মূল্যবোধ শিক্ষা(Mulyabodh Shiksha) ।। দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।। সাহিত্য সৌৰভ

 

মূল্যবোধ শিক্ষা

° দুলুমণি গোস্বামী



আৰ্হি প্ৰশ্নঃ

(ক) অতি চমু প্ৰশ্নঃ(প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -১)

 ১। ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল?

উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ মূল্যবোধ শিক্ষা আছিল৷

 

২। প্ৰথম অৱস্থাত 'মূল্য' শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল?

উত্তৰঃ প্ৰথম অৱস্থাত 'মূল্য' শব্দটো অৰ্থনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল৷

 

৩। নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ "ম’ৰেল"(moral) শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে?

উত্তৰঃ নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ "ম’ৰেল"(moral) শব্দটোৰ উৎপত্তি লেটিন ভাষাৰ ম’ৰীজ’ শব্দৰপৰা হৈছে৷

 

৪। মহৰ্ষি টলষ্টয়ৰ মতে মূল্যবোধ কি?

উত্তৰঃ মহৰ্ষি টলষ্টয়ৰ মতে মূল্যবোধ সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়, ই ব্যক্তিনিষ্ঠহে৷ অৰ্থাৎ সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্য ক্ষমতাৰ ওপৰত৷

 

৫। ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে?

উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে ৮৪টা মূল্যবোধ চিনাক্ত কৰিছে৷

 

(খ) চমু প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -২ অথবা ৩)

 ১। আদৰ্শবাদী দাৰ্শনিকৰ মতে মূল্যবোধ কেইটা আৰু কি কি?

উত্তৰঃ আদৰ্শবাদী দাৰ্শনিকৰ মতে মূল্যবোধ তিনিটা৷ সেইকেইটা হ’ল - সত্যম, শিৱম আৰু সুন্দৰম্৷

 

২। ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি?

উত্তৰঃ ভাৰতীয় দৰ্শনে মূল্যবোধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে আৰু সেইকেইটা হ’ল - ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ৷

 

৩। প্ৰকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়?

উত্তৰঃ মানুহ সামাজিক প্ৰাণী৷ গতিকে কেৱল ব্যক্তিৰ প্ৰয়োজন পূৰণৰ ধাৰণাৰে মূল্যবোধক বিচাৰ কৰিব নোৱাৰি৷ ব্যক্তিৰ প্ৰয়োজন পূৰণ কৰা বস্তুক মূল্যবান নহয় বুলি ক’ব নোৱাৰি৷ কিন্তু ব্যক্তিৰ প্ৰয়োজন পূৰণে যদি আনৰ অপকাৰ কৰে নাইবা সামাজিক জীৱনত অনিষ্ট সাধন কৰে, তেন্তে তেনে কাৰ্যৰ কোনো ধৰণৰ মূল্য নাই৷ সেয়েহে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰা হে বিচাৰ কৰা উচিত৷

 

৪। সহজ অৰ্থত মূল্যবোধ মানে কি?

উত্তৰঃ মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকতা নীতি৷ যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ৷ সমাজত প্ৰচলিত ধৰ্মীয় জীৱন, জীৱন দৰ্শন, ৰাজনৈতিক আদৰ্শ, আচাৰ-ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যপ্ৰণালী -এই সকলোবোৰক মূল্যবোধে সামৰি লয়৷ আকৌ মূল্যবোধ সমূহ কোনো ব্যক্তিয়ে জন্মতে আহৰণ কৰি নাহে, ইয়াক আয়ত্ত কৰে সামাজিক পৰিবেশতহে৷

 

৫। মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি?

উত্তৰঃ মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে চাৰিটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু সেইকেইটা হ’ল- পৰোপকাৰিতা, দায়িত্ববোধ, নৈতিক স্বতন্ত্ৰতা আৰু যুক্তিনিষ্ঠতা৷

 

(গ) দীঘল প্ৰশ্নঃ(প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -৪ অথবা ৫)

১। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি? বুজাই লিখা৷

উত্তৰঃ আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে৷ মনৰ বা আত্মাৰ বিকাশেহে মানুহক উচ্চ স্তৰলৈ লৈ যাব পাৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিব পাৰে৷ আধ্যাত্মিক মূল্যবোধৰ লগত ধৰ্মীয় মূল্যবোধৰ সম্পৰ্ক আছে৷ আধ্যাত্মিক মূল্যবোধৰ বিকাশ তেতিয়াই হয় যেতিয়া মানুহৰ মাজত প্ৰেম, সহযোগিতা, ভক্তি, সংযম, উদাৰতা আদি গুণবোৰ বৃদ্ধি পায়৷ শ্ৰীমন্ত শংকৰদেৱে কোৱাৰ দৰে- কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম, সজানিয়া সবাকো পৰি কৰিবা প্ৰণাম৷

 

২। নন্দনতাত্বিক মূল্যবোধে কি কি বিষয় সামৰি লয় চমুকৈ আলোচনা কৰা৷

উত্তৰঃ মানৱ জীৱনৰ তিনিটা মূল্যবোধ হৈছে- সত্য, শিৱ আৰু সুন্দৰ৷ এই সুন্দৰ মূল্যবোধেই হৈছে নন্দনতাত্বিক মূল্যবোধ৷ নন্দনতাত্বিক সৌন্দৰ্যই মানুহক শান্তি প্ৰদান কৰে আৰু মানুহৰ জীৱনটো সুন্দৰ কৰি তোলে৷ জীৱন্ত বা জড় সকলো বস্তুৰে নন্দনতাত্বিক মূল্যায়ণ নহ’ব পাৰে৷ মানুহৰ সকলো কাৰ্য একে চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ পৰ্যায়ত মূল্যায়ণ হয়৷ গতিকে মনোযোগেই হৈছে নন্দনতাত্বিক মূল্যবোধৰ চাবিকাঠি৷

 

৩। চিৰন্তন মূল্যবোধ সম্পৰ্কে চমুকৈ বুজাই লিখা৷

উত্তৰঃ আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে- সত্যম, শিৱম আৰু সুন্দৰম এই তিনিটা চিৰন্তন মূল্যবোধ৷ চিৰন্তন মূল্যবোধ স্থায়ী তথা অপৰিবৰ্ত্তনীয়৷ এই মূল্যবোধসমূহ সমাজত পূৰ্বৰে পৰা বিদ্যমান৷ মানুহৰ দায়িত্ব হ’ল- কেৱল এইবোৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা৷ চিৰন্তন মূল্যবোধ ভাৰতীয় সমাজত প্ৰাচীন কালৰে পৰাই আছে৷ আন কথাত ক’বলৈ গ’লে ভাৰতীয় সামাজিক জীৱন ব্যৱস্থা চিৰন্তন মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত৷

 

৪। নৈতিক মূল্যবোধৰ ধাৰণাই কি কি কথা সামৰি লয় আলোচনা কৰা৷

উত্তৰঃ নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ 'ম’ৰেল' শব্দটোৰ উৎপত্তি হৈছে লেটিন ভাষাৰ 'ম’ৰীজ' শব্দটোৰ পৰা৷ যাৰ অৰ্থ হৈছে আচাৰ-ব্যৱহাৰ আৰু লোকাচাৰ৷ নৈতিকতাৰ লগত সামাজিক নীতি-নিয়ম আৰু আদৰ্শ জড়িত হৈ থাকে৷ মানুহে জন্ম লাভ কৰিয়েই সামাজিক ধাৰণাসমূহ আয়ত্ত নকৰে৷ ক্ৰমে সামাজিক সংস্পৰ্শলৈ অহাৰ পিছত পৰিৱেশ আৰু শিক্ষাৰ দ্বাৰা প্ৰভাৱিত হৈ সামাজিক নীতি-নিয়মসমূহ আয়ত্ত কৰে৷ কেৱল জন্মগত প্ৰবৃত্তিসমূহে মানুহক সামাজিক জীৱ হিচাপে গঢ়ি তুলিব নোৱাৰে৷ ইয়াৰ বাবে মানুহক লাগে উচ্চ মূল্যবোধ, উচ্চ আদৰ্শ আৰু মনোভাৱ৷ সংক্ষেপতে ক’বলৈ গ’লে নৈতিকতাই সমাজৰ ৰীতি-নীতি মানি চলাটো বুজায়৷

 

৫। মূল্যবোধ সম্পৰ্কে তোমাৰ কি ধাৰণা তাক চমুকৈ ব্যক্ত কৰা ৷

উত্তৰঃ মূল্যবোধ বুলিলে আমি এক উচ্চ আদৰ্শাত্মক জীৱন প্ৰণালীক বুজোঁ যি জীৱন প্ৰণালীয়ে সামাজিক ন্যায়, সহযোগিতা, পৰোপকাৰ, অহিংসা, সমতা, সততা আদি গুণবোৰ বজাই ৰাখি শান্তিপূৰ্ণ জীৱন-যাপন কৰিবলৈ শিকায়৷ মানুহৰ জীৱনৰ কিছুমান নীতি, যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজ কল্যাণৰ বাবে হিতৰ বাবে সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ-ব্যৱহাৰ আদি সকলোবোৰ মূল্যবোধে সামৰি লয়৷

 

অতিৰিক্ত প্ৰশ্নোত্তৰঃঃ

 ১। "মূল্যবোধ শিক্ষা" পাঠটিৰ লেখক কোন?

উত্তৰঃ "মূল্যবোধ শিক্ষা" পাঠটিৰ লেখক ড° দুলুমণি গোস্বামী।

 

২। সৌন্দৰ্যবোধ সম্পৰ্কে দাৰ্শনিক প্লেটোৱে আগবঢ়োৱা তত্ত্বটো কি?

উত্তৰঃ সৌন্দৰ্যবোধ সম্পৰ্কে দাৰ্শনিক প্লেটোৰ মতে, সকলো বস্তুৰে এক ঐশ্বৰিক সৌন্দৰ্য আছে৷ আমি মাথো ঐশ্বৰিক ধ্যান-ধাৰণাৰ যোগেদি সেই সৌন্দৰ্য উপলব্ধি কৰিব লাগিব৷

 

৩। যুক্তিনিষ্ঠতা, পৰোপকাৰিতা, দায়িত্ববোধ, নৈতিক স্বতন্ত্ৰতা সম্পৰ্কে চমুকৈ বুজাই লিখা ৷

উত্তৰঃ 

যুক্তিনিষ্ঠতাঃ শিশুৱে সন্মুখীন হোৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাৱে বিচাৰ বিশ্লেষণ কৰা৷

পৰোপকাৰিতাঃ আনৰ সুখ-দুখৰ প্ৰতি সহানুভূতিশীল হোৱা আৰু প্ৰয়োজন সাপেক্ষে সহায় কৰা৷

দায়িত্ববোধঃ সমাজত নিজৰ দায়িত্ব সম্পৰ্কে সচেতন হোৱা আৰু নিজে কৰা কামৰ ভুল-ত্ৰুটিসমূহ স্বীকাৰ কৰা৷

নৈতিক স্বতন্ত্ৰতাঃ নিজস্বভাৱে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা৷ আনৰ লগত আলোচনা কৰিলেও এনে ধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতা৷

 

৪। "ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদ" এ উল্লেখ কৰা ১০টা মূল্যবোধ কি কি?

উত্তৰঃ "ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদ" এ উল্লেখ কৰা ১০টা মূল্যবোধ - সংযম, সহানুভূতি, সহযোগিতা, অন্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, নম্ৰতা, মানৱতাবোধ, অহিংসা, দেশপ্ৰেম আৰু সামাজিক দায়িত্ববোধ৷

যদি আপোনালোকে আমাৰ কাৰ্যসমূহক  উৎসাহিত কৰিব বিচাৰে তেন্তে আমাৰ পোষ্টবোৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক


Post a Comment

Post a Comment (0)

Previous Post Next Post