কৰুণতম (Korunotom) ।। দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।। সাহিত্য সৌৰভ

 

কৰুণতম

ড নিৰ্মলপ্ৰভা বৰদলৈ

 

কৰুণতম (Korunotom) ।। দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।। সাহিত্য সৌৰভ
Korunotom 


কঠিন শব্দৰ অৰ্থঃ

সুবাসঃ ভাল গোন্ধ, সুগন্ধ

হেৰা পাওঁঃ হেৰোৱা বস্ত পাওঁ

 

আৰ্হি প্ৰশ্নঃ

 

 (ক) অতি চমু প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যংক -১)

১। নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম লিখা

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম বনফৰিঙৰ ৰং।

 

২। নিৰ্মলপ্ৰভাৰ বৰদলৈয়ে কোনখন পুথি বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে ?

উত্তৰঃ নিৰ্মলপ্ৰভাৰ বৰদলৈয়ে ১৯৮৩ চনত তেওঁৰ গ্ৰন্থ সুদীৰ্ঘ দিন আৰু ঋতুৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে।

 

৩। 'কৰুণতম' কবিতাটো কবিৰ কোনখন কবিতা পুথিত সংকলিত হৈছে?

উত্তৰঃ কৰুণতম কবিতাটো কবি নিৰ্মলপ্ৰভাৰ বৰদলৈদিনৰ পাছত দিননামৰ কাব্য পুথিখনৰ অন্তৰ্গত।

 

৪। কৰুণতম কোন শ্ৰেণীৰ কবিতা?

উত্তৰঃ কৰুণতম আধুনিক শ্ৰেণীৰ কবিতা

 

৫। নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটি বৈশিষ্ট্য লিখা

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটি বৈশিষ্ট্যল –নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ।

 

(খ) চমু প্ৰশ্নৰঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যংক -২ অথবা ৩)

১। নিৰ্মলপ্ৰভাৰ বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম লিখা

উত্তৰঃ নিৰ্মলপ্ৰভাৰ বৰদলৈৰ তিনিখন কবিতা পুথিৰ নামল –দিনৰ পাছত দিন, সুদীৰ্ঘ দিন আৰু ঋতু আৰু অন্তৰংগ

 

২। নিৰ্মলপ্ৰভাৰ বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা

উত্তৰঃ নিৰ্মলপ্ৰভাৰ বৰদলৈৰ দুখন গীতৰ পুথিৰ নামল –সোণবৰণীয়া আই আৰু সুৰীয়া মাত

 

৩। নিৰ্মলপ্ৰভাৰ বৰদলৈৰ গৱেষণামূলক গ্ৰন্থ তিনিখনৰ নাম লিখা

উত্তৰঃ নিৰ্মলপ্ৰভাৰ বৰদলৈৰ গৱেষণামূলক গ্ৰন্থ তিনিখনৰ নামল –দেৱী, শিৱ আৰু সূৰ্য্য

৪। 'কৰুণতম' আৰু সুবাস' শব্দ দুটাৰ অৰ্থ লিখা

উত্তৰঃ কৰুণতম শব্দৰ অৰ্থ হল- অধিক বেদনাদায়ক; আৰু সুবাস শব্দৰ অৰ্থ হল –ভাল গোন্ধ বা সুগন্ধ।

 

৫। কৰুণতম কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য লিখা

উত্তৰঃ কৰুণতম কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য ল—

ক) আধুনিক কবিতা বাস্তৱবাদী।

খ) আধুনিক কবিতাত সাম্যবাদী ভাৱধাৰাৰ প্ৰবণতা থকা দেখা যায়।

 

(গ) দীঘল প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যংক -৪ অথবা ৫)

১। কৰুণতম কবিতাৰ নামকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা

উত্তৰঃ কৰুণতম নিৰ্মলপ্ৰভা বৰদলৈৰ এটি উৎকৃষ্ট কবিতা। কবিতাটোৰ শিৰোনামৰ জৰিয়তে ইয়াৰ মূলভাৱ, মূল চৰিত্ৰ আৰু বিষয়বস্তু সম্পৰ্কে ইংগিত পোৱা যায়। কৰুণতম কবিতাটোত ভৱিষ্যত প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম, আদৰ্শ সন্দৰ্ভত সন্দিহান হোৱাৰ কথা কবিয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে। আহিনৰ সজাল ধৰা ধাননি পথাৰৰ গোন্ধ পালে কবিৰ পিতৃৰ স্মৃতি জাগ্ৰত হয়। কাৰণ কবিৰ পিতৃ এজন কৃষক আছিল। কৃষি কেৱল তেওঁৰ পিতৃৰ বাবে বৃত্তিয়েই নাছিল, ই আছিল তেওঁৰ জীৱনৰ সাধনা। পিতৃৰ সেই কৰ্ম-সাধনাক লৈ কবি গৌৰৱান্বিত। একেদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰে। কাৰণ কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল। গামোচাত সপোনৰ ফুল তুলিব পৰা কবিৰ মাতৃৰ কৰ্মত কবিয়ে গৌৰৱ অনুভৱ কৰিছিল।

           কবিৰ পিতৃ-মাতুয়ে নিৰ্দিষ্ট কৰ্ম-সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে। মহান কৰ্ম-আদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব খোদিত কৰি যাব পাৰিছে। কিন্তু কবিয়ে পিতৃ-মাতৃৰ দৰে নিজৰ ভৱিষ্যত প্ৰজন্মৰ বাবে কেনেধৰণৰ কৰ্ম-আদৰ্শৰে যুগমীয়া স্মৃতি ৰাখি যাব পাৰিব- সেই সম্পৰ্কে নিশ্চিত হব পৰা নাই। তেওঁ ভৱিষ্যত প্ৰজন্মৰ বাবে কোনো আদৰ্শ এৰি থৈ যাব নোৱাৰিব বুলি ভাবি সংশয়ত ভুগিছে। কবিৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একো হব নোৱাৰে।

          এইদৰে বিশ্লেষণ কৰিলে দেখা যায় যে কবিতাটোৰ বিষয়-বস্তুত কবিৰ মনৰ দুঃখ বা কাৰণ প্ৰকাশ পাইছে। সেয়ে কৰুণতম কবিতাটোৰ নামাকৰণ সাৰ্থক হৈছে।

 

২। কৰুণতম কবিতাত কবিৰ পিতৃ-মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ পাইছে নেকি বিচাৰ কৰা

উত্তৰঃ নিৰ্মলপ্ৰভাৰ বৰদলৈৰ দ্বাৰা ৰচিত কৰুণতম কবিতাটি এটি আধুনিক শ্ৰেণীৰ কবিতা। এই কবিতাটোৰ মাজেৰে পিতৃ-মাতৃৰ প্ৰতি থকা কবিৰ গভীৰ শ্ৰদ্ধা আৰু ভালপোৱা প্ৰকাশ পাইছে। তলত এই বিষয়ে বিস্তাৰিত আলোকপাত কৰা হল—

        আহিনৰ সজাল ধৰা ধাননি পথাৰৰ গোন্ধ পালে কবিৰ পিতৃৰ স্মৃতি জাগ্ৰত হয়। কাৰণ কবিৰ পিতৃ এজন কৃষক আছিল। কৃষি কেৱল তেওঁৰ পিতৃৰ বাবে বৃত্তিয়েই নাছিল, ই আছিল তেওঁৰ জীৱনৰ সাধনা। পিতৃৰ সেই কৰ্ম-সাধনাক লৈ কবি গৌৰৱান্বিত। একেদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰে। কাৰণ কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল। গামোচাত সপোনৰ ফুল তুলিব পৰা কবিৰ মাতৃৰ কৰ্মত কবিয়ে গৌৰৱ অনুভৱ কৰিছিল।

          কবিৰ পিতৃ-মাতৃয়ে নিৰ্দিষ্ট কৰ্ম সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে। মহৎ কৰ্ম-আদৰ্শৰে ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব খোদিত কৰি যাব পাৰিছে। কবিৰ মনত যুগমীয়া সাঁচ বহুৱাই থৈ যোৱা পিতৃ-মাতৃৰ কৰ্মৰ তেনে বিশেষ স্মৃতি-চিহ্নবোৰৰ সংস্পৰ্শলৈ অহাৰ লগে-লগে কবিৰ অন্তৰত পিতৃ-মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভক্তি জাগৰিত হয়। গাঁৱৰ সহজ-সৰল জীৱন আৰু অসমীয়া সংস্কৃতিৰ ধাৰক আৰু বাহক পিতৃ-মাতৃয়ে সৎ উপায়েৰে এই পৃথিৱীত অস্তিত্ব ৰাখি যাবলৈ সক্ষম হৈছে। কিন্তু আধুনিকতাৰ হেঁচাত অস্তিত্বৰ সংকটত ভোগা কবিয়ে কেনেধৰণৰ কৰ্ম-আদৰ্শৰে সন্তানৰ বাবে নিজৰ স্মৃতি ৰাখি যাব সেয়া কবিৰ বাবে এক চৰম বেদনাদায়ক প্ৰশ্ন।

          এনেদৰে কবিতাটিত কবিয়ে তেওঁৰ পিতৃ-মাতৃয়ে এৰি থৈ যোৱা আদৰ্শ স্মৰণ কৰি তেওঁলোকৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভক্তিৰ বাৱ প্ৰকাশ কৰিছে।

 

৩। কৰুণতম কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰা

উত্তৰঃ নিৰ্মলপ্ৰভাৰ বৰদলৈৰ দ্বাৰা ৰচিত কৰুণতম কবিতাটি এটি আধুনিক শ্ৰেণীৰ কবিতা। এই কবিতাটোৰ মাজেৰে কবিৰ অন্তৰৰ গভীৰ দুখবোধ অতি মৰ্মান্তিকভাৱে প্ৰকাশ পাইছে। তলত এই সন্দৰ্ভত আলোকপাত কৰা হল-

            আহিনৰ সজাল ধৰা ধাননি পথাৰৰ গোন্ধ পালে কবিৰ পিতৃৰ স্মৃতি জাগ্ৰত হয়। কাৰণ কবিৰ পিতৃ এজন কৃষক আছিল। কৃষি কেৱল তেওঁৰ পিতৃৰ বাবে বৃত্তিয়েই নাছিল, ই আছিল তেওঁৰ জীৱনৰ সাধনা। পিতৃৰ সেই কৰ্ম-সাধনাক লৈ কবি গৌৰৱান্বিত। একেদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰে। কাৰণ কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল। গামোচাত সপোনৰ ফুল তুলিব পৰা কবিৰ মাতৃৰ কৰ্মত কবিয়ে গৌৰৱ অনুভৱ কৰিছিল।

           কবিৰ পিতৃ-মাতুয়ে নিৰ্দিষ্ট কৰ্ম-সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে। মহান কৰ্ম-আদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব খোদিত কৰি যাব পাৰিছে। কিন্তু কবিয়ে পিতৃ-মাতৃৰ দৰে নিজৰ ভৱিষ্যত প্ৰজন্মৰ বাবে কেনেধৰণৰ কৰ্ম-আদৰ্শৰে যুগমীয়া স্মৃতি ৰাখি যাব পাৰিব- সেই সম্পৰ্কে নিশ্চিত হব পৰা নাই। তেওঁ ভৱিষ্যত প্ৰজন্মৰ বাবে কোনো আদৰ্শ এৰি থৈ যাব নোৱাৰিব বুলি ভাবি সংশয়ত ভুগিছে। কবিৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একো হব নোৱাৰে। এনেদৰে শোকত ম্ৰিয়মান কবিৰ দুখবোধ কবিতাটোত স্পষ্টভাৱে প্ৰকাশ পাইছে।   

 

৪। কৰুণতম কবিতাত প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ অংকন হোৱা বুলি ক'ব পাৰি নেকি বিচাৰ কৰা

উত্তৰঃ নিৰ্মলপ্ৰভাৰ বৰদলৈৰ দ্বাৰা ৰচিত কৰুণতম কবিতাটি এটি আধুনিক শ্ৰেণীৰ কবিতা। এই কবিতাটোৰ বিষয়বস্তুক গভীৰভাৱে বিশ্লেষণ কৰিলে ইয়াত গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ এখন স্পষ্টভাৱে অংকিত হোৱা দেখা যায়। তলত এই সন্দৰ্ভত আলোকপাত কৰা হল—

          কবিতাটোত ঐতিহ্য সচেতন কবিয়ে আহিনৰ পথাৰৰ গোন্ধ আৰু দোকানৰ জাপ ভঙা গামোচাৰ সুবাসৰ লগত পিতৃ-মাতৃৰ স্মৃতি জড়িত কৰি গ্ৰাম্য সমাজ-সংস্কৃতিৰ এখনি আকৰ্ষণীয় চিত্ৰ অংকন কৰিছে। গ্ৰাম্য জীৱনৰ সৈতে কৃষি কৰ্ম-সংস্কৃতি জড়িত হৈ থাকে। আহিনৰ পথাৰ মানেই সেউজীয়া সজাল ধৰা ধাননিৰ লয়লাস। তাৰ মাজে-মাজে সহজ-সৰল কৃষকৰ কৰ্ম-ব্যস্ততা। সেই আহিনৰ সেউজীয়া পথাৰৰ গোন্ধ পালেই কবিৰ হেঁপাহৰ পিতৃলৈ মনত পৰে।

           সেইদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মৰমী মাতৃৰ স্মৃতি সজীৱ কৰি তোলে। কাৰণ গামোচাত ৰঙ-বিৰঙৰ সপোনৰ পুল বাচি মাতৃয়ে শিল্প-নিপুণতাৰ পৰিচয় দিছিল। পিতৃ-মাতৃৰ সেই মহান কৰ্ম-আদৰ্শক লৈ কবি পৰম গৌৰৱান্বিত। কিন্তু সময়ৰ পৰিৱৰ্তন হৈছে। আধুনিকতাৰ পাকচক্ৰত আহিনৰ সেউজীয়া পথাৰ, শিপিনীসকলৰ তাঁতশালৰ ঐতিহ্য ক্ৰমে যেন হেৰাই যাবলৈ ধৰিছে। সেয়ে কবিয়ে পিতৃ-মাতৃৰ অতীতৰ গাম্ভীৰ্যপূৰ্ণ স্মৃতিৰ সমধৰ্মী হিচাপে ভৱিষ্যতে সন্তানৰ মনত নিজকে স্থাপন কৰিবলৈ অসমৰ্থ হব বুলি আশংকা প্ৰকাশ কৰিছে। ইয়াতেই প্ৰকাৰন্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ মাজত সংঘাত সৃষ্টি হৈছে।

           কবিয়ে  এফালে আহিনৰ পথাৰৰ গোন্ধ আৰু দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসৰ কথা লৈ গ্ৰাম্য জীৱনৰ গুণ-গৰিমা আৰু অকৃত্ৰিমতাৰ এখন সাৰ্থক চিত্ৰ ৰূপায়ন কৰিছে আৰু আনফালে ভৱিষ্যত প্ৰজন্মলৈ কবিয়ে একো স্থিতি এৰি যাব নোৱাৰিব বুলি আক্ষেপ প্ৰকাশ কৰি আধুনিক নগৰীয়া সভ্য সমাজৰ এখন নিজস্বতাহীন , নিস্তেজ আৰু শূণ্যতাৰে ভৰা ছবি অংকন কৰিছে।

 

৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা

মই মোক

মোৰ সন্তানৰ কাৰণে 

'ত থৈ যাম

'?

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত নিৰ্মলপ্ৰভাৰ বৰদলৈৰ দ্বাৰা ৰচিত কৰুণতম শীৰ্ষক কবিতাৰ পৰা লোৱা হৈছে।

           আধুনিকতাৰ প্ৰভাৱত নিজৰ স্বকীয়তা হেৰুৱাৰ উপক্ৰম হোৱাত কবিয়ে নিজৰ অস্তিত্বৰ প্ৰতি সন্দিহান হৈ উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

           অসমীয়া গ্ৰাম্য সমাজ-সংস্কৃতি তথা ঐতিহ্যৰ প্ৰতি কবি বৰকৈ সচেতন। কবিৰ পিতৃ-মাতৃয়ে নিজস্ব কৰ্ম-সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ যুগমীয়াকৈ ৰাখি যাবলৈ সক্ষম হৈছে। কবিৰ পিতৃ এজন উত্তম কৃষক আছিল আৰু মাতৃ এগৰাকী পাকৈত শিপিনী আছিল। মহান কৰ্মাদৰ্শৰে নিজ সন্তান তথা ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব তেওঁলোকে খোদিত কৰি যাব পাৰিছে। কবিয়েও ভৱিষ্যত প্ৰজন্মৰ মাজত নিজৰ আদৰ্শ ৰাখি যাব বিচাৰে। কিন্তু আধুনিকতাৰ হেঁচাত অস্তিত্বৰ সংকটত ভোগা কবিয়ে কেনেধৰণৰ কৰ্মাদৰ্শৰে ভৱিষ্যতৰ বাবে নিজৰ স্মৃতি ৰাখি যাব, সেই আশংকাত কবি চিন্তিত হৈ পৰিছে। নিজ সন্তানৰ ওচৰতেই ভৱিষ্যতে অচিনাকি হৈ যোৱাৰ সংশয়ত কবিৰ অন্তৰত ওপজা গভীৰ দুখবোধৰ ভাব কবিতাফাঁকিৰ মাজেদি প্ৰকাশিত হৈছে।

যদি আপোনালোকে আমাৰ কাৰ্যসমূহক  উৎসাহিত কৰিব বিচাৰে তেন্তে আমাৰ পোষ্টবোৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক

Post a Comment

Post a Comment (0)

Previous Post Next Post