বৰগীত
মাধৱদেৱ
Borgeet |
কবি পৰিচিতিঃ ১৪৮৯ খ্ৰীঃত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ
অঞ্চলত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা।
পিতৃৰ মৃত্যুৰ পিছত শংকৰদেৱৰ সৈতে তেওঁৰ সাক্ষাৎ হয়। এই ঐতিহাসিক সাক্ষাতক
মণিকাঞ্চন সংযোগ বোলে। শংকৰদেৱৰ মৃত্যুৰ পিছত তেওঁ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ প্ৰধান
ভূমিকা লয়। নামঘোষা তেওঁৰ জীৱনৰ কীৰ্তিস্তম্ভ। তেওঁ মুঠ ১৫৭ টা বৰগীত ৰচনা কৰিছিল।
১৫৯৬ চনত কোচবিহাৰত তেওঁ ইহঁলীলা সম্বৰণ কৰে।
মাধৱদেৱে ৰচনা কৰা আখ্যানমূলক গ্ৰন্থ হ’ল –‘আদিকাণ্ড ৰামায়ণ’, ‘ৰাজসূয়
কাব্য’; আৰু ভটিমা বা নাটসমূহ হ’ল –‘পিম্পৰা গুচোৱা’, ‘চোৰ ধৰা’, ‘ভূমি লেটোৱা’ আদি।
আৰ্হি প্ৰশ্নঃঃ
(ক) অতি চমু প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -১)
১। মাধৱদেৱৰ জন্ম ক’ত হৈছিল
উত্তৰঃ ১৪৮৯ খ্ৰীঃত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল।
২। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি জনা যায়
উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন
সংযোগ বুলি জনা যায়।
৩।কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি জনা যায়
উত্তৰঃ নামঘোষাক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি জনা যায়।
৪। মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল
উত্তৰঃ মাধৱদেৱে ১৫৭ টা বৰগীত ৰচনা কৰিছিল।
৫। উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কি ৰাগত বন্ধা
উত্তৰঃ উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কৌ
ৰাগত বন্ধা।
(খ) অতি চমু প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -২ অথবা ৩)
১। বৰগীত কাক বোলে? বৰগীতৰ বিষয়-বস্তুক কেইটা ভাগত ভগাব পাৰি?ভাগসমূহ
উল্লেখ কৰা।
উত্তৰঃ বৰগীত অসমীয়া সাহিত্য সংস্কৃতিৰ এপদ
অমূল্য সম্পদ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত উচ্চ আধ্যাত্মিক
ভাৱসম্পন্ন আৰু ৰাগ-ৰাগিনীযুক্ত গীতসমূহক বৰগীত বোলে। বৰগীতত বেদ-উপনিষদৰ মৰ্মাৰ্থ
বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্ত হৃদয়ৰ আকুল প্ৰাৰ্থনা
সাংগীতিক ভাষাৰে বৰ্ণনা কৰা হৈছে।
বৰগীতৰ বিষয়-বস্তুক ছয়টা ভাগত ভাগ কৰা
হৈছে। সেইবোৰ হ’ল –লীলা,
বিৰহ, বিৰক্তি, পৰমাৰ্থ, চোৰ আৰু চাতুৰী।
২। ড. বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় Noble Numbers বুলি কৈছে
উত্তৰঃ বৰগীতসমূহ আধ্যাত্মিক ভাৱৰ ওপৰত
প্ৰতিষ্ঠিত। শ্ৰীকৃষ্ণৰ লীলা-মাহাত্ম প্ৰকাশক এই গীতসমূহৰ বিষয়বস্তুৰ মহত্ব,
শাস্ত্ৰীয় সুৰৰ গাম্ভীৰ্যৰ বাবে সমসাময়িক আন গীতৰ পৰা পৃথক। বৰগীতৰ ৰাগ, তাল,
সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাবৰ প্ৰৱাহ লক্ষ্য কৰা যায়। সেইবাবে
ড. বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় Noble Numbers বুলি কৈছে।
৩। মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি
উত্তৰঃ বাৎসল্য ভাবৰ প্ৰকাশ মাধৱদেৱৰ বৰগীতৰ
প্ৰধান বৈশিষ্ট্য। বৎস মানে হ’ল শিশু । অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানান ক্ৰিয়া-কলাপৰ মনোমুগ্ধকৰ
বৰ্ণনা মাদৱদেৱৰ বৰগীতত পোৱা যায়। তেওঁৰ বৰগীতসমূহ শ্ৰীকৃষ্ণৰ বাল্য জীৱনৰ
ৰঙ-বিৰঙৰ চিত্ৰৰে ভৰপূৰ।
৪। ‘সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি কোনে, কাক, কিয় কৈছে
উত্তৰঃ সব পুৰুষৰ শিৰৰ ভূষণ বুলি মাতৃ যশোদাই
মৰমৰ পুত্ৰ শ্ৰীকৃষ্ণক কৈছে।
ত্ৰিজগতৰ পতি শ্ৰীকৃষ্ণ সকলোৰে আৰাধ্য
দেৱতা। তেওঁ মানৱী বেশেৰে যশোদাৰ পুত্ৰৰূপে আহি যশোদাৰ কোলাত শুই পৰিছে। সেইবাবে
পুত্ৰ শ্ৰীকৃষ্ণক বুকুত আৱৰি কোলাত লৈ বাৰে-বাৰে চুমা খাই আনন্দত আত্মহাৰা হৈ তেনেদৰে
কৈছে।
৫। ‘সিদ্ধ মুনিগণে চিন্তিয়া
নাপাৱে
সো হৰি যশোদা
কোলে।’
--সিদ্ধ
মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই লিখা।
উত্তৰঃ মহাপুৰুষ মাধৱদেৱে ‘উঠৰে উঠ বাপু গোপাল হে’ শীৰ্ষক বৰগীতটোৰ
জৰিয়তে মাতৃ-পুত্ৰৰ মধুৰ সম্পৰ্ক বৰ্ণনা কৰাৰ লগতে শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু
মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে। সিদ্ধ মুনিগণেও বহু ধ্যান বহু সাধনাৰ পিছতো যিজন
শ্ৰীকৃষ্ণক বিচাৰি হাবাথুৰি খায়, পৰম ভক্তিৰ বলতহে যশোদাই সেইজন শ্ৰীকৃষ্ণক নিজ
পুত্ৰৰূপে পাবলৈ সক্ষম হৈছে। শ্ৰীকৃষ্ণক পুত্ৰৰূপে লাভ কৰি মাতৃ যশোদাই নিজকে ধন্য
মানিছে।
(গ) অতি চমু প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -৪ অথবা ৫)
১। মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মূল কথাখিনি আলোচন
কৰা।
উত্তৰঃ নামঘোষাৰ স্ৰষ্টা মাধৱদেৱ বিৰচিত ‘উঠৰে উঠ বাপু গোপাল হে’ শীৰ্ষক বৰগীতটোত নন্দৰাণী যশোদাই কেনেদৰে পুত্ৰ শ্ৰীকৃষ্ণক টোপনিৰ পৰা
জগাইছে সেই কথা অতি সৰল আৰু সুন্দৰভাৱে প্ৰতিফলিত হৈছে।
মাতৃ যশোদাই মৰমতে শ্ৰীকৃষ্ণক বাপু,
কমল নয়ন, প্ৰাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছে। সকলো
পুৰুষৰ শিৰৰ ভূষণ অৰ্থাৎ সকলোৰে আৰাধ্য দেৱতা শ্ৰীকৃষ্ণক বুকুত সাৱটি মাতৃ যশোদাই
বাৰে-বাৰে চুমা খাইছে। যোগী-মহাযোগী সিদ্ধ মুনিগণে বহু ধ্যান, বহু সাধনাৰ পিছতো
যিজন ভগৱান শ্ৰীকৃষ্ণক বিচাৰি নাপায়, পৰম ভক্তিৰ বলতহে যশোদাই সেইজন পৰম পুৰুষক
পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে।
এইদৰে মাধৱদেৱে মাতৃ-পুত্ৰৰ মধুৰ
সম্পৰ্কৰ বৰ্ণনা সুন্দৰ ভাৱে বৰগীতটোৰ জৰিয়তে প্ৰকাশ কৰিছে।
২। বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে
বুজাই লিখা।
উত্তৰঃ বাৎসল্য ভাৱৰ প্ৰকাশ মাধৱদেৱৰ
বৰগীতসমূহৰ প্ৰধান বৈশিষ্ট্য। ভগৱান শ্ৰীকৃষ্ণৰ বাল্যকালৰ বিভিন্ন ক্ৰিয়া-কলাপৰ
মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতসমূহত পোৱা যায়। আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত “উঠৰে উঠ বাপু গোপাল হে” বৰগীতটোতো মাতৃ-পুত্ৰৰ
চিৰন্তন সম্পৰ্কৰ ছবি এখন সুন্দৰভাৱে প্ৰকাশ পাইছে।
আই যশোদাই একনিষ্ঠ ভক্তিৰ
বলত পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক এজন সাধাৰণ শিশুৰ ৰূপত পাইছে। কৃষ্ণই যশোদাৰ ঘৰত
সাধাৰণ শিশুৰ দৰে চল-চাতুৰি, খেলা-ধূলা কৰি লীলা প্ৰদৰ্শন কৰিছে। যশোদাই পুৱা
মৰমেৰে কৃষ্ণক বাপু, প্ৰাণধন আদি নামেৰে সম্বোধন কৰি জ’গাবলৈ গৈ কৃষ্ণক বুকুত সাবটি ধৰি মৰমতে বাৰে-বাৰে চুমা খাই
আনন্দত আত্মহাৰা হৈ পৰিছে। যোগী, মহাযোগী সিদ্ধমুনিসকলে বহু ধ্যান, বহু সাধনাৰ
পিছতো যাক বিচাৰি নাপায়, সেইজন পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক একনিষ্ঠ ভক্তিৰ বলতহে
যশোদাই পুত্ৰৰূপে লাভ কৰিছে।
এইদৰে বৰগীতটোত পুত্ৰ কৃষ্ণৰ
প্ৰতি মাতৃ যশোদাৰ মাতৃ-স্নেহ উথলি উঠিছে।
৩। বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ
কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা।
উত্তৰঃ মহাপুৰুষ মাধৱদেৱে ‘উঠৰে উঠ বাপু গোপাল হে’ শীৰ্ষক বৰগীতটোৰ
মাজেৰে পৰম পুৰুষ শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথা সুন্দৰকৈ
প্ৰকাশ কৰিছে। ভগৱান শ্ৰীকৃষ্ণক আই যশোদাই সাধাৰণ মানৱী পুত্ৰৰূপে পাইছে। মাতৃ
যশোদা বাবে পুত্ৰ শ্ৰীকৃষ্ণ অতি মৰমৰ নয়নৰ মণিস্বৰূপ। যশোদাই পুত্ৰ কৃষ্ণক বুকুত লৈ চুমা খাই আনন্দত আত্মহাৰা হৈ পৰিছে।
মাক যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক
মৰমতে বাপু, কমল নয়ন, প্ৰাণধন আদি নামেৰে সম্বোধিত কৰি টোপনিৰ পৰা উঠাবলৈ চেষ্টা
কৰিছে। কিন্তু কৃষ্ণক লাভ কৰা সহজ সাধ্য নহয়। সিদ্ধ ঋষি-মুনিসকলে হাজাৰ তপস্যা কৰিও পাবলৈ সক্ষম নোহোৱা ভগৱান কৃষ্ণক
মাতৃ যশোদাই পৰম ভক্তিৰ বলতহে পুত্ৰৰূপে লাভ কৰিছে। বৰগীতটোৰ জৰিয়তে ভক্তিৰ
শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেইকথা মাধৱদেৱে মৰ্মস্পৰ্শী ৰূপত
প্ৰকাশ কৰিছে।
৪। বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা
কৰা।
উত্তৰঃ (বিঃ দ্ৰঃ এই প্ৰশ্নৰ উত্তৰৰ বাবে বৰগীতটোৰ মূলভাৱ, (গ)ৰ ১নং প্ৰশ্নৰ উত্তৰ লিখিবা।)
৫। প্ৰসংগ সংগতি দৰ্শাই বাখ্যা কৰা
“ত্ৰিজগতৰ পতি ভকতি মিলিল
মূৰুখ মাধৱে বোলে।”
উত্তৰঃ প্ৰশ্নোদ্ধৃত কবিতাফাঁকি
আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত ‘উঠৰে উঠ বপু গোপাল হে’ শীৰ্ষক বৰগীতটোৰ
পৰা তুলি দিয়া হৈছে।
ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন
আৰু ভক্তিৰ দ্বাৰায়ে ভগৱানক লাভ কৰিব পাৰি সেই কথা ক’বলৈ গৈ উক্ত পদফাঁকিৰ অৱতাৰণা কৰা হৈছে।
বৰগীতটোত ভক্ত কবি মাধৱদেৱে
উল্লেখ কৰিছে যে ভগৱান ভক্তৰ অধীন। সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ
পাছতো যিজন ভগৱান শ্ৰীকৃষ্ণক বিচাৰি নাপায়, পৰম ভক্তিৰ বলতহে যশোদাই সেইজন পৰম
পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে।
অতিৰিক্তঃ
১। ‘উঠৰে উঠ বপু গোপাল হে’ শীৰ্ষক বৰগীতটো কি শ্ৰেণীৰ
গীত
উত্তৰঃ ‘উঠৰে উঠ বপু গোপাল হে’ শীৰ্ষক বৰগীতটো
এটি জাগন শ্ৰেণীৰ গীত।
২। বৰগীতৰ ৩টা লক্ষণ লিখা।
উত্তৰঃ বৰগীতৰ তিনিটা লক্ষণ হ’ল—
ক) বৰগীতসমূহ শাস্ত্ৰীয়
ৰাগ-তালযুক্ত গীত।
খ) বৰগীতসমূহ ব্ৰজাৱলী নামৰ
কৃত্ৰিম ভাষাত ৰচিত।
গ) বৰগীতত বেদ-উপনিষদৰ মৰ্মাৰ্থ,
বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্ত হৃদয়ৰ আকুল প্ৰাৰ্থনা
সাংগীতিক ভাষাত বৰ্ণিত।
Post a Comment