আন্তৰ্জাতিক সংগঠন (International Organizations) Class 12 Political Science Complete Notes in Assamese Based on AHSEC

 

আন্তৰ্জাতিক সংগঠন

(International Organizations)

 

International Organizations
International Organizations (www.hikha.in )

 

Question & Answers

১)ৰাষ্ট্ৰসংঘৰ পৰিষদৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ কোন আছিল?

উত্তৰঃ ড. বিজয়লক্ষ্মী পণ্ডিত।

 

২)কোন বছৰত ৰাষ্ট্ৰসংঘই শান্তি সৃষ্টিৰ পুঁজি গঠন কৰিছিল?

উত্তৰঃ ২০০৬ চনত।

 

৩)বিগ-থ্ৰী বুলি কি বুজা?

উত্তৰঃ চাৰ্চিল, ৰুছভেল্ট আৰু ষ্টেলিন –এই তিনিওজন নেতাক বিগ-থ্ৰী বুলি কোৱা হয়।

 

৪)ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ কাৰ্যবাহীৰ নাম কি?

উত্তৰঃ সাধাৰণ সভা।

 

৫)পাৰিপাৰ্শ্বিকতা কাৰ্যসূচী সম্পৰ্কীয় আন্তৰাষ্ট্ৰীয় অভিকৰণটোৰ নাম কি?

উত্তৰঃ UNDP (United Nations Development Programme)

 

৬)শান্তি গঢ়া আয়োগ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ২০০৫ চনত।

 

৭)ৰাষ্ট্ৰসংঘৰ সহশ্ৰাব্ধ ঘোষণা পত্ৰ কেতিয়া অনুমোদিত হৈছিল?

উত্তৰঃ ২০০০ চনত।

 

৮)ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ মুঠ ৬টা অংগ আছে আৰু এই অংগকেইটা হল-

   ক)সাধাৰণ সভা।

   খ)নিৰাপত্তা পৰিষদ।

   গ)অৰ্থনৈতিক আৰু সামাজিক পৰিষদ।

   ঘ)ন্যাসৰক্ষী।

   ঙ)আন্তৰাষ্ট্ৰীয় আদালত।

   চ)সচিবালয়

 

৯)বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰখনৰ নাম কি?

উত্তৰঃ ভাৰতবৰ্ষ।

 

১০)আন্তৰ্জাতিক মুদ্ৰানিধি কেতিয়া প্ৰতিষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৪৫ চনত।

 

১১)বিশ্ব বেংক কেতিয়া প্ৰতিষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৪৫ চনত।

 

১২)বিশ্ব বাণিজ্য সংস্থা কেতিয়া প্ৰতিষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৯৫ চনত।

 

১৩)ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ চনদত কিমানখন সদস্যৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?

উত্তৰঃ ৫১ খন ৰাষ্ট্ৰই।

 

১৫)Amnesty International (AI) কোন চনত গঠন হৈছিল?

উত্তৰঃ ১৯৬১ চনত।

 

১৬) Amnesty International (AI)ৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰঃ পিটাৰ বেনেনছন।

 

১৭)কোন তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়?

উত্তৰঃ ২৪ অক্টোবৰ তাৰিখে।

 

১৮)IAEAৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ International Atomic Energy Agency(আন্তৰ্জাতিক পাৰমাণৱিক ইন্ধন এজেঞ্চি)।

 

১৯)কোন চনত আন্তৰ্জাতিক পাৰমাণৱিক ইন্ধন এজেঞ্চি(IAEA)গঠন হৈছিল?

উত্তৰঃ ১৯৫৭ চনত।

 

২০) IAEAৰ মূখ্য কাৰ্যালয় কত অৱস্থিত?

উত্তৰঃ অষ্ট্ৰিয়াৰ ভিয়েনাত।

 

২১)সমগ্ৰ বিশ্বত মানৱাধিকাৰ ৰক্ষনাবেক্ষনৰ বাবে গঢ়ি উঠা দুটা বেচৰকাৰী অনুস্থানৰ নাম লিখা।

উত্তৰঃ এমনেষ্টি ইন্টাৰনেচনেল(Amnesty International,AI) আৰু হিউমেন ৰাইট ৱাচ্চ(Human Rights Watch)

 

২২)আন্তৰ্জাতিক মুদ্ৰানিধি(International Monetary Fund, IMF)ৰ বৰ্তমান সদস্যৰাষ্ট্ৰৰ সংখ্যা কিমান?

উত্তৰঃ ১৮৯ খন।

 

২৩)বিশ্ব বাণিজ্য সংস্থা(World Trade Organization, WTO)ৰ বৰ্তমান সদস্যৰাষ্ট্ৰৰ সংখ্যা কিমান?

উত্তৰঃ ১৬৪ খন।

 

২৪)আন্তৰ্জাতিক মুদ্ৰানিধিৰ বৰ্তমান মূখ্য কাৰ্যালয় কত অৱস্থিত?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত।

 

২৫)বিশ্ব বেংক(World Bank)ৰ বৰ্তমান সদস্যৰাষ্ট্ৰৰ সংখ্যা কিমান?

উত্তৰঃ ১৮৯ খন।

 

২৬)বিশ্ব বেংকৰ পৰা আটাইতকৈ বেছি পৰিমাণে ঋণ লোৱা দেশদুখনৰ নাম লিখা।

উত্তৰঃ ভাৰতবৰ্ষ আৰু চীন।

 

২৭) হিউমেন ৰাইট ৱাচ্চ(Human Rights Watch)কোন চনত প্ৰতিষ্ঠিত হৈছিল আৰু ইয়াৰ মূখ্য কাৰ্যালয় কত অৱস্থিত?

উত্তৰঃ হিউমেন ৰাইট ৱাচ্চ(Human Rights Watch)১৯৭৮ চনত প্ৰতিষ্ঠিত হৈছিল আৰু ইয়াৰ মূখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত।

 

২৮)বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনৰ নাম কি?

উত্তৰঃ এন্টনিঅগুটেৰেছ(পৰ্টুগাল)।

 

২৯)ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজনৰ নাম কি?

উত্তৰঃ ট্ৰাইভ হাল্ভদান লী(নৰৱে)।

 

৩০)ৰাষ্ট্ৰসংঘৰ সপ্তম সচিব প্ৰধানজনৰ নাম কি?

উত্তৰঃ বেন কী-মুন(দক্ষিণ কোৰিয়া)

 

·        আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বৰ ৰাজনীতিত আধিপত্য

·        অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল

 

৩১)ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতক স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ যুক্তিযুক্ততা পতিপন্ন কৰা।

উত্তৰঃ ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত হোৱা দিনৰে পৰাই ইয়াৰ বিকাশ সম্পৰ্কীয় কাম-কাজত অংশগ্ৰহণ কৰাৰ উপৰিও ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাৰ্যসূচীত ভাৰতে বিভিন্ন বৰঙণি আগবঢ়াই আহিছে।ভাৰতবৰ্ষই তলত উল্লেখিত যুক্তিত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ দাবীদাৰ হৈছে—

 ক)ভাৰতবৰ্ষ হল বিশ্বৰ দ্বিতীয় স্থান দখল কৰা জনবহুল ৰাষ্ট্ৰ।

 খ)ভাৰতবৰ্ষ হল বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ।

 গ)ভাৰতবৰ্ষই বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে সদায় বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।

 ঘ)ভাৰতে নিৰস্ত্ৰীকৰণৰ সমৰ্থনত আৰু বৰ্ণবাদৰ বিৰুদ্ধে সদায় ৰাষ্ট্ৰসংঘৰ মজিয়াত নিজৰ মত প্ৰকাশ কৰি আহিছে।

 ঙ)ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা বৰ্তমান বিশ্বৰ আগশাৰীৰ স্তৰত আহিছে।

 চ)ভাৰতবৰ্ষই সদায় নিয়মিতভাৱে ৰাষ্ট্ৰসংঘলৈ বৰঙণি আগবঢ়াই আহিছে।

      উপৰোক্ত কাৰণত ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ দাবী উত্থাপন কৰিছে।ভাৰতে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত হলে ই হব ভাৰতৰ বাবে এক প্ৰতীকস্বৰূপ। ইয়াৰ ফলত ভাৰতবৰ্ষৰ গুৰুত্ব বিশ্ব ৰাজনীতিত অধিক বৃদ্ধি পাব।

 

৩২)ৰাষ্ট্ৰসংঘ স্থাপন হোৱা দিনৰে পৰা বৰ্তমানলৈকে বিশ্ব ৰাজনীতিত হোৱা কেতবোৰ পৰিৱৰ্তন উল্লেখ কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘ স্থাপন হোৱা দিনৰে পৰা বৰ্তমানলৈকে বিশ্ব ৰাজনীতিত হোৱা কেতবোৰ পৰিৱৰ্তন হল—

  ক)বিশ্বৰ বৃহৎ শক্তি হিচাপে পৰিগণিত USSRৰ পতন।

  খ)আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বত অদ্বিতীয় বৃহৎ শক্তি হিচাপে আবিৰ্ভাৱ।

  গ) USSRৰ উত্তৰাধিকাৰী হিচাপে ৰাছিয়াক স্বীকৃতি প্ৰদান।

  ঘ)ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহযোগিতা স্থাপন।

  ঙ)চীনৰ অতি ক্ষীপ্ৰতাৰে বৃহৎ শক্তিৰ ফালে অগ্ৰসৰ আৰু ভাৰতবৰ্ষৰো শক্তি ক্ৰমাগতভাৱে বৃদ্ধি।

  চ)এছিয়াৰ অৰ্থনীতি অভাৱনীয় হাৰত বৃদ্ধি।

  ছ) USSR বা পূৰ্বৰ পূব ইউৰোপৰ সাম্যবাদী ৰাষ্ট্ৰৰ পৰা মুক্ত হৈ স্বাধীন হোৱা ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰসংঘত যোগদান।

  জ)সমগ্ৰ বিশ্বতে কেতবোৰ নতুন প্ৰত্যাহ্বানে দেখা দিছে। এই প্ৰত্যাহ্বানসমূহ হল গৃহযুদ্ধ, গোষ্ঠীগত সংঘৰ্ষ, সন্ত্ৰাসবাদ, পাৰমাণৱিক শক্তিৰ দ্ৰুতগতি বৃদ্ধি, পাৰিপাৰ্শ্বিকতাৰ আৱনতি আৰু মহামাৰী।

 

৩৩)আন্তৰ্জাতিক পাৰমাণৱিক ইন্ধন এজেঞ্চিৰ মূল লক্ষ্য কি?

উত্তৰঃ আন্তৰ্জাতিক পাৰমাণৱিক ইন্ধন এজেঞ্চিৰ মূল লক্ষ্য ল পাৰমাণৱিক শক্তি তথা ইয়াৰ প্ৰযুক্তিবিদ্যাক শান্তিৰ বাবে ব্যৱহাৰ কৰাটো নিশ্চিত কৰা আৰু সামৰিক ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰা।

 

৩৪)Amnesty International(আন্তৰ্জাতিক ক্ষমাদান)ৰ ৪টা কাৰ্য লিখা।

উত্তৰঃ Amnesty International(আন্তৰ্জাতিক ক্ষমাদান)ৰ ৪টা কাৰ্যল—

  ক)মহিলা, শিশু, নাবালক আৰু স্থানীয় লোকৰ অধিকাৰক সুৰক্ষা প্ৰদান কৰা।

  খ)শাৰিৰীক আৰু মানসিক নিৰ্যাতনৰ অৱসান।

  গ)মৃত্যুদণ্ডৰ অৱসান।

  ঘ)শৰণাৰ্থীৰ অধিকাৰ ৰক্ষণাবেক্ষন আৰু বন্দীক অধিকাৰ প্ৰদান।

 

৩৫)বিশ্ব বেংকৰ কাৰ্যসমূহ লিখা।

উত্তৰঃ বিশ্ব বেংকৰ কাৰ্যসমূহ হল মানৱ উন্নয়ন যেনে শিক্ষা, স্বাস্থ্য আদি; কৃষি আৰু গ্ৰাম্যোন্নয়ন যেনে খেতিত পানী যোগান, গ্ৰাম্য সেৱা আদি; পাৰিপাৰ্শ্বিকতা নিয়ন্ত্ৰণ যেনে প্ৰদূষণ নিয়ন্ত্ৰণ আৰু ইয়াৰ বাবে বিধি প্ৰৱৰ্তন; ৰাস্তা-ঘাট নিৰ্মাণ আৰু মতুনকা নগৰ সৃষ্টিকৰণ, বৈধ অনুষ্ঠানসমূহক উন্নীতকৰণ আৰু দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আদি।

 

৩৬)ৰাষ্ট্ৰসংঘৰ পুনঃগঠন আৰু ইয়াৰ ভৱিষ্যত সম্পৰ্কে লিখা।

উত্তৰঃ বিশ্বৰ যিকোনো সংগঠনক পৰিস্থিতিৰ সৈতে খাপ খোৱাই আগ বঢ়াই লৈ যাবৰ বাবে ইয়াৰ সংস্কাৰ তথা পুনঃগঠন কৰাৰ প্ৰয়োজন আহি পৰে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ক্ষেত্ৰতো ব্যতিক্ৰম নহয়।১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল অৰ্থাৎ ৭৫ বছৰ আগতেই জন্ম লাভ কৰিছে।গতিকে মাজে-সময়ে ইয়াৰ সংস্কাৰ তথা পুনঃগঠনৰ বাবে দাবী উত্থাপন হৈ আহিছে। ৰাষ্ট্ৰসংঘৰ সংস্কাৰ তথা পুনঃগঠনৰ বাবে উত্থাপন হোৱা দাবীত যদিও বেছিভাগ ৰাষ্ট্ৰই একমত হৈছে কিন্তু সংস্কাৰৰ প্ৰকৃতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ মাজত মতৰ পাৰ্থক্য দেখিবলৈ পোৱা যায়।ৰাষ্ট্ৰসংঘক দুইধৰণৰ সংস্কাৰ কৰাৰ প্ৰয়োজন হৈছে— ক)সাংগঠনিক দিশ আৰু প্ৰক্ৰিয়াৰ ক্ষেত্ৰত সংস্কাৰ খ)ইয়াৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰৰ পৰা বিষয়সমূহৰ সংস্কাৰ।

    কিন্তু এই সংস্কাৰ দুটা কেতিয়া আৰু কেনেকৈ কৰা হব সেই বিষয়ত সদস্যসকল অকমত নহয়।ৰাষ্ট্ৰসংঘৰ সাংগঠনিক দিশ আৰু প্ৰক্ৰিয়া সংস্কাৰ কৰাৰ প্ৰশ্ন অহাৰ লগে-লগে নিৰাপত্তা পৰিষদৰ কথা জড়িত হৈ পৰে।ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহে নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্যৰ সংখ্যা বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰি আহিছে।বিশেষকৈ নিৰাপত্তা পৰিষদত যিহেতুকে এছিয়া, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ পৰা উচিত প্ৰতিনিধি নিৰাপত্তা পৰিষদত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছে।ইয়াৰ উপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিমীয়া ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘৰ বাজেট প্ৰক্ৰিয়া আৰু প্ৰশাসনিক বিষয়ৰ ক্ষেত্ৰখন সম্প্ৰসাৰণ হোৱাটো বিচাৰে।

    দ্বিতীয়তে, কেতবোৰ ৰাষ্ট্ৰ তথা বিশেষজ্ঞসকলৰ মতে ৰাষ্ট্ৰসংঘৰ কাৰ্যক্ষেত্ৰখন সম্প্ৰসাৰণ তথা অধিক কাৰ্যক্ষম হব লাগে।তেওলোকে মত পোষণ কৰে যে ৰাষ্ট্ৰসংঘই শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা প্ৰয়োজন।আনহাতে আন কিছুমান ৰাষ্ট্ৰৰ মতে উন্নয়ন আৰু মানৱীয় কাৰ্য যেনে স্বাস্থ্য, শিক্ষা, পাৰিপাৰ্শ্বিকতা নিয়ন্ত্ৰণ, জনসংখ্যা নিয়ন্ত্ৰণ, মানৱ অধিকাৰ ৰক্ষা, লিংগ আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা –এইবোৰ বিষয়ৰ ভিতৰতে ৰাষ্ট্ৰসংঘৰ কাৰ্য সীমিত হব লাগে।

 

৩৭)ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য কেইটা লিখা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য কেইটা হল—

  ক)আন্তৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।

  খ)অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু মানৱাধিকাৰ সম্পৰ্কীয় সমস্যাসমূহ সমাধানৰ বাবে আন্তৰাষ্ট্ৰীয় সহযোগিতা স্থাপন কৰা।

  গ)সমগ্ৰ বিশ্বতে সামাজিক আৰু অৰ্থনৈতিক দিশৰ উন্নতি সাধন কৰা।

  ঘ)যুদ্ধৰ বিভীষিকাৰ পৰা ভৱিষ্যত প্ৰজন্মক ৰক্ষা কৰা।

 

৩৮)বহুজাতিক নিগম(Multi-National Company)কি?

উত্তৰঃ বহুজাতিক নিগম মানে হল এখন নিগম যি কোনো এখন দেশত জন্ম গ্ৰহণ কৰি ইয়াৰ কাম-কাজ সমগ্ৰ বিশ্বতে সম্প্ৰসাৰিত কৰি লয়। যেনে মাৰুতি-ছুজুকী, চিটিবেংক, ৱালমাৰ্ট, এমাজন আদি।

 

৩৯)কোন চনত ৰাষ্ট্ৰসংঘৰ অস্থায়ী সদস্যৰ সংখ্যা ১১ জনৰ পৰা ১৫ জনলৈ বৃদ্ধি কৰা হয়?

উত্তৰঃ ১৯৬৫ চনত।

 

৪০)মানৱ অধিকাৰ জাগৰণ(Human Rights Watch)কি?

উত্তৰঃ মানৱ অধিকাৰ জাগৰণ হল এটা আন্তৰ্জাতিক বেচৰকাৰী সংস্থা যিয়ে মানৱ অধিকাৰ গৱেষণা আৰু সমৰ্থন কৰে।আমেৰিকা যুক্তৰাষ্ট্ৰত ই হল সৰ্ববৃহৎ আন্তৰ্জাতিক মানৱাধিকাৰ সংস্থা। মানৱাধিকাৰ ভংগৰ বিৰুদ্ধে ই সমগ্ৰ বিশ্বৰ প্ৰচাৰ বিভাগৰ দৃষ্টি আকৰ্ষণ কৰে। ই আন্তৰ্জাতিক সহযোগিতা গঠন কৰি শিশুক সামৰিক কামত লগোৱা বন্ধ কৰে আৰু আন্তৰ্জাতিক ফৌজদাৰী আদালত গঠনৰ হকে কাম কৰে।

 

৪১)ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ চাৰিটা কাৰ্য উল্লেখ কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চনদত ১০নং অনুচ্ছেদৰ পৰা ১৭নং অনুচ্ছেদ পৰ্যন্ত সাদাৰণ সভাৰ ক্ষমতা আৰু কাৰ্যাৱলী সন্নিবিষ্ট কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ চাৰিটা কাৰ্য হ

  ক)আলোচনা আৰু পৰামৰ্শদান ক্ষমতাঃসাধাৰণ সভাৰ আলোচনা আৰু পৰামৰ্শ দিয়াৰ ক্ষমতা আছে।অৱশ্যে সাধাৰণ সভাৰ এই পৰামৰ্শ বাধ্যতামূলক নহয়।চনদৰ ১০নং অনুচ্ছেদ মতে সাধাৰণ সভাই চনদত সন্নিবিষ্ট যিকোনো বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে।চনদৰ ১১নং অনুচ্ছেদ মতে নিৰস্ত্ৰীকৰণ, শান্তি আৰু নিৰাপত্তাৰ বিষয়ে সাধাৰণ সভাই আলোচনা কৰিব পাৰে।এনেবোৰ বিষয়ত সাধাৰণ সভাই নিৰাপত্তা পৰিষদত পৰামৰ্শ দিব পাৰে।

  খ)নীতি-নিয়ম ৰচনা কৰাৰ ক্ষমতাঃসাধাৰণ সভাৰ বিধি-বিধান ৰচনা কৰাৰ ক্ষমতা নাই যদিও এই সাধাৰণ সভাই কিছুমান নীতি-নিয়ম ৰচনা কৰিব পাৰে।বিশেযকৈ নিৰস্ত্ৰীকৰণ, অস্ত্ৰ-সস্ত্ৰ নিয়ন্ত্ৰণ কৰা আৰু মানৱাধিকাৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত সাধাৰণ সভাই নীতি-নিয়ম ৰচনা কৰিব পাৰে।

  গ)ৰাজনৈতিক ক্ষমতাঃসাধাৰণ সভাৰ ৰাজনৈতিক ক্ষমতা আছে। উদাহৰণস্বৰূপে আন্তৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ব্যহত হব পৰা কোনো বিষয়ৰ ওপৰত যদি নিৰাপত্তা পৰিষদৰ সদস্যৰ ভেটো প্ৰয়োগৰ ফলত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাযায়, তেতিয়াহলে শান্তিৰ বাবে ঐক্য প্ৰস্তাৱৰ জৰিয়তে তেনে বিষয়ৰ সাধাৰণ সভাই আলোচনা কৰিব পাৰে।

  ঘ)অৰ্থনৈতিক ক্ষমতাঃ সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ বাজেট অনুমোদন কৰে।

 

৪২)বিশ্ব বাণিজ্য সংস্থাৰ কাৰ্যাৱলী বাখ্যা কৰা।

উত্তৰঃ বিশ্ব বাণিজ্য সংস্থাৰ কাৰ্যাৱলী কেইবাটাও ভাগত ভাগ কৰিব পাৰি আৰু এই ভাগকেইটা হল—

  ক)পৰিৱৰ্তিত অৰ্থনীতিৰ উন্নতি সাধনঃ বিশ্ব বাণিজ্য সংস্থাৰ প্ৰায় ৭৫ শতাংশ সদস্যই উন্নয়নশীল ৰাষ্ট্ৰ। বিশ্ব বাণিজ্য সংস্থাই এই ৰাষ্ট্ৰসমূহৰ বিশেষ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰা আৰু সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।ইয়াৰ বাবে সংস্থাই প্ৰশিক্ষণ, কৰ্মশালা আদি অনুষ্ঠিত কৰে।

  খ)ৰপ্তানি বৃদ্ধিৰ বাবে সাহাৰ্য প্ৰদানঃ বিশ্ব বাণিজ্য সংস্থাই ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহক ৰপ্তানি বৃদ্ধিৰ সাহাৰ্য প্ৰদান কৰে আৰু এই আঁচনি কাৰ্যকৰী কৰাৰ বাবে ৰাষ্ট্ৰসমূহক প্ৰশিক্ষণ আৰু পৰামৰ্শ দিয়ে।

  গ)গোলকীয় অৰ্থনৈতিক নীতি নিৰ্ধাৰণত সহায় আগবঢ়োৱাঃ গোলকীয় অৰ্থনৈতিক নীতি নিৰ্ধাৰণৰ সংবদ্ধতা ৰক্ষা কৰাৰ বাবে আন্তৰ্জাতিক মুদ্ৰানিধিৰ দৰে অনুষ্ঠানৰ সৈতে সহযোগ স্থাপন কৰা বিশ্ব বাণিজ্য সংস্থাৰ অন্যতম গুৰুত্বপূৰ্ণ কাম।

  ঘ)চুক্তি ৰূপায়নৰ তদাৰক কৰাঃ বিশ্ব বাণিজ্য সংস্থাৰ সকলো চুক্তি সদস্য ৰাষ্ট্ৰৰ চৰকাৰে স্বাক্ষৰ দান কৰি অনুমোদন জনাব লাগে।এই চুক্তিসমূহৰ সফল ৰুপায়নৰ বাবে তদাৰক কৰাৰ দায়িত্ব বিশ্ব বাণিজ্য সংস্থাই বহন কৰে।

  ঙ)আন্তৰ্জাতিক বণিজ্যৰ মৌলিক নীতিসমূহ অৱলম্বন কৰাঃ আন্তৰ্জাতিক বণিজ্যৰ ৫টা মৌলিক নীতি আছে। এই নীতিকেইটা মানি চলিবলৈ বিশ্ব বাণিজ্য সংস্থা প্ৰতিশ্ৰুতিবদ্ধ।এই নীতিকেইটা হ-(ক)স্বচ্ছতা (খ)পাৰস্পাৰিকতা (গ)প্ৰতিশ্ৰুতিৰ প্ৰতি সন্মান প্ৰদৰ্শন (ঘ)অবৈষম্যতা আৰু (ঙ)সুৰক্ষা ব্যৱস্থা।

 

৪৩)ৰাষ্ট্ৰসংঘক এক নিখুত আন্তৰাষ্ট্ৰীয় সংগঠন বুলিব পাৰিনে? কাৰণ দৰ্শোৱা।

উত্তৰঃ ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ জন্ম হৈছিল আৰু তেতিয়াৰ পৰাই ৰাষ্ট্ৰসংঘই বিশ্বৰ শান্তি, নিৰাপত্তা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।তথাপি ইয়াক নিখুত আন্তৰাষ্ট্ৰীয় সংগঠন বুলি অভিহিত কৰিব নোৱাৰি।এয়াৰ কৰাণবোৰ হল—

  ক)ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সদস্য পদ দিনক-দিনে বৃদ্ধি পাই আহিছে যদিও নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা অপৰিৱৰ্তিত হৈয়ে আছেবেছিভাগ সদস্য ৰাষ্ট্ৰৰ মতে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ অপৰিৱৰ্তনীয় হোৱাটো উচিত হোৱা নাই বুলি তেওলোকে ভাৱে।ই নিৰাপত্তা পৰিষদৰ প্ৰতিনিধিত্বমূলক চৰিত্ৰ বিনষ্ট কৰি পেলাইছে।

  খ)ৰাষ্ট্ৰসংঘক এক নিখুত আন্তৰাষ্ট্ৰীয় সংগঠন বুলি বেছিভাগ সদস্য ৰাষ্ট্ৰই স্বীকাৰ নকৰে।তেওলোকৰ মতে ৰাষ্ট্ৰসংঘই পশ্চিমীয়া ৰাষ্ট্ৰৰ স্বাৰ্থক প্ৰতিনিধিত্ব কৰে আৰু ইয়াৰ ফলত উন্নয়নশীল ৰাষ্ট্ৰৰ সমস্যাসমূহ সমাধান হোৱা নাই।

  গ)ৰাষ্ট্ৰসংঘক এক নিখুত আন্তৰাষ্ট্ৰীয় সংগঠন বুলিব নোৱাৰিবিশেষকৈ ৰাষ্ট্ৰসংঘত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰভাৱ আৰু পতিপত্তি বৰ বেছি। ৰাষ্ট্ৰসংঘলৈ ই আটাইতকৈ বেছি বৰঙনি যোগায়।গতিকে ৰাষ্ট্ৰসংঘই বেছিভাগ বিষয়ত আমেৰিকাৰ স্বাৰ্থতে কাম কৰিবলগীয়া হয়।

  ঘ)ৰাষ্ট্ৰসংঘৰ কাৰ্যকলাপ বিশেষকৈ তৃতীয় বিশ্বৰ দেশসমূহৰ ক্ষেত্ৰত পক্ষপাতিত্বমূলক আচৰণ কৰা পৰিলক্ষিত হয়। তৃতীয় বিশ্বৰ দেশসমূহে এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সংস্কাৰ হোৱাটো বিচাৰে।

  ঙ)বৰ্তমান বিশ্বত ৰাজনৈতিক পৰিস্থিতি আৰু আৰ্থ-সামাজিক পৰিস্থিতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ভূমিকা কিছু-কিছু ক্ষেত্ৰত সমালোচিত হোৱা দেখা।ৰাষ্ট্ৰসংঘই বিশ্বত ৰাজনৈতিক পৰিস্থিতিৰ মোকাবিলা কৰাত ব্যৰ্থ হৈছে যদিও কিছু-কিছু ক্ষেত্ৰত ই সফলতাও লাভ কৰিবলৈ সক্ষম হৈছে।

   বহুতো সমালোচকে কব খোতে যে ৰাষ্ট্ৰসংঘ পশ্চিমীয়া ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ পৰা ওলাই আহি নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিব লাগে।তেতিয়াহলে বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰৰ স্বাৰ্থ সুৰক্ষিত হব।

 

·        ভাৰতৰ বৈদেশিক সম্বন্ধ

·        পৰিকল্পিত বিকাশৰ ৰাজনীতি

Post a Comment

Post a Comment (0)

Previous Post Next Post