কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃ প্ৰতিষ্ঠা(Challenging to and Restoration of the Congress System), Class 12 Political Science Notes in Assamese based on AHSECpoli

 

কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃ প্ৰতিষ্ঠা

(Challenging to and Restoration of the Congress System)

 

Challenging to and Restoration of the Congress System, কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃ প্ৰতিষ্ঠা
Challenging to and Restoration of the Congress System , www.hikha.in

Q&A 

১) কোনটো দশক ভাৰতৰ বাবে ভয়ংকৰ দশক হিচাপে অভিহিত কৰা হয়?

উত্তৰঃ ১৯৬০ ৰ দশক।

 

২) লাল বাহাদুৰ শাস্ত্ৰী কোন ৰাজ্যৰ লোক আছিল?

উত্তৰঃ উত্তৰ প্ৰদেশৰ।

 

৩) লাল বাহাদুৰ শাস্ত্ৰীৰ পিছত ভাৰতৰ প্ৰধান মন্ত্ৰী হিচাপে কোন অধিস্থিত হৈছিল?

উত্তৰঃ ইন্দিৰা গান্ধী।

 

৪) ডি. এম. কে(DMK)ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ ড্ৰাভিড়া মুন্নেত্ৰা কাজাগাম (Dravida Munnetra Kazhagam)

 

৫) কোনটো বৰ্ষক ভাৰতৰ ৰাজনৈতিক আৰু নিৰ্বাচনী ইতিহাসত মাইলৰ খুটি বুলি কোৱা হয়?

উত্তৰঃ ১৯৬৭ চনত

 

৬) পোনপ্ৰথমে ভাৰতত কেতিয়া মৰ্চা চৰকাৰ গঠন হৈছিল?

উত্তৰঃ ১৯৭৭ চনত।

 

৭) চতুৰ্থ সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৬৭ চনত।

 

৮) গৰিবী হাটাও শ্লোগান  কোনে দিছিল?

উত্তৰঃ ইন্দিৰা গান্ধীয়ে।

 

৯) জয় জোৱান, জয় কিষাণ প্ৰসিদ্ধ শ্লোগানটি কাৰ অৱদান?

উত্তৰঃ প্ৰধান মন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ অৱদান।

 

১০) কংগ্ৰেছ ছিণ্ডিকেটৰ(প্ৰভাৱশালী গোট) নেতা কোন আছিল?

উত্তৰঃ কে. কামৰাজ।

 

১১) পঞ্চম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৭১ চনত।

 

১২) ষষ্ঠম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৭৭ চনত।

 

১৩) আয়া ৰাম,গয়া ৰাম খণ্ডবাক্যটো কোনজন বিধায়কৰ আছিল?

উত্তৰঃ হাৰিয়ানাৰ বিধায়ক  ৰাও বিৰেন্দ্ৰ সিঙৰ।

 

১৪) ১৯৬৭ চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে কিমানখন আসন লাভ কৰিছিল?

উত্তৰঃ ২৮৩ খন।

 

১৫) পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু কেতিয়া হৈছিল?

উত্তৰঃ ১৯৬৪ চনত।

 

১৬) মৰ্চা চৰকাৰৰ যুগ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৬৭ চনত।

 

১৭) ইন্দিৰা গান্ধীয়ে ভাৰতৰ ৰাজনৈতিক ইতিহাসত কেইবাৰ প্ৰধান মন্ত্ৰীৰ আসনত অধিস্থিত হৈছিল?

উত্তৰঃ তিনিবাৰ (১৯৬৭, ১৯৭১ আৰু ১৯৮০ চনত)।

 

১৯) ১৯৭১ চনত পঞ্চম সাধাৰণ নিৰ্বাচনত প্ৰধান বিৰোধী দল কোনটো আছিল?

উত্তৰঃ ভাৰতীয় সাম্যবাদী দল।

 

২০) কোন চনত কংগ্ৰেছ দ্বিতীয়বাৰৰ  বাবে বিভাজিত হৈছিল?

উত্তৰঃ ১৯৬৯ চনত।

 

২১) ২০১৪ চনৰ ষষ্ঠদশ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে অকলে কেইখন আসন লাভ কৰিছিল?

উত্তৰঃ ২৮২ খন।

 

২২) হুইপ (Whip) মানে কি?

উত্তৰঃ হুইপ হল দলীয় নেতৃবৰ্গৰ দ্ধাৰা সদস্যসকলক প্ৰদান কৰা কঠোৰ নিৰ্দেশ, যি নিৰ্দেশ দলৰ সকলো সদস্যই মানি চলাটো বাধ্যতামূলক।

 

২৩) চতুৰ্থ সাধাৰণ নিৰ্বাচনত বিৰোধী দলৰ আসনত বহা দলটোৰ নাম কি?

উত্তৰঃ স্বতন্ত্ৰ দল(৪৪ খন আসন লাভ কৰিছিল)।

 

২৪) ১৯৬৯ চনত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত কোন জয়ী হৈছিল?

উত্তৰঃ ইন্দিৰা গান্ধীৰ নিৰ্দলীয় প্ৰাৰ্থী ভি ভি গিৰিয়ে ১৯৬৯ চনত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত জয়ী হৈছিল।

 

২৫) কংগ্ৰেছ (O) আৰু কংগ্ৰেছ(R)ৰ সম্পূৰ্ণ অৰ্থ লিখা।

উত্তৰঃ কংগ্ৰেছ (O) – কংগ্ৰেছ (সংগঠন)/ Congress (Organization)                     

           কংগ্ৰেছ(R)কংগ্ৰেছ দাবীকাৰক/Congress (Requisitionist)

 

২৬) বিশাল মিত্ৰতা মানে কি?

উত্তৰঃ ১৯৭১ চনৰ ফেব্ৰুৱাৰী মাহত পঞ্চম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচন ইন্দিৰা গান্ধী আৰু তেওৰ দলৰ বাবে এক কঠিন প্ৰত্যাহ্বান আছিল। ইন্দিৰা গান্ধীৰ বিৰুদ্ধে ভাৰতীয় জনসংঘ, স্বতন্ত্ৰ পাৰ্টী আৰু ক্ৰান্তি দল আদিয়ে একত্ৰিত হৈ বিশাল মিত্ৰতা গঠন কৰিছিল। ইয়াকেই  বিশাল মিত্ৰতা বোলা হয়।

 

২৭) দহ দফীয়া কৰ্মসূচী মানে কি?

উত্তৰঃ ১৯৬৭ চনৰ নিৰ্বাচনত হোৱা ক্ষতিপূৰণ আৰু ছিণ্ডিকেটৰ প্ৰভাৱ দূৰ কৰিবলৈ সেইবছৰৰ মে মাহত ইন্দিৰা গান্ধীয়ে কংগ্ৰেছ কাৰ্যকৰী সমিতিক দহ দফীয়া কৰ্মসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। এই দহ দফীয়া কৰ্মসূচীৰ ভিতৰত আছিল ১৪টা বেংক ৰাষ্ট্ৰীয়কৰণ, সাধাৰণ বীমাৰ ৰাষ্ট্ৰীয়কৰণ, চহৰ অঞ্চলৰ সম্পত্তি আৰু উপাৰ্জনৰ ক্ষেত্ৰত সৰ্বোচ্চ সীমা নিৰ্ধাৰণ, খাদ্য শস্যৰ ৰাজহুৱা বিতৰণ, ভূমি সংস্কাৰ আৰু গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ লোকসকলৰ বাবে কৰ্মসংস্থানৰ ব্যৱস্থা কৰা।

 

২৮) দলত্যাগ মানে কি?

উত্তৰঃ দলত্যাগ মানে হল কোনো এটা ৰাজনৈতিক দলৰ এজন সদস্যই সেই ৰাজনৈতিক দলৰ নীতি-আদৰ্শ পৰিহাৰ কৰি এইন এটা ৰাজনৈতিক দলৰ নীতি আদৰ্শ গ্ৰহণ কৰি সেই ৰাজনৈতিক দলত যোগদান কৰাকে দলত্যাগ বোলে। ১৯৬৭ চনত দলত্যাগ ধাৰণাটো কেইখনমান ৰাজ্যত প্ৰবল হৈ উঠিছিল।

 

২৯) ৰাজনৈতিক ভূমিকম্প মানে কি?

উত্তৰঃ ১৯৬৭ চনত কেন্দ্ৰ আৰি ৰাজ্য উভয়তে  ভাৰতীয় জাতীয় কংগ্ৰেছে বৃহৎ প্ৰত্যাহ্বানৰ হবলগীয়াত পৰিছিল। এয়া আছিল স্বাধীন ভাৰতৰ ৰাজনীতিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাবে প্ৰথম প্ৰত্যাহ্বান। বিগত তিনিটা সাধাৰণ নিৰ্বাচনৰ তুলনাত দলটোৱে ১৮খন আসন কম পায়। সেয়ে বহু ৰাজনৈতিক পৰ্যবেক্ষকে এই নিৰ্বাচনক ৰাজনৈতিক ভূমিকম্প বুলি আখ্যা দিছে। তদুপৰি কংগ্ৰেছ দলে ৰাজ্যিক বিধান সবা নিৰ্বাচনতো পৰাজয়ৰ মুখ দেখিবলগীয়া হয়। সৰ্বমুঠ ৯ খন ৰাজ্যত কংগ্ৰেছ ক্ষমতাচ্যুত হৈছিল।

 

৩০) ১৯৭০-৭১ চনৰ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ জনপ্ৰিয়তা বৃদ্ধিৰ কাৰণসমূহ আলোচনা কৰা।

উত্তৰঃ ১৯৭০-৭১ চনৰ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ জনপ্ৰিয়তা বৃদ্ধিৰ কাৰণসমূহ হল--

     ক) অসাধাৰণ ব্যক্তিত্বঃ ইন্দিৰা গান্ধীৰ ঊৰ্ধমূখী জনপ্ৰিয়তাৰ এক অন্যতম কাৰণ আছিল তেওৰ অসাধাৰণ ব্যক্তিত্ব। পিতৃ জৱাহৰলাল নেহৰুৰ দৰে ইন্দিৰা গান্ধীৰ ব্যক্তিত্বও আছিল অতুলনীয়। তেওৰ সহকৰ্মীসকলক আছিল তেওৰ প্ৰতিনিধি তথা সহায়ক, যিসকল তেওৰ উপস্থিতিত কম্পমান হৈ আছিল আৰু তেওক মানি চলিছিল। ১৯৭১ চনৰ পঞ্চম সাধাৰণ নিৰ্বাচনত জনসাধাৰণে এই কাৰণেই  কংগ্ৰেছ দলক ভোট দিছিল যে দলটোক নেতৃত্ব প্ৰদান কৰিছিল ইন্দিৰা গান্ধীয়ে।

    খ) গৰীবী হাটাওঃ ইন্দিৰা গান্ধীয়ে তেওৰ নিৰ্বাচনী প্ৰচাৰত গৰীবী হাটাও নামেৰে এটা অতি জনপ্ৰিয় শ্লগান ব্যৱহাৰ কৰিছিল। এই শ্লগানেৰে তেও ভাৰতৰ পৰা দৰিদ্ৰতাক নিৰ্মূল কৰাৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছিল। এই শ্লগানৰ বাবে তেও ভাৰতৰ পিছপৰা শ্ৰেণী, আদিবাসী, নিবনুৱা যুৱক-যুৱতী, সংখ্যালঘু, মহিলা আৰু জনজাতিৰ সমৰ্থন লাভ কৰিবলৈ সমৰ্থ হৈছিল

   গ) ৰাজতীয় ভাট্টা (প্ৰিভি পাৰ্ছ) বিলুপ্তিকৰণঃ ভাৰত স্বাধীন হোৱাৰ আগৰে পৰা ভাৰতবৰ্ষত প্ৰিভি পাৰ্ছ প্ৰথা চলি আছিল। এই প্ৰিভি পাৰ্ছ প্ৰথাই ভাৰতবৰ্ষত সামাজিক অসমতাৰ সৃষ্টি কৰিছিল। এই ৰাজকীয় ভাট্টা বা প্ৰিভি পাৰ্ছ প্ৰথা বিৰুদ্ধে ইন্দিৰা গান্ধীয়ে এলাহাবাদ হাইকোৰ্টত গোচৰ তৰি জয় লাভ কৰে আৰু তেতিয়াৰ পৰা ভাৰতত প্ৰিভি পাৰ্ছ প্ৰথাৰ বিলুপ্তি ঘটে। ইয়াৰ উপৰিও ইন্দিৰা গান্ধীয়ে ১৪টা বেংকৰ ৰাষ্ট্ৰীয়কৰণ কৰে। এইবোৰ কাৰ্যই ইন্দিৰা গান্ধীৰ জনপ্ৰিয়তাক যথেষ্ট পৰিমানে বৃদ্ধি কৰিছিল।

 

৩১) অ-কংগ্ৰেছবাদ বা অনা-কংগ্ৰেছবাদ মানে কি বুজা?

উত্তৰঃ ১৯৬৭ চনৰ নিৰ্বাচনৰ যথেষ্ট তাৎপৰ্যতা আছে। এই নিৰ্বাচনৰ পৰাই ভাৰতীয় জনসাধাৰণৰ মনত পৰিৱৰ্তনৰ বতাহ বলে। অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱা ভাৰতীয় জনসাধাৰণে বিভিন্ন পদ্ধতিৰে কংগ্ৰেছ চৰকাৰৰ বিপক্ষে আন্দোলন আৰম্ভ কৰে। জনসাধাৰণৰ কংগ্ৰেছ চৰকাৰৰ প্ৰতি উদ্ভৱ হোৱা ক্ষোভৰ সুযোগ গ্ৰহণ কৰিবলৈ বিৰোধী ৰাজনৈতিক দলসমূহ আগবাঢ়ি আহে। কমিউনিষ্ট আৰু সমাজবাদী দলসমূহে অধিক সমতাৰ দাবীত সংগ্ৰাম তীব্ৰতৰ কৰি তোলে। অন্যান্য বিৰোধী দলসমূহেও গণপ্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি চৰকাৰৰ ওপৰত হেচা প্ৰয়োগ কৰিবলৈ লয়। নিৰ্বাচনৰ বাবে বিৰোধী দলসমূহে কিছুসংখ্যক ৰাজ্যত আসনৰ সংখ্যা ভাগ-বিতৰণৰ ক্ষেত্ৰত বুজাবুজিত উপনীত হয়। এই সময়চোৱাত অ-কংগ্ৰেছৰ আভ্যন্তৰীণ ক্ষেত্ৰত ক্ষমতাকেন্দ্ৰিক সংঘাতৰ সৃষ্টি হৈছিল। বিৰোধী দলসমূহে উপলব্ধি কৰিছিল যে এয়াই কংগ্ৰেছক পৰাস্ত কৰাৰ উপযুক্ত সময়। কংগ্ৰেছৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দলসমূহৰ এই কৌশলক বিশিষ্ট সমাজবাদী নেতা ৰাম মনোহৰ লোহিয়াই অনা-কংগ্ৰেছবাদ হিচাপে আখ্যা দিছে।

 

৩২) ১৯৬০ৰ দশকটোক কিয় ভয়ংকৰ দশক হিচাপে আখ্যা দিয়া হয়?

উত্তৰঃ ১৯৬৪ চনৰ ২৭ মে তাৰিখে জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল আৰু এই ঘটনাই কংগ্ৰেছৰ ভিতৰচৰাত এজন সুযোগ্য উত্তৰাধীকাৰীৰ সন্ধীনৰ চিন্তা-চৰ্চা আৰম্ভ হয়। তদুপৰি এই দশকটোত দৰিদ্ৰতা, অসমতা, সাম্প্ৰদায়িক সংঘৰ্ষ আৰু আঞ্চলিক পাৰ্থক্য আদিয়ে ভাৰতত গা-কৰি উঠে। এই সমস্যাসমূহে যিকোনো মুহূৰ্তত ভাৰতক সংকটপূৰ্ণ পৰিস্থিতিলৈ কঢ়িয়াই নিয়াৰ আসংকাৰ সৃষ্টি কৰে। আনকি বহুতে ভাৰতীয় সেনা বাহিনীয়ে ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাটো নিয়ন্ত্ৰণৰ প্ৰচেষ্টা চলাব পাৰে বুলিও সন্দেহ কৰিছিল। সেয়েহে ১৯৬০ৰ দশকটোক ভয়ংকৰ দশক হিচাপে আখ্যা দিয়া হৈছে।

 

৩৩) ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ – এই দুবছৰ কালচোৱাত লাল বাহাদুৰ শাস্ত্ৰীয়ে সন্মুখীন হোৱা ২টা প্ৰত্যাহ্বানৰ বিষয়ে লিখা।

উত্তৰঃ ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ – এই দুবছৰ কালচোৱাত লাল বাহাদুৰ শাস্ত্ৰীয়ে সন্মুখীন হোৱা ২টা প্ৰত্যাহ্বানৰ হল—

       ক) ১৯৬২ চনত হোৱা চীন-ভাৰতৰ যুদ্ধৰ পিছত ভাৰত এক অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছিলইয়াৰ লগতে খৰাং আৰু খাদ্য-শস্যৰ সংকটে ভাৰতত এক অনিশ্চিত ভবিষ্যতৰ আগজাননী দিছিল।

       খ) শাস্ত্ৰীৰ প্ৰধীন মন্ত্ৰীৰ কালত ভাৰতে ১৯৬৫ চনত পাকিস্থানৰ সৈতে এখন পূৰ্ণাংগ যুদ্ধত অৱতীৰ্ণ হবলগীয়া হৈছিল।

 

৩৪)  ১৯৬৭ চনৰ নিৰ্বাচনে ভাৰতৰ ৰাজনীতিত এক গতিশীলতা আনি দিছিল

   --কথাষাৰ চমুকৈ বাখ্যা কৰা।

উত্তৰঃ ১৯৬৭ চনৰ নিৰ্বাচনৰ আদিভাগত ভাৰতীয় জনসাধাৰণৰ মনত এক পৰিৱৰ্তনৰ বতাহ বলিছিল। ইয়াৰ কাৰণ হল কংগ্ৰেছ চৰকাৰৰ দুৰ্নীতী আৰু প্ৰশাসনীয় স্তৰত জনসাধাৰণৰ অনুপস্থিতি। ইয়াৰ ফলত জনসাধাৰণে নিজৰ প্ৰাপ্য আদায়ৰ বাবে বিক্ষোপ, বন্ধ কাৰ্যসূচী, হৰতাল আদি পালন কৰিবলগীয়া হয়। তদুপৰি কংগ্ৰেছৰ ভিতৰচৰাত ক্ষমতাকেন্দ্ৰিক সংঘাতৰ সৃষ্টি হৈছিল। সমাজবাদী পাৰ্টী আৰু কমিউনিষ্ট পাৰ্টীৰ প্ৰচেষ্টাত অ-কংগ্ৰেছবাদ প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই প্ৰচেষ্টাত সহায় কৰিছিল সমাজবাদী নেতা ৰাম মনোহৰ লোহিয়াই।

         এনে এক পৰিস্থিতিত ১৯৬৭ চনৰ ফেব্রুৱাৰী মাহত ভাৰতৰ চতুৰ্থ সাধাৰণ নিৰ্বাচন আৰু ৰাজ্যিক বিধান সভাৰ নিৰ্বাচন অনুস্থিত হয়। জৱাহৰলাল নেহৰু আৰু লাল বাহাদুৰ শাস্ত্ৰী অবিহনে কংগ্ৰেছে এই নিৰ্বাচনী যুদ্ধত অবতীৰ্ণ হবলগীয়া হয়। এই নিৰ্বাচনে লোকসভা আৰু ৰাজ্যিক নিৰ্বাচনে কংগ্ৰেছৰ দুৰ্গত বেয়াকৈ জোকাৰণি মাৰে। বহু ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে এই নিৰ্বাচনৰ ফলাফল আছিল এক ৰাজনৈতিক ভূমিকম্প। কংগ্ৰেছে আগৰ তিনিটা নিৰ্বাচনৰ তুলনাত এই নিৰ্বাচনত বহু কম পৰিমাণে আসন(২৮২ খন) লাভ কৰে। তদুপৰি ৭ খন ৰাজ্যত কংগ্ৰেছে বেয়াকৈ পৰাজয় বৰণ কৰে আৰু দুখন ৰাজ্যত দলত্যাগৰ বাবে চৰকাৰ গঠন কৰাত অপৰাগ হয়। তদুপৰি  চতুৰ্থ সাধাৰণ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ মন্ত্ৰীসভাৰ আধাসংখ্যক মন্ত্ৰী পৰাজিত হয়।

        এই নিৰ্বাচনে ভাৰতীয় ৰাজনীতিৰ গতিধাৰা সলনি কৰি দিয়ে। কংগ্ৰেছে চৰকাৰ গঠন কৰাত সক্ষম হয় যদিও বিৰোধী ৰাজনৈতিক দলবোৰে এটা মৰ্চা চৰকাৰৰ ধাৰণা দিছিল আৰু এই ধাৰণাই দহ বছৰ পিছত অৰ্থাৎ ১৯৭৭ চনত এখন মৰ্চা চৰকাৰৰ সৃষ্টি হৈছিল। এই নিৰ্বাচনে এক ধাৰণাৰ জন্ম দিছিল যে ভাৰতীয় ৰাজনীতিত কংগ্ৰেছৰ আধিপত্য পৰিল। তদুপৰি প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰাজনীতিত তামিলনাডুত ডি. এম. কে স্বাধীন ভাৰতৰ কোনো ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হোৱা অকংগ্ৰেছী আৰু আঞ্চলিক দল। ইয়াৰ আগতে তামিলনাডুত কংগ্ৰেছৰ আধিপত্য চলি আছিল। এই নিৰ্বাচনে প্ৰমাণ কৰিলে যে একদলীয় আধিপত্যৰ গৰাহত পৰা ভাৰতীয় জনসাধাৰণে যে অদুৰ ভৱিষ্যতে স্বেচ্ছাচাৰী আৰু একচত্ৰী ক্ষমতাক পৰাভূত কৰিব পাৰে। এই চৰকাৰে মৰ্চা চৰকাৰৰ ধাৰণা দিছিল, যি ধাৰণা আজিও চলি আছে। তাৰ উদাহৰণস্বৰূপে কব পাৰি এউ.পি.এ(UPA) আৰু এন.ডি.এ(NDA) চৰকাৰ।

 

৩৫) পঞ্চম সাধাৰণ নিৰ্বাচনৰ ফলাফলসমূহ লিখা।

উত্তৰঃ ১৯৭১ চনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল কংগ্ৰেছ(দাবীকাৰক) অথবা কংগ্ৰেছ(R)ৰ বাবে চমকপ্ৰদ আছিল। এই নিৰ্বাচনত কংগ্ৰেছ(R) আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ মিত্ৰতাই প্ৰথম চাৰিটা সাধাৰণ নিৰ্বাচনৰ তুলনাত অধিক আসন লাভ কৰিবলৈ সক্ষম হয়।  ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে ৩৫২ খন আসন আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টীয়ে ২৩খন আসন লাভ কৰে। কংগ্ৰেছ(O) দলে লাভ কৰে মাত্ৰ ১৬খন আসন। এই নিৰ্বাচনৰ ফলাফলৰ জৰিয়তে ইন্দিৰা গান্ধীয়ে তেওৰ কংগ্ৰেছ দলটো যে প্ৰতৃত কংগ্ৰেছ দল এই দাবীৰ যুক্তিযুক্তা প্ৰমাণ কৰিলে। নিৰ্বাচনৰ ফলাফলৰ জৰিয়তে কংগ্ৰেছৰ আধিপত্যমূলক স্থিতি পুনৰ উদ্ধাৰ কৰিলে। নিৰ্বাচনৰ পিছত বাংলাদেশ যুদ্ধত ভাৰতৰ জয় আৰু ইন্দিৰা গান্ধীৰ বলিষ্ঠ ভূমিকাই তেওৰ জনপ্ৰিয়তা অধিক বৃদ্ধি কৰাত সদায় কৰে। আনকি বিৰোধী পক্ষৰ প্ৰশংসাও লাভ কৰিবলৈ সমৰ্থ হয়। ১৯৭২ চনত ৰাজ্যিক বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছ(R) দলে বিপুল ভোটত জয়লাভ সাব্যস্ত কৰে। একেৰাহে দুটাকৈ নিৰ্বাচনত জয়লাভে কংগ্ৰেছৰ আধিপত্য পুনৰ প্ৰতিষ্ঠা কৰে। এই দলে সমাজৰ বিবিন্ন বৰ্গৰ লোকৰ পৰা সহাৰি আৰু সমৰ্থন লাভ কৰিবলৈ সমৰ্থ হৈছিল। চাৰি বছৰৰ ভিতৰত ইন্দিৰা গান্ধীয়ে সকলো প্ৰতিবন্ধকতা আতৰাই বিশাল ব্যক্তিত্বৰ সহায়ত ভাৰতীয় ৰাজনীতিত অপ্ৰতিদ্বন্ধী নেত্ৰীত পৰিণত হয়।

 

৩৬) আয়াৰাম গয়াৰাম আখ্যানটো চমুকৈ লিখা।

উত্তৰঃ আয়াৰাম গয়াৰাম বাক্যশাৰী ভাৰতীয় ৰাজনীতিত আতি জনপ্ৰিয়। সাধাৰণতে সাংসদ বা বিধান সভাৰ কোনো সদস্যই সঘনে দলত্যাগ কৰা আৰু নতুন এটা ৰাজনৈতিক দলত যোগদান কৰা পৰিঘটনাটো বুজাবলৈ এই বাক্যশাৰী প্ৰয়োগ কৰা হয়। শব্দগতভাৱে ইয়াৰ অৰ্থ হৰাম আহিল, ৰাম গ১৯৬৭ চনত হাৰিয়ানা বিধানসভাৰ সদস্য গঞা লালে দলবাগৰাৰ ক্ষেত্ৰত এক প্ৰকাৰৰ ইতিহাস ৰচনা কৰিছিল। তেও মাত্ৰ এটা পষেকৰ(১৫ দিন) ভিতৰতে তিনিবাৰকৈ দল সলনি কৰিছিল। কংগ্ৰেছ দলৰ পৰা সংযুক্ত মৰ্চালৈ, সংযুক্ত মৰ্চাৰ পৰা পুনৰ কংগ্ৰেছলৈ আৰু মাত্ৰ ৯ ঘন্টা কংগ্ৰেছত থাকি পুনৰ সংযুক্ত মৰ্চালৈ তেও পুনৰ ঘুৰি গৈছিল। এচিয়া আকৌ গঞাৰামে সংযুক্ত মৰ্চা ত্যাগ কাৰৰ ইচ্ছা ব্যক্ত কৰাত তেতিয়াৰ কংগ্ৰেছ দলৰ নেতা ৰাও বিৰেন্দ্ৰ সিঙে ছণ্ডীগড় প্ৰেছলৈ আহি ঘোষণা কৰিলে যে গুচি যোৱা ৰাম পুনৰ উভতি আহিল।

 

৩৭) কংগ্ৰেছ(O) আৰু কংগ্ৰেছ(R)ৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ কংগ্ৰেছ(O) মানে হৈছে কংগ্ৰেছৰ ভিতৰচৰাৰ ছিণ্ডিকেটৰ নেতাসকলক বুজায়। অৰ্থাৎ তেওলোক সাংগঠনিক(Organization)

     আনহাতে, ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন গোটটোক কংগ্ৰেছ(R) বুলি জনা যায়। অৰ্থাৎ তেওলোকে  AICC(All India Congress Committee)ৰ বিশেষ অধিৱেশনৰ দাবীকাৰক বুলি জনা গৈছিল।

       কংগ্ৰেছ(O) দলটো বিশেষ পতিপত্তিশীল শ্ৰণীৰ দল বুলি জনা যায়। আনহাতে কংগ্ৰেছ(R) দলটোক দুখীয়া শ্ৰেণীৰ দল বুলি অভিহিত কৰিব পাৰি।

 

৩৮) ১৯৭১ চনৰ পঞ্চম সাধাৰণ নিৰ্বাচনে কংগ্ৰেছ দলক পুনঃ প্ৰতিষ্ঠা হোৱাত কেনেদৰে সহায় কৰিছিল চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ ১৯৬৭ চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ ফলাফলে ইন্দিৰা গান্ধীক সচকিত কৰি তুলিছিল। নিৰ্বাচনী বিফলতাৰ জোৰা মাৰিবলৈ ইন্দিৰা গান্ধীয়ে দহ দফীয়া আঁচনি গ্ৰহণ কৰিছিল যত আছিল ১৪ টা বেংক ৰাষ্ট্ৰীয়কৰণ, ভূমি সংস্কাৰ নীতি আৰু গৰীবী হাটাও অথবা দৰিদ্ৰতা দূৰীকৰণ আৰু দুখীয়া শ্ৰেণীৰ লোকৰ বাবে বিনামূল্যে ঘৰ নিৰ্মাণ কৰা। এই আচনিসমূহৰ দ্ধাৰা ইন্দিৰা গান্ধীয়ে ১৯৭১ চনৰ নিৰ্বাচনৰ বাবে সাজু হোৱাৰ নিৰ্দেশ দিছিল। আনফালে কংগ্ৰেছ বিবাজিত হোৱাৰ পিছত ছিণ্ডিকেটৰ নেতাসকলে কেবাটাও বিৰোধী দলৰ লগত লগ লাগি বিশাল মিত্ৰতা গঠন কৰিছিল। ইন্দিৰা গান্ধীৰ কূটনীতি আৰু বিচক্ষণতা ৰাজনীতিৰ বাবে ১৯৭১ চনৰ নিৰ্বাচনত কংগ্ৰেছ(R) দলে অকলে ৩৫২ খন আসন লাভ কৰিবলৈ সমৰ্থ হৈছিল। এই নিৰ্বাচনে কংগ্ৰেছ দলৰ ভেটি আৰু ইন্দিৰা গান্ধীৰ জনপ্ৰিয়তাক প্ৰমাণ কৰিলে। এই নিৰ্বাচনৰ ফলাফলে ইন্দিৰা গান্ধীৰ দলটো যে প্ৰকৃত কংগ্ৰেছ দল সেই কথা জনমানসত পতিপন্ন কৰাৰ লগতে কংগ্ৰেছে হেৰুৱা স্থিতি পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হল। এই নিৰ্বাচনৰ পিছত ১৯৭১ চনত বাংলাদেশ যুদ্ধত ভাৰতৰ জয়ত ইন্দিৰা গান্ধীৰ বলিষ্ঠ ভুমিকাই কংগ্ৰেছ দলক পুনৰ্জীৱিত কৰাত সহায় কৰিছিল। আনকি বিৰোধী দলেও ইন্দিৰা গান্ধীক প্ৰশংসা কৰিছিল। ইয়াৰ পিছত অনুষ্ঠিত হোৱা ৰাজ্যিক বিধানসভা নিৰ্বাচনবোৰত কংগ্ৰেছৰ আধিপত্য পুনৰ প্ৰতিষ্ঠা হয়। এই দলে সমাজৰ বিভিন্ন শ্ৰেণীৰ পৰা সহাৰি আৰু সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল।

 

৩৮) ১৯৬৭ চনত কংগ্ৰেছ বিভাজিত হোৱাৰ ৬টা কাৰণ উল্লেখ কৰা।

উত্তৰঃ ১৯৬৭ চনত কংগ্ৰেছ বিভাজিত হোৱাৰ ৬টা কাৰণ হল—

     ক)কংগ্ৰেছৰ ভিতৰতে এটা প্ৰভাৱশালী চক্ৰই কংগ্ৰেছ ছিণ্ডিকেট গঠন কৰিছিল আৰু ইন্দিৰা গান্ধীৰ সিদ্ধান্তবিলাকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল।

     খ)১৯৬৭ চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ ক্ষমতালৈ আহিছিল যদিও আগৰ তিনিটা নিৰ্বাচনৰ তুলনাত আসনৰ পৰিমাণ বহু পৰিমাণে কমি গৈছিল আৰু কেবাখনো ৰাজ্যত কংগ্ৰেছ অপসাৰিত হৈছিল।

     গ)কংগ্ৰেছৰ প্ৰভাৱশালী চক্ৰই লোকসভাৰ অধ্যক্ষ নীলম সঞ্জীৱা ৰেড্ডীক কংগ্ৰেছৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰক্ষেপ কৰিছিল আৰু এই ঘটনাই ইন্দিৰা গান্ধীক হতাশ  কৰিছিল।

     ঘ) ইন্দিৰা গান্ধীয়ে সেইসময়ৰ কংগ্ৰেছৰ উপ-সভাপতি ভি ভি গিৰিক ৰাষ্ট্ৰপতি পদৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল। এই ঘটনাই দুয়োপক্ষৰ মাজত সংঘাত বৃদ্ধি কৰিছিল।

     ঙ) সেই সময়ৰ কংগ্ৰেছৰ সভাপতি এছ নিজালিন গাপ্পাই সকলো সাংসদ, বিধায়ক আদিলৈ নীলম সঞ্জীৱা ৰেড্ডীক ভোট দিয়াৰ বাবে কঠোৰভাৱে হুইপ জাৰী কৰিছিল।

     চ)ইন্দিৰা গান্ধীয়েও সকলোকে বিবেক ভোট দিবলৈ আহ্বান জনালে যাতে ভি ঙি গিৰি জয়ী হয়।

             অৱশেষত নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত ভি ঙি গিৰি বৃহৎ ব্যৱধানত জয়ী হয় আৰু কংগ্ৰেছৰ অভিচিয়েল প্ৰাৰ্থী নীলম সঞ্জীৱা ৰেড্ডী পৰাজিত হয়। ইয়াৰ পিছতেই ১৯৬৯ চনত কংগ্ৰেছ দল বিভাজিত হয়।

 

৩৯) কংগ্ৰেছ ছিণ্ডিকেটৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ দলৰ সংগঠনক নিয়ন্ত্ৰণত ৰখা কংগ্ৰেছ নেতাৰ আনুষ্ঠানিক গোটক ছিণ্ডিকেট বোলা হয়। মাদ্ৰাছৰ প্ৰাক্তন মূখ্যমন্ত্ৰী আৰু সেইসময়ৰ কংগ্ৰেছৰ সভাপতি কে. কামৰাজে ইয়াক পৰিচালনা কৰিছিল। ইয়াত ৰাজ্যৰ ক্ষমতাশালী নেতাসকলক অন্তৰ্ভুক্ত কৰা হৈছিল। সেইসকলৰ ভিতৰত এছ.কে. পাটিল, নীলম সঞ্জীৱা ৰেড্ডী, এছ নিজালিন গাপ্পা, অতুল্য ঘোষ আদি। লাল বাহাদুৰ শাস্ত্ৰী আৰু ইন্দিৰা গান্ধীয়ে এই ছিণ্ডিকেটৰ সহায়ত পদত অধিস্থিত হৈছিল। এই গোটে ইন্দিৰা গান্ধীৰ প্ৰথম মন্ত্ৰীসভাৰ নীতি প্ৰণয়ন, কাৰ্যকৰীকৰণত প্ৰভাৱ বিস্তাৰ কৰিছিল। কংগ্ৰেছ বিভাজিত হোৱাত এই গোটৰ সদস্যসকল কংগ্ৰেছ(আই)ত থাকে। তেতিয়াৰ পৰা ই ইন্দিৰা গান্ধীৰ কংগ্ৰেছ(আৰ) হৈ জনপ্ৰিয় হৈ পৰে।

 

৪০) ১৯৬৯ চনৰ ৰাষ্ট্ৰপতিয় নিৰ্বাচনৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ ছিণ্ডিকেটৰ বিদ্ৰোহী গোট আৰু ইন্দিৰা গান্ধীৰ মাজৰ সংঘাতে ১৯৬৯ চনত বিকট ৰূপ ধাৰণ কৰে । সেই বছৰ বাৰতৰ ৰাষ্ট্ৰপতি ড. জাকিৰ হুছেইনৰ মৃত্যুৰ পিছত ৰাষ্ট্ৰপতিৰ পদ খালি হয়। ইন্দিৰা গান্ধীৰ বাধা স্বত্বেও ছিণ্ডিকেটে তেওৰ বহুদিনৰ বিৰোধী সেই সময়ৰ লোকসভাৰ লোকসভাৰ অধ্যক্ষ নীলম সঞ্জীৱা ৰেড্ডীক কংগ্ৰেছৰ অভিচিয়েল প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে। ইয়াৰ বিপৰীতে ইন্দিৰা গান্ধীয়ে সেই সময়ৰ কংগ্ৰেছৰ উপ-সভাপতি ভি ভি গিৰিক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিবলৈ অনুপ্ৰেৰণা দিয়ে। ইন্দিৰা গান্ধীৰ কেইখনমান জনপ্ৰিয় আঁচনি যেনে ১৪টা বেংক ৰাষ্ট্ৰীয়কৰণ, ৰাজকীয় সা-সুবিধাৰ বিলুপ্তিকৰণ, আগৰ ৰাজন্য বৰ্গৰ সা-সুবিধাৰ বিলুপ্তি আদি ব্যৱস্থা গ্ৰহণ কৰিছিল। মোৰাৰজী দেশাই আছিল সেই সময়ৰ উপ-প্ৰধান মন্ত্ৰী আৰু বিত্ত মন্ত্ৰী। দুয়োটা বিষয় লৈ প্ৰধান মন্ত্ৰী আৰু দেশাইৰ মাজত মতবিৰোধ হয় আৰু ফলস্বৰূপে দেশাইয়ে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে। অতীততো কংগ্ৰেছ দলৰ মাজত এনেকুৱা মতানৈক্য আছিল। ৰাষ্ট্ৰপতিয় নিৰ্বাচনত উভয় দলে শক্তি প্ৰদৰ্শন কৰিছে। সেই সময়ৰ কংগ্ৰেছৰ সকলো সাংসদ আৰু বিধায়কক নীলম সঞ্জীৱা ৰেড্ডীক ভোট দিয়াৰ বাবে হুইপ জাৰি কৰিছিল। কিয়নো ৰেড্ডী হল কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী। ইন্দিৰা গান্ধীৰ সমৰ্থকসকলে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ বিশেষ বৈঠক আহ্বান কৰিছিল যদিও ইয়াক বাধা দিয়া হৈছিল। প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে ভি ভি গিৰিক মনে-প্ৰাণে সমৰ্থন কৰি সকলোকে বিবেক ভোট দিবলৈ আহ্বান জনালে। অৰ্থাৎ কংগ্ৰেছ সাংসদ আৰু বিধায়কসকলে নিজ ইচ্ছামতে ভোট দিব পাৰিব। নিৰ্দলীয় প্ৰাৰ্থী  গিৰি অৱশেষত জয়লাভ কৰে আৰু ৰেড্ডী পৰাজিত হয়। দলীয় প্ৰাৰ্থীৰ পৰাজয়ে কংগ্ৰেছক আনুষ্ঠানিকভাৱে বিভাজিত কৰে।

 

2 Comments

  1. Sir apuni HS 2nd year Advance Hindi r question papers r ans bur solve kri dibosun jldi please.....

    ReplyDelete
    Replies
    1. muku lagisil sir pare jodi dibo sun

      Delete

Post a Comment

Post a Comment

Previous Post Next Post