ভাৰতীয় গণতন্ত্ৰ, SEBA Class 10 Social Science Complete Notes in Assamese

 

ভাৰতৰ গণতন্ত্ৰ(Indian Democracy),

SEBA Class 10 Social Science Complete Notes in Assamese  

 

ভাৰতীয় গণতন্ত্ৰ

(Bharator Gantantra)

দশম শ্ৰেণীৰ সমাজ বিজ্ঞান

(Class 10 Social Science)

ভাৰতীয় গণতন্ত্ৰ, SEBA Class 10 Social Science Complete Notes in Assamese
ভাৰতীয় গণতন্ত্ৰ

 

 

অতি চমু উত্তৰৰ প্ৰশ্নঃঃ

১) ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল?

উত্তৰঃ শ্ৰমিক দল।

 

২) কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল?

উত্তৰঃ ১৯৪৬ চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল।

 

৩) সংবিধান সভাৰ প্ৰথম সভা পতি কোন আছিল?

উত্তৰঃ সংবিধান সভাৰ প্ৰথম সভাপতি হল ডঃ সচিদানন্দ সিনহা।

 

৪) খচৰা সমিতিৰ অধ্যক্ষ জনৰ নাম কি?

উত্তৰঃ খচৰা সমিতিৰ অধ্যক্ষ জনৰ নাম হল ড.বি আৰ আম্বেদকাৰ

 

৫ ) সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল?

উত্তৰঃ ১৯৭৬ চনত হোৱা সংবিধানৰ ৪২তম সংশোধনীৰ জৰিয়তে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল।

 

৬) ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে?

উত্তৰঃ ইংৰাজী Federation শব্দটো লেটিন শব্দ Foedus শব্দৰ পৰা আহিছে।

 

৭) যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক বোলা হয়?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰক।

 

৮) ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে?

উত্তৰঃ নাই।

 

৯) ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে?

উত্তৰঃ ইংলেণ্ডৰ সংবিধানৰ পৰা।

 

চমু উত্তৰৰ প্ৰশ্নঃঃ

১) ব্ৰিটিছ চৰকাৰে কেবিনেট মিচনক কিয় ভাৰতলৈ পঠাইছিল?

উত্তৰঃ ভাৰতবর্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে কেবিনেট মিছনক ভাৰতবৰ্ষত পঠিওৱা হৈছিল।

 

২) ১৯৪৭ চনত ১৫ আগষ্ট পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰত ৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনৰখন কোনে প্ৰস্তুত কৰিছিল?

উত্তৰঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন। এই আইনখন ব্ৰিটিছ সংসদে প্ৰস্তুত কৰিছিল।

 

৩) প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণেবুলি কিয় উল্লেখ কৰা হৈছে?

উত্তৰঃ কাৰণ সংবিধানখনৰ প্ৰকৃত ৰচক ভাৰতীয় জনগণ। সংবিধান ভাৰতীয় জণগণৰ বাবেই তৈয়াৰ কৰা হৈছে আৰু জনগণেই ইয়াৰ অন্তঃনিহিত শক্তি।

 

৪) সাৰ্বভৌম মানে কি?

উত্তৰঃ সাৰ্বভৌম হৈছে- 

ই ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা

এটা নিৰ্দিষ্ট ভূখণ্ডত নিজাববীয়াকৈ সকলো অধিকাৰ সমৃদ্ধ হৈ থাকিব পৰা অৱস্থা।

আন বাহিৰা শক্তিৰ অধীন নোহোৱা অৱস্থা।

 

৫) কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদীআৰু ধৰ্মনিৰপেক্ষশব্দ দুটা সন্নিবিষ্ট কৰা হৈছে?

উত্তৰঃ ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে ৪২ তম সংশোধনী।

 

৬) ‘অৰ্ধ যুক্তৰাষ্ট্ৰ’ কাক বোলে?

উত্তৰঃ যি ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাত যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্যৰ লগতে একান্তক চৰকাৰৰ বৈশিষ্ট্যও দেখা যায় তাক ‘অৰ্ধ-যুক্তৰাষ্ট্ৰ’ বোলে।

 

৭) কোন কেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন

 

দীঘল উত্তৰৰ প্ৰশ্নঃঃ

১)ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা?

উত্তৰঃ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো হল সংবিধানৰ পাতনি। ইয়াত সংবিধানৰ দৰ্শন, আদৰ্শ আৰু লক্ষ্যবোৰ সংক্ষিপ্ত ৰূপত লিপিবদ্ধ হৈ আছে। প্ৰস্তাৱনাটো উল্লিখিত কথাবোৰ জানিলেহে সংবিধানৰ বিষয়ে জানিব পাৰি। প্ৰস্তাৱনাটোক সংবিধানখনৰ আত্মা বুলিব পাৰি।

ইয়াত উল্লেখিত আদৰ্শসমূহ হৈছে- স্বাধীনতা, ন্যায়, সমতা আৰু ভাতৃত্ববোধ।

(ক) স্বাধীনতাঃ ভাৰতত বাস কৰা প্ৰতিজন নাগৰিকক চিন্তা ,মত প্ৰকাশ,ধৰ্ম আৰু উপাসনাৰ ক্ষেত্ৰত স্বাধীনতা দিয়া হৈছে।

(খ) ন্যায়ঃ সংবিধানে প্ৰতিজন ভাৰতীয় লোকৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় সু-নিশ্চিত কৰিছে। সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে জাতি, ধৰ্ম আৰু বৰ্ণ ভিত্তিত তথা সামাজিক বৈষম্যবোৰ দূৰ কৰিবলৈ সকলো দৰকাৰী ব্যৱস্থা লোৱা হব। ৰাজনৈতিক ন্যায়ৰ ক্ষেত্ৰত সকলোকে এটা নিৰ্দিষ্ট বয়সৰ পিছত চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ ল’বলৈ সুবিধা দিয়াৰ কথা কোৱা হৈছে, অৰ্থনৈতিক ন্যায় প্ৰতিষ্ঠাৰ বাবে সমাজৰ পৰা ধনী দুখীয়াৰ শ্ৰেণী বিভাজন আঁতৰাবলৈ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়া হৈছে।

(গ) সমতাঃ আইনৰ চকুত সকলো সমান। পৰম্পৰাগত সামাজিক বৈষম্যবোৰ আতৰ কৰি সকলোকে সমানে সা সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ যত্নপৰ হোৱা উচিত।

(ঘ) ভাতৃত্ববোধঃ ভাৰতত বাস কৰা লোকসকলে কোনেও কাকো হেয় জ্ঞান নকৰি পৰস্পৰে পৰস্পৰৰ প্ৰতি মৰম চেনেহ আৰু ভাতৃত্ববোধৰ ভাৱ ৰখাটো দৰকাৰী।

২) ‘সাৰ্বভৌম’, ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’, ‘গণতান্ত্ৰিক’ আৰু ‘গণৰাজ্য’ বুলিলে কি বুজা বহলাই লিখা।

উত্তৰঃ

সাৰ্বভৌম  

ই ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা।

এটা নিৰ্দিষ্ট ভূখণ্ডত নিজাববীয়া, সকলো অধিকাৰ সমৃদ্ধ হৈ থাকিব পৰা অৱস্থা।

আন বাহিৰা শক্তিৰ অধীন নোহোৱা অৱস্থা।

সমাজবাদী

এটা শ্ৰেণী হীন সমাজ ব্যৱস্থা য’ত কোনো ধনী দুখীয়া নাথাকে।

উৎপাদন ব্যৱস্থা ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হ

সমাজবাদী ব্যৱস্থাত সম্পদৰ সমবিতৰণ হব।

ধৰ্মনিৰপেক্ষ 

কোনো ধৰ্মক চৰকাৰী স্বীকৃতি দিয়া নহয়।

সকলো ধৰ্ম সমান বুলি ধৰা হয়।

সকলোৱে নিজ ইচ্ছানুযায়ী কোনো ধৰ্ম গ্ৰহণ আৰু প্ৰচাৰ কৰিব পাৰে।

গণতন্ত্ৰ

চৰকাৰ ব্যৱস্থা য’ত এটা নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। ইয়াৰ জৰিয়তে জনগণে তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচিত কৰে আৰু সেই প্ৰতিনিধিৰে গঠিত চৰকাৰে দেশ পৰিচালনা কৰে।

গণৰাজ্য

ৰাষ্ট্ৰপ্ৰধানজন বংশানুক্ৰমে শাসনত অধিষ্ঠিত নহয়।

তেওঁক জনগণে পৰোক্ষভাৱে এক নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্বাচিত কৰে।

 

৩) নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেইটা আলোচনা কৰা?

উত্তৰঃ সংবিধান সভাৰ প্ৰথম বৈঠকত ১৯৪৬ চনৰ ১৩ ডিচেম্বৰ তাৰিখে নেহৰুৱে কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল। ১৯৪৭ চনৰ ২২ জানুৱাৰী তাৰিখে সংবিধান সভাই ইয়াক গ্ৰহণ কৰে।

ইয়াৰ মূল প্ৰস্তাৱকেইটা হ'ল-

i) সংবিধান সভাই ভাৰতবৰ্ষক “স্বাধীন, সাৰ্বভৌম, প্ৰজাতন্ত্ৰ” হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ।

ii) ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্য বিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হ'ব।

iii) ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধৰ্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্ৰদান কৰা হ'ব।

iv) দেশত বসবাস কৰা অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব।

v) দেশৰ স্বাধীনতা, সাৰ্বভৌম আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব।

vi) আন্তৰ্জাতিক সু-সম্পৰ্ক, বিশ্ব শান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব।

vii) জনসাধাৰণক সকলো ক্ষমতাৰ অধিকাৰী কৰা হয়। চৰকাৰ আৰু ইয়াৰ বিভিন্ন অংগবোৰে জনগণৰ পৰা ক্ষমতা লাভ কৰিব।

viii) সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্বশাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যদা লাভ কৰিব।

 উল্লেখযোগ্য যে নেহেৰুৰ প্ৰস্তাৱৰ আলম লৈ তথা দেশৰ হাজাৰ বছৰীয়া কৃষ্টি সভ্যতা আৰু সংস্কৃতিক গুৰুত্ব দি সংবিধান প্ৰণেতা সকলে সংবিধানৰ আদৰ্শ নিৰূপণ কৰিছিল।

 

৪) ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ এখন যুক্তৰাষ্ট্ৰত থাকিবলগীয়া বৈশিষ্ট্যসমূহৰ সকলোখিনি বৈশিষ্ট্যৰ উপস্থিতি ভাৰতবৰ্ষৰ ক্ষেত্ৰত দেখা নাযায়। লিখিত সংবিধান, দুই প্ৰকাৰৰ চৰকাৰ, দ্বি-সদনযুক্ত বিধানসণ্ডল,সংবিধানৰ সৰ্বোচ্চতা ,সৰ্বোচ্চ ন্যায়ালয় ব্যৱস্থা ইত্যাদি যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য ভাৰতত দেখা যায়। তথাপি ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাত কিছু এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যও পৰিলক্ষিত হয়। সেয়ে আমাৰ ব্যৱস্থাটোক ‘অৰ্ধ-যুক্তৰাষ্ট্ৰ’ বুলিব পাৰি।

 তাৰোপৰি, ভাৰতৰ সংবিধানৰ কতো ‘যুক্তৰাষ্ট্ৰ’ শব্দটো প্ৰয়োগ কৰা হোৱা নাই তাৰ পৰিৱৰ্তে ভাৰতক এখন ‘ৰাজ্যসমূহৰ অগং’ বুলি উল্লেখ কৰা হৈছে। ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই অন্য যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ দেশৰ অংগৰাজ্যবোৰ আতৰি যোৱাৰ অধিকাৰ দিয়া হোৱা নাই। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বিপৰীতে ভাৰতত এখন শক্তিশালী কেন্দ্ৰীয় চৰকাৰ উপস্থিতি লক্ষ্য কৰা যায়। সাংবিধানিক ভাৱে ক্ষমতাৰ বিভাজন কৰা হৈছে যদিও এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক অধিক কতৃত্ব দিয়া হৈছে।

 

৫) ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহৰ ওপৰত বাখ্যা আগবঢ়োৱা।

উত্তৰঃ ভাৰতীয় সংসদীয় গণতন্ত্ৰ ব্যৱস্থাই জনসাধাৰণৰ ওচৰত দায়বদ্ধ এখন চৰকাৰ গঠনৰ ব্যৱস্থা কৰিছে। ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে সীমিত ৰূপত ভাৰতত সংসদীয় পদ্ধতিৰ ব্যৱস্থা কৰিছিল। পৰবৰ্তী সময়ত সংবিধান প্ৰণেতাসকলে সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ইংলেণ্ডৰ সংবিধানখন অনুসৰণ কৰিছিল। অৱশ্যে এই ক্ষেত্ৰত ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰক সম্পূৰ্ণৰূপে অনুধাৱন নকৰি ভাৰতৰ ৰাজনৈতিক,সামাজিক প্ৰেক্ষাপটত ইয়াক কিছু নতুন ৰূপত গঢ় দিছিল।

 ভাৰতৰ সংসদীয় গণতন্ত্ৰত বৰ্তমান তলৰ বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়-

i) আমাৰ দেশৰ ৰাষ্ট্ৰপ্ৰধানজন (ৰাষ্ট্ৰপতি) সংসদীয় পদ্ধতিৰ চৰকাৰৰ অন্য দেশৰ দৰে বংশানুক্ৰমিক নহয়, বৰঞ্চ তেওঁ পৰোক্ষভাৱে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয়।

ii) ভাৰতত সংসদ বা সদনখন দুটা ভাগত বিভক্ত। এখন উচ্চসদন (ৰাজ্যসভা) আৰু আনখন নিম্নসদন (লোকসভা)। উচ্চসদন অংগৰাজ্যবোৰৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত আৰু নিম্নসদন জণগণৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত। ভাৰতৰ উচ্চসদনৰ গঠন আৰু ক্ষমতা, ইংলেণ্ডৰ উচ্চসদন হাউচ অৱ লৰ্ডচত কৈ বহু পৃথক।

iii) সংসদীয় পদ্ধতিৰ চৰকাৰত সংসদখন যিমান শক্তিশালী হব লাগিছিল ভাৰতত সংসদখন সিমান শক্তিশালী নহয়।

 

Class 10 Political Science: Indian Democracy

Secondary Educational Board, Assam (SEBA)

Class 10 Social Science Completes Notes in Assamese Based on SEBA Model Question papers. We hope these notes will be helpful for the students who are preparing for HSLC Examination this year.

Post a Comment

Post a Comment (0)

Previous Post Next Post