উভতি নহাৰ কবিতা
নৱকান্ত বৰুৱা
কবি
পৰিচিতিঃ কবি নৱকান্ত বৰুৱা ১৯২৬ চনত গুৱাহাটীত জন্ম
গ্ৰহণ কৰিছিল। কবি নৱকান্ত বৰুৱাই শিক্ষকতা কৰা দুখন অনুষ্ঠানৰ নাম হ’ল -জগন্নাথ বৰুৱা মহাবিদ্যালয় আৰু কটন
মহাবিদ্যালয়। এইগৰাকী মহান কবিৰ উল্লেখযোগ্য কাব্যগ্ৰন্থসমূহ হ’ল –হে অৰণ্য হে মহানগৰ, এটি দুটি এঘাৰটি তৰা, ৰাতি জিলমিল, ৰত্নাকৰ আদি।
তেওঁৰ উপন্যাসসমূহৰ ভিতৰত কপিলীপৰীয়া সাধু, ককাইদেউতাৰ হাড়, মানুহ আটাইবোৰ দ্বীপ
আদি উল্লেখযোগ্য। শিশু আৰু চেমনীয়াৰ উপযোগী গ্ৰন্থসমূহ হ’ল
আখৰৰ জখলা, শিয়ালী পালেগৈ ৰতনপুৰ, ভত উকাৰে ভু আদি। নৱকান্ত বৰুৱাই তেওঁৰ উপন্যাস
ককাইদেউতাৰ হাড়’ৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে।
আৰ্হি প্ৰশ্নঃ
(ক)অতি চমু প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -১)
১।
উভতি নহাৰ কবিতা পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে
উত্তৰঃ
উভতি নহাৰ কবিতাটি নৱকান্ত বৰুৱাৰ দলঙত তামীঘৰা
নামৰ কবিতাপুথিৰ পৰা সংগ্ৰহ কৰা হৈছে।
২।
কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল
উত্তৰঃ
ককাইদেউতাৰ হাড় উপন্যাসখনৰ বাবে নৱকান্ত
বৰুৱাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।
৩।
ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ মাজত পাৰ্থক্য লিখা।
উত্তৰঃ
ৰোমান্টিক কবিতাই পুনৰজনমত বিশ্বাস কৰে। আনহাতে
আধুনিক কবিতাৰ মতে মানুহ এবাৰ পৃথিৱীৰ পৰা গুচি গ’লে পুনৰ উভতি আহিব নোৱাৰে।
অথবা
ৰোমান্টিক কবিতা কল্পনা প্ৰৱণ। আনহাতে আধুনিক কবিতা
বাস্তৱবাদী।
৪।
উভতি নহাৰ কবিতা কোন শ্ৰেণীৰ কবিতা
উত্তৰঃ
উভতি নহাৰ কবিতা আধুনিক শ্ৰেণীৰ কবিতা।
৫।
তামীঘৰা শব্দৰ অৰ্থ কি
উত্তৰঃ
তামীঘৰা শব্দৰ অৰ্থ হ’ল তম্বু।
(খ) চমু প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -২ অথবা ৩)
১।
নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ
(এই উত্তৰৰ বাবে কবি পৰিচিতি চোৱা।)
২।
নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা।
উত্তৰঃ
(এই উত্তৰৰ বাবে কবি পৰিচিতি চোৱা।)
৩।
নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ
(এই উত্তৰৰ বাবে কবি পৰিচিতি চোৱা।)
৪।
কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি? জীয়াই থকাৰ
ধেমালীটো কবিয়ে কেইবাৰ খেলিছে
উত্তৰঃ
উভতি নহাৰ কবিতা শীৰ্ষক কবিতাটিত কবি নৱকান্ত
বৰুৱাই যন্ত্ৰণাক জীয়াই থকাৰ মন্ত্ৰ বুলি কৈছে।
কবিয়ে জীয়াই
থকাৰ মন্ত্ৰটো এবাৰেই খেলি যোৱা বুলি কৈছে। কাৰণ এই পৃথিৱীত জীয়াই থকাৰ সুযোগ
এবাৰেই পোৱা যায়।
৫।
কবিৰ মতে পৃথিৱীত নতুন মানুহ আহিলে কি কি পৰিৱৰ্তন হ’ব
উত্তৰঃ
কবিয়ে উপলব্ধি কৰিছে যে তেওঁৰ পিছত আন কোনোবা
নতুন মানুহ জন্ম গ্ৰহণ কৰিব। তেওঁ হয়তো কবিৰ দৰে নিজে ভালপোৱা ধৰণে নিজৰ কাম কৰি
যাব। হয়তো কবিৰ দৰে নতুন নতুন কবিতা, গীত আদিৰ জন্ম দিব। নতুন দিশত নতুন-নতুন
চিন্তা-ধাৰণাই ঠাই পাব। সেই নতুন দিনত কবিৰ কোনো চিন নাথাকিব।
(গ) দীঘল প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -৪ অথবা ৫)
১।
কবি কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, বুজাই লিখা।
উত্তৰঃ
উভতি নহাৰ কবিতাটি কবি নৱকান্ত বৰুৱাৰ ‘দলঙত তামীঘৰা’ শীৰ্ষক
কাব্যগ্ৰন্থৰ অন্তৰ্গত এটি সাৰ্থক আধুনিক
কবিতা। কবিতাটোত নিহিত হৈ আছে মানৱতাবাধ আৰু পৃথিৱীৰ প্ৰতি কবিৰ গভীৰ প্ৰেমৰ সুৰ।
বৰ্ণময়, বৈচিত্ৰ্যময় পৃথিৱীখনক কবিয়ে প্ৰাণভৰি ভাল পায়। পৃথিৱীৰ বায়ু, পানী আৰু
মাটিৰ লগত কবিয়ে নিবিড় আত্মীয়তা অনুভৱ কৰে। সেয়ে এই ভালপোৱা পৃথিৱীখনক এৰি যাবলৈ
কবিৰ একেবাৰে মন নাই। কিন্তু তেওঁ জানে যে পৃথিৱীখন এৰি যাবলৈ মন নগ’লেওঁ, যাবই লাগিব। এয়াই চিৰন্তন সত্য। কবিয়ে জানে যে এই চিৰন্তন নিয়ম
অনুসৰি এবাৰ গুচি গ’লে আৰু কেতিয়াও এই ভাল লগা পৃথিৱীখনত
উভতি আহিব নোৱাৰে। সেয়ে কবিয়ে পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে।
২।
‘উভতি নহাৰ কবিতা’টোৰ মূলভাব
লিখা।
উত্তৰঃ
উভতি নহাৰ কবিতাটি কবি নৱকান্ত বৰুৱাৰ ‘দলঙত তামীঘৰা’ শীৰ্ষক
কাব্যগ্ৰন্থৰ অন্তৰ্গত এটি সাৰ্থক আধুনিক
কবিতা। কবিতাটোত নিহিত হৈ আছে মানৱতাবাধ আৰু পৃথিৱীৰ প্ৰতি কবিৰ গভীৰ প্ৰেমৰ সুৰ।
বৰ্ণময়, বৈচিত্ৰ্যময় পৃথিৱীখনক কবিয়ে প্ৰাণভৰি ভাল পায়। পৃথিৱীৰ বায়ু, পানী আৰু
মাটিৰ লগত কবিয়ে নিবিড় আত্মীয়তা অনুভৱ কৰে। সেয়ে এই ভালপোৱা পৃথিৱীখনক এৰি যাবলৈ
কবিৰ একেবাৰে মন নাই। কিন্তু তেওঁ জানে যে পৃথিৱীখন এৰি যাবলৈ মন নগ’লেওঁ, যাবই লাগিব। এয়াই চিৰন্তন সত্য। কবিয়ে জানে যে এই চিৰন্তন নিয়ম
অনুসৰি এবাৰ গুচি গ’লে আৰু কেতিয়াও এই ভাল লগা পৃথিৱীখনত
উভতি আহিব নোৱাৰে। সেইবাবে নানা ঘাত-প্ৰতিঘাত, জ্বালা-যন্ত্ৰণা সহিওঁ কবিয়ে যিমান
দিন পাৰে পৃথিৱীৰ বুকুত হেঁপাহেৰে জীয়াই থাকিবলৈ প্ৰয়াস কৰিছে। জাবৰৰ দমৰ পৰা
সুন্দৰ সুবাসিত বকুল ফুল এপাহ আলফুলে বুটলি লোৱাৰ দৰে যন্ত্ৰণা ভৰা জীৱনটোওঁ উপভোগ
কৰি তুলিব পাৰি। কবিয়ে জানে তেওঁৰ মৃত্যুৰ পাছতো আন-আন বহুতো মানুহ এই পৃথিৱীলৈ
আহিব। পিছে তেওঁলোকৰ সেই নতুন দিনৰ পৃথিৱীত পুৰণি কবিৰ কোনো চিনেই নাথাকিব। নতুন
পুৰুষে সজোৱা নতুন জগতত যদিওঁ কবি হেৰাই যাব, সেই হোৰাই যোৱাৰ মাজতেই কবিয়ে তেওঁৰ
জীৱনৰ সাৰ্থক পৰিসমাপ্তিৰ সম্ভাৱনা দেখিছে। এনেদৰে কবিতাটিত পৃথিৱীৰ প্ৰতি, জীৱনৰ
প্ৰতি কবিৰ গভীৰ আস্থা প্ৰকাশ কৰিছে।
৩।
কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাবিছে, বুজাই লিখা।
উত্তৰঃ
(কবিতাটিৰ সাৰাংশখিনিৰ পৰা ইয়াৰ উত্তৰটো
লিখিবলৈ যত্ন কৰা)
৪।
‘উভতি নহাৰ কবিতা’ত পৃথিৱীৰ
প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰঃ
উভতি নহাৰ কবিতাটি কবি নৱকান্ত বৰুৱাৰ ‘দলঙত তামীঘৰা’ শীৰ্ষক
কাব্যগ্ৰন্থৰ অন্তৰ্গত এটি সাৰ্থক আধুনিক
কবিতা। কবিতাটোত নিহিত হৈ আছে মানৱতাবাধ আৰু পৃথিৱীৰ প্ৰতি কবিৰ গভীৰ প্ৰেমৰ সুৰ।
বৰ্ণময়, বৈচিত্ৰ্যময় পৃথিৱীখনক কবিয়ে প্ৰাণভৰি ভাল পায়। পৃথিৱীৰ বায়ু, পানী আৰু
মাটিৰ লগত কবিয়ে নিবিড় আত্মীয়তা অনুভৱ কৰে। সেয়ে এই ভালপোৱা পৃথিৱীখনক এৰি যাবলৈ
কবিৰ একেবাৰে মন নাই। কিন্তু তেওঁ জানে যে পৃথিৱীখন এৰি যাবলৈ মন নগ’লেওঁ, যাবই লাগিব। এয়াই চিৰন্তন সত্য। কবিয়ে জানে যে এই চিৰন্তন নিয়ম
অনুসৰি এবাৰ গুচি গ’লে আৰু কেতিয়াও এই ভাল লগা পৃথিৱীখনত
উভতি আহিব নোৱাৰে। সেইবাবে নানা ঘাত-প্ৰতিঘাত, জ্বালা-যন্ত্ৰণা সহিওঁ কবিয়ে যিমান
দিন পাৰে পৃথিৱীৰ বুকুত হেঁপাহেৰে জীয়াই থাকিবলৈ প্ৰয়াস কৰিছে। জাবৰৰ দমৰ পৰা
সুন্দৰ সুবাসিত বকুল ফুল এপাহ আলফুলে বুটলি লোৱাৰ দৰে যন্ত্ৰণা ভৰা জীৱনটোওঁ উপভোগ
কৰি তুলিব পাৰি। কবিয়ে জানে তেওঁৰ মৃত্যুৰ পাছতো আন-আন বহুতো মানুহ এই পৃথিৱীলৈ
আহিব। পিছে তেওঁলোকৰ সেই নতুন দিনৰ পৃথিৱীত পুৰণি কবিৰ কোনো চিনেই নাথাকিব। নতুন
পুৰুষে সজোৱা নতুন জগতত যদিওঁ কবি হেৰাই যাব, সেই হোৰাই যোৱাৰ মাজতেই কবিয়ে তেওঁৰ
জীৱনৰ সাৰ্থক পৰিসমাপ্তিৰ সম্ভাৱনা দেখিছে। এনেদৰে কবিতাটিত পৃথিৱীৰ প্ৰতি, জীৱনৰ
প্ৰতি কবিৰ গভীৰ আস্থা প্ৰকাশ কৰিছে।
৫।
প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
(ক)
যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ
সেই মন্ত্ৰকে গালোঁ
জীয়াই থকাৰ ধেমালীটো মই
এবাৰেই খেলি গ’লো।
উত্তৰঃ বাখ্যেয় কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ
অন্তৰ্গত কবি নৱকান্ত বৰুৱা ৰচিত ‘উভতি নহাৰ কবিতা’ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
পৃথিৱীখনৰ প্ৰতি থকা অপাৰ ভালপোৱাৰ কথা প্ৰকাশ কৰিবলৈ গৈ কবিগৰাকীয়ে উক্ত
কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।
পৃথিৱীখনত
জন্ম গ্ৰহণ কৰি কবিগৰাকীয়ে বহুতো শোক-দুখ, যন্ত্ৰণা আদি পাইছে। এই দুখ-যন্ত্ৰণাৰ
মাজেদি তেওঁ জীয়াই থকাৰ প্ৰেৰণা লাভ কৰিছে। অৰ্থাৎ যন্ত্ৰণাই হৈছে কবিৰ বাবে জীয়াই
থকাৰ মন্ত্ৰ তথা প্ৰেৰণা। তেওঁৰ সৃষ্টিকৰ্মৰ মাজেদি সেই যন্ত্ৰণাৰ মন্ত্ৰকেই
বাৰে-বাৰে গাইছে। তেওঁৰ মতে জীয়াই থকাটো হৈছে এক যন্ত্ৰণাময় ধেমালী। কবিয়ে জানে যে
তেওঁ এবাৰ পৃথিৱীৰ পৰা গুছি গ’লে
কেতিয়াও উভতি আহিব নোৱাৰে। তেওঁ তেওঁৰ সকলো খেল এবাৰতেই খেলি গ’ল অৰ্থাৎ তেওঁ এবাৰতেই যিমান পাৰি সিমান পৃথিৱীখনক উপভোগ কৰি গ’ল।
(খ)
কোনোবা আহিব মোৰ দৰে কোনো দিনা?
মোৰ সুৰতেই বাজিব নতুন বীণা?
ওহোঁ সেয়া হ’ব নতুন দিন
মোৰ তাত একো নাথাকে চিন।
উত্তৰঃ
বাখ্যেয় কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ
অন্তৰ্গত কবি নৱকান্ত বৰুৱা ৰচিত ‘উভতি নহাৰ কবিতা’ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিয়ে
পৃথিৱীখনৰ পৰা আতৰি যোৱাৰ পিছত পৃথিৱীলৈ যে বিৰাট পৰিৱৰ্তন আহিব তাকে ক’বলৈ গৈ কবিগৰাকীয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা
কৰিছে।
কবিয়ে পৃথিৱীখনক প্ৰাণভৰি ভাল পায়, কিন্তু ভাল পালেও তেওঁ পৃথিৱীৰ পৰা
এবাৰ গুচি গ’লে পুনৰ উভতি আহিব নোৱাৰে। কবিৰ মৃত্যুৰ পিছতে
পৃথিৱীলৈ পৰিৱৰ্তন আহিব। নতুন মানুহৰ জন্ম হ’ব। এই দিনবোৰো হ’ব নতুন। এই নতুনৰ পৃথিৱীত পুৰণি কবিৰ কোনো চিনেই নাথাকিব। কবিৰ স্মৃতি
হেৰাই যাব পৃথিৱীৰ পৰা। পৃথিৱীখনৰ সুন্দৰ ৰূপ কবিয়ে দ্বিতীয়বাৰৰ বাবে দেখিবলৈ
নাপাব। কবিৰ ঠাই পূৰাবলৈ নতুন পুৰুষ আহিব। নতুন পুৰুষৰ নতুন চিন্তা-ধাৰাৰ লগত কবিৰ
চিন্তাৰো কোনো মিল নাথাকিব। এনেদৰে নতুন আহি আকৌ পুৰণি হ’ব
আৰু আতৰি যাব পৃথিৱীৰ পৰা। তলসৰা বকুল ফুলৰ দৰে লয় পাব কবিৰ দেহ। এই কথাকে উক্ত
কবিতাফাঁকিৰ জৰিয়তে প্ৰকাশ কৰা হৈছে।
অতিৰিক্তঃঃ
১।
অসমৰ ইতিহাসত ৰামধেনুৰ যুগ বুলিলে কোনখিনি সময়ক বুজায়? এই যুগৰ তিনিজন কবিৰ নাম লিখা।
উত্তৰঃ
কুৰি শতিকাৰ পঞ্চদশ দশকৰ পৰা ষাঠিৰ দশকলৈ
অসমীয়া সাহিত্যত ‘ৰামধেনু’
আলোচনীয়ে বিশেষ গুৰুত্ব লাভ কৰিছিল। এই ৰামধেনু আলোচনীয়ে অসমত এক নতুন যুগৰ
আৰম্ভণি কৰিছিল –“ৰামধেনুৰ যুগ”।
ৰামধেনুৰ যুগৰ তিনিগৰাকী কবি হ’ল –হেম বৰুৱা, নৱকান্ত বৰুৱা
আৰু কেশৱ মহন্ত।
To be Continue...
যদি আপোনালোকে আমাৰ কাৰ্যসমূহক উৎসাহিত কৰিব বিচাৰে তেন্তে আমাৰ পোষ্টবোৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক
Post a Comment