মোৰ মাতৃমুখ দৰ্শন(Mor Matrimokh Darshan) দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।। সাহিত্য সৌৰভ

 

মোৰ মাতৃমুখ দৰ্শন

লক্ষ্মীনাথ বেজবৰুৱা                

মোৰ মাতৃমুখ দৰ্শন
মোৰ মাতৃমুখ দৰ্শন


আৰ্হি প্ৰশ্নঃ

(ক) অতি চমু উত্তৰৰ প্ৰশ্ন(প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -১)

১।মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো কৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ মোৰ মাতৃমুখ দৰ্শনশীৰ্ষক পাঠটো ড. নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী(প্ৰথম খণ্ড)ৰ পৰা লোৱা হৈছে।

২। সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত?

উত্তৰঃ সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত।

৩। বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে কৰ পৰা কলৈ যাত্ৰা কৰিছিল?

উত্তৰঃ বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্ৰা কৰিছিল।

৪। ১৯৩০ চনৰ ৩০ ছেপ্তেম্বৰত  সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল?

উত্তৰঃ ১৯৩০ চনৰ ৩০ ছেপ্তেম্বৰত  সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী  আছিল তেওঁৰ সহধৰ্মিণী প্ৰজ্ঞাসুন্দৰী  আৰু তেওঁৰ সৰু জীয়ৰী।

৫। লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম হল লিতিকাই ( ইয়াৰ উপৰিও আন ধেমেলীয়া নাটকেইখন হল- পাচনি, নোমল আৰু চিকৰপতি)

 

(খ) চমু প্ৰশ্নঃ(প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -২ অথবা ৩)

১।মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ নামকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা।

উত্তৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ জৰিয়তে বেজবৰুৱাৰ গভীৰ দেশপ্ৰেমৰ আভাস পোৱা যায়। ইয়াত মাতৃ শব্দই পবিত্ৰ অসম ভূমিক নিৰ্দেশ কৰে। বেজবৰুৱাই কৰ্মসূত্ৰে জীৱনৰ বহুখিনি সময় অসমৰ বাহিৰত কটাবলগীয়া হৈছিল। কৰ্ম ব্যস্ততাৰ  হেতু তেওঁ মাতৃভূমিলৈ আহিব পৰা নাছিল যদিও বিভিন্নজন আত্মীয়-স্বজনে তেওঁক বাৰে-বাৰে মাতি পঠিয়াইছিল। শেষত ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত বেজবৰুৱাদেৱে ঘৰৰ লৰা ঘৰলৈ বুলি উভতি আহে। এই যাত্ৰাত বেজবৰুৱাৰ মনত এক অনাবিল আনন্দৰ উদ্ৰেক হৈছিল। সম্বলপুৰৰ পৰা অসমলৈ বুলি এই যাত্ৰাৰ কথা বেজবৰুৱাই মোৰ মাতৃমুখ দৰ্শনশীৰ্ষক পাঠটিত বৰ্ণনা কৰিছে। এক অৰ্থত কবলৈ গলে দীৰ্ঘ বিৰতিৰ অন্তত সঁচা অৰ্থত বেজবৰুৱাদেৱৰ বাবে মাতৃমুখ দৰ্শন ঘটাটো তাৎপৰ্যপূৰ্ণ। এই দিশৰ পৰা পাঠটিৰ নামকৰণ যথাৰ্থ হৈছে বুলি কব পাৰি।

২। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল?

উত্তৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱেৰ মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিত মাতৃ শব্দৰে লেখকৰ জন্মভূমি অসমক বুজোৱা হৈছে।

           কৰ্মসূত্ৰে বহুবছৰ সম্বলপুৰত থকা লেখকৰ প্ৰায় ডেৰকুৰি কি দুকুৰি বছৰৰ পিছত মাতৃমুখ দৰ্শন হৈছিল।

৩। লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল?

উত্তৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কৰ্মসূত্ৰে জীৱনৰ কিছুকাল অসমৰ বাহিৰত কটাবলগীয়া হৈছিল, বিশেষকৈ উৰিষ্যাৰ সম্বলপুৰত। এক দীৰ্ঘ বিৰতিৰ পিছত যেতিয়া বেজবৰুৱাদেৱে অসমলৈ উভতি আহি যিদিনা পোন-প্ৰথমে গুৱাহাটীত পদাৰ্পণ কৰিছিল, সেইদিনা গধূলি গুৱাহাটীৰ কটন কলেজৰ ছাত্ৰসকলে এখন সভা পাতি তেখেতক অভিনন্দন জনাইছিল। তেওঁৰ প্ৰতি উৎসাহ আৰু আগ্ৰহ দেখি বেজবৰুৱাদেৱ অভিভূত হৈ পৰিছিল আৰু মনত পৰম সন্তোষ পাইছিল। অভিনন্দন সভাত কোনো-কোনোৱে ইংৰাজী আৰু অসমীয়াত বক্তৃতা দিছিল। জনচেৰেকে সুললিত কন্ঠৰে সংগীত গাইছিল আৰু জনচেৰেকে ওজাপালি হৈ সুন্দৰ অংগী-ভংগীৰে হাস্যৰসপূৰ্ণ বিয়াহ গীত গাই বেজবৰুৱাদেৱক নথৈ আনন্দ দিছিল; যেন লগে-লগে নুমাওঁ নুমাওঁ হোৱা তেওঁৰ সৰুকালৰ আনন্দৰসৰ বন্তিগছত তেল দি তাৰ শলাকানি বঢ়াই দিছিল। ওপৰত বৰ্ণিত ধৰণে কটন কলেজৰ ছাত্ৰসকলে লেখক বেজবৰুৱাদেৱক অভিনন্দন জনাইছিল।

৪।  মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিউআৰু জ্ঞান কোন আছিল?

উত্তৰঃ মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিউআৰু জ্ঞানল ক্ৰমে—সুকবি, সুবিখ্যাত চাহ খেতিয়ক চন্দ্ৰকুমাৰ আগৰৱালা আৰু আৰ্ল ল কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল মিষ্টাৰ জে বৰুৱা(জ্ঞানদাভিৰাম বৰুৱা)।

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটীক ভালপোৱাৰ তিনিটা প্ৰধান কাৰণ হল—

         ক) গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্য।

        খ) গুৱাহাটীৰ ঐতিহাসিক উৎকৰ্ষ

        গ) ইয়াৰ প্ৰাচীন জ্ঞান-গৌৰবৰ গৰিমা।

 

গ) দীঘল প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -৪ অথবা ৫)

১। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেলযাত্ৰাৰ  চমু বৰ্ণনা দিয়া।

উত্তৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিত সুদূৰ উৰিষ্যাৰ সম্বলপুৰৰ পৰা গুৱাহাটী অভিমুখে এক ৰেলযাত্ৰাৰ বিৱৰণ দাঙি ধৰিছে। বেজবৰুৱাই কৰ্মসূত্ৰে জীৱনৰ বহুখিনি সময় অসমৰ বাহিৰত উৰিষ্যাৰ সম্বলপুৰত কটাবলগীয়া হৈছিল। পিছত ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত অসমলৈ বুলি যাত্ৰা কৰে। লগত তেওঁৰ পত্নী প্ৰজ্ঞা সুন্দৰী দেৱী আৰু সৰুজনী জীয়ৰী। সেইদিনা গধুলি চাৰে পাঁচমান বজাত সম্বলপুৰত ৰেলত উঠি ৩১ মাইল দূৰৈত থকা ঝাৰচোগোড়া জংচনলৈ আহে কিন্তু সময়মতে জংচন আহি নোপোৱাত কলিকতা অভিমুখী বোম্বাই মেইলখন ধৰিব নোৱাৰিলে। ফলস্বৰূপে ৰেল-ষ্টেচনতে বহি থাকি পিছৰাতি দুই কি তিনিমান বজাত পেছেঞ্জাৰ গাড়ী এখনত উঠি কলিকতালৈ আহে। ঢেকেৰ-ঢেকেৰ পেছেঞ্জাৰ গাড়ীখনত পিছদিন গোটেই দিনটো আহি-আহি নিশা আঠমান বজাত কলিকতা পায়। এই ৰেলযাত্ৰাত তেওঁলোকে লগত পৰ্যাপ্ত পৰিমাণে খাদ্য-বস্তু লগত অনা নাছিল সেয়েহে একপ্ৰকাৰ অনাহাৰে তেওঁলোকে এই যাত্ৰা সমাপন কৰিব লগা হৈছিল। অৱশ্যে বেজবৰুৱাদেৱে গাৰ্ডক কৈ খৰগপুৰ আৰু চক্ৰধৰপুৰ ৰিফ্ৰেছমেন্ট ৰূমৰ মেনেজাৰক খাদ্যৰ বাবে টেলিগ্ৰাম কৰিছিল। কিন্তু মূৰকত গৈ মেনেজাৰে টেলিগ্ৰাম পোৱা নাই বুলি গা সাৰিলে যদিও তেওঁলোকৰ পেটৰ ভোকটোৱে বৰকৈ পীড়া কৰিছিল। সেয়েহে ষ্টেচনত বিক্ৰী কৰা কচুৰি, শিঙৰা এমালগাম খাই পেটৰ ভোক নিবাৰণ কৰিবলগা হৈছিল। আকৌ ঝাৰচোগোড়াৰ পৰা অহা পেছেঞ্জাৰ গাড়ীখন প্ৰায় সকলোতে ৰৈ ৰৈ যাত্ৰী বুটলি গৈছিল। ফলত এটা সময়ত বেজবৰুৱা তথা দ্বিতীয় শ্ৰেণীৰ খোটালিটো যাত্ৰীৰে পূৰ্ণ হৈছিল। এনেদৰে যাত্ৰী বুটলি আহোঁতে আটাইতকৈ আহুকালৰ কথা বাটৰ এটা ষ্টেচনত। উঠিব নোৱাৰা বৰ নৰিয়া পৰা লৰা এজনক মাক-বাপেকে কোলাত লৈ দুই-তিনিজন মানুহেৰে সৈতে তেওঁলোকে বেজবৰুৱা অহা খোটালিত উঠিছিল। লৰাটোক কলিকতাত চিকিৎসা কৰিবলৈ লৈ গৈছিল। তেওঁলোকে খোটালিত উঠিয়েই দুৱাৰ-খিৰিকীবোৰ মাৰি দিয়ে ফলত যাত্ৰীৰে  ঠেকা-খুন্দা খোৱা খোটালিটোত উশাহ নোপোৱা অৱস্থা। এনেদৰে পিছদিনা শিয়ালদহ ষ্টেচন এৰি বাইশ তাৰিখে বেজবৰুৱাদেৱ গুৱাহাটীত পায়হি।

২। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষি-কৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা।

উত্তৰঃ মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিো লেখক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীমূলক প্ৰবন্ধসমূহৰ ভিতৰত অন্যতম। সম্বলপুৰৰ পৰা অসমলৈ অহাৰ কাৰণ বৰ্ণনা কৰিবলৈ যাওঁতে লেখকে শিৱৰ কৃষি কৰ্মৰ এটি বৰ্ণনা দাঙি ধৰিছে। তলত এই কৃষি-কৰ্মৰ এটি বৰ্ণনা আগবঢ়োৱা হল—

           এদিন পাৰ্বতীয়ে মহাদেৱক তিৰস্কাৰ কৰি কলে যে ভাং-ধতুৰা খাই, গৃহস্থৰ কাম-কাজ একো নকৰাকৈ বহি থকাটো কোনো লোকৰেই গৌৰৱ কৰিবলগীয়া কথা নহয়। ঘৰতে বৃষভটো আছে আৰু সি ঘাঁহ-পানী খাই নোদোকাটো হৈ পৰিছে, তাৰে হাল বাই খেতি-বাতি কৰি এমুঠি ধানকে অৰ্জন কৰাটো উচিত। ঘৈণিয়েকৰ এনে ককৰ্থনা মহাদেৱৰ মনত বৰ বেজাৰ লাগিল। তেওঁ তেতিয়াই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প কৰি বৃষভটোৰ ওপৰত উঠি টুক-টুক কৰি গৈ খেতি কৰিব লাগিলে আৰু খেতি কৰি উভৈনদী কৰি পেলালে। তেওঁৰ খোৱা-শুৱা গুচিল। আনকি ঘৰলৈ আহিবলৈয়ো তেওঁ পাহৰিলে। এনেকাৰ্যত পত্নী পাৰ্বতীয়ে মহা সমস্যাত পৰিল। কাৰণ গিৰিয়েক অকৰা মৈত উঠি ননমা হল। গিৰিয়েকক মাতি আনিবলৈ পাৰ্বতীয়ে নন্দী-ভৃংগীকে আদি কৰি যোৰে-যোৰে মানুহ পঠিয়ায়হে-পঠিয়ায়, গিৰিয়েক নাহে। একোকে উপায় নাপাই পাৰ্বতীয়ে নাৰদক ৰিপুৱা ধৰে যদিও নাৰদ বিফল হৈ উভতি আহে। শেষত অনেক ভাৱি-চিন্তি উপায়ন্তৰ হৈ পাৰ্বতীয়ে অসংখ্য ডাঁহ-মহ, চেৰেপা চৰ্জন কৰি মহাদেৱক আমনি কৰে। আনকি হাহা হুঁহু নামৰ দুটা মানসপুত্ৰ সৃষ্টি কৰি পঠিয়াইছিল।

           এনেদৰে শেষত পাৰ্বতীয়ে মহাদেৱক কৃষিকাৰ্যৰ পৰা ওভতাই আনিবলৈ বিভিন্ন উপায় অৱলম্বন কৰিব লগা হৈছিল।

৩। হাহা হুহু কোন আছিল? এওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বুজাই লিখা।

উত্তৰঃ হাহা হুহুআছিল পাৰ্বতীৰ মানসপুত্ৰ। পাৰ্বতীয়ে হাহা আৰু হুহুক সৃষ্টি কৰি মহাদেৱক খেতিপথাৰৰ পৰা উভতাই আনিবলৈ পঠিয়াইছিল।

       এদিন পাৰ্বতীয়ে মহাদেৱক তিৰস্কাৰ কৰি কলে যে ভাং-ধতুৰা খাই, গৃহস্থৰ কাম-কাজ একো নকৰাকৈ বহি থকাটো কোনো লোকৰেই গৌৰৱ কৰিবলগীয়া কথা নহয়। ঘৰতে বৃষভটো আছে আৰু সি ঘাঁহ-পানী খাই নোদোকাটো হৈ পৰিছে, তাৰে হাল বাই খেতি-বাতি কৰি এমুঠি ধানকে অৰ্জন কৰাটো উচিত। ঘৈণিয়েকৰ এনে ককৰ্থনা মহাদেৱৰ মনত বৰ বেজাৰ লাগিল। তেওঁ তেতিয়াই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প কৰি বৃষভটোৰ ওপৰত উঠি টুক-টুক কৰি গৈ খেতি কৰিব লাগিলে আৰু খেতি কৰি উভৈনদী কৰি পেলালে। তেওঁৰ খোৱা-শুৱা গুচিল। আনকি ঘৰলৈ আহিবলৈয়ো তেওঁ পাহৰিলে। এনেকাৰ্যত পত্নী পাৰ্বতীয়ে মহা সমস্যাত পৰিল। কাৰণ গিৰিয়েক অকৰা মৈত উঠি ননমা হল। গিৰিয়েকক মাতি আনিবলৈ পাৰ্বতীয়ে নন্দী-ভৃংগীকে আদি কৰি যোৰে-যোৰে মানুহ পঠিয়ায়হে-পঠিয়ায়, গিৰিয়েক নাহে। একোকে উপায় নাপাই পাৰ্বতীয়ে নাৰদক ৰিপুৱা ধৰে যদিও নাৰদ বিফল হৈ উভতি আহে। শেষত অনেক ভাৱি-চিন্তি উপায়ন্তৰ হৈ পাৰ্বতীয়ে অসংখ্য ডাঁহ-মহ, চেৰেপা চৰ্জন কৰি মহাদেৱক আমনি কৰে। আনকি হাহা হুঁহু নামৰ দুটা মানসপুত্ৰ সৃষ্টি কৰি পঠিয়াইছিল।

৪। ডিব্ৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল। --ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল, বুজাই লিখা।

উত্তৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক প্ৰবন্ধত উল্লেখ কৰা অনুসৰি ডিব্ৰুগড়ত থকা দিনকেইটাত ডিব্ৰুগড়ত চহৰৰ প্ৰগতি দেখি লেখক আনন্দিত হৈ পৰিছিল। তাৰ ভিতৰত প্ৰথমটো কাৰণ আছিল ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকলৰ গঢ়গতি আৰু কাৰ্যকলাপ। কাৰণ বেজবৰুৱাদেৱে লক্ষ্য কৰিছিল যে ডিব্ৰুগড়ৰ তিৰোতাসকলে শিক্ষা-দীক্ষা, ৰাজহুৱা কাম-কাজ আদি সকলোতে আগবাঢ়ি আহিছিল। ৰক্ষণশীল সমাজে তেওঁলোকৰ ভৰিত পিন্ধোৱা শিকলি ছিঙি বিভিন্ন সজ কামত পুৰুষৰ সমান হবলৈ আগ্ৰহী আছিল। আগৰ মহিলাসকলে এৰি দিয়া বোৱা-কটা কৰা কাম নতুনসকলে আদৰি লৈছিল। দেশসেৱাৰ কাৰ্যতো তেওঁলোকে পুৰুষৰ সমকক্ষ হৈছে। ওৰণীৰ সৰ্বগ্ৰাহী গ্ৰহণৰ পৰা মুক্ত হৈ ভাল লগা ধৰণেৰে আংশিক ভাৱে ওৰণি লবলৈ লৈছে। নিন্দুক-সমালোচকৰ সস্তা সমালোচনাবোৰক মনৰ বলেৰে তেওঁলোকে পৰাজিত কৰিছে। পুৰুষৰ সমানে-সমানে আগবাঢ়ি আহিলেও সেই তিৰোতাসকলে নিজ কমনীয়তা আৰু স্ত্ৰীসুলভ গাম্ভীৰ্যও ৰক্ষা কৰিছে। আকৌ দুই এগৰাকী মহিলাই সভা-পাতি সুন্দৰকৈ বক্তৃতা প্ৰদান কৰিব পৰা হৈছে, যিবোৰ দেখি বেজবৰুৱাই বৰ আনন্দিত হৈছিল।

          বেজবৰুৱাই ডিব্ৰুগড়ত গৈ আনন্দিত হোৱাৰ আন এটা কাৰণ আছিল ডেকাসকলে মহা উদ্যমেৰে তৈয়াৰ কৰি উলিওৱা সুন্দৰ ৰংগশালাটি। ৰংগশালাত ডেকাসকলে অনুষ্ঠিত কৰা নাট্যাভিনয়, তাৰ সাজ-সজ্জা, চিত্ৰপট, ভাৱপূৰ্ণ অভিনয়, সু-স্বৰ সংগীত আৰু মনোগ্ৰ নৃত্য আদি দেখিও বেজবৰুৱাই পৰম আনন্দ লাভ কৰিছিল। মুঠতে ডিব্ৰুগড়ৰ এনেবোৰ কথাই বেজবৰুৱাদেৱৰ বৃদ্ধত্ব আৰু গাত থকা মেলেৰিয়া জ্বৰকো পৰিহাৰ কৰি দুগুণ উৎসাহেৰে উৎসাহিত কৰিছিল।

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত?

উত্তৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিত বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত সেই সম্পৰ্কত আলোকপাত কৰিছে। বিদেশী নাটক অসমীয়ালৈ অনুবাদ কৰি ৰংগশালাত অভিনয় কৰাত অনেকে দায় ধৰে যদিও বেজবৰুৱাদেৱ এই ক্ষেত্ৰত সম্পূৰ্ণ বিৰোধী নহয়, কেবল সেই অনুবাদ হব লাগে অসমীয়াৰ পেটত জীণ যোৱা । বেজবৰুৱাৰ মতে ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাব-সম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা, যদি সেই ভাব সম্পদক বাৰেবঙলুৱা অসমীয়া নকৰি আচল অসমীয়া কৰি দিয়া যায়।

        আনফালে বেজবৰুৱাৰ মতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ মানুহ আহি অসমৰ বায়ু-পানী-মাটিৰ লগত নিজকে মিলাই দিব বিচৰাটো আদৰণীয়। কিন্তু ইয়াৰ বিপৰীতে অসমীয়াৰ বৰসবাহত যদি কোনোবাই অসমীয়াৰ দৰে চৰ-চাপৰি বজাই বা তাল লৈ নাম নাগাই বঙলুৱা সংকীৰ্তনৰ পোহাৰ মেলি দিয়ে তেন্তে সি হাঁহৰ মাজত কাউৰী হৈ খেলিমেলিহে লগাব, শোভা নকৰে। এই কথা মনত ৰাখি আমাৰ নাট্যকাৰসকলে বিদেশী নাটকৰ অসমীয়া ভাঙনি কৰিবলৈ গলে মঙ্গল হব। প্ৰাসঙ্গিক ভাৱে বেজবৰুৱাদেৱে তাহানিতে কলিকতা নিবাসী অসমীয়া ছাত্ৰসকলে শ্বেক্সপিয়েৰৰ ‘Comedy of Error’ অসমীয়ালৈ ভাঙনি কৰি তাৰ নাম ভ্ৰমৰংগ দি অভিনয় কৰাৰ কথা উনুকিয়াইছে । ই হল নিভাজ অসমীয়া অনুবাদ।

 

Post a Comment

Post a Comment (0)

Previous Post Next Post