰকাশিত আলোচনা জোনাকীয় অসমত এটা
নতুন যোগৰ সূচনা কৰিছিল।
২) অসম ছাত্ৰ সন্মিলনৰ
অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ অসম ছাত্ৰ সন্মিলন ১৯১৬ চনত গঠন হৈছিল। গুৱাহাটীত
বহা ইয়াৰ প্ৰথমখন অধিবেশনত সভাপতিত্ব কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে। অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে তলত লিখা হ’ল—
ক) এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল- অসমীয়া
ভাষাৰ উন্নতি সাধন কৰা।
খ) ছাত্ৰ সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু
মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদান-প্ৰদান কৰি এক সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা
কৰিছিল।
গ) এই সন্মিলন প্ৰথম অৱস্থাত ৰাজনীতিৰ লগত
জড়িত নাছিল যদিও পিছলৈ দেশৰ জাতীয় আন্দোলনত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰিছিল।
ঘ) ছাত্ৰ সন্মিলনৰ মুখপত্ৰ আছিল –মিলন। ইয়াত প্ৰকাশিত বিভিন্ন প্ৰৱন্ধ লেখা আদিয়ে অসমৰ শিক্ষা, সাহিত্য-সংস্কৃতি, সাম্প্ৰদায়িক
সম্প্ৰীতি আৰু জাতীয় চেতনা গঢ় দিয়াত যথেষ্ঠ অৱদান আগবঢ়াইছিল।
ঙ) ছাত্ৰ সন্মিলনৰৰ বাৰ্ষিক অধিবেশনসমূহত
বিখ্যাত, সাহিত্যিক, চিন্তাবিদ,
ৰাজনীতিবিদ সকলে অংশ গ্ৰহণ কৰি জ্ঞানসমৃদ্ধ আৰু জাতীয়তাবাদেৰে পুষ্ট
বক্তৃতাৰে জনসাধাৰণক আকৰ্ষিত কৰিছিল। সেইসকলৰ
ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোঁহাইবৰুৱা, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়, কৃষ্ণকান্ত সন্দিকৈ
ইত্যাদি প্ৰধান।
৩) ৰায়ত সভাসমূহৰ
উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খাতিয়ান দাঙি ধৰা।
উত্তৰঃ ১৯ শতিকাৰ শেষৰ ফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে
তেজপুৰ ৰায়ত সভা আৰু নগাঁও ৰায়ত সভা গঠন কৰা হৈছিল।
ৰায়ত
সভাৰ উদ্দেশ্য আছিল-
ক)
গ্ৰেজিং কৰ বন্ধ কৰা।
খ)
মাটিৰ খাজানা হ্ৰাস কৰা।
গ)
পূৰ্ববংগৰ পৰা হোৱা প্ৰৱজন ৰোধ কৰা
ৰায়ত
সভাৰ ভূমিকা।
আনহাতে
ৰায়ত সভাসমূহৰ ভূমিকা সম্পৰ্কে তলত আলোচনা কৰা হ’ল—
ক) ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা
প্ৰৱৰ্তিত নতুন ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰিছিল। অৱশ্যে
১৮৬১-১৮৯৩ চনলৈ ভূমি ৰাজহৰ প্ৰতিবাদত কৃষকৰ দ্বাৰা উত্তৰ কামৰূপকে ধৰি অন্য ঠাইত
হোৱা প্ৰতিবাদত ৰায়ত সভাই কোনো ভূমিকা লোৱা নাছিল।
খ) ১৯৩০-৩৪ চনৰ আইন আন্দোলনৰ সময়ত অসম কংগ্ৰেছ
সমিতিৰ তত্বাবধানত অসমত ৰায়ত সভাসমূহ পুনৰ সক্ৰিয় হৈ উঠিছিল। এইবিলাকৰ
ভিতৰত নদুৱাৰ,ছয়দুৱাৰ,শিৱসাগৰ
আৰু দৰঙৰ ৰায়ত সভাবোৰ উল্লেখযোগ্য। আইন
আন্দোলনৰ কাৰ্যসূচীৰ আৰ্হিত অসমত ৰায়ত সভাই ৫০% ভূমি ৰাজহ হ্ৰাস কৰাৰ বাবে দাবী
জনাইছিল।
গ) ১৯৩৪ ৰ পৰা ১৯৩৯ চনৰ ভিতৰত অসমত প্ৰায়
৩০০খন ৰায়ত সভা গঢ়ি উঠিছিল। কংগ্ৰেছ মন্ত্ৰীসভা গঠন হোৱাত ১৯৩৯ চনৰ পৰা অসমত ৰায়ত
সভাসমূহৰ কাম-কাজ নোহোৱা হৈ পৰিল আৰু বিভিন্ন অঞ্চলৰ ৰায়ত সভাসমূহ কংগ্ৰেছ সমিতিত
বিলীন হৈ পৰিল।
৪) যোৰহাট সাৰ্বজনিক
সভাৰ উদ্দেশ্য আৰু কাৰ্যৱলী সম্পৰ্কে লিখা।
উত্তৰঃ উদ্দেশ্য-
ক) ৰাইজৰ আশা-আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰা।
খ) চৰকাৰৰ উদ্দেশ্য নীতি জনসাধাৰণক বুজোৱা।
গ) জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা কাৰ্যৱলীসমূহ-
i) ১৮৮৬ চনৰ চৰকাৰৰ ভূমি ৰাজহ
ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল।
ii) ১৮৯২-৯৩ চনত সভাই কৃষক
সমাজৰ লগত একেলগে বৰ্ধিত কৰৰ বিৰোধ কৰিছিল।
iii) ১৮৯৩ চনত সভাই ৰাজকীয়
কানি আয়োগৰ ওচৰত এখন স্মাৰকপত্ৰ দাখিল কৰি অসমৰ পৰা কানিৰ প্ৰচলন ক্ৰমান্বয়ে উঠাই
দিবলৈ অনুৰোধ কৰিছিল।
iv) ১৯০৫ চনৰ বংগভংগৰ বিৰোধিতা
কৰিছিল। পূৰ্ববংগৰ সৈতে অসমক সাঙুৰিলে অসমৰ ভৱিষ্যত বিপদাপন্ন হব
বুলি মতামত আগবঢ়াইছিল। পিছলৈ অৱশ্যে চৰকাৰৰ প্ৰৰোচনাত পৰি সভাপতি জগন্নাথ বৰুৱা
বংগভংগ বিৰোধী মনোভাৱ ত্যাগ কৰিছিল। এই সভাই নতুন প্ৰদেশত অসমীয়াৰ অধিকাৰ সংৰক্ষণ কৰিবলৈ দাবী
জনাইছিল।
৫) আছাম এছ’চিয়েচনৰ
ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা।
উত্তৰঃ ১৯০৩ চনত জন্মলাভ কৰা আছাম এছ’চিয়েচনে ৰাইজৰ মুখপত্ৰ
হিচাপে পোনপ্ৰথমে সেৱা আগবঢ়াইছিল। অৱশ্যে ই প্ৰত্যক্ষ আৰু সক্ৰিয়ভাৱে চৰকাৰৰ বিৰুদ্ধে কাৰ্যপন্থা
লোৱা নাছিল। ই শান্তিপূৰ্ণভাৱে সাংবিধানিক আৰু প্ৰশাসনীয় সংস্কাৰৰ
মাধ্যমেৰে ৰাইজৰ সমস্যাসমূহ সমাধানৰ দাবী তুলিছিল। আছাম এছ’চিয়েচনৰ
কেইবাজনো সদস্য আইনসভাৰ সদস্য হোৱাৰ বাবে সভাৰ প্ৰস্তাৱসমূহ আইনসভাত কাৰ্যকাৰী
কৰাৰ সুবিধা পাইছিল। এই অনুষ্ঠানটোৰ উল্লেখযোগ্য কাম-কাজসমূহ হৈছে—
ক) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ব’ৰ্ডত চাহ
খেতিয়ক আধিপত্যৰ বিৰোধিতা কৰিছিল।
খ) আছাম এছ’চিয়েচনে স্থানীয় সমিতিসমূহৰ
গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল।
গ) বৰ্ধিত কৰ, চৰকাৰৰ
শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল।
ঘ) শিক্ষাৰ দিশত অসমক আগুৱাই নিবলৈ চেষ্টা
কৰিছিল। সেই উদ্দেশ্যে আছাম এছ’চিয়েচনে কটন কলেজত অসমীয়া শিক্ষকৰ
নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল।
ঙ) ১৯১৮চনৰ মন্টোগ’- ছেমছফৰ্ডৰ ৰিপৰ্টৰ আধাৰত
প্ৰস্তাৱিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ বাবে দাবী তুলিছিল। সেই
উদ্দেশ্যে দাবী উত্থাপনৰ বাবে সাতজনীয়া এটা সঁজাতী দল কলিকতালৈ গৈছিল। পৰবৰ্তী
সময়ত নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্নকুমাৰ বৰুৱা সেই দাবী লৈ লণ্ডনলৈও গৈছিল। আছাম
এছ’চিয়েচনৰ হেচাতে অসম মন্টেগ’ ছেমচফৰ্ড সংস্কাৰ আচনিৰ অধীনত আহিল।
চ) ১৯২০ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবে
দাবী তুলিছিল।
ছ) ১৯২১ চনৰ অসহযোগ আন্দোলনত আছাম এছ’চিয়েচনে
সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।
জ) বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূব বংগৰ
পৰা পৃথক কৰিবলৈ ১৯০৭ চনত আছাম এছ’চিয়েচনে চৰকাৰৰ ওচৰত স্মাৰকপত্ৰ দাখিল কৰিছিল।
ঝ) বিধানসভাত প্ৰতিনিধিত্বৰ দাবী তুলিছিল।
৬ ) অসম প্ৰদেশ কংগ্ৰেছ
কমিটিৰ জন্ম আৰু মূখ্য ভূমিকা সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া।
উত্তৰঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জন্ম-
ভাৰতীয় জাতীয় কংগ্ৰেছ ১৮৮৫ চনত জন্ম লাভ কৰিছিল। ভাৰতৰ অন্য ৰাজ্যৰ
দৰে অসমতো বিভিন্ন অনুষ্ঠানৰ পৰা অহা প্ৰতিনিধিসকলে জাতীয় কংগ্ৰেছৰ অধিবেশনসমূহত
অংশ গ্ৰহণ কৰি আহিছিল।
অসমত আছাম এছ’চিয়েচনে কংগ্ৰেছৰ লগত বিলীন হৈ সৰ্বভাৰতীয়
ৰাজনীতিত অংশ লবলৈ অগ্ৰসৰ হৈছিল। আছাম এছ’চিয়েচনৰ কিছুসংখ্যক সদস্যই প্ৰথমৰে পৰা অনুষ্ঠানটোক
কংগ্ৰেছৰ প্ৰাদেশিক কমিটিলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰাৰ বিপৰীতে আন একাংশই তাৰ
বিৰোধিতা কৰিছিল। তথাপিও সেই সময়ত কংগ্ৰেছ নীতি আদৰ্শ আৰু কাৰ্যপন্থাই
মধ্যবিত্ত অসমীয়া সকলক বাৰুকৈ আকৰ্ষিত কৰিছিল।
আছাম এছ’চিয়েচনক কংগ্ৰেছ সংগঠনৰ ৰূপ দিবলৈ ১৮ এপ্ৰিল ১৯২১
চনত ছৱিলাল উপাধ্যয়ৰ পৌৰহিত্বত এখন বিশেষ অভিবেশন অনুষ্ঠিত কৰা হয়। সেই বছৰৰে
জুন মাহত নবীন চন্দ্ৰ বৰদলৈ, ছৱিলাল
উপাধ্যয়, কৃষ্ণকান্ত ভট্টাচাৰ্যৰ উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছ
কমিটি গঠন কৰা হয়।
অসম
প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভূমিকা-
১৯২০ চনত নাগপুৰত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিবেশনত
ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য পুনৰ্গঠনৰ প্ৰস্তাৱ গৃহীত হৈছিল। কংগ্ৰেছ এই
নীতিয়ে অসমৰ জাতীয়তাবাদীসকলক বাৰুকৈ উৎসাহিত কৰিছিল। ১৯২১ চনত
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাবধানত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলনৰ প্ৰচাৰ
চলাবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। সেই বছৰৰ আগষ্ট মাহত মহাত্মা গান্ধীৰ অসম ভ্ৰমণে নৱগঠিত
কংগ্ৰেছ কমিটিখনৰ মাজত এক আলোড়নৰ সৃষ্টি কৰিলে। ফলত
আন্দোলনটো অসমত চৌদিশে বিয়পি পৰিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ১৯২৬ চনত পাণ্ডুত জাতীয়
কংগ্ৰেছৰ ৪১তম বাৰ্ষিক অধিবেশন আয়োজন কৰিছিল।
১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত বৃহৎ জয়েৰে কংগ্ৰেছে সংখ্যা
গৰিষ্ঠতা লাভ কৰিছিল আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসম প্ৰদেশৰ প্ৰথমজন
প্ৰধানমন্ত্ৰীৰূপে নিৰ্বাচিত হৈছিল।
যেতিয়া কেবিনেট মিছনে অসমক পূব বংগৰ লগত সন্নিবিষ্ট কৰি
গোট-গ (Group-C) গঠন কৰিব বিচাৰিছিল, সেই সময়ত গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমত ইয়াৰ বিৰোদ্ধে তীব্ৰ প্ৰতিবাদ
হৈছিল আৰু সেই প্ৰতিবাদক মহাত্মা গান্ধীয়েও সমৰ্থন জনাইছিল। তাৰে
পৰিপেক্ষিতত অসম পূৰ্ব বংগৰ লগত চামিল নোহোৱাকৈ থাকিল।
৭) স্বদেশী আন্দোনত
অসমৰভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া।
উত্তৰঃ স্বদেশী আন্দোলনৰ সময়ত অসমৰ ভূমিকা উল্লেখ কৰা হল-
ক) ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন হোৱা
যোৰহাট সাৰ্বজনিক সভাই বংগ-ভংগৰ তীব্ৰ বিৰোধিতা কৰিছিল। পূৰ্ববংগৰ
সৈতে অসমক সাঙুৰিলে অসমৰ ভৱিষ্যত বিপদাপন্ন হব বুলি মতামত আগবঢ়াইছিল। পিছলৈ
অৱশ্যে চৰকাৰৰ প্ৰৰোচনাত পৰি সভাপতি জগন্নাথ বৰুৱা বংগভংগ বিৰোধী মনোভাৱ ত্যাগ
কৰিছিল। এই সভাই নতুন প্ৰদেশত অসমীয়াৰ অধিকাৰ সংৰক্ষণ কৰিবলৈ দাবী
জনাইছিল।
খ) ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত
গঠিত হোৱা আছাম এছ’চিয়েচনেও বংগ বিভাজনৰ বিৰোধিতা কৰিছিল। এই ক্ষেত্ৰত, অসমক পূব বংগৰ পৰা পৃথক কৰিবলৈ ১৯০৭ চনত
আছাম এছ’চিয়েচনে চৰকাৰৰ ওচৰত স্মাৰকপত্ৰ দাখিল কৰিছিল।
গ) পদ্মনাথ গোহাঞিবৰুৱা,
অম্বিকাগিৰী ৰায়চৌধুৰী, ত্ৰিগুণা বৰুৱা, ৰক্তিম বৰা প্ৰমুখ্যে বহুকেইজন স্বনামধন্য ব্যক্তিয় আৰম্ভণিৰে পৰা বংগ
বিভাজনৰ বিৰোধিতা কৰি আহিছিল। তেওঁলোকে অসমত ইয়াৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল।
ঘ) অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধুবুৰী, গৌৰীপুৰ গোৱালপাৰা, গুৱাহাটী, তেজপুৰ
ডিব্ৰুগড় আদি নগৰত এই আন্দোলনৰ প্ৰভাৱ পৰিছিল। অসমকেশৰী
অম্বিকাগিৰী ৰায়চৌধুৰী আৰু গোবিন্দ লাহিড়ীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্ৰোহী
সংগঠনৰ জন্ম দিছিল। তেওঁলোকে অসমত স্বদেশী বস্তুসমূহৰ ব্যৱহাৰৰ পক্ষে প্ৰচাৰ
চলাইছিল। তাৰ ফলস্বৰূপে অসমৰ মানুহে নিমখৰ সলনি খাৰ, বেনাৰসৰ চেনী, থলুৱা
এড়ী, মুগা, কপাহী আৰু খাদী বস্ত্ৰ
ব্যৱহাৰ কৰিছিল।
ঙ) গুৱাহাটীত এদল ছাত্ৰই সপ্তাহত দুদিন
জাহাজঘাটত কুলীৰ কাম কৰি উপাৰ্জন কৰা ধন স্বদেশী আন্দোলনৈ দান দিছিল।
চ) অম্বিকাগিৰী ৰায়চৌধুৰীয়ে বন্দিনী ভাৰত
নামৰ এখন বিদ্ৰোহী নাটকৰ জৰিয়তে আন্দোলনৰ প্ৰচাৰ চলাইছিল। অৱশ্যে
পুলিছে এই নাটকৰ পাণ্ডুলিপি তেওঁৰ পৰা বাজেয়াপ্ত কৰে। ক্ষুদীৰাম বসু, বাৰীন্দ্ৰ ঘোষ, উল্লাস
কৰ দত্তৰ লগত যোগাযোগ কৰি সেৱা সংঘ নামৰ এটা বিপ্লৱী সংগঠন জন্ম দিছিল।
ছ) ১৯০৬ চনৰ ৭ চেপ্তেম্বৰত ব্ৰিটিছ বিষয়া
ব্যামফিল্ড ফুলাৰক হত্যাৰ উদ্দেশ্যে গুৱাহাটী-শ্বিলঙ পথত এটা বোমা পুতিছিল। পুলিছে
সম্ভেদ পাই অম্বিকাগিৰীক আটক কৰে আৰু ১৯১৪ চনলৈকে বৰপেটাত অন্তৰীণ বন্দী হিচাপে
থাকিব লগা হৈছিল।
জ) ব্ৰিটিছ চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনতাক
এই আন্দোলনৰ প্ৰভাৱ পৰা আঁতৰাই কৰি ৰাখিবলৈ কিছুমান সা সুবিধা প্ৰদান কৰিছিল-
i) অসমীয়া ভাষা সাহিত্য কলিকতা বিশ্ববিদ্যালয়ৰ এন্ট্ৰেস পৰীক্ষাৰ পাঠ্যক্ৰমত
অন্তভুক্ত কৰা।
ii) কটন কলেজৰ সকলো বিভাগতে স্নাতক মহলাৰ শ্ৰেণীৰ ব্যৱস্থা কৰা।
iii)ব্ৰহ্মপুত্ৰ উপত্যকাত মৌজাদাৰী ব্যৱস্থাৰ পুনৰ প্ৰয়োগ কৰা।
iv) মাটিত কুৰিদফীয়া বন্দোৱস্তিৰ প্ৰৰ্ৱতন কৰা।
ঝ) ইয়াৰ উপৰিও সুৰমা ভেলী এছ’চিয়েচনৰ নেতৃত্বত
সুৰমা উপত্যকাত এই আন্দোলন যথেষ্ঠ জনপ্ৰিয় হৈ পৰিছিল। ফলস্বৰূপে
শ্ৰীহট্ট, হৰিগঞ্জ,
শ্ৰীমংগল, লখাই, কৰিমগঞ্জ, শিলচৰ আদি ঠাইত জাতীয় বিদ্যালয় স্থাপন কৰা হৈছিল।
৮) অসহযোগ আন্দোলনত অসমৰ
ভূমিকা সম্পৰ্কে এটি খাতিয়ান ডাঙি ধৰা।
উত্তৰঃ ভাৰতীয় স্বাধীনতা অন্দোলনৰ ইতিহাসত অসহযোগ আন্দোলন এটা
গুৰুত্বপূৰ্ণ অধ্যায়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত ১৯২০ চনৰ পৰা ১৯২২ চনলৈ এই
আন্দোলন চলিছিল। এই আন্দোলনে অসমখনকো বাবৰুকৈ প্ৰভাৱিত কৰিছিল।
ক) বিশেষকৈ ১৯২১ চনৰ জুন মাহত অসম প্ৰদেশ
কংগ্ৰেছ কমিটি গঠন হোৱাৰ পিছতে অসমত এই আন্দোলনৰ জোৰ বাঢ়িল আৰু অতি সোনকালেই ই
সৰ্বভাৰতীয় আন্দোলনৰ সৈতে জড়িত হৈ পৰিল। সেই সময়ত
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু সম্পাদক আছিল ক্ৰমে কুলধৰ চলিহা আৰু নবীন
চন্দ্ৰ বৰদলৈ।
খ) ১৯২১ চনত মহাত্মা গান্ধীৰ অসম আগমনে এই
আন্দোলনক অধিক জনপ্ৰিয় কৰি তোলে। গান্ধীজীৰ আহ্বানক্ৰমে
জনসাধাৰণে বিদেশী বস্ত্ৰ আৰু সা-সামগ্ৰী বৰ্জন কৰি, সেইবোৰ একেলগে গোটাই জুই লগাই দিছিল।
গ) চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ
বৰুৱা, অমিয় কুমাৰ দাস, মহিবুদ্দিন
আহমেদ আদিৰ নেতৃত্বত অসমৰ যুৱকসকলে চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি এই
আন্দোলনত অংশ গ্ৰহণ কৰিছিল। তাৰোপৰি লক্ষীধৰ শৰ্মা, ৰোহিনীকান্ত হাতীবৰুৱা, বিমলাকান্ত বৰুৱা, কনক চন্দ্ৰ বৰুৱা, বেণুধৰ শৰ্মা, তিলক শৰ্মা আদিৰ দৰে স্বনামধন্য ব্যক্তিও এই আন্দোলনৰ বাটকটীয়া হৈ জনতাক
নেতৃত্ব দিছিল।
ঘ) ছাত্ৰসকলক অনুসৰণ কৰি- নবীন চন্দ্ৰ বৰদলৈ, তৰুণ ৰাম ফুকন, কুলধৰ শৰ্মা, বিষ্ণুৰাম
মেধি আদি উকিলসকলেও ওকালতি ত্যাগ কৰি আন্দোলনত ভাগ লৈছিল।
ঙ) আন্দোলনৰ প্ৰভাৱত গুৱাহাটী, যোৰহাট, নলবাৰী, তেজপুৰ
শিৱসাগৰ, নগাঁও, কৰিমগঞ্জ আদি বিভিন্ন
অঞ্চলত এই আন্দোলনৰ প্ৰভাৱত জাতীয় শিক্ষানুষ্ঠান গঢ়লৈ উঠিছিল। ১৯২১ চনত গুৱাহাটীত
প্ৰথম জাতীয় শিক্ষানুষ্ঠান “তিলক সোঁৱৰণী স্কুল” প্ৰতিষ্ঠা কৰা হৈছিল।
চ) এই আন্দোলনৰ ফলত অসমত কানিৰ প্ৰচলন একেবাৰে
কমি গৈছিল আৰু তাৰ প্ৰভাৱত চৰকাৰৰ সংগৃহীত ৰাজহৰ পৰিমাণো কমি আহিছিল।
ছ) এই আন্দোলনৰ ফলত অসমত খাদী বস্ত্ৰৰ
জনপ্ৰিয়তা বৃদ্ধিৰ লগতে চাহিদাও বৃদ্ধি পাইছিল।
জ) অসমৰ বিভিন্ন চাহ বাগানত নিয়োজিক হৈ থকা
বনুৱা সকলে তেওলোকৰ ওপৰত চলা ঔপনিবেশিক শাসন আৰু শোষণৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছিল। তেওঁলোকে
কেইবাটাও হৰতাল পালন কৰি কাম-কাজ বন্ধ কৰি দিছিল।
১৯২১ চনত কৰিমগঞ্জ চৰাগোলা আৰু লংগাই উপত্যকাৰ
প্ৰায় ৮০০০ বনুৱাই কংগ্ৰেছৰ নেতৃত্ব একেলগ হৈ ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰিছিল। পিছত মালিক
পক্ষই তেওলোকৰ ওপৰত হেচা প্ৰয়োগ কৰাৰ ফলত তেওঁলোক আন্দোলনৰ পৰা আতৰি আহিছিল।
৯)আইন অমান্য আন্দোলনত
অসম ভূমিকা সম্পৰ্কে এটি খাতিয়ান ডাঙি ধৰা।
উত্তৰঃ ইংৰাজ চৰকাৰৰ সমগ্ৰ প্ৰশাসন ব্যৱস্থাটো অচল কৰিবলৈ মহাত্মা
গান্ধীৰ আহ্বানক্ৰমে ১৯৩০ চনত সমগ্ৰ ভাৰতত আইন আমান্য আন্দোলন আৰম্ভ হৈছিল।
অসমত হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লা, বিষ্ণুৰাম মেধি, অম্বিকাগিৰী ৰায়চৌধুৰী আদিৰ নেতৃত্বত জনসাধাৰণ গুৱাহাটীৰ জৰ্জ ফিল্ডত
একত্ৰিত হৈ মহাত্মা গান্ধীৰ নেতৃত্ব আৰম্ভ হোৱা লোণ আইনৰ প্ৰতি আনুগত্য প্ৰদৰ্শন
কৰে। কলিকতাত পঢ়ি থকা লীলাধৰ বৰুৱাই এই দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল।
কিন্তু পৰবৰ্তী সময়ত লাহোৰ কংগ্ৰেছৰ সিদ্ধান্ত মতে আইন
অমান্য আন্দোলনৰ কাৰ্যসূচী পালন কৰাত অসুবিধাই দেখা দিয়ে। অসমৰ কংগ্ৰেছ নেতৃত্বই
ঘোষণা কৰিছিল যে অসম এনে এক বৃহৎ আন্দোলনৰ বাবে প্ৰস্তুত নহয়। তৰুণ ৰাম ফুকন, ৰোহিনী কুমাৰ চৌধুৰী,
নবীন চন্দ্ৰ বৰদলৈ আদি নেতাৰ আন্দোলনৰ সময়ত কোনো সক্ৰিয়তা নাছিল। আনহাতে হেমচন্দ্ৰ
বৰুৱা, মহম্মদ তৈয়বুল্লা, বিষ্ণুৰাম
মেধি, অম্বিকাগিৰী ৰায়চৌধুৰীৰ দৰে নিষ্ঠাৱান নেতাসকলে
কোনোমতে সংগঠনৰ কামকাজ চলাই ৰাখিছিল। আন্দোলনৰ বিভিন্ন দিশ চাবলৈ বহুতো সমিতি আৰু
উপ-সমিতি গঠন কৰা হৈছিল। এই সমিতিবিলাকৰ উদ্দেশ্য আছিল- পুজি বৃদ্ধি কৰা, বিদেশী বস্তু বৰ্জন কৰা, কানি আৰু সুৰাৰ ব্যৱহাৰৰ
প্ৰতিবাদ কৰা, শোষণ আৰু দমনমূলক আইনৰ বিৰোধিতা কৰা।
অমিয় কুমাৰ দাসৰ দৰে যুৱ নেতাই ছাত্ৰসকলক আন্দোলনৰ লগত জড়িত
কৰিবলৈ চেষ্টা চলাইছিল যদিও প্ৰথম অৱস্থাত আশানুৰূপ সহাৰি পোৱা নাছিল। অৱশ্যে ১৯৩০
চনৰ ১৪ এপ্ৰিলত জৱহৰলাল নেহেৰু আৰু ৫ মে’ত মহাত্মা গান্ধীক পুলিচে গ্ৰেপ্তাৰ কৰাৰ
প্ৰতিবাদত এক বৃহৎ সংখ্যক ছাত্ৰই হৰতালত অংশ গ্ৰহণ কৰিছিল। ছাত্ৰসকলে
শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰিছিল। কানিংহাম চাৰ্কুলাৰ জাৰি কৰি ছাত্ৰ আৰু তেওঁলোকৰ
অভিভাৱকসকলক আন্দোলনত অংশ লোৱাৰ পৰা বিৰত ৰাখিছিল। চৰকাৰে দোষী সাব্যস্ত হোৱা সকলক
জৰিমণা বিহাৰ লগতে ছাত্ৰ বৃত্তিৰ পৰা তেওঁলোকক বঞ্চিত কৰা হব বুলি ঘোষণা জাৰি
কৰিছিল। চৰকাৰৰ এই প্ৰৰোচনামূলক কাৰ্যই ছাত্ৰসকলক আন্দোলনত অংশ
গ্ৰহণ কৰিবলৈ উৎসাহিতহে কৰিছিল।
১৯৩০ চনৰ জুলাই আৰু আগষ্ট মাহত ক্ৰমে- ১৫, ১৮৬ জনৰ ভিতৰত ৩১১৭ জন ছাত্ৰই
শিক্ষানুষ্ঠান ত্যাগ কৰে। মদ আৰু কানিৰ দোকানসমূহ বন্ধ কৰি পেলোৱা হৈছিল। ৫০শতাংশ
ভূমিৰ খাজনা হ্ৰাসৰ দাবীৰে কৃষকসকলো এই আন্দোলনত জপিয়াই পৰিল।
মুঠতে ছাত্ৰসকলৰ সবল নেতৃত্বত আইন অমান্য আন্দোলনে অসমত
যথেষ্ঠ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।
১০)অসমত ভাৰত ত্যাগ
আন্দোলনৰ এটি খাতিয়ান দাঙি ধৰা।
উত্তৰঃ ভাৰতৰ অন্য প্ৰান্তৰ দৰে অসমতো কংগ্ৰেছৰ প্ৰধান নেতাসকলক
গ্ৰেপ্তাৰ কৰাৰ লগতে – অসম প্ৰদেশ কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি অন্যান্য ঐক্যমঞ্চসমূহক অবৈধ ঘোষণা কৰা হৈছিল। সকলো
ধৰণৰ সভা, হৰতাল আৰু মানুহৰ সমাগম নিষিদ্ধ কৰা হৈছিল।
অসমত আন্দোলন অহিংসা পদ্ধতিৰে হৰতাল, শোভাযাত্ৰা, সমাৰোহ
আৰু পিকেটিং আদিৰ জৰিয়তে আৰম্ভ হৈছিল। জেলত থকা নেতাসকলৰ ওপৰত পুলিচৰ অত্যাচাৰে
সীমা চেৰাই গৈছিল। ইয়াৰ পৰিণতিতে আন্দোলনটো হিংসাত্মক হৈ উঠে। আন্দোলনকাৰীসকলে
চৰকাৰী ঘৰ দুৱাৰ নষ্ঠ কৰাৰ লগতে সামৰিক অস্ত্ৰ-শস্ত্ৰ সৰবৰাহী পথসমূহ ধ্বংস কৰি
দিয়ে।
নগাওঁ আৰু দৰঙত চৰকাৰী সা-সম্পত্তি ধ্বংস কৰাৰ লগেতে চৰকাৰী
বিষয়াক হাৰাশাস্তি কৰা হৈছিল। গোলাঘাটৰ সৰুপথাৰ, কামৰূপৰ পাণবাৰী, ৰঙিয়া, শিৱসাগৰৰ
চাফ্ৰাইত ৰেলপথ বগৰুৱাৰ ঘটনা সংঘটিত হৈছিল।
আন্দোলনকাৰীসকলক প্ৰশমিত কৰিবলৈ ব্ৰিটিছে দমনমূলক নীতি
গ্ৰহণ কৰিছিল। শ-শ নিৰপৰাধী লোক পুলিচৰ লাঠিৰ কোবত আহত হৈছিল। নগাওঁ, বঢ়মপুৰ, গহপুৰ, বেবেজীয়া, ঢেকীয়াজুলী, পাটাৰকুছি
আৰু গোৱালপাৰা আদি বিভিন্ন ঠাইতপ্ৰায় ২৭ গৰাকী প্ৰতিবাদকাৰী শ্বহীদ হৈছিল। গহপুৰত
১৪ বছৰীয়া এগৰাকী কিশোৰী(কনকলতা বৰুৱা)য়ে এই তান্দোলনত আত্মবলিদান দিছিল। হাজাৰ
হাজাৰ লোকক জেলত ভৰোৱা হৈছিল। সৰুপথাৰত ৰেল বগৰোৱাৰ অপৰাধত কুশল কোঁৱৰক ফাঁচি দিয়া
হৈছিল।
চৰকাৰে আন্দোলনকাৰী ৰাইজৰ অসামৰিক অধিকাৰ, বাক স্বাধীনতা, সংবাদ
মাধ্যমৰ স্বাধীনতা খৰ্ব কৰিছিল। আন্দোলনৰ নেতাসকলক বহিঃবিশ্বৰ সৈতে যোগাযোগ বন্ধ
কৰি দিয়া হৈছিল। জেলৰ বাহিৰত থকা কিছুমান নেতাই আত্মগোপন কৰি এই আন্দোলনটো আগবঢ়াই
নিবলৈ চেষ্টা কৰিছিল। অসমত এই আত্মগোপনকাৰী সংগঠনৰ নেতৃত্ববহন কৰিছিল- শংকৰ চন্দ্ৰ
বৰুৱা, মহেন্দ্ৰনাথ হাজৰিকা, জ্যোতি
প্ৰসাদ আগৰৱালা, লক্ষ্মীপ্ৰসাদ গোস্বামী, ব্ৰজনাথ শৰ্মা, গহনচন্দ্ৰ গোস্বামীয়ে। এনে সংগঠন শিৱসাগৰ, নগাঁও, দৰঙ, কামৰূপ, বজালী আদি
অঞ্চলত গঢ় লৈ উঠিছিল।
আন একাংশ আন্দোলনকাৰীয়ে ব্ৰিটিছ ৰ সমান্তৰালকৈ অসমৰ বিভিন্ন
প্ৰান্তঃত চৰকাৰ গঠন কৰিছিল। অসমৰ বজালী, ঢকুৱাখানা, ৰহা, জামুগুৰী ,
বাঁহজানি আদি ঠাইত আন্দোলনকাৰীয়ে গাওঁ পঞ্চায়ত গঠন কৰি স্থানীয় শাসন
ব্যৱস্থা গঢ়ি তুলিছিল। কংগ্ৰেছৰ নেতাসকল কাৰাবাস খাতি থকাৰ সময়তে ১৯৪৪ চনত ইংৰাজ
চৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰি আন্দোলনৰ জুই প্ৰশমিত কৰিছিল।
১১) বৰদলৈ মন্ত্ৰীসভাৰ
নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া।
উত্তৰঃ
অসম কৃষি বিশ্ববিদ্যালয়ঃ ১৯২৩ চনত
কৰিমগঞ্জত আৰু তাৰ পিছত তিতাবৰত অন্য এক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাই অসম কৃষি
বিশ্ববিদ্যালয়ৰ আৰম্ভণি পদক্ষেপ আছিল। এই কেন্দ্ৰসমূহে যদিও গৱেষণা আৰু প্ৰশিক্ষণ
আবিৰামভাৱে চলাই গৈছিল তথাপি এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয়ৰ আৱশ্যকীয় হৈ
পৰিছিল। তাৰে পৰিপেক্ষিতত বৰদলৈ মন্ত্ৰীসভাৰ দিনত ১৯৪৮ চনত নগাঁওত অসম পশু
মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় স্থাপন কৰা হৈছিল। এই দুয়োখন
মহাবিদ্যালয় সামৰি ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হয়। অসম কৃষি
বিশ্ববিদ্যালয় উত্তৰ পূৱৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়। এই
বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্যসমূহ হৈছে- (ক)কৃষিত মানৱ সম্পদৰ বিকাশ সাধন কৰা, (খ)কৃষিত
বিকাশৰ বাবে নিৰন্তৰ গৱেষণা কৰা, (গ) প্ৰযুক্তিবিদ্যাৰ উন্নতি আৰু ইয়াৰ ৰাজহুৱা
প্ৰচাৰ কৰা, (ঘ) কৃষিখণ্ডত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ প্ৰসাৰিত কৰা, (ঙ) কৃষিখণ্ডৰ
লগত জড়িত সকলো শ্ৰেণীৰ লোকৰ মাজত এক সামঞ্জস্য ৰক্ষা কৰা আৰুখাদ্যৰ ক্ষেত্ৰত
নিৰাপত্তাৰ সৃষ্টি কৰা।
গুৱাহাটী
বিশ্ববিদ্যালয়ঃ উত্তৰ-পূৱ ভাৰতৰ
আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় হল গুৱাহাটী বিশ্ববিদ্যালয়। ১৯৪৮
চনৰ ২৬ জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল। গুৱাহাটীত
বিশ্ববিদ্যালয় স্থাপন কৰাৰ সম্ভৱ বুলি পোনতে মত প্ৰকাশ কৰিছিল কলিকতা
বিশ্ববিদ্যালয় আয়োগৰ অধ্যক্ষ ছাৰ মাইকেল ছেডলাৰে। এই সম্পৰ্কত ১৯১৭ চনত শিৱসাগৰত অনুষ্ঠিত
আছাম এছ’চিয়েচনৰ বাৰ্ষিক সভাতো এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজহুৱা দাবী
উত্থাপিত হৈছিল। পৰবৰ্তী সময়ত যাবতীয় তথ্যপাতি আৰু স্থান নিৰ্বাচন কৰিবলৈ ১৯৪০ চনত
সূৰ্য কুমাৰ ভূঞাক বিশেষ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল। অসম চৰকাৰৰ গুৱাহাটী
বিশ্ববিদ্যালয় অধিনিয়ম ১৯৪৭ৰ অধীনত ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হয়। প্ৰতিষ্ঠাকালত
ইয়াৰ অধীনত ১৭ খন মহাবিদ্যালয় আৰু ৮টি স্নাতকোত্তৰ বিভাগ আছিল
অসম
চিকিৎসা মহাবিদ্যালয়ঃ ডিব্ৰুগড়ত
উত্তৰ পূৱ ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল। ১৯০০ চনত ডিব্ৰুগড়ত
ডঃ জন বেৰী হোৱাইটৰ ৫০,০০০ টকাৰ আনুদানৰ পুঁজিৰে ‘বেৰী
হোৱাইট মেডিকেল স্কুল’ স্থাপন হৈছিল। ডঃ জন বেৰী হোৱাইট আছিল লখীমপুৰৰ চিভিল
ছাৰ্জন। ১৯১০ চনত এই চিকিৎসা বিদ্যালয়খনৰ বাবে ইংলেণ্ডৰ পৰা দুটা এক্স-ৰে মেচিন
আমদানি কৰি অনা হৈছিল আৰু ৰেডিঅলজী বিভাগ আৰম্ভ কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ
পিছত এই বিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল যিখন
যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিল। স্বাধীনতাৰ
পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে ‘অসম চিকিৎসা মহাবিদ্যালয়’
নামেৰে নামাংকিত কৰা হয়।
Post a Comment