বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন,SEBA Class 10 Social Science Complete Notes in Assamese

বংগ বিভাজন (১৯০৫-১৯১১)  আৰু স্বদেশী আন্দোলন,SEBA Class 10 Social SciencComplete Notes in Assamese  

বংগ বিভাজন (১৯০৫-১৯১১)
আৰু স্বদেশী আন্দোলন

বংগ বিভাজন (১৯০৫-১৯১১)  আৰু স্বদেশী আন্দোলন
বংগ বিভাজন (১৯০৫-১৯১১)  আৰু স্বদেশী আন্দোলন

 

অতি চমু উত্তৰৰ প্ৰশ্নঃ 

১) বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল?

উত্তৰঃ লৰ্ড কাৰ্জনৰ শাসনকালত

 

২)১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল?

উত্তৰঃ ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল।

 

৩) বিদেশী্ পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল?

উত্তৰঃ ১৯০৫ চনৰ ২০ জুলাইত দিনাজপুৰৰ মহাৰাজৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ লোৱা হৈছিল

 

৪)স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল?

উত্তৰঃ ভূপেন্দ্ৰ নাথ দত্ত

 

৫) বংগ দেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?

উত্তৰঃ ১৯০৬ চনৰ ১১ মাৰ্চ

 

৬)‘বেংগল কেমিকেলছ’(Bengal Chemicals)নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল ?

উত্তৰঃ আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়

 

৭)কাৰ পৌৰহিত্যত অনুষ্ঠিত জাতীয়কংগ্ৰেছৰ অধিবেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ?

উত্তৰঃ দাদাভাই নৌৰজীৰ পৌৰহিত্যত ১৯০৬ চনত কলিকতাত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত পোনপ্ৰথমবাৰৰ বাবে স্বৰাজৰ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল

 

৮) বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল ?

উত্তৰঃ ১৯১১ চনৰ ১২ ডিচেম্বৰত

 

চমু উত্তৰৰ প্ৰশ্নঃ

১) বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশ খনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা

উত্তৰঃ বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশ খনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল হৈছে- ঢাকা, চট্টগ্ৰাম আৰু ৰাজশাহীএই তিনিওটা সংমণ্ডলৰ সৰ্বমুঠ এলেকা আছিল ১,০৬,৫৪০ বৰ্গমাইল। ইয়াৰ জনসংখ্যা আছিল ৩১ নিযুত। ইয়াৰে ১৮ নিযুত মুছলমান আৰু ১২ নিযুত হিন্দু।

 

২)বংগবিভাজনৰ অন্তনিৰ্হিত উদ্দেশ্য কি আছিল চমুকৈ লিখা

উত্তৰঃ ১৯০৫ চনৰ ১৬ অক্টোবৰ তাৰিখে বংগ বিভাজন প্ৰক্ৰিয়া কাৰ্যকৰী কৰিছিল।ইয়াৰ কাৰণ হিচাপে লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ কাৰণে বংগ প্ৰদেশৰ আয়তন সৰু কৰাৰ যুক্তি দিছিল যদিও ইয়াৰ অন্তনিৰ্হিত উদ্দেশ্য আছিল  ঐক্যবদ্ধ বংগশক্তিক দ্বিখণ্ডিত কৰা ব্ৰিটিছে বংগভংগ আঁচনিৰ জৰিয়তে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল

 

৩) বংগবিভাজন বিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা

উত্তৰঃ  ১৯০৩ চনৰ ৬ ডিচেম্বৰত বংগ ভংগৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰা ১৯০৫ চনৰ ১৯ জুলাইত প্ৰস্তাৱটো চৰকাৰীভাৱে কাৰ্যকাৰী কৰালৈকে; এই সময়ছোৱাত বংগৰ বিভিন্ন অঞ্চলত প্ৰতিবাদী সভাৰ জৰিয়তে জাতি বৰ্ণ নিৰ্বিশেষে জনতাই জনসংগ্ৰামৰ জোৱাৰ তুলিছিল বংগভংগৰ পৰিণতি হিচাপে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলনটো ‘স্বদেশী আন্দোলন’ নামেৰে জনাজাত হৈছিল

 

৪) স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা

উত্তৰঃ ১৯০৫ চনৰ ১৬ অক্টোবৰ তাৰিখে ব্ৰিটিছে বংগ বিভাজন প্ৰক্ৰিয়া কাৰ্যকৰী কৰাত ইয়াৰ বিৰুদ্ধে বংগবাসীয়ে যি আন্দোলন আৰম্ভ কৰিছিল, সেই আন্দোলনটোক স্বদেশী আন্দোলন নামেৰে জনা যায়। এই স্বদেশী আন্দোলনৰ প্ৰভাৱ সেই সময়ৰ শিক্ষা ব্যৱস্হাৰ ওপৰত বাৰুকৈয়ে পৰিছিল আন্দোলনমুখৰ পৰিৱেশে ছাত্ৰ সমাজক বৰকৈ আকৰ্ষণ কৰিছিল। ৰিপন কলেজৰ (বৰ্তমান সুৰেন্দ্ৰনাথ কলেজ) ছাত্ৰসকলে পোনপ্ৰথমে শ্ৰেণীকোঠা ত্যগ কৰি আন্দোলনত ভাগ লৈছিল। ৩১ জুলাই তাৰিখে ৰিপন কলেজৰ ছাত্ৰসকলৰ লেতৃত্বত কলিকতাৰ সমগ্ৰ স্কুল-কলেজৰ ছাত্ৰই বিশাল ছাত্ৰ সমাৰোহ আয়োজন কৰি বংগ বিভাজনৰ প্ৰতিবাদ কৰিছিল। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব আৰ. ডব্লিউ কাৰ্লাইলে(R W Carlyle) য়ে ১৯০৫ চনৰ ১০ অক্টোবৰৰ দিনা এখন জাননী জাৰী কৰি তেওঁলোকক আন্দোলনত অংশ গ্ৰহণ নকৰিবলৈ সকিয়াই দিছিল এই জাননীৰ বিৰুদ্ধে বংগত প্ৰবল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণীকোঠা ত্যাগ কৰি আন্দোলনত ভাগ লৈছিল।

          ১৯০৫ চনৰ ৪ নৱেম্বৰৰ দিনা ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত ‘এন্টি ছাৰ্কুলাৰ ছ’চাইটি’ গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল একেসময়তে সতীশচন্দ্ৰ মুখোপাধ্যায়ৰ সম্পাদিত দি ডন কাকত খনে কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক তাৰ পৰা ওলাই জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰুদাস বন্দোপাধ্যায়ৰ লগত লগ লাগি ডন ছচাইটি  নামৰ এটা জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধৰ ভাৱ জগাবলৈ চেষ্টা কৰিছিল এই Societyয়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন(১৯০৪)আৰু কাৰ্লাইলৰ জাননীৰ(১৯০৫)ৰ সৰব বিৰোধিতা কৰি জাতীয় শিক্ষাক নতুন ৰূপত গঢ় দিবলৈ আন্দোলন কৰিছিল

          স্বদেশী আন্দোলনৰ সময়ত বিশেষকৈ বংগত কেইবাটাও জাতীয় শিক্ষা অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্ম হৈছিল১৯০৫ চনৰ  ৬ আগষ্ট তাৰিখে ৰবীন্দ্ৰনাথ ঠাকুৰে বংগ জাতীয় বিদ্যালয় আৰু ৮ নবেম্বৰত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যলয় স্থাপন কৰা হয়। ৰাজবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাৰ টাউন হলত ১৯০৬ চনৰ ১১ মাৰ্চ তাৰিখে অনুষ্ঠিত সভাত জাতীয় শিক্ষা পৰিষদ নামৰ জাতীয় শিক্ষাৰ শীৰ্য অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হয়। ১৯০৬ চনৰ ১৫ আগষ্ট তাৰিখে প্ৰতিষ্ঠা কৰা বংগ জাতীয় মহাবিদ্যালয়খনে একেটা বছৰৰে ১২ ডিচেম্বৰত জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত হয়। 

      স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩০০০ খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল খ্যাতনামা বেৰিষ্টাৰ তাৰকানাথ পালিতৰ নেতৃত্ব অৰ্থসাহাৰ্য্যত বেঙ্গল টেকনিকেল ইনষ্টিটিউট(বৰ্তমান যাদৱপুৰ বিশ্ববিদ্যালয়) নামৰ শিক্ষানুষ্ঠানটো গঢ়ি উঠিছিল। জাতীয় বিদ্যালয়ৰ আৰ্হিত পাটনাত ‘বিহাৰ বিদ্যাপীঠ’, মহাৰাষ্ট্ৰত ‘সমৰ্থ বিদ্যালয়’, আৰু গুজৰাটত ‘গুজৰাট বিদ্যালয়’ প্ৰতিষ্ঠা হৈছিল

 

৫) স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশৰ কেনেদৰে হৈছিল ?

উত্তৰঃ ১৯০৫ চনৰ ১৬ অক্টোবৰ তাৰিখে ব্ৰিটিছে বংগ বিভাজন প্ৰক্ৰিয়া কাৰ্যকৰী কৰাত ইয়াৰ বিৰুদ্ধে বংগবাসীয়ে যি আন্দোলন আৰম্ভ কৰিছিল, সেই আন্দোলনটোক স্বদেশী আন্দোলন নামেৰে জনা যায়। এই স্বদেশী আন্দোলনৰ সময়ত আত্ম বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিবেশৰ সৃষ্টি কৰিছিলইয়াৰ লগতে সেই সময়ত স্বদেশী দ্ৰব্য আৰু সামগ্ৰীৰ বৰ্দ্ধিত চাহিদাও স্বদেশী উদ্যোগ প্ৰতিষ্ঠাত উদগণি যোগাইছিল সেই উদ্যোগ আছিল বিশেষকৈ সূতা কটা কল,ক্ষুদ্ৰ আৰু মজলীয়া তাত শাল উদ্যোগ,সৰিয়হ, তেল, চাবোন, চেনী,জুইশলা,বিস্কুট ইত্যাদি। ইয়াৰ লগতে গঢ়ি উঠিছিল কেইবাটাও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী।

   স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা কেতবোৰ উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে- 

    ক) ১৮৯৭ চনত ৰবীন্দ্ৰ নাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ

    খ) ১৯০৫ চনত যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ প্ৰচেষ্টাত গঢ়ি উঠা ইণ্ডিয়ান ষ্টোৰচ 

    গ) ১৯০৩ চনত ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে প্ৰতিষ্ঠা কৰা লক্ষী ভাণ্ডাৰ

    ঘ) ১৯০৬ চনত আব্দুল হালিম গজনবিয়ে লালা বজাৰত প্ৰতিষ্ঠা কৰা ইউনাইটড বেংগল ষ্টোৰচ্।

          বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদিৰ দৰে ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ কথা চিন্তা কৰিছিল নীলৰতন চৰকাৰৰ উদ্যোগত ( ১আগষ্ট,১৯০৬) বংগলক্ষী কটন মিল, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ তত্বাবধানত (২৫জুলাই ১৯০৬) বেংগল কেমিকেলছ আৰু জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা(১৯০৭ চনত) গঢ়ি তুলিছিল

          বংগদেশৰ দৰে ভাৰতৰ অন্যান্য প্ৰান্ততো বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠান জন্ম হৈছিল ১৯০৫ চনৰ ১৭ ডিচেম্বৰত আৰ চি দত্তৰ পৌৰহিত্যত বাৰাণসীত অনুষ্ঠিত প্ৰথম ‘ভাৰতীয় উদ্যোগ সন্মিলন’ অনুষ্ঠিত হৈছিল এই সন্মিলনত স্বদেশী শিল্পৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ লগতে দেশীয় শিল্প উদ্যোগসমূহ পুনৰ্জীৱিত কৰাৰ কাৰণে ৰাইজক সজাগ কৰি তোলা হৈছিল।

 

৬) স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে  কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল ?

উত্তৰঃ ১৯০৫ চনৰ ১৬ অক্টোবৰ তাৰিখে ব্ৰিটিছে বংগ বিভাজন প্ৰক্ৰিয়া কাৰ্যকৰী কৰাত ইয়াৰ বিৰুদ্ধে বংগবাসীয়ে যি আন্দোলন আৰম্ভ কৰিছিল, সেই আন্দোলনটোক স্বদেশী আন্দোলন নামেৰে জনা যায়। এই স্বদেশী আন্দোলনৰ সময়ত জাতীয় কংগ্ৰেছৰ উদাৰপণ্হী নেতাসকলৰ পৰা ব্ৰিটিছে সহযোগিতাৰ আশা কৰিছিল সেই উদ্দেশ্যে লৰ্ড কাৰ্জনে এই নেতাসকলক নিজৰ হাতৰ মুঠিত ৰাখিবলৈ তেওঁলোকৰ বহুতকে ব্ৰিটিছ চৰকাৰৰ আৰোপিত উপাধি,পদক আৰু পদ প্ৰদান কৰিছিলকংগ্ৰেছৰ উদাৰপণ্হী সদস্যসকলক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ,ব্ৰিটিছ সংসদত সদস্য পদ,ভাইচৰয় পৰিষদৰ সদস্য পদ নতুবা প্ৰাদেশিক পৰ্যায়ৰ লোভনীয় সদস্য পদ যাচি বংগ ভংগ পৰিকল্পনাত তেওঁলোকৰ সহযোগিতা আশা কৰিছিল

          তাৰ বিপৰীতে কংগ্ৰেছৰ কিছুসংখ্যক শীৰ্ষ নেতা যেনে- সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়, গোপালকৃষ্ণ গোখলেৰ বংগ ভংগ বিৰোধী অটল স্হিতিয়ে চৰকাৰক শলঠেকত পেলাইছিল ǀ

          বিপিন চন্দ্ৰ পালে সকলো নেতাক ব্ৰিটিছ পদত্ত উপাধি,পদ,পদবী বৰ্জন কৰিবলৈ অনুৰোধ জনাইছিল এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই গোপাল কৃষ্ণ গোখলেই পোনপ্ৰথমে নাইটহুদ উপাধি চৰকাৰক ঘূৰাই দিছিল

 

 

৭) স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা

উত্তৰঃ ১৯০৫ চনৰ ১৬ অক্টোবৰ তাৰিখে ব্ৰিটিছে বংগ বিভাজন প্ৰৰিকল্পনা কাৰ্যকৰী কৰাত ইয়াৰ বিৰুদ্ধে বংগবাসীয়ে যি আন্দোলন আৰম্ভ কৰিছিল, সেই আন্দোলনটোক স্বদেশী আন্দোলন নামেৰে জনা যায়। এই স্বদেশী আন্দোলনে ভাৰতৰ জাতীয় সাহিত্য, জাতীয় শিক্ষাৰ বিকাশ ঘটোৱাৰ লগতে  মহিলা সকলৰ সাহসী ভূমিকাক দেশৰ প্ৰেক্ষাপটত সবলভাৱে দাঙি ধৰিছিল স্বদেশী আন্দোলনৰ তিনিটা ফলাফল

ক) জাতীয় শিক্ষাৰ বিকাশঃ স্বদেশী আন্দোলন কেৱল বিদেশী পণ্য বৰ্জনৰ মাজতেই সীমাবদ্ধ নাছিল। বংগত প্ৰচলিত শিক্ষাৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছিল। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব আৰ. ডব্লিউ কাৰ্লাইলে ১৯০৫ চনৰ ১০ অক্টোবৰৰ দিনা এখন জাননী জাৰী কৰি তেওঁলোকক আন্দোলনত অংশ গ্ৰহণ নকৰিবলৈ সকিয়াই দিছিল এই জাননীৰ বিৰুদ্ধে বংগত প্ৰবল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণীকোঠা ত্যাগ কৰি আন্দোলনত ভাগ লৈছিল।

          ১৯০৫ চনৰ ৪ নৱেম্বৰৰ দিনা ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত ‘এন্টি ছাৰ্কুলাৰ ছ’চাইটি’ গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল একেসময়তে সতীশচন্দ্ৰ মুখোপাধ্যায়ৰ সম্পাদিত দি ডন কাকত খনে কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক তাৰ পৰা ওলাই জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰুদাস বন্দোপাধ্যায়ৰ লগত লগ লাগি ডন ছচাইটি  নামৰ এটা জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধৰ ভাৱ জগাবলৈ চেষ্টা কৰিছিল এই চাইটিয়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন(১৯০৪)আৰু কাৰ্লাইলৰ জাননীৰ(১৯০৫)ৰ সৰব বিৰোধিতা কৰি জাতীয় শিক্ষাক নতুন ৰূপত গঢ় দিবলৈ আন্দোলন কৰিছিল

          স্বদেশী আন্দোলনৰ সময়ত বিশেষকৈ বংগত কেইবাটাও জাতীয় শিক্ষা অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্ম হৈছিল১৯০৫ চনৰ  ৬ আগষ্ট তাৰিখে ৰবীন্দ্ৰনাথ ঠাকুৰে বংগ জাতীয় বিদ্যালয় আৰু ৮ নবেম্বৰত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যলয় স্থাপন কৰা হয়। ৰাজবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাৰ টাউন হলত ১৯০৬ চনৰ ১১ মাৰ্চ তাৰিখে অনুষ্ঠিত সভাত জাতীয় শিক্ষা পৰিষদ নামৰ জাতীয় শিক্ষাৰ শীৰ্য অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হয়। ১৯০৬ চনৰ ১৫ আগষ্ট তাৰিখে প্ৰতিষ্ঠা কৰা বংগ জাতীয় মহাবিদ্যালয়খনে একেটা বছৰৰে ১২ ডিচেম্বৰত জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত হয়। 

      স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩০০০ খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল খ্যাতনামা বেৰিষ্টাৰ তাৰকানাথ পালিতৰ নেতৃত্ব অৰ্থসাহাৰ্য্যত বেঙ্গল টেকনিকেল ইনষ্টিটিউট(বৰ্তমান যাদৱপুৰ বিশ্ববিদ্যালয়) নামৰ শিক্ষানুষ্ঠানটো গঢ়ি উঠিছিল। জাতীয় বিদ্যালয়ৰ আৰ্হিত পাটনাত ‘বিহাৰ বিদ্যাপীঠ’, মহাৰাষ্ট্ৰত ‘সমৰ্থ বিদ্যালয়’, আৰু গুজৰাটত ‘গুজৰাট বিদ্যালয়’ প্ৰতিষ্ঠা হৈছিল

খ) জাতীয় শিল্পৰ বিকাশঃ স্বদেশী আন্দোলনৰ সময়ত আত্ম বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিবেশৰ সৃষ্টি কৰিছিলইয়াৰ লগতে সেই সময়ত স্বদেশী দ্ৰব্য আৰু সামগ্ৰীৰ বৰ্দ্ধিত চাহিদাও স্বদেশী উদ্যোগ প্ৰতিষ্ঠাত উদগণি যোগাইছিল সেই উদ্যোগ আছিল বিশেষকৈ সূতা কটা কল,ক্ষুদ্ৰ আৰু মজলীয়া তাত শাল উদ্যোগ,সৰিয়হ, তেল, চাবোন, চেনী,জুইশলা,বিস্কুট ইত্যাদি। ইয়াৰ লগতে গঢ়ি উঠিছিল কেইবাটাও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী।

   স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা কেতবোৰ উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে- 

    ক) ১৮৯৭ চনত ৰবীন্দ্ৰ নাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ

    খ) ১৯০৫ চনত যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ প্ৰচেষ্টাত গঢ়ি উঠা ইণ্ডিয়ান ষ্টোৰচ 

    গ) ১৯০৩ চনত ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে প্ৰতিষ্ঠা কৰা লক্ষী ভাণ্ডাৰ

    ঘ) ১৯০৬ চনত আব্দুল হালিম গজনবিয়ে লালা বজাৰত প্ৰতিষ্ঠা কৰা ইউনাইটড বেংগল ষ্টোৰচ্।

          বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদিৰ দৰে ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ কথা চিন্তা কৰিছিল নীলৰতন চৰকাৰৰ উদ্যোগত ( ১আগষ্ট,১৯০৬) বংগলক্ষী কটন মিল, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ তত্বাবধানত (২৫জুলাই ১৯০৬) বেংগল কেমিকেলছ আৰু জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা(১৯০৭ চনত) গঢ়ি তুলিছিল

গ) স্বদেশী আন্দোলনত মহিলা সকলৰ সবল ভূমিকাঃ

ভাৰতবৰ্ষৰ স্বদেশী আন্দোলনৰ সময়ছোৱাত মহিলাসকলে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিলপুৰুষৰ সমানে মহিলা সকলেও বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল সৰলা দেৱী চৌধাৰীণীয়ে মহাৰাষ্ট্ৰৰ শিৱাজী উৎসৱৰ অনুকৰণত পশ্চিমবংগত বীৰ অষ্টমী ব্ৰত , প্ৰজ্ঞাপাদিত্য উৎসৱ আৰু ব্যায়াম সমিতি আদিৰ আয়োজন কৰি যুৱক-যুৱতীসকলক লাঠীখেল, কুস্তি আদিৰ প্ৰশিক্ষণ দিছিল। সৰলা দেৱী চৌধাৰীণীয়ে ‘ভাৰতী’ নামৰ এখন পত্ৰিকা সম্পাদনা কৰি বংগদেশৰ যুৱ শক্তিক আন্দোলনত জপিয়াই পৰিবলৈ আঙাবান জনাইছিল। ভগিনী নিবেদিতাই কলিকতাত ইয়ং মেনছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতি আদিৰ সৈতে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি আত্মনিৰ্ভৰশীল হবলৈ শিকাইছিল স্বদেশী আন্দোলনত বংগদেশৰ মহিলাসকলৰ সাহসিকতাৰ কথা লণ্ডনৰ পৰা ওলোৱা “ডেইলি টেলিগ্ৰাফ’’ত(১৯০৭ চনৰ ১১ অক্টোবৰত) প্ৰকাশ পাইছিল

 

 

৮) স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা

উত্তৰঃ স্বদেশী আন্দোলনৰ অৱদান সমূহ হৈছে -

 

) স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হয় দেশৰ সমূহ জণগণ একগোট হৈ শক্তিশালী ইংৰাজৰ বিৰুদ্ধে থিয় হলে গণ আন্দোলনত যে বিজয় নিশ্চিত, সেই শিক্ষা স্বদেশী আন্দোলনৰ যোগদানৰ জৰিয়তে জানিব পাৰিছিল

) স্বদেশী আন্দোলনৰ যোগেদি ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰহিত্যত ১৯০৬ চনত কলিকতাত বহা অধিবেশনত পোনপ্ৰথমবাৰৰ বাবে স্বৰাজ দাবী প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল

গ)) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল আগ্নেয়াস্ত্ৰৰে বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ প্ৰৱণতা এচাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিল

 

 

চমু টোকা লিখাঃ

(১) কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ

উত্তৰঃ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ ভাৰতবৰ্ষৰ শিল্প সংস্কৃতি জগতৰ এক উজ্জ্বল নক্ষত্ৰ বুলিব পাৰি স্বদেশী আন্দোলনৰ সময়ছোৱাত তেখেতে নিজৰ সৃষ্টি ৰাজীৰে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনক এক সুকীয়া মাত্ৰা প্ৰদান কৰি গৈছে    

          স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে সেই সময়ত যি ২৩ টা গীত ৰচনা কৰিছিল সেইকেইটাক  আজিও ভাৰতীয় সংস্কৃতিৰ সম্পদৰূপে গণ্য কৰা হয়আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালবাসি’ শীৰ্ষক গীতটি ১৯৭২ চনত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত ৰূপে মান্যতা দিয়া হয়যদি তোৰ ডাক শুনে কেও না আসে তবে একলা চলো ৰে..ৰ দৰে গীতে দেশবাসীৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিলজণ-গণ-মন অধিনায়ক’ শীৰ্ষক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীতৰ স্ৰষ্টা ৰবীন্দ্ৰনাথ ঠাকুৰকবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে স্বদেশী আন্দোলনৰ পটভূমিত ‘ভাই ভাই এক ঠাই’ নামৰ এটা বিখ্যাত প্ৰৱন্ধও ৰচনা কৰিছিল

          স্বদেশী আন্দোলনৰ সময়ত আত্ম বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিবেশৰ সৃষ্টি কৰিছিলতাৰে পৰিপ্ৰেক্ষিতত ১৮৯৭ চনত ৰবীন্দ্ৰ নাথ ঠাকুৰে ‘স্বদেশী ভাণ্ডাৰ’ নামৰ এটা বস্ত্ৰ প্ৰতিষ্ঠান জন্ম দিছিল

          ৰবীন্দ্ৰ নাথ ঠাকুৰে স্বদেশী আন্দোলনৰ সময়ত ৰাজনৈতিকভাৱেও সক্ৰিয়ভূমিকা পালন কৰিছিল স্বদেশী শিক্ষাৰ বিকাশৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯০৫ চনৰ ৬ আগষ্টত বংগ জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰে ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতা ৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব R W Carlyle য়ে ১৯০৫ চনত এক জাননী জাৰি কৰিছিল  যাৰ বিৰুদ্ধে বংগত প্ৰবল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণী ত্যাগ কৰিছিল  ১৯০৫ চনৰ ৪ নৱেম্বৰৰ দিনা ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত ‘এন্টি ছাৰ্কুলাৰ ছ’চাইটি’ গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

          ৰবীন্দ্ৰনাথ ঠাকুৰে, সতীশচন্দ্ৰ মুখোপাধ্যায়ৰ আৰু চাৰুদাস বন্দোপাধ্যায় ৰ লগত লগ লাদি ডন ছচাইটি  নামৰ এটা জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধৰ ভাৱ জগাবলৈ চেষ্টা কৰিছিল

 

(২) মাৰ্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা)

উত্তৰঃ ভগিনী নিবেদিতা যাৰ অন্য এটা নাম আছিল মাৰ্গাৰেট এলিজাবেথ নবোলতেওঁৰ জন্ম হৈছিল ১৮৬৪ চনত আয়াৰলেণ্ডত স্বদেশী আন্দোলনৰ সময়ত তেওঁ, নাৰী আৰু যুৱক যুৱতীসকলৰ মাজৰত এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ভগিনী নিবেদিতাই কলিকতাত ইয়ং মেনছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতি আদিৰ সৈতে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি আত্মনিৰ্ভৰশীল হবলৈ শিকাইছিল এইগৰাকী মহিয়সী নাৰীয়ে ১৯১১ চনত  মৃত্যুবৰণ কৰে

 

(৩) নৱাব ছলিমউল্লা

উত্তৰঃ স্বদেশী আন্দোলনৰ সময়ছোৱাত ঢাকাৰ নৱাব আছিল  ছলিমউল্লা লৰ্ড কাৰ্জনে ছলিমউল্লাৰ জৰিয়তে পূৰ্ব বংগৰ জনতাক একগোট কৰি ব্ৰিটিছৰ অধীন কৰিব বিচাৰিছিল সেই উদ্দেশ্যে ছলিমউল্লাক নগণ্য সুতৰ বিনিময়ত ১৪ লাখ টকাৰ ধাৰো দিয়া হৈছিল  

          ১৯০৬ চনত ৩০ ডিচেম্বৰত নৱাব ছলিমউল্লাৰ আহ্বান ক্ৰমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান লগলাগি ‘সৰ্বভাৰতীয় মুছলীম লীগ’ গঠন কৰিছিলমুছলীম লীগ’গ ঠন হোৱাৰ দিনাই ছলিমউল্লাই ইয়াৰ উদ্দেশ্য আৰু লক্ষ্য ঘোষণা কৰি কৈছিল যে  মুছলমান ৰাইজৰ মনৰ পৰা  ভয়,শংকা আৰু পাৰস্পৰিক বিদ্বেষ ভাৱ আতৰাব লাগিবতেওঁলোকে ব্ৰিটিছ চৰকাৰৰ প্ৰতি থকা আনুগত্য প্ৰসাৰ কৰিব লাগিব আৰু ব্ৰিটিছ চৰকাৰেও মুছলমান ৰাইজৰ অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদা সচেতন হব লাগিব

 

অতিৰিক্ত সাম্ভাৱ্য প্ৰশ্নোত্তৰ

১)কোনটো আইন প্ৰৱৰ্তন কৰি বংগ প্ৰেছিডেঞ্চিৰ গৱৰ্ণৰ পদটো গৱৰ্ণৰ জেনেৰেল(Governor General)পদলৈ উন্নীত কৰিছিল?

উত্তৰঃ ১৭৭৩ চনত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন(Regulating Act, 1773) প্ৰৱৰ্তন কৰি বংগ প্ৰেছিডেঞ্চিৰ গৱৰ্ণৰ পদটো গৱৰ্ণৰ জেনেৰেল (Governor General)পদলৈ উন্নীত কৰিছিল।

 

২)কোনটো সন্ধি বা চুক্তি অনুযায়ী ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগ, বিহাৰ আৰু উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰিছিল?

অথবা

এলাহাবাদ সন্ধি কাৰ-কাৰ মাজত হৈছিল?

উত্তৰঃ মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইবৰ মাজত ১৯৬৫ চনত সম্পন্ন হোৱা এলাহাবাদ সন্ধিৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগ, বিহাৰ আৰু উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰিছিল।

 

৩) বংগ বিভাজনৰ ক্ষেত্ৰত কোন দুজন ইংৰাজ বিষয়াই লৰ্জ কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল?

উত্তৰঃ বংগ বিভাজনৰ ক্ষেত্ৰত  দুজন ইংৰাজ বিষয়াই লৰ্জ কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল।ইয়াৰে এজন আছিল মধ্য প্ৰদেশৰ মুখ্য আয়ুক্ত এন্দ্ৰু ফ্ৰেজাৰ আৰু আনজন অসমৰ মুখ্য আয়ুক্ত জন ব্যামফিল্ড ফুলাৰ। ১৯০১ চনত ফ্ৰেজাৰে মধ্য প্ৰদেশ আৰু বংগদেশৰ ভৌগোলিক সীমাৰ পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ কাৰ্জনক দিছিল।তেও বংগদেশৰ ৭ কোটি ৮০ লাখ বৰ্ধিত জনসংখ্যাৰ বিষয়টো উল্লেখ কৰি সম্বলপুৰ আৰু উৰিষ্যাক বংগ প্ৰদেশৰ পৰা বিচ্ছিন্ন কৰি মধ্য প্ৰদেশৰ লগত চামিল কৰাৰ প্ৰস্তাৱ দিছিল। একে সময়তে অসমৰ মুখ্য আয়ুক্ত ফুলাৰেও চাহ ব্যবহায় সম্প্ৰসাৰণৰ স্বাৰ্থত তেও অসমৰ লগত চট্টগ্ৰামক সংলগ্ন কৰাৰ প্ৰস্তাৱ দিছিল।

 

৪)আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা বা ৰিজলী পেপাৰ বুলিলে কি বুজা?(৩ নম্বৰৰ প্ৰশ্ন)

উত্তৰঃ ১৯০৩ চনত এন্দ্ৰু ফ্ৰেজাৰ বংগৰ লেফটেনেন্ট গৱৰ্ণৰৰ পদত অধিষ্ঠিত হোৱাৰ পিছত ভাইচৰয় লৰ্ড কাৰ্জনে তেওক প্ৰাদেশিক সীমান্ত পুনৰ্গঠনৰ উদ্দেশ্যে এটা পৰিকল্পনা যুগুত কৰিবলৈ দিয়াত তেও তেতিয়া পূৰ্বতে উইলিয়াম ই ৱাৰ্ডে আগবঢ়োৱা পৰামৰ্শটোৰ সামান্যতম ৰদ-বদল কৰি বংগ বিভাজনৰ আঁচনি এখন যুগুত কৰিছিল। তেও বংগ প্ৰদেশৰ পৰা ঢাকা, চট্টগ্ৰাম আৰু ৰাজশাহী সংমণ্ডলক কাটি আনি চুবুৰীয়া অসমৰ সৈতে সংলগ্ন কৰি বংগ বিভাজনৰ আঁচনিখন তৈয়াৰ কৰি ২৮ মাৰ্চ, ১৯০৩ চনত কাৰ্জনৰ হাতত অৰ্পন কৰে। ১৯০৩ চনৰ ১ জুন তাৰিখে লৰ্ড কাৰ্জনে ভাৰত চৰকাৰৰ স্বৰাষ্ট্ৰ সচিব হাবাৰ্ট ৰিজলীৰ লগত আলোচনা কৰি বংগ বিভাজনৰ এটা বিস্তাৰিত বিৱৰণ তৈয়াৰ কৰিছিল। এই আঁচনিটোক লণ্ডণৰ চৰকাৰে গ্ৰহণ কৰাৰ পিছত ই আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা নামেৰে বিবেচিত হয়। প্ৰস্তাৱটো ভাৰত সচিব ৰিজলীয়ে ৬ ডিচেন্বৰ (১৯০৩) তাৰিখে প্ৰকাশ কৰাৰ পিছত ইয়াক ৰিজলী পেপাৰ নামেৰে জনা গৈছিল।

 

৫) কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল?

উত্তৰঃ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল।

 

৬)বংগ বিভাজনৰ সময়ত প্ৰকাশিত হোৱা বিভিন্ন প্ৰকাৰৰ বাতৰি কাকত  আৰু এইবোৰৰ সম্পাদকৰ নাম লিখা।

উত্তৰঃ

বাতৰি কাকতৰ নাম

সম্পাদকৰ নাম

যুগান্তৰ

ভূপেন্দ্ৰনাথ দত্ত

ভাৰতী

সৰলা দেৱী চৌধুৰীণী

দি ডন

সতীশচন্দ্ৰ মুখোপাধ্যায়

বেংগলী

সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়

সঞ্জীৱনী

কৃষ্ণকুমাৰ মিত্ৰ

হিতবাদী

কালীপ্ৰসন্ন কাব্যবিশাৰদ আৰু যোগেন্দ্ৰনাথ বিদ্যাভূষণ

সু-প্ৰভাত(মহিলা আলোচনী)

কুমুদিনী মিত্ৰ

বন্দে মাতৰম

অৰবিন্দ ঘোষ

 

 

 

 

 

 

 

৭)স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত কেইখনমান নাটকৰ নাম লিখা।

উত্তৰঃ 

নাটকৰ নাম

নাট্যকাৰৰ নাম

পলাশীৰ প্ৰায়শ্চিত্ত

ক্ষীৰোদ প্ৰসাদ

চিৰাজউদ্দৌলা

গিৰীশ ঘোষ

মিৰ কাছিম

গিৰীশ ঘোষ

চাব্বাস বাঙালী

অমৃতলাল বসু

বংগৰ অংগচ্ছেদ

অমৰেন্দ্ৰ নাথ দত্তৰ

 

 

 




৮)স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত কেইখনমান গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ   

গ্ৰন্থৰ নাম

গ্ৰন্থকাৰৰ নাম

জাপানী বীৰ

স্বৰ্ণকুমাৰী দেৱী

জয় সংগীত

প্ৰমথনাথ ৰায়চৌধুৰী

নব্য ভাৰত

কাৰ্তিকচন্দ্ৰ দাশগুপ্ত

বংগলক্ষীৰ ব্ৰতকথা

ৰামেন্দ্ৰসুন্দৰ ত্ৰিবেদী

          

 

 

 

 ৯) স্বদেশী আন্দোলনৰ পটভূমিত ৰবীন্দ্ৰনাথ ঠাকুৰে  ৰচনা কৰা বিখ্যাত প্ৰবন্ধটোৰ নাম কি আছিল?

উত্তৰঃ ভাই-ভাই এক ঠাই।

 

১০) বংগীয় কলা সংসদ কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ অবনীন্দ্ৰনাথ ঠাকুৰে ১৯০৭ চনত বংগীয় কলা সংসদ  প্ৰতিষ্ঠা কৰিছিল।

 

১১) বংগ মাতা ছবিকন কোনে অংকন কৰিছিল আৰু ইয়াক ভাৰত মাতাৰ ৰূপ কোনে প্ৰদান কৰিছিল?

উত্তৰঃ অবনীন্দ্ৰনাথ ঠাকুৰে বংগ মাতা ছবিখন অংকন কৰিছিল আৰু ইয়াক ভগিনী নিবেদিতাই  ভাৰত মাতাৰ ৰূপ প্ৰদান কৰিছিল।

 

To be Continue……..

(We will add some other Q&A in few days)

Post a Comment

Post a Comment (0)

Previous Post Next Post