আনন্দৰাম বৰুৱা(Anundoram Boruah ) দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।। সাহিত্য সৌৰভ

 

আনন্দৰাম বৰুৱা

উপেন্দ্ৰ চন্দ্ৰ লেখাৰু

আনন্দৰাম বৰুৱা(Anundoram Boruah )
Anundoram Boruah


লেখক পৰিচিতিঃ উপেন্দ্ৰ চন্দ্ৰ লেখাৰু অসমীয়া বৈষ্ণৱ সাহিত্যৰ অন্যতম গৱেষক পণ্ডিত। অসমীয়া বিষয়ৰ উপৰিও বাংলা বিষয়তো তেওঁ এম. এ ডিগ্ৰী লাভ কৰিছিল। শিক্ষা শেষ কৰি প্ৰথমে উত্তৰ গুৱাহাটীৰ কমলদেৱ হাইস্কুলত শিক্ষকতা কৰিবলৈ লয়। ইয়াৰ পিছত তেওঁ কটন কলেজত অসমীয়া বিভাগৰ অধ্যাপনা আৰম্ভ কৰে। তেওঁৰ সম্পাদনা কৰা বৃহৎ কলেবৰ কথা-গুৰু-চৰিত অসমীয়া সাহিত্যৰ এক মূল্যৱান সম্পদ। অসমীয়া ৰামায়ণ সাহিত্য, অসমীয়া সাহিত্যৰ সেৱক ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা, আদি তেওৰ উল্লেখযোগ্য গ্ৰন্থ। তেওঁৰ অনুবাদমূলক গ্ৰন্থকেইখন হল শ্ৰী শ্ৰী ৰামকৃষ্ণৰ উপদেশ, ধম্মপদ, এনক আৰ্ডেন। আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য গ্ৰন্থৰ সম্পাদনাৰ প্ৰয়াস কৰা লেখাৰুদেৱৰ ভক্তিবিবেক আৰু কথা-সাহিত্য উল্লেখযোগ্য সম্পাদিত গ্ৰন্থ। লেখাৰুদেৱে ১৯৭০ চনত ধিঙত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সপ্তত্ৰিংশ অধিৱেশনত সভাপতিত্ব কৰিছিল।


আৰ্হি প্ৰশ্নঃ

(ক) অতি চমু প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক –১ )

১। আনন্দৰাম বৰুৱাৰ জন্ম কট হৈছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ জন্ম উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ নামৰ স্থানত হৈছিল।

২। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা কলৈ গৈছিল?

উত্তৰঃ ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ জ্ঞান লাভৰ কাৰণে গৈছিল।

৩। আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?

উত্তৰঃ আনন্দৰাম বৰুৱাই তেওঁৰ মহাবীৰ চৰিত সংস্কৃত বাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছিল।

৪। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্মিত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা।

উত্তৰঃ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্মিত হোৱা এজন বিদেশী পণ্ডিতৰ মেক্সমূলাৰ।

৫। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম।

 

(খ) চমু প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক –২ অথবা ৩)

১। আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ হল কৰ্ম। অবিৰাম কৰ্মৰ মাধ্যমেৰে তেও আনন্দ উপভোগ কৰিছিল। একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বলত তেওঁ সফলতাৰ উচ্চতম শিখৰ চুবলৈ সক্ষম হৈছিল। কৰ্ম আৰু সাধনা আছিল আনন্দৰাম বৰুৱাৰ জীৱনৰ একমাত্ৰ ব্ৰত। তেও আছিল প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনৰ সমন্বয় সাধক। ভাৰতীয় আদৰ্শৰাজিক পাশ্চাত্যত সন্মিলিত আৰু জনপ্ৰিয় কৰি তুলিছিল। তেওঁৰ অনুসন্ধান স্পৃহা, কৰ্ম আৰু খ্যাতিয়ে অসমবাসীক মুগ্ধ কৰি ৰাখিছে। তেওঁৰ মহৎ আদৰ্শৰাজি আমাৰ কাৰণে সদায় অনুকৰণীয়।

২। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে সাধাৰণতে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল। পথ দুৰ্গম হোৱা বাবে অসমৰ লোকসকলে অসমৰ পৰা বংগ দেশলৈ যাবলৈকো ভয় কৰিছিল। ইয়াৰ উপৰিও বিলাতলৈ গলে জাতি যোৱাৰ ভয়ট ভয় কৰিছিল। ইয়াৰ উপৰিও বিলাতলৈ গলে জাতি যোৱাৰ ভয় ভাৰতীয় সমাজত প্ৰচলিত আছিল। তেনে পৰিস্থিতিত আনন্দৰাম বৰুৱাই ভাৰতত শিক্ষা শেষ কৰি ইউৰোপলৈ যোৱাৰ বাবে বহুত একাগ্ৰতা আৰু সাহসৰ প্ৰয়োজন হৈছিল।

৩। কেনেধৰণে পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল?

উত্তৰঃ ভাৰত আৰু ইউপৰোপত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ উঠিছিল। কোনো কোনো লোকে আশা কৰিব নোৱাৰা ৰজাঘৰীয়া ডাঙৰ বিষয়-বাব পাইছিল আনন্দৰাম বৰুৱাই। তথাপিও আই-বোপাই, ভাই-ককাইৰ প্ৰতি ভক্তি আৰু শ্ৰদ্ধা লেখমানো কমা নাছিল।যেতিয়া সংস্কৃতি সাগৰ মথি আনন্দৰাম বৰুৱাই জগত বিখ্যাত পণ্ডিতসকলৰ শাৰীত বহিছিল তেতিয়া তেওঁ নিজকে দুৰ্লভেশ্বৰী দেৱী আৰু গৰ্গৰামৰ পুত্ৰ আৰু পৰশুৰাম আৰু জানকীৰামৰ ভ্ৰাতৃ বুলি পৰিচয় দিহে সন্তোষ লাভ কৰিছিল।

৪। আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল –বুজাই লিখা।

অথবা

আনন্দৰাম বৰুৱাই কেনেদৰে স্বদেশ প্ৰেমৰ পৰিচয় দিছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ নিজ দেশৰ প্ৰতি অশেষ ভক্তি আছিল। প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ তেওঁ বিশেষ সন্তোষ অনুভৱ কৰিছিল। তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহতো তেওঁ স্বদেশ প্ৰেমৰ পৰিচয় দি আহিছে। তেওঁৰ মহাবীৰ চৰিতৰ সংস্কৃত বাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। এইদৰে যতেই সুবিধা পাইছে, তাতেই প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ কথা উল্লেখ কৰি তেওঁ স্বদেশ প্ৰেমৰ পৰিচয় দিছে।

 ৫। কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব?

অথবা

দেশৰ প্ৰতি আনন্দৰাম বৰুৱাৰ মহৎ দান কি বুলি লেখকে কৈছে?

উত্তৰঃ আনন্দৰাম বৰুৱাই অসমীয়া ভাষাত কোনো গ্ৰন্থ লিখা নাছিল। সেই দেখি কোনো কোনোৱে তেওঁক দোষাৰোপ কৰিব পাৰে। কিন্তু সেইটো বুল আৰু যুক্তিহীন। তেওঁ কি কি নকৰিলে সেইবোৰলৈ নাচাই , তেও কি কি কৰিলে তাক চালেহে তেওঁৰ আচল পৰিচয় পোৱা যাব। এজন মানুহে সকলোবোৰ কাম কৰা অসম্ভৱ। বিশেষকৈ সংস্কৃত সাহিত্য আৰি সংস্কৃত ভাষাকে আনন্দৰাম বৰুৱাই ভাল পাইছিল। তাৰ বিশেষ চৰ্চা কৰি নিজ প্ৰতিভাৰে তেওঁ জগতত চিৰকাললৈ অসমীয়াৰ সন্মান বঢ়ালে। জ্ঞান চৰ্চাৰ ক্ষেত্ৰত অসমীয়া  পক্ষে নৱযুগৰ সূচনা কৰি আন-আন অসমীয়াকো দেশৰ উন্নতি পথৰ ইংগিত দি গল। দেশৰ প্ৰতি এয়াই তেওঁৰ  মহৎ দান বুলি লেখকে কৈছে যাৰ বাবে তেও সদায় পূজ্য হৈ থাকিব।

 

(গ) দীঘল প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক –৪ অথবা ৫)

১। মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে? আনন্দৰাম বৰুৱা পাঠটিৰ আধাৰত বুজাই লিখা।

উত্তৰঃ সুসাহিত্যিক উপেন্দ্ৰচন্দ্ৰ লেখাৰুদেৱে তেওঁৰ আনন্দৰাম বৰুৱা শীৰ্ষক পাঠটিত প্ৰাসংগিক ভাৱে কৈছে যে মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজকে সুচাৰুৰূপে পৰিচালিত কৰি জীৱন বাটত আগবাঢ়ি যাব পাৰি।

        ক্ষণজন্মা আনন্দৰামৰ নাম আমি সকলোৱে শুনিছো। আনন্দৰাম প্ৰকৃত জ্ঞানী, অসাধাৰণ পণ্ডিত আৰু কৰ্মী আছিল। সেইদেখি সুধী সমাজে তেওঁক শ্ৰদ্ধা দেখুৱায় আৰু ভক্তি কৰে। মানুহৰ সাৰবস্তু হৈছে জ্ঞান, গতিকে জ্ঞানৰ মূৰ্তিয়েই পূজনীয়।

      আনন্দৰাম অসমৰে এখনি সৰু গাৱত জন্মিছিল। আন অসমীয়াৰ দৰে তেওঁ খাৰপাত, কল-কুহিয়াৰ খাই ডাঙৰ-দীঘল হৈছিল। কিন্তু তেও একান্তভাৱে জ্ঞান চৰ্চা কৰিছিল । ইয়ে তেওৰ বিশেষত্ব, ইয়ে তেওক মহত্ত্ব আৰু অমৰত্ব দান কৰিছে। তেওৰ মূল্যৱান সংস্কৃত গ্ৰন্থসমূহৰ কৰণে তেও সদায় পূজনীয় হৈ থাকিব। ইয়াৰ উপৰি তেও তেওৰ জীৱনত যিবিলাক আদৰ্শ দেখুৱাই গৈছে সেইবোৰ সদায় অনুকৰণ কৰিবলগীয়া। গতিকে পথ দেখাওতা ৰূপে তেওক স্মৰণ কৰিব লাগে আৰু অমৰ আৰু আকাৰহীন আনন্দৰামক মূৰ্তিমন্ত কৰি সদায় চকুৰ আগত ৰাখিব লাগে। কাৰণ মহাপুৰুষৰ পদাংক অনুসৰণ কৰি প্ৰত্যেক মানুহে  নিজক উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে।

২। একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল?

উত্তৰঃ অসমীয়া সাহিত্যৰ সু-সাহিত্যিক তথা প্ৰবন্ধকাৰ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে আনন্দ ৰাম বৰুৱা শীৰ্ষক পাঠটিৰ জৰিয়তে আনন্দ ৰাম বৰুৱাৰ সুকীৰ্তিসমূহৰ কথা গুণানুকীৰ্তন কৰিবলৈ যাওঁতে প্ৰাসংগিকভাৱে আনন্দ ৰাম বৰুৱাৰ একাগ্ৰতাৰ বিষয়ে আলোকপাত কৰিছে।

            একাগ্ৰতা হৈছে ব্যক্তিৰ উন্নতিৰ মূল চাবি-কাঠি। এই গুণৰ বলত মানুহে সাহসী আৰু শক্তিবান হয়। ফলত জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ পথত অৱনীত হয়। আনন্দ ৰাম বৰুৱাৰ ব্যক্তিত্বৰ এক প্ৰধান বৈশিষ্ট্য হল একাগ্ৰতা। এই গুণে তেওঁক কেৱল ভাৰততে নহয়, ইউৰোপ, আমেৰিকা আদি দেশতো স্মৰণীয় কৰি ৰাখিছে। আনন্দ ৰাম বৰুৱাই যিটো বিষয়ক লক্ষ্য কৰি লৈছিল তাক সাফল্য পাবলৈ তেওঁ অক্লান্ত মনোযোগেৰে নিষ্ঠা সহকাৰে যত্ন কৰিছিল। লৰালিত ভাওনাত যোগ দিওঁতে যিদৰে একমনা আছিল, সেইদৰে লিখা-পঢ়াৰ ক্ষেত্ৰতো তেওঁ একমনা আছিল। হাতত লোৱা কোনোটো কামকে তেওঁ সৰু বুলি গণ্য নকৰি আন্তৰিকতাৰে তাক সমাধান কৰিবলৈ চেষ্টা কৰিছিল। তেখেতে কাৰ্যত এনেদৰে লিপ্ত আছিল যে তেওঁ তাৰবাবে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। এনেদৰে একাগ্ৰতাৰ গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু কৰ্মী হব পাৰিছিল। 

৩। প্ৰসংগ সংগতি দৰ্শাই বাখ্যা কৰা—কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ

উত্তৰঃ উৰ্দ্ধৃত মন্তব্যটি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত প্ৰবন্ধকাৰ উপেন্দ্ৰচন্দ্ৰ লেখাৰুদেৱৰ দ্বাৰা ৰচিত আনন্দৰাম বৰুৱাশীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।

         উক্ত মন্তব্যটিৰ জৰিয়তে আনন্দৰাম বৰুৱাৰ একান্ত কৰ্মনিষ্ঠাৰ কথা প্ৰশংসা কৰিবলৈ যোৱাৰ প্ৰসংগত অৱতাৰণা কৰিছে।

          কৰ্মই হৈছে মানুহৰ প্ৰধান ধৰ্ম। কৰ্মময় জীৱন তথা সাধনাই হৈছে প্ৰকৃততে জীৱন। আনহাতে কৰ্মহীন জীৱন যন্ত্ৰণাদায়ক তথা মৃত্যুতুল্য। কঠোৰ পৰিশ্ৰমী, অধ্যাৱসায়ী লোকেহে সংসাৰৰ ওখোৰা-মোখোৰা জীৱন যাত্ৰাত জয়ী হব পাৰে। জগতবিখ্যাত পণ্ডিত আনন্দৰামেও এই পৰম ধৰ্মত বিশ্বাস আৰু আস্থা ৰাখিছিল। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ হল কৰ্ম। অবিৰাম কৰ্মগতিত তেও বিচাৰি পাইছিল জীয়াই থকাৰ আনন্দ। কামৰ বাবে তেও প্ৰশংসা বা মান কেতিয়াও বিচৰা নাছিল। এয়াই প্ৰকৃত কৰ্মীৰ লক্ষণ। বিশ্ববিদ্যালয়ৰ শিক্ষা সাং কৰি চাকৰি জীৱনৰ অতি কম সময়ৰ ভিতৰতে তেও উচ্চ শ্ৰেণীৰ গ্ৰন্থ প্ৰকাশেৰে বিশ্ববিখ্যাত হৈ পৰিছিল। আন নালাগে তেওৰ কাম আৰু সংকল্প দেখি জগতবিখ্যাত পণ্ডিত মেক্সমূলাৰৰ দৰে লোকেও বিস্ময়  মানিছিল। সেইবাবে প্ৰবন্ধকাৰ লেখাৰুদেৱে জীৱনৰ আন এটা নাম কৰ্ম বুলি কৈছে আৰু কৰ্মহীন জীৱনক মৃত্যুৰ লগত তুলনা কৰিছে।

৪। আনন্দ ৰাম বৰুৱাৰ মহৎ আদৰ্শৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ?

উত্তৰঃ অসমীয়া সাহিত্যৰ সু-সাহিত্যিক তথা প্ৰবন্ধকাৰ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে আনন্দ ৰাম বৰুৱা শীৰ্ষক পাঠটিৰ জৰিয়তে আনন্দ ৰাম বৰুৱাৰ সুকীৰ্তিসমূহৰ কথা গুণানুকীৰ্তন কৰিবলৈ যাওঁতে প্ৰাসংগিকভাৱে আনন্দ ৰাম বৰুৱাৰ  জীৱনৰ মহৎ আদৰ্শৰাজিৰ বিষয়ে আলোকপাত কৰিছে।

               একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বলত অসমীয়ায়ো জগতৰ জাতিসমূহৰ মাজত উচ্চ আসন দখল কৰিব দাবী কৰিব পাৰে বুলি আত্মবিশ্বাস আনন্দ ৰাম বৰুৱাই আমাৰ দেশক দিলে। সেইজন আনন্দ ৰাম বৰুৱাৰ মহৎ আদৰ্শৰাজিৰ কথা আলোচনা কৰি, তেওঁৰ স্মৃতি-মন্দিৰ স্থাপন কৰি, তেওঁৰ স্মৃতি-গ্ৰন্থাদি কৰি, অনুসন্ধান সমিতি আদিৰ সূত্ৰপাত কৰি আমি নিজকে উন্নতি পথত পৰিচালিত কৰিব পাৰোঁ আৰু মহান-মহান আদৰ্শৰ প্ৰতি শ্ৰদ্ধা দেখুৱাই আমাৰ নিজ মনোবৃত্তিৰ আৰু শিক্ষা সাধনাৰ পৰিচয় দিব পাৰো।

৫। প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে, বুজাই লিখা।

উত্তৰঃ কৰ্মক জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি আনন্দৰাম বৰুৱাই গঢ়ি তুলিছিল এক কৰ্মসংস্কৃতি। তেওৰ কাম আৰু সংকল্প দেখি জগতবিখ্যাত পণ্ডিত মেক্সমূলাৰৰ দৰে লোকেও বিস্ময়  মানিছিল। তেওৰ কৰ্মসংস্কৃতিয়ে দেস-বিদেশ, প্ৰাচ্য আৰু পাশ্চাত্য সকলোতে এক ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰিছিল।

        আনন্দৰাম বৰুৱাৰ আগতে সংস্কৃত চৰ্চা বৰ বিশেষ ৰকমে হৈছিল বুলি কব নোৱাৰি। পাশ্চাত্যৰ লোকসকলে প্ৰাচ্যৰ জ্ঞানৰাজিৰ বিশেষ আলোচনা কৰিবলৈ সুবিধা পোৱা নাছিল। কিন্তু আনন্দৰামৰ পিছত এই কাম উজু হৈ পৰিছিল। গতিকে প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ। তেওঁক আদৰ্শ কৰি ভাৰততো বহুতে সংস্কৃত চৰ্চা কৰিবলৈ ধৰে। ঠিক এনেদৰে আনন্দৰাম বৰুৱাই তেওঁৰ জীৱন আৰু কৰ্মৰ দ্বাৰা জাতিসমূহৰ আৰু প্ৰাচ্য আৰু পাশ্চাত্যৰ ঐক্য সাধন কৰিবলৈ সক্ষম হৈছিল। হয়তো সেইকাৰণেই কবিয়ে গাইছে এনেদৰে—

তোমাৰে আনন্দ বৰুৱাই চোৱা সংস্কৃত সাগৰ মথি।

য়ুৰুপ, এচিয়াত কিৰিতি ৰাখিলে, জগতে কৈছে ডাঠি।

অতিৰিক্তঃ

১। আনন্দৰাম বৰুৱাই লৰালিতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ আনন্দৰাম বৰুৱাই লৰালিতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম হল অমৰকোষ।

২। মানুহৰ সাৰ-বস্তু কি?

উত্তৰঃ মানুহৰ সাৰ-বস্তু হল জ্ঞান।

৩। আনন্দৰাম বৰুৱাৰ আত্মজীৱনী কোনে লিখিছিল?

উত্তৰঃ ড. সূৰ্যকুমাৰ ভূঞাই আনন্দৰাম বৰুৱাৰ আত্মজীৱনী লিখিছিল।

৪। আনন্দৰাম বৰুৱাই কৰ্মক্ষেত্ৰত কি কৰি থৈ গৈছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা-সাহিত্য চৰ্চাৰ মূল দুৱাৰ মুকলি কৰি থৈ গৈছিল।

৫। আনন্দৰাম বৰুৱাৰ চৰিত্ৰৰ বিশেষত্ব কি?

উত্তৰঃ একাগ্ৰতাৰ সৈতে জ্ঞান চৰ্চা কৰাটোৱেই হল আনন্দৰাম বৰুৱাৰ চৰিত্ৰৰ বিশেষত্ব।

৬। দেশৰ প্ৰতি আনন্দৰামৰ মহৎ দান কি?

উত্তৰঃ আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা আৰু সাহিত্যক বিশেষভাৱে ভাল পাইছিল। তাৰে বিশেষ চৰ্চা কৰি নিজ প্ৰতিভাৰে তেও জগতত চিৰকাললৈ অসমীয়াৰ সন্মান বঢ়ালে আৰু আন-আন অসমীয়াক দেশৰ উন্নতিৰ পথৰ ইংগিত দি গল। প্ৰকৃতাৰ্থত দেশৰ প্ৰতি এয়াই হল আনন্দৰামৰ মহৎ দান ।

৭। আনন্দৰাম বৰুৱাই কৰ্মক্ষেত্ৰেৰে কি কৰি থৈ গৈছিল?

অথবা

নৱযুগৰ আৰম্ভণি অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তোলাৰ কাৰণে আনন্দৰামে সদায় পূজা পাব । --কথাষাৰ বুজাই লিখা।

উত্তৰঃ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। আনন্দৰামে অসীম সাহস বুকুত বান্ধি অকলে বিলাতলৈ গৈ জাতিসমূহৰ অনিয়া-অনিৰ মাজত অসমক উচ্চ আসনত স্হাপন কৰিলে। চাবলৈ গলে আনন্দৰামে অসমীয়া ভাষাত একো নিলিখিলেও, এখন অসম বুৰঞ্জী লিখি থৈ নগলেও, বক্তৃতা আদি দি এখন আন্দোলনৰ সূত্ৰপাত নকৰিলেও; কিন্তু তেও সকলো কৰ্মক্ষেত্ৰৰে মূল দুৱাৰ মুকলি কৰি দি গল। নৱযুগৰ আৰম্ভণি অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তোলাৰ বাবে আনন্দৰাম সদায় পূজা পাব।

৮। প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰাম বৰুৱাৰ স্থান নিৰ্ণয় কৰা।

উত্তৰঃ আনন্দৰাম বৰুৱাই জীৱন আৰু কৰ্মৰ জৰিয়তে জাতিসমূহৰ আৰু প্ৰাচ্য আৰু পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল। আনন্দৰামৰ আগতে সংস্কৃত চৰ্চা বৰ বেছি হৈছিল বুলি কব নোৱাৰি। পাশ্চাত্যৰ লোকসকলে প্ৰাচ্যৰ জ্ঞানৰাজিৰ বিশেষ আলোচনা কৰিবলৈ সুবিধা পোৱা নাছিল। কিন্তু আনন্দৰামৰ পিছত এই কাম উজু হৈ পৰিছিল। গতিকে প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ।

৯। প্ৰকৃত মহৎ লোকসকলে কেনেদৰে দেশ-কালৰ সীমা অতিক্ৰম কৰে বুজাই লিখা।

উত্তৰঃ প্ৰকৃত মহৎ লোকসকলে নিজৰ কৰ্ম আৰু জ্ঞানৰ সমন্বয়ত নিজৰ মহত্ত্বৰ বলত নিজৰ পৰিচয় সমাজত দাঙি ধৰিবলৈ সক্ষম হয়। এনে ব্যক্তিয়ে অতীত, বৰ্তমান আৰু ভৱিষ্যত- তিনি কালতে ব্যাপী থাকি নিজৰ মহত্ত্বৰ দ্বাৰা সমাজত জিলিকি থাকে। উদাহৰণস্বৰূপে অসমীয়াৰ চিৰনমস্য ব্যক্তি আনন্দৰাম বৰুৱাৰ নাম লব পাৰো। আনন্দৰাম প্ৰকৃত জ্ঞানী, অসাধাৰণ পণ্ডিত আৰু অসাধাৰণ কৰ্মী আছিল। সেই দেখি সুধী সমাজে তেওঁক শ্ৰদ্ধা দেখুৱায় আৰু ভক্তি কৰে। ভাৰত, ইউৰোপ, আমেৰিকা আদি সকলো সভ্য দেশতে জ্ঞানী সমাজত আনন্দৰাম বৰুৱাৰ নাম জনাজাত। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি জগতবিখ্যাত পণ্ডিত মেক্সমূলাৰো বিস্ময়াভিভূত হৈ পৰিছিল। কিন্তু তেওঁ যি সময়ত ভাৰতত শিক্ষা সাং কৰি ইউৰোপত জ্ঞান লাভৰ বাবে গৈছিল, সেই সময়ত অতি কম সংখ্যক লোকেহে ইউৰোপলৈ যাবলৈ সাহস কৰিছিল । আনকি পথ দুৰ্গম হোৱা বাবে অসমৰ লোকসকলে বংগ দেশলৈ যাবলৈকো ভয় কৰিছিল। তেনেক্ষেত্ৰত আনন্দৰামে নিজৰ একাগ্ৰতাৰ বলতহে ইউৰোপলৈ যোৱাৰ সাহস গোটাব পাৰিছিল। প্ৰকৃত মহৎ লোকসকলে এইদৰে দেশ আৰু কালৰ সীমা অতিক্ৰম কৰে।

 

Post a Comment

Post a Comment (0)

Previous Post Next Post