অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল
![]() |
Alternative Centres of Power (www.hikha.in) |
অতি চমু উত্তৰৰ প্ৰশ্ন
১) ইউৰোপীয় সংঘই ব্যৱহাৰ কৰা সমূহীয়া মুদ্ৰাক কি নামেৰে
জনা যায়?
উত্তৰঃ ইউৰো।
২) কোন চনত ইউৰোপীয় সংঘ গঠণ হৈছিল?
উত্তৰঃ ১৯৯২ চনত।
৩) আছিয়ান(ASEAN) কেতিয়া গঠণ হৈছিল?
উত্তৰঃ ১৯৬৭
চনত।
৪) কোন বছৰত ARF(ASEAN Regional Forum)ৰ গঠণ হৈছিল?
উত্তৰঃ ১৯৯৪
চনত।
৫) ASEAN ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰঃ Association of South-East Asian
Nations.
৬) EU ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰঃ European Union.
৭) EEC সম্পূৰ্ণ অৰ্থ কি?
উত্তৰঃ European Economic Community.
৮) WTO সম্পূৰ্ণ অৰ্থ কি?
উত্তৰঃ World Trade Organization.
৯) ECSC সম্পূৰ্ণ অৰ্থ কি?
উত্তৰঃ European Coal and Steel Community.
১০) FTA সম্পূৰ্ণ অৰ্থ কি?
উত্তৰঃ Free Trade Area.
১১) SEZ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰঃ Special Economic Zone.
১২) কোন চনত গ্ৰীচে ইুউৰোপীয় গোষ্ঠীত যোগদান কৰিছিল?
উত্তৰঃ ১৯৮১
চনত।
১৩) আছিয়ানৰ প্ৰতিষ্ঠিত ৫খন দেশৰ নাম লিখা।
উত্তৰঃ
ইন্দোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ড।
১৪) আছিয়ানৰ বৰ্তমান সদস্য সংখ্যা কিমান?
উত্তৰঃ ১০ খন।
১৫) ইউৰোপীয় সংঘৰ বৰ্তমান সদস্য সংখ্যা কিমান?
উত্তৰঃ ২৭ খন।
১৬) কি চুক্তিৰ আধাৰত ইউৰোপীয় সংঘ গঠিত হৈছিল?
উত্তৰঃ
মাষ্ট্ৰিষ্ট চুক্তিৰ আধাৰত ১৯৯২ চনত ইউৰোপীয় সংঘ গঠিত হৈছিল।
১৭) মাৰ্শ্বাল পৰিকল্পনা কেতিয়া গ্ৰহণ কৰা হৈছিল?
উত্তৰঃ ১৯৪৮
চনত।
১৮) চীনৰ সাম্যবাদী বিপ্লবৰ নেতা কোন?
উত্তৰঃ
মাও-চে-টুং।
১৯) কোন চনত প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে চীন ভ্ৰমণ
কৰিছিল?
উত্তৰঃ ১৯৮৮
চনত।
২০) কোন বছৰত একক বজাৰৰ সৃষ্টি কৰা হৈছিল?
উত্তৰঃ ১৯৯৩
চনত।
২১) কোন বছৰত এছিয়ান আঞ্চলিক মঞ্চ স্থাপন কৰা হৈছিল?
উত্তৰঃ ১৯৯৪
চনত।
২২) মাষ্ট্ৰিষ্ট চুক্তি কেতিয়া গ্ৰহণ কৰা হৈছিল?
উত্তৰঃ ১৯৯২ চনত।
২৩) চীনে কেতিয়া বিশ্ব বাণিজ্য সংস্থাত যোগদান কৰিছিল?
উত্তৰঃ ২০০১
চনত।
২৪) ১৯৫০ চনত চীনৰ ৰাজনৈতিক আৰু ধৰ্মীয় নেতা কোন আছিল?
উত্তৰঃ দালাই
লামা।
২৫) ১৯৭২ চনত
চীনে কোনখন প্ৰধান ৰাষ্ট্ৰৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক স্থাপন কৰে?
উত্তৰঃ
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে।
২৬) চীনত কৃষিৰ ব্যক্তিগতকৰণ কোন চনত কৰা হৈছিল?
উত্তৰঃ ১৯৮২
চনত।
২৭) চীনত উদ্যোগৰ আধুনিকীকৰণ কেতিয়া কৰা হৈছিল?
উত্তৰঃ ১৯৯৮
চনত।
২৮) কোনে চীনত মুক্তদ্বাৰ বা খোলা দুৱাৰ নীতি ঘোষণা
কৰিছিল?
উত্তৰঃ ডেং
জিয়াও পিঙে।
২৯) তৃতীয় বিকল্প শক্তিৰ দেশ বুলি কোনখন দেশক জনা যায়?
উত্তৰঃ চীন
দেশক।
৩০) কোন চনত The Council Of Europe প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ ১৯৪৯ চনত।
৩১) ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায় কেতিয়া গঠণ কৰা হৈছিল?
উত্তৰঃ ১৯৫৭
চনত।
চমু উত্তৰৰ প্ৰশ্ন
৩২) মুক্তদ্বাৰ বা খোলা দুৱাৰ নীতি কি?
উত্তৰঃ ১৯৭৮ চনত ডেং জিয়াও
পিঙে চীনত মুক্তদ্বাৰ বা খোলা দুৱাৰ নীতি আৰু অৰ্থনৈতিক সংস্কাৰৰ বাবে বিশেষ নীতি
ঘোষণা কৰিছিল। ইয়াৰ ফলত বহুত বিদেশী ৰাষ্ট্ৰই চীনত বিনিয়োগ কৰিছিল আৰু ইয়াৰ বাবে
চীনত উৎপাদন যথেষ্ট
পৰিমাণে বৃদ্ধি পাইছে।
৩৩) চাৰি দুৱাৰৰ নীতি কি?
উত্তৰঃ ১৯৭৩ চনত চীনৰ মুৰব্বী চৌ এন’লায়ে ৪টা আধুনিকীকৰণ প্ৰস্তাৱ
আগবঢ়াইছে। এইকেইটা হ’ল- কৃষি, উদ্যোগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা।
৩৪) ইউৰোপীয় সংঘৰ ২টা অংগৰ নাম
লিখা।
উত্তৰঃ ইউৰোপীয় সংঘৰ ২টা অংগ হ’ল— ইউৰোপীয় পৰিষদ আৰু ইউৰোপীয়
ন্যায়ালয়।
৩৫) ইউৰোপীয় সংঘৰ দুটা দুৰ্বলতা
লিখা।
উত্তৰঃ ইউৰোপীয় সংঘৰ ২টা দুৰ্বলতা হ’ল—
ক) ইউৰোপীয় সংঘৰ কোনো সংবিধান নাই।
খ) ইউৰোপীয় সংঘই অইন ৰাষ্ট্ৰৰসমূহৰ পৰা সাৰ্বভৌম ক্ষমতা কাঢ়ি আনিব নোৱাৰে।
৩৬) ইউৰোপীয় সংঘ গঠণৰ ২টা কাৰণ
লিখা।
উত্তৰঃ ক) দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপীয়
দেশসমূহৰ অৰ্থনৈতিৰ পুনৰুজ্জীৱিত কৰাৰ কাৰণে আমেৰিকাই মাৰ্শ্বাল পৰিকল্পনাৰ অধীনত
বিত্তীয় সাহাৰ্য প্ৰদান কৰিছিল.
খ) সামৰিক ক্ষেত্ৰত ইউৰোপীয়
দেশবিলাক একত্ৰিতকৰণ হোৱাৰ উদ্দেশ্যেও
ইউৰোপীয় সংঘ গঠণৰ অইন এটা কাৰণ বুলি কব পাৰি।
৩৭) চীনৰ অৰ্থনীতিৰ চাৰিটা দুৰ্বলতা লিখা।
উত্তৰঃ ক) দেশত নিবনুৱা সমস্যা বৃদ্ধি পাব
ধৰিলে সংস্থানহীন আৰু সংস্থান বিচৰা লোকৰ
সংখ্যা ১০০ নিযুত হ’লগৈ।
ক)মহিলাৰ কৰ্ম সংস্থান তথা কৰ্মস্থানৰ দ্ৰুত অৱনতি ঘটিল।
গ) পৰিৱেশৰ অৱনতি ঘটাৰ লগতে দেশৰ দুৰ্নীতিৰ প্ৰকোপ বৃদ্ধি পাব ধৰিলে।
ঘ) গাওঁ আৰু চহৰৰ মাজত অৰ্থনৈতিক বৈষম্যতা।
৩৮) ইউৰোপীয় সংঘৰ আটাইতকৈ ডাঙৰ
অংগটোৰ নাম কি? ইয়াৰ সদস্য সংখ্যা কিমান?
উত্তৰঃ ইউৰোপীয় সংঘৰ আটাইতকৈ ডাঙৰ অংগটোৰ নাম
হ’ল
ইউৰোপীয় সংঘ। ইয়াৰ সদস্য সংখ্যা হ’ল ৭৩২ জন।
৩৯) পূৱলৈ চোৱা নীতি কি?
উত্তৰঃ ১৯৯২ চনত তদানিন্তন ভাৰতৰ প্ৰধান
মন্ত্ৰী পি ভি নৰসিংহ ৰাৱে আছিয়ানৰ সৈতে সু-সম্পৰ্ক আৰু বিশেষকৈ বাণিজ্যিক সম্পৰ্ক
স্থাপনৰ অৰ্থে পূৱলৈ চোৱা নীতি গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ৰ প্ৰধান মন্ত্ৰী অটল বিহাৰী
বাজপেয়ী আৰু ড. মনমোহন সিঙেও এই নীতি অনুসৰণ কৰাৰ সদইচ্ছা প্ৰদৰ্শণ কৰিছিল। ২০০৩
চনত ভাৰত আৰু আছিয়ানৰ দহখন সদস্য ৰাষ্ট্ৰৰ মাজত আছিয়ান-ভাৰত মুক্ত বাণিজ্য অঞ্চল
চুক্তি স্বাক্ষৰ হৈছিল।
৪০) এক্ট ইষ্ট পলিছি(Act East Policy) কি?
উত্তৰঃ ২০১৭ চনত ভাৰত-আছিয়ান সম্পৰ্কই ২৫ বছৰ
সম্পূৰ্ণ কৰে। বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত এই সম্পৰ্ক অধিক
শক্তিশালী কৰাৰ বাবে এই এক্ট ইষ্ট পলিছিৰ সূচনা কৰা হৈছিল। আছিয়ান আৰু পূৱ এছিয়াৰ
অন্যান্য ৰাষ্ট্ৰসমূহৰ সৈতে সম্পৰ্ক মজবুত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
লগতে অন্যান্য মন্ত্ৰীয়ে এই ৰাষ্ট্ৰসমূহত সঘনাই ভ্ৰমণ কৰি আছে। ভাৰত আৰু আছিয়ানৰ
মাজৰ সম্পৰ্কৰ মূল স্তম্ভ তিনিটা হ'ল- বাণিজ্য, সংস্কৃতি আৰু যোগাযোগ।
৪১) আছিয়ানৰ মূল লক্ষ্য কি?
উত্তৰঃ আছিয়ানৰ মূল লক্ষ্য হ’ল অৰ্থনৈতিক উন্নতিৰ প্ৰতি মনোনিৱেশ
কৰি সামাজিক আৰু সাংস্কৃতিক দিশত উন্নতি সাধন কৰা।
৪২) আছিয়ান ৱেই(ASEAN Way ) কি?
উত্তৰঃ এছীয়
ৰাষ্ট্ৰসমূহে আছিয়ান ৱেই অৰ্থাৎ এছীয় পথ পালন কৰে। আছিয়ান ৱেই হ’ল আন্তঃক্ৰিয়া বা অন্তৰ্দৃষ্টিৰ এটা
ধাৰণা; এইটো
হ’লঃ
অনানুষ্ঠানিক, মুখামুখি সংঘৰ্ষৰ বিৰোধী আৰু সহযোগিতা।
দীঘল উত্তৰৰ প্ৰশ্ন
৪৩) চীনৰ অৰ্থনীতিৰ উত্থানৰ এটি
চমু আলোচনা আগবঢ়োৱা।
উত্তৰঃ চীনৰ প্ৰখ্যাত নেতা মাও-চে-টুঙৰ
নেতৃত্বত হোৱা বিপ্লৱৰ জৰিয়তে ১৯৪৯ চনত চীনত গণপ্ৰজাতন্ত্ৰৰ প্ৰতিষ্ঠাৰ জৰিয়তে
সাম্যবাদী শাসন প্ৰৱৰ্তন কৰা হয়। চীন গণপ্ৰজাতন্ত্ৰৰ প্ৰতিষ্ঠাৰ পাছতেই ছোভিয়েট
আৰ্হিত চীনা অৰ্থনীতি নিৰ্মাণ কৰিব খোজা হয়। আৰম্ভণিতে চীনে পুঁজিবাদী আদৰ্শৰ পৰা
আতৰি আহি সমাজবাদী অৰ্থনীতি নিৰ্মাণৰ প্ৰচেষ্টা চলালে। এই ক্ষেত্ৰত
চীনৰ হাতত দুটাই আধাৰ আছিল- চীনৰ প্ৰাকৃতিক সম্পদ আৰু ছোভিয়েট সংঘৰ পৰা লাভ কৰা
সাহাৰ্য। ছোভিয়েট সংঘৰ পৰামৰ্শৰ ভিত্তিত চীনতো ৰাষ্ট্ৰৰ নেতৃত্বত বৃহৎ উদ্যোগীকৰণৰ
সূত্ৰপাত ঘটিছিল। অৱশ্যে চীন চৰকাৰৰ হাতত বিদেশী প্ৰযুক্তি আৰু পণ্য ক্ৰয় কৰিবৰ
বাবে পৰ্যাপ্ত বৈদেশিক মুদ্ৰা নথকা হেতুকে চীনে আমদানিৰ পৰিৱৰ্তে ঘৰুৱা পণ্যৰ ওপৰত
নিৰ্ভৰশীল হোৱাৰ নীতিত গুৰুত্ব দিলে। এই নীতিৰ আধাৰত দেশীয় সম্পদ ব্যৱহাৰ কৰি চীনে
উদ্যোগীক অৰ্থনীতিৰ আধাৰ নিৰ্মাণ কৰি পেলালে। ইয়াৰ উপৰিও চীন আন-আন
কিছু বিষয়তো গুৰুত্ব আৰোপ কৰিছিল যেনে
কৰ্মসংস্থাপন, সামহিক কল্যাণ, শিক্ষা আৰু স্বাস্থ্য আদি। এই নীতিৰ আধাৰতে
চীনে তৃতীয় বিশ্বৰ অন্য বহুবোৰ দেশতকৈ বহুত আগবাঢ়ি গ’ল। চীনৰ অৰ্থনীতি ৫-৬ শতাংশ হাৰত বৃদ্ধি
পাবলৈ ধৰিলে। সমান্তৰালভাৱে জনসংখ্যাও বছৰি ২-৩ শতাংশ হাৰত বৃদ্ধি পালে। ইয়াৰ ফলত
চীনত সংকট আৰম্ভ হ’ল। কাৰণ বৰ্ধিত জনসংখ্যা ফলত সকলো চাহিদা পূৰণ কৰিব পৰা নাছিল। এনে
এক পৰিস্থিতিত ১৯৭০ৰ দশকত চীনা অৰ্তনীতিৰ সংস্কাৰ আৰম্ভ হ’ল। চীনে ১৯৭২ চনত অতদিনে বৰ্জন কৰি অহা
আমেৰিকাৰ সৈতে সম্পৰ্ক স্থাপন কৰিলে। ৰাষ্ট্ৰৰ মুৰব্বী চৌ এন’লাইৰ নেতৃত্বত ১৯৭৩ চাৰিটা খণ্ড –
কৃষি, উদ্যোগ, বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা
খণ্ডৰ আধুনিকীকৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ল। চীনৰ অৰ্থনীতিৰ বৈপ্লৱিক পৰিৱৰ্তন
ঘটিল ১৯৭৮ চনত। এই বৰ্ষতে সেই সময়ৰ নেতা ডেং জিয়াওপিঙে মুক্তদ্বাৰ নীতিৰ আধাৰত
অৰ্থনৈতিক সংস্কৰ নীতি আৰম্ভ কৰিলে। এই নীতিৰ জৰিয়তে বিদেশী বিনিয়োগ যথেষ্ট বৃদ্ধি
পালে। ফলত চীনৰ উৎপাদন যথেষ্ট বৃদ্ধি পাইছিল।
চীনে ক্ৰমশঃ ইয়াৰ অৰ্থনীতিক মুক্ত
কৰিছিল। ইয়াৰ কৃষি খণ্ডক ১৯৮২ চনত আৰু উদ্যোগক ১৯৯৮ চনত ব্যক্তিগতকৰণ কৰিছিল। ফলত
চীনৰ উৎপাদন অভাৱনীয় ভাৱে বৃদ্ধি পাইছিল আৰু গাঁৱৰ মানুহৰ আৰ্থিক অৱস্থা উন্নতিৰ
লগতে বহুতো ন-ন ক্ষুদ্ৰ উদ্যোগ গঢ় লৈ উঠিছিল। চীনৰ অৰ্থনীতিৰ লগতে ইয়াৰ ইয়াৰ
কৃষিখণ্ড আৰু উদ্যোগবোৰ অতি দ্ৰুত গতিৰে আগবাঢ়ি গৈছিল। চীনত প্ৰৱৰ্তন কৰা নতুন
বাণিজ্যিক আইন আৰু ‘বিশেষ অৰ্থনৈতিক অঞ্চল’ৰ ব্যৱস্থাই ইয়াৰ বৈদেশিক বাণিজ্যৰ
ক্ষেত্ৰখন যথেষ্ট প্ৰসাৰ কৰিছে। চীন বৰ্তমান বৈদেশিক বিনিয়োগকাৰীসকলৰ বাবে অতি
গুৰুত্বপূৰ্ণ স্থল হিচাপে বিবেচিত হৈছে। চীনৰ মন্দা অৱস্থা বৰ্তমান সম্পূৰ্ণভাৱে
আতৰ হৈছে আৰু চীনত বৰ্তমান ইমান বিদেশী-বিনিময় মুদ্ৰা মজুত আছে যে ই বিশ্বত যিকোনো দেশত বুজন পৰিমাণে
ধন বিনিয়োগ কৰিব পাৰে। চীনে ২০০১ চনত বিশ্ব বাণিজ্য সন্থাৰ সৈতে সংযোজন হোৱাৰ ফলত
বাণিজ্য সম্প্ৰসাৰণৰ সুবিধা লাভ কৰিছে। চীনে অৰ্থনৈতিক উত্থানেৰে বিশ্ব শক্তিৰ
তৃতীয় বিকল্প স্থান দখল কৰিবলৈ সক্ষম হৈছে।
৪৪) আছিয়ানৰ উদ্দেশ্যসমূহ লিখা।
উত্তৰঃ আছিয়ানৰ উদ্দেশ্যসমূহ হ’ল—
ক) সকলো সদস্য ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুতগামী কৰা।
খ) উমৈহতীয়া আচনিৰ জৰিয়তে আঞ্চলিক, সামাজিক, আৰু সাংস্কৃতিক বিকাশ সাধন
কৰা।
গ) বৃহৎ শক্তিৰ প্ৰতিযোগিতাৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাজনৈতিক আৰু অৰ্থনাতিক
সুস্থিৰতাৰ ৰক্ষণাবেক্ষণ দিয়া।
ঘ) দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰবোৰৰ মাজত সামূহিক আত্ম-নিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ
চেষ্টা অটুট ৰখা।
ঙ) অন্যান্য উন্নয়নশীল ৰাষ্ট্ৰ সৈতে সহযোগিতা শক্তিশালী কৰাৰ ব্যৱস্থা কৰা।
৪৫) ভাৰত - চীনৰ সম্পৰ্কৰ ওপৰত
এটি চমু টোকা লিখা।
উত্তৰঃ
চীন ভাৰতৰ যুদ্ধত ভাৰতে বেয়াকৈ পৰাজিত হৈছিল। ১৯৭০ চনৰ মাজভাগত চীনৰ
ৰাজনৈতিক নেতৃত্বৰ সলনি হোৱাৰ ফলত ৰাষ্ট্ৰদুখনৰ মাজত সম্পৰ্ক ক্ৰমাগতভাৱে উন্নতি
হবলৈ আৰম্ভ কৰিছিল। ১৯৮১ চনত চীনৰ ৰাষ্ট্ৰপ্ৰধান ভাৰতলৈ আহিছিল আৰু দুয়োখন
ৰাষ্ট্ৰৰ মাজত সীমান্ত সমস্যা, শিক্ষা, স্বাস্থ্য, যোগোযোগ, বাণিজ্য আদি কেইবাটাও
বিষয়ত আলোচনা হৈছিল। বিশেষকৈ সীমান্তৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰা আদি বিষয়ত আলোচনা
হৈছিল। এনেদৰে ১৯৮১ চনৰ পৰা ভাৰত আৰু চীনে ১১ বাৰ আলোচনাত মিলিত হৈছিল। কিন্তু
কোনোধৰণৰ স্থায়ী সমাধান পোৱা নগ’ল।
ভাৰত-চীনৰ সম্পৰ্ক অধিক উন্নত কৰাৰ
মানসেৰে ১৯৮৮ চনৰ ডিচেম্বৰ মাহত তেতিয়াৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে চীন ভ্ৰমণ
কৰিছিল।উভয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে দুয়োখন ৰাষ্ট্ৰই সংঘাতৰ পৰা আতৰত
থাকিব আৰু ৰাষ্ট্ৰদুখনৰ সীমান্তত শান্তি অটুট ৰখাৰ পৰিৱেশ গঢ়ি তুলিব। তেওলোকে
সাংস্কৃতিক সম্পৰ্কও স্থাপন কৰিব আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰতো সহযোগিতা
আগবঢ়াব। তদুপৰি ৰাষ্ট্ৰদুখনৰ মাজত ব্যৱসায় বৃদ্ধিৰ বাবে সীমান্ত অঞ্চলত চাৰিটা পথ
মুকলি কৰিব। ১৯৯৯ চনৰ পৰা প্ৰতিবছৰে চীন-ভাৰতৰ বাণিজ্যিক ক্ষেত্ৰ ত্ৰিশ শতাংশ হাৰত
বৃদ্ধি হ’বলৈ
আৰম্ভ কৰিছে। ১৯৯১ চনত চীনৰ ৰাষ্ট্ৰপ্ৰধান লী পেঙে ভাৰতলৈ আহিছিল। এই আলোচনতাত
ভাৰত আৰু চীনৰ মাজত কেবাখনো চুক্তি স্বাক্ষৰিত হৈছিল।
চীনৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি ১৯৯৮ চনত ভাৰতে কৰা পাৰমাণৱিক পৰীক্ষাৰ যুক্তিযুক্ততা থকাটো পৰিলক্ষিত হৈছিল যদিও ভাৰতৰ
এই আণৱিক পৰীক্ষাৰ বাবে চীনক বৰ বেছি উদ্বিগ্ন হোৱা দেখা যোৱা নাছিল। অৱশ্যে এইবোৰ
বিষয়ৰ বাবে চীন-ভাৰতৰ সম্পৰ্ক অৱনতি হোৱা নাই। ভাৰত-চীনৰ নেতৃবৃন্দৰ সঘনাই দিল্লী
আৰু বেইজিং ভ্ৰমণেই ইয়াৰ প্ৰমাণ কৰিছে।
বৰ্তমান ভাৰত-চীনৰ সম্পৰ্ক ভাল
নহয়। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ বাস্তৱবাদী নীতিৰ বাবে এছিয়াৰ কেবাখনো দেশ সংকটত
পৰিছে। চীন-ভাৰতৰ সংঘাত ২০১৭ চনৰ পৰাই আৰম্ভ হৈছিল। বিশেষকৈ অৰুণাচল প্ৰদেশৰ ডোকলাম
মালভূমি অঞ্চলত চীনৰ তৎপৰতাক কেন্দ্ৰ কৰি দুয়োখন দেশৰ মাজত সম্পৰ্কৰ যথেষ্ট অৱনতি
ঘটিছে। ভাৰতীয় সৈন্যৰ অঞ্চলটোত চীনা সৈন্যই প্ৰৱেশ কৰি পথ নিৰ্মাণ কৰা কাৰ্যক বাধা
প্ৰদান কৰি উভতি যাবলৈ বাধ্য কৰে। ২০২০ চনৰ জুন মাহত চীন-ভাৰতৰ সম্পৰ্ক পুনৰ চৰম
পৰ্যায়লৈ যায়। বিশেষকৈ লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যই কেইবা কিলোমিটাৰ ভিতৰলৈ
সোমাই যোৱাৰ সংঘটিত হোৱা হতাহতি কাৰ্যত ২০ জন ভাৰতীয় সৈন্যৰ নিহত হয়।
উত্তৰঃ
ক) অৰ্থনৈতিক ক্ষেত্ৰতঃ ইউৰোপীয় সংঘৰ অৰ্থনীতি বিশ্বৰ আটাইতকৈ
বৃহৎ অৰ্থনীতি। ২০০৫ চনৰ হিচাপ মতে ইউৰোপীয় সংঘৰ সৰ্বমুঠ ঘৰুৱা উৎপাদন আছিল ১২
ত্ৰিলিয়ন মাৰ্কিন ডলাৰ। এই পৰিমাম আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বমুঠ ঘৰুৱা উৎপাদনকৈ
কিছু পৰিমাণে বেছি। ইউৰোপীয় সংঘৰ মুদ্ৰা ইউৰোৱে আজি মাৰ্কিন মুদ্ৰা ডলাৰক
আন্তৰ্জাতিক ৰাজনীতিত প্ৰত্যাহ্বান জনাব পাৰিছে। আজি ইউৰোপীয় সংঘৰ বাণিজ্য মাৰ্কিন
যুক্তৰাষ্ট্ৰৰ বাণিজ্যতকৈ ৩ গুণ শক্তিশালী।এই অৰ্থনৈতিক ক্ষমতাৰ আধাৰত ইউৰোপীয়
সংঘই নিজৰ প্ৰভাৱ আফ্ৰিকা, এছিয়া আদিতো বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।
খ) ৰাজনৈতিক ক্ষেত্ৰতঃ ইউৰোপীয় সংঘৰ উমৈহতীয়া পতাকা, জাতীয়
সংগীত, প্ৰতিষ্ঠা দিন আদি উপাদান আছে। ইউৰোপীয় সংঘই আন্তৰ্জাতিক ৰাজনীতিত প্ৰভাৱ
বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। ইউৰোপীয় সংঘৰ কেবাখনো সদস্য ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ
নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য। আনহাতে ব্ৰিটেইন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ
নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। ইয়াৰ বাবে ইউৰোপীয় সংঘই আমেৰিকাৰ কেতবোৰ নীতিক
ৰাষ্ট্ৰসংঘত বিৰোধ কৰাৰ বাবে সুযোগ লাভ কৰিব পাৰিছে।
গ) কূটনৈতিক ক্ষেত্ৰতঃ কূটনৈতিক ক্ষেত্ৰত ইউৰোপীয় সংঘই বিশ্বত
প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। ইউৰোপীয় সংঘই জোৰ-জবৰদস্তি বা সামৰিক শক্তি
প্ৰয়োগ কৰাতকৈ যিকোনো সমস্যা কূটনৈতিক বা আলাপ-আলোচনাৰ মাধ্যমেৰে মীমাংসা কৰিব
বিচাৰে। উদাহৰণস্বৰূপে ইৰাণৰ পাৰমাণৱিক নীতিৰ ক্ষেত্ৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ
স্থিতি কি হ’ব সেই
ক্ষেত্ৰতো ইউৰোপীয় সংঘৰ প্ৰভাৱ দেখা যায়। কূটনৈতিক কৌশলেৰে ইউৰোপীয় সংঘই বহুবোৰ
আন্তৰ্জাতিক সমস্যা আৰু প্ৰত্যাহ্বানৰ বেলিকা গুৰুত্বপূৰ্ণ প্ৰভাৱ সাব্যস্ত কৰা
দেখা যায়।
ঘ) সামৰিক ক্ষেত্ৰতঃ ইউৰোপীয় সংঘই সামৰিক ক্ষেত্ৰত বিশ্বত
দ্বিতীয় স্থান দখল কৰি আছে। আমেৰিকাৰ পিছতেই সামৰিক খৰচৰ ক্ষেত্ৰত ইউৰোপীয় সংঘই
দ্বিতীয় স্থানত আছে। ইউৰোপীয় সংঘৰ দুখন সদস্য ৰাষ্ট্ৰ- ব্ৰিটেইন আৰু ফ্ৰান্স
পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী আৰু এই দেশ দুখনত প্ৰায় ৫৫০টা পাৰমাণৱিক অস্ত্ৰ মজুত
আছে। ইউৰোপীয় সংঘই মহাকাশ আৰু তথ্য- প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত দ্বিতীয়
স্থান দখল কৰিবলৈ সক্ষম হৈছে।
৪৭) ‘আছিয়ান অন্তৰ্দৃষ্টি-২০২০’ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ আছিয়ানে আন্তৰ্জাতিক ক্ষেত্ৰত অতি দ্ৰুতগতিৰে আঞ্চলিক সন্থা হিচাপে প্ৰতিষ্ঠিত হ’বলৈ সক্ষম হৈছে। আছিয়ানৰ অন্তৰ্দৃষ্টি হ’ল আন্তৰ্জাতিক ৰাজনৈতিক ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আন্তৰ্জাতিক ক্ষেত্ৰত প্ৰৱেশ কৰা। ইয়াৰ বাবে এই অঞ্চলত বিৰাজ কৰি থকা বিবাদসমূহ বুজাবুজিৰ জৰিয়তে আছিয়ানে নিষ্পত্তি কৰাৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আছিয়ানে মধ্যস্তাতাৰ জৰিয়তে কম্বডিয়া সংঘাত, পূৱ তিমোৰ সংঘাতৰ নিষ্পত্তি কৰাত সক্ষম হৈছে। বিশ্বত শীতল যুদ্ধৰ অন্ত পৰাৰ পিছত ভাৰতবৰ্ষই আগৰ মনোভাৱ সলনি কৰি আছিয়ানৰ দুখন সদস্য ৰাষ্ট্ৰ ছিংগাপুৰ আৰু থাইলেণ্ডৰ সৈতে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিছে। আছিয়ান হ’ল এছিয়া মহাদেশৰ একমাত্ৰ আঞ্চলিক সংস্থা য’ত এছিয়া আৰু বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহে ৰাজনৈতিক আৰু নিৰাপত্তাৰ বিষয়ে আলোচনা কৰে।
৪৮) আছিয়ানৰ ৩টা স্তম্ভৰ(Pillar) বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰঃ আছিয়ানৰ ৩টা স্তম্ভৰ(Pillar) বিষয়ে তলত আলোচনা হ’ল—
ক) আছিয়ান নিৰাপত্তা পৰিষদঃ আছিয়ান নিৰাপত্তা পৰিষদ গঠণ কৰাৰ মূল
উদ্দেশ্য হ’ল
ৰাষ্ট্ৰসমূহৰ মাজত বিবাদ যাতে সশস্ত্ৰ সংঘৰ্ষলৈ পৰিণত নহয় তাৰ প্ৰতি পৰিষদে লক্ষ্য
ৰাখে।আছিয়ানৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহে শান্তি-সম্প্ৰীতি তথা নিৰপেক্ষতা বজাই ৰখা,
ৰাষ্ট্ৰসমূহে সহযোগিতাৰ মাজেৰে কাম কৰা, আন ৰাষ্ট্ৰৰ কামত তস্তক্ষেপ নকৰা আৰু সকলো
ৰাষ্ট্ৰৰ সাৰ্বভৌম অধিকাৰৰ প্ৰতি সন্মান জনোৱা আদিৰ বাবে ২০০৩ চনলৈকে বহুত চুক্তি
সম্পাদন কৰিছে। ইয়াৰ বাবে ৰাষ্ট্ৰসমূহৰ নিৰাপত্তা আৰু বৈদশিক নীতিৰ মাজত সমতা
ৰক্ষাৰ বাবে আছিয়ান আঞ্চলিক মঞ্চ ১৯৯৪ চনত গঠণ কৰা হৈছে যাৰ বৰ্তমান সদস্যৰ
সংখ্যা ২৭ ।
খ) আছিয়ান অৰ্থনাতিক পৰিষদঃ আছিয়ানৰ অৰ্থনৈতিক ব্যৱস্থা আমেৰিকা
আৰু ইউৰোপীয় সংঘৰ সমপৰ্যায় নহয় যদিওঁ তথাপিও ই অৰ্থনৈতিক দিশত যথেষ্ট দ্ৰুতগতিৰে
আগবাঢ়িবলৈ আৰম্ভ কৰিছে আৰু ই ভৱিষ্যতে অৰ্থনৈতিক ক্ষেত্ৰত আন ৰাষ্ট্ৰতকৈ বহুত আগবাঢ়ি
যাব। ইয়াৰ প্ৰদান উদ্দেশ্যসমূহ হ’ল সদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ মাজত সমূহীয়া বজাৰ আৰু উৎপাদনৰ ব্যৱস্থা কৰা।
আছিয়ান অঞ্চলত সামাজিক আৰু অৰ্থনৈতিক উন্নতি সাধন কৰা। আছিয়ান বিবাদ নিষ্পত্তি
যন্ত্ৰটো পুনঃজীৱিত কৰি আছিয়ান সদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক বিবাদৰ নিষ্পত্তি
কৰা। তদুপৰি ইয়াৰ মুক্ত বাণিজ্য ক্ষেত্ৰ ব্যৱস্থাৰ বাবে বিনিয়োগ, বনুৱা আৰু সেৱাৰ
আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
গ) আছিয়ান সামাজিক-সাংস্কৃতিক পৰিষদঃ আছিয়ান সামাজিক-সাংস্কৃতিক পৰিষদ উদ্দেশ্য হ’ল সংস্থাটোৰ সদস্যৰাষ্ট্ৰ আৰু ইয়াৰ
জনসাধাৰণৰ মাজত সংহতি আৰু একতা স্থাপনৰ অৰ্থে জনমূখী আৰু সামাজিকভাৱে দায়বদ্ধ
আছিয়ানৰ সম্পদায় সৃষ্টিত বৰঙণি আগবঢ়োৱা।
Post a Comment