ভাৰতৰ বৈদেশিক সম্বন্ধ(IndIa’s external relatIons) Class 12 Political Science Complete Notes in Assamese Based on AHSEC

 

ভাবৈদেশি ম্বন্ধ


IndIa’s external relatIons
IndIa’s external relatIons(www.hikha.in )
 

Very Short Type Q&A

 

১) ভাৰতীয় জাতীয় সেনাবাহিনীৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰঃ নেতাজী সুভাস চন্দ্ৰ বসু।

 

) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত বৈদেশিক নীতিৰ কথা উল্লেখ আছে?

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৫১ নং অনুচ্ছেদত বৈদেশিক নীতিৰ কথা উল্লেখ আছে।

 

৩) ছিমলা চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৯৭২ চনত।

 

৪) কিমান চনত চীনে তিব্বত অধিকাৰ কৰিছিল?

উত্তৰঃ ১৯৫০ চনত।

 

৫) NEFAৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰঃ North-Eastern Frontier Agency.

 

৬) নেহৰুৰ পিছত চীন ভ্ৰমণ কৰা পিছৰ গৰাকী প্ৰধান মন্ত্ৰী কোন আছিল?

উত্তৰঃ ৰাজীৱ গান্ধী।

 

৭) ১৬৬০ চনত লাল বাহাদুৰ শাস্ত্ৰী আৰু জেনেৰেল আয়ুব খানৰ মাজত সম্পাদিত হোৱা চুক্তিখনৰ নাম কি?

উত্তৰঃ তাছখণ্ড চুক্তি।

 

৮) প্ৰথমখন গোষ্ঠী নিৰপেক্ষ শীৰ্ষক সন্মিলন কত অনুষ্ঠিত হৈছিল?

উত্তৰঃ বেলগ্ৰেডত (১৯৬১)।

 

৯) বাংলাদেশ যুদ্ধ কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ ১৯৭১ চনত।

 

১০) কেতিয়া চীনে ভাৰত আক্ৰমণ কৰিছিল?

উত্তৰঃ ১৯৬২ চনত।

 

১১) ছিমলা চুক্তি কোনে স্বাক্ষৰ কৰিছিল?

উত্তৰঃ ছিমলা চুক্তি ১৯৭২ চনত সেইসময়ৰ ভাৰতৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী আৰু পাকিস্থানৰ প্ৰধান মন্ত্ৰী জুলফিকৰ আলীৰ মাজত হৈছিল।

 

১২) ভাৰতৰ বৈদেশিক নীতিৰ বাটকটীয়া কোন?

উত্তৰঃ জৱাহৰলাল নেহৰু।

 

১৩) পঞ্চশীল চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৯৫৪ চনত।

 

১৪) পঞ্চশীল চুক্তিত কোনে স্বাক্ষৰ কৰিছিল?

উত্তৰঃ ভাৰতৰ জৱাহৰলাল নেহৰু আৰু চীনৰ প্ৰধানৰ মাজত হৈছিল।

 

১৫) কাৰ্গিল যুদ্ধ কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ ১৯৯৯ চনত।

 

১৬) ভাৰত-পাকিস্থানৰ সিন্ধু জলচুক্তি কেতিয়া হৈছিল?

উত্তৰঃ ১৯৬০ চনত।

 

১৭) ভাৰতৰ বৈদেশিক নীতিৰ দুটা মূল নীতি লিখা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ দুটা মূল নীতি হল-

        ক) গোষ্ঠী নিৰপেক্ষতা।

        খ) বিশ্ব শান্তি স্থাপনত ৰাষ্ট্ৰসংঘক সমৰ্থন।

 

১৮) ভাৰতৰ পাৰমাণৱিক নীতিৰ তপতিবিদ কোন আছিল?

উত্তৰঃ হোমি জাহাংগীৰ ভাবা।

 

১৯) চীনে কেতিয়া প্ৰথমবাৰৰ বাবে পাৰমাণৱিক পৰীক্ষা কৰিছিল?

উত্তৰঃ ১৯৬৪ চনত।

 

২০) ভাৰতে কোন চনত প্ৰথমবাৰৰ বাবে পাৰমাণবিক অস্ত্ৰ পৰীক্ষা কৰিছিল?

উত্তৰঃ ১৯৭৪ চনত।

 

২১) ভাৰতে কেতিয়া দ্বিতীয়বাৰৰ বাবে পাৰমাণবিক অস্ত্ৰ পৰীক্ষা কৰিছিল?

উত্তৰঃ ১৯৯৮ চনত।

 

২২) SAARC ৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰঃ South Asian Association for Regional Cooperation.

 

২৩) SAARC ৰ মূখ্য কাৰ্যালয় কত অৱস্থিত?

উত্তৰঃ নেপালৰ কাঠমাণ্ডুত।

 

২৪) কোন চনত SAARC ৰ জন্ম হৈছিল?

উত্তৰঃ ১৯৮৫ চনত বাংলাদেশৰ ঢাকাত।

 

২৫) লাহোৰ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰঃ লাহোৰ চুক্তি ১৯৯৯ চনত স্বাক্ষৰিত হৈছিল।

 

২৬) আগ্ৰা চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ২০০১ চনত আগ্ৰা চুক্তি স্বাক্ষৰিত হৈছিল।

 

২৭) জৱাহৰলাল নেহৰুৱে কোনখন দেশত প্ৰথমে গোষ্ঠী নিৰপেক্ষ শব্দটো ব্যৱহাৰ কৰিছিল?

উত্তৰঃ ১৯৫৪ চনত শ্ৰীলংকাৰ ৰাজধানী কলম্বোত জৱাহৰলাল নেহৰুৱে পোন-প্ৰথমে গোষ্ঠী নিৰপেক্ষ শব্দটো ব্যৱহাৰ কৰিছিল।

 

২৯) কোন বছৰত ভাৰত-USSRৰ মাজত ২০ বছৰীয়া শান্তি আৰু বন্ধুত্বমূলক চুক্তি স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৯৭১ চনত।

 

৩০) কেতিয়া আৰু কত অষ্টম গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৮৬ চনত জিম্বাবুৱেৰ ৰাজধানী হাৰাৰেত।

 

৩১) পাকিস্থানৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত ভাৰতৰ উদ্বিগ্নতাৰ দুটা দিশ উল্লেখ কৰা।

উত্তৰঃ ক) কাশ্মীৰ সমস্যা আৰু ক) সিন্ধু জল বিবাদ।

 

৩২) বৈদেশিক নীতি মানে কি?

উত্তৰঃ যি নীতি অনুসৰি এখন দেশে আন এখন দেশৰ লগত সম্পৰ্ক স্থাপন কৰে, সেই নীতিক বৈদেশিক নীতি বোলে।

 

 

 

Short & Long Type Q&A

 

১) ভাৰতৰ বৈদেশিক নীতিৰ ৪টা গুৰুত্বপূৰ্ণ লক্ষ্য লিখা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ ৪টা গুৰুত্বপূৰ্ণ লক্ষ্য হল—

       ক) ভৌগোলিক একতা ৰক্ষা কৰা।

       খ) আন্তৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা আৰু উৎসাহিত কৰা।

       গ) চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক স্থাপন কৰা।

       ঘ) অন্যান্য ৰাষ্ট্ৰৰ সৈতে ব্যৱসায় বৃদ্ধি কৰা।

 

২) পঞ্চশীল নীতিটো উল্লেখ কৰা।

উত্তৰঃ ১৯৫৪ চনত ভাৰত আৰু চীনৰ মাজত  পঞ্চশীল চুক্তি স্বাক্ষৰিত হৈছিল। পঞ্চশীল নীতিকেইটা হ

           ক) অইন ৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক শ্ৰদ্ধা প্ৰদৰ্শন।

       খ) পাৰস্পৰিক অনাক্ৰমণ।

       গ) অইন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা।

       ঘ) সমতা আৰু পাৰস্পৰিক সুবিধা।

       ঙ) শান্তিপূৰ্ণ সহাৱস্থান।

 

৩) ছিমলা চুক্তিৰ ৩টা গুৰুত্বপূৰ্ণ ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ ছিমলা চুক্তিৰ ৩টা গুৰুত্বপূৰ্ণ ব্যৱস্থা হ

        ক) দুয়োখন ৰাষ্ট্ৰই দ্বিপাক্ষিক শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে তেওঁলোকৰ বিবাদ আৰু সংঘাতৰ সমাধান কৰিব।

        খ) দুয়োখন ৰাষ্ট্ৰই পৰস্পৰৰ জাতীয় একতা, ভৌগোলিক অখণ্ডতা, ৰাজনৈতিক স্বাধীনতা আৰু সাৰ্বভৌম সমতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব।

        গ) দুয়োখন ৰাষ্ট্ৰই পৰস্পৰৰ ভৌগোলিক অখণ্ডতাৰ বিৰুদ্ধে শক্তি প্ৰয়োগ নকৰিব।

 

৪) জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ ৩টা প্ৰধান লক্ষ্য লিখা।

উত্তৰঃ জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ ৩টা প্ৰধান লক্ষ্য হ

       ক) যথেষ্ট কষ্ট আৰু ত্যাগৰ বিনিময়ত লাভ কৰা সাৰ্বভৌমত্বৰ সংৰক্ষন।

       খ) ভৌগোলিক অখণ্ডতাৰ ৰক্ষনাবেক্ষন।

       গ) দ্ৰুত অৰ্থনৈতিক বিকাশত উৎসাহিত কৰা।

 

৫) ভাৰতৰ বৈদেশিক নীতিৰ মূল নীতিসমূহ বাখ্যা কৰা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ মূল নীতিসমূহ তলত বাখ্যা কৰা

    ক) গোষ্ঠী নিৰপেক্ষতাঃ এই নীতিক বিশ্বলৈ ভাৰতৰ উপহাৰ আখ্যা দিয়া হৈছে। শীতল যুদ্ধৰ সময়ৰ সৈতে খাপ খোৱাবলৈ ভৰতে গোষ্ঠী নিৰপেক্ষ নীতি অৱলম্বন কৰিছিল। কিন্তু শীতল যুদ্ধৰ পৰিসমাপ্তিৰ পাছতো এই নীতি ভাৰতৰ বৈদেশিক নীতিৰ অভিন্ন অংগ হৈয়ে আছে।

  খ) উপনিবেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিৰোধিতাঃ প্ৰায় ২০০ বছৰ ঔপনিবেশিক শাসনৰ অধীনত থকাৰ তিক্ত অভিজ্ঞতাৰ বাবে ভাৰতে সদায় উপনিবেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিৰোধিতা কৰি আহিছে।

  গ) বিশ্ব শান্তি স্থাপনত ৰাষ্ট্ৰসংঘক সমৰ্থনঃ ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰ। ভাৰতে বিশ্ব স্থাপনৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ গুৰুত্বৰ ওপৰত সদায় অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। ভাৰতৰ মতে আন্তৰাষ্ট্ৰীয় বিবাদসমূহ ৰাষ্ট্ৰসংঘৰ সীমাৰ ভিতৰত থাকি সমাধান কৰিব লাগে।

  ঘ) ন্যায়সংগত লক্ষ্যসাধনঃ মহাত্মা গান্ধীৰ অনুপ্ৰাণিত ভাৰতে আন্তৰাষ্ট্ৰীয় বিবাদসমূহ সমাধানৰ ক্ষেত্ৰত সদায় ন্যায় সংগত ব্যৱস্থা গ্ৰহণৰ পক্ষত থিয় হৈ আহিছে। ভাৰতে যুদ্ধ, হিংসা আৰু ক্ষমতা নীতিৰ বিৰোধিতা আৰু শান্তিপূৰ্ণ আৰু অহিংসা পদ্ধতিক সমৰ্থন কৰে।

  ঙ) অন্যান্য ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপনঃ ভাৰতে অন্যান্য ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰি ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আদি ক্ষেত্ৰত চুক্তি আৰি দ্বিপাক্ষিক সন্ধিত আৱদ্ধ হৈ আহিছে।

 

৬) ভাৰতৰ পাৰমাণৱিক নীতিটো বাখ্যা কৰা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ অন্যতম বৈশিষ্ট্য হল ৰাষ্ট্ৰখনৰ শক্তিশালী পাৰমাণৱিক নীতি। নেহৰুৱে এখন আধুনিক ভাৰত নিৰ্মাণৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত যথেষ্ট বিশ্বাস কৰিছিল। নেহৰু আৰু ভাৰতৰ বাবে সৌভাগ্যৰ বিষয় আছিল যে হোমি জাহাংগিৰ ভাবাৰ দৰে বিজ্ঞানী সেইসময়ত ভাৰতত আছিল। ১৯৪০ৰ দশকৰ শেষৰফালে ভাৰতত ভাবাৰ নেতৃত্বত পাৰমাণৱিক কাৰ্যসূচী আৰম্ভ হয়। নেহৰু পাৰমাণৱিক যুদ্ধাস্ত্ৰ বিৰোধী আছিল আৰু সেইকাৰণে তেও সু-সংগত পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ আবেদন জনাই আহিছিল। ১৯৬৪ চনৰ অক্টোবৰ মাহত চীনে পাৰমাণৱিক পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰে। ইতিমধ্যে বিশ্বত পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ হাৰ বৃদ্ধি পাবলৈ ধৰিছিল। এনে পৰিস্থিতিত ৰাষ্ট্ৰসংঘই পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তি(NPT)ত স্বাক্ষৰ কৰিবলৈ আহ্বান জনাইছিল। ভাৰতে আজিলৈকে এই চুক্তিত স্বাক্ষৰ কৰাৰ পৰা বিৰত আছে। কাৰণ ভাৰতে অনুভৱ কৰে যে এই চুক্তিখন বৈষম্যমূলক। অৱশ্যে ভাৰতে ১৯৬৩ চনৰ আংশিক পৰীক্ষা নিষিদ্ধকৰণ চুক্তিত স্বাক্ষৰ কৰিছিল। পাৰমাণৱিক পৰীক্ষা নিষিদ্ধ কৰাৰ দাবী জনোৱা ভাৰত  ল বিশ্বৰ একমাত্ৰ ৰাষ্ট্ৰ । অৱশ্যে ভাৰতে ১৯৭৪ আৰু ১৯৯৮ চনত দুবাৰকৈ ৰাজস্থানৰ পোখৰানত পাৰমাণৱিক বোমা পৰীক্ষা কৰিছিল। এই পৰীক্ষাৰ বাবে ভাৰতে যথেষ্ট সমালোচিত হৈছিল। আনকি আমেৰিকা আৰু জাপানে ভাৰতৰ ওপৰত সাময়িকভাৱে অৰ্থনৈতিক নিষেধাজ্ঞাও আৰোপ কৰিছিল। ১৯৯৯ চনত ভাৰতে বিশ্বাসযোগ্য নূন্যতম প্ৰতিৰোধৰ ওপৰত আধাৰিত এটা পাৰমাণৱিক মতবাদ আৰম্ভ কৰে। ভাৰতে ঘোষণা কৰে যে ৰাষ্ট্ৰখনে কেতিয়াও প্ৰথমে পাৰমাণৱিক যুদ্ধাস্ত্ৰ ব্যৱহাৰ নকৰিব। ভাৰতে আন্তৰাষ্ট্ৰীয় ইন্ধন এজেন্সিৰ সদস্য। ভাৰতে আণৱিক ইন্ধন শান্তিপূৰ্ণ উদ্দেশ্যত উৎপাদন আৰু ব্যৱহাৰক সমৰ্থন কৰে।

 

৭) গোষ্ঠী নিৰপেক্ষ মানে কি ?

উত্তৰঃ কোনো শক্তি গোষ্ঠিত যোগদান নকৰাকৈ দুয়োটা শক্তিগোষ্ঠীৰ প্ৰতি সদভাৱ ৰাখি দেশৰ জাতীয় স্বাৰ্থ পূৰণ কৰাৰ উদ্দেশ্যত গ্ৰহণ কৰা বৈদেশিক নীতিয়েই হল গোষ্ঠী নিৰপেক্ষ নীতি। গোষ্ঠী নিৰপেক্ষই নিৰপেক্ষতা বা নিষ্ক্ৰিয়তাক নুবুজায়।

 

৮) ভাৰতে গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰাৰ প্ৰধান কাৰণসমূহ লিখা।

উত্তৰঃ ভাৰতে গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰাৰ কেইবাটাওঁ কাৰণ আছে। এই কাৰণসমূহ তলত আলোচনা কৰা হল—

       ক)ভাৰতৰ দৰে ৰাষ্ট্ৰএখনে কোনো শক্তিগোষ্ঠীৰ লগ-নলগাকৈ স্বাধীনভাৱে বৈদেশিক নীতি গ্ৰহণ কৰি বিশ্বৰ ৰাজনীতিত সন্মানসূচক আসন গ্ৰহণ কৰিব পাৰিব বুলি নেতাসকলৰ দৃঢ় বিশ্বাস আছিল।

       খ)অৰ্থনৈতিক উন্নয়নৰ বাবে শান্তিপূৰ্ণ পৰিৱেশৰ প্ৰয়োজন। সেয়ে ভাৰতে কোনো বিশেষ গোষ্ঠীৰ সৈতে মিত্ৰতা ৰখাৰ পৰিৱৰ্তে সকলো ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূৰ্ণ সম্বন্ধ ৰক্ষাৰ ওপৰত গুৰুত্ব দিয়ে।

       গ) অৰ্থনৈতিক উন্নয়নৰ বাবে বৈদেশিক সাহাৰ্যৰ প্ৰয়োজন। গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰি দুই শক্তি গোষ্ঠীৰ পৰা অৰ্থনৈতিক সাহাৰ্য লাভ কৰা সম্ভৱ বুলি  ৰাজনৈতিক নেতাসকলে বিশ্বাস কৰিছিল।

             ঘ)স্বাধীনতা লাভ কৰাৰ সময়ত ভাৰত সামৰিক দিশত শক্তিশালী লাছিল। গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণৰ দ্বাৰা যুদ্ধৰ ভয়াবহতাৰ পৰা ৰক্ষা হল।

       

৯) আফ্ৰো-এছিয়ান ঐক্যৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ বিশ্ব ৰাজনীতিত নেহৰুৱে ভাৰত তথা সমগ্ৰ এছিয়াৰ হৈ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতে এছিয়া আৰু আফ্ৰিকাৰ দেশবোৰৰ লগত ঐক্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰিলে। ৪০-৫০ দশকৰ কালছোৱাত নেহৰু এছিয়াৰ দেশবিলাকৰ মাজত একতা স্থাপনৰ ঘোৰ সমৰ্থক আছিল। তেওঁৰ নেতৃত্বত ১৯৪৭ চনৰ মাৰ্চ মাহত এছিয়া মৈত্ৰী সন্মিলন অনুষ্ঠিত কৰা হৈছিল।ডাচ্ ঔপনিৱেশিকতাবাদৰ পৰা ইণ্ডোনেছিয়াই স্বাধীনতা লাভ কৰাৰ বাবে ভাৰতে স্বাধীনতা সংগ্ৰামক সমৰ্থন কৰি ১৯৪৯ চনত এখন আন্তৰ্জাতিক সন্মিলন আহ্বান কৰিছিল। ভাৰতে উপনিবেশিকতাবাদৰ বিৰুদ্ধাচৰণ আৰু আফ্ৰিকাৰ বৰ্ণবৈষম্যবাদৰ তীব্ৰ বিৰোধিতা কৰিছিল। ১৯৫৫ চনত আফ্ৰো-এছিয়ান সন্মিলন ইণ্ডোনেছিয়াৰ চহৰ বান্দোমত অনুষ্ঠিত হৈছিল। ইয়াক সাধাৰণতে বান্দোম সন্মিলন বুলি জনা যায়। এই সন্মিলনখনকেই গোষ্ঠী নিৰপেক্ষ দেশসমূহৰ প্ৰথম সন্মিলন হিচাপে কব পাৰি। এছিয়া-আফ্ৰিকাৰ ২৯খন দেশৰ প্ৰতিনিধিয়ে এই সন্মিলনত যোগদান কৰিছিল। বৰ্ণবৈষম্য নিৰ্মূলকৰণ, উপনিবেশিক শাসনৰ অৱসান, আণৱিক অস্ত্ৰৰ পৰীক্ষা নিষিদ্ধকৰণৰ বিষয়ে এই সন্মিলনত আলোচনা কৰা হৈছিল।এই সন্মিলনে পিছলৈ গোষ্ঠী নিৰপেক্ষ আন্দোলন প্ৰতিষ্ঠা কৰে।

 

 

১০)চীন আৰু ভাৰতৰ মাজৰ অসন্তুষ্টিৰ ২টা কাৰণ লিখা।

উত্তৰঃ ক) ভাৰতবৰ্ষই তিব্বতৰ ধৰ্মীয় গুৰু তথা নেতা দালাই লামাক ৰাজনৈতিকভাৱে আশ্ৰয়দানক কেন্দ্ৰ কৰি চীন অসন্তুষ্ট হৈছে।

     খ) চীন-ভাৰতৰ সীমা বিবাদ, বিশেষকৈ লাডাখ,  আকচাই চীন আৰু অৰুণাচল প্ৰদেশক কেন্দ্ৰ কৰি দুয়োখন দেশৰ মাজত সংঘাতৰ সূত্ৰপাত হয়।

 

১১) ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণৰ চাৰিটা কাৰক বাখ্যা কৰা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণৰ চাৰিটা কাৰক হল—

    ক)ভোগোলিক পৰিস্থিতিঃৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰাই হৈছে ভাৰতৰ বৈদেশিক নীতিৰ মূল লক্ষ্য। ভাৰতে ইয়াৰ চাৰিওফালে বিয়পি থকা ৰাষ্ট্ৰ, যেনে বাংলাদেশ, পাকিস্থান,  চীন, ম্যানমাৰ, থাইলেণ্ড আদিৰ লগত সু-সম্পৰ্ক বজাই ৰখাৰ উদ্দেশ্যে গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰিছে।

    খ)ঐতিহাসিক পটভূমিঃভাৰত প্ৰায় ২০০ বছৰ ব্ৰিটিছৰ অধীনত আছিল। গতিকে অন্য জাতিতকৈ ব্ৰিটিছসকলৰ লগত ভাৰতৰ সম্পৰ্ক বহুত বেছি। দ্বিতীয় বিশ্বযুদ্ধ অথবা পৰিৱৰ্তিত পৰিস্থিতিত ব্ৰিটিছে ভাৰতক স্বাধীনতা প্ৰদান কৰিছে। বৰ্তমান দুয়োখন দেশৰ সম্পৰ্ক ঘনিষ্ঠপূৰ্ণ। এই ঐতিহাসিক পটভূমিৰ ওপৰত ভিত্তি কৰি ভাৰতে উপনিৱেশিকতাবাদৰ বিৰোধিতা কৰি বৈদেশিক নীতি ৰচনা কৰিছে।

    গ)বিশ্ব শান্তিঃভাৰতৰ বৈদেশিক নীতিৰ আন এটা মৌলিক কাৰক হল বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা।ভাৰতে বৈদেশিক নীতি প্ৰণয়নৰ ক্ষেত্ৰত বিশ্ব শান্তিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে।

    ঘ)জাতীয় আন্দোলনঃ ভাৰতৰ জাতীয় আন্দোলনে দেশৰ বৈদেশিক নীতি ৰচনাৰ ক্ষেত্ৰত প্ৰয়োজনীয় বৰঙণি যোগাইছে। ভাৰতৰ স্বাধীনতা আন্দোলন কোনো বিদেশী শক্তিৰ দ্ধাৰা প্ৰবাৱিত হোৱা নাছিল। জাতীয় আন্দোলনে জনসাধাৰণক স্বাধীনতাৰ হকে সংগ্ৰাম কৰিবলৈ অনুপ্ৰেৰণা দিয়াৰ লগতে উপনিবেশিকতাবাদ, বৰ্ণবৈষম্যবাদৰ বিৰুদ্ধে মাত-মাতিবলৈ অনুপ্ৰেৰণা দিছিল।

 

১২) কাৰ্গিল যুদ্ধৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ ১৯৯৯ তনৰ আদি ভাগত পাকিস্থানৰ মুজাহিদিন নামৰ উগ্ৰপন্থী সংগঠন এটাই LOCৰ কাষৰ ড্ৰাচ,মাচকহ, কেকচাৰ আৰু বাটালিক ভাৰতীয় অঞ্চল দখল কৰি লয়।পাকিস্থানী সেনা ইয়াত সংযুক্ত থকা বুলি ভাৱি ভাৰতীয় সেনায়ো সেই অঞ্চলসমূহলৈ আগবাঢ়ে। ইয়ে দুয়োখন দেশৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি কৰে। ইয়াকে কাৰ্গিল যুদ্ধ বোলে। এই যুদ্ধ ১৯৯৯ চনৰ মে-জুন মাহত সংঘটিত হয়। ১৯৯৯ চনৰ ২৬ জিলাই তাৰিখে ভাৰতে হেৰোৱা বেছিবাগ স্থান উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সেয়ে ২৬ জুলাই তাৰিখটো প্ৰতিবছৰে কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰে।এই যুদ্ধত ৫০০জন ভাৰতীয় সৈন্য নিহত হোৱাৰ বিপৰীতে ৫০০০জন পাকিস্থানী সৈন্য নিহত হৈছিল।

Post a Comment

Post a Comment (0)

Previous Post Next Post